অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লিথিয়াম বেটেৰী

লিথিয়াম বেটেৰী

আজি কিছু কথা লিথিয়াম(lithium) বেটেৰীৰ বিষয়ে জানো আহক।

লিথিয়াম হ’ল এবিধ বৰ স্পৰ্শকাতৰ ৰাসায়নিক পদাৰ্থ। ই অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে নিজে-নিজে জ্বলি উঠে। ইয়াক আজিকালি লেপটপ আৰু মবাইলৰ বেটেৰীবোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্ত্ত এই বেটেৰীবোৰ অতি ভয়ানক—কেতিয়াবা ইহঁত ফুঁটি গৈ আপোনাক ভয়ানক সমস্যাত পেলাব পাৰে। বিশ্বৰ বহু ঠাইত এনে ঘটনা ঘটিছে। গতিকে সদায় সাৱধান থাকিব।

লিথিয়ামেৰে বেটেৰীবোৰ এই বাবেই তৈয়াৰ কৰা হয়—কিয়নো ই আপোনাৰ মবাইল বা লেপটপটোক ভল্টেজৰ এটা high output দিব পাৰে—আনহাতে ইয়াৰ ওজনো যাতে পাতল হয়। কিন্ত্ত এনে কৰিবলৈ যাওঁতে কোষটোক সুৰক্ষা দিবলৈ এখন পাতল প্লাষ্টিকৰ আৱৰণ (outer cover) দিব লগা হয়। কিন্ত্ত এই অৱৰণখন অতি ঠুনুকা। গতিকে ই যদি কেনেবাকৈ ফালি লিথিয়াম খিনি অক্সিজেনৰ সংস্পৰ্শলৈ আহিব পাৰে, তেন্তে ই নিজে নিজে জ্বলি ফুঁটি উঠি আপোনাক মাৰাত্মক বিপদত পেলাব। আপুনি কোনো ঠাইত জুই জ্বলোৱাৰ সাধন ন’হলে পুৰণি মবাইলৰ বেটেৰী এটা সাৱধানেৰে চেলিয়াই কিবা শুকান ঘাঁহ বা খেৰৰ মাজত থৈ দিলেই নিজে নিজে সেইখিনি জ্বলি উঠিব। কিন্ত্ত বিশেষজ্ঞ নহলে এই কাম কৰি কিন্ত্ত পৰীক্ষা কৰিবলৈ নাযাব।

এতিয়া কওঁ আহক আপোনাৰ মোবাইল বা লেপটপৰ লিথিয়াম বেটেৰীটোৰ পৰা নিজকে কেনেকৈ সুৰক্ষা দিব-

  • কেতিয়াও সৰু ল’ৰা-ছোৱালীক মোবাইল বা মোবাইলৰ বেটেৰীটো লৈ খেলিবলৈ নিদিব। কিয়নো কিছুমান ল’ৰা-ছোৱালী বৰ জিজ্ঞাসু মনৰ থাকে। কেনেবাকৈ বেটেৰীটো ফালি ভিতৰত কি আছে বুলি চাওঁ বুলি যদি সিহঁতে ভাবে—তেনেহলে ই ফুঁটি সিহঁতৰ চকু-কনা পৰ্যন্ত কৰিব পাৰে—বা ঘৰো জ্বলাব পাৰে। (মই বহুত অজ্ঞানী মাক-বাপেকক নিচেই সৰু ল’ৰা-ছোৱালীক মোবাইল লৈ খেলিবলৈ দিয়া দেখিছো। কি জানি এই ভয়ানক ঘটনাৰ চিকাৰ আপোনাৰ সন্তানো হ’ব পাৰে। ঘৰৰ সৰু ডাঙৰ সকলোকে এই সাৱধানবাণী শুনাই থ’ব)
  • বেটেৰীটোক কোনো বেচি গৰম স্থানৰ সংস্পৰ্শলৈ আহিবলৈ নিদিব বা তেনে ঠাইত ন’থব। কম্বলেৰে মেৰিয়াই আপোনাৰ লেপটপটোক কেতিয়াও নাৰাখিব। আপোনাৰ চেলফোনটো গৰম পকেটৰ ভিতৰত কেতিয়াও ভৰাই ন’থব।
  • আপুনি যেতিয়া প্লেনত ভ্ৰমন কৰে তেতিয়া সদায় লেপটপ, চেলফোন এটা বেগত একেলগে হয়তো ভৰাই ল’য়। তাৰ পৰিবৰ্ত্তে অন্য উপায়ো নাই। কিন্ত্ত সেই কাম নকৰিব—এটা বেগতে সকলোবোৰ ইলেকট্ৰনিক আইটেম থ’ব লগা হ’লে বেগটোৰ এই বস্ত্তবোৰৰ মাজত কিবা উপায়েৰে ঠাই উলিয়াই ইহঁতৰ ইটোৰ লগত সিটোক কিছু আতঁৰাই থ’ব। বেগৰ মাজত আৱদ্ধ লিথিয়াম বেটেৰীত সাধাৰণতে জুই নালাগে—কিন্ত্ত কিবা দূৰ্ঘটনা হ’লে বেটেৰী ফাঁটি গৈ এক ভয়ানক অৱস্থাৰ সৃষ্টি কৰিব পাৰে।
  • কেতিয়াও বেটেৰীবিলাক over charging নকৰিব। চাৰ্জ দি কেতিয়াও ঘৰ এৰি থৈ নাযাব। কোনো প্ৰজ্বালক সামগ্ৰী, কাগজ, কাপোৰ আদিৰ ওচৰত থকা প্লাগ পইন্টটোত বেটেৰী চাৰ্জ নকৰিব। ভগৱানে নকৰক—চাৰ্জ দি পাহৰি ক’ৰবালৈ গৈ ঘূৰি আহি দেখিব যে---বেটেৰিও নাই, ঘৰো নাই—সকলো শেষ।
  • আজিকালি আধুনিক মোবাইল বা লেপটপবোৰত কিছুমান software থাকে—যাৰ বাবে বেটেৰী charge হোৱাৰ পিচত connection নিজে নিজে কাঁট খাই যায়---কি ভৰষা আছে যে কাঁট খাবই—কপাল বেয়া থাকিলে কাঁট নাখাবও পাৰে। এনে বহুত ঘটনা ঘটাৰ উদাহৰণ আছে। বেটেৰী বেয়াহৈ আহিলে তৎক্ষণাৎ তাক বদলাই পেলাওঁক—সস্তীয়া কোম্পানীৰ বেটেৰী লৈ বিপদ মাতি নানিব। গাড়ীৰ চাৰ্জাৰ ব্যৱস্থা বিলাক কিন্ত্ত বৰ ঠিক নহয়—ইহঁত over charging বাবে উস্তাদ ডিভাইছ। বাৰে বাৰে ইয়াত বেটেৰী চাৰ্জ কৰিলে বেটেৰী সোনকালে বেয়াটো হ’য়েই—লগতে over charging অৰ risk ও বঢ়াই তোলে। সেয়ে গাড়ীত দূৰণিলৈ গ’লে ল’ৰা-ছোৱালীক মোবাইলতো গেম খেলিবলৈ নিদি ঘৰতে চাৰ্জ দি নিয়া বেটেৰীটোৰ চাৰ্জখিনি অটুত ৰাখক। কিয়নো অতি আৱশ্যকীয় ফোন কৰিবৰ সময়ত দেখিব যে, আপোনাৰ মোবাইল চাৰ্জ নাই।

লিখক: ইমৰান হুছেইন

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate