অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গণশিল্পী মঘাই ওজা

গণশিল্পী মঘাই ওজা

“…..মই ইয়াকেই ক’লো যে মানুহ মৰাৰ পিচত একোৱেই নাই ।মৰাৰ পাচত যদি ফটোক ফুল দি ধূপ-ধূনাৰে পূজা কৰে, সেই মৰা মানুহজনে চাবলৈ নাহে ।মই যেতিয়া ষ্টেজত নামো তেতিয়া দৰ্শক ৰাইজে চিঞৰি কয় যে মঘাই ওজাৰ বাদ্য আকৌ লাগে ।কিন্তু মই এতিয়া অসুস্থ অৱস্থাত পৰি আছো চৰকাৰৰ চকুত পৰা যে নাই, কোনো ডা-ডাঙৰীয়াৰ চকুতো পৰা নাই তেতিয়া মই কৈছো জীৱন্তে খাছি মৰন্তে কাশী ।জীয়াই থাকোতে শক্তি হ’বলৈ হ’লে খাছি হ’ব লাগে, মাৰিবলৈ কাশীত গৈ মৰিলেও গতি নাই ।মোৰ চকুৰে দেখিলু যুতি প্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ফণি শৰ্মা ।এই সকলে কেনে ধৰণে ইহলিলা সম্বৰণ কৰিলে ।ভালকৈ এখাজ খাবলৈ নাপালে ।কিন্তু মৰাৰ পিছত ফটোখনত ফুলেৰে আভৰণ কৰি পূজা কৰে সেই সকলে জানো দেখিবলৈ আহিছে । মোৰো আজি সেই অৱস্থাহে ।…….’’

কপালৰ ঘাম মাটিত পেলাই তেজক পানী কৰা প্ৰকৃত প্ৰতিভাশালী শিল্পীৰ মোল নুবুজা সংস্কৃতিৱান অসমীয়াৰ প্ৰতি এইয়া কেৱল এখনি প্ৰশস্তি পত্ৰই নহয়, কাৰ্পণ্যৰে ভৰা ফোঁপোলা অসমীয়াৰ মিছা আভিজাত্য, চৰকাৰ তথা ডা-ডাঙৰীয়াৰ সংস্কৃতি সংৰক্ষণশীলতাৰ প্ৰতি পৰিপূৰ্ণ অৱজ্ঞাৰ মনোভাৱো সম্পূৰ্ণৰূপেই পৰিস্ফুট । শৈল্পিক নৈপুণ্য কিম্বা পাৰদৰ্শিকতাকেই অৱলম্বন কৰি বিশ্বদৰবাৰত থিয় হৈ এখন সমাজৰ প্ৰতি নিজকে আজীৱন উছৰ্গা কৰা ব্যক্তিজনৰ জীৱনৰ প্ৰতি সমাজখনৰ যেতিয়া কিঞ্চিdমান দায়িত্বৰো অভাৱ দেখা যায় তাতোকৈ আৰু বেদনাৰ কথা কি থাকিব পাৰে ? সমাজৰ প্ৰতি শিল্পী সদ্যসচেতন যদিও শিল্পীৰ প্ৰতি সমাজৰ সচেতনতাৰ অভাৱ সৰ্বদা সৰ্বত্ৰ বিৰাজমান । নৰিয়াৰপৰা মুক্তি পাবলৈ চিকিdসাৰ বাবে দুটকা বিচাৰি হাবাথুৰি খোৱা শিল্পীজনাৰ মৃত্যুৰ পাছতেই শিল্পীৰ আলোক চিত্ৰই পায় অনেক পুষ্প-প্ৰদীপ অথবা ধূপ-ধূনাৰ অপূৰ্ব সুগন্ধী ! ঠায়ে ঠায়ে সভা পাতি, বক্তৃতাৰে গগণ মুখৰিত কৰি, শিল্পীক বচা বচা বিশেষণেৰে বিভূষিত কৰি অনেক অৰ্থব্যয় কৰা হয় ।

জীয়াই থকা অৱস্থাতে একো দিব নোৱৰা শিল্পীজনাৰ মৃত্যুৰ পাছত তেনে সভা আয়োজনৰ সাৰ্থকতাই বা ক’ত ?

আচৰিত হ’বলগীয়া হয়, যেতিয়া শিল্পী নিজে নিৰক্ষৰ হৈয়ো মানৱ-চৈতন্যৰ চূডান্ত নিদৰ্শন দাঙি ধৰে । কেৱল প্ৰাথমিক বিদ্যালয়ৰহে মুখ দেখা, বিছনাত পৰি সুদুৰ আকাশৰ তৰা লেখিবপৰা আৰ্থিক অৱস্থাৰ সৈতে তুমুল স্ংঘৰ্ষ কৰি ডাঙৰ-দীঘল হোৱা তেনে একৰাকী শিল্পী আছিল মঘাই ওজা ।

ঢোলৰ যাদুকৰ- ঢুলীয়া মঘাই ওজাই মাত্ৰ পাঁচ বছৰ বয়সতেই পিতৃ বোপাৰাম বৰুৱাক হেৰুৱাই অকাল দাৰিদ্ৰক সাৱটি লৈছিল যদিও বিধৱা মাতৃ ৰূপতী বৰুৱাৰ পৰিশ্ৰমৰ বলত প্ৰাথমিক বিদ্যালয়ৰ অধ্যয়ন সাং কৰিবলৈহে সক্ষম হৈছিল । অভাৱক আঁতৰাই দুবেলা-দুমুঠি ভালদৰে খোৱাৰ মানসেৰে প্ৰৱল ইচ্ছা থকা সত্বেও আনুষ্ঠানিক বিদ্যা-শিক্ষাৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দি চেনিজান চাহ বাগিচাত যোগালি হিচাপে যোগদান কৰে যদিও, সেই কামত মন নবহাত বাদ দি ১৯৩১ চনত ঢোল বিদ্যাত গভীৰভাৱে মনোনিৱেশ কৰাৰ নিমিত্তে ডিম্বেশ্বৰ গগৈ নামৰ জনৈক বয়োবৃদ্ধ ওজাৰ ওচৰত ঢোল বাদ্যৰ শিক্ষা লয় । আচলতে, সুকুমাৰ কলাৰ প্ৰতি মঘাই ওজাৰ আছিল অসীম অনুৰাগ ।

অতি কম সময়ৰ ভিতৰতে ঢোল-বাদ্যত পাৰদৰ্শিতা প্ৰদৰ্শন কৰে মঘাই ওজাই । প্ৰথমতে বিয়াই-সবাহে, বিদ্যালয়-মহাবিদ্যালয়ে, সভা-সমিতিয়ে ঢোল বজাইছিল । আনুষ্ঠানিকভাৱে প্ৰথম নিমন্ত্ৰণ লাভ কৰে তেজপুৰৰপৰা । তাতেই চাহ খেতিয়ক গকুল বৰুৱাৰ অনুপ্ৰেৰণাৰে ওজাই দুগুণ উdসাহেৰে উdসাহিত হৈ ঢোল বাদনত উঠি পৰি লাগে । সেইসময়তেই ফণী শৰ্মা, বিষ্ণু ৰাভা, চন্দ্ৰ্ধৰ গোস্বামী আদি যশস্বী শিল্পীৰ সান্নিধ্যত মঘাইৰ প্ৰতিভা আৰু অধিক প্ৰোজ্জ্বলিত হৈ উঠে । ১৯৫৪ চনত গণনাট্য সংঘৰ অসমৰ প্ৰতিনিধি হিচাপে ড ভূপেন হাজৰিকাৰ সৈতে কলিকতাৰ ৱেলিংটন স্কোৱাৰত অনুষ্ঠিত গণনাট্য সংঘৰ অনুষ্ঠানত হেমাংগ বিশ্বাসৰ উদ্যোগত যোগদান কৰে ।তাতেই ওজাই কেৱল কলিকতাৰ বিখ্যাত ঢোল বাদক ক্ষীৰোদ ভট্টৰ প্ৰশংসা লাভ কৰাই নহয়, সংগীত বিশাৰদ জ্ঞানপ্ৰকাশ ঘোষৰ ঢোলৰ চেওত অভিভূত হৈ পৰিছিল । ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত গণনাট্য সংঘৰ প্ৰাদেশিক চতুৰ্থ সন্মিলনত ঢোল বজাই মঘাই ওজাই সৰ্বভাৰতীয় মৰ্য্যাদা আৰু স্বীকৃতি লাভ কৰাৰ লগতে গণনাট্যৰ সৰ্বভাৰতীয় যশস্বী শিল্পী বলৰাজ চাহানী আৰু অমৰ শ্বেখৰৰ ভূয়সী প্ৰশংসা লাভ কৰে । ১৯৫৭ চনত মাদ্ৰাজত ইণ্ডিয়ান ফাইন আৰ্টছ এণ্ড ছ’চাইটিৰ ৰূপালী জয়ন্তী উপলক্ষে হোৱা সাংস্কৃতিক অনুষ্ঠানত  গণনাট্যৰ অক্লান্ত কৰ্মী অনিল দাসৰ নেতৃত্বত অসম গণনাট্যৰ শিল্পীদলৰ সৈতে মঘাই ওজাই যোগদান কৰাৰ উপৰিও তাৰ পিচৰ বছৰত দিল্লীত অনুষ্ঠিত গণনাট্য সংঘৰ অষ্টম সৰ্বভাৰতীয় সন্মিলনীত অসম দলৰ প্ৰতিনিধি হিচাপে যোগদান কৰি দৰ্শকৰপৰা অভূতপূৰ্ব অভিনন্দনকে ধৰি চীনা-দূতাবাসৰ প্ৰতিনিধিৰ উচ্চ প্ৰসংসা লাভ কৰে । অৱশেষত যাত্ৰা বাতিল কৰা হ’লেও, ১৯৫৯ চনত মস্কোত অনুষ্ঠিত আন্তৰ্জাতিক যুৱ-মহোdসৱলৈ গণনাট্যৰ প্ৰতিনিধি হিচাপেও মনোনীত হৈছিল । কেৱল সেয়াই নহয়, ভাষা আন্দোলনতো মঘাই ওজাৰ অৰিহণা লোক নিৰন্তৰে স্বীকাৰ্য্য । ১৯৬০ চনত অসমীয়া-বাংলা ভাষীৰ মাজত অসম ব্যাপী সৃষ্টি হোৱা আলোড়নৰ পৰিপ্ৰেক্ষিতত গণনাট্য সংঘৰ হেমাংগ বিশ্বাস আৰু ড0 ভূপেন হাজৰিকাৰ নেতৃত্বত সাম্প্ৰদায়িক স্ংহতিৰ বাণী লৈ অসম ভ্ৰমণ কৰা শিল্পীদলক নীৰৱচ্ছিন্ন সহযোগিতাৰে বলিষ্ঠ ভূমিকা পালন কৰিছিল । ১৯৬৩ চনত অসম চৰকাৰ, সাংস্কৃতিক দলৰ অধীনত ভাৰতৰ বিভিন্ন প্ৰান্তত ঢোল বজাই ফুৰা এইজনা শিল্পীক ‘অসম শিল্পী দিৱস সমিতি’য়ে সেই বছৰতেই এটি ৰূপৰ মূৰ্তিৰে সম্বৰ্ধনা জনাইছিল ।

সাধাৰণ মঘাই ওজা অসাধাৰণ ব্যক্তিত্বৰ গৰাকী হ’লেও হাড়ে হিমজুৱে আছিল সহজ-সৰল হোজা প্ৰকৃতিৰ। ঢোল লৈ দেশ-বিদেশ ঘুৰিলেও সৰলতা আছিল তেখেতৰ সদ্যভূষণ। তেখেতৰ মৃত্যুৰ পাছতেই ‘আমাৰ প্ৰতিনিধি’ পত্ৰিকাৰ ১৯৭৮, মে’ৰ স্ংখ্যাত  কলিকতাত থকা মঘাই ওজাৰ সৰু ঘটনা এটি স্মৰণ কৰি সম্পাদকীয় স্তম্ভত ড ভূপেন হাজৰিকাই অকৃত্ৰিম ভাৱেই শিল্পীগৰাকীৰ সৰলতা প্ৰকাশ কৰিছিল এনেদৰে: “এদিন সন্ধিয়া তেওঁ ঘৰলৈ ওভতোঁতে পলম কৰা দেখি মই চিন্তিত হৈছোঁ । পিছত ওলালহি । ক’লৈ গৈছিল ? মই সুধিলোঁ । এ নক’ব আৰু, কলিকতাৰ শ্ৰোতা মানুহবোৰ ভাল । পিছে ট্ৰামত উঠা মনুহবোৰ বেয়া । তেওঁ ক’লে । মই বোলোঁ কি লৈনো ওজা ? এ: মোৰ জেপত থকা ৰূপ আঢ়ৈ কুৰি লৈ গ’ল  বুইছেনে হাজৰিকা । মই ক’লো: কাইলৈ পাই যাব । মঘাই ওজা বুলি আপোনাক নাজানিলে বাবে কোনোবা কলিকতীয়াই ধনখিনি নিলে । টোকোনাতো ! পিছদিনা আমি যুক্তি কৰি গোটাই পঞ্চাছটা টকা ওজাৰ হাতত দিলোঁ । আও, ইহঁতে ফিৰাই দিলে নে ? আমি ক’লোঁ, অঁতো, মঘাই ওজাৰ ধন কোনোবাই মাৰিব পাৰেনে ? তেওঁ টকাখিনি চাই ক’লে : নোটখিনি একে যেন লাগিছে । পিছে ধনখিনি বান্ধি থোৱা মোৰ হাঁচতিখন একা ! মই ক’লো : কলিকতীয়া লোকে অসমৰ কৃষ্টিৰ চিন হিচাপে নিলে সেইখন । বাদদিয়ক ! সহজ সৰলভাৱে হাঁহি ওজাই ক’লে : এৰা, হাজৰিকা নিয়ক দিয়ক । সিহঁতে চাওঁক আমাৰ বোৱনীয়ে তাঁত শালত কেনে ৰুমাল ব’ব পাৰে ! অসমৰ নাম হওঁক কলিকতাত । কি কয় ? মোক সুধিলে । মই ক’লো : সজ কথা । এয়া আছিল মঘাই ওজাৰ সৰলতা ।……..”

জন্মসূত্ৰে মঘাইৰ উপাধি বৰুৱা আছিল যদিও ঢোল বাদনত অসম্ভৱ পাৰদৰ্শিতা থকা হেতুকে তেওঁক মঘাই ওজা বোলা হৈছিল । সেই কথা তেওঁ মালিতা ঢোলৰ চেৱেৰে সুন্দৰভাৱে প্ৰকাশ কৰিছিল এইদৰে-

কান্ধত লৈছোঁ ঢোলৰ বোজা

মোকে কয় মঘাই ওজা ।

ৰাম কালি হৰি কালি কালি কালি

মই হৈছোঁ কছাৰী ওজাৰ পালি ।

আমাৰ সমাজখনৰ দাৰিদ্ৰ আৰু বিভূতি-বৈভৱৰ বৈষম্যৰ চিত্ৰও তেওঁৰ ঢোলৰ চেৱত বিদ্যমান আছিল :

মাজুলী দেশতে খোৱাৰ অভাৱত

পেলায় পৰিয়ালক কাটি ।

ছিলং ৰোডতে দেখিবা ৰাইজসকল

মিনিষ্টাৰ সকলৰ মাটি ।

কেৱল সেয়াই নহয়, তেওঁৰ শিল্পী-জীৱনৰ দাৰিদ্ৰৰ স্পন্দন, কাতৰ যন্ত্ৰণাও আছিল সমানেই মূৰ্তমান । যথা-

ঢোলকে বাবলে তিনিটা আঙুলি

মাজৰে আঙুলি লৰে ।

কালিৰে পৰা ভাত নাইকিয়া

কাচুটি সুলকি পৰে ।।

উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুখ নেদেখিলেও ওজাৰ মালিতা চয়ন আছিল নি:সন্দেহে বহু উচ্চ খাপৰ, মুহূৰ্ততে জনপ্ৰাণ আকৰ্ষণীয় প্ৰত্যক্ষ স্বত:স্ফুৰ্ত অথচ কৃত্ৰিমতাৰ প্ৰলেপমুক্ত । তেওঁৰ মালিতাত নিৰক্ষৰৰ অথবা কাব্যিক জ্ঞানমুক্তৰ পৰিচয় নাই, আছে তেওঁৰ সৰ্বদা সৰ্বত্ৰ বিচৰণশীল মনৰ নিদৰ্শন । তেখেতে প্ৰাণৰ অমিয়া সুৰ ঢালি গাইছিল-

বিয়াল্লিশ চনতে কুশল জে’ললৈ যায়

মঘাই ওজাই ঢোলত এইদৰে গায় ।।

ঢোলৰ যাদুকৰ মঘাই ওজাই ছবিজগততো খ্যাতি নঅৰ্জাকৈ নাছিল ।‘পিয়লি ফুকন’, ‘ৰঙা পুলিচ’, ‘প্ৰতিধ্বনি’, ‘তৃষ্ণা(বাংলা)’, ‘মাহুত বন্ধুৰে(বাংলা)’ আদি ছবিত অংশ গ্ৰহণ কৰাৰ উপৰিও গ্ৰামোফ’ন ৰেকৰ্ড আৰু অনাতাঁৰ নাটকৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল ।

মঘাইৰ পাৰদৰ্শিতাৰ পৰিচয় স্বৰ্গীয় হেমন্তকুমাৰ শৰ্মাই এইদৰে দাঙি ধৰিছে: “…এবাৰ এখন সংগীত সন্মিলনত হেনো বিখ্যাত তবলা বাদক শান্তা প্ৰসাদৰ তবলাৰ লহৰৰ লগত মঘাইৰ ঢোলৰ প্ৰতিযোগিতা চলে । এই প্ৰতিযোগিতাত শান্তা প্ৰসাদৰ তিনিটাকৈ তবলা ফাটি যায় আৰু মঘায়ে জয় লাভ কৰে । একে সময়তে কেইবাটাও ঢোল বজাই জীৱ-জন্তুৰ মাত, ৰে’ল-মটৰ আদি যান-বাহন চলোঁতে হোৱা শব্দ, ধুমুহা-বৰষুণৰ শব্দ আদি নিখুঁতভাৱে ফুটাই তোলাত মঘায়ে অপূৰ্ব পাৰদৰ্শিতা দেখুৱাইছিল ।……..মঘাই ওজাৰ দৰে কেৱল ঢোল বাদনেৰে জনতাৰ হৃদয় জয় কৰি জনগণৰ শিল্পী, আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী বুলি পৰিচয় দিব পৰা লোক বোধকৰোঁ পৃথিৱীত বৰ কমেহে ওলাব ।”

আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী হ’লেও দাৰিদ্ৰ আছিল তেওঁৰ নিত্য সহচৰ । দাৰিদ্ৰত ডুৱ যোৱা শিল্পীগৰাকীয়ে সহায়ৰ হাত নাপাইছিলেই ! সেয়ে জীৱনৰ অন্তিম পৰ্য্যায়ত ৰোগশয্যাৰ পৰাই শিল্পী হেমাংগ বিশ্বাসলৈ লিখিছিল : “ মই ইয়াকেই ক’লো যে মানুহ মৰাৰ পিছত একোৱেই নাই ।……….”

এয়া কেৱল হেমাংগ বিশ্বাসৰ প্ৰতিয়েই নহয়, সমগ্ৰ অসমবাসীৰ প্ৰতিয়েই কৰা মঘাই ওজাৰ স্বগতোক্তি । হয়, সচাঁ কথা, মৃত্যুৰ পাছত একোৱেই নাই ।মৃত্যু(২৫ মাৰ্চ,১৯৭৮)ৰ পাছতসম চৰকাৰে মঘাইৰ বাসভুমিৰ ওচৰত এটি কলাকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল, আজি প্ৰায় চাৰে তিনি দশক ধৰি সেয়া আধাৰশিলা হৈয়ে থাকিল । জীৱিত কালতেই মঘায়ে যথোচিত শ্ৰমৰ মৰ্য্যাদা নাপালে, মৃত্যুৰ পাছত তেওঁ পৰিয়ালটোৱেও নাপালে, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আদিৰ দৰে তেওঁৰ পৰিয়ালটিয়েও ৰাজসন্মান, সাহায়্যৰ পৰা আজিও অৱহেলিত, বঞ্ছিত হৈ ৰ’ল ।শিল্পীয়ে জিলিকালে লুইতৰে পাৰ, শিল্পীৰ জীৱনলৈ কেতিয়ালৈ ব’ব জেউতি নিজৰাৰে ধাৰ ?

লিখক: ডা০ ৰফিক আলী।

3.01818181818
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top