অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইন্টাৰনেট আৰু স্মাৰ্টফোন স্মৃতি শক্তি হ্ৰাস পোৱাৰ কাৰণ!

ইন্টাৰনেট আৰু স্মাৰ্টফোন স্মৃতি শক্তি হ্ৰাস পোৱাৰ কাৰণ!

অতিৰিক্ত সময় স্মাৰ্টফোন আৰু ইন্টাৰনেট ব্যৱহাৰৰ ফলত বৰ্তমানে ব্যৱহাৰকাৰীৰ স্মৃতিশক্তি কমি অহাৰ কথা গৱেষণাত প্ৰকাশ পাইছে। বিভিন্ন ধৰণে কৰা গৱেষণাত ইয়াক “ডিজিটেল এমনেচিয়া” নামকৰণ কৰা হৈছে। এই ডিজিটেল এমনেচিয়া হৈছে বিভিন্ন ডিজিটেল আহিলাৰ ওপৰত অতিপাত নিৰ্ভৰশীলতাৰ বাবে মগজুৱে তথ্যসংগ্ৰহ নকৰাৰ সমস্যা দেখা দিয়ে। এন্টিভাইৰাছ নিৰ্মাতা প্ৰতিষ্ঠান কেছপাৰক্সি গৱেষণাগাৰৰ এক এলানি গৱেষণাত এই তথ্য পোহৰোলৈ আহিছে।

এই গৱেষণাত দেখা গৈছে যে বৰ্তমানে অধিকাংশ লোকেই বেছিভাগ কথাই মনত ৰাখিবলৈ চেষ্টা নকৰে আৰু কোনোবা তথ্যৰ প্ৰয়োজন হ’লেই ম’বাইল, স্মাৰ্ট ফোন অথবা ইন্টাৰনেটৰ চাৰ্চ ইঞ্জিনৰ ওপৰত নিৰ্ভৰশীল হয়। ইয়াৰ কাৰণ হিচাপে দেখা গৈছে যে যিহেতু বেছিভাগ তথ্যই এনে ডিজিটেল আহিলা বা চাৰ্চ ইঞ্জিনত উপলব্ধ আৰু সহজে বিচাৰি পোৱা যায়। সেয়েহে উক্ত তথ্য (ফোন নম্বৰৰ পৰা আৰম্ভ কৰি কোনো নিৰ্দিষ্ট ঠাইৰ ঠিকনা আদিকে ধৰি) মনত ৰখাৰ প্ৰয়োজন বোধ নকৰে। ফলত মগজুৰ স্মৃতি সংৰক্ষণৰ দক্ষতা ব্যৱহৃত নহয় লাহে লাহে অকাজী হৈ পৰে।

এই গৱেষকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক হাজাৰ ব্যক্তিৰ ওপৰত এক জৰীপ কৰাত দেখা গৈছিল যে ৯১.২ শতাংশ লোকেই মগজুত উপৰঞ্চি বোজা নিদি ইন্টাৰনেট বা আন ডিজিটেল আহিলাত সংৰক্ষিত তথ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

তেওঁলোকৰ ৫০ শতাংশ লোকেই ৰাতিপুৱা শুই উঠিয়েই তেওঁলোকৰ প্ৰধান কাম এনে ডিজিটেল আহিলাবিলাক আৰম্ভ কৰা বুলি গৱেষকসকলক জানিবলৈ দিয়ে। যিহেতু তেওঁ তেওঁৰ প্ৰয়োজনীয় তথ্য উক্ত আহিলাত উপলব্ধ গতিকে ইয়াৰ বাবে নিজৰ স্মৃতি শক্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজন বোধ বুলি জানিবলৈ দিছে।

উক্ত গৱেষণাতেই এই কথাও পোহৰলৈ আহিছে যে বহু লোকে তেওঁলোকৰ পৰিয়ালৰ সদস্য বা একান্ত বন্ধু তথা বিভিন্ন গুৰুত্বপূৰ্ণ ফোন নম্বৰো মনত পেলাবলৈ সক্ষম নহয়। আনহাতে, এনেদৰে অনলাইনত তথ্য সংৰক্ষণ বা ডিজিটেল আহিলাত তথ্য সংৰক্ষণৰ বিপদসমূহ অথবা তথ্য সুৰক্ষাৰ বিষয়ে ল’ব লগা ব্যৱস্থাসমূহৰ বিষয়েও অধিকাংশ লোকে সচেতন নহয় বুলিও গৱেষকসকলে জনাইছে। জৰীপ চলোৱা মাত্ৰ এক তৃতীয়াংশতকৈও কম সংখ্যক লোকেহে তেওঁলোকৰ ডিজিটেল আহিলা আৰু ইন্টাৰনেটত তথ্য সুৰক্ষাৰ ক্ষেত্ৰত সচেতন বুলি গৱেষণাত প্ৰকাশ পাইছে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate