মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / অকণি বীৰাংগনা কনকলতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অকণি বীৰাংগনা কনকলতা :

অকণি বীৰাংগনা কনকলতাৰ বিষয়ে লিখা হৈছে ।

এক

তেতিয়া যে দিনবোৰ কেনে বিলাই নোহোৱা আছিল। মন গ’লেইও মানুহবোৰে মুকলি মনেৰে এষাৰ মনৰ কথা ক’ব নোৱাৰিছিল। ক’লৈকো যাব নোৱাৰিছিল। ক’ত কেতিয়া কেনেকৈ হঠাতে কি হ’ব পাৰে তাৰ কোনো ঠিকনা নাছিল। কাৰণ, ভাৰত দেশ তেতিয়া পৰাধীন দেশ আছিল। ভাৰত দেশত ইংৰাজ শাসকে শাসন কৰিছিল। বিদেশী ইংৰাজ সকলে কঠোৰ শাসনেৰে মানুহবোৰক দমন কৰি ৰাখিছিল।

ভাৰত দেশৰ পূৱদিশত আছিল বৃহৎ অসম ৰাজ্য। মেঘালয়, অৰুণাচল, মিজোৰাম, নগাপৰ্ব্বত খাচীয়া জয়ন্তীয়াকে ধৰি বৰ অসম। বৰ অসমত অসমৰ ৰজা সকলে শাসন কৰিছিল। মানুহবোৰ সুখী আছিল। পিছে, এই অসমো এদিন ইংৰাজ শাসনৰ তললৈ যাব লগা হ’ল।

এদিন গোটেই ভাৰতৰ মানুহখিনি একগোট হ’ল। ১৯১৯ চনত অমৃতসৰ নামৰ ভাৰতৰ ঠাইখনিত এখন বৰ ডাঙৰ সভা বহিল। সভাখন কংগ্ৰেছ সভা আছিল। তাকে দেখি ইংৰাজ শাসকে দেশত ‘ৰাওলাট’ আইন প্ৰচলন কৰিলে।

এই আইনৰ উদ্দেশ্য আছিল দেশবাসীক নানা উপায়েৰে হাৰাশাস্তি কৰাব। তেতিয়া বাংলাদেশ পাকিস্তান সামৰি বৃহৎ ভাৰতবৰ্ষ দেশ। জাতিৰ পিতা মহাত্মা গান্ধী। তেওঁ দেশবাসীক ইংৰাজৰ কবলৰ পৰা ৰক্ষা মুক্ত কৰাৰ পণ ল’লে।

দুই

বৰ অসমৰ মাজ মজিয়াতে গহপুৰ নামৰ ঠাইখন। সেই ঠাইৰ বৰঙাবাৰী গাঁওখনত ১৯২৪ চনৰ ২২ ডিচেম্বৰৰ দিনা পিতাক কৃষ্ণকান্ত বৰুৱা আৰু মাতৃ কৰ্নেশ্বৰী বৰুৱাৰ কোলা শুৱনী কৰি সুলক্ষণৰ ছোৱালী এটি জনম পালে। ছোৱালীটিৰ ককাদেউতাক ঘনকান্ত বৰুৱাই প্ৰথম নাতিনীজনীৰ নাম চেহেহতে দিলে কনকা, কনকলতা মানে সোণৰ পাহি।

খুড়ীদেউৱেক দদাইদেউক মাক-পিতাককে ধৰি কণ মানিজনীৰ ঘৰত বহুত মানুহ। সকলোৰে তাই আলাসৰ লাডু। যেনে মূৰত থলে ওকনিয়ে খাব মাটিত থলে পৰুৱাই খাব। ককাদেউতাকে কোলাৰপৰা নমাবলৈ মন নকৰে।

লাহে লাহে কনকলতা ডাঙৰ হৈ আহিবলৈ ধৰিলে। দেখাই শুনাই তেনেই ৰূপহীজনী হৈ আহিল। ৰূপে গুণে মোহনীয়া কনকলতাৰ স্বভাৱটোও মোহ লগা হ’ল। আনবোৰ ল’ৰা-ছোৱালীৰ দৰে দৌৰি ঢাপলি, চিঞৰ-বাখৰ কৰি নুফুৰে। ধীৰ, শান্ত ডাঙৰ যি কয় তাকে শুনে।

কনকলতা আৰু ডাঙৰ হ’ল। স্বভাৱটোও গুণী হ’ল। অবাবত বহি নেথাকেই। ককাকৰপৰা ভাল ভাল সাধুকথা শুনে। নজনাটো খৰচি মাৰি জানিবলৈ বিচাৰে। আনকি সৰুসুৰা ঘৰৰ বন এখন দুখনো কৰে। খেলাধূলা কৰাতকৈ এইবোৰকে কৰি তাই ভাল পায়।

তিনি

পিতাকে কনকলতাক পঢ়াশালিত নাম লগাই দিলে। তাইৰ মনত যে ক’ত ৰঙ। কিতাপ পঢ়িবলৈ পাব, নজনা কথা জানিব। নিজে লিখিব পঢ়িব পৰিব। বৰ মনোযোগেৰে পঢ়াশালিত কনকলতাই পঢ়াবোৰ শুনে।

জিৰণিৰ সময়ত আন ছোৱালীবোৰে যেতিয়া খেল-ধেমালি কৰে তেতিয়া কনকলতাই একাষত বহি পাঠ আওৰায়, নহ’লে কিবাবোৰ ভাবি থাকে। তাকে দেখি শিক্ষয়িত্ৰী, শিক্ষকসকলে কোৱা-কুই কৰে- ‘ছোৱালীটি ডাঙৰ গুণৰ অধিকাৰী হ’বই’।

সেই সময়ত ছোৱালী পঢ়াশুনা কৰাটো বৰ সহজ কথা নাছিল। ছোৱালীক পঢ়াশালিলৈ যাবলৈ দিয়া দূৰৰে কথা ঘৰতো কিতাপ হাতেৰে চুব নোৱাৰে। সমাজ তিৰোতামানুহে পঢ়া-শুনা কৰিলে বেয়া কথা বুলিহে ভাবিছিল। কনকলতাই প্ৰাইমাৰী শিক্ষা শেষ কৰি আৰু পঢ়াশালিলৈ যোৱা নহ’ল। তেনেতে কনকলতাৰ মাকো বিয়োগ হোৱাত তাই বৰ দুখ পালে।

পিতাকে বিয়াপাতি কনকলতালৈ আৰু এজনী মাক আনি দিলে। নতুন মাকজনীয়ে কনকলতাক বৰ মৰম চেনেহ কৰিবলৈ লোৱাত তাইৰ বৰ ভাল লাগিলে।

নতুন মাকজনীয়ে কনকলতাক বৰ মৰম চেনেহ কৰিবলৈ লোৱাত তাইৰ বৰ ভাল লাগিল। নতুন মাকে তাইক ঘৰুৱা কামবন, বোৱাকটা শিকালে। চিলাই কৰা, আহাৰ ৰন্ধা কামো শিকালে। লাহি পাহি কনকলতা ওখ পাখ হ’বলৈ ধৰিলে।

কনকলতাৰ ভনী দিজলতা আৰু ভায়েক ৰজনী। দুয়োকে কনকলতাই সজ-কথাবোৰ সজ কামবোৰ শিকালে।

বৰ সৰুতেই কনকলতা কানে বন পটু হৈ উঠিল। তাঁতশালত এশ কাঠিৰ চানেকিৰে ফুল বাচিব পৰা হ’ল। তাঁতশাল উদং হৈ থাকিবলৈ নোপোৱা হয়। পিতাক, ককাদেউতাকহঁতলৈ চোলা কাপোৰ, মাক, ঘৰৰ মানুহলৈ মেখেলা-চাদৰ, তদুপৰি গামোচা চেলেং চাদৰতো আছেই।

ঘৰখনো আছিল বৰ সুৰুচিপূৰ্ণ। ভাল ভাল মানুহৰ আহ-যাহ। তেওঁলোকৰ লগত পিতাকহঁতে সমাজৰ কথা, পৰাধীন দেশৰ কথা, স্বাধীনতা সংগ্ৰামৰ কথা আলোচনা কৰে। এচুকত বহি কনকলতাই কথাবোৰ মনোযোগেৰে শুনি থাকে। কথাবোৰে তাইৰ অকণিৰ প্ৰণাত ভাৱৰ ঢৌ তোলে। দেশৰ কথা জানিবলৈ পাই তাইৰ আগ্ৰহ দুগুণে বাঢ়ে।

অসমৰ সৰহ মানুহখিনিয়ে লেখা পঢ়া নেজানিছিল। পঢ়াশালিও ক’ৰবাত দুই এখনহে আছিল। তাকো প্ৰাইমাৰী। যিসকল ধনীমানি শিক্ষিত লোক আছিল তেওঁলোক দুই এজনে ঘৰুৱা শিক্ষকৰ হতুৱাই অথবা ছোৱালীহঁতক পঢ়াশুনা শিকাইছিল।

ইংৰাজসকলে সৰ্বসাধাৰণ মানুহৰ আঁও ভাওঁ নোপোৱা স্বভাৱটোৰ সুযোগ লৈছিল। ভয়ভীত দেখুৱাই কাম অদায় কৰিছিল। দেশৰ কানি ভাং আদিৰ খেতি কৰোৱাই মানুহবোৰক সোৰোপা, কানিয়া আৰু দুৰ্ব্বল কৰি পেলোৱাৰ বুদ্ধি পাঙিছিল।

দেশৰ কিছুলোকে দেশৰ ৰসাতলে যোৱা ব্যৱস্থা চাব নোৱাৰি তাৰ উপায়ৰ কথা চিন্তা কৰিছিল।

চাৰি

১৯২১ চনত নাগপুৰত এখন বৰ ডাঙৰ সভা বহিছিল। তাত মহাত্মা গান্ধীয়ে বৰ দৰকাৰী কথাৰে ভাষণ দিছিল। তেওঁ আছিল এজনে অহিংসাৰ মহামানৱ। সেই সভাত ইংৰাজ শাসকৰ বিপক্ষে অহিংসা সংগ্ৰামত নামিবলৈ অৰ্থাৎ ইংৰাজৰ লগত অসহযোগ কৰিবলৈ দেশৰ মানুহবোৰক আহ্বান জনায়। যাতে অতীষ্ঠ হৈ ইংৰাজ আঁতৰি যায়।

ভাৰতবাসীয়ে ন্যায়ত থাকি নিজৰ স্বাধীনতা আদায় কৰিব লাগে। মহাত্মা গান্ধীৰ ভাষনে ভাৰতবাসীক সচেতন কৰিলে। সেই সচেতনতাই মানুহৰ মাজত আলোড়নৰ সৃষ্টি কৰিলে। ভাৰতবাসী জাকে জাকে দেশ ৰক্ষাৰ বাবে ওলাই আহিল।

সেই আলোড়নৰ সুঁতি অসমলৈ বৈ আহিল। ১৯২০ চনত কলিকতাত গঠন হোৱা জাতীয় কংগ্ৰেছৰ অসমৰ-

*তৰুণৰাম ফুকন,

*চন্দ্ৰভনু শৰ্মা,

*ফাইজুনু আলি আদি দেশভক্ত সকলে যোগ দিছিল।

তেওঁলোকে মহাত্মা গান্ধীক অসমৰ মানুহখিনিক অসহযোগ আন্দোলনৰ কথাবোৰ ভালকৈ বুজাই ক’বৰ কাৰণে আহিবলৈ অনুৰোধ কৰিলে। সেই অনুৰোধ ৰক্ষা কৰি মহাত্মা গান্ধী ১৯২১ চনৰ ১৮ আগষ্টত দহদিন মানৰ কাৰণে অসমলৈ আহিল।

অসমলৈ আহি জাতিৰপিতা মহাত্মা গান্ধীয়ে প্ৰাকৃতিক সৌন্দৰ্য্য ব্ৰহ্মপুত্ৰৰ ৰূপ, মাৰ্জিত সাজ-পোচাকৰ তিৰোতা মানুহবোৰ, তাঁতবোৱাত পাকৈত অসমৰ শিপীনি সকলৰ কাপোৰ দেখি তবধ মানিলে। অসমৰ বহু ঠাইত তেওঁ ভাষণ দিলে আৰু তাৰ প্ৰশংসা কৰিলে।

তেওঁৰ সভাত অগণন মানুহ গোট খালে। মানুহবোৰক তেওঁ সহজ সৰলকৈ পৰাধীনৰ কথা, ইংৰাজ খেদা অহিংসা পথৰ কথাবোৰ বুজাই ক’লে।

মহাত্মা গান্ধীৰ কথাই পুৰুষ-মহিলা সকলোৰে মন প্ৰাণ দেশপ্ৰেমেৰে ভৰাই তুলিলে। ১৯২১ চনৰ ৯ ডিচেম্বৰ দিনা গুৱাহাটীত থকা দেশপ্ৰাণ তৰুণৰাম ফুকনৰ ঘৰত ৬০ গৰাকীমান মহিলা গোটখাই সভা এখনো পাতিলে।

সভাখনত- মহিলাখিনিয়ে স্বেচ্ছাসেৱিকা হৈ হৈ দেশৰ কাম কৰিবলৈ শপত খালে আৰু চহীও কৰিলে। তেওঁলোকে ঠিক কৰিলে তেওঁলোক অসমৰ চুকে কোনে গৈ গাঁৱৰ মানুহখিনিকো দেশৰ কথা বুজাই ক’ব।

যেনে কথা তেনে কাম। মহিলাসকল দল বান্ধি গাঁওবোৰলৈ গ’ল। লেখাপঢ়া নজনা, দেশৰ কথা ভূ নজনা, পৰাধীনৰ কথা আওঁ ভাওঁ নোপোৱা মানুহখিনিক খৰচি মাৰি সকলো কৈ মহাত্মা গান্ধীৰ পবিত্ৰ উদ্দেশ্য সফল কৰিবলৈ উৎসাহ যোগালে।

তিৰোতা সকলক ঘৰৰ চাৰি বেৰৰপৰা ওলাই আহি চিৰদিনৰ বাবে দেশৰ দুখ মোচন কামত আগভাগ ল’বলৈ আহ্বান কৰিলে।

মহিলাসকলে ঘৰে ঘৰে গ’ল। মহাত্মা গান্ধীৰ কথা শিৰোগত কৰি মানুহবোৰক কানি ভাং খোৱাৰ পৰা আঁতৰি আহিবলৈ সকিয়ালে। মদ ভাঙৰ দোকান ভাঙি চুৰমাৰ কৰিলে।

বিদেশী কাপোৰ আনি জুই লগাই দিলে। ঘৰে ঘৰে যতঁৰত সূতাকাটি কাপোৰ ব’বলৈ দিহা দিলে। সূতাকটা সমূহীয়া শিবিৰ পাতি ল’লে। প্ৰচেচন কৰি কানিভাঙৰ বিপক্ষে শ্লোগান দিলে।

১৯২৫ চনত বগাঁৱত হোৱা সাহিত্যসভাত মহিলাসকলে তেওঁলোকৰ সংকল্প পূৰণ কৰাত বেছি সুযোগ পালে। কাৰণ সেই সভাত অসমৰ উদ্যোগী মহিলাসকল গোট খাইছিল।

১৯৩০ চনত সমগ্ৰ ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ হয়। তিৰোতাসকলে ইয়াত বেছিকৈ উৎসাহী হৈ কাম কৰিছিল। ফলত বহু মহিলা জেললৈও যাব লগা হৈছিল। এনে সংগ্ৰামত জেললৈ যোৱা অসমৰ প্ৰথম মহিলা আছিল নগাঁও জিলাৰ গুণেস্বৰী দেৱী আৰু মুক্তবালা বৈৰাগী। শিৱসাগৰ জিলাৰ কমলা বালা কাকতী, কমলয়া কাকতী আৰু ক্ষীৰদা চলিহা আছিল তাৰ পিছতে।

তাৰপিছত- হেমপ্ৰভা, মাখনী লতা আদি ভালেমান মহিয়সী নাৰীয়ে কাৰাবৰণ খাটি দেশপ্ৰেমৰ চিনাকি দিয়ে। তিৰোতাসকলে অকল আন্দোলনে নহয় দান বৰঙণি তুলি সংগ্ৰামৰ কামত সহায় কৰিছিল। নিজৰ আ-অলংকাৰ দান কৰিছিল।

পাঁচ

১৯৩০ চনৰ পৰা আন্দোলন অতি তীব্ৰ হৈ পৰে। কনকলতা তেতিয়া কণমানি। তথাপি দেউতাক, ওচৰ চুবুৰীয়াক বা আন্দোলন কৰা মানুহ দেখিলে তেওঁলোকৰ পৰা দেশতনো কি হৈছে জানিবলৈ বিচাৰে নিচান লৈ আন্দোলনৰ ধেমালি কৰে। যেন কণমানি কনকলতাৰ জীৱন আন্দোলনৰ সুঁতিত সাতুৰিবলৈহে শিকিছিল।

তেতিয়া সকলোৰে মুখে মুখে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত এই মহান ব্যক্তিজনৰ জাতি প্ৰেম দেখিলে আচৰিত হ’ব লাগে। এশটা গুণৰ অধিকাৰী এই জ্যোতিপ্ৰসাদে গীত লিখা, সুৰ দিয়া, নাটক লিখা, সঙ্গীত বাদ্য বজোৱা, দেশৰ বাবে মচহকী ঘৰত জনম লৈও দুখৰ জীৱন সাৱটি লোৱা আদি কাম বোৰ কৰি গৈছিল। তেওঁ লিখা গীতে সংগ্ৰাম কৰা মানুহখিনিক সাহস আৰু প্ৰেৰণা দিছিল। তেওঁ তেজপুৰত তামোলবাৰীত জন্ম লোৱা লোক আছিল।

দেশৰ বাবে তেওঁ বহু গীত লিখি লিখি মানুহবোৰক দিছিল। সেই গীত সেই সুৰে প্ৰতিজন অসমীয়াৰ প্ৰাণ দেশপ্ৰেমত ভৰাই তুলিছিল। কনকলতাই সৰুৰেপৰা এই গীতবোৰ শুনি আহিছিল।

এনেকৈয়ে স্বাধীনতাৰ আন্দোলনে সমগ্ৰ দেশত ঢৌ তুলিলে এইবোৰ দেখি শুনি কনকলতাৰ মনটোও তেনেই দেশপ্ৰেমত উথলি উঠিল। দেশক ভালপোৱাভাৱে দেশৰ বাবে কাম কৰা ভাৱে কনকলতাক জুমুৰি কৰিবলৈ ল’লে।

জাতি সংস্কৃতিৰ প্ৰতি থকা এইভাৱে ছোৱালীজনীক সাহসী কৰি তুলিলে। সভা-সমিতিবোৰলৈ কনকলতা যাবলৈ ল’লে। ভাষনবোৰো মনদি শুনে।

কনকলতা অলপ বুজন হ’ল। বুজন হৈয়তে গাঁওবাসীক পৰাধীন দেশৰ দুখৰ কথা বুজাবলৈ ল’লে। কনকলতাই গাঁওবাসীক ক’লে- “এইখন মোৰ দেশ। মোৰ প্ৰাণ। ইয়াৰ এটুকুৰা মাটিও পৰক নিদিও”। কনকলতাৰ এনে কথাত গহপুৰবাসীৰ মনত দেশপ্ৰেমে গোজপুতি ল’লে। কনকলতাৰ ভাষণত সকলো মোহিত হ’ল।

লাহে লাহে একতাই দেশখনকে বান্ধি পেলালে, ইজনৰ মনৰ কথাই সিজনক ছানি পেলালে। ক’ৰবাত কোনোবাই ইংৰাজ শাসকৰ বহি হ’লে গোটেই ভাৰত বৰ্ষই জাঙুল খাই উঠে। নহ’বনো কিয়? একেই দেশ, একেই জনতা একেই পৰাধীনতাৰ যাতনা।

জধেমধে ইংৰাজ শাসকে মানুহবোৰক মাৰপিট কৰি আন্দোলনত বাধা দিবলৈ ধৰিলে। বহুত পুৰুষ মহিলাক নি জেলতো ভৰালে। অসমত এশতকৈ বেছি তিৰোতা সকল জেলৰ ভাত খাব লগা হ’ল।

নগা পাহাৰৰ ৰাণী গাইডলু নামৰ সাহসী সংগ্ৰামী মহিলা গৰাকীক জেললৈ টানি আজুৰি লৈ গ’ল। তেওঁক ১৯৩৩ চনৰ পৰা ১৯৪৯ চনলৈ ১৬ বছৰ জেলত ভৰাই বহু থৈছিল। এনে অমূল্য ৰত্ন অসম জীয়ৰী সকলে অসমৰ নাম আৰু উজ্জ্বল কৰি তুলিছিল।

এনেবোৰ কথাই অসমৰ ল’ৰা-বুঢ়াসকলোৰে মন চুই গ’ল। জেলত অনাহাৰ, কষ্টত থকা সকলৰ বাবে মন কান্দি উঠিল। কনকলতাৰ প্ৰাণো দুখত ভাগি পৰিল। মনে মনে বিদেশী শাসকক এসেকা দিয়াৰ কথা নভবাকৈ নেথাকিল। এই বিষয়ে পিতাকৰ লগত তাই কথা পাতে।

পিতাকে কনকলতাৰ দেশপ্ৰেম দেখি মনতে গৌৰৱ বোধ কৰে। দেশত হৈ থকা অনেক কথা কনকলতাক কয়। সভা-সমিতিবোৰলৈ কনকলতা যাবলৈ ওলালে তেওঁ বাধা নিদিয়ে।

ছয়

১৯৪২ চনতো ভাৰতৰ ইতিহাসত এটা মনত ৰাখিবলগীয়া সোনালী আখৰেৰে লিখা চন। ১৯৪২ চনৰ ৮ আগষ্টৰ দিনা বোম্বাইত অখিল ভাৰতীয় কংগ্ৰেছ কমিতিৰ অধিবেশন বহিছিল। সেই অধিবেশনৰ সভাত মহাত্মা গান্ধীয়ে জনালে-

*ভাৰতবাসীয়ে নিজকে স্বাধীন বুলি মানিব লাগে ঐক্যভাৱে সকলো এক হৈ ইংৰাজক ‘ভাৰত ত্যাগ’ হুমকনি দিব লাগে দলেবলে প্ৰচেছন কৰিব লাগে,

*ইংৰাজৰ তলত চাকৰি কৰা সকলো চাকৰি এৰিব লাগে,

*ইংৰাজ শাসকে আদেশ দিলে অমান্য কৰিব লাগে,

*নিজৰ দেশত নিজৰ অধিকাৰ দাবী কৰিব লাগে ইত্যাদি। তেওঁ ঘোষণা কৰিলে ‘কৰেংগে অব মৰেংগে’।

‘কৰিম কিম্বা মৰিম’- এই কথাই অসমতো জুই লগালে। সকলো মানুহে ইংৰাজৰ বিৰুদ্ধে খলকনি লগাই দিলে। ‘ভাৰত ত্যাগ’ আন্দোলন চাৰিও দিশে বিয়পি পৰিল।

এক বিশাল গতিত ভাৰতত এই ‘ভাৰত ত্যাগ’ সংগ্ৰামলৈ হাজাৰ জনতা খদমদম লগাই ওলাই আহিল। এই কথাই ইংৰাজক বৰ ভয় খুৱালে, যাকে পাই বন্দী কৰিলে। যিসকল নেতাই এই সংগ্ৰামৰ গুৰি ধৰিলে তেওঁলোকক বন্দী কৰিবলৈ উঠিপৰি লাগিল।

১৯৪২ চনৰ ৯ আগষ্টত দিনা ৰেডিঅ’ত মহাত্মা গান্ধীকে ধৰি নেতা কিছুমানক ইংৰাজে বন্দী কৰাৰ বাতৰি ওলাল। এই বাতৰিয়ে যেন জনতাৰ জ্বলা জুইত ঘিঁউহে ঢালিলে। মানুহবোৰ খঙত টিঙিৰি তুলা হ’ল।

নানান কাৰ্য্যসূচী মানুহবোৰে হাতত ল’লে অসমো পিছ পৰি নেথাকিল। নেতাসকলৰ লগতে নেত্ৰীসকলো আগবাঢ়ি আহিল। দিহা পৰামৰ্শ কৰি দিলে। অসমৰ আগশাৰী নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া, পুষ্পলতা দাস, স্বৰস্বতী কমাৰনী, যশোদা কেওঁট আদি মহিলাসকলে তিৰোতাসকলৰ দায়িত্ব ল’লে। তেওঁলোকৰ ভিতৰত-

*নগাওঁ জিলাত গুনেশ্বৰী দেৱী,

*ভোগেশ্বৰী ফুকননী আইতা,

*দময়ন্তী বৰা আদি দেশকৰ্মী নেত্ৰীয়ে আগভাগ ল’লে।

লখিমপুৰত বুদ্ধেশ্বৰী হাজৰিকা আদি। সেইদৰে টিয়ক, গোলাঘাট কামৰূপৰ বজালী, বৰপেটা, গুৱাহাটীতো নেত্ৰীসকলে নিজৰ দায়িত্ব পালন কৰিলে, দৰং জিলাৰ ঢেকীয়াজুলি, কলাবাৰী বৰঙাবাৰী গহপুৰ বিহালী বিশ্বনাথ চতিয়া জামুগুৰি আদিত প্ৰধান নেত্ৰীৰ ভাৰ ল’লে পুষ্পলতা দাস নামৰ অগ্ৰনী দেশপ্ৰেমিকা গৰাকীয়ে। দেশৰ বাবে তেওঁ নিজৰ দুখ-কষ্টৰ অকণো চিন্তা কৰা নাছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সংগ্ৰামী দলক দুটা ভাগত ভাগ কৰিলে- ‘মৃত্যু বাহিনী’ আৰু ‘শান্তি বাহিনী’। ‘মৃত্যু বাহিনী’য়ে মৃত্যুক ভয় নকৰি যুঁজিব। ‘শান্তি বাহিনী’য়ে নিৰৱে দেশৰ কাম কৰি যাব। ‘মৃত্যু বাহিনী’ত ডেকা-গাভৰু সকলক ল’লে আৰু ‘শান্তি বাহিনী’ত বয়সিয়াল লোকসকলক ল’লে।

কনকলতাই ডাঙৰ বয়সিয়াল তিৰোতাসকলৰ লগত সংগ্ৰামৰ কামত ঘূৰি ফুৰে। প্ৰচেছন, কানি ভাং নিবাৰণী যঁতৰত সূতাকটা, বৰঙণি তোলা কামবোৰতো মহিলাদলৰ লগত যায়। সৰু হ’লেও কনকলতাৰ আগ্ৰহক কোনেও বাধা দিবলৈ ভাল নেপায়।

‘শান্তি বাহিনী’, ‘মৃত্যু বাহিনী’ৰ কথা কনকলতাৰ কাণত পৰিল। তাইৰ মন আনন্দেৰে নধৰা হ’ল। দেশৰ কাম কৰাৰ এই সুযোগ তাই এৰি দিব নিবিচাৰিলে। ‘মৃত্যু বাহিনী’ত নাম দিবলৈ কনকলতা ল’ৰি গ’ল।

মহিলা গোটৰ দায়িত্বত আছিল নেত্ৰী পুষ্পলতা দাস। কনকলতাই পুষ্পলতা দাসক গৈ মনৰ কথা ক’লে। পুষ্পলতা দাসে বিচুৰ্তি খালে। ‘এই এধানমানি ছোৱালীজনিয়ে কয় কি’- তেওঁ ভাবিলে হয়তো উৎসাহতে লৰি আহিছে।

তোৰ বছৰ হৈ গৈছেহে। মাকৰ আচল এৰিব হোৱাই নাই, সেয়েহে কনকলতাক ‘মৃত্যু বাহিনী’ত ল’ব নোৱাৰি বুলি ক’লে।

কনকলতাই তেওঁৰ এষাৰো কথা নেমানিলে। ‘মৃত্যু বাহিনী’ত নাম লিখাবলৈ আঁকোৰ গোজ হৈ থাকিল। দাস বাইদেৱে ক’লে- ‘ভন্টি, দেশৰ কামলৈ আগবাড়ি আহিছা, এয়ে ডাঙৰ কথা। সেইবুলি ‘মৃত্যু বাহিনী’ৰ দৰে ভয়ংকৰ সংগঠনটোত সোমাব নোৱাৰা। ‘মৃত্যু বাহিনী’ত মৃত্যুও হ’ব পাৰে। তোমাৰ এতিয়াই এনে কামত ভাগ ল’ব হোৱা নাই’।

পিছে কনকলতাই বুকু ফিন্দাই ক’লে- “মোৰ শিৰাই শিৰাই দেশত্মকবোধ। মই মোৰ দেশক প্ৰাণভৰি ভাল পাওঁ। দেশৰ বাবে মৃত্যু হ’লে মোৰ জীৱন সাৰ্থকহে হ’ব”। অকণি কনকলতাৰ মুখত যুক্তিপূৰ্ণ কথা শুনি দাস বাইদেউ হতবাক হ’ল।

কণমানি জনীৰ প্ৰাণত যে গভীৰ দেশৰ বাবে ভালপোৱা আছে তাক ভালদৰে উমান পালে। তেওঁ মনত ভাবিলে মৃত্যু বাহিনীত যোগ দি ছোৱালীটি মৃত্যু দুৱাৰলৈ আগবাঢ়িলেও নিশ্চয় পুলিচৰ গুলিয়ে তাইক চুবলৈ নাহে।

এধানমানিটিক মৃত্যুৰ মুখলৈ পঠিয়াবলৈ কাৰো মন নেযাব। বহু ভাবিগুনি পুষ্পলতা দাসে ‘মৃত্যু বাহিনী’ত কনকলতাক সুমুৱাই ল’লে।

স্বাধীন ভাৰত এখনৰ আশা কৰি দলে দলে অহা যুৱক যুৱতীৰ দলত কনকলতাৰ নামো চামিল হ’ল।

জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস, পুষ্পলতা দাস আদি দেশনেতাসকলৰ আলোচনা বহিল। আলোচনাত ঠিক হ’ল ২০ চেপ্তেম্বৰৰ দিনা দৰঙ জিলাৰ বিভিন্ন থানা নাইবা কেছাৰী ঘৰৰ সমূখত মৃত্যু বাহিনীয়ে বন্দুকৰ গুৰিলৈ আওকান কৰি ভাৰতৰ পতাকা উত্তোলন কৰিব। এই কথা ৰাইজক জনাবলৈ গাঁওবোৰত ভাষণ দিবলৈ সকলো দিহা দি গ’ল।

গৰুগাড়ীত, খোজকাঢ়ি, জ্যোতিপ্ৰসাদৰ নিজা টেক্সীগাড়ীত, যিয়ে যেনেকৈ পালে কামত লাগি গ’ল। সভাবোৰত, বাটেপথে জ্যোতিপ্ৰসাদৰ তেজ উতলা কৰা গীতৰ ঢৌ উঠিল।

সময়ত দিন ঠিক হ’ল। ঠাই ঠিক হ’ল। মানুহ ঠিক হ’ল। প্ৰচেছন কৰি থানা, কেছাৰী ঘৰলৈ মৃত্যু বাহিনী আগবাঢ়িব। ভাৰতৰ পতাকা উত্তোলন কৰিহে এৰিব। মুঠৰ ওপৰত ২০ ছেপ্তেম্বৰত পতাকা উৰিবই।

কামবোৰ ঠিক হ’ল যদিও পয়মালে দেখা দিলে। অসমৰ প্ৰাদেশিক কংগ্ৰেছৰ সকলো কৰ্মীকে ইংৰাজে গ্ৰেপ্তাৰ কৰি পেলালে। ইফালে ঠিক কৰা কাম সম্পূৰ্ণ কৰিবই লাগিব।

ঢেকীয়াজুলিত পুষ্পলতাই দল প্ৰতিনিধিত্ব কৰাটো ঠিক হ’ল। গহপুৰত কনকলতা আগবাঢ়ি আহিল। গুৱাহাটীত আৰু এজন দেশনেতা হেম বৰুৱা নৰীয়াত পৰা কাৰণে নেতা অমিয় কুমাৰ দাসে জ্যোতিপ্ৰসাদক গুৱাহাটীলৈ যাবলৈ নিৰ্দেশ দিলে।

২০ ছেপ্তেম্বৰ আছিল পতাকাৰ উত্তোলনৰ দিন। কিন্তু ১৯ তাৰিখেই বহুতৰ লগতে পুষ্পলতা দাসকো পুলিচে গ্ৰেপ্তাৰ কৰিলে।

ইংৰাজৰ তলত পুলিচৰ চাকৰি লৈ বহু অসমীয়াও আছিল। সেইসকল অসমীয়াক জ্যোতিপ্ৰসাদে দেশৰ ঘোৰ শত্ৰু কাপুৰুষ বুলি কৰ্কথনা কৰিলে।

সাত

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ। অসমবাসীৰ প্ৰাণত নতুন উত্তেজনাই গা কৰি উঠিল।

কনকলতাই আগতকৈও সোনকালে শোৱাপাটী এৰিলে। গা-পা ধুই গোঁসাই প্ৰাৰ্থনা কৰি আজৰি হ’ল। নিজে সূতা কাটি বোৱা কপাহী চাদৰ-মেখেলা এযোৰ পিন্ধি ল’লে।

মাকে গা-পা ধুই কনকলতাহঁতক জলপানৰ বাতি দিলেহি। ভনীয়েকৰ লগত কনকলতাই জলপান খাবলৈ আখল ঘৰত বহিল। গহীনহৈ জলপান খাই থকা বায়েকলৈ ভনীয়েকে ৰ লাগি চাই  থাকিল। তাকে দেখি কনকলতাই ক’লে- “মই আজি ঘৰলৈ উভতি নাহিবও পাৰো”। ভনীয়েকে হ’লে সেই কথাৰ একো আওভাও নুবুজিলে, বায়েকৰ টান টান কথাবোৰ তাই নুবুজেই।

কনকলতা ঘৰৰপৰা ওলাই আহিল। পুৱা সাতবজাত বৰঙাবাৰীৰ মাজমজিয়া বৰ্তমান ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পবিত্ৰ ভূমিলৈ হেলেম, কলংপুৰ ব্ৰহ্মজান মৌজাৰ চাৰিও দিশৰ পৰা দলে দলে সংগ্ৰামী সেনানীসকল আহি গোট খালেহি।

কনকলতাই হাতত ত্ৰিৰঙ্গা পতাকা তুলি ল’লে। সকলোতকৈ আগত তাই থিয় হ’ল। কনকলতাৰ নেতৃত্বত সমদল আগবাঢ়িল। মুখত ‘বন্দে মাতৰম’, ‘কৰিম কিম্বা মৰিম’ আৰু জ্যোতিপ্ৰসাদৰ গীত। জীৱনৰ মমতা নেওঁচি আগবঢ়া সেই সমদলে প্ৰতি জন মানুহৰ অন্তৰ কপাই তুলিলে। লোকে লোকাৰণ্য হৈ সমদলৰ পিছত খোজ ল’লে।

কলংপুৰ হেলেম ব্ৰহ্মজান মৌজা হৈ সমদল গহপুৰ থানা আহি পালেহি।

ইংৰাজে থানালৈ যোৱা পথৰ দুৱাৰ বন্ধ কৰায় দিলে। অগণন মানুহ। কনকলতাই অসীম সাহস দেখুৱাই দুৱাৰ খুলি দিবলৈ ক’লে।

পিছে পুলিচে বাধাহে দিলে। হুলস্থূলৰ সৃষ্টি হ’ল। বাধা দিয়া পুলিচক ঠেলি কনকলতা আগবাঢ়ি গ’ল। পিছে পিছে সমদলো।

তেতিয়া দিনৰ ১১ টা বাজিছিল, ইংৰাজৰ তলতীয়া অসমৰ শত্ৰু আৰক্ষী বিষয়া ৰেৱতী সেনে গুলি চলাবলৈ নিৰ্দেশ জাৰি কৰিলে। পুলিচৰ বাধা নেমানি থানাৰ সমূখত থকা পুখুৰীটোৰ পাৰেৰে কনকলতাই ‘বন্দে মাতৰম’ ধ্বনিৰে আগবাঢ়িছিল।

হঠাতে পুলিচৰ গুলি গৰজি উঠিল। সেই গুলি কনকলতাৰ বুকু ভেদি গ’ল। ‘বন্দে মাতৰম বুলি ধলি পৰিব খুজিলে যদিও পতাকা মাটিত পৰিবলৈ নিদিলে। তৎক্ষণাত কনকলতাৰ হাতৰ পৰা ত্ৰিৰঙ্গা পতাকাখনি মুকুন্দ কাকতি নামৰ যুৱকজনে থাপমাৰি ধৰিলেহি।

পুলিচে মুকুন্দ কাকতিকো গুলি চলালে। গুলি আহি বুকুত লাগিলহি। ‘বন্দে মাতৰম’ বুলি মুকুন্দ কাকতি মাটিত পৰিব খোজা দেখি এইবাৰ ফুলেশ্বৰ নামৰ দেশপ্ৰেমিক যুৱকজনে চিলনীয়ে থাপ মৰাদি পতাকাখনি ল’লেহি। ওপৰা ওপৰিকৈ পুলিচৰ লাঠি চালনা চলিল।

কাৰোবাৰ মূৰ ফাটিল কাৰোবাৰ ভৰি ভাগিল। ফুলেশ্বৰ নামৰ ডেকাজনৰ মূৰেৰে তেজ বাগৰি আহিল।

তেওঁ মাটিত পৰি যাব খোজা দেখি নিমিষতে হুলস্থূলীয়া পৰিৱেশৰে ৰামপতি ৰাজখোৱা নামৰ দেশপ্ৰেমিক যুৱকজনে ত্ৰিৰংগ পতাকাখনি হাতত লৈ থানাৰ চালত উঠিল।

তাৰ পিছত ওপৰত থকা ইংৰাজৰ পতাকাখন দলিয়াই ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখনি উত্তোলন কৰিব সাউটকৰে নামু আহিল।

নীলা আকাশত ভাৰতৰ ত্ৰিৰঙ্গা পতাকা উৰি থাকিল। সেই পতাকাৰ ছাঁত অসমৰ মাটিৰ বুকুত দেশৰ বাবে প্ৰাণ দিয়া কণমানি কনকলতা তেজেৰে ৰাঙলি হৈ চিৰ নিদ্ৰাত শুই থাকিল। কনকলতাৰ লগতে মুকুন্দ কাকতি নামৰ দেশপ্ৰেমিক ডেকাজনো।

উৰি থকা ত্ৰিৰঙ্গ পতাকাৰ লয়লাসত সকলো উল্লাসিত হ’ল যদিও এধানমানি কনকলতাৰ নিথৰ দেহ দেখি শোকত ভাগি পৰিল।

ভাৰতবৰ্ষৰ ভিতৰত থানাত পতাকা উত্তোলন কৰা গহপুৰ থানা পোন প্ৰথম হিচাবে ইতিহাসৰ পাতত সোণালী আখৰেৰে চিহ্নিত হৈ ৰ’ল।

এধানিমান কনকলতাই প্ৰমাণ কৰি গ’ল শিশুৰ হৃদয়তো জাতিষ্কাৰ হৈ ফুলিব পাৰে দেশপ্ৰেম, এটি শিশুৱেও দেখুৱাব পাৰে দেশৰ বাবে দুৰ্জেয় সাহস। শিশুৱেও জানে যে দেশতকৈ একো ডাঙৰ হ’ব নোৱাৰেগ। জনমভূমিক ৰক্ষা কৰাটো মানুহৰ মহান কৰ্তব্য।

দেশৰ বাবে প্ৰাণ দি কণমানি কনকলতা ছহীদ হোৱাৰ বাতৰি দেশৰ চাৰিওফালে বিয়পি পৰিল। জেলৰ ভিতৰতে এই জ্বাতৰি পাই পুষ্পলতা দাসৰ চকুৰ পানীৰে জেলৰ মজিয়া তিয়ালে।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক এই বাতৰিয়ে তেনেই বোবা কৰি পেলালে। তেওঁ বুজিলে এনে সাহস প্ৰকৃত দেশ প্ৰেমিকৰহে হ’ব পাৰে।

গহপুৰৰ চৌদিশ শোকত ভাগি পৰিল। কনকলতাৰ আৰু মুকুন্দৰ নিথৰ শৰীৰ লৈ মৌন শোভাযাত্ৰা কৰিলে। এই ঘটনাই যেন মানুহবোৰক দুগুণ সাহসী কৰিলে তুলিলে। ১৯৪৭ চনত ভাৰত স্বাধীন হ’ল।

এই ২০ ছেপ্তেম্বৰটো ‘শ্বহীদ দিৱস’ হিচাবে তেতিয়াৰে পৰা অসমত পালন কৰি অহা হৈছে। থানাৰ যিটো পুখুৰীৰ পাৰত কনকলতা শ্বহীদ হ’ল তাত ১৯৭১ চনত কনকলতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ল। ১৯৬৩ চনত বৰঙাবাৰীত এই বীৰংগনা গৰাকীৰ পৱিত্ৰ সোঁৱৰণীত কনকলতা বালিকা আদৰ্শ হাইস্কুল স্থাপন কৰা হ’ল।

কনকলতাই পঢ়া প্ৰাইমাৰী স্কুলখনো কনকলতা বালিকা প্ৰাইমাৰী স্কুল কৰা হ’ল। অকল সেয়ে নহয় এই মহিয়সী গৰাকীৰ নামত ‘কনকলতা’ ভ্ৰাম্যমান নাট্য দলে দিয়া ৰূপ, তেজপুৰ নগৰৰ অসামৰিক চিকিৎসালয়খনৰ নাম কনকলতাৰ নামেৰে, গুৱাহাটীৱ মহানগৰত কনকলতা ষ্টেডিয়াম, কটন মহাবিদ্যালয়ত কনকলতা ছাত্ৰীনিবাস আদিয়ে তেওঁৰ গৰিমাৰ কথাকে সোঁৱৰায়।

আটাইতকৈ মনকৰিবলগীয়া কথাটো হ’ল ১৯৭৭ চনৰ ২৭ মাৰ্চৰ দিনা ভাৰত চৰকাৰে ৩৭ কোটি টকা খৰচ কৰি ৪৬ মিটাৰ দীঘল সাত মহলীয়া উপকূল সংৰক্ষণ জাহাজ(C.G.S) নিৰ্মাণ কৰি শ্বহীদ কনকলতাৰ নামত উচৰ্গা কৰে।

আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে। ২০০২ চনৰ ২৬ জানুৱাৰীত কনকলতা, মুকুন্দ কাকতিৰ ব্ৰঞ্জৰ মূৰ্তি গহপুৰত উন্মোচন কৰে। কনকলতাৰ হাতত নাচি থাকে আজিও যঁতৰ চিহ্ন থকা জাতীয় পতাকা।

নানা অনুষ্ঠানে প্ৰতিষ্ঠানে তেওঁৰ নামত ২০ ছেপ্তেম্বৰত সভা-সমিতি পাতি সগৌৰৱেৰে পৃথিৱীৰ জ্যোতিষ্মান তৰা এধানি কনকলতাৰ কীৰ্তি বখানে।

কনকলতা চিৰকাললৈ ইতিহাসৰ পাত উজ্জ্বল কৰি পৃথিৱীৰ বুকুত অমৰ হৈ ৰ’ল। যুগে যুগে শ্বহীদ কনকলতাৰ নাম সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিব।

লেখিকা: নীলিমা বৰা

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top