অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফেচবুক সম্পৰ্কে কিছু কথা

বৰ্তমান সময়ত ফেচবুক এটা অতি জনপ্ৰিয় সামাজিক যোগসূত্ৰৰ চাইট। আমি কিছু সংখ্যকে ফেচবুকৰ যথেষ্ট কথা জানিলেও বহুলোকে বহু বিষয় সম্পৰ্কে জ্ঞাত নহয়। যিসকলে এই বিষয়ত সম্পূৰ্ণৰূপে জ্ঞাত নহয় তেখেতসকলৰ বাবে এই লেখাটি কামত আহিব বুলি আশা কৰা হৈছে।

পঞ্জীয়ন

ফেচবুকত যিকোনো লোকে নিজকে পঞ্জীয়ন কৰিব পাৰে। ইয়াৰ বাবে www.facebook.com চাইটলৈ যাব লাগিব। ইয়াৰ পিচত Sign up লৈ গৈ এখন প্ৰ-পত্ৰ পূৰণ কৰি শেষত থকা চিকিউৰিটি চেকৰ শব্দটো লিখি Sign up বুটামত ক্লিক কৰাৰ লগে লগে ফেচবুকত এটা একাউন্ট তৈয়াৰ হ’ব। ইয়াৰ পিছত আপুনি প্ৰদান কৰা ই-মেইলত প্ৰাপ্ত ফেচবুকৰ লিংকটোত ক্লিক কৰি ই-মেইল ঠিকনা নিশ্চিত কৰাৰ লগতে প্ৰয়োজনত মোবাইল ফোন নম্বৰো নিশ্চিত কৰিব লাগিব।

মোবাইলত ফেচবুক

ফেচবুক ব্যৱহাৰকাৰীসকলে gprs থকা মোবাইল ফোনৰ যোগেৰেও ফেচবুক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে m.facebook.com লৈ গৈ সাধাৰণভাৱে ই-মেইল এড্ৰেছ বা মোবাইল ফোন নম্বৰ আৰু গুপ্তশব্দ প্ৰদান কৰি ফেচবুক একাউন্টত প্ৰৱেশ কৰিব পাৰি। এইখিনিতে কৈ থোৱা ভাল হ’ব যে ই-মেইল ঠিকনা অবিহনেও মোবাইল ফোনৰ নম্বৰ ব্যৱহাৰ কৰি ফেচবুকত একাউন্ট খুলিব পৰা যায়। ইয়াৰ বাবে m.faceboo.com লৈ Sign up using your phone here বুলি লিখা থকা লিংকত টিপিব লাগিব। ইয়াৰ পিছত ব্যৱহাৰকাৰীৰ নাম, দেশৰ কোডসহ, মোবাইল নম্বৰ, গুপ্তশব্দ প্ৰদান কৰি Sign up ত টিপিব লাগিব। ইয়াৰ লগে লগে ফেচবুকৰ তৰফৰ পৰা মোবাইল নম্বৰলৈ এটা বাৰ্তা যোগে পিন নম্বৰ প্ৰদান কৰিব। এই পিন নম্বৰটো পৰৱৰ্তী পৃষ্ঠাত প্ৰদান কৰি ফেচবুক একাউন্টটো সক্ৰিয় কৰিব লাগিব। এই একাউন্ট ব্যৱহাৰ কৰি কম্পিউটাৰৰ পৰা যদি ফেচবুকত সোমাব বিচাৰে তেন্তে ই-মেইলৰ ঠাইত মোবাইল নম্বৰ প্ৰদান কৰিব লাগিব।

মোবাইল ফোনৰ দ্বাৰা একাউন্ট সুনিশ্চিত কৰা

ফেচবুকত বন্ধুসমূহক সংযোগ কৰিবলৈ বিচাৰিলে বা আন কিছুমান ক্ষেত্ৰত Security Check বোলা এটা বাৰ্তা প্ৰায়ে অহা দেখা যায়। বহু সময়ত এইটো অতি বিৰক্তিকৰ যেন বোধ হয়। ইয়াৰ পৰা মুক্তি পাবলৈ হ’লে verify your account link ত টিপক আৰু তেতিয়াই confirm your phone বুলি এটা বাকচ দেখা যাব। ইয়াৰ ফোন নম্বৰৰ বাবে থকা এটা ঠাইত আপোনাৰ মোবাইল নম্বৰটো লিখি confirm বুটামত টিপক। লগে লগে ফেচবুকৰ পৰা উক্ত মোবাইল নম্বৰলৈ এটা কোড সম্বলিত বাৰ্তা আহিব। আৰু এবাৰ যদি উক্ত কোডটো লিখি confirm বুটামত টিপি দিয়ে পিছলৈ আৰু চিকিউৰিটি চেক ব্যৱস্থাটোৰ পৰা মুক্ত হ’ব পাৰিব।

আপুনি অসমীয়াতো ফেচবুক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে তলত উল্লেখ কৰা যিকোনো এটা লিংকৰ পৰা অসমীয়া লিখা সঁজুলিটো ডাউনলোড কৰি ল’ব লাগে।

কম্পিউটাৰত লিখিবলৈ: ৰ’দালি

ম’বাইলত লিখিবলৈ: ৰ’দালি, পানিনি

অৱশ্যে এণ্ডৰয়ড ব্যৱহাৰকাৰীসকলে google Play Store ৰ পৰা Multiling কী-বোৰ্ড ডাউনলোড কৰি ল’ব পাৰে।

আপোনাৰ একাউন্টলৈ বন্ধুক আমন্ত্ৰণ

আপোনাৰ লগত বন্ধুসকলক সংলগ্ন কৰিবলৈ যদিহে বন্ধুৰ ই-মেইল ঠিকনা জানে তেন্তে Invite Friends ত ক্লিক কৰক আৰু বন্ধুৰ ই-মেইল ঠিকনা লিখি Invite বুটামত ক্লিক কৰক আৰু যদিহে আপোনাৰ ই-মেইলৰ তালিকাৰ পৰা বন্ধুসকলৰ ই-মেইল ঠিকনা আনিবলৈ বিচাৰে তেন্তে Import ই-মেইল এড্ৰেচত ক্লিক কৰি যিসকলক সংলগ্ন কৰিব বিচাৰে সেইসকলক চয়ন কৰি Add to Invite বুটামত ক্লিক কৰিলে আপুনি চয়ন কৰা সকলোবোৰ ই-মেইল ঠিকনা সন্নিৱিষ্ট হৈ যাব। ইয়াৰ উপৰিও Friends মেনুৰ পৰা Find Friends লৈ গৈ অথবা হোম পেজৰ পৰা সোঁফালে থকা Suggesstions ৰ পৰা কোনো ব্যক্তিক আমন্ত্ৰণ জনাবলৈ বিচাৰিলে ফটোৰ তলত থকা Add as Friend ত ক্লিক কৰক। ইয়াৰ উপৰিও ব্যক্তিৰ নাম বা ই-মেইল ঠিকনা সন্ধান কৰিও আমন্ত্ৰণ জনাব পাৰে।

বন্ধুত্বৰ আমন্ত্ৰণ গ্ৰহণ কৰা

কোনো ব্যক্তিয়ে যদি আপোনাক বন্ধুত্বৰ বাবে আমন্ত্ৰণ জনাই তেন্তে হোম পেজৰ সোঁফালে ওপৰত থকা Request ত দেখা পোৱা যায়। ইয়াৰ পৰা আপুনি চয়ন কৰা ব্যক্তিক Confirm Request কৰি আপোনাৰ বন্ধুৰ তালিকাত সংলগ্ন কৰিব পাৰিব।

কোনো এটা গোটত যোগ দিয়া আৰু নতুন গোট তৈয়াৰ কৰা

Status Bar ত থকা Group আইকনলৈ গৈ ক্লিক কৰক বা www.facebook.com/groups.php ঠিকনালৈ যাওক। ইয়াক দেখা পোৱা Group সমূহৰ পৰা পছন্দৰ Group টোৰ ওপৰত ক্লিক কৰি Join this Group ত ক্লিক কৰক। এতিয়া Add Group Membership? Dialog Box টোত থকা Join ত ক্লিক কৰক। মুকলিভাৱে থকা গোটবিলাকত আপুনি লগে লগেই সদস্য হ’ব পাৰে যদিও কিছুমান Group ত প্ৰশাসক বা কোনো সদস্যই অনুমোদন কৰিলেহে আপুনি গোটৰ Member হ’ব পাৰিব। কোনোবাটো গোটৰ পৰা আপুনি ওলাই আহিবলৈ বিচাৰিলে Leave Group ত ক্লিক কৰি Remove Group Membership? ৰ Dialog Box ৰ Remove ত ক্লিক কৰিলেই গোটৰ পৰা ওলাই আহিব পাৰিব। যদিহে আপুনি নিজে এটা গোট তৈয়াৰ কৰিব বিচাৰে তেন্তে Group ৰ পেজৰ পৰা Create a New Group বুটামত টিপি পৰৱৰ্তী পদক্ষেপসমূহ অনুসৰণ কৰিলেই গোট এটা তৈয়াৰ কৰিব পাৰিব।

অধিক ই-মেইল সংযোগ কৰা বা ই-মেইল পৰিৱৰ্তন কৰা

ফেচবুকত আপুনি যিটো ই-মেইলৰ দ্বাৰা পঞ্জীয়ন কৰে পৰৱৰ্তী পৰ্য্যায়ত আপুনি উক্ত ই-মেইলটোৰে ফেচবুকত লগ ইন কৰিব লাগে। কিন্তু যদি আপুনি উক্ত ই-মেইল ঠিকনাটো সলনি কৰিব বিচাৰে বা অন্য ই-মেইলো সংযোগ কৰিব বিচাৰে তেন্তে সেই সুবিধাও ফেচবুকত আছে। ইয়াৰ বাবে ফেচবুকত লগইন কৰি একাউন্স চেটিঙলৈ যাওক। তেতিয়া ই-মেইলত Change ত ক্লিক কৰি New ই-মেইলত নতুন ই-মেইল ঠিকনাটো লিখক আৰু Add New ই-মেইলত ক্লিক কৰক। ইয়াৰ পিছত Change ই-মেইল box ত ফেচবুকৰ বৰ্তমানে থকা গুপ্তশব্দটো লিখি Confirm বুটামত টিপক। লগে লগে আপুনি যুক্ত কৰা ই-মেইল ঠিকনালৈ এখন নিশ্চিতকৰণ ই-মেইল যাব। উক্ত ই-মেইল ঠিকনা খুলি তাত দিয়া লিংকটোত ক্লিক কৰি ই-মেইল ঠিকনাটো নিশ্চিত কৰিব লাগিব। নতুনকৈ যুক্ত কৰা ই-মেইল ঠিকনাটো Default হিচাপে থাকিব। এনেদৰেই একাধিক ই-মেইল ঠিকনা সংযুক্ত কৰিব পাৰে। আনহাতে, কোনোবাটো পুৰণি ই-মেইল ঠিকনা আঁতৰাই পেলাব বিচাৰিলে একাউন্স চেটিঙলৈ গৈ ই-মেইলৰ Change ত ক্লিক কৰি আঁতৰাই পেলাব বিচৰা ই-মেইলটোৰ সোঁফালে থকা Remove বুটামত ক্লিক কৰি ফেচবুকৰ বৰ্তমানৰ পাচৱৰ্ডটো লিখি Confirm বুটামত ক্লিক কৰক।

ফেচবুকৰ ছবি আৰু ভিডিঅ’ত বন্ধুক Tag কৰা

কোনো ফটো বা ভিডিঅ’ বন্ধুৰ লগত বিনিময় কৰাৰ ক্ষেত্ৰত ফেচবুকেই বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় সামাজিক চাইট। এনেদৰে বিনিময় কৰা ছবি আৰু ভিডিঅ’ত আপোনাৰ বন্ধুসকলক Tag কৰিব পাৰে। উদাহৰণ স্বৰূপে, আপোনাৰ বন্ধুসকলৰ সৈতে তোলা এখন ছবিত আপোনাৰ ফেচবুকৰ একাউন্ট থকা বন্ধুক Tag কৰিব বিচাৰিলে ছবিখনৰ তলত থকা Tag this Photo ত ক্লিক কৰি যিসকল বন্ধুক Tag কৰিব বিচাৰে সেইসকলক চয়ন কৰি Tag কৰিব পাৰে। আৰু যদি আপোনাৰ বন্ধুৰ তালিকাত নথকা ব্যক্তিক Tag কৰিব বিচাৰে তেন্তে Type any Name or Tag ত বন্ধুৰ নাম লিখি Tag বুটামত ক্লিক কৰক। শেষত Done Tagging ত ক্লিক কৰিলেই বন্ধুসকলে ফটোখন দেখিবলৈ পাব। অৰ্থাৎ আপুনি যিসকল বন্ধুক Tag কৰিছে সেইসকল বন্ধুৰ ফেচবুকৰ Wall ত দৃশ্যমান হ’ব। একেদৰেই আনৰ ফটো এলবামত বা ফটো নিজৰ লগতে আপুনি আনকো Tag কৰিব পাৰিব।

ইউজাৰ নাম সলনি কৰা

বৰ্তমানে ফেচবুকত ইউজাৰ নাম সলনি কৰাৰ সুবিধা আছে। ইয়াৰ বাবে লগইন কৰি www.facebook.com/username/ লৈ যাওক আৰু নিজৰ পছন্দৰ ইউজাৰ নাম লিখক। লগে লগে আপোনাৰ নতুন ইউজাৰ নামটো দৃশ্যমান হ’ব।

চাৰ্চ ইঞ্জিনৰ পৰা নিজকে বিৰত ৰাখক

ফেচবুকত ই-মেইল ঠিকনা বা নাম লিখি যিকোনো ব্যক্তিক সন্ধান কৰি তেওঁৰ প্ৰ’ফাইলটো দেখিবলৈ পোৱা যায় আৰু বন্ধূৰ তালিকালৈ আমন্ত্ৰণ কৰাৰ সুযোগ ল’ব পৰা যায়। কিন্তু যদি আপুনি বিচাৰে তেন্তে এই সন্ধানৰ প্ৰক্ৰিয়াটোৰ পৰা আপুনি নিজকে বিৰত ৰাখিব পাৰে বা আপুনি বিচৰা ধৰণৰ ব্যক্তিয়েহে যাতে আপোনাক প্ৰ’ফাইল চাব পাৰে তেনেধৰণেও চেটিঙটো ঠিক কৰি ল’ব পাৰে। ইয়াৰ বাবে ফেচবুকৰ Settings ৰ পৰা privacy settings লৈ যাওক। এতিয়া চাৰ্চত ক্লিক কৰি Search visibility অংশত আপোনাক আনে কেনেধৰণে সন্ধান কৰিব পাৰিব আৰু সন্ধান কৰোতাই আপোনাৰ প্ৰ’ফাইলত থকা কি কি তথ্য দেখিবলৈ পাব সেইসমূহ search result content ৰ পৰা চয়ন কৰি লওক। বাহ্যিক চাৰ্চ ইঞ্জিনৰ পৰা যদি আপোনাক সন্ধান কৰি পাব নালাগে তেন্তে Public search listing ত থকা ঘৰটো নিষ্ক্ৰিয় কৰক।

ব্লক কৰা

নিৰ্দিষ্ট কোনো বন্ধু বা অনাকাংশিত ব্যক্তিৰ পৰা আপোনাৰ প্ৰ’ফাইল তথা অন্য কোনো তথ্য লুকুৱাই ৰাখিবলৈ বিচাৰিলে সেই বন্ধুসকলক আপুনি ব্লক কৰি ৰাকিব পাৰিব। ব্লক কৰিবলৈ হ’লে ফেচবুকৰ চেটিঙছৰ পৰা প্ৰাইভেছি চেটিঙলৈ যাওক। এতিয়া তলৰ ফালে থকা Block people ৰ বাকচটোত ব্লক কৰিব বিচৰা ব্যক্তিজনৰ নাম লিখি ব্লক বুটামত টিপক। আনহাতে, আপোনাৰ বন্ধু নহয় কিন্তু ব্যক্তিজনক আপুনি ব্লক কৰিব খুজিছে তেন্তে ব্যক্তিৰ প্ৰ’ফাইললৈ গৈও ব্যক্তিজনক ব্লক কৰিব পাৰিব। এনেদৰে আপুনি একাধিক ব্যক্তিক ব্লক কৰি ৰাখিব পাৰে। আৰু এবাৰ ব্যক্তি কৰা ব্যক্তিজনে সন্ধান কৰিলেও আপোনাৰ প্ৰ’ফাইল বিচাৰি নাপাব। আনহাতে, আপোনাৰ বন্ধুৰ তালিকাত থকা বা আপুনি গোটত থকা ব্যক্তিয়েও আপোনাৰ কোনো তথ্য দেখা নাপাব আৰু পূৰ্বৰ বন্ধুত্বৰ সকলো বাৰ্তালাপ নোহোৱা হ’ব। পিছলৈ কেতিয়াবা যদি উক্ত ব্যক্তিজনক পুনৰ Unblock কৰিব বিচাৰে তেন্তে Block list ৰ পৰা Remove বুটামত ক্লিক কৰিলেই ব্যক্তিজন Unblock হ’ব।

জি-মেইলৰ লগত ফেচবুকৰ সংযোগ কৰা

ফায়াৰফক্স ব্ৰাউজাৰ ব্যৱহাৰকাৰীসকলে এটা Addons ব্যৱহাৰ কৰি জি-মেইলৰ লগত ফেচবুকক সংযোগ কৰিব পাৰে। ইয়াৰ বাবে ব্যৱহাৰকাৰীয়ে xoopit নামৰ Addons টো ডাউনলোড কৰি ল’ব লাগে। এই Addons ব্যৱহাৰ কৰি জি-মেইলৰ পৰাও ফেচবুকলৈ ছবি, ভিডিঅ’ আদি বিনিময় কৰাৰ উপৰিও ফেচবুকৰ পৰাও জি-মেইললৈ এইসমূহ বিনিময় কৰিব পৰা হ’ব।

https://addons.mozilla.org/en-US/firefox/addon/8257 এই লিংকটোৰ পৰা Addons টো ইনষ্টল কৰি ল’ব পাৰিব। ইয়াৰ পিছত জি-মেইল একাউন্টত লগ ইন কৰি xoopit ত লগ ইন কৰিব লাগিব। সহায়ৰ দৰকাৰ হ’লে http://vimeo.com/3287784 এই লিংকটো চাব পাৰে।

টুইটাৰৰ লগত ফেচবুকৰ সংযোগ

টুইটাৰৰ চুটি ব্লগ আৰু বাৰ্তা বিনিময় আজিৰ দিনত বেচ জনপ্ৰিয় হৈ পৰিছে। আপুনি ইচ্ছা কৰিলে আপোনাৰ টুইটাৰৰ Status ও ফেচবুকৰ যোগেৰে সংযোগ কৰি ফেচবুক বন্ধুৰ লগত বিনিময় কৰিব পাৰে। আনহাতে, ফেচবুকৰ পৰাও আপোনাৰ Status টুইটাৰত বিনিময় কৰিব পাৰে। ইয়াৰ বাবে তলত দিয়া লিংকটোৰ আহিলাবিধ ইন্সষ্টল কৰ্ক http://apps.facebook.com/twitter/ । এতিয়া টুইটাৰত লগ ইন কৰক। ইয়াৰ পিছৰে পৰা আপুনি টুইটাৰত কোনো Status দিলে যেনেকৈ ফেচবুকত দেখা পোৱা যাব তেনেকৈয়ে ফেচবুকৰ টুইটাৰ এপ্লিকেশ্যনত আপুনি কিবা বাৰ্তা লিখিলে টুইটাৰ আৰু ফেচবুক দুয়োটাতে দেখা পোৱা যাব।

ফায়াৰফক্সৰ জৰিয়তে ফেচবুকত বাৰ্তা বিনিময়

ফায়াৰফক্সত থকা FireStatus নামৰ Addons টোৰ জৰিয়তে আপুনি আপোনাৰ মন্তব্য/বক্তব্য ফেচবুকৰ লগতে আন আন চাইটত বিনিময় কৰিব পাৰিব। ইয়াৰ বাবে https://addons.mozilla.org/en-US/firefox/addon/8973 Addons টো ইন্সষ্টল কৰি লওক। এতিয়া Status bar ৰ সোঁফালে দেখিবলৈ পোৱা FireStatus আইকনটোত ক্লিক কৰিলে Status bar ৰ ওপৰত আৰু এডাল bar দেখা যাব। ইয়াত আপোনাৰ বক্তব্য লিখি সোঁফালে ফেচবুক চয়ন কৰি send বুটামত যদি ক্লিক কৰে তেতিয়া ফেচবুকৰ লগ ইন উইণ্ডোজ এখন ওলাব। তাত লগ ইন কৰি অকে বুটাম টিপিলে উক্ত বক্তব্যখিনি ফেচবুকৰ wall ত দৃশ্যমান হ’ব।

ফায়াৰফক্সৰ চাইট bar ত ফেচবুক বাৰ্তালাপ

বিভিন্ন চাইট ব্ৰাউজ কৰাৰ লগে লগে ফায়াৰফক্সৰ চাইট Bar ৰ পৰা ফেচবুক বন্ধুসকলৰ লগত বাৰ্তালাপো কৰি থাকিব পাৰে।

ইয়াৰ বাবে www.facebook.com/presence/popout.php চাইটটো খুলক আৰু উক্ত পৃষ্ঠাটো Bookmark কৰক। এতিয়া Bookmarks মেনুলৈ গৈ উক্ত Bookmark ৰ ওপৰত মাউচৰ সোঁ বুটাম টিপি properties ত ক্লিক কৰক। ইয়াৰ পিছত মেনুখনত দৃশ্যমান হোৱা load this bookmark in site bar ত চয়ন কৰক। আৰু Save change বুটামত টিপি সংৰক্ষণ কৰক। ইয়াৰ পিছৰ পৰাই Bookmark মেনুৰ পৰা ফেচবুক বাৰ্তালাপৰ ওপৰত ক্লিক কৰিলে ফেচবুকৰ বাৰ্তালাপৰ সুবিধা পোৱা যাব।

ফায়াৰফক্সৰ বাবে ফেচবুকৰ টুলবাৰ

ফায়াৰফক্সৰ পৰা ফেচবুক ব্যৱহাৰ কৰিবলৈ এটা টুলবাৰ সংলগ্ন কৰি ল’ব পাৰে। এই টুলবাৰটো এই http://devlopers.facebook.com/toolbar লিংকত পাব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate