অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনন্দৰাম বৰুৱা

আনন্দৰাম বৰুৱা

আনন্দৰাম বৰুৱাৰ ১৮৫০ চনত উত্তৰ গুৱাহাটীত জন্ম হয়। তেওঁৰ পিতৃ গৰ্গৰাম বৰুৱা আছিল গুৱাহাটীৰ কাছাৰীৰ সদৰামিন।সংস্কৃতপ্ৰেমী পিতাক গৰ্গৰাম বৰুৱাৰ বিশেষ আগ্ৰহ আৰু যত্নৰ গুণতেই আনন্দৰাম বৰুৱা সৰুতেই সংস্কৃতৰ প্ৰতি অতিকে আকৃষ্ট হৈছিল। ইয়াৰ প্ৰভাৱ আনকি তেওঁৰ ভৱিষ্যৎ জীৱনলৈ সুদূৰপ্ৰসাৰী হৈ ৰৈ গৈছিল। আনন্দৰাম বৰুৱাই চৈধ্য বছৰ বয়সতে জলপানি লৈ সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেওঁ কলিকতাৰ প্ৰেছিডন্সি কলেজৰ পৰা প্ৰথম বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। আনন্দৰাম বৰুৱাই সৰ্বপ্ৰথম অসমীয়া স্নাতক গৌৰৱৰ অধিকাৰী। স্নাতক ডিগ্ৰীৰ পাছত তেওঁ উচ্চ শিক্ষাৰ উদ্দেশ্যে চৰকাৰৰ পৰা মাহিলী পাঁচশ টকাৰ বৃত্তি লৈ বিলাতলৈ যাত্ৰা কৰে। বিলাতত তেওঁ তিনি বছৰ অধ্যয়ন কৰাৰ পাছতে সুখ্যাতিৰে বেৰিষ্টাৰী পাছ কৰাৰ উপৰি বিশেষ প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে। বিলাতৰ পৰা ঘূৰি আহিয়েই প্ৰথমে আনন্দৰাম বৰুৱাই শিৱসাগৰৰ সহকাৰী আয়ুক্তৰ পদৰ চাকৰিত যোগদান কৰে। সেয়ে তেওঁৰ কৰ্ম জীৱনৰো পাতনি। শিৱসাগৰৰ চাকৰিৰ পাছত তেওঁ বংগদেশলৈ বদলি হৈ যায়। বংগদেশৰ বিভিন্ন জিলাত তেওঁ যুটীয়া জিলা মেজিষ্ট্ৰেট পদত কাৰ্যনিৰ্বাহ কৰে।আনন্দৰাম বৰুৱা এজন অতি জনপ্ৰিয় প্ৰশাসনিক বিষয়া আছিল। তেওঁ য’তেই চাকৰি কৰিছিল তাৰ জনসাধাৰণে তেওঁৰ ভদ্ৰ আচৰণ আৰু অমায়িক ব্যৱহাৰত মুগ্ধ হৈছিল। তাৰ বাবে তেওঁক জনসাধাৰণে যথেষ্ট আদৰ-সাদৰ কৰি সন্মান যাচিছিল। তেওঁ নোৱাখালি জিলাত কিছুমান অতি জনকল্যাণীয় কাম সম্পাদন কৰিছিল। তাৰ বাবে তেওঁ নোৱাখালিত অতি প্ৰিয়ভাজন হোৱাৰ উপৰি তাৰ ৰাইজে তেওঁক ভূয়সী প্ৰশংসা কৰিছিল। আনন্দৰাম বৰুৱা আজীৱন অবিবাহিত আছিল। শিক্ষা আৰু অধ্যয়নেই আছিল তেওঁৰ জীৱনৰ লগৰী। আনকি তেওঁ কাছাৰীৰ অতি কৰ্মব্যস্ত অৱস্থাতো সময় উলিয়াই কিতাপ পঢ়িছিল। আজীৱন শিক্ষাসেৱী আনন্দৰাম বৰুৱা আছিল সংস্কৃতৰ অগাধ পণ্ডিত। শিক্ষা জগতৰ সংস্কৃত বিষয়ত তেওঁ আছিল এক মহান তাৰকা। এটা সময়ত সংস্কৃত বিষয়ত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছিল। সেই মতে সেই সময়ত সংস্কৃত শিক্ষাৰ যথেষ্ট প্ৰসাৰো হৈছিল। কিয়নো ভাৰতবৰ্ষৰ ভালেমান ভাষাই সংস্কৃত মূলৰ। আনন্দৰাম বৰুৱাই সংস্কৃত শিক্ষা-সাহিত্যৰ জৰিয়তে অসমৰ শিক্ষাৰ ক্ষেত্ৰলৈ অতি অতুলনীয় অৱদান আগবঢ়াই গৈছে। সংস্কৃত বিষয়ত আনন্দৰাম বৰুৱাৰ প্ৰণীত ভালেমান বহুমূলীয়া গ্ৰন্থ তেওঁৰ মৃত্যুৰ পাছতহে প্ৰকাশ পায়।তেওঁ যুগুতাই উলিওৱা অভিধান আৰু ব্যাকৰণ পুথি সংস্কৃতপ্ৰেমী-শিক্ষাসেৱীসকলৰ বাবে অতি আপুৰুগীয়া সম্পদ। অসমৰ প্ৰথম স্নাতক আনন্দৰাম বৰুৱা আছিল ভাৰতৰ ভিতৰতে পঞ্চম আৰু অসমৰ প্ৰথমজন আই চি এছ বিষয়া। ব্ৰিটিছ শাসন কালত জিলা মেজিষ্ট্ৰেট পদত অধিষ্ঠিত আনন্দৰাম বৰুৱাই প্ৰথমজন অসমীয়া। আনকি তেঁৱেই সেই পদবী পোৱা প্ৰথমজন ভাৰতীয় সন্মানৰো অধিকাৰী। অসমৰ এইজনা সু-সন্তান মাত্ৰ ৩৯ বছৰ বয়সতে ১৮৮৯ চনত স্বৰ্গগামী হয়।

লিখক: দীপক কুমাৰ দলে, দৈনিক জনমভূমি।

 

শেহতীয়া উন্নীতকৰণ: : 7/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate