মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ আৰু অসমীয়া সাহিত্যত জোনাকী আৰু অৰুণোদয় যুগৰ অৱদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ আৰু অসমীয়া সাহিত্যত জোনাকী আৰু অৰুণোদয় যুগৰ অৱদান

অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ আৰু অসমীয়া সাহিত্যত জোনাকী আৰু অৰুণোদয় যুগৰ অৱদান

অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ -

আধুনিক যুগৰ অসমীয়া সাহিত্য প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলনৰ ফল৷ আধুনিক যুগৰ আৰম্ভণিতে অসমীয়া লিখকসকল পশ্চিমীয়া শিক্ষাৰ যোগেদি পাশ্চাত্য কাব্য সাহিত্যৰ সংস্পৰ্শলৈ আহে৷ এই সংস্পৰ্শৰ উদ্ভৱ হোৱা বাতাবৰণে অসমীয়া কবি-সাহিত্যিকৰ দৃষ্টিভঙ্গীৰ আমূল পৰিবৰ্তন সাধে৷ কীটচে চেপমেনকৃত অনুবাদৰ সহায়ত হোমাৰৰ কাব্য পঢ়ি আত্মহাৰা হোৱাৰ দৰে অসমৰ নতুন লেখকসকলো পশ্চিমীয়া কাব্য সাহিত্যৰ ৰূপ দেখি আত্মহাৰা হৈছিল৷

ঊনবিংশ শতাব্দীৰ শেষাৰ্ধত চাৰিশ বছৰমান ধৰি সক্ৰিয় হৈ থকা আদৰ্শৰ লগত খাপ খুৱাই কাব্য/সাহিত্য ৰচনা কৰা সম্ভৱ নাছিল৷ ইংৰাজসকলৰ প্ৰাধান্য বিস্তাৰৰ লগে লগে অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত মধ্যযুগৰ অৱসান ঘটে৷

এই সময়চোৱাত পাশ্চাত্য সাহিত্যৰ যি ব্যাপক প্ৰভাৱ লক্ষ্য কৰা যায়, তাৰ তুলনা ইংলেণ্ডৰ ৰেনেছা সাহিত্যৰ লগতহে সম্ভৱ৷ এই বিস্তৃত প্ৰভাৱে সমগ্ৰ ভাৰততে এক নতুন যুগৰ সৃষ্টি কৰিলে৷ এয়েই ভাৰতীয় সাহিত্যৰ নৱজাগৰণ৷ পাশ্চাত্য প্ৰভাৱে অসমীয়া সাহিত্যতো মধ্য যুগৰ অৱসান ঘটাই নৱজাগৰণৰ সৃষ্টি কৰিলে৷

নৱজাগৰণৰ প্ৰধান বৈশিষ্ট্য্য্য হ‘ল –

সাহিত্যত ধৰ্ম নিৰপেক্ষতাৰ প্ৰৱৰ্তন৷ পাশ্চাত্যৰ প্ৰভাৱতে ধৰ্ম নিৰপেক্ষ বিষয়বস্তুক অৱলম্বন কৰি কবিতা, নাটক, উপন্যাস আদি ৰচিত হ’বলৈ ধৰিলে আৰু আমাৰ সাহিত্যত মানৱকেন্দ্ৰিক সমস্যাসমূহ বিশ্লেষিত হ’বলৈ ধৰিলে৷

আধুনিক কবিসকলে বিশ্লেষণ কৰা অভিনৱ বিষয়বস্তুৰ ভিতৰত প্ৰেমো এটা৷ মধ্যযুগৰ কবিসকলে মানৱ প্ৰেমৰ মহিমা দেখুৱাবলৈ যত্ন কৰা নাছিল৷ মানৱ প্ৰেমৰ মহিমা প্ৰদৰ্শনৰ ক্ষেত্ৰত অসমীয়া কবিসকল সম্পূৰ্ণৰূপে বিদেশী প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল৷

নতুন যুগৰ আৰম্ভণিতে জোনাকী যুগত বিস্ময়জনকভাবে অসমীয়া সাহিত্যত নিটোল সৌন্দৰ্য্য সম্বলিত নতুন গীতি-কবিতাৰ সৃষ্টি সম্ভৱ হ’ল৷

জোনাকী যুগৰ সকলো কবিয়ে পালগ্ৰাভৰ অনবদ্য সংকলন ‘গোল্ডেন ট্ৰেজাৰি’ পঢ়িছিল৷ এই যুগৰ কবিসকলে ঘাইকৈ এলিজাবেথান যুগৰ লিৰিকবোৰৰ দ্বাৰা মোহাচ্ছন্ন হৈছিল৷ এই লিৰিকসমূহৰ সহজ গীতিধৰ্মিতাই তেওঁলোকক আকৰ্ষণ কৰিছিল৷

নতুন কবিসকলে এলিজাবেথান চনেটকাৰসকলৰ বাহিৰেও হেৰিক, কেম্পিয়ন, ডাৰ্লি, মাৰ্ভেল আদি কবিৰ সুৰসাগৰত অবগাহন কৰিছিল৷ এই কবিসকলৰ ক্ষেত্ৰত নিয়াতকৈ দিয়াৰ প্ৰৱণতাহে অধিকভাৱে অনুভূত হৈছিল৷ সংগীতমুখৰ এলিজাবেথান যুগৰ কবিসকলৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰাৰ ফলত জোনাকী যুগৰ কবিসকলৰ প্ৰতিভা সম্যকভাৱে স্ফুৰণ হোৱা দেখিবলৈ পোৱা যায়৷

চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা তিনিওজনাই কমসংখ্যক হ‘লেও উচ্চমানৰ লিৰিক ৰচনা কৰিবলৈ সমৰ্থ হৈছিল৷

বেজবৰুৱাদেৱৰ প্ৰেমৰ কবিতাত এলিজাবেথান যুগৰ গীতিময়তা ধ্বনিত হৈছে৷ এই কবিতাবোৰৰ অন্তৰ্নিহিত সৌন্দৰ্য্যই পৰবৰ্তী ৰোমাণ্টিক কবিসকলৰ মধুৰ অস্থিৰতাক ব্যঞ্জিত নকৰে৷ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘নিয়ৰ’ কবিতাৰ মৌলিকতাও অনস্বীকাৰ্য৷

কীটচে গাইছিল- ‘A thing of beauty is a joy forever.’

চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বাবেও ‘সুন্দৰৰ আৰাধনা জীৱনৰ খেল’৷

ৰুছোঁৰ- ‘Man was born free, but he is everywhere in chains’-

এই বাণীটোক পশ্চিমৰ ৰোমাণ্টিক সাহিত্যৰ শ্লোগান হিচাপে ভাবিব পাৰি৷ ৰোমাণ্টিচিজিমৰ পুনৰুদ্ধাৰৰ দিনকেইটা সামগ্ৰিক বিপ্লৱৰ দিন৷ ৱৰ্ডচৱৰ্থৰ চৰে চন্দ্ৰকুমাৰ আগৰৱালায়ো মানুহৰ বন্দনা কৰিছিল৷

নলিনীবালা দেৱীৰ ‘দুখীয়াৰ ভগাপঁজা, একোখনি তীৰ্থ তাত, একোখনি শান্তিৰ সৰগ’ সাধাৰণ মানুহৰ জীৱনৰ আদৰ্শাত্মক ৰূপৰ ওপৰত প্ৰতিষ্ঠিত৷ প্ৰকৃতিৰ প্ৰতি নিবিড় ভালপোৱা জোনাকী যুগৰ ৰোমাণ্টিচিজমৰ চৰিত্ৰগত সুৰ৷

বেজবৰুৱাৰ ‘বসন্ত’ কবিতাটো পঢ়িলে ৱৰ্ডচৱৰ্থৰ ‘Lines written in Early Spring’ কবিতাটোৰ লগত মিল থকা যেন লাগে৷

‘যুতি ফুলজুপি নিশাহ এৰিলে’ শাৰীটোৱে ৱৰ্ডচৱৰ্থৰ – ‘And ‘tis my faith that every flower/ Enjoys the air it breathes.’—

পংক্তি দুটালৈ মনত পেলায়৷ অথচ কিমান সতেজ! মুঠেও কিন্তু ধাৰ কৰা নহয়৷ এয়া কবিসকলৰ হৃদয়ৰ অন্তৰংগতাৰহে নমুনা৷

ৰোমাণ্টিক কবিসকলে অহৰহ সৌন্দৰ্য্যৰ অনুধাৱন কৰে, যিয়ে মানুহৰ মন অতীন্দ্ৰিয় অভিজ্ঞতাৰ ফালে লৈ যাব পাৰে৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘তুমি’ কবিতাত ইন্দ্ৰিয়গত সৌন্দৰ্য্যৰ যোগেদি সত্তাৰ যি উপলব্ধি, সিয়ে এই শ্ৰেণীৰ আত্মিক অনুধাৱনৰ মহিমাকে প্ৰচাৰ কৰিছে৷

ৰত্নকান্ত বৰকাকতিৰ প্ৰেমৰ কবিতাত পোৱা ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰীয়াতীত সৌন্দৰ্য্যৰ সমাহাৰেও ৰবীন্দ্ৰনাথৰ কবিতাৰ মাজেৰে নিগৰি অহা পাশ্চাত্যৰ সুৰটোৰ কথাকে সকিয়ায়৷ দুৰ্গেশ্বৰ শৰ্মাই শ্বেক্সপীয়েৰৰ গীতৰ আধাৰত লিখা ‘জলকুঁৱৰী’ অসমীয়া আধিভৌতিক কবিতাৰ অন্যতম উদাহৰণ- ‘কোনে ফুৰে শেহ নিশা নৈ পাৰে পাৰে’৷

পশ্চিমীয়া ৰোমাণ্টিচিজমৰ প্ৰভাৱতে বিংশ শতাব্দীৰ অসমীয়া কবিতাত কল্পনাৰ অভূতপূৰ্ব আলোড়নৰ সৃষ্টি হয়৷ অতীন্দ্ৰীয়বাদ ইংৰাজী ৰমন্যাসবাদৰ এটি বিশিষ্ট দিশ! ৱৰ্ডচৱৰ্থ আৰু শ্বেলীৰ কবিতাত তাৰ নিদৰ্শন আছে৷

অসমীয়া ৰোমাণ্টিক কবিতাত এই ক্ষেত্ৰত প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় পৰিলক্ষিত হয়৷ ৰঘুনাথ চৌধুৰীয়ে লিখিছে- ‘ৰিণিকি ৰিণিকি সুৰ এটি আহে, জানো ক’ৰবাৰ পৰা’৷ নলিনীবালা দেৱীৰ ‘পৰমতৃষ্ণা’ কবিতাত পাওঁ- ‘প্ৰতিধ্বনি দূৰ সুদূৰৰ/ ৰূপতৃষ্ণা চিৰসুন্দৰৰ৷ ’

নীলমণি ফুকনেও ‘সুন্দৰ ক‘ত’ তাক বিচাৰি হাবাথুৰি খাইছে৷ যোগীৰাজ বসুৰ ভাষাত “যতীন্দ্ৰনাথ দুৱৰায়ো তেওঁৰ শেষৰ কবিতাবোৰত সসীম আৰু অসীমৰ পূ্জাত বহিছে৷ “ এই ধৰণৰ ‘মিষ্টিচিজম’ত আন নহ’লেও ৱৰ্ডচৱৰ্থৰ অৱদান নাই বুলি ক’ব নোৱাৰি৷

যতীন্দ্ৰনাথ দুৱৰাই লিখিছে-

‘দূৰত গৰজে শুনা অনন্ত সাগৰ পৰ্বত প্ৰমাণ ঢৌ তুলি, বাহু তোলা মৰণৰ শেষ আলিঙ্গনে চিন চাব নাৰাখে সমূলি৷ ’ (অতীতক নাযাবা পাহৰি)

-এই শাৰীকেইটাত ৱৰ্ডচৱৰ্থৰড ‘অ’ড অন ইম্মৰ্টেলিটিৰ’ প্ৰভাৱ পৰা দেখা যায়৷

‘Our souls have sight of that immortal Sea Which brought us hither………… And hear the mighty waters rolling for ever more.’

ৰোমাণ্টিক যুগৰ অন্যতম ভাঙনিকোঁৱৰ আনন্দ্ৰচন্দ্ৰ আগৰৱালাৰ ক্ষেত্ৰতো এই কথা খাটে৷ আনন্দচন্দ্ৰ আগৰৱালাৰ ভাঙনিও মৌলিক কবিতাই৷ তেওঁৰ অনুদিত কবিতা মূল কবিতাতকৈ বেছি মনোমোহা৷ দুৰ্গেশ্বৰ শৰ্মাৰ ‘সাদৰী’ত ৱৰ্ডচৱৰ্থৰ লুচি কবিতাৰ ভাব আৰু ছন্দৰ পুনৰ্নিমাণ ঘটিছে৷

‘আছিল সাদৰী মোৰ ভৰলুৰ সিপাৰে কাৰো মাত নুশুনা দেশত নাই কোনো শলাগনি দিয়ে মৰমেৰে নাই কোনো পৰে প্ৰণয়ত৷ ’

লক্ষ্মীনাথ ফুকনৰ কবিতাত শেষ ভিক্তৰিয়ান ৰোমাণ্টিচিজমৰ অস্তৰাগৰ ৰেঙণি পৰিলক্ষিত হয়৷ তেওঁৰ ‘সাক্ষী’ আৰু ‘প্ৰতীক্ষা’ কবিতাত টেনিচনৰ Come into the Garden, Maud কবিতাৰ সাঁচ মনোমোহাকৈ পৰিছে; অথচ, প্ৰতিক্ষিত ব্যক্তিৰ দৰেই তাৰ উপস্থিতি লুকাভাকু খেলাধৰণৰ-

‘এতিয়াও দূবৰি ডৰাত পৰি আছে চৰণৰ চাব এতিয়াও পখিলা শাৰীৰ কিবা এটি আমোলন ভাব৷ ’

বিংশ শতাব্দীৰ -

বিংশ শতাব্দীৰ পঞ্চম দশকটো আধুনিক অসমীয়া সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ দশক৷ সেই দশকত পচোৱা গুটিবোৰে পিছত দশকবোৰত গজালি মেলিছে৷ হেম বৰুৱা, আব্দুল মালিক, ভবানন্দ দত্ত, ড° মহেশ্বৰ নেওগ, অমূল্য বৰুৱা, কেশৱ মহন্ত, অজিত বৰুৱা, চক্ৰেশ্বৰ ভট্টাচাৰ্য্য আদি কবিয়ে মুক্তক ছন্দত কবিতা লিখিবলৈ লয়৷

লাহে লাহে এই কবিসকল মাৰ্ক্সীয় আৰু এলিটীয়— এই দুই ধাৰাত বিভক্ত হয়৷ মাৰ্ক্সীয় বাস্তৱতা পশ্চিমৰ অৱদান, কিন্তু এই সময়ৰ মাৰ্ক্সবাদী অসমীয়া লিখকসকল সমকালীন, দৰিদ্ৰ সমাজৰ জীৱনৰ দুখবোধৰ প্ৰতি ইমান সচেতন যে তেওঁলোক ঘাইকৈ চতুৰ্থ দশকৰ ইংৰাজ বাওঁপন্থীসকলৰ প্ৰভাৱৰ পৰা মুক্ত৷

ভবানন্দ দত্ত আৰু অমূল্য বৰুৱা প্ৰমুখ্যে প্ৰগতিশীল কবিসকলৰ কবিতাত শোষিত আৰু বঞ্চিত শ্ৰমিক-কৃষকৰ প্ৰতিবাদৰ সুৰ ধ্বনিত হৈছে৷

এই দশকৰ কবিসকলৰ কবিতাত জাপানী আৰু চীনা চিত্ৰকল্পবাদী কবিতাৰ ছাপ আছে৷ এওঁলোকৰ কবিতা ‘ইমেজিষ্ট’সকলৰ দ্বাৰা বেচিকৈ প্ৰভাৱাম্বিত হৈছিল৷ হাইকু টাইপৰ কবিতাৰ প্ৰভাৱ নবকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য্য, নীলমণি ফুকন আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ ওপৰত পৰিছে বুলিব পাৰি৷ হেম বৰুৱাৰ চিত্ৰকল্পত প্ৰাচ্য আৰু প্ৰতীচ্যৰ চিত্ৰকল্পবাদ সংমিশ্ৰিত হৈ আছে৷

তেওঁৰ কবিতাত ‘ৰোমাণ্টিক বাস্তৱতাৰ ঐতিহ্য’ সমানে সক্ৰিয় হৈ আছে৷ মুঠতে আধুনিক অসমীয়া কবিতাত পাশ্চত্যৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷

এই প্ৰভাৱে আমাৰ সাহিত্যৰ অলপো ক্ষতি কৰা দেখা পোৱা নাযায়; বৰঞ্চ কবিতাৰ ক্ষেত্ৰখনক চহকী কৰা বুলিয়ে পতিয়ন যাব পাৰি৷

অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ -

অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত অৰুণোদয় যুগটোৰ অৱদান অপৰিসীম৷ অৰুণোদয় যুগৰ সাহিত্যৰ যোগেদি অসমৰ সাহিত্য সংস্কৃতিৰ পৰিমণ্ডল অধিক সমৃদ্ধিশালী আৰু প্ৰশস্ত হৈ উঠে৷ এই যুগটোত খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখকসকলে অসমীয়া ভাষা-সাহিত্যক এক নতুন আলোকময় পথৰ সন্ধান দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূণৰ্ ভূমিকা পালন কৰিছিল৷

অসমীয়া ভাষাৰ ক্ৰমবিৱৰ্তনৰ ইতিহাসত ঊনবিংশ শতিকাৰ কালছোৱা একপ্ৰকাৰৰ অনিশ্চয়তাৰ কাল বুলিব পাৰি৷ মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত জৰ্জড়িত আৰু তথা নিশকটীয়া হোৱা অসম ১৮২৬ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ পিছৰ দুটা দশক অসমীয়া ভাষাৰ বাবে মৰ-আঁউসী স্বৰূপ৷ ঊনবিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছসকলৰ শাসনে অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনধাৰলৈ পৰিৱৰ্তন আনিলে৷

ইংৰাজে দেশ লোৱাৰ পিছত দেশৰ ৰাজনৈতিক অৱস্থা বহুপৰিমাণে সুস্থিৰ হৈছিল যদিও চৰকাৰৰ ভুল ভাষা-নীতিৰ ফলত অসমীয়া ভাষাৰ বিকাশৰ পথ বহুদিনলৈ ৰুদ্ধ হৈছিল৷ ১৮৩৬ চনত অসমীয়া ভাষা অসমৰ সমাজ জীৱনৰ পৰা অপসাৰিত হ’ল আৰু স্কুল, কলেজ, কাছাৰী আদি সকলোতে বঙলা ভাষাই আধপিত্য বিস্তাৰ কৰিলে৷

দৰাচলতে ১৮৭৩ চনত অসমীয়া ভাষাই স্থানীয় ভাষাৰূপে স্বীকৃতি লাভ নকৰালৈকে এই ছয়ত্ৰিশ বছৰ অসমীয়া ভাষা সাহিত্যৰ চৰম দুৰ্যোগৰ কাল৷ এই সুদীৰ্ঘ কালত অসমীয়া ভাষাত চৰ্চাৰ অভাৱ আৰু বঙলা ভাষাৰ বিস্তাৰৰ ফলত অসমীয়া ভাষাৰ আখৰ জোঁটনি, শব্দাৱলীৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত এক অনিশ্চয়তাই দেখা দিলে৷ ভাষাৰ এই সংকটৰ সময়তে অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অহা মিছনেৰীসকলে অসমীয়া ভাষাৰ ব্যাকৰণ, অভিধান আদি ৰচনা কৰি পোন প্ৰথমে স্কুল আদালতৰ পৰা নিৰ্বাসিত হোৱা অসমীয়া ভাষাক পুনঃ প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলালে৷

১৮৪৬ চনত শিৱসাগৰৰ ‘মিশ্যন প্ৰেছ’ৰ পৰা ওলোৱা অৰুনোদই কাকতএ সেইসময়ত অসমৰ জাতীয় জীৱনত এক অপ্ৰতিৰোধ্য বৌদ্ধিক জাগৰণ সৃষ্টি কৰি অসমীয়া ভাষা আৰু সাহিত্যক সঞ্জিৱনী শক্তি প্ৰদান কৰিলে৷ অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ পৃথিৱীত অৰুনোদই-এ ধৰ্মমুক্ত ধাৰাৰ প্ৰৱৰ্তন কৰিছিল বুলি বহুতো মূল্যায়নকাৰীয়ে কয়৷

কিন্তু অৰুনোদইৰ অন্যান্য ভূমিকাও আছিল; যিবোৰৰ স’তে বাৰ্তালোচনীখনৰ প্ৰচাৰমূলক চৰিত্ৰ সম্পৃক্ত৷ প্ৰযুক্তি বিজ্ঞানৰ অৱদান, মুদ্ৰণ যন্ত্ৰক কেনেকৈ অসমীয়া ভাষাত ধৰ্মপ্ৰচাৰৰ কামত ব্যৱহাৰ কৰিব পাৰি তাৰ শিক্ষা অসমীয়াই পোন প্ৰথমে অৰুনোদইৰ পৰাই লাভ কৰে৷

১৮৪৬ খ্ৰীঃৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশ পোৱা বৰ্তালোচনীখনৰ নামকৰণত ব্যৱহাৰ কৰা বানান অৰুনোদই, সেই একে ৰূপতেই ১৮৬১ খ্ৰীঃলৈ চলে৷ ১৮৬১ খ্ৰীঃত বানানৰ ৰূপটোৰ অলপ পৰিৱৰ্তন ঘটোৱা হয়; অৰ্থাৎ অৰুনোদইৰ পৰিৱৰ্তে অৰুণোদয় ৰূপৰে নতুনকৈ শব্দবিন্যাস কৰা হয়৷ এনেদৰেই এই বাৰ্তালোচনীখনে সাহিত্য-জগতত ১৮৮০ খ্ৰীঃলৈ প্ৰতিপত্তি দেখুৱায়৷ গতিকে ১৮৪৬ খ্ৰীঃৰ পৰা ১৮৮০ খ্ৰীঃলৈকে আমাৰ সাহিত্য জগতখন অৰুনোদই আৰু অৰুণোদয়ে নিয়ন্ত্ৰণ কৰা এই সুদীৰ্ঘ কালডোখৰক সাধাৰণতে অৰুণোদয় যুগ বোলা হয়৷

অৰুণোদয় যুগত খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখকসকলে অসমীয়া ভাষা-সাহিত্যলৈ আপুৰুগীয়া অৱদান আগবঢ়াই যুগটোক বিশেষভাৱে সমৃদ্ধ কৰি থৈ গৈছে৷

অসমীয়া ভাষাক ন্যায্যস্থানত প্ৰতিষ্ঠা কৰি অসমীয়া সাহিত্যিকক এক নতুন আলোকময় পথৰ সন্ধান দিয়াৰ ক্ষেত্ৰত অৰুণোদয় যুগৰ সাহিত্যই যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ আমাৰ আলোচ্যমান স্তৰৰ অন্তৰ্গত অখ্ৰীষ্টান লেখকসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি৷

অসমীয়া সাহিত্যৰ জোনাকী“ যুগ -

জোনাকী অসমীয়া আলোচনী সাহিত্যৰ পথপ্ৰদৰ্শক৷ ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোণপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা৷  ‘জোনাকী’ৰ মাধ্যমেৰেই পোন-প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হৈ উঠে৷

জোনাকী আছিল ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ৰ মূখপত্ৰ৷ ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী৷ পাছলৈ সত্যনাথ বৰা আৰু কণকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী প্ৰকাশ হয়৷ জোনাকীৰ পাততে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতা ‘বন কুঁৱৰী’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট ‘প্ৰিয়তমাৰ চিঠি’ প্ৰকাশ হয়৷

লক্ষ্মীনাথ বেজবৰুৱাই ’লিতিকাই’ প্ৰহসন-ৰ মাধ্যমেৰে প্ৰথম সাহিত্য সৃষ্টি কৰে আৰু ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ শিতান আৰম্ভ কৰিছিল৷ অসমীয়া ভাষা-সাহিত্যৰ বিকাশত জোনাকীৰ অৰিহণা অনস্বীকাৰ্য৷ এই আলোচনীখন ১৮৮৯ চনৰ পৰা ১৯০৩ চনলৈকে চলি আছিল, এই যুগ অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়“জোনাকী“ আলোচনীয়ে অসমীয়া সাহিত্যতৰোমাণ্টিকতাবাদৰ সূচনা কৰে৷ চন্দ্ৰকুমাৰ আগৰৱালাই লিখা প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা “বন কুঁৱৰী“ আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া ছনেট “প্ৰিয়তমৰ চিঠি“ জোনাকীতে প্ৰকাশ পাইছিল৷

হেমচন্দ্ৰ গোস্বামীৰ “কাকো আৰু হিয়া নিবিলাওঁ“ৰ অন্য সোৱাদৰ কবিতা আছিল৷ লক্ষ্মীনাথ বেজবৰুৱাই লিখা “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা“ নামৰ এলানি খুহুতীয়া ৰচনাও নিয়মীয়াকৈ প্ৰকাশ পাইছিল৷ কমলাকান্ত ভট্টাচাৰ্য্যৰ “পাহৰণি“ আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ “নিয়ৰ“ আছিল প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আন দুটা উল্লেখযোগ্য অসমীয়া কবিতা৷ এওঁলোকৰ সমূহীয়া প্ৰচেষ্টাত অসমীয়া সাহিত্যত “জোনাকী যুগ“ বুলি এটা নতুন যুগৰ সৃষ্টি হয়৷ অৰুণোদইৰ লেখকসকলে প্ৰধানকৈ গদ্যৰ আশ্ৰয় লৈছিল, কিন্তু “জোনাকী“ৰ কবি আৰু তেওঁলোকৰ সমসাময়িক কবিসকলৰ চেষ্টাত অসমীয়া সাহিত্যত কবিতাৰ গুৰুত্ব বাঢ়ি আহে৷

লেখিকা: ডিম্পী শৰ্মা(সাহিত্য.অৰ্গ)

 

4.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top