অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ গুপ্তশব্দটো যথোপযুক্ত হয়নে?

আপোনাৰ গুপ্তশব্দটো যথোপযুক্ত হয়নে? এখন ঘৰৰ মূল দৰ্জাত কোনেও প্লাষ্টিকৰ তলা ব্যৱহাৰ্ নকৰে। তলাৰ ঠাইত সাধাৰণ ৰচী বা ৰবৰেৰে গাঁঠি মাৰি দৰ্জা বন্ধ নকৰে। অনলাইন বা ডিজিটেল মাধ্যমৰ নিৰাপত্তাৰ ক্ষেত্ৰতো একে কথাই খাটে। কিয়নো এখন ঘৰত যেনেকৈ যথেষ্ট মূল্যৱান সা-সামগ্ৰী থাকে সেই সমূহৰ সুৰক্ষা দিবলৈ আমি যেনেকৈ দুৱাৰৰ নিৰাপত্তা সুনিশ্চিত কৰো তেনেকৈয়ে আমাৰ অনলাইনত থকা বিভিন্ন ধৰণৰ একাউন্ট সমূহতো গুৰুত্বপূৰ্ণ বিত্তীয় আৰু ব্যক্তিগত তথ্য থাকে। আৰু সেইসমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে আমি যথোপযুক্ত আৰু কাৰ্য্যকৰী ব্যৱস্থা হাতত লোৱাটো উচিত।

ইন্টাৰনেটেই হওক বা মোবাইল মাধ্যমেই হওক। আজিৰ দিনত প্ৰতিজন নাগৰিকৰ বাবে এক অপৰিহাৰ্য্য আৰু গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। দৈনন্দিন বেংকৰ বিত্তীয় লেনদেনৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী ক্ৰয় আদিৰ ক্ষেত্ৰত এই ডিজিটেল মাধ্যমসমূহে আমাক যিদৰে জীৱন যাপন সুচল কৰি তুলিছে তেনেকৈয়ে আমাৰ ব্যক্তিগত আৰু গোপণীয় তথ্যসমূহ যদি সুৰক্ষিত কৰিব নোৱাৰো তেতিয়াহ’লে আমি সৰ্বস্বান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাই আহিছে। সেইবাবেই সুৰক্ষিতভাৱে ডিজিটেল মাধ্যমসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত গুপ্তশব্দই এটা গুৰুত্বপূৰ্ণ সুৰক্ষা প্ৰদান কৰে।

মোবাইলৰ পিন (Personal Identification Number)ৰ পৰা আৰম্ভ কৰি কম্পিউটাৰৰ ব্যৱহাৰ, অনলাইনৰ বিভিন্ন একাউন্ট, ক্ৰেডিট বা ডেবিট কাৰ্ডৰ পিন আদিৰ গুপ্তশব্দ দিয়াৰ ক্ষেত্ৰত সকলো সময়তে সতৰ্কতা অৱলম্বন কৰা উচিত।

যিকোনো এটা একাউন্ট প্ৰস্তুত কৰাৰ সময়ত এটা শক্তিশালী গুপ্তশব্দ প্ৰদান কৰিবলৈ প্ৰায়বোৰ স্থানতে সতৰ্কবাণী দিয়া দেখা যায়। এটা শক্তিশালী আৰু জটিল গুপ্তশব্দই ব্যৱহাৰকাৰীক অনলাইনত বিভিন্ন ধৰণৰ তথ্য বিনিময় আৰু বিত্তীয় লেনদেনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ নিৰাপত্তা প্ৰদান কৰে। কিন্তু কেৱল গুপ্তশব্দ এটা দিলেই নহ’ব সেই গুপ্তশব্দটো কোনো ঠাইত লিখি নৰখাকৈ মনত ৰাখিব পৰা হোৱাৰ লগতে আনে যাতে কোনো পধ্যেই উক্ত গুপ্তশব্দটো অনুমানো কৰিব নোৱাৰে তেনে ধৰণৰ আখৰ বা সংখ্যাৰ সমষ্টি হ’ব লাগিব। শক্তিশালী, জটিল আৰু ব্যৱহাৰিক ক্ষেত্ৰত গুপ্তশব্দ কেনে হোৱা উচিত সেই বিষয়ে তলত আলোচনা আগবঢ়োৱা হ’ল:

সহজে বিচাৰি পোৱা গুপ্তশব্দ নিদিব

বহুলোকে নিজৰ ডায়েৰী, নোটবুক আদিত গুপ্তশব্দটো মনত ৰাখিবলৈ লিখি থয়। বহুলোকে আকৌ গুপ্তশব্দটো লিখা কাগজ একোখন কম্পিউটাৰ মনিটৰ বা কী-বৰ্ডৰ তলত থয়। যাতে লগাৰ সময়ত সহজে বিচাৰি পায়। আন বহুতে এনে গুপ্তশব্দ, ডেবিট ক্ৰেডিট কাৰ্ডৰ পিন আদিবোৰ মোবাইল ফোনতো চেভ কৰি থোৱা দেখা যায়। এনে কাৰ্য্যৰ পৰা বিৰত থকা উচিত। কাৰণ বহুতেই কৰা ধৰণে আপুনিও যিটো কাম কৰে সেইটো আপোনাৰ ক্ষতি কৰিব পৰা জনে জানিবও পাৰে ফলত আপোনাৰ গুপ্তশব্দ বা পিন জানি লৈ আপোনাৰ বিত্তীয় বা ব্যক্তিগত তথ্য চুৰ কৰি আপোনাক ক্ষতি কৰিব পাৰে।

যদি কিবা কাৰণত গুপ্তশব্দ বা পিন মনত ৰাখিব নোৱাৰে অথবা কোনো ঠাইত সংৰক্ষণ কৰাটো অতি আৱশ্যক হৈ পৰে। তেন্তে বিভিন্ন অনলাইন একাউন্ট বিভিন্ন কাৰ্ডৰ পিন বেলেগ বেলেগকৈ প্ৰদান কৰি এইবোৰ সংৰক্ষণ কৰিবলৈ “পাচৱৰ্ড মেনেজাৰ এপ্লিকেশ্যন” ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে এই এপ্লিকেশ্যন ইন্সটল কৰি থোৱা কম্পিউটাৰটোত আপুনি প্ৰদান কৰা গুপ্তশব্দ মনত ৰখাটো অতিকৈ জৰুৰী। আনহাতে, বহুলোকে ব্যৱহাৰ কৰা কম্পিউটাৰত আপোনাৰ গুপ্তশব্দসমূহ সংৰক্ষণ কৰিবলৈ এনে এপ্লিকেশ্যন ব্যৱহাৰ কৰা উচিত নহয়।

অতি সাধাৰণ গুপ্তশব্দ ব্যৱহাৰ নকৰিব

অভিধানিক অৰ্থ থকা গুপ্তশব্দ পৰাপক্ষত ব্যৱহাৰ নকৰায় ভাল। এনে সাধাৰণ গুপ্তশব্দ যেনে: আপুনি ভাল পোৱা ঠাই, আপুনি ভাল পোৱা ফল, আপুনি জন্ম হোৱা মাহ, আপোনাৰ ফোনৰ নম্বৰ বা নম্বৰৰ একাংশ আদি ধৰণৰ শব্দবোৰ গুপ্তশব্দ হিচাপে ব্যৱহাৰ কৰা উচিত নহয়। ইয়াৰ উপৰিও আপোনাৰ যিকোনো ব্যক্তিগত তথ্য যেনে আপোনাৰ প্ৰিয়জনৰ নাম বা নামৰ একাংশ, ঘৰৰ ঠিকনা আদিবোৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।

সহজে অনুমান কৰিব পৰা শব্দ ব্যৱহাৰ নকৰিব। বহুলোকে নিজৰ ব্যক্তিগত তথ্য ব্যৱহাৰ নকৰিলেও আনে সহজে অনুমান কৰিব পৰা ধৰণৰ শব্দ গুপ্তশব্দ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। এনেবোৰ শব্দ ব্যৱহাৰ কৰাৰ ফলত উক্ত ব্যক্তিজনৰ অতি ঘনিষ্ঠ লোকে সহজে গুপ্তশব্দটো অনুমান কৰি ল’ব পাৰে।

কেৱল আখৰেৰে গুপ্তশব্দ প্ৰস্তুত নকৰিব। অতি শক্তিশালী আৰু নিৰাপদ গুপ্তশব্দ প্ৰস্তুত কৰিবলৈ ৰোমান আখৰৰ বৰফলা, সৰুফলা আখৰৰ লগতে বিশেষ চিহ্ন আৰু সংখ্যাও ব্যৱহাৰ কৰাতো অতি গুৰুত্বপূৰ্ণ।

অতি চুটি শব্দ ব্যৱহাৰ নকৰিব

বহুবোৰ ঠাইত গুপ্তশব্দৰ নুন্যতম আখৰৰ সংখ্যা আঠটা হোৱা অত্যাৱশ্যকীয়। কিছুমান ঠাইত চুটি শব্দেৰে গুপ্তশব্দ দিব পৰা যায় যদিও এনে কৰা অনুচিত। কিয়নো চুটি গুপ্তশব্দ আনে সহজে অনুমান কৰি ল’ব পাৰে। অৱশ্যে আজিকালি অধিকাংশ প্ৰতিষ্ঠান, এপ্লিকেশ্যন, ৱেবচাইটতহে গুপ্তশব্দ প্ৰস্তুতৰ সময়ত কেনেদৰে সুৰক্ষিত আৰু শক্তিশালী গুপ্তশব্দ প্ৰস্তুত কৰিব লাগে তাৰ সহায়ক টোকা প্ৰদান কৰা দেখা যায়।

দীৰ্ঘদিনৰ বাবে ব্যৱহাৰ নকৰিব

একেটা গুপ্তশব্দই দীৰ্ঘদিনৰ বাবে ব্যৱহাৰ কৰাতো অনুচিত। অতি জটিল গুপ্তশব্দ হ’লেও আপোনাৰ ক্ষতি কৰিব পৰা লোকে আপোনাৰ গুপ্তশব্দটো জানিবলৈ অধিক সময় লাভ কৰিবলৈ সক্ষম হয়। গতিকে, তেনে লোকক আপোনাৰ গুপ্তশব্দটো পৰীক্ষা নিৰিক্ষা কৰি জানিবলৈ নিদিয়াৰ বাবেই সঘনাই আপোনাৰ গুপ্তশব্দ সলনি কৰা উচিত। পৰাপক্ষত সৰ্বোচ্চ ৯০ দিনৰ পৰ্য্যন্ত একোটা গুপ্তশব্দ ব্যৱহাৰ কৰিব লাগে। আৰু যিমান শীঘ্ৰেই সম্ভৱ হয় উক্ত গুপ্তশব্দ সলনি কৰা উচিত। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ’ল গুপ্তশব্দ সলনি কৰাৰ সময়ত পৰাপক্ষত পুৰণি গুপ্তশব্দ এটা পুনৰ বাৰ ব্যৱহাৰ নকৰিব।

সকলো ক্ষেত্ৰত একেটা শব্দই ব্যৱহাৰ নকৰিব

আমাৰ মাজৰে বহুলোক আছে কেৱল মনত ৰখাৰ স্বাৰ্থতেই সকলো বোৰ অনলাইন একাউন্ট বা মোবাইল আদিত একেটা গুপ্তশব্দই ব্যৱহাৰ কৰে। এয়া অতি বিপদজনক কথা। ৰেলৰ টিকট কটা একাউন্টত দিয়া গুপ্তশব্দৰ আৰম্ভ কৰি ফেচবুক, ই-মেইল, কম্পিউটাৰ আদিকে ধৰি আনকি অনলাইন বেংক একাউন্টৰ ক্ষেত্ৰতো বহুলোকে একেটা গুপ্তশব্দই ব্যৱহাৰ কৰা দেখা যায়। আপোনাৰ কম্পিউটাৰটোত যদিহে আপোনাৰ কোনো গোপণীয় তথ্য নাই তেনে ক্ষেত্ৰত কোনোবা মূহুৰ্তত আপুনি যদি আনক কম্পিউটাৰটো চলাবলৈ দিওঁতে গুপ্তশব্দটো জানিলে একো লোকচান নহয় বুলি গুপ্তশব্দটো জনাই দিয়ে তেন্তে সেই ব্যক্তিজনে আপোনাৰ গুপ্তশব্দটোৰে সকলোবোৰ একাউন্টত প্ৰৱেশ কৰিব পাৰিব আৰু আপোনাৰ অতিপাত ক্ষতি হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিব। গতিকে, প্ৰতিটো ক্ষেত্ৰ আৰু প্ৰতিটো একাউন্টৰ বাবে পৃথক পৃথক গুপ্তশব্দ ব্যৱহাৰ কৰাটোহে অনলাইনত সুৰক্ষা প্ৰদান কৰিব পাৰিব।

কেইটামান পৰামৰ্শ

পাচৱৰ্ড মেনেজাৰ এপ্লিকেশ্যন

পৰাপক্ষত পাচৱৰ্ড মেনেজাৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰক। মজিলা ফায়াৰফক্স, গুগল ক্ৰম, অপেৰা আদি জনপ্ৰিয় ৱেব ব্ৰাউজাৰত গুপ্তশব্দ সংৰক্ষণৰ সুবিধা আছে। আৰু ইয়াৰ পৰাই অনলাইন একাউন্টৰ যোগেদি একাধিক কম্পিউটাৰ আৰু মোবাইল ফোনত এইসমূহ স্থানান্তৰ কৰাৰ সুবিধা আছে। এই গুপ্তশব্দসমূহ দৃশ্যমান হোৱা আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ “মাষ্টাৰ পাচৱৰ্ড” বৈশিষ্ট্যটো সক্ৰিয় কৰিব ল’ব লাগে। এনে কৰিলে উক্ত ব্ৰাউজাৰ ব্যৱহাৰ কৰা সকলে পাচৱৰ্ড মেনেজাৰৰ পৰা উক্ত গুপ্তশব্দসমূহ দেখিবলৈ নাপাব। ইয়াৰ উপৰিপ গুপ্তশব্দ সংৰক্ষণ কৰিবলৈ বিভিন্ন সুৰক্ষিত এডঅন, এপ্লিকেশ্যন আৰু চফটওৱেৰ অনলাইনত পোৱা যায় আৰু ইয়াৰ অধিকাংশই সুৰক্ষিত আৰু বিনামূলীয়াকৈ ডাউনলোড কৰি ল’ব পৰা যায়।

গুপ্তশব্দ পুনৰুদ্ধাৰ ব্যৱস্থা সক্ৰিয় ৰাখক

সাধাৰণতে অনলাইনত থকা প্ৰতিটো এপ্লিকেশ্যন বা আপুনি খুলিব খোজা প্ৰতিটো একাউন্টতে আপোনাৰ ই-মেইল ঠিকনাটো সংযুক্ত হৈ থাকে। যদিহে কেতিয়াবা গুপ্তশব্দটো পাহৰি যায় তেন্তে আপোনাৰ গুপ্তশব্দ পুনৰুদ্ধাৰ কৰাৰ পদ্ধতি সক্ৰিয় কৰি থ’লে আপোনাৰ ই-মেইললৈ গুপ্তশব্দ পুনৰ স্থাপন কৰাৰ সংযোগ উক্ত ৱেবচাইট অথবা এপ্লিকেশ্যনৰ পৰা প্ৰেৰণ কৰা হয়। সেয়েহে প্ৰতিটো একাউন্ট খোলাৰ সময়ত সঠিকভাৱে ই-মেইল ঠিকনা প্ৰদান কৰাৰ লগতে পুনৰুদ্ধাৰৰ পদ্ধতিটো সক্ৰিয় কৰি ৰখা উচিত।

দ্বৈত স্তৰৰ গুপ্তশব্দ

বৰ্তমানে গুগল, ফেচবুক, য়াহু, বিভিন্ন অনলাইন বেংকি প্ৰতিষ্ঠানসমূহে দ্বৈত স্তৰ বিশিষ্ট নিৰাপত্তা ব্যৱস্থা আৰম্ভ কৰিছে। এই পদ্ধতিত কোনো কোনো স্পৰ্শকাঁতৰ আৰু অত্যাধিক সুৰক্ষা ব্যৱস্থা থকা এপ্লিকেশ্যন বা একাউন্টত প্ৰৱেশ কৰাৰ সময়ত গুপ্তশব্দ ব্যৱহাৰ কৰাৰ লগতে এপ্লিকেশ্যনটোৰ পৰা মোবাইল ফোনলৈ প্ৰেৰণ কৰা কোডসমূহো প্ৰদান কৰিব লাগে।

গুপ্তশব্দৰ পৰিৱৰ্তে পিনৰ ব্যৱহাৰ

অপাৰেটিঙ চিষ্টেম উইণ্ডজ ৮ আৰু ইয়াৰ পৰৱৰ্তি সংস্কৰণসমূহত হটমেইল অথবা আউটলুকৰ একাউন্ট ব্যৱহাৰ কৰি প্ৰৱেশ কৰাৰ সুবিধা আছে। অৱশ্যে প্ৰতিবাৰ ব্যৱহাৰৰ সময়ত উইণ্ডজত এই গুপ্তশব্দৰ পৰিৱৰ্তে এটা বিকল্প পিন সক্ৰিয় কৰি ল’ব পৰা যায়।

গুপ্তশব্দ কেনেকৈ মনত ৰাখিব?

X@J9t6#T – এইটো এটা জটিল গুপ্তশব্দ। ইয়াত বৰফলা, সৰুফলা, বৰ্ণ, সংখ্যা, বিশেষ চিহ্ন আদিবোৰ ব্যৱহাৰ কৰা হৈছে আৰু এনে ধৰণৰ গুপ্তশব্দসমূহ আনে কোনো পধ্যেই অনুমান কৰিব নোৱাৰে সেই হিচাপে ই অতি সুৰক্ষিত। কিন্তু এনে গুপ্তশব্দ সহজে মনত ৰখাটো এটা ডাঙৰ সমস্যাৰ কথা আৰু যিহেতু মনত ৰখাটো সহজ নহয় গতিকে তেনে গুপ্তশব্দ ব্যৱহাৰ কৰাটোও সহজ নহয়। আনহাতে, ME@ghy123 এইটো এটা জটিল গুপ্তশব্দ যদিও মনত ৰখাটো সহজ। আনহাতে, ই গুপ্তশব্দ সুৰক্ষাৰ ক্ষেত্ৰত সকলো নিয়ম মানিও চলে। কিন্তু যিহেতু ইয়াত ME@ghy শব্দটো আনে সহজে অনুমান কৰিব পাৰে সেয়েহে এইটো কিছু সালসলনি কৰি Ghy23@Me1 এনেকৈ যদি গুপ্তশব্দ দিয়া হয় তেন্তে সহজে অনুমান কৰাটো সম্ভৱ নহয়।

গুপ্তশব্দত মনত থকা বিষয় সন্নিৱিষ্ট কৰা উচিত। যেনে জন্মৰ তাৰিখ কিন্তু সেইবুলি চিধাচিধিকৈ জন্মৰ তাৰিখটো ব্যৱহাৰ নকৰি কিছু সালসলনি কৰি ল’ব পৰা যায়। উদাহৰণস্বৰূপে, 1deCiSmybirThDaY এইটো কিছু সালসলনি কৰি dec,1stMbd কৰি ল’ব পৰা যায়। এনে ধৰণে নিজৰ ইচ্ছা অনুসৰি মনত থকা শব্দ কিছুমান মনত থকা ধৰণে সালসলনি কৰি, শক্তিশালী আৰু জটিল পাচৱৰ্ডৰ নিয়ম সমূহ মানি চলি এটা সুৰক্ষিত গুপ্তশব্দ শব্দ প্ৰস্তুত কৰি ল’ব পাৰি।

লিখক: পংকজ নেওগ

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate