মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / অসমীয়াক শ্ৰেষ্ঠ জাতি কৰাৰ স্বপ্নদ্ৰষ্টাজন আনন্দৰাম ঢেকিয়াল ফুকন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়াক শ্ৰেষ্ঠ জাতি কৰাৰ স্বপ্নদ্ৰষ্টাজন আনন্দৰাম ঢেকিয়াল ফুকন

অসমীয়াক শ্ৰেষ্ঠ জাতি কৰাৰ স্বপ্নদ্ৰষ্টাজন আনন্দৰাম ঢেকিয়াল ফুকন

গধুৰ চৰকাৰী কামৰ বোজা মূৰত লৈ অসমীয়া ভাষা-সাহিত্য,বুৰঞ্জী সাহিত্য আৰু তুলনামূলক ভাষাতত্বৰ তথ্য তেঁও স্ংগ্ৰহ আৰু প্ৰণালীবদ্ধভাৱে উত্থাপন কৰাৰ লগতে প্ৰাচীন ভাৰতীয় সাহিত্যৰ লগত ন-পঢ়ুৱৈৰ মানসিক স্ংযোগ প্ৰক্ৰিয়াও প্ৰশস্ত কৰিছিল। ১৮২৯ চনত জন্মগ্ৰহন কৰি ১৮৫৯ চনৰ ১৬ জুনত মৃত্যু হোৱা আনন্দৰাম ধেকিয়াল ফুকনে মাথোঁ একুৰি দহ বছৰহে আয়ুস পাইছিল।কিন্তু এই নিচেই চুটি জীৱনকালৰ ভিতৰতে ঢেকিয়াল ফুকনে অসম আৰু অসমীয়া জাতিৰ, বিশেষকৈ অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা কৰি থৈ গ’ল। সেই স্বকীয়তাই অসমীয়া জাতিক জীয়াই থকাৰ ভেটি স্থাপন কৰিলে। আনন্দৰাম ঢেকিয়াল ফুকনক অসমীয়া নৱজাগৰণৰ নায়ক বুলি অভিহিত কৰিব পাৰি। ঊনবিংশ শতিকাৰ শিক্ষিত আৰু জাতি সচেতন অসমীয়াসকলৰ চিন্তাত বাঙালী ভষাৰ আগ্ৰাসন প্ৰতিহত কৰা আৰু অসমীয়া ভাষা, সাহিত্য পুনৰ উদ্ধাৰ তথা প্ৰতিষ্ঠাৰ এই জাতীয় মহাৰণখনৰ ৰণশিঙা বজাই দিয়া প্ৰথম আৰু প্ৰধান মানুহজনেই আছিল আনন্দৰাম ঢেকিয়াল ফুকন। গুণাভিৰাম বৰুৱাৰ ভাষাত ‘আদালত আৰু লোকৰ অৱস্থা দেখি অসমীয়া ভাষা চলাবৰ নিমিত্তে ফুকনৰ যত্ন হ’ল।নানা উপদেশগৰ্ভ ইংৰাজী প্ৰস্তাৱৰ পৰা স্ংগ্ৰহ কৰি ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ নামে দুই কান্ত পুস্তক ফুকনে অসমীয়াত প্ৰচাৰ কৰিলে। অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ যিমান যত্ন আৰু আগ্ৰহ আছিল, তাক লিখা বাহুল্য। তেওঁৰ দিনত অসমীয়া ভাষাৰ একো উন্নতি নহ’ল।কিন্তু নানাবিধ আৰু প্ৰচণ্ড বাধা অতিক্ৰম কৰি ১৮৭২ চনত ছাৰ জৰ্জ কেম্বল লেফটেনেন্ট গৱৰ্নৰ চাহাবৰ আজ্ঞাৰে সেই অসমীয়া ভাষা দেশত প্ৰচলিত হ’ল। সেই ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ স্ংক্ষিপ্তৰুপে এই দেশৰ বিদ্যলয়সমূহঁত এতিয়া প্ৰচাৰিত হৈছে। অসমীয়া ভাষাৰ উন্নতিৰ মূল সেই ফুকন।(গুণাভিৰাম বৰুৱা,আনন্দৰাম ঢেকিয়াল ফুকন জীৱন চৰিত পৃষ্ঠা ৪০-৪১)।

এইখিনিতে প্ৰাস্ংগিক যে ঊনবিংশ শতিকাত অসমৰ ভাষা-স্ংস্কৃতিৰ ওপৰত চলা বিজতৰীয়া আগ্ৰাসনটোৱেই আছিল অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ ভয়ানক বিপৰ্যয়। সন্দেহ নাই, তেনে এক যুগসন্ধিত আনন্দৰাম ঢেকিয়াল ফুকনে অত্যুগ্ৰ স্বদেশপ্ৰেমেৰ ভাবাদৰ্শৰে উদ্ভাসিত হৈছিল আজিৰ পৰা এশ আশী বছৰ আগতে এজন উনত্ৰিশ বছৰীয়া যুবকৰ ব্যতিক্ৰমী আৰু অবিস্মৰণীয় অৱদান আছিল এয়ে যে তেঁও অসমীয়াৰ মাজত এটা বৌদ্ধিক জাগৰণ সৃষ্টি কৰি, বাংলা ভাষাৰ আগ্ৰাসনৰ লগতে সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসনৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাতিটোক আধুনিক,গতিশীল,উদ্যমী আৰু কৰ্মব্যস্ত কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।উদগ্ৰ স্বদেশ প্ৰেমৰ জুই একুৰা তেওঁৰ অন্তৰত অনবৰতে জ্বলি নথকা হ’লে আনন্দৰামক হয়তো আমি অসমীয়া জাতিৰ স্বপ্নদ্ৰষ্টাৰ ৰুপত নপালোহেঁতেন।সেইবাবেই হয়তো অসমৰ গৱৰ্নৰ জেনেৰেলৰ এজেন্ট আৰু কমিছনাৰ কৰ্নেল হপকিনছে (১৮৬১-৭৪)ঢেকিয়াল ফুকন সন্দৰ্ভত অধিক উৎসাহিত হৈ এনেদৰে কৈছিল-‘বংগদেশৰ ৰাজা ৰামমোহন ৰায় যেনে অসমত আনন্দৰাম ফুকনো তেনে আছিল,কিন্তু সেই দুই দেশৰ অৱস্থাৰ প্ৰভেদলৈ, আৰু আনন্দৰাম ফুকন নিজৰ উন্নতিৰ নিমিত্তে যিমান সুচল আছিল, তালৈ চাই তেওঁক ৰাজা ৰামমোহনতকৈও ওখ, অসাধাৰণ লোক বোলা উচিত।

আধুনিকতাৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকনৰ সৰ্বোতকৃষ্ট অৱদান হ’ল অসমীয়া ভাষাক অসমত চৰকাৰী ভাষাৰুপে প্ৰতিষ্ঠা কৰাত তেওঁৰ ভূমিকা । ১৮৫৩ চনৰ ৪ জুলাইত অসমৰ বিষয়ে অধ্যয়ণ কৰিবলৈ অহা এ জে মোফাট মিলছৰ হাতত ইংৰাজীতে দাখীল কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘observationons on the Administration of the province of Assam’ আৰু ‘A few remarks on the Assamese Language by a netive’ নামৰ প্ৰতিবেদন দুখনে আনন্দৰাম ঢেকিয়াল ফুকনক এগৰাকী মহৎ অসমীয়া হিচাপে সমগ্ৰ জাতিটোৱে সদায়ে স্মৰণ কৰি থাকিব। ১৮৫৩ চনৰ ৪ জুলাই তাৰিখে মোফাট মিলছক দিয়া স্মাৰক পত্ৰই এই বিষয়টো সম্পৰ্কে কোম্পানীৰ পৰিদৰ্শকৰুপে অহা মোফাট মিলছ চাহাবৰ মতামতকো প্ৰভাৱিত কৰিছিল। উল্লেখ্য যে ইংৰাজী ভাষাত লিখা সেই সময়ৰ অসম ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উপৰি আইন আদলতত প্ৰচলিত ভাষাৰ বিষয়ে প্ৰস্তুত কৰা প্ৰতিবেদনখনৰ যুক্তিপূৰ্ণ তথ্যত সন্তষ্ট হৈছিল বৃটিছ বিচাৰপতি মফাট মিলছ। উক্ত বিষয়ৰ ওপৰত তেওঁ নিজে দাখিল কৰা প্ৰতিবেদনৰ লগত আনন্দৰামৰ প্ৰতিবেদনখনো স্ংলগ্ন কৰি দিছিল উৰ্ধ্বতন প্ৰকাশকৰ ওচৰত। আনহাতে, অসমীয়া ভাষা-সাহিত্যৰ স্বতন্ত্ৰ অৱস্থান সম্পৰ্কে ১৮৪৮ চনত ব্ৰিটিছ প্ৰকশকৰ ওচৰত দখিল কৰা ‘An observation on the administration of the province of Assam’ শীৰ্ষক ঐতিহাসিক প্ৰতিবেদনখন তথ্যসমৃদ্ধ বিশ্লেষণাত্মক লেখাৰুপে গুৰুত্বপূৰ্ণ  হৈ ৰৈছে। উল্লখ্য যে মাত্ৰ চৌব্বিশ বছৰ বয়সত লিখা আৰু ১৮৪৭ চনত মাহেকীয়া ‘অৰুণোদই’ত প্ৰকাশ হোৱা উক্ত শীৰ্ষক পৰিপূৰিকা প্ৰতিবেদনখনত আনন্দৰামে অসমৰ ভাষা সমস্যাৰ লগতে অন্যান্য বিষয়ো প্ৰকাশ কৰিছিল। যেনে-ভূমি ৰাজহ, ৰাজহ কৰ নিৰ্ধাৰণ, কৃষিকৰ্ম, শিক্ষানুষ্ঠান, দাতব্য অনুষ্ঠান,জনস্ংখ্যা, জন্ম-মৃত্যু পঞ্জীয়ন, জনস্বাস্থ্য, আইন-আদালত। সেই বিষয়সমূহৰ বিষয়ে বিশ্লেষণাত্মক আলোচনা অসমৰ দৰে সেই সময়ৰ এখন অনুন্নত ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ পৰিবৰ্তন তথা আধুনিকীকৰণৰ বাবে অতি প্ৰয়োজনীয় আছিল। আনহাতে, এই প্ৰতিবেদনখন প্ৰকাশৰ পিছতে স্ংশ্লিষ্ট মহলত দাখিল কৰা আনখন প্ৰতিবেদন আছিল-A few remarks on the Assamese Language’ and on ‘vernacular education’।উক্ত প্ৰতিবেদনত অসমীয়া ভাষাৰ পুনৰ্বাসনৰ সপক্ষে তেওঁ সাতোটা অকাট্য যুক্তি দাঙি ধৰিছিল। গধুৰ চৰকাৰী কামৰ বোজা মূৰত লৈ অসমীয়া ভাষা-সাহিত্য,বুৰঞ্জী সাহিত্য আৰু তুলনামূলক ভাষাতত্বৰ তথ্য তেওঁ স্ংগ্ৰহ আৰু প্ৰণালীবদ্ধভাৱে উত্থাপন কৰাৰ লগতে প্ৰাচীন ভাৰতীয় সাহিত্যৰ লগতে ন-পঢ়ুৱৈৰ মানসিক স্ংযোগ প্ৰক্ৰিয়াও প্ৰশস্ত কৰিছিল। এনেদৰেই একাংশ আমৰিকান মিছনেৰীৰ সান্নিধ্য আৰু ব্ৰিটিছ প্ৰশাসকৰ সদিচ্ছা পাই আনন্দৰাম ঢেকিয়াল ফুকনৰ বাস্তৱমুখী প্ৰচেষ্টাৰ বাবেই ঊনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰাই এসময়ৰ অনুন্নত অসমত ভিন্নমুখী জ্ঞান,বিজ্ঞান, স্বকীয় ভাষা-সাহিত্য চৰ্চাৰ লগতে বিদ্যা-শিক্ষাৰ এক নৱলব্ধ পৰিৱেশ গঢ় লৈ উঠিছিল। উল্লেখ্য যে ঢেকিয়াল ফুকনৰ মৃত্যু হৈছিল অতি কম বয়সতে। কিন্তু এই ক্ষণজন্মা আনন্দৰামেই হৈ পৰিছিল আধুনিকতাৰ বৰ্তাবাহক প্ৰথমজন অসমীয়া, আধুনিক সমৃদ্ধিশালী অসমীয়া জাতি এটাৰ প্ৰথম স্বপ্নদ্ৰষ্টা আৰু নৱজাত শিক্ষিত অসমীয়া মধ্যশ্ৰেণীটোৰ আদিপুৰুষ।

আনন্দৰাম ঢেকিয়াল ফুকনে কলকাতাত পঢ়ি থকা অৱস্থাতে ১৮৪৭ চনত ‘ইংলেণ্ডৰ বিৱৰণ’ শীৰ্ষক ৰচনাখন লিখি উলিয়াইছিল আৰু এইখন ‘অৰুণোদই’ আলোচনীত প্ৰকাশো হৈছিল। উল্লেখ্য যে এই ৰচনাখন লিখা হৈছিল অসম দেশ আৰু অসমীয়া জাতীয় জীৱনৰ এনে এক সন্ধিক্ষণত যি সময়ত মুষ্টিমেয় কেইজনমান ব্যক্তিয়েহে আৰম্ভ কৰিছিল ভাষা-সাহিত্য পুনৰুদ্ধাৰৰ প্ৰচেষ্টা। সেই সময়ত অসমীয়া ভাষা-সাহিত্যৰ গদ্য লিখাৰ সুস্ংহত পদ্ধতি নাছিল আৰু সমগ্ৰিকভাৱে ‘অসম দেশ’ৰ পৰিস্থিতি ‘হতাশাজনক’ আছিল। আনহাতে,এই ৰচনাখনৰ মাজেদি প্ৰতিফলিত হৈছিল এজন ছাত্ৰ লেখকৰ স্বদেসানুৰাগৰ পৰিধি। জিজ্ঞাসু মানসিকতাৰ লগতে যুক্তিবাদী চিন্তাৰ উন্মেষ। আনহাতে, ‘ইংলেণ্ডৰ বিৱৰণ’ৰ স্ংযত প্ৰকাশভ্ংগী, সুস্ংহত যুক্তি বিন্যাস আৰু বিশ্লেষণাত্মক দৃষ্টিকোন বিশেষভাৱে মন কৰিবলগীয়া। আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনী ৰচক গুণাভিৰাম বৰুৱাই লিখিছে যে কলকাতাত পঢ়ি থকোতেই আনন্দৰামে ইংলেণ্ড, ৰোম, গ্ৰীচ আৰু ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ণ কৰিছিল।কিন্তু আনন্দৰামে কোনোদিনেই ইংলেণ্ড দেখা নাছিল। কোনো সন্দেহ নাই যে ইতিহাস অধ্যয়ণে জন্ম দিয়া চালুকীয়া চেতনাৰ এক বিশ্বস্ত দলিল আনন্দৰামৰ ‘ইংলেণ্ডৰ বিৱৰণ’। ইতিহাস অধ্যয়ণে জন্ম দিয়া আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘ইংলেণ্ডৰ বিৱৰণী’ত ‘তোমালোকে অলপ গমি চালেই জানিবা যে তোমালোকৰ দুৰৱস্থাৰ হেতু তোমালোকেই বুলি’ তাতপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। সেই মন্তব্য অস্তিত্বৰ স্ংকটত কক্‌বকাই থকা আজিৰ অসমীয়াই হাড়ে হাড়ে উপলব্ধি কৰিব নোৱৰাটো জাতিটোৰ বাবেই চৰম দুৰ্ভাগ্যজনক। আনন্দৰামে আজিৰ পৰা এশ আশী বছৰ আগতেই ইংলেণ্ডৰ সৈতে অসমক তুলনা কৰিছিল আৰু সেই সময়তে সঠিক বাক্যবান নিক্ষেপ কৰি এই কথাও কৈ থৈ গৈছিল যে অসমীয়া মানুহে নিজৰ উন্নতি কৰিবলৈ হ’লে হীনমন্যতা আৰু মনৰ পৰা অহমিকাবোধ দূৰ কৰিব লাগিব।আনন্দৰামে সেয়ে বিদ্যানুৰাগী, দেশপ্ৰেমীক, সু-চৰিত্ৰবান আৰু মানৱদৰদী মানুহ হোৱাৰ আহ্বান জনাইছিল। নতুন প্ৰজন্মৰ অসয়ীয়াক বিদ্যানুৰাগী কৰাৰ হাবিয়াহ আনন্দৰামৰ ইমানেই তীব্ৰ আছিল যে ক্ষেত্ৰবিশেষে পৰম্পৰাগত প্ৰমূল্যক নেওচা দিও তেওঁ বিদ্যাৰ্জন কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ লিখিছে-ল’ৰাসকল, তোমালোকে আটায়ে একে বাক্য হৈ কাৰো হাক নুশুনি বিদ্যাত আটায়ে চিত আৰু শক্তি দিয়া।’ আনহাতে, আনন্দৰামে ‘হে কৃপাময় জগদিশ্বৰ, এই দেশৰ লোকসকলক সভ্য, গিয়ানি আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, যি সময়ত অসম হাবি গুছি ফুলবাৰি হ’ব, নৈত ডোংগা গুছি জাহাজ হ’ব, ঘৰ বাঁহৰ গুছি শিল-ইটাৰ হ’ব; গাঁৱে গাঁৱে হেজাৰ হেজাৰ পঢ়াশালী গিয়ানীৰ সভা, যি কালত লোকসকলে পৰস্পৰ হিংসা নকৰি আটায়ে ভাতৃবত চেনেহ কৰিব, সেই সময়, হে পিতা জগদিশ্বৰ সেয়াই ঘটোৱা’ বুলি অসমীয়া জাতিটোক লৈ যি সপোন ৰচিছিল, আনন্দৰামে যি আধুনিক অৰ্থনৈতিক দৃষ্টিভ্ংগী গ্ৰহন কৰি আগবাঢ়ি যোৱাৰ সপোন ৰচিছিল, সেয়া আছিল যথাৰ্থভাৱেই আনন্দৰামৰ অত্যুগ্ৰ স্বদেশানুৰাগ। সেইদৰে অসমৰ দুৰৱস্থাৰ আঁতি-গুৰি বিচাৰি ‘ইংলেণ্ডৰ বিৱৰণ’ত আনন্দৰামে যি চাৰিটা কাৰণৰ উল্লেখ কৰিছে,তাৰে তৃতীয়টোত অসমীয়া মানুহৰ বাণিজ্য বিমুখ চৰিত্ৰৰ কথা উল্লেখ কৰি কৈছে-‘তোমালোকৰ ভিতৰত বাণিজ্যৰ অনুশিলন নিশ্চয়কৈ নাই, সকলোৱে ধন মাটিত পুতি থৈ ভাল পাই, কিন্তু যিহৰ পৰা সেই ধনেৰে ধন হয়, তাক নিচিন্তে। ইংৰাজৰ সভ্যতাৰ ঘাই একহেতু বাণিজ্য, এতেকে যদি ধনী হ’ব খোজা তেন্তে সম্প্ৰতি বাণিজ্যত প্ৰৱৰ্ত হোৱা।’ অৰ্থাৎ ব্যৱসায়-বাণিজ্যৰ প্ৰতি সেই তাহানিতে অসমীয়া সকলক আগুৱাই আহিবলৈ উদাত্ত আহ্বান জনাইছিল।

লিখক: তপন কুমাৰ শৰ্মা।

3.08333333333
যুগান্ত Oct 12, 2018 09:07 PM

অতি সুন্দৰ তথ্য সমৃদ্ধ লেখনি

অতনু ৰান্ধনী Mar 01, 2018 11:54 AM

আনন্দৰাম ঢেকিয়াল ফুকনৰ আধুনিক অসমীয়াগদ্য সাহিত্যলৈ অৱদান খিনি লিখিব চোন।

খগেন শৰ্মা Jul 27, 2015 08:26 PM

ভাল প্ৰচেস্টা, ধন্যবাদ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top