মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / অসমীয়া বিজ্ঞান সাহিত্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া বিজ্ঞান সাহিত্য :

অসমীয়া বিজ্ঞান সাহিত্যৰ বিষয়ে লিখা হৈছে ।

 

অসমীয়া বিজ্ঞান সাহিত্য আৰম্ভ হৈছিল অনুবাদ সাহিত্য হিচাপে। মূলতঃ সংস্কৃত ভাষাৰ পৰা কিছু বিজ্ঞানবিষয়ক পুথি অসমীয়ালৈ অনুবাদ কৰা হৈছিল। আনুমানিক ১৪৩৪ চনত বকুল কায়স্থই সংস্কৃতৰ পৰা অনুবাদ কৰি ৰচনা কৰিছিল ‘কিতাবত মঞ্জৰী’। এইখন পুথি পদ্যত লিখা হৈছিল। তাৰ পাছত কবিৰত্ন দ্বিজে পদ্যৰ সলনি গদ্যত ভাস্কৰাচাৰ্যৰ ‘লীলাৱতী কথা’, চূড়ামণিৰ ‘জ্যোতিষ চূড়ামণি’ আৰু জ্যোতিষ পুথি। ‘খণ্ডসাধ্য’ ৰচনা কৰে। ১৬৯৫ চনমানত কবিৰাজ চক্ৰৱৰ্তীয়ে সংস্কৃতৰ পৰা অনুবাদ কৰা পুথিখনৰ নাম আছিল ‘ভাস্বতী শাস্ত্ৰৰ কথা’। কবিৰাজ চক্ৰৱৰ্তীৰ ৰচিত আন এখন কিতাপ হ’ল ‘অংকৰ আৰ্য্যা’। ১৭৩৪ চনত সুকুমাৰ বৰকাথে অনুবাদ কৰা ‘হস্তীবিদ্যাৰ্ণৱ-সাৰসংগ্ৰহ’ পুথিখন পাছত প্ৰায় অবিকৃত ৰূপত পোৱা গৈছে। তাত থকা ব্যাখ্যামূলক চিত্ৰসমূহো বৰ যত্নসহকাৰে অংকন কৰা হৈছিল। এই কিতাপখন অসম প্ৰকাশন পৰিষদে একেই ৰূপত প্ৰকাশ কৰি উলিয়াইছে। ১৭৪০ চনমানত কোনো অজ্ঞাত পণ্ডিতে অনুবাদ কৰে ‘ঘোঁৰা নিদান’। ১৯৩২ চনত তাৰিণী চৰণ ভট্টাচাৰ্যৰ সম্পাদনাত এইখন গ্ৰন্থ প্ৰথম প্ৰকাশ হয়। গ্ৰন্থখনৰ দ্বিতীয় প্ৰকাশ হয় ২০০৬ চনত। ১৮০৪ চনত সূৰ্য্যখড়ি দৈৱজ্ঞই সংকলন কৰে ‘অশ্ব নিদান’ নামৰ পুথিখন।

ঊনবিংশ শতিকাৰ তৃতীয় দশকৰ পৰা অসমত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহ্বান কৰিবলৈ অহা খ্ৰীষ্টান মিছনেৰীসকলে অসমীয়া ভাষাত আন পুথি প্ৰকাশৰ লগতে বিজ্ঞান বিষয়ৰ পুথিও প্ৰকাশ কৰিবলৈ লয় আৰু তেওঁলোকৰ চেষ্টাত এই সময়ছোৱাত পঞ্চাশখনমান বিজ্ঞানৰ পুথি প্ৰকাশিত হয়। নক’লেও হ’ব যে এইকেইখন আচলতে জনপ্ৰিয় বিজ্ঞান বিষয়ক পুথিয়েই আছিল। ১৮৪৫ চনত নাথান ব্ৰাউনে ‘কিতাবত মঞ্জৰী’ক ‘পদগণিত’ আৰু ‘লীলাৱতী’ নামেৰে দুভাগত প্ৰকাশ কৰে। তাৰ পাছত ব্ৰাউনৰ গণণাৰ পুথি ‘প্ৰথম গণনা’ আৰু এলিজা ব্ৰাউন আৰু নাথান ব্ৰাউনে একেলগে ৰচনা কৰা আন এখন গণনাৰ পুথি ‘দ্বিতীয় গণনা’ প্ৰকাশ হয়। ১৮৪৯ চনত ব্ৰাউনে অসমীয়া ভাষাৰ প্ৰথম ভূগোল বিষয়ক পুথি ‘ভূগোল শিক্ষক’ প্ৰকাশ কৰে। সেই বছৰতে ‘সমাচাৰ চন্দ্ৰিকা’ নামৰ আন এখন বিজ্ঞান বিষয়ক পুথি প্ৰকাশ পায়। ১৮৫৫ চনত নিধিৰাম কেওট ওৰফে নিধি লেভি ফাৰৱেলে প্ৰণয়ন কৰা ‘পদাৰ্থবিদ্যাসাৰ, অৰ্থাৎ, ‘ইশ্বৰে স্ৰজা বস্তুৰ কথাত শিক্ষক-ছাত্ৰৰ কথোপকথন’ প্ৰকাশ পায়। ১৮৭৪ চনত ‘পদাৰ্থবিদ্যাসা’ৰ দ্বিতীয় তাঙৰণ প্ৰকাশ হ্য়। তাৰ পাছত মিছনেৰীসকলে ‘বিজ্ঞানৰ বাৰেমতৰা’ নামৰ বিজ্ঞানৰ পুথি এখন প্ৰকাশ কৰে। বহুদিন ধৰি অসমত চৰকাৰী ভাষা হিচাপে বাংলা ভাষাই ৰাজত্ব কৰাৰ পাছত ১৮৭৩ চনৰ পৰা অসমৰ চৰকাৰী ভাষা আকৌ অসমীয়া হয় আৰু পঢ়াশালিৰ শিক্ষাদানৰ মাধ্যমো অসমীয়া হয়। গতিকে পঢ়াশালিৰ বাবে নতুন অসমীয়া কিতাপ লিখা তথা প্ৰকাশ কৰাৰ কাম আৰম্ভ হয়। এই কামত মিছনেৰীসকলেই আগভাগ লয় আৰু স্বাস্থ্য বিজ্ঞান, সাধাৰণ বিজ্ঞান, ভূগোল বিজ্ঞান আদি নানা বিষয়ৰ পাঠ্যপুথি প্ৰকাশ কৰে।

১৮৪৬ চনৰ পৰ প্ৰথম অসমীয়া বাৰ্তালোচনী ‘অৰুণোদই’ৰ প্ৰকাশ আৰম্ভ হয়। ‘অৰুণোদই’ৰ প্ৰকাশ আৰম্ভ হওঁতেই ঘোষণা কৰা হৈছিল যে ই হ’ব ধৰ্ম, বিজ্ঞান আৰু সাধাৰণ বুদ্ধিমত্তাৰ উৎকৰ্ষ বাবে উৎসৰ্গিত এখন মাহেকীয়া কাকত। ‘অৰুণোদই’ৰ সংখ্যাবোৰ প্ৰকাশ হোৱাৰ পাছত দেখা গৈছিল যে তাত সঁচাকৈয়ে বিজ্ঞানৰ কথাবোৰ প্ৰকাশ কৰাত যথেষ্ঠ গুৰুত্ব দিয়া হৈছিল। তাত প্ৰকাশ পাইছিল ‘নেজাল তৰা’(ধূমকেতু), ‘ধূঁআৰ ৰথ জোআ ৰেলৰদ’(ট্ৰেইন চলাচল কৰাঅ ৰে’ল লাইন), ‘ভাপৰ কল লগা ৰথ’(ভাপ ইঞ্জিনেৰে চলা ৰে’লগাড়ী) আদিৰ বিষয়ে চিত্ৰসহ বৰ্ণনা। তাৰ প্ৰতি সংখ্যাতে অন্ততঃ একোটাকৈ বিজ্ঞানৰ প্ৰবন্ধ আৰু খবৰ প্ৰকাশিত হৈছিল। বিভিন্ন বিষয়বোৰৰ ভিতৰত আছিল গ্ৰহ, প্ৰিন্টিং প্ৰেছ, পৃথিৱী, ৰক্ত পৰিসঞ্চৰণ তন্ত্ৰ, বনৰৌ, কাকতি ফৰিং, বাঘ আদি। তাৰ পাছত বিভিন্ন সময়ত প্ৰকাশ পোৱা ‘আসাম বন্ধু’, ‘মৌ’, ‘জোনাকী’, ‘বিজুলী’, ‘ঊষা’, ‘আলোচনী’, ‘আসাম বান্ধৱ’, ‘বাঁহী’, ‘মিলন’, ‘আৱাহন’, ‘ৰামধেনু’ আদি সাহিত্য বিষয়ক আলোচনীবোৰেও জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ-পাতি প্ৰকাশ কৰিছিল আৰু এনেকৈয়ে অসমীয়া জনপ্ৰিয় বিজ্ঞানৰ ধাৰাটোক সাৰ-পানী দি জীয়াই ৰাখিছিল। বিশেষকৈ ‘জোনাকী’ আলোচনীত কিছুমান মূল্যবান জনপ্ৰিয় বিজ্ঞান বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছিল। ‘অৰুণোদই’ৰ দৰে ‘জোনাকী’য়েও জন্মলগ্নতে ঘোষণা কৰিছিল আন বিষয়ৰ লাগতে বিজ্ঞানো এই আলোচনীৰ অলোচনাৰ বিষয় হ’ব। এই ঘোষণা যে অমূলক নাছিল তাৰ প্ৰমাণ হ’ল ‘জোনাকী’ত প্ৰকাশ পোৱা কনকলাল বৰুৱাৰ ‘প্ৰানীতত্ত্ব’, ছাইফুদ্দিন আহমেদৰ ‘গছ-গছনিৰ উপকাৰিতা’, বিষ্ণুৰাম শৰ্মা বৰুৱাৰ ‘জ্বালামুখী পৰ্বত’, বিজয়ৰাম বৰুৱাৰ ‘টেলিফোন বা দুৰশ্ৰৱণ যন্ত্ৰ’, ‘চুম্বক লো’, চন্দ্ৰধৰ বৰুৱাৰ ‘বায়ুৰ ভৰ’, ‘চকুৰ বেলেগ বেলেগ অংশ’, ৰজনীকান্ত বৰদলৈৰ ‘শৰীৰতত্ত্ব’, ‘ৰক্তহাৰী পাদপ’, সত্যনাথ বৰাৰ ‘উত্তৰ মেৰু’, দুৰ্গেশ্বৰ শৰ্মাৰ ‘ফনগ্ৰাফ’, যোগকান্ত বেজবৰুৱাৰ ‘অদ্ভুৎ প্ৰাণী আৰু উদ্ভিৎ’ আদি প্ৰবন্ধ। ‘পখিলা’ আৰু ‘পাৰিজাত’ নামৰ শিশু আলোচনী দুখনতো বিজ্ঞানক যথেষ্ঠ গুৰুত্ব দিয়া হৈছিল। ১৯৩৩ চনত প্ৰকাশিত ‘পখিলা’ত শিশুৰ উপযোগীকৈ পৃথিৱীৰ জন্মকথা, সাপ, সুমথিৰা, পানী-গছা, জোনলৈ যোৱাৰ উপায়, মংগল গ্ৰহৰ কথা, ৰে’লগাড়ীৰ জন্ম, টেলিফোন, চন্দ্ৰ আদি বিষয়ৰ প্ৰবন্ধ প্ৰকাশ হৈছিল। আনহাতে ১৯৪০-৪২ চনত প্ৰকাশিত ‘পাৰিজাত’ত পৃথিৱী, ৰে’লগাড়ী, টেলিভিছন, ডিনামাইটৰ আৱিষ্কাৰক নোবেল, এন্টিছেপ্টিকৰ আৱিষ্কাৰক লিষ্টাৰ আদিৰ বিষয়ে সুলিখিত প্ৰবন্ধ প্ৰকাশিত হৈছিল।

জনপ্ৰিয় বিজ্ঞান বিষয়ক ৰচনাৰে বিজ্ঞানক জনসাধাৰণৰ ওচৰলৈ নিবৰ বাবে বিজ্ঞানৰ সাধকসকলৰ উপৰি আন অসমীয়া লেখকসকলেও চেষ্টাৰ ক্ৰুটি কৰা নাছিল। ১৮৯৭ চনত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই লিখি উলিয়ালে ‘স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়’ নামৰ বিজ্ঞান বিষয়ক গ্ৰন্থখন। তাৰ পাছত প্ৰকাশ পালে কুশকান্ত বৰকটকী ৰচিত ‘প্ৰসূতি কিম্বা অসমীয়া ধাত্ৰীবিদ্যা’(১৮৯৭), সত্যনাথ বৰা ৰচিত ‘আকাশ ৰহস্য’(১৯১৬), প্ৰজ্ঞাসুন্দৰী দেৱী ৰচিত ‘ৰন্ধাবঢ়া’(১৯১৮), চিন্তাহৰণ পাটগিৰি ৰচিত ‘সৰস ৰসায়ন’(১৯৩১), মণিৰাম ভূঞা ৰচিত ‘কৃষি কৰ্ম’(১৯৩১), ভুবনৰাম বৰা ৰচিত ‘ফল উৎপাদনকাৰীৰ আদৰ্শ পুথি’(১৯৩৮), উমেশ চন্দ্ৰ পাঠক ৰচিত ‘মানৱ বিকাশ’(১৯৩৮) আদি বিজ্ঞান সম্পৰ্কীয় কিতাপ।

গৃহবিজ্ঞানক প্ৰথমে বিজ্ঞানৰ এক শাখা বুলি বহুতে গণ্য নকৰিলেও পাছত গৃহবিজ্ঞানে বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা হিচাপে স্বীকৃতি লাভ কৰে। সেই হিচাপত ১৯১৮ চনত প্ৰকাশিত প্ৰজ্ঞাসুন্দৰী দেৱীৰ ‘ৰন্ধাবঢ়া’ কিতাপখন গৃহবিজ্ঞান বিষয়ক প্ৰথম অসমীয়া পুথি। আনহাতে সেয়ে যদি হয়, তেন্তে মহিলাসকলে লিখা জনপ্ৰিয় বিজ্ঞান বিষয়ক পুথিৰ ভিতৰতো ইয়েই প্ৰথম। ১৯৬০ চনত হিতেন্দ্ৰ বৰুৱা আৰু পাৰুকুটি বৰুৱাই ‘বিজ্ঞান আৰু বৈজ্ঞানিক’ নামৰ এখন কিতাপ লিখিছিল। এইখন বোধকৰো মহিলা বিজ্ঞান লেখিকাৰ দ্বিতীয় কিতাপ। তাৰ পাছত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকশ পোৱা ‘ৰামধেনু’ আলোচনীত অধ্যাপিকা সৰোজ দত্তই প্ৰায় নিয়মীয়াকৈ বিজ্ঞান বিষয়ক বাতৰি আৰু প্ৰবন্ধ লিখি উলিয়াইছিল। তাৰ পাছত অৱশ্যে অসমত মহিলা লেখিকা বাঢ়ি আহিল আৰু মহিলা লেখিকাৰ জনপ্ৰিয় বিজ্ঞান বিষয়ক প্ৰবন্ধ আৰু কিতাপৰ সংখ্যাও বাঢ়িল।

অসম সাহিত্য সভাই ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে ইয়াৰ বাৰ্ষিক অধিৱেশনবোৰৰ লগত একোখন ‘বিজ্ঞান সন্মিলনো’ অনুষ্ঠিত কৰি আহিছিল। সেই সন্মিলনবোৰত সভাপতিত্ব কৰিছিল অসমৰ একোজন বিজ্ঞান-সাধক তথা বিজ্ঞান লেখকে। সেইসকলৰ ভিতৰত আছিল নীলমণি ফুকন, লক্ষ্ণীনাথ দাস, ডঃ হিৰণ্যচন্দ্ৰ ভুঞা, ডঃ ৰোহিনীকান্ত বৰুৱা, ডঃ পবনচন্দ্ৰ মহন্ত, ডঃ হৰিপ্ৰসাদ বৰুৱা, ডঃ কালীনাথ শৰ্মা আদি বিজ্ঞান-সাহিত্যৰ লগত জড়িত ব্যক্তিসকল। পাছে তেওঁলোকৰ সেই মূল্যৱাণ ভাষনসমূহৰ প্ৰতিলিপি এতিয়া ক’তো পাবলৈ নাই। অধ্যাপক ক্ষীৰধৰ বৰুৱাই বিশিষ্ট সাহিত্যিক ফটিক হাজৰিকাৰ পৰা ১৯৫৬ চনৰ ধুবুৰী অধিৱেশনত লক্ষ্ণীনাথ দাসে দিয়া অভিভাষণৰ এটা কপি সংগ্ৰহ কৰি ‘অসমীয়া বিজ্ঞান সাহিত্য: অতীতৰ আৰু বৰ্তমানলৈ’ গ্ৰন্থত সন্নিবিষ্ট কৰিছে। অসম সাহিত্য সভাই ১৯৮৪ চনৰ পৰা প্ৰকাশ কৰা ‘শিশু জ্ঞানকোষ’ৰ প্ৰথম তিনিটা খণ্ডত জনপ্ৰিয় বিজ্ঞানৰ কথাই প্ৰকাশ কৰা হৈছিল। সেই ‘শিশু জ্ঞানকোষ’ৰ মুখ্য সম্পাদক আছিল ডঃ সত্যেন্দ্ৰনাথ শৰ্মা। বিজ্ঞান খণ্ডকেইটাৰ সম্পাদনাৰ দায়িত্ব বহন কৰিছিল ডঃ ভুবনমোহন দাস আৰু ডঃ হৰেন্দ্ৰনাথ শৰ্মা(প্ৰথম খণ্ড), ডঃ সোণেস্বৰ শৰ্মা, ডঃ প্ৰতুল গোস্বামী আৰু অধ্যাপক যশোনান্দ ভৰালী(দ্বিতীয় খণ্ড) আৰু ডঃ পৱিত্ৰ কুমাৰ শৰ্মা আৰু ডঃ কুলেন্দ্ৰ পাঠকে(তৃতীয় খণ্ড)। ডঃ পৱিত্ৰ কুমাৰ শৰ্মাই ‘ৰসায়ন শিক্ষা’ নামেৰে এখন ৰসায়ন বিজ্ঞান বিষয়ক দুমহীয়া জনপ্ৰিয় বিজ্ঞান আলোচনীও সম্পাদনা কৰিছিল। ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা ভাৰতীয় ভাষাবোৰৰ ভিতৰত সম্ভৱতঃ ইয়েই প্ৰথম আছিল।

অসমীয়া ভাষাত জনপ্ৰিয় বিজ্ঞান বিষয়ক এক উল্লেখযোগ্য সামূহিক প্ৰচেষ্টা হ’ল অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি হোমেন বৰগোহাঞিৰ নেতৃত্বত গঢ় লৈ উঠা ‘বিশ্বকোষ আন্দোলন’ৰ ফচল ‘বিজ্ঞান বিশ্বকোষ’। এই বিজ্ঞান বিশ্বকোষৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল প্ৰখ্যাত বিজ্ঞান লেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামী। সহযোগী সম্পাদকৰ দায়িত্ব চম্ভালিছিল অধ্যাপক ক্ষীৰধৰ বৰুৱা আৰু ডঃ সোণেশ্বৰ শৰ্মাই। এই বিজ্ঞান বিশ্বকোষত ২৬০ গৰাকী বিজ্ঞান লেখক-লেখিকাৰ জনপ্ৰিয় বিজ্ঞান বিষয়ক সুপৰিকল্পিত প্ৰবন্ধই স্থান পাইছিল। ইয়াৰ মুঠ পৃষ্ঠা সংখ্যা ২৪০০। আন এজন লেখক শান্তনু কৌশিক বৰুৱাই একক প্ৰচেষ্টাৰে ‘বিজ্ঞানে কি কয় কেনেকৈ কোন আৰু কেতিয়া’, ‘কোনে কেতিয়া ক’ত কি আৱিষ্কাৰ কৰিছিল’, ‘আমাৰ শৰীৰ এক আচৰিত যন্ত্ৰ’ আদি কেইখনমান গুৰুত্বপূৰ্ণ কিতাপ প্ৰস্তুত কৰি উলিয়াইছে।

জনপ্ৰিয় বিজ্ঞানৰে এক উল্লেখযোগ্য ভাগ হ’ল কল্পবিজ্ঞান। ১৯৩৭ চনত ‘আৱাহন’ত প্ৰকাশিত হৰিপ্ৰসাদ বৰুৱাৰ ‘বিৰচতীয়াৰ দেশ’ নামৰ কাহিনীটোকে আমীয়া ভাষাত এনে ধৰণৰ প্ৰথম ৰচনা হিচাপে অভিহিত কৰিব পাৰি। ১৯৩৮ চনত ‘আৱাহন’ত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ‘ৰসায়ন’ নামৰ আন এটা কল্পবিজ্ঞানৰ গল্প প্ৰকাশিত হয়। ই আছিল দ্বিতীয়টো কল্পবিজ্ঞান গল্প। অৱশ্যে তাৰো অনেক বছৰ আগতে ১৯১৪ চনতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ‘জগতৰ শেষ আদৰ্শ আৰু বিশ্বশান্তি স্থাপন’ নামৰ এক প্ৰবন্ধ লিখিছিল আৰু তাত মহাকাশ ভ্ৰমণ, অংগ প্ৰতিষ্ঠাপন আদিৰ কথাও কৈছিল। কল্পবিজ্ঞানৰ পূৰ্ণাংগ গ্ৰন্থৰ ক্ষেত্ৰত কুমুদেশ্বৰ বৰঠাকুৰৰ ‘গোলাই চিৰিজ’ৰ ‘এটম বোমা’(১৯৪৬) নামৰ গ্ৰন্থখনকে প্ৰথম প্ৰয়াস বুলিব পাৰি। ১৯৫০ চনত সৌৰভ কুমাৰ চলিহাৰ ‘আৱাজ’ হ’ল আধুনিক কল্পবিজ্ঞানৰ বিশেষত্ব-পূৰ্ণ প্ৰথম ৰচনা(অৱশ্যে বহু পাছতহে এই কাহিনীটো প্ৰকাশিত হৈছিল)। এওঁলোকৰ অৱদানৰ কথা মনত ৰাখিও ক’ব লাগিব যে অসমীয়া বিজ্ঞান সাহিত্যৰ কল্পবিজ্ঞানৰ শিশুটি ডঃ দীনেশ চন্দ্ৰ গোস্বামী, ডঃ বিজয়কৃষ্ণ দেৱ শৰ্মা আদিৰ হাতত ধৰিহে বাহিৰলৈ ওলাই আহিছে। বিশেষকৈ ডঃ গোস্বামীয়ে এই ক্ষেত্ৰত যথেষ্ঠ সংখ্যক কল্পবিজ্ঞান গল্প তথা উপন্যাস অকলেই লিখি উলিয়াইছে আৰু অসমীয়া কল্পবিজ্ঞান সাহিত্যক ভাৰতৰ প্ৰেক্ষাপটৰ এক সন্মানজনক স্থান প্ৰদান কৰিছে। তাৰ এক সুন্দৰ প্ৰমাণ হ’ল নেছনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰা ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ ‘স্বনিৰ্বাচিত গল্প’ নামৰ কল্পবিজ্ঞান পুথিখন। এইখন কিতাপ আন ভাৰতীয় ভাষালৈও অনুবাদৰ ব্যৱ্স্থা কৰা হৈছে আৰু এইখন হ’ল তেওঁলোকে প্ৰকাশ কৰা প্ৰথম আৰু একমাত্ৰ কল্পবিজ্ঞানৰ পুথি। আমাৰ আদৰৰ নৱকান্ত বৰুৱায়ো ‘অ-পদাৰ্থ’ নামৰ এখন কল্পবিজ্ঞান বিষয়ক উপন্যাস লিখিছিল। এই বিষয়ৰ এখন বিখ্যাত কিতাপ হ’ল ডঃ লক্ষ্ণীনন্দন বৰাৰ ‘কায়কল্প’। এইখন গ্ৰন্থৰ বাবে ডঃ বৰাই লাভ কৰে ২০০৮ চনৰ ‘সৰস্বতী সন্মান’। শান্তনু তামুলী আৰু বন্দিতা ফুকনেও জনপ্ৰিয় বিজ্ঞানবিষয়ক প্ৰবন্ধপাতি-গ্ৰন্থ লিখাৰ লগতে যথেষ্ঠসংখ্যক উৎকৃষ্ট মানৰ কল্পবিজ্ঞানৰ সাহিত্য সৃষ্টি কৰিছে। কল্পবিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে ৰথীন্দ্ৰনাথ গোস্বামী, চাকিল জামাল, ডঃ মিহিৰ কুমাৰ গোস্বামী, অভিজিৎ শৰ্মা বৰুৱা, অজন্তা দাস, ডঃ এ কে জিয়াউদ্দিন আহমেদ, প্ৰভাত গোস্বামী, মানবেন্দ্ৰ কুমাৰ বৰুৱা, পৰাগ ৰাজখোৱা আদিয়ে।

বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰি অসমক সন্মানিত কৰা অসমীয়া বিজ্ঞান লেখকসকলৰ ভিতৰত আছে ডঃ বিজয়কৃষ্ণ দেৱ শৰ্মা, ডঃ দীনেশ চন্দ্ৰ গোস্বামী, অধ্যাপক ক্ষীৰধৰ বৰুৱা আৰু শান্তনু তামুলী। অসমত ‘ছাইন্টুন’ বা বিজ্ঞান কাৰ্টুন অংকনৰ ক্ষেত্ৰত বাটকটীয়া হ’ল ক্ষীৰধৰ বৰুৱা। আনহাতে নাটকতো জনপ্ৰিয় বিজ্ঞান কৰি তোলাৰ ক্ষেত্ৰত আন এজন খ্যাতিসম্পন্ন লেখক, নাট্যকাৰ ডঃ শ্যামাপ্ৰসাদ শৰ্মাই প্ৰথম উল্লেখাযোগ্য বৰঙণি আগবঢ়াইছিল। জনপ্ৰিয় বিজ্ঞান বিষয়ল লেখক সকলৰ ভিতৰত ডঃ যজ্ঞেশ্বৰ হাতীবৰুৱা, ডঃ চন্দ্ৰমোহন শৰ্মা, ডঃ বসন্ত ডেকা, ডঃ ৰমেশ চন্দ্ৰ গোস্বামী, ডঃ অৱনী কুমাৰ ভাগৱতী, ডঃ অৱনী কুমাৰ গোস্বামী, অনিল কুমাৰ শৰ্মা, অধ্যাপক ডিম্বেশ্বৰ চলিহা, ডঃ শিৱনাথ বৰ্মন, ডঃ অখিল কুমাৰ ডেকা, ডঃ পদ্মপাণি, ডঃ কুলেন্দু কুমাৰ পাঠক, ডঃ বাৰীন্দ্ৰ কুমাৰ শৰ্মা, ডঃ অমিয়া ৰাজবংশী, ডঃ অমৰজ্যোতি চৌধুৰী, সুৰেন্দ্ৰনাথ মেধি, ডঃ ললিত বৰা, ডঃ হীৰালাল দুৱৰা, ডঃ কনকচন্দ্ৰ মহন্ত, পৰমানন্দ মজুমদাৰ, ডঃ পৰমানন্দ মহন্ত, ডঃ দীনেশ বৈশ্য, ডঃ মোহন চন্দ্ৰ কলিতা, ডঃ অনিল কুমাৰ বৰুৱা, ভৱেশ মহন্ত, ডঃ পুষ্প গগৈ আদিয়ে যথেষ্ঠ বৰঙণি আগবঢ়াই গৈছে। লগতে এইটোও বৰ উৎসাহৰ কথা হৈছে যে আন বহুসংখ্যক প্ৰতিভাসম্পন্ন লেখক-লেখিকাই এই ক্ষেত্ৰত নিৰলসভাৱে অৱদান আগবঢ়াই আহিছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান নাম হ’ল: ডঃ অদিতি বেজবৰুৱা, ডঃ কল্পনা দুৱৰা, ডঃ জয়ন্তী চুতীয়া, ডঃ অখিল বৰুৱা, অৰ্পণ দত্ত, বন্দিতা ফুকন, অভিজিত শৰ্মা বৰুৱা, ডঃ অৰুণমণি চৌধুৰী, প্ৰদীপ কুমাৰ গগৈ, ডঃ অন্নজ্যোতি গগৈ, দেৱজ্যোতি বৰা, ডাঃ দীপালী দত্ত, বিনয়মোহন শইকীয়া, ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মা, আনম্দ চন্দ্ৰ দত্ত, শান্তনু কৌশিক বৰুৱা, ৰাণী দেৱী বৰা, মনোৰঞ্জন হাজৰিকা, মহাননদ পাঠক, অচল গোস্বামী, ডঃ বিপুলজ্যোতি শইকীয়া, ডঃ অঞ্জনা বৰুৱা, ডঃ মানৱজ্যোতি বৰদলৈ, ডঃ অপৰাজিতা বৰকটকী, ডঃ মন্টু ভুঞা, ডঃ মালিনী, মহানন্দ শৰ্মা, জয়ন্ত কুমাঅৰ পাঠক, ডঃ মৃদুস্মিতা ফুকন, শান্তা শৰ্মা, স্বৰ্ভানু নাথ ডেকা, ডঃ চৌধুৰী নাথ শইকীয়া, ডঃ অৰ্পণা বুজবৰুৱা, শিখা বৰুৱা, ডঃ প্ৰাঞ্জলজ্যোতি দত্ত, ভৈৰৱ সন্দিকৈ, ডঃ উমাকান্ত শৰ্মা, কৰবী দেউৰী, লাৱণ্য লাহন চুতীয়া, বন্দনা দত্ত হাজৰিকা, দেৱজিত ফুকন, প্ৰতিভা দেৱী, কেশৱ চন্দ্ৰ গগৈ, ডঃ ৰাজীৱ গগৈ, ডঃ প্ৰতাপজ্যোতি সন্দিকৈ, ডঃ দিলীপ কুমাৰ নেওগ, অৰুণ কুমাৰ সন্দিকৈ, ডঃ প্ৰবাল শইকীয়া, প্ৰদীপ শইকীয়া, হেম শৰ্মা, ডঃ চুম্বিত চলিহা, প্ৰসন্ন কুমাৰ দত্ত, হেমেন শইকীয়া, তপন কুমাৰ শৰ্মা, ডঃ ৰফিক আলি, ডঃ হিৰন্য কুমাৰ চৌধুৰী, মৌচম হাজৰিকা, ডঃ অনুৰাধা বৰুৱা, ডঃ প্ৰমোদচন্দ্ৰ নেওগ, চন্দন কুমাৰ দুৱৰা, উৎপল কুমাৰ কলিতা, পুলিন কলিতা, ডঃ দিলীপ কুমাৰ কলিতা, ডঃ দীপালী মজুমদাৰ, ডঃ মণিমালা শইকীয়া, ধীৰেন্দ্ৰ কুমাৰ গগৈ, ডঃ দীপালী খাৰখৰীয়া কলিতা, গোপাল হাজৰিকা, ডঃ সুৰভি কাকতি, প্ৰশান্ত কুমাৰ বৰুৱা, ডঃ ইন্দিৰা বৰুৱা, প্ৰশান্ত কুমাৰ দাস, ডঃ লিপিকা বৰুৱা(বৰা), শৈলেন বৈশ্য, কুমুদ ঘোষ, জিতু কলিতা, ডঃ দণ্ডেশ্বৰ দত্ত, ডঃ প্ৰশান্ত হাজৰিকা, মলয়ৰাজ, ৰাজদীপ দাস, নিতুল দেৱচৌধুৰী কলিতা, ধ্ৰুৱজ্যোতি কলিতা, লক্ষ্ণী নাৰায়্ণ দাস মুনীন কাকতি, ভৃগু পাঠক আদি।

লেখক: শান্তনু কৌশিক বৰুৱা

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top