অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলাগুৰু বিষ্ণুৰাভা

এই লেখাত বিষ্ণুৰাভাৰ বিষয়ে এটি চমু বিবৰণ দাঙি ধৰা হল।

মহাপুৰুষ শংকৰ দেব মাধবদেবৰ পিছতেই অসমীয়া জাতি গঢ় দিওতা,কৃষ্টি সংস্কৃতিৰে নিজৰ নাম উজ্বলাব সক্ষম হোৱা ব্যক্তি ৰূপকোৱৰ জ্যোতিপ্রৰসাদ আগৰৱালা আৰূ কলাগুৰু বিষ্ণু প্রৰসাদৰাভা অন্যতম। এই সকলৰ অপ্রাণ চেষ্টাত আছি আমি অসমীয়া বুলি নিজকে গৌৰব অনুভব কৰো।১৪০০,১৫০০ খৃষ্টাব্দতে মহাপুৰুষ দুজনাই নাম ধর্মৰ লগতে বহুতো সত্রীয়া কৃষ্টি সংষ্কৃতিৰে অসমীয়াৰ ভেটি টনকিয়াল কৰি থৈ গৈছে।জোতি প্রৰসাদ আৰূ বিষ্ণুৰাভাৰ কর্ম আৰূ সৃষ্টিয়ে অসমীয়া সাহিত্য,কৃষ্টি আৰূ সংস্কৃতিত গৌৰৱমণ্ডিত কৰিছে।যদিও ৰাভা জ্যোতি প্রৰসাদ আগৰৱালাতকৈ ৬টা বছৰ সৰূ আছিল তথাপি দুয়ো সাংস্কৃতিত কাম একেলগে কৰাৰ সুযোগ পাইছিল।আৰূ তাৰ পাছতেই ৰাভাই প্রৰথম অসমীয়া বোলছবি জয়মতীৰ কামত জ্যোতি প্রৰসাদক সহায় কৰে।পাছলৈও বহুতো সৃষ্টি একেলগেই কৰি যায়। বিভিন্ন প্রৰতিভাৰ গৰাকী বিষ্ণু প্রৰসাদ ৰাভা জন্ম হয় বিখ্যত ঢাকা চহৰত ১৯০৯চনৰ ৩১জানুৱাৰী তাৰিখে।পিতৃ গোপাল ৰাভা চুবেদাৰ মেজৰ হৈ ঢাকালৈ যোৱাৰ পিছত ঢাকা মহানগৰীৰ সেনাৰ ছাউনিতে ৰাভাৰ জন্ম হয়। তেখেতৰ মাতৃ গেঠী দেবী।গোপাল ৰাভাৰ মুঠ সন্তান আঠ জন।তাৰে ভিতৰত পাচজন পুত্রৰ ক্রৰমে দিলীপ,গোপাল,নন্দলাল,বিষ্ণুৰাভা আৰূ ৰঞ্জিত। কন্য তিনি গৰাকী ক্রৰমে কমলা,মনমোহিনী আৰূ লক্ষ্মী।ৰাভা দেবে প্রৰথমে ঢাকাৰ মিলিটাৰী প্রাইমেৰী স্কুলত বাংলা ভাষাত শিক্ষা আৰম্ভ কৰে।তৰ পাছতে তেজপুৰলৈ আহি তেজপুৰ চৰকাৰী হাইস্কুলত নাম ভর্তি কৰে।১৯২৬চনত দৰং জিলাৰ ভিতৰত প্রৰথম হৈ প্রৰথম বিভাগত প্রৰবেশিকা পৰীক্ষাত উত্তীর্ণ হয়।তাৰ পাছতেই ৰাভাই কলকতা চেন্টপ'ল কলেজত আই-এছ-চি শ্রেণীত নাম লগাই।ইয়াত পঢ়ি থাকোতে ৰাভাদেবে সংস্কৃতিৰ প্রৰতি মনোযোগ দিয়ে, তাৰ পাছত১৯২৮ চনত কলকতাৰ ৰিপন কলেজত বিএছচি শ্রেণীত নাম লগাই পদার্থ বিজ্ঞানত অনার্ছলৈ পঢ়ে।ৰাভা দেব সৰুৰে পৰাই প্রৰখৰ মেধাশক্তি আৰূ সংবেদনশীল মনৰ, এই সংবেদনশীলতাই তেখেতক শিল্পী আৰূ বিল্পবী কর্মী রূপে গঢ়ি তুলিছিল। কলকতা কলেজত পঢ়ি থকা সময়চোৱাত তেওঁ পঢ়া শুনাৰ পৰা আদি কৰি খেলা ধূলা,শিল্প সাহিত্য ইত্যাদি সকলোতে আগবঢ়া আৰূ নেতৃত্ব দিবলৈ সমর্থবন হৈছিল।কলকতাৰ দৰে এখন আগবঢ়া ঠাইত অসমৰ দৰে এখন পিছ পৰা অঞ্চলৰ এজন ছাত্রাই এনে ভূমিকা লব পৰাটো গভীৰ তাৎপয্যপূর্ণ। তেখেত একাধাৰে সুনিপুণ নৃত্যশিল্পী,বাদ্য শিল্পী,নাট্যকাৰ,সুদক্ষ অভিনেতা,খেলুৱৈ, নিবন্ধকাৰ,সু-গায়ক,গীতিকাৰ আৰূ সুৰকাৰ আছিল।তেখেত এই গুন বোৰৰ অধিকাৰী হোৱাৰ বাবে কলাগুৰু সন্মানেৰে সন্মানিত হৈছিল। ১৯৪০চনত কাশী হিন্দু বিশ্ব বিদ্যালয়ত ৰাভা দেবে ১০৮ বিধ নৃত্য প্রৰদর্শনেৰে নিজৰ পৰিচয় দাঙি ধৰিছিল,তাৰ ভিতৰত তাণ্ডব নৃত্যও অন্তভূক্ত আছিল আৰু এই নৃত্য প্রৰদর্শনেৰে সেই সময়ৰ উপাচার্য্য দার্শনিক পণ্ডিত ডঃ সর্বপল্লী ৰাধাকৃষ্ণণ পৰা সোণৰ পদক লাভ কৰাৰ লগতে ভাৰত শ্রেষ্ঠ কলাবিদ উপাধি লাভ কৰি অসমলৈ গৌৰব কঢ়িয়াই আনিছিল।ৰাভা দেবৰ সংস্কৃতিক জীবনৰ কেন্দ্রৰস্হল আছিল তেজপুৰৰ বাণ থিয়েটাৰ , তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰিও নাটকত অভিনয় কৰিছিল।তেখেতে সর্বমুঠ ৪৭খন গন্থ ৰচনা কৰে,তাৰে ভিতৰত উল্লেখযোগ্য কেইখনমান গন্থ হল-ভাৰতীয় সংগীত,নৃত্য-কলা, বৰগীত স্বৰলিপিসহ,কৃষক,মুক্তি দেউল,কেৰু মণি থুৰিয়া, সোণপাহী আদি প্রৰধান।গীত নৃত্য আৰু অন্যান্য সংস্কৃতিক কর্ম ব্যস্ত হৈ থাকোতে বিষ্ণুৰাভাই এবাৰ যোৰহাটৰ ষোল্ল বছৰীয়া গায়ীকা প্রিয়লতা দত্তক লগ পাই, প্রৰথম দেখাতে তেওঁলোকে ইজনে সিজনৰ প্রৰতি আকর্ষিত হয় আৰু ১৯৩৬চনত দুয়ো বৈবাহিক জীবনত সোমাই পৰে।কিন্তু বিয়াৰ ছমাহৰ পাছতেই পত্নী প্রিয়লতা সন্নিপাত জ্বৰত আক্রান্ত হৈ কলকতাৰ মেডিকেল কলেজত মৃত্যু হয়।পত্নীৰ বিয়োগত ৰাভাদেব ভাঙি পৰে আৰূ তাৰ পাছতেই ৰচনা কৰে এই গীতটিৰ "পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা,পুৰাবানে প্রিয়ে এই জনমত মোৰ হিয়াৰ অপূণ্য আশা"...। ১৯৪৭চনত ভাৰতে স্বাধীনতা লাভ কৰে,বিষ্ণুৰাভাৰ দৃষ্টিত সেই স্বাধীনতা প্রৰকৃত স্বাধীনতা নাছিল।আৰূ সেই স্বাধীনতাৰ বিপৰীতে মাত মতাৰ বাবে চৰকাৰী পুলিছ বাহিনীয়ে গ্রেপ্তাৰৰ বাবে বিছাৰিবলৈ ধৰে।গেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰাভাই গাৱে ভূঞে আত্মগোপন কৰে।নলবাৰী জিলাৰ বেলশৰৰ নবীন চন্দ্রৰ মেধিৰ ঘৰত আত্মগোপন কৰি থাকোতে মেধিৰ জীয়ৰী কনকলতা মেধিৰ লগত ভাল হয় আৰূ ১৯৫১চনত যুগ্মজীবনৰ পাতনি মেলে।তাৰ পাছত ১৯৫৭চনত ৰাভাৰ প্রৰথম পুত্রৰ পৃথিৰাজ ৰাভা আৰূ ১৯৬০চনত দ্বিতৃয় পুত্রৰ হেমৰাজ ৰাভাৰ জন্ম হয়। কৃষক আন্দোলনৰ সময়চোয়াত ৰাভাৰ জীবনলৈ অনেক সংঘাট আহে।হঠাৎ ৰাভাৰ পত্নী কনকলতা অসুস্থ হৈ পৰে তেওঁক লগতে ডিব্রুৰুগড়লৈ নিয়া হয় যদিও ১৯৬২চনৰ ৫ জানুৱাৰীত চৰি বছৰীয়া সন্তান পৃথিৰাজ আৰু দুবছৰীয়া হেমৰাজক এৰি মৃত্যুক আকোৱালি লয়।পত্নীৰ অকাল মৃত্যুত কণ কণ পুত্রৰ দুটিকলৈ ৰাভা চিন্তিত হয় আৰূ পুর্বতে লগ পোৱা মোহিনী ৰাভাক বিয়া কৰাই।বিয়াৰ পাছত তেওলোকৰ মেণ্ডলা নামৰ এটি পুত্রৰ সন্তানৰ জন্ম হয়।ৰাভাদেবে যেতিয়া গম পাইছিল তেখেতৰ অন্তিমক্ষণ ওচৰ চাপি আহিল তেতিয়া তেওঁ শেষ গীতটি লিখিছিল: "এয়ে মোৰ শেষ গান মোৰ জীব নাটৰ শেষ ৰাগিণি কল্যাণ খৰমান...." এটি সুৰ শেষ হল,এজন বিল্পবী সৈনিক শিল্পীৰ অবসান ঘটিল।১৯৬৯চনত ১৯জুনৰ সন্ধিয়াৰ পৰা ৰাভাৰ কণ্ঠস্বৰ স্তব্ধ হৈ পৰে।ৰাতি দুই বাজি পচিঁশ মিনিটত বিশাল প্রৰতিভাৰ গৰাকী ৰাভাদেবৰ জীবনাবসান ঘটে।সময়ো যেন স্তদ্ধ,অসমৰ আকাশৰ পৰা মেলানি মাগিলে এটা উজ্জল নক্ষত্রৰই।

দিক্‌ নিৰ্ণায়ক
Back to top