মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / কাৰ্ল মাৰ্ক্সক আমি কিয় নাপাহৰোঁ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাৰ্ল মাৰ্ক্সক আমি কিয় নাপাহৰোঁ

কাৰ্ল মাৰ্ক্সক আমি কিয় নাপাহৰোঁ লিখা হৈছে

 

জাৰ্মানীৰ ৰাইন প্ৰদেশৰ ট্ৰিয়েৰ চহৰত ১৮১৮ চনৰ ৫ মে’ৰ দিনটোত জন্ম লাভ কৰা কাৰ্ল মাৰ্ক্সৰ আগন্তুক বছৰৰ ৫ মে’ত জন্মৰ দ্বি-শতবৰ্ষ পুৰ্ণ হ’ব।এই উপলক্ষে বিশ্বৰ চুকে-কোণে বছৰজোৰা বিবিধ কাৰ্যসুচী ৰুপায়িত হৈ আছে।আমাৰ আলোচ্য প্ৰবন্ধটোৰ আলমত মনীষীগৰাকীলৈ জন্ম দ্বি-শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিলোঁ।

কাৰ্ল মাৰ্ক্স এজন দাৰ্শনিকেই নাছিল,এজন সমাজবিজ্ঞানীও আছিল।তেওঁৰ দাৰ্শনিকতাই দৰ্শনৰ জগতখনত খলক লগাইছিল।কাৰণ তেওঁৰ অৱস্থান আছিল প্ৰচলিত বুজোৱা ধ্যান-ধাৰণাৰ সম্পুৰ্ণ বিপৰীত মেৰুত।ফলত তেওঁ সমাজৰ স্থিতাৱস্থাৰ সপক্ষত থকা তীখৰ পণ্ডিত একাংশৰ ৰোষত পৰিছিল।সেই ৰোষাগ্নিত দুশ বছৰ পিছতো মাৰ্ক্সক অগ্নিদগ্ধ কৰাৰ জান্তৱ হাবিয়াসৰ অন্ত পৰা নাই।অন্ত পৰা দুৰৰ কথা,অগ্নিকুণ্ডৰ জুইকুৰা জ্বলাই ৰখাৰ বাবে লাগিনি খৰিৰ আমদানি হৈয়েই আছে।কিন্তু মাৰ্ক্স ভস্মীভুত হোৱা নাই।কিয়?কাৰণ,মাৰ্ক্সৰ হাতত আছে দাৰ্শনিক সঞ্জীৱনী –সুধা-সাধাৰণভাৱে যাল আমি মাৰ্ক্সবাদ বুলি কওঁ-যিয়ে তেওঁক আদৰ্শগতভাৱে জীয়াই ৰাখিছে।সেয়েহে মাৰ্ক্স অদ্বিতীয়-আমাৰ স্মৃতিত মচ খাই যাব নোৱাৰকৈ ৰৈ থকা এক জীৱন্ত সত্তা।

মাৰ্ক্সৰ  দৰ্শন ৰুপান্তৰৰ দৰ্শন।দ্বান্দ্বিকতা (Dialecties)ইয়েই হৈছে ৰুপান্তৰৰ সঁচাৰ কাঠী।বিশ্ব চৰাচৰৰ উৎপত্তি আৰু বিকাশ প্ৰক্ৰিয়াৰ ইয়েই একমাত্ৰ নিয়ন্ত্ৰক।দ্বান্দ্বিকতা বা সহজ কথাত অন্তৰ্বিৰোধ হৈছে বস্তৰ অন্তৰ্লীন গুণ।কেইটামান উদাহৰণে কথাটো বুজাত সহায় কৰিব।

এটা উদাহৰণ-চুম্বক।চুম্বকক চুম্বক কৰি ৰাখিছে ইয়াৰ চৌম্বিক গুণে।এই গুণৰ সৃষ্টি হৈছে চুম্বক বোলা পদাৰ্থ বস্তুটোৰ মুৰ দুটাত থিতাপি লৈ থকা দুই চৌম্বিক মেৰুৱে,যি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ নামত পাৰস্পৰিকভাৱে বিপৰীত গুণ সম্পন্ন (আকৰ্ষণ আৰু বিকৰ্ষণ)আৰু সেই কাৰণে সিহঁতৰ মাজত দ্বন্দ্ব বিৰাজমান।মেৰু দুটাৰ মাজত দ্বন্দ্ব নাথাকিলে চুম্বকৰ অস্তিত্বই নাথাকিলহেতেঁন।দ্বন্দ্ব আছে কাৰণেই চুম্বক এটুকুৰা ভাঙি টুকুৰা-টুকুৰ কৰি থাকিলে প্ৰতিটো টুকুৰাই উত্তৰ আৰু দক্ষিণ মেৰু বিশিষ্ট চুম্বক এটুকুৰা হৈ পৰে।

আন এটা উদাহৰণ-সৌৰজগত।কেন্দ্ৰত অৱস্থিত সুৰ্য্যটোৱে ইয়াৰ চৌপাশে পৰিভ্ৰমণৰত গ্ৰহবিলাকক মধ্যাকৰ্ষণিক।বলৰ সহায়ত কেন্দ্ৰাভিমুখে আকৰ্ষণ কৰে।ই অভিকেন্দ্ৰিক আকৰ্ষণ বল।ইয়াক বিৰিধিতা কৰি গ্ৰহবিলাকে বহিৰ্দিশত অপকেন্দ্ৰিক বলৰ সৃষ্টি কৰে।দুই বিপৰীতমুখী বলৰ মাজত সমতা স্থাপন হয় আৰু তাৰ ফলত সৌৰজগতখন বৰ্তি থাকিব পাৰিছে।

পৰমাণুৰ চানেকিও এই লেখীয়াই।আমি যাক পদাৰ্থ বা বস্তু বুলি কওঁ,সি পৰমাণু বুলি কোৱা অসংখ্য কণিকাৰ একো একোটা থুপ।পৰমাণুৰ কেন্দ্ৰ বা নিউক্লিয়াছত থকা প্ৰটন কণিকাবিলাক ধনাত্মক বৈদ্যুতিক আধানসম্পন্ন ।নিউক্লিয়াছৰ চৌদিশে উপবৃত্তাকাৰ পথত ঘুৰ্ণীয়মান ইলেক্ট্ৰ্নবিলাক ঋণাত্মক বৈদ্যুতিক আধানসম্পন্ন কণিকা।বৈদ্যুতিক গুণৰ বৈপৰীতাৰ ফলত প্ৰটনবিলাকে ইলেক্ট্ৰনবিলাকক নিউক্লিয়াছৰ অভিমুখে আকৰ্ষণ কৰি থাকে।এই অভিকেন্দ্ৰিক আকৰ্ষণ বলক বিৰোধ কৰি ঘুৰ্ণীয়মান ইলেক্ট্ৰনবিলাকে বহিৰ্দিশত অপকেন্দ্ৰিক বলৰ সৃষ্টি কৰে।ফলত দ্বন্দ্বৰ সৃষ্টি হয় আৰু এই দ্বন্দ্বই বস্তুক বস্ত কৰি ৰাখিছে।

জীৱজগতখনকো দ্বান্দ্বিকতাইয়ে ধাৰণ কৰি আছে।জীৱন-ধাৰণৰ কাৰ্যস্বৰুপ দেহকোষসমুহৰ জৈৱ ৰাসায়নিক পৰিৱৰ্তনত (matabolism)দুটা বিপৰীতধৰ্মী প্ৰক্ৰিয়াই অংশগ্ৰহণ  কৰে।এটা অপচয় (catabolism),যিয়ে বৃহৎ আৰু জটিল অণুবিলাক ভাঙি-ছিঙি সৰল কৰে আৰু শক্তি উৎপন্ন কৰে।আনটো উপচয় (anabolism),যিয়ে ক্ষুদ্ৰ আৰু সৰল অণুবিলাকৰ সংযুক্তি ঘটাই বৃহৎ আৰু জটিল অণুৰ সৃষ্টি কৰে।এই প্ৰক্ৰিয়াত শক্তি সঞ্চয় হয়।

এতিয়া আহোঁ দ্বন্দ্বাত্মক বস্তুবাদৰ (dialectical materialism)বিষয়টোলৈ।বস্তুবিলাকক যিদৰে দেখা যায়,ঠিক সেইদৰে বুজাক বস্তুবাদ (materialism)বোলা হয়।সিবিলাকৰ প্ৰকৃত গতি আৰু আন্ত:সম্পৰ্কক বুজাটোৱে হৈছে দ্বান্দ্বিকতা (dialectics)।এতেকে আভ্যন্তৰীণ দ্বন্দ্বৰ সৈতে বস্তুক বুজাটো হৈছে দ্বন্দ্বাত্মক বস্তুবাদ।

মাৰ্ক্সৰ আগৰ দাৰ্শনিক মতবাদবিলাকে দৰ্শনক প্ৰতিষ্ঠা কৰিছে বিজ্ঞানক অতিক্ৰম কৰি।এই মতবাদবিলাকৰ প্ৰবক্তাসকলে ধাৰণা কৰিছিল যে বিজ্ঞানৰ তথ্য ,ব্যৱহাৰিকতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি নকৰাকৈ জগতখনক যিদৰে প্ৰত্যক্ষ কৰা হয়,সেইদৰেই কেৱল ভাবনাৰ ওপৰত ভিত্তি কৰি ইয়াক আৱিষ্কাৰ কৰিব পৰা যায়।ইয়াৰ ফলত তেওঁলোকে এনে এটা অৱস্থান ল’লে,য’ত থাকি তেওঁলোকে বিজ্ঞানীসকলক নিৰ্দেশ দিব পৰা হ’ল,তেওঁলোকে ক’ত ভুল কৰিছে আঙুলিয়াই দিব পৰা হ’ল,বিজ্ঞানীসকলৰ আৱিষ্কাৰে প্ৰকৃততে কি অৰ্থ সুচাইছে তাক ক’ব পৰা হ’ল ইত্যাদি।এইদৰে তেওঁলোকে বিজ্ঞানীৰ ঊৰ্ধ্বত থাকি সমগ্ৰ জগতৰ আৱিষ্কাৰকৰ দাবীদাৰ হৈ পৰিল।এই প্ৰসংগত এংগেলছে লিখিছে-‘আধুনিক বস্তুবাদৰ বাবে বিজ্ঞানৰ ঊৰ্ধ্বৰ কোনো দৰ্শনৰ প্ৰয়োজন নহয়।বস্তুৰ বিশাল সমগ্ৰতা আৰু বস্তু সম্পৰ্কে আমাৰ জ্ঞানৰ মাজত যি স্থলত নিজস্ব অৱস্থান স্পষ্ট কৰিবলৈ প্ৰত্যেকবিধ সুকীয়া সুকীয়া বিজ্ঞানৰ দৰকাৰ হয়,তেনে অৱস্থাত এই সমগ্ৰতাক বিষয় কৰি এক বিশেষ বিজ্ঞান বোলাটো হৈছে কৃত্ৰিমতা’।

দ্বান্দ্বিকতাৰ প্ৰসংগত এংগেলছে কৈছে-‘প্ৰকৃতি হৈছে দ্বান্দ্বিকতাৰ পৰীক্ষা।আধুনিক বিজ্ঞানৰ ক্ষেত্ৰত ক’ব পাৰি যে এই পৰীক্ষাৰ বাবে ই অতি সমৃদ্ধ আৰু দিনে দিনে বৰ্ধিত অৱদানৰ যোগান ধৰিছে।এইদৰে ই প্ৰমাণ কৰিছে যে শেহ বিশ্লেষণত প্ৰকৃতিৰ প্ৰক্ৰিয়া হৈছে দ্বান্দ্বিক’।এই কথাৰ প্ৰমাণ হিচাপে তেওঁ ঊনবিংশ শতিকাৰ তিনিটা যুগজয়ী আৱিষ্কাৰৰ কথা উল্লেখ কৰিছে।আৱিষ্কাৰ তিনিটা-

(১)কোষৰ আৱিষ্কাৰ ।কোষ হৈছে একক যাৰ গুণন (multiplication)আৰু বিভাজনৰ (division)ফলস্বৰুপে সম্পুৰ্ণ ৰুপত উদ্ভিদ আৰু জীৱদেহৰ বিকাশ ঘটে।১৮৩৯ চনত স্বোৱানে এই আৱিষ্কাৰৰ কথা সদৰী কৰে।

(২)১৮৪৫ চনত মেয়াৰে ঘোষণা কৰে শক্তিৰ ৰুপান্তৰৰ সুত্ৰ।

(৩)১৮৫৯ চনত গৰৱিনে ৰুপ দিয়ে বিৱৰ্তন-তত্ত্বৰ।

এই আৱিষ্কাৰবিলাকে কিদৰে দ্বান্দ্বিক তাৎপৰ্য বহন কৰিছে,তাক থোৰতে জানি লওঁহক।

প্ৰথমতে,শক্তিৰ ৰুপান্তৰৰ সুত্ৰটোকে লোৱা যাওক।সুত্ৰটো আৱিষ্কাৰৰ আগলৈকে ধাৰণা কৰা হৈছিল যে তাপশক্তি হৈছে এবিধ দ্ৰব্য,যিয়ে বস্তুবিলাকত সোমায় আৰু বস্তুবিলাকৰ পৰা ওলায়।বিদ্যুৎ আৰু চুমকত্ব আদি হৈছে আন বস্তুৰ ওপৰত ক্ৰিয়া কৰা বেলেগ বেলেগ বল।এইদৰে প্ৰকৃতিটো প্ৰাকৃতিক প্ৰক্ৰিয়াকে আন প্ৰক্ৰিয়াবিলাকৰ পৰা সম্পুৰ্ণৰুপে মুক্ত হিচাপে চোৱা হৈছিল।একো-একোটা প্ৰাকৃতিক প্ৰক্ৰিয়া একো-একোটা সুকীয়া আস্থানত ৰাখি বেলেগ বেলেগ দ্ৰব্য বা বল হিচাপে ব্যাখ্যা কৰাৰ চেষ্টা চলিছিল।ফলত সিবিলাকৰ মাজত সংঘটিত হোৱা আন্ত:ক্ৰিয়া অজ্ঞাতে ৰৈ গৈছিল।ঊনবিংশ শতিকাত প্ৰতিষ্ঠা হোৱা শক্তিৰ ৰুপান্তৰৰ সুত্ৰই ঘোষণা কৰিলে যে শক্তিৰ উৎপত্তি বা বিনাশ নাই।ই এটা ৰুপৰ পৰা আন এটা ৰুপলৈ ৰুপান্তৰিতহে হয়।

প্ৰকৃতিৰ ৰহস্য ভেদকাৰী এই সুত্ৰটোৰ আৱিষ্কাৰৰ অৱদান কিন্তু কিঞ্চিৎমানো বিমুৰ্ত দৰ্শনৰ পৰা অহা নাই।ইয়াত বিশুদ্ধ চিন্তাৰ প্ৰক্ৰিয়াৰো ভুমিকা নাই।ইয়াৰ বিপৰীতে সুত্ৰটোৰ নিকট সান্নিধ্যত আছিল ভাপ ইঞ্জিনৰ বিকাশ আৰু ইঞ্জিনটো চলাৰ নীতিবিলাক।তাপশক্তিক যান্ত্ৰিক শক্তিলৈ ৰুপান্তৰিত কৰি ভাপ ইঞ্জিনে গতি লাভ কৰে।

পদাৰ্থ বিজ্ঞান হৈ পৰিল ৰুপান্তৰৰ বিজ্ঞান।ই সম্ভৱপৰ হৈ উঠিল এই কাৰণে যে প্ৰাকৃতিক প্ৰক্ৰিয়াবিলাকৰ ভিন ভিন ধৰণ বা গতিৰ ধৰণক পৃথক পৃথককৈ নাচাই পদাৰ্থ বিজ্ঞানে সিবিলাকক পাৰস্পৰিক আন্ত:সম্পৰ্কৰ মাজত বিচাৰ কৰি কেনেকৈ এটাক আনটোলৈ ৰুপান্তৰ কৰিব পাৰি তাক বোধগম্য কৰি তুলিলে।

আধুনিক পদাৰ্থ বিজ্ঞানত ১৯০৫ চনত বিপ্লৱৰ সৃষ্টি কৰা আইনষ্টাইনক আপেক্ষিকতাৰ বিশেষতত্ত্বই ৰুপান্তৰৰ সুত্ৰটোৰ শেহতীয়া আৰ্হিটো দেখুৱালে।তত্ত্বটোৱে দেখুৱালে যে আমি যাক ভৰ (mass)বুলি কওঁ,পদাৰ্থৰ সেই ৰুপটোৰ অৱস্থা (ওজন,চাপক বিৰোধ কৰা আদি)আন এটা অৱস্থালৈ ৰুপান্তৰিত হয়।ৰুপান্তৰিত অৱস্থাটো হৈছে গতিময় পদাৰ্থ অৰ্থাৎ তাপ আৰু বিকিৰণ।পদাৰ্থ আৰু শক্তি দুটা বিচ্ছিন্ন সত্তা হৈ নাথাকিল।ৰুপান্তৰিত অৱস্থা দুটা বৰ্তি থাকে সিবিলাকৰ দ্বান্দ্বিক আন্ত:সম্পৰ্কত।

ডাৰৱিনৰ বিৱৰ্তনৰ তত্ত্বটোৰ ভেটিটো আছে দ্বান্দ্বিকতা আৰু বস্তুবাদ।ডাৰৱিনৰ আগলৈকে প্ৰচলিত ধাৰণা আছিল যে প্ৰকৃতি জগতত প্ৰতিবিধ প্ৰাণী বিশ্ব নিয়ন্তাই সুকীয়া সুকীয়াকৈ সৃষ্টি কৰিছে।ইয়াৰ বিপৰীতে তেওঁ দেখুৱালে যে প্ৰাণীৰ বিবিধ প্ৰজাতিৰ সৃষ্টি হৈছে সিবিলাকৰ প্ৰকৃতি নিৰ্বাচনৰ দ্বাৰা-বিৱৰ্তনৰ সহায়ত।প্ৰজাতিবিলাকৰ মাজৰ স্পষ্ট বিভাজন ৰেখাৰ ইতি পৰিল।স্পষ্ট হৈ পৰিল যে প্ৰজাতিবিলাক আন্ত:সম্পৰ্কিত আৰু জীৱন্ত প্ৰকৃতিৰ ৰুপান্তৰ ঘটে।ইয়াৰ এটা উদাহৰণ-জলচৰ প্ৰাণী মাছৰ সন্তৰণ ব্লাডাৰ (swimming bladder)।বিৱৰ্তনৰ ফলত ইয়েই হ’লগৈ স্থলচৰ প্ৰাণীৰ হাঁওফাঁও।আন এটা উদাহৰণ-সৰীসৃপ প্ৰাণীৰ বুকুৰ বাকলি (scales of the reptile),বিৱৰ্তন প্ৰক্ৰিয়াত যি চৰাইৰ পাখিৰ ৰুপ ল’লে।

এই দুই আৱিষ্কাৰৰ সমগোত্ৰীয় হৈছে কোষৰ আৱিষ্কাৰ।পুৰ্বৰ ধাৰণা আছিল যে উদ্ভিদ আৰু প্ৰাণী সুকীয়া সুকীয়া কোষকলাৰ দ্বাৰা গঠিত।কোষৰ আৱিষ্কাৰ হোৱাত দেখা গ’ল যে ইয়েই হৈছে জীৱদেহৰ একক।এই এককৰ গুণন আৰু বিভাজনৰ ফলত সমগ্ৰ উদ্ভিদ আৰু প্ৰাণীৰ বিকাশ সাধন হৈছে।কোষতত্ত্বও গতি আৰু আন্ত:সম্পৰ্কৰে তত্ত্ব।তত্ত্বটোৱে দেখুৱাইছে কেনেকৈ পৰিৱৰ্তন ভৱনৰ দ্বাৰা কোষকলা আৰু অংগ-প্ৰত্যংগৰ বিকাশ সাধন হৈছে।

বিজ্ঞান অকল পৰ্যবেক্ষণৰ বিষয় নহয়,পৰীক্ষাৰো বিষয়।পৰীক্ষাৰ অভাৱত মতান্ধতাৰ সৃষ্টি হয়,ৰুপান্তৰৰ ঠাই লয় স্থবিৰতাই।ধৰ্মই প্ৰতিষ্ঠা কৰা ঈশ্বৰৰ আসনত বিজ্ঞানে আন এজন ঈশ্বৰক বহুৱালে।এইজন ঈশ্বৰকে নাম দিয়া হ’ল  দ্বান্দ্বিকতা ।

বিজ্ঞানৰ  দ্বান্দ্বিকতাৰ প্ৰয়োগ ঘটিল সমাজ বিজ্ঞানত।প্ৰয়োগ ঘটালে কাৰ্ল মাৰ্ক্স আৰু তেওঁৰ অভিন্ন বন্ধু ফ্ৰেডেৰিখ এংগেলছে।অৱশ্যে এনে নহয় যে দুই বন্ধুৰ আগলৈকে সমাজ বিজ্ঞানত দ্বান্দ্বিকতা অপৰিচিত আছিল।প্লেটো,ছক্ৰেটিছৰ দিনৰ পৰা হেগেলৰ দিনলৈকে দ্বান্দ্বিকতাৰ উৎসৰ অনুসন্ধান চলি আছিল।হেগেল সফলো হৈছিল।কিন্তু তেওঁ আৰু তেওঁৰ অগ্ৰজ দাৰ্শনিকসকলে অনুসন্ধান কৰিছিল ভাববাদী দৃষ্টিকোণাৰ পৰা।হেগেলীয় দ্বান্দ্বিকতাক বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা।হেগেলীয়  দ্বান্দ্বিকতাক বৈজ্ঞানিক দৃষ্টিকোণেৰে সংস্কাৰ কৰি মাৰ্ক্সে উদ্ভাৱন কৰি উলিয়ালে দ্বন্দ্বাত্মক বস্তুবাদ।

দ্বন্দ্বাত্মক বস্তুবাদী বিশ্লেষণত স্পষ্ট হৈ পৰিল যে প্ৰাকৃতিক জগতখন আৰু মানুহৰ সমাজখন দাৰ্শনিকসকলে কোৱা কোনো এক সনাতন সত্যৰ (ধৰ্মীয় মতবাদত ঈশ্বৰ) সৃষ্টি নহয়।প্ৰাকৃতিক জগততে হওক কিম্বা মানুহৰ সমাজতে হওক,বিশ্ব নিয়ন্তাৰ ভুমিকা পালন কৰি আছে দ্বান্দ্বিকতাই।প্ৰকৃতিত যেনেকৈ দ্বন্দ্ব বিৰাজমান,মানুহৰ সমাজতো সেইদৰে দ্বন্দ্ব ক্ৰিয়াশীল।এই দ্বন্দ্ব শ্ৰমকাৰী মানুহ আৰু শ্ৰমৰ ফল আত্মসাৎ কৰা মানুহৰ মাজত।সেই মতে সমাজ শ্ৰেণী বিভক্ত।শোষক আৰু শোষিত-এই দুই শ্ৰেণীৰ দ্বন্দ্বৰ ফলত সমাজৰ ৰুপ সলনি হৈ আহিছে।কাৰণ,য’ত দ্বন্দ্ব আছে,তাতেই ৰুপান্তৰ আছে।শেষ সত্য বুলি যদি কিবা আছে,তেনেহ’লে ৰুপান্তৰেই সেই সত্য।ইঞ্জিনে যান-বাহন চলোৱাৰ দৰে এই সত্যই ইঞ্জিনৰ ৰুপত সমাজ নামৰ বাহনখন চলাই ৰাখিছে।

ইতিহাসে প্ৰমাণ কৰিছে যে বাহনখনৰ গতি অগ্ৰগামী।অগ্ৰগামিতা প্ৰমাণ কৰিছে আদিম সাম্য অৱস্থাৰ পিছত পাৰ হৈ অহা সমাজ ৰুপান্তৰৰ স্তৰকেইটাই-দাস সমাজ,সামন্তবাদী সমাজ আৰু প্ৰচলিত পুঁজিবাদী সমাজে।দাস সমাজত দ্বন্দ্ব আছিল দাস মালিক আৰু দাসৰ মাজত,সামন্তবাদী সমাজত ভু-স্বামী আৰু ভুমিহীনসকলৰ মাজত,পুঁজিবাদী সমাজত পুঁজিপতি আৰু প্ৰলেটাৰীয়তৰ মাজত।ইয়াৰ পিছত?মাৰ্ক্সে দেখুৱাইছে যে পুঁজিবাদেই শেষ স্তৰ নহয়।পুঁজিবাদী সমাজৰ দ্বন্দ্বই সমাজখনক ৰুপান্তৰিত কৰিব ক্ৰমান্বয়ে সমাজবাদ আৰু সাম্যবাদলৈ ।ৰাছিয়া আৰু পুব ইউৰোপৰ দেশবিলাকত বিগত শতিকাৰ আগছোৱাত সমাজবাদৰ ৰ’দ এচেৰেঙা পৰিছিল।সাম্যৰ সৰগ ৰচা মানুহ উল্লসিত হৈ পৰিছিল।কিন্তু পুঁজিবাদৰ ক’লীয়া ডাৱৰে ছেগ বুজি শতিকাটোৰ শেষছোৱাত ৰ’দ চেৰেঙা ঢাকি পেলোৱাত মানুহ বিমৰ্ষ হ’ল।অত্যুৎসাহী হৈ পৰা পুঁজি বাদৰ সমৰ্থক আৰু স্তাৱক পণ্ডিতবৰ্গই লগে লগে তাল ফাল লগাই দিলে যে পুঁজিবাদেই শেষ কথা-ইতিহাসৰ অন্ত পৰিল।কিন্তু (সেইসকল সুযোগসন্ধানী)পণ্ডিতপ্ৰৱৰে ঢাকি ৰাখিব খোজা ইতিহাসৰ সত্যটো হৈছে যে পুঁজিবাদৰ বিকাশ নিৰৱচ্ছিন্ন গতিত হৈ থকা নাই।পুঁজিবাদী সমাজখনে বৰ্তমানৰ অৱস্থা পাইছে বহু উত্থান-পতনৰ মাজেদিহে।ইতিহাসৰ গতিপথ নিমজ নহয়,সেয়েহে উত্থান-পতন অৱধাৰিত।এইদৰেই ৰুপান্তৰৰ প্ৰক্ৰিয়া চলি থাকে।সমাজবাদ বা সাম্যবাদৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ’ব কিয়?বাকপটুসকল বাকৰুদ্ধ।

কাৰ্ল মাৰ্ক্সক আমি কিয় পাহৰিব নোৱাৰোঁ?পাহৰিব নোৱাৰোঁ-কাৰণ তেৱেঁই আছিল সেইজন পুৰোধা পুৰুষ,যিয়ে বিজ্ঞানৰ সুত্ৰৰ খেও ধৰি সমাজবিদ্যাক সমাজ বিজ্ঞানলৈ উত্তোলন কৰি জিজ্ঞাসু মানুহক সত্যানুসন্ধানৰ পথ দেখুৱাই থৈ গৈছে।

লেখক:ড০ ৰজনীকান্ত দাস (আমাৰ অসম)

 

 

2.90322580645
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top