অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নেট নিউট্ৰেলিটি

নেট নিউট্ৰেলিটি

নেট নিউট্ৰেলিটি শব্দটো এটা নতুন শব্দ। শব্দটোৰ অৰ্থও কিছু জটিল। অতি সৰলভাৱে ইয়াৰ সংজ্ঞা দিয়াটো অসম্ভৱপ্ৰায়। ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰে আমাক ইন্টাৰনেট সেৱা উপলব্ধ কৰায়। এটা নিৰ্দিষ্ট টেৰিফ বা প্লেনৰ অধীনত আমি ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰো। সেই টেৰিফ ব্যৱহাৰৰ ক্ষেত্ৰত আমি স্বাধীন। প্লেন বা পেকটোত নিৰ্ধাৰিত দাটা আমি আমাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰো। অৰ্থাৎ আমি কি চাইট কিমান সময় ব্যবহাৰ কৰো সেইটো আমাৰ ইচ্ছাধীন। এতিয়া এটা পৰিস্থিতি কল্পনা কৰি লওক। আপুনি এটা নিৰ্দিষ্ট দাটাপেক ব্যৱহাৰ কৰে। ধৰক তাত কিছুমান চৰ্ত নিৰ্ধাৰণ কৰা থাকিব, য’ত কোনটো চাইট, কিমান সময়, কোনটো শ্লেপত, কি ৰেটত ব্যৱহাৰ কৰিব সেইটো চাৰ্ভিচ প্ৰভাইদাৰে আপোনাক নিৰ্ধাৰণ কৰি দিব। অৰ্থাৎ ইন্টেৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত কোনটো চাইট কিমান ৰেটত, কিমান স্পীডত চলিব, কোনটো চাইট কি ৰেটত কিমান সময় উপলব্ধ হ’ব সেইটো চাৰ্ভিচ প্ৰভাইদাৰে নিৰ্ধাৰণ কৰিব।

সহজভাৱে ক’বলৈ হলে নেট নিউট্ৰেলিটি ব্যাহত হ’লে

  • সকলো চাইট সমভাৱে ব্যৱহাৰ (equally accessible)ৰ স্বাধীনতা নাথাকিব।
  • ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদিং স্তৰতে চাইট অনুযায়ী, সময় অনুযায়ী স্পীড নিৰ্ধাৰিত কৰা হ’ব। (এতিয়াও টেৰিফ অনুযায়ী স্পীড নিৰ্ধাৰণ কৰা হয় যদিও সেইটো সকলো চাইটৰ বাবে একে থাকে।)
  • একেখিনি দাটাৰে ভিন ভিন চাইটৰ বাবে ভিন ভিন দাটাক’ষ্ট( data cost) হ’ব।

এটা উদাহৰণলৈ গৈছো। ধৰক অপুনি এটা গাড়ী ভাৰালৈ লৈছে তাত এফ এমত গান বাজি আছে। আপুনি গাড়ীৰ দ্ৰাইভাৰক আপোনাৰ মনপচণ্ডৰ এটা ৰেডিও ষ্টেচন বজাব কলে। এটা বা দুটা গান বজোৱাৰ পিছত দ্ৰাইভাৰে সেই ষ্টেচনটোৰ গান বজাব লাগিলে এক্সট্ৰা চাৰ্জ বিচাৰিলে আৰু চাৰ্জ নিদিলে নবজাও বুলি ক’লে। ইন্টাৰনেটৰ ক্ষেত্ৰতো নেট নিউট্ৰেলিটি ব্যাহত হ’লে এনেকুৱা অৱস্থা হোৱাৰ সম্ভৱনা আছে। এটা নিৰ্দিষ্ট নেটপেক বা টেৰিফত নিৰ্দিষ্ট সময় ব্যৱহাৰৰ পিছত ফ্ৰি চাইট ব্যৱহাৰ কৰিবলৈ এক্সট্ৰা চাৰ্জ ভৰিব লগা হ’ব পাৰে।

ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰৰ কাম সমস্পীডত সকলো চাইটত প্ৰৱেশৰ বাবে ইন্টাৰনেট গেটৱে উপলব্দ কৰোৱা। ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰে যদি সেৱা প্ৰদানৰ ক্ষেত্ৰ চৰ্তসাপেক্ষ স্পীড, ৰেট আদি নিৰ্ধাৰণ কৰিবলৈ লয় তেতিয়া বাস্তৱিক অৰ্থত ফ্ৰী চাইটৰ ধাৰণাটো লুপ্ত হৈ পৰিব।

নেট নিউট্ৰেলিটিৰ অৰ্থ, যদি ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে কোনো চাইটত প্ৰৱেশ কৰিব বিচাৰে (requests access to a website) তেতিয়া ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰৰ সেইটোত প্ৰৱেশৰ ক্ষেত্ৰত কোনো চৰ্ত আৰোপ কৰাৰ অধিকাৰ থাকিব নালাগে।

ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰৰ কোনো চাইটৰ ব্যৱহাৰৰ ক্ষেত্ৰত ইন্টাৰনেট স্পীড কম বেছি কৰাৰ অধিকাৰ থাকিব নালাগে।
ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰৰ কাম ব্যৱহাৰকাৰী আৰু চাইটৰ মাজত সংযোগ প্ৰদান। কোনো চাইটক বিশেষ সুবিধা দি ভিন্ন চাইটৰ বাবে ভিন্ন স্পীদৰ ব্যৱহাৰ কৰা মানে ইন্টাৰনেট ব্যৱহাৰকাৰীৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ।

শ্লো লেন ইন্টাৰনেট চাৰ্ভিচ সৃষ্টি কৰি এক্সট্ৰা চাৰ্জ নিদিয়া ইন্টাৰনেট ব্যৱহাৰকাৰীক শ্লো লেন ইন্টাৰনেট চাৰ্ভিচৰ জৰিয়তে হাৰাশাস্তি কৰা বা চাইট ব্লক কৰাৰ দৰে কাৰ্যই ইন্টাৰনেটৰ মুক্ত ব্যৱহাৰৰ ওপৰত হস্তক্ষেপ বাহিৰে আন একো নহয়।

ভাৰতবৰ্ষত ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰসকলে এতিয়াও নেট নিউট্ৰেলিটি মানি চলি আছে যদিও বহুকেইটা মুখ্য টেলিকম অপাৰেটিং কোম্পানীয়ে এনেকুৱা কিছুমান পলিছিৰ পৰিকল্পনা কৰি আছে যিবোৰে নেট নিউট্ৰেলিটি ব্যাহত কৰাৰ সম্ভৱনা আছে।

দ্বিজেন্দ্ৰ নাথ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate