অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিজিটেল ইণ্ডিয়া :

ডিজিটেল ইণ্ডিয়াৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰধান লক্ষ্য আছিল ভাৰতবাসীৰ মাজত থকা দৰিদ্ৰতা আৰু অজ্ঞানতা দূৰ কৰি এখন কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। স্বাধীন ভাৰতৰ চৰকাৰে এই দিশত আগুৱাবলৈ যত্ন কৰি আছে।

ডিজিটেল ইণ্ডিয়া হৈছে তেনে এটা আঁচনি। ২০১৫ চনৰ ১ জুলাইত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ডিজিটেল ইণ্ডিয়া নামৰ আঁচনিখন উদ্বোধন কৰিছিল। ইয়াৰ উদ্দেশ্য হ’ল অন লাইন ইনফ্ৰাষ্ট্ৰাকচাৰৰ উন্নতি সাধি সাধাৰণ মানুহক চৰকাৰী সেৱা লাভৰ নিশ্চয়তা প্ৰদান কৰা, ইন্টাৰনেটৰ সংযোগশীলতা বৃদ্ধি কৰি ৰাইজৰ মাজত ইলেক্ট্ৰনিক সাক্ষৰতা বঢ়োৱা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক ডিজিটেল সশক্ত কৰি তোলা।

এই উদ্দেশ্য সাধিবলৈ ডিজিটেল ইণ্ডিয়া উপক্ৰমে তিনিটা ভাগত বিভক্ত হৈ তিনিটা কাম কৰে। যেনে- ডিজিটেল আন্তঃগাঁথনিৰ বিকাশ নিশ্চিত কৰা, চৰকাৰী সেৱাসমূহ ডিজিটেলী ৰাইজক যোগান ধৰা আৰু ডিজিটেক সাক্ষৰতা সাৰ্বজনীন কৰা।

ডিজিটেল ইণ্ডিয়াৰ বাস্তৱায়নৰ বাবে চৰকাৰৰ বিভিন আঁচনি যেনে-

*ভাৰত নেট,

*মেক ইন ইণ্ডিয়া,

*ষ্টাৰ্ট আপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়া,

*ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ,

*ভাৰতমালা,

*সাগৰমালা,

*ডেডিকেটেড ফ্ৰেইট আৰু

*উড়ান-আৰ চি এছৰ লাভ ত্বৰান্বিত হৈ আছে।

এই আঁচনিৰ ৰূপায়ণ কৰিবলৈ দায়িত্ব দিয়া হৈছে ভাৰত ব্ৰেডবেণ্ড ইণ্ডিয়া লিমিটেড নামৰ চৰকাৰী প্ৰতিষ্ঠানক। চমুকৈ বিবিএনএল নামেৰে জনাজাত এই প্ৰতিষ্ঠানটোৱে ২০১৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ৬২৫,০০০ খন গাঁৱত ভাৰত নেটৰ অধীনত উন্নত ইন্টাৰনেট সেৱাৰ সংযোগ স্থাপন কৰিব।

ডিজিটেল ইণ্ডিয়া আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে নবিধ লাভ ৰাইজৰ হাতত দিবলৈ মন কৰিছে। সেই নবিধ লাভ হ’ল-

ক)ব্ৰডবেণ্ড হাইৱে’ বা বৃহৎ পৰিসৰযুক্ত বেতাৰ তৰংগ গমন-আগমনৰ পথ।

খ)ইউনিভাৰ্চেল এক্সেচ টুই মবাইল কনেক্টিভিটীক ভ্ৰাম্যভাষ টেলিফোনৰ সংযোগ ব্যৱস্থা সকলোৰে বাবে উপলব্ধ কৰা।

গ)পাব্লিক ইন্টানেট এক্সেচ প্ৰগাম বা জনসাধাৰণৰ বাবে সহজে ঢুকি পোৱা ইন্টাৰনেট সেৱাৰ ব্যৱস্থা।

ঘ)চৰকাৰী কাম-কাজৰ প্ৰযুক্তিৰ মাৰফৎ সংস্কাৰ কৰিবলৈ ই-গভৰ্নেন্সৰ ব্যৱস্থা।

ঙ)ইলেক্টনিক উপায়ৰ দ্বাৰা ৰাজ্যিক সেৱা প্ৰদান কৰিবলৈ ই-ক্ৰান্তিৰ ব্যৱস্থা।

চ)সকলোৰে বাবে তথ্যৰ উপলব্ধতা।

ছ)ইলেক্ট্ৰনিক সা-সুঁবিধা-কল-কব্জাৰ নিৰ্মাণ।

জ)অধিকাধিক চাকৰি সৃষ্টি কৰিবলৈ তথ্য-প্ৰযুক্তি বা ইনফৰ্মেচন টেকন’লজীৰ প্ৰয়োগ।

ঝ)আগতীয়া ফচল সংগ্ৰহ বা শস্য কাটি অনাৰ উপক্ৰম, ইজি হাৰ্ভেষ্টিং প্ৰগ্ৰেম।

উন্নত দেশবিলাকে যি পদ্ধতিৰে নিজৰ আৰু অধিবাসী ৰাইজৰ বিকাশ সংঘটিত কৰিছে সেই পদ্ধতি হুবহু একে ৰূপত আমাৰ দেশত প্ৰয়োগ কৰিব নোৱাৰি। কিয়নো আমাৰ দেশক অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ আইন দেশতকৈ বেলেগ। আমাৰ দেশত স্থিতাৱস্থাৰ দ্বাৰা দৰিদ্ৰতা নিবাৰণ আৰু আৰ্থিক চাহিদা বৃদ্ধি কৰি দেশৰ আৰ্থিক সমৃদ্ধি বঢ়োৱাৰ কথা ভবা হৈছে। সেই দেখি আৰ্থিকভাৱে অনগ্ৰসৰসকলৰ ৰাজ-সাহায্য আৰু আভ্যন্তৰীণ চাহিদা সৃষ্টিৰ বাবে চৰকাৰে উৎসাহ-উদগনি দিয়ে। কিন্তু বিতৰণ প্ৰণালী আৰু প্ৰশাসনিক দুৰ্বলতাৰ কাৰণে এই উৎসা-উদগনি হিতাধিকাৰীসকলে শতকৰা এশ ভাগ পাব নোৱাৰে। সেয়েহে ক’লা ধন নিৰ্মূল কৰিবলৈ মধ্যভোগীৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ চৰকাৰে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ ব্যৱস্থা কৰিছে। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ সফল হ’বলৈ হ’লে ইনফ’ৰমেচন টেকন’ল’জী এনেবুল ছাৰ্ভিচ দক্ষ আৰু অনায়াসে পোৱা বিধৰ হ’ব লাগে। ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভে ইনিফাইদ পেইমেন্ট ইন্টাৰফেচ বা ইউ পি আই, আনষ্টাৰকচাৰ্ড চাপ্লিমেন্টৰী ছাৰ্ভিচ ডেট বা ইউ এছ এছ ডি, ভীম আদি এপসেৱা বা এপ্লিকেচন ছাৰ্ভিচৰ জৰিয়তে সাধাৰণ ৰাইজক অধিক বল দিবলৈ বা এমপাৱাৰ কৰিবলৈ সহায় কৰিছে। এই সহায়ৰ ৰেহ-ৰূপ জানিবলৈ আমি কথাখিনি জানিব লাগিব।

২০১৬ চনৰ নৱেম্বৰ মাহত বিমুদ্ৰাকৰণৰ কাৰ্যসূচীৰ পিছত পুনঃমুদ্ৰাকৰণ আৰু নগদ ধনৰ লেন-দেন যিমান পাৰি সিমান হ্ৰাস কৰিবলৈ যত্ন কৰা হৈছে। নগদ ধনৰ লেন-দেনৰ পৰিৱৰ্তে বেংক যোগে লেন-দেন নিয়াৰিকৈ আৰু তড়িৎ গতিত কৰিবলৈ হ’লে ইন্টাৰনেট বা কম্পিউটাৰ আধাৰিত যোগাযোগ ব্যৱস্থা কাষ্ট’মাৰ ফ্ৰেণ্ডলী বা ইউজাৰ ফ্ৰেণ্ডলী অৰ্থাৎ ব্যৱহাৰকাৰীৰ বাবে সহজ হ’ব লাগিব। তাদৰ্থে প্ৰয়োগ অন্য এটা ইলেক্টনিক প্ৰণালী হ’ল ইউ পি আই।

ইউ পি আইৰ মানে হ’ল ইনিয়াইড পেইমেন্ট ইন্টাৰফেচ এইটো এটা ইন্টাৰনেট আধাৰিত প্ৰণালী। ইয়াৰ দ্বাৰা অংশীদাৰিত্ব গ্ৰহণ কৰা যিকোনো বেংকৰ কেবাটাও একাউন্টৰ মাধ্যমেৰে পুঁজিৰ লেন-দেন, আদান-প্ৰদান আৰু সদাগৰী দেনা পৰিশোধ কৰিব পাৰি। প্ৰত্যেক বেংকে নিজৰ ইউ পি আই এন্দ্ৰেয়ড, উইণ্ডজ আৰু আই অ’ এছ ম’বাইল ফোনত থকা এপত ব্যৱহাৰ কৰিব পৰাকৈ তৈয়াৰ কৰাই লয়। ইয়াৰ দ্বাৰা ম’বাইল ফোন যোগে ধনৰ লেন-দেন থিতাতে নিজৰ সুবিধামতে কৰিব পাৰি।

ইউ পি আই বা অইন প্ৰণালীৰ বাবে ম’বাইলত ফোন ব্যৱহাৰ কৰিব পৰা প্ৰণালী বা প্ৰয়োগ হ’ল ইউ এছ এছ ডি বা আনষ্টাৰকচাৰ্ড চাপ্লিমেন্টেৰী ছাৰ্ভিছ ডেট। এইটো এটা গ্ল’বেল ছিষ্টেল ফৰ ম’বাইল কমিউনিকেচন প্ৰযুক্তি। এই প্ৰণালীৰ দ্বাৰা ম’বাইল ফোন যোগে ধনৰ লেন-দেন , পুঁজিৰ হস্তান্তৰণ আদি সহজে কৰিব পাৰি। আজিকালি প্ৰিপেইড, ৰোমিং বা মোবাইলব চাটিঙৰ বাবে ইউ এছ এছ ডি বেছিকৈ ব্যৱহাৰ কৰা হয়।

ডিজিটেল ইণ্ডিয়া জনপ্ৰিয় কৰাত ভীম এপৰ বৰঙণি আছে। এইটো এটা স্বদেশী ম’বাইল এপ্ৰিকেট, ইয়াক নেচনেল পেমেন্ট কৰ্পোৰেচন অব ইণ্ডিয়াৰ মাজত ইলেক্ট্ৰনিক সূচনাৰ দ্বাৰা থিতাতেই ধনৰ লেন-দেন কৰিব পাৰি। ২০১৬ চনৰ ৩০ ডিচেম্বৰত প্ৰধান মন্ত্ৰী ড° ভীমৰাও আম্বেদকাৰৰ স্মৃতিত এই ম’বাইল এপ্লিকেচনটো ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিছিল। ইয়াৰ দ্বাৰা ই-পেইমেন্ট সুলভ আৰু সহজ হৈছে।

এনেকৈয়ে ডিজিটেল ইণ্ডিয়া নামৰ উপক্ৰমটোৱে আমাৰ দেশৰ অৰ্থনীতি অধিক নিকা আৰু আৰ্থিক সমৃদ্ধি লাভৰ পথ মসৃণ কৰিবলৈ যত্ন কৰিছে। সামাজিক ন্যায় আৰু গণতান্ত্ৰিক মূল্যবোধ অটুট ৰাখি একেবাৰে শেষত থকা দৰিদ্ৰতম ভাৰতীয়জনক আৰ্থিকভাৱে সবল কৰাৰ প্ৰয়াসবিলাকৰ এটা হ’ল ডিজিটেল ইণ্ডিয়া।

লেখক: ড° গৌৰাংগ কুমাৰ শৰ্মা(ৰাইজৰ বাতৰি)

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top