ৱাৰলেছ ফাইদেলিটিকে সংক্ষেপতে ৱাই-ফাই বোলা হয়। ৱাই-ফাই বুলিলে অনাতাঁৰ যোগাযোগ প্ৰযুক্তিক বুজোৱা হয়। যাৰ জৰিয়তে কম্পিউটাৰ আৰু আন আহিলাৰ মাজত অনাতাঁৰ সংকেতযোগে যোগাযোগ স্থাপন কৰিব পৰা যায়।
বহুবোৰ মোবাইল আহিলা, ভিডিঅ’ গেম আৰু আন আহিলাসমূহতো ৱাই-ফাই সক্ষমতা সন্নিৱিষ্ট কৰা থাকে আৰু এইসমূহ সক্ৰিয় কৰি অনাতাঁৰ নেটৱৰ্কত সংযোগ ঘটাব পৰা যায়। এই আহিলাসমূহৰ ৱাই-ফাই ব্যৱহাৰ কৰি ইন্টাৰনেট সংযোগো কৰিব পৰা যাব পাৰে।
যেতিয়া এটা কম্পিউটাৰৰ লগত মোবাইল ফোনটো সংযোগ কৰা হয়, তেতিয়া ইয়াক ইউ.এছ.বি সঞ্চয় আহিলা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। কম্পিউটাৰত সংযোগ কৰিব পৰাকৈ মোবাইল ফোনৰ লগত এডাল ইউ.এছ.বি তাঁৰ যোগান ধৰা হয়। আপোনাৰ মোবাইল ফোন আৰু মেম’ৰি কাৰ্ডলৈ ইউ.এছ.বি আহিলা হিচাপে প্ৰৱেশাধিকাৰ পাব।
মোবাইলৰ এপ্লিকেছন আৰু পৰিচালন পদ্ধতিত হোৱা আক্ৰমণৰ বিৰুদ্ধে প্ৰশমন
স্থান অনুসৰণ কৰা সেৱাৰ যোগেৰে পঞ্জীকৃত মোবাইল ফোনৰ গতিবিধি পৰ্য্যবেক্ষণ কৰিব পাৰিব। যদিও ইয়াক ন্যায়সংগতভাৱে ব্যৱহাৰ কৰিব পৰা যায়, ইয়াক পিছে বিদ্বেষপূৰ্ণ কামতো ব্যৱহাৰ কৰিব পৰা যায়।
কোনো সামগ্ৰীয়ে ডাউনলোড কৰাৰ পূৰ্বে ইয়াৰ উত্সসমূহ যে নিৰাপদ সেইটো পৰীক্ষা কৰি চাই লওঁক।
মোবাইল ফোন দিনক দিনে অতি জনপ্ৰিয় হৈ পৰিছে আৰু দ্ৰুতভাৱে বিদ্বেষপূৰ্ণ আক্ৰমণৰ আকৰ্ষণীয় লক্ষ্য হৈ পৰিছে। মোবাইল ফোনেও পৰম্পৰাগত কম্পিউটাৰৰ দৰে নিৰাপত্তাৰ প্ৰত্যাহবানৰ সন্মুখীন হৈছে। কিন্তু ই চলমান হোৱাৰ বাবে এক স্থায়ী স্থানত থকা কম্পিউটাৰতকৈ ইয়াৰ বিপদসমূহ পৃথক। ৱৰ্ম, ট্ৰজান হৰ্চ বা আন ভাইৰাছৰ পৰিয়াল আদিৰ দ্বাৰা মোবাইল ফোন সংক্ৰমিত হ’ব পাৰে, যিয়ে আপোনাৰ নিৰাপত্তা আৰু গোপণীয়তা নোহোৱা কৰাৰ লগতে আপোনাৰ সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰে। এই প্ৰদৰ্শক পুথিত আপোনাৰ মোবাইল ফোনৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ, কৰিবলগা, নকৰিবলগা আৰু কিটিপ কিছু আগবঢ়োৱা হ’ল
মোবাইল ফোন ব্যৱহাৰৰ পূৰ্বে ল’বলগীয়া কেইটামান পদক্ষেপ:
পদক্ষেপ ১:নিৰ্মাণকাৰীৰ হাতপুথিখন সতৰ্কতাৰে পঢ়ক আৰু আপোনাৰ মোবাইলটো
পদক্ষেপ ২: যদিহে আপোনাৰ মোবাইলটো হেৰাই, তেন্তে মোবাইলটো অনুসৰণ
অধিক তথ্যৰ বাবে নিৰ্মাণকাৰীৰ হাতপুথি চাওঁক
মোবাইল ফোনৰ সুৰক্ষাৰ প্ৰতি থকা আশংকাৰ শ্ৰেণীসমূহ
অকৰ্তৃত্বশীল বা ইচ্ছাকৃতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰা আৰু হেৰুওঁৱা বা মোবাইল ফোন চুৰি হোৱাৰ আশংকা।
অচিনাকী যন্ত্ৰ, ফোন আৰু ব্লুটুথ, ৱাই-ফাই, ইউ.এছ.বি আদিৰ দৰে নেটৱৰ্কৰ লগত মোবাইল ফোনৰ সংযোগ সম্পৰ্কীয় আশংকাসমূহ
মোবাইল এপ্লিকেছন আৰু অপাৰেটিঙ চিষ্টেমৰ দূৰ্বলতাৰ বাবে আশংকাসমূহ।
মোবাইল আহিলা আৰু তথ্য সুৰক্ষাৰ আশংকাৰ বিৰুদ্ধে প্ৰশমন
মোবাইল আহিলাৰ বাবে কৰিবলগা আৰু নকৰিবলগা
কৰিব
আই.এম.ই.আই নম্বৰ নথিভুক্ত কৰি থওঁক
¨ ১৫ টা সংখ্যাৰ একক আই.এম.ই.আই নম্বৰটো নথিবদ্ধ কৰি থওঁক। যদিহে মোবাইল ফোনটো চুৰ হয় বা
হেৰাই তেন্তে আৰক্ষী থানাত অভিযোগ পঞ্জীয়ণ কৰিবলৈ এই নম্বৰটোৰ প্ৰয়োজন হ’ব আৰু আপোনাৰ
মোবাইলটো অনুসৰণ কৰি বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সেৱা প্ৰদানকাৰীসকলৰ বাবে সহায়ক হ’ব পাৰে।
আহিলাটো বন্ধ কৰি থোৱা ব্যৱস্থা সক্ৰিয় কৰক:
¨ আপোনা-আপুনি ফোনটো বা কীপেড বন্ধ হৈ যোৱাতো আৰু খুলিবলৈ গুপ্তশব্দৰ প্ৰয়োজন হোৱা ব্যৱস্থাটো
সক্ৰিয় কৰি থ’লে আপোনাৰ ফোনলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত সুৰক্ষাজনিত ব্যৱস্থা সক্ৰিয় কৰা হয়।
এছ.আই.এম (চিম) বন্ধ কৰিবলৈ পি.আই.এন ব্যৱহাৰ কৰক:
¨ এছ.আই.এম (ছাবচক্ৰাইবাৰ আইডেন্টিটি মডিউল)কাৰ্ডৰ বাবে পি.আই.এন (পাৰ্চোনেল
আইডেন্টিফিকেছন নাম্বাৰ)ব্যৱহাৰ কৰিলে চুৰি হোৱা ফোনটো ব্যৱহাৰ কৰাত বাধাৰ সৃষ্টি কৰে। এই সুৰক্ষা
সক্ৰিয় কৰাৰ পিছত প্ৰতিবাৰ ফোনটো আৰম্ভ কৰাৰ সময়ত এছ.আই.এম ৰ পি.আই.এন প্ৰদান কৰিবলগা হ’ব।
¨ মেম’ৰি কাৰ্ডত থকা তথ্যসমূহ সুৰক্ষিত কৰিবলৈ গুপ্তশব্দ ব্যৱহাৰ কৰক।
সামগ্ৰীটো হেৰুৱা আৰু চুৰি হোৱাৰ খবৰ জনাওঁক:
¨ সামগ্ৰী চুৰি বা হেৰুৱাৰ লগে লগেই ওচৰৰ আৰক্ষী থানা আৰু সংশ্লিষ্ট সেৱা প্ৰদানকাৰীক জনাওঁক। মোবাইল অনুসৰণ বৈশিষ্ট্য ব্যৱহাৰ কৰক।
¨ মোবাইল ফোন অনুসৰণ কৰা বৈশিষ্ট্যতা ব্যৱহাৰ কৰিলে হেৰুৱা বা চুৰি হোৱা মোবাইল বিচাৰো ওলোৱাত সহায়ক হ’ব পাৰে। এনে ক্ষেত্ৰত প্ৰতিবাৰ মোবাইল ফোনটোত এছ.আই.এম কাৰ্ড ভৰোৱাৰ লগে লগে পূৰ্বতে আপোনাৰ পছন্দমতে দি থোৱা দুটা ফোন নম্বৰলৈ স্বয়ংক্ৰিয়ভাৱে বাৰ্তা প্ৰেৰণ হ’ব আৰু তাৰ যোগেদি আপুনি মোবাইল ফোনটো অনুসৰণ কৰিব পাৰিব।
নকৰিব:
তথ্য সুৰক্ষাৰ বাবে কৰিব আৰু নকৰিবলগাসমূহ
কৰিব
নিয়মীয়াকৈ তথ্যসমূহ আন ঠাইত জমা কৰক
¨ আপোনাৰ ফোনৰ তথ্যসমূহ নিয়মীয়াকৈ আন ঠাইত জমা কৰি থওঁক। আপুনি এখন পৃথক মেম’ৰি কাৰ্ডতো এই তথ্যসমূহ জমা কৰি থ’ব পাৰে। বিক্ৰেতাৰ নথিপত্ৰত থকা প্ৰক্ৰিয়া অনুসৰি আপুনি এই কাৰ্য্য কৰিব পাৰে।
কাৰখানাৰ অৱস্থালৈ পুনৰ স্থাপন
¨ যেতিয়া আপোনাৰ ফোনটো আন এজন ব্যক্তিক স্থায়ীভাৱে প্ৰদান কৰিব, তেতিয়া যাতে তাত থকা আপোনাৰ সকলো তথ্য নোহোৱা হয় সেইটো নিশ্চিত কৰিবলৈ কাৰখানাৰ অৱস্থালৈ পুনৰসংস্থাপন কৰিব লাগে।
মোবাইল সংযোগ সুৰক্ষাত আক্ৰমণৰ বিৰুদ্ধে উপশম
ব্লুটুথ:
ব্লুটুথ এটা অনাতাঁৰ প্ৰযুক্তি যিটোৱে বিভিন্ন আহিলাক এটাৰ লগত আনটোৰ সংযোগ ঘটায় আৰু ৰিং টোন বা ফটো আদি ধৰণৰ তথ্যসমূহ বিনিময় কৰিব পৰা যায়। সাধাৰণতে ব্লুটুথৰ যোগেৰে ৩০ ফুট দুৰত্বলৈ অনাতাঁৰ সংকেত প্ৰেৰণ কৰিব পৰা যায়।
কৰিব:
ব্লুটুথ অদৃশ্যমান ধৰণে ব্যৱহাৰ কৰিব লাগে যাতে ব্যৱহাৰ কৰি থকা অৱস্থাতো ইয়াক আনে দেখা নাপায়।
¨ আপোনাৰ মোবাইল ফোনৰ মডেলটো যাতে জানিব নোৱাৰে তাৰ বাবে আন নামলৈ সলনি কৰিব লাগে।
টোকা: অনুস্থাপিতভাৱে ব্লুটুথৰ নামটোত মোবাইল ফোনৰ মডেল নাম্বাৰটো দিয়া থাকে।
¨ আন আহিলাৰ লগত সংযোগ কৰোতে গুপ্তশব্দ ব্যৱহাৰ কৰিব লাগে। এনে গুপ্তশব্দ থকা আহিলাইহে আপোনাৰ কম্পিউটাৰৰ লগত সংযোগ ঘটাব পাৰে।
¨ যেতিয়া ব্লুটুথে সক্ৰিয়ভাৱে তথ্য সৰবৰাহ নকৰে তেতিয়া ইয়াক নিষ্ক্ৰিয় কৰি ৰাখিব লাগে।
¨ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে নিষ্ক্ৰিয় হোৱাকৈ ব্লুটুথ ব্যৱহাৰ কৰিব লাগে যাতে আনৰ বাবে ই অবিৰতভাৱে উপলব্ধ নহয়।
নকৰিব:
¨ ব্লুটুথৰ যোগেৰে অচিনাকী আহিলাৰ লগত কেতিয়াও সংযোগৰ অনুমতি নিদিব।
¨ অবিৰতভাৱে ব্লুটুথ খুলি নাৰাখিব।
¨ ব্লুটুথটো সদায় বিচাৰি পোৱা অৱস্থাত নাৰাখিব।
টোকা: যদিহে অনুস্থাপিতভাৱে সদায়ে খোলা, সদায়ে বিচাৰি পোৱা অৱস্থাত থাকে
তেন্তে আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিবলৈ সুবিধা ল’ব পাৰে।
উৎস: সুৰক্ষাৰ সজাগতা, চি-ডেক, হাইদৰাবাদ।
শেহতীয়া উন্নীতকৰণ: : 6/22/2020
খাদ্য সুৰক্ষা আৰু সুষম আহাৰ
পথ সুৰক্ষা সপ্তাহ
দুঃসাহসিকতা আৰু স্বদেশপ্ৰেমৰ অন্য এক নাম “ৰাষ্ট্ৰ...
পাৰিবাৰিক নির্যাতন আৰু মহিলাৰ আইনী সুৰক্ষা