অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰডবেণ্ড ইন্টাৰনেট নিৰাপত্তা

ব্ৰডবেণ্ড ইন্টাৰনেট নিৰাপত্তা

  1. অধিক সময়ৰ বাবে ব্যৱহৃত নহ’লে মডেমটো বন্ধ কৰি ৰাখক
  2. ব্ৰডবেণ্ড ইন্টাৰনেটত প্ৰৱেশ সুৰক্ষিত কৰাৰ নিৰ্দেশানাৱলী
  3. এছ.এছ.আই.ডি সম্প্ৰচাৰ সক্ৰিয় নকৰিব
  4. ব্ৰডবেণ্ডৰ এটা মুকলি ৱাই-ফাই সংযোগ ব্যৱস্থাত Auto-connect সক্ৰিয় নকৰিব
  5. ব্ৰডবেণ্ড নিৰাপত্তাত আশংকাসমূহ
  6. ব্ৰডবেণ্ড মডেমৰ ধৰণ
  7. ব্ৰডবেণ্ড মডেমৰ স্থাপন
  8. সুৰক্ষিত ব্ৰডবেণ্ড ইন্টাৰনেট প্ৰৱেশৰ বাবে নিৰ্দেশনাৱলী
  9. অনুস্থাপিত প্ৰশাসক সলনি কৰক (ব্যৱহাৰকাৰীৰ নাম আৰু গুপ্ত শব্দ)
  10. সঁজুলিটোক স্থায়ী আই.পি এড্ৰেছ প্ৰদান কৰক
  11. এম.এ.চি এড্ৰেছ পৰিশ্ৰাৱক সক্ৰিয় কৰক
  12. অনাতাঁৰ নিৰাপত্তা সক্ৰিয় কৰক
  13. ডব্লিউ.পি.এ/ডব্লিউ.ই.পি এনক্ৰিপছন সক্ৰিয় কৰক
  14. অনুস্থাপিত এছ.এছ.আই.ডি (চাৰ্ভিছ চেট আইডেন্টিফায়াৰ) সলনি কৰক

ব্ৰডবেণ্ড ইন্টাৰনেট নিৰাপত্তাত আসন্ন বিপদৰ পৰা কম্পিউটাৰ/ লেপটপক সুৰক্ষিত কৰিবলৈ কাৰ্য্যকৰী নিৰাপত্তাৰ সমিধান (এন্টিভাইৰাছ, এণ্টিস্পাইৱেৰ, ডেক্সটপ ফায়াৰৱাল আদি) ব্যৱহাৰ কৰক।

মডেম, ৰাউতাৰ আৰু কম্পিউটাৰৰ ফায়াৰৱাল সক্ৰিয় কৰি ৰাখক:

ব্ৰডবেণ্ড মডেম, ৰাউতাৰসমূহ প্ৰস্তুত কৰোঁতেই ফায়াৰৱাল সন্নিৱিষ্ট কৰা থাকে। কিন্তু এই বিকল্পটো সক্ৰিয় কৰিব লাগে। ব্ৰডবেণ্ড  মডেমৰ লগত সংযোগী কম্পিউটাৰটোকো ডেক্সটপ ফায়াৰৱালেৰে সুৰক্ষিত কৰাৰ প্ৰয়োজন।

অধিক সময়ৰ বাবে ব্যৱহৃত নহ’লে মডেমটো বন্ধ কৰি ৰাখক

সংযোগ বিচ্ছিন্ন কৰিলে নিশ্চিতভাৱে বাহিৰৰ অকৰ্তৃত্বশীল ব্যক্তিয়ে নেটৱৰ্কত প্ৰৱেশ কৰিব নোৱাৰে। যিহেতু সঘনাই বন্ধ-খোলা কৰাটো সঁচাকৈয়ে অতি কঠিন, সেইবাবেই যাতায়তৰ সময়ত বা বহু সময়ৰ বাবে ব্যৱহাৰ নহ’লে মডেম বন্ধ কৰি থ’ব লাগে।

  • ইউ.এছ.বি ব্ৰডবেণ্ড মডেমৰ ক্ষেত্ৰত ব্যৱহাৰৰ পিছত সামগ্ৰীটোৰ সংযোগ বিচ্ছিন্ন কৰক আৰু আতঁৰাই থওঁক।
  • ব্ৰডবেণ্ড ইন্টাৰনেট বেণ্ড উইডথ ব্যৱহাৰৰ পৰ্য্যবেক্ষণ আহিলা সংস্থাপন কৰক।
  • দূৰ নিয়ন্ত্ৰক প্ৰশাসকৰ বাবে এছ.এছ.এল সক্ৰিয় কৰক।

ব্ৰডবেণ্ড ইন্টাৰনেটত প্ৰৱেশ সুৰক্ষিত কৰাৰ নিৰ্দেশানাৱলী

নকৰিব

  • যিহেতু গৃহ ব্যৱহাৰকাৰীৰ বাবে প্ৰয়োজন নহয় গতিকে দূৰ নিয়ন্ত্ৰক প্ৰশাসকৰ বিকল্প সক্ৰিয় নকৰিব।
  • ব্ৰডবেণ্ড মডেমত থকা Restore Factory Default Setting বিকল্পটো সক্ৰিয় নকৰিব।
  • প্ৰতিটো ব্ৰডবেণ্ড ইন্টাৰনেটৰ ক্ষেত্ৰত পৰিশ্ৰাৱক নথকাকৈ সংযোগ ব্যৱহাৰ নকৰিব।
  • বিভাজিত আহিলাৰ (কম্পিউটাৰ সংযোগী ফোনলাইন পৃথক কৰা সৰু আহিলা ) পূৰ্বে সংযোগ গ্ৰহণ নকৰিব।
  • অসুৰক্ষিত কম্পিউটাৰ/লেপটপৰ লগত ইউ.এছ.বি ব্ৰডবেণ্ড মডেম ব্যৱহাৰ নকৰিব।

এছ.এছ.আই.ডি সম্প্ৰচাৰ সক্ৰিয় নকৰিব

ৱাই-ফাই নেটৱৰ্কিঙত অনাতাঁৰ প্ৰৱেশ বিন্দুত বা ৰাউতাৰে এটা নিয়মীয়া বিৰতিৰ অন্তৰে-অন্তৰে নেটৱৰ্কৰ নাম (এছ.এছ.আই.ডি) সম্প্ৰচাৰ কৰি থাকে। এই বৈশিষ্ট্যতা ব্যৱসায়িক আৰু ৰাইজৰ প্ৰৱেশৰ মুখ্য বিন্দু হিচাপে আৰ্হিত কৰি থোৱা হয়। গৃহ ব্যৱহাৰকাৰীৰ বাবে এই বৈশিষ্ট্যৰ কোনো প্ৰয়োজনীয়তা নাই আৰু ইয়াৰ দ্বাৰাই অকৰ্তৃত্বশীল প্ৰৱেশ হ’ব পাৰে।

ব্ৰডবেণ্ডৰ এটা মুকলি ৱাই-ফাই সংযোগ ব্যৱস্থাত Auto-connect সক্ৰিয় নকৰিব

যদিহে Auto-connect ব্যৱস্থা সক্ৰিয় হৈ থাকে তেন্তে ৱাই-ফাই পদ্ধতি থকা কম্পিউটাৰটো ব্যৱহাৰকাৰীক জাননী নিদিয়াকৈ স্বয়ংক্ৰিয়ভাৱে সংযোজিত হৈ যাব পাৰে। এনে ক্ষেত্ৰত আমাৰ কম্পিউটাৰৰ নিৰাপত্তা বিপদাপন্ন হ’ব পাৰে। কোনো বিশেষ ক্ষেত্ৰৰ বাহিৰে এই ব্যৱস্থা কেতিয়াও সক্ৰিয় কৰিব নালাগে।

  • ব্যৱহাৰ নোহোৱা অৱস্থাত ব্ৰডবেণ্ডৰ সংযোগ খুলি থ’ব লাগে।
  • ৱাই-ফাইৰ ক্ষেত্ৰত অচিনাকী বা অবিশ্বাসী নেটৱৰ্কৰ লগত সংযোগ স্থাপন কৰিব নালাগে।

 

 

ব্ৰডবেণ্ডে দ্ৰুত গতিৰ নেটৱৰ্ক সংযোগ বুজায়

পৰম্পৰাগত ইন্টাৰনেট সেৱা “dial-on-demand” ধৰণে পোৱা যায়আনহাতে, ব্ৰডবেণ্ড ইন্টাৰনেট “সকলো সময়তে” পোৱা যায়সেইবাবেই ইয়াৰ নিৰাপত্তাত আশংকা অতি উচ্চ মাত্ৰাৰ

আমি নজনাকৈ কম্পিউটাৰটোৱে মীমাংসা কৰি ল’ব পাৰে

আৰু আন কম্পিউটাৰৰ কাম-কাজত

ব্যাঘাত জন্মাব পৰা ক্ষেত্ৰ হিচাপে ব্যৱহৃত হ’ব পাৰে

যিহেতু ব্ৰডবেণ্ড ইন্টাৰনেট বহলভাৱে ব্যৱহৃত হয়

সেইবাবেই প্ৰতিজন নাগৰিকেই

ইয়াক নিৰাপদ ব্যৱহাৰৰ বাবে সুৰক্ষিতভাৱে

সংস্থাপন কৰি লোৱাটো অতি গুৰুত্বপূৰ্ণ।

ব্ৰডবেণ্ড নিৰাপত্তাত আশংকাসমূহ

যিহেতু ব্ৰডবেণ্ড ইন্টাৰনেট সংযোগ সকলো সময়তে খোলা থাকে, সেয়ে তলত উল্লেখ কৰাসমূহৰ জৰিয়তে ইয়াৰ অপব্যৱহাৰ হ’ব পাৰে।

  • ট্ৰজান আৰু বেকদ’ৰসমূহ।
  • সেৱাসমূহ প্ৰত্যাখ্যান কৰা ।
  • মধ্যৱৰ্তীকালীন আন এটা আক্ৰমণ।
  • ফাইলৰ সম্প্ৰসাৰণ লুকুৱাই ৰখা।
  • চাটিঙৰ ক্লায়েন্ট।
  • পেকেট স্নিফিং।
  • অনুস্থাপন সজ্জা দুৰ্বল হোৱা।

ব্ৰডবেণ্ড মডেমৰ ধৰণ

  • ৱাইয়াৰলেছ ফাইদেলিটি (ৱাই-ফাই)।
  • ডিজিটেল চাবছক্ৰাইবাৰ লাইন (ডি.এছ.এল)।
    • এছিক্ৰোনাছ ডিজিটেল চাবছক্ৰাইবাৰ লাইন।
    • অতি তীব্ৰ গতিৰ ডিজিটেল চাবছক্ৰাইবাৰ লাইন।
  • কেবল মডেম।
  • ছেটেলাইট।
  • ব্ৰডবেণ্ড অভাৰ পাৱাৰ লাইন।
  • টাৰ্মিনেল এডপ্টৰ মডেম।
  • ইউনিভাৰ্ছেল চিৰিয়েল বাছ (ইউ,এছ,বি)।


ব্ৰডবেণ্ড মডেমৰ স্থাপন

  • ব্ৰডবেণ্ড মডেম স্থাপন কৰাৰ সময়ত সদায় নিৰ্মাণকাৰীৰ হাতপুথি মনোযোগেৰে পঢ়ক আৰু নিৰ্দেশাৱলী মানি চলক।
  • প্ৰথমে মডেমত বৈদ্যুতিক সংযোগৰ তাঁৰ সংযোগ কৰক তাৰ পাছত আনটো মূৰ বৈদ্যুতিক প্লাগত সংযোগ কৰক।
  • মডেমটো কম্পিউটাৰৰ লগত সংযোগ কৰাৰ আগতে কম্পিউটাৰটোৱে যথোচিতভাৱে কাম কৰি আছেনে নাই পৰীক্ষা কৰি লওঁক।
  • মডেমটো সংস্থাপন কৰাৰ সময়ত মডেমৰ ধৰণ আৰু আৰ্হি সাপেক্ষে  থকা নিৰ্দেশসমূহ মানি চলক। যদিহে সংযোজী তাঁৰৰ যোগেৰেহে সংকেত আহে তেন্তে মডেমৰ লগত দিয়া তাঁৰডাল  সংযোগ কৰক।
  • ইথাৰনেটৰ ক্ষেত্ৰত কম্পিউটাৰত থকা ইথাৰনেট পোৰ্টৰ লগত মডেমটোত সংযোগ কৰক।
  • ইউ.এছ.বি সংযোগৰ ক্ষেত্ৰত কম্পিউটাৰটোৱে যথাযথভাৱে প্ৰাৰম্ভিকতা শেষ কৰাৰ পিছত মডেমটো সংযোগ কৰক।
  • মডেমটোত থকা সংকেত চাকি নজ্বলালৈকে অপেক্ষা কৰক।
  • মডেমৰ ড্ৰাইভাৰ আৰু মডেমৰ লগত যোগান ধৰা আন ছফটৱেৰসমূহ সংস্থাপন কৰক।
  • ব্যৱহাৰকাৰীৰ সংযোগৰ প্ৰাৰম্ভিকতাৰ যথাযথ প্ৰত্যায়িত প্ৰদান কৰিব লাগিব আৰু ব্যৱহাৰৰ আগতে ইয়াৰ সঁহাৰিৰ বাবে অপেক্ষা কৰক।

সুৰক্ষিত ব্ৰডবেণ্ড ইন্টাৰনেট প্ৰৱেশৰ বাবে নিৰ্দেশনাৱলী

কৰিব:

  • সদায় নিৰ্মাণকাৰীয়ে অনুমোদন কৰা বৈধ ৱেবচাইটৰ পৰাহে ব্ৰডবেণ্ড ড্ৰাইভাৰ ডাউনলোড কৰক।
  • নিয়মীয়াকৈ ফাৰ্মওৱেৰ (ড্ৰাইভাৰ কোড)ডাউনলোড কৰক ।
  • সদায় নিৰ্মাণকাৰীয়ে মডেমৰ সৈতে যোগান ধৰা বিদ্যুৎ এডপ্টৰহে ব্যৱহাৰ কৰক।
  • যদিহে টাৰ্মিনেল এডপ্টৰ মডেম হয়, তেন্তে ব্ৰডবেণ্ড সংযোগৰ ক্ষেত্ৰত পৰিশ্ৰাৱক সক্ৰিয় হৈ থকাতো নিশ্চিত কৰক। ইয়াৰ ফলত প্ৰেৰণৰ সময়ত  সৃষ্টি হোৱা অনাৱশ্যকীয় শব্দসমূহ পৰিশ্ৰুত কৰিব পৰা যাব।

অনুস্থাপিত প্ৰশাসক সলনি কৰক (ব্যৱহাৰকাৰীৰ নাম আৰু গুপ্ত শব্দ)

সামগ্ৰীবিধৰ কেৱল কৰ্তৃত্বশীল প্ৰৱেশৰ ক্ষেত্ৰত অনুস্থাপিত প্ৰশাসক বা ব্ৰডবেণ্ড ৰাউতাৰ মডেমৰ প্ৰশাসকৰ গুপ্ত শব্দ সলনি কৰক। কিয়নো এই বিৱৰণসমূহ নিৰ্মাণকাৰীয়ে সকলো মডেমত একে ধৰণেই দিয়ে আৰু সেইবাবেই যিকোনো লোকেই ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে।

সঁজুলিটোক স্থায়ী আই.পি এড্ৰেছ প্ৰদান কৰক

অধিকাংশ ঘৰুৱা ব্যৱহাৰকাৰীক গতিশীল আইপি এড্ৰেছ আবন্তন দিয়া হয়, কিয়নো ডি.এইছ.চি.পি প্ৰযুক্তি স্থাপন কৰিবলৈ সহজ। ইয়াৰ বাবেই আক্ৰমণকাৰীয়ে সহজেই ডি.এইছ.চি.পি পুলৰ পৰা বৈধ ঠিকনা লাভ কৰাত সহায়ক হৈ পৰে। সেইবাবেই ডি.এইছ.চি.পি বিকল্প ৰাউতাৰত বা প্ৰৱেশ বিন্দু বন্ধ কৰিব লাগে আৰু একক আই.পি এড্ৰেছ ব্যৱহাৰ কৰিব লাগে।

এম.এ.চি এড্ৰেছ পৰিশ্ৰাৱক সক্ৰিয় কৰক

সকলো সঁজুলিৰ লগতে এটা একক এম.এ.চি এড্ৰেছ প্ৰদান কৰা হয়। ব্ৰডবেণ্ড প্ৰৱেশ বিন্দু আৰু ৰাউতাৰত ব্যৱহাৰকাৰীলৈ ঘৰুৱা সঁজুলিৰ সৈতে এম.এ.চি এড্ৰেছৰ প্ৰৱেশ একেলগ কৰিব পৰাৰ বিকল্প প্ৰদান কৰা থাকে। ই কেৱল সেইবোৰ সঁজুলিৰ লগত সংযোগৰহে অনুমতি প্ৰদান কৰে।

অনাতাঁৰ নিৰাপত্তা সক্ৰিয় কৰক

মডেম ৰাউতাৰসমূহে অনাতাঁৰ সুৰক্ষা সমৰ্থন কৰে। ব্যৱহাৰকাৰীয়ে যিকোনো এটা প্ৰট’কল আৰু সুৰক্ষা ছাবি নিৰ্বাচন কৰিব পাৰে। সেই একেই অনাতাঁৰ সুৰক্ষা প্ৰট’কল আৰু সুৰক্ষা ছাবি কম্পিউটাৰতো সক্ৰিয় কৰিব লাগে।

ডব্লিউ.পি.এ/ডব্লিউ.ই.পি এনক্ৰিপছন সক্ৰিয় কৰক

সকলো ৱাই-ফাই সক্ষম মডেম/ৰাউতাৰে কিছুমান ধৰণৰ এনক্ৰিপছন প্ৰযুক্তি সমৰ্থন কৰে। এইসমূহ সক্ৰিয় কৰিব লাগে।

অনুস্থাপিত এছ.এছ.আই.ডি (চাৰ্ভিছ চেট আইডেন্টিফায়াৰ) সলনি কৰক

সকলো প্ৰৱেশ বিন্দু আৰু ৰাউতাৰে এটা নেটৱৰ্ক নাম ব্যৱহাৰ কৰে। এইটোক এছ,এছ,আই,ডি বোলা হয়। নিৰ্মাতাকাৰীয়ে সাধাৰণতে তেওঁলোকৰ সামগ্ৰীত একেধৰণৰ এছ.এছ.আই.ডি প্ৰদান কৰি থয়।   আক্ৰমণকাৰীয়ে এই এছ.এছ.আই.ডি  ৰ অপব্যৱহাৰ কৰি নেটৱৰ্ক/কম্পিউটাৰত প্ৰৱেশ কৰিব পাৰে। সেয়েহে  অনাতাঁৰ সুৰক্ষাৰ বিন্যাস কৰোতে অনুস্থাপিত এছ.এছ.আই.ডি সলনি কৰাতো প্ৰয়োজনীয়।

উৎস: সুৰক্ষাৰ সজাগতা, চি-ডেক, হাইদৰাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate