অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফেচবুকত অদৰকাৰী সংযোগ নিটিপিব

ফেচবুকত অদৰকাৰী সংযোগ নিটিপিব

আপোনাৰ ফেচবুক একাউন্টৰ প্ৰ’ফাইলৰ থিম সলনি কৰিব পাৰে বুলি এটা সংযোগ দেখিছে। মনত ভালেই লাগিব কিন্তু সেই সংযোগটোত টিপিলেই আপুনি বিপদত পৰিব। ফেচবুকত প্ৰ’ফাইলৰ ৰঙ বা থিম সলনি কৰিব পৰাৰ প্ৰলোভন দি বহুবোৰ মেলৱেৰ ফেচবুকত বিয়পি পৰিছে।

গোটেই পৃথিৱীতে হাজাৰ হাজাৰ ফেচবুক ব্যৱহাৰকাৰীক মূৰ্খ সজাই এই ভাইৰাছটো ফেচবুক ব্যৱহাৰকাৰীৰ টাইমলাইনত আক্ৰমণ কৰিছে। ফেচবুকৰ প্ৰ’ফাইলৰ ৰং আৰু থিম সলনি কৰিব পাৰি বুলি লোভ দিয়া এই মেলৱেৰটো বহু আগতেও আছিল পিছত ফেচবুক কৰ্তৃপক্ষই ইয়াক আতঁৰাই পেলাবলৈ সক্ষম হৈছিল যদিও ইয়াক পুনৰ দেখা পোৱা গৈছে।

এই মেলৱেৰটোৱে এটা বিজ্ঞাপনৰ আকাৰত ব্যৱহাৰকাৰীক উক্ত সংযোগত ক্লিক কৰিবলৈ প্ৰলোভন দিয়ে। ইয়াত কোৱা হয় যে এতিয়াৰে পৰা ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ প্ৰফাইলৰ ৰং পৰিৱৰ্তন কৰাৰ সুযোগ পাবলৈ সক্ষম হৈছে। এই এপ্পছটো ডাউনলোড কৰি ল’বলৈও পোৱা হয়। কিন্তু এপছটো ডাউনলোড কৰিবলৈ সংযোগটো টিপিলেই ব্যৱহাৰকাৰীয়ে স্বয়ংক্ৰিয়ভাৱে ভাইৰাছপূৰ্ণ এটা চাইটত প্ৰৱেশ কৰে। ইয়াৰ পিছতেই ব্যৱহাৰকাৰীৰ বিপদ আৰম্ভ হয়।

ৰং পৰিৱৰ্তনৰ বিজ্ঞাপনটো ক্লিক কৰাৰ লগে লগে ব্যৱহাৰকাৰীৰ ফেচবুকত লগ ইনৰ তথ্যসমূহ এই মেলৱেৰটোৱে গোপনে সংগ্ৰহ কৰে। ইয়াৰ উপৰিও কেনেকৈ ৰং পৰিৱৰ্তন কৰিব পাৰি তাৰ এটি সহায়ক ভিডিঅ’ দৰ্শন কৰিবলৈ কোৱা হয়।

এই মেলৱেৰটো এবাৰ কোনো এজন ব্যৱহাৰকাৰী একাউন্টত সোমাব পাৰিলে ব্যৱহাৰকাৰীজনৰ বন্ধু তালিকাৰ থকা সকলোলৈকে এই বিপদ বিয়পি পৰাৰ আংশকাই দেখা দিয়ে। বিজ্ঞাপনটো ক্লিক কৰাৰ পিছত যদি ব্যৱহাৰকাৰীয়ে সহায়কাৰী ভিডিঅ’টো নাচায়ো তেতিয়াও মেলৱেৰে ভৰ্তি চাইটটোৱে ব্যৱহাৰকাৰীৰ অজ্ঞাতে এটা এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ বাধ্য কৰে। ইয়াৰ উপৰিও কম্পিউটাৰটোত এটা অশ্লিল ভিডিঅ’ প্লেয়াৰ ডাউনলোড কৰাবলৈ প্ৰলোভিত কৰে।

এই ভাইৰাছটোৰ উপৰিও ফেচবুকত বিয়পি পৰা কেইবাটাও স্কেম সম্পৰ্কে ব্যৱহাৰকাৰীসকল সতৰ্ক হৈ থকাৰ পৰামৰ্শ প্ৰদান কৰিছে। এন্টিভাইৰাছ চফটৱেৰ নিৰ্মাণ প্ৰতিষ্ঠান বিড ডিফেণ্ডাৰৰ বিশেষজ্ঞসকলে। ইয়াৰ ভিতৰত এটা হ’ল ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল দৰ্শন কৰা লোকৰ পৰিসংখ্যা।

ব্যৱহাৰকাৰীৰ ফেচবুক প্ৰ’ফাইলটো কোনে কিমানবাৰ দৰ্শন কৰিছে সেয়া জনাবলৈ এটা লিংক ব্যৱহাৰকাৰীৰ নিউজ ফিডত ওলাব পাৰে। কিন্তু ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল কোনো কোনে চাইছে সেই তথ্য জনোৱাৰ বাবে বিজ্ঞাপন আকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় সেয়া সম্পূৰ্ণ মিছা। ফেচবুকত এনে কোনো ধৰণৰ ব্যৱস্থা নাই আৰু অনুমোদিতও নহয়। এনে ধৰণৰ কোনো লিংকত ক্লিক কৰিব নালাগে।

এনেধৰণৰ আৰু কিছুমান স্পাম হ’ল কোনো বিখ্যাত ব্যক্তিৰ নামত “লিক্‌ চেক্সটেপ” নামৰ লিংক। ইয়াৰ উপৰিও বিনামূলীয়াকৈ ফেচবুকৰ টি-চাৰ্ট বা অন্য কোনো উপহাৰ সামগ্ৰী প্ৰদান কৰাৰ লোভ দেখুৱাই ব্যৱহাৰকাৰীৰ বিভিন্ন লিংকত ক্লিক কৰিবলৈ উদ্ভোধ কৰা হয়। এই সকলোবোৰ প্ৰকৃততে একোটা ভাইৰাছৰ চাইটলৈ স্বয়ংক্ৰিয়ভাৱে লৈ যোৱা লিংকহে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate