মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে

লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে (৩ অক্টোবৰ, ১৯৩৫; ২৭ ডিসেম্বৰ ২০০২) গোৱালপৰীয়া লোকগীত গায়িকা। কালজয়ী গোৱালপৰীয়া লোকগীতক জনপ্ৰিয়কৰণৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডেই ১৯৯১ চনত ‘পদ্মশ্ৰী’ এবং ১৯৮৮ চনত ‘সংগীত নাটক একাডেমী’ পুৰস্কাৰ দ্বাৰা ভূষিত হয়।

প্ৰতিমা আছিলে গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত হাতি বিশেষজ্ঞ প্ৰকৃতীশ চন্দ্ৰ বৰুৱাৰ কন্যা আৰু ভাৰতীয় চিনেমাৰ পিতামহ ‘দেৱদাস’ খ্যাত চলচ্চিত্ৰৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী। ‘ গোৱালপৰীয়া গীত’ কথাটিৰ প্ৰচলন তেখেতৰ গীতৰ মাধ্যমত ১৯৫৮ চনতে আৰম্ভ হয়। প্ৰতিমা বৰুৱা পাণ্ডেৰ ৰেকৰ্ডভুক্ত গীতৰ সংখ্যা ৩২০টা যিবিলাক ১৯৬২ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত ৰেকৰ্ডিং কৰা। ভাওৱাইয়া গীতক মানুহৰ ঘৰে ঘৰে লৈ যোৱাৰ কৃতিত্ব যাৰ সকলোতকৈ বেছি তেওঁলোকৰ মাজত আব্বাচ উদ্দিন, সুৰেণ ৰায় বসুনিয়াৰ নামৰ লগত একে শাৰিতেই আহে প্ৰতিমাৰো নাম। মানুহৰ মন প্ৰাণ জুৰাই বিৰাজ কৰে প্ৰতিমাৰ লোকগীত, সেয়েই প্ৰতিমা লোকগীতৰ সম্ৰাজ্ঞী। যি সম্ৰাজ্ঞীৰ প্ৰেমত পৰে ভাৰতীয় চিনেমাৰ এজন প্ৰৱাদ পুৰুষ ঋত্বিক ঘটকো। ঋত্বিক ঘটকে প্ৰতিমা বৰুৱাক বিয়া কৰিব বিচাৰিছিল, আৰু সেই প্ৰস্তাৱ আগবঢ়াইছিল প্ৰতিমাৰ দেউতা প্ৰকৃতীশ চন্দ্ৰ বৰুৱা দেৱক। প্ৰকৃতীশ চন্দ্ৰই ঋত্বিকক প্ৰস্তাৱটিৰ উত্তৰত কৈছিলে “যাক বিয়া কৰিব বিচৰা, তাকেই গৈ প্ৰস্তাৱটি দিয়া”। পিছে ঋত্বিক ঘটকৰ আৰু সেই প্ৰস্তাৱ দিয়া নহ’ল কেতিয়াও… পিছলৈ প্ৰতিমাই কৈছিলে “ঋত্বিকদাৰ বোধহয় সাহসৰ অভাৱ হৈছিলে”। ইয়াৰ পিছত ঋত্বিক ঘটকে তেখেতৰ ‘বগলাৰ বঙ্গদৰ্শন’ নামৰ ছবিখনৰ বাবে আটটিকৈ গীত প্ৰতিমা বৰুৱাৰ কণ্ঠেৰে ৰেকৰ্ডিং কৰে। পিছে ছবিখনৰ কাম শেষলৈ সম্পূৰ্ণ কৰিব নোৱাৰিলে ঋত্বিক ঘটকে।

প্ৰতিমাৰ মৃত্যুৰ পিছত ভুপেন হাজৰিকা দেৱে আৱেগপূৰ্ণভাৱে যি দুই লানি লিখিছিল তাৰ পৰাই আমি প্ৰতিমাৰ জীৱন সম্পৰ্কে এক ধাৰণা কৰিব পাৰো, তেখেতে লিখিছিলে-
“এটি জীৱনে যিখিনি দিব পাৰে তাতকৈ বহুগুণে বেছিকৈ দি গৈছে প্ৰতিমা। জীৱনৰ প্ৰতিটো খোজতে লোকগীতেৰে ওপচাই তুলি মৃত্যুৰ পিনে আগুৱালে তেওঁ… ৰাখি গ’ল এক সুবিশাল ভৰাল। গোৱালপৰীয়া লোকগীতিক বিশ্বৰ দৰবাৰত লৈ যাবলৈ মনপ্ৰাণ ঢালি দিছিলে তেওঁ। গাৰ্হস্থ্য জীৱনৰ কথা চিন্তা কৰা নাই কেতিয়াও, সৌখিনতাক লৈও নহয়। সাধাৰণ সাজপাৰ, অথচ কি অসাধাৰণ ব্যক্তিত্ব, সৌন্দৰ্য।”- হয় এয়াই প্ৰতিমা।

গোৱালপাৰা অঞ্চলৰ লোকগীতৰ আছে নিজা এক বৈশিষ্ট। উত্তৰবঙ্গৰ ভাওৱাইয়া লোকগীতৰ লগত ইয়াৰ কথা আৰু সুৰৰ মিল থাকিলেও কিছু উচ্চাৰণগত পাৰ্থক্য বিদ্যমান। কামৰূপী লোকগীতৰ লগত গোৱালপৰীয়া লোকগীতৰ বিষয়বস্তু আৰু গায়নশৈলীৰ একেবাৰেই ভিন্ন। মানুহৰ শ্ৰমৰ ভিন্নতা আৰু ভূখণ্ডৰ জলবায়ুৰ প্ৰকৃতিয়ে এই ভিন্নতাৰ সৃষ্টি কৰিছে। কোচবিহাৰ আৰু গোৱালপাৰা অঞ্চলৰ লোকসংগীত গৱেষক জলী বাগচীয়ে লিখিছে,
” যিকোনো অঞ্চলৰ লোকগীতত সেই অঞ্চলৰ ভৌগোলিক অৱস্থা, সেই অঞ্চলৰ সাধাৰণ মানুহৰ জীৱন, জীৱিকা আৰু চাৰিত্ৰিক গঠনৰ ওপৰত নিৰ্ভৰ কৰে। গোৱালপাৰাৰ সাধাৰণ মানুহ সৰল প্ৰকৃতিৰ, সহনশীল আৰু তেওঁলোকৰ জীৱনত চাহিদা খুউৱ কম। এওঁলোক মূলত কৃষিজীৱী। এই অঞ্চলত উল্লেখযোগ্য কোনো কলকাৰখানা গঢ়ি উঠানাই। সেয়েই গোৱালপৰীয়া লোকসংগীতৰ ওপৰত এই অঞ্চলৰ কৃষিজীৱন, অঞ্চলৰ জীৱজন্তুৰ মাজত হাতী, বন্য মহ আৰু নৈয়ে প্ৰভাৱ পেলাইছে। যাৰ বাবেই আমি গোৱালপৰীয়া লোকগীতত আটাইতকৈ বেছিকৈ পাওঁ মাহুত, মইষাল আৰু নাৱৰীয়াক।”

শ্ৰমৰ গীত, দুঃখৰ গীত, প্ৰেম ভালপোৱাৰ গীত হৈছে অন্যান্য লোকগীতৰ দৰেই গোৱালপৰীয়া লোকগীতৰ প্ৰধান বৈশিষ্ট্য। ইয়াৰ শ্ৰমৰ গীতৰ কথা কেইটামান এনে ধৰণৰ:-
… মইষ চড়ান, মইষাল বন্ধু, ঘাটেৰ উজানে।/ তোমাৰ মইষেৰ ঘণ্টা বাজে, মন উড়াং বাইৰং কৰে ৰে …(মইষ=মহ, মইষাল=মহৰখীয়া, উড়াং=উৰি)
… গদাধৰেৰ পাৰে পাৰে ও ঐনা মাউতে চৰায় হাতী …(ঐনা=সেই)
… তখনে না কইচোং মইষাল ৰে/ মইষাল না যাইন গোয়ালপাড়া/ কাড়িয়া নিবে হাতেৰ বাঁশি ছিঁড়িবে গলাৰ মালা। মইষাল ৰে…(তখনে=তেতিয়াই, কইচোং= কৈছিলোঁ)
… গৌৰীপুৰেৰ সৌখিন চেৰি ৰে/ ও ৰে নাইওৰ যাবাৰ চায়/ স্বামীৰ সংগে পেখনা কৰে/ ঢাকাই শাড়ি চায় ৰে।। (চেৰি=গাভৰু, নাইওৰ= আলহি, পেখনা=ঢং)
… নাউ কুটিনু ঘুচি ৰে ঘুচি/ সাধু চালে থুইয়া দাও।/ শিশুতে কৰাইচেন বিয়া ৰে/ সাধু এলাও গন্দায় গাও। (নাউ=লাও, কুটিনু=কাটিলোঁ, ঘুচি=এবিধ শক, থুইয়া= থৈদিয়া)
… ফুলেৰ সাজি লইয়া ৰে যশোদা/ যান বা গোয়ালপাড়া/ অলি অলি গলি গলি/ তায় বেচায় কমলা ৰে। (বেচায়=বিক্ৰীকৰা)
… আগুনেৰ ছলে মুই বাইৰা জাং/ তবুও শ্যাম তোৰ দেখা না পাং …(বাইৰা=বাহিৰলৈ, জাং=যাও)
… মদকিয়া মদ খায়/ আগুন দিতে আই মোৰ ৰাতি পোয়ায়ৰে/ নলেৰ ডাঙে মোৰ শৰীৰ পৰিল কালাৰে। (ডাঙে=কোৱ)
… কদম গাছে হেলানিৰে দিয়া/ কালা বাজায় মোহন বাঁশি সই/ নাযাইও যমুনাৰ জলে। (হেলানি=আউজি)
… কলসীৰ পানী মাজিয়ায় ঢালিয়া/ কলসী হইল মোৰ খালিৰে/ আৰে কলসীতে নাই মোৰ পানীৰে। …
… আৰে কমলা সুন্দৰীৰ পেন্দনেৰ শাড়ি/ ৰইদে ঝিলমিল কৰে ৰে/ আৰে কমলা সুন্দৰীৰ কানেৰ সোনা/ নাচিয়া যাইতে ঢোলে ৰে/ ও তুই ভাল কৰিয়া বাজানৰে দোতৰা সুন্দৰী কমলা নাচে …

দুঃখৰ গীতৰ কথা কেইটামান এনে ধৰণৰ:-
… ও তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধুৰে? ( তোমৰা=তুমি/আপুনি, গেইলে=গ’লে, আসিবেন=আহিবা)
… ও প্ৰাণ কুকিলা ৰে, একবাৰ আসিয়া একবাৰ দেখা দিয়া, তোৰে বাদে মনটা মোৰ থাকেৰে কান্দিয়া …(বাদে=কাৰণে)
… ও মোৰ হায় হস্তীৰ কন্যাৰে, খানিকো দয়া নাই মাহুতোক নাগিয়া ৰে… (নাগিয়া=বাবে)
… কচুৰ পাতাৰ পানি যেমন ৰে/ ও জীৱন টলমল টলমল কৰে/ ওই মতন মানুষেৰ দেহা/ কখন ঢলিয়া পড়ে জীবন ৰে …
… বালু টিলটিল পংখীৰে কান্দে বালুতে পড়িয়া/ আৰ গৌৰীপুৰিয়া মাহুত কান্দে ও/ সখী ঘৰবাড়ি ছাড়িয়া, সখিও …(বালু টিলটিল পংখী= বালিমাহি, ছাড়িয়া=এৰি)
… ও মোৰ দান্তাল হাতিৰ মাহুত ৰে/ যেদিন মাহুত ছাড়িয়া যায়/ নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে…(ঝুৰিয়া=চেচাঁহৈ)
… হাতিৰ মায়া জানো/ নাৰীৰও বেদনা ৰে মাহুত/ কিবা তোমৰা জানো ৰে
… আৰে বাপো কানা মাও কানা ও/ ও দাৰুণ বিধি কানা পাৰাৰ লোক/ পইছাৰ লোভে বেচেয়া খাইচে/ স্বামী নাবালোক/ মন মোৰ কান্দে ৰে। …

প্ৰেমেৰ গীতৰ কথা কেইটামান এনে ধৰণৰ:-

… কি অ’ বন্ধু কাজল, ভোমৰা ৰে, কোন দিন আসিবেন বন্ধু/ কয়া যান কয়া যান ৰে।
… তোমৰা না যাইও না যাইও সই ৰে ওই না যাইও যমুনা জলে (সই= সখি)
… ওই গদাধৰেৰ পাৰে ৰে/ ও মোৰ মাউতে চৰায় হাতি/ কী মায়া নাগাইলেন মাহুত ৰে/ ও তোৰ গলায় ৰসেৰ কাঠি …(নাগাইলেন=ল’গালে)
… গাও তোলো গাও তোলো বন্ধু গাও তোলো ডাংঙিয়া/ … কোন বা চোৰা নিয়া যায় মোক চুৰি না কৰিয়া ৰে। …(গাও=দেহা, ডাংঙিয়া=ডাঙিতোলা)
… আমাৰ বাড়ি যান ও মোৰ প্ৰাণেৰ মইষাল ৰে/ ও মইষাল বইসতে দিব মোড়া/ বুকতে হেলানি দিয়াৰে/ ও মইষাল বাজাইবেন দোতাৰা।। (বাজাইবেন= বজোৱা)
… মনেৰ আয়না খুলিয়া দেখিলে হয়/ দেহেৰ কপাট মেলিয়া দেখিলে হয়/ মনেৰ মানুষ কোথায় পাওয়া যায়।( আয়না= দাপোন, কপাট=দুৱাৰ)
… অ’ মোৰ বন্ধু ধন ৰসিয়া দেখা দেও মোক/ একবাৰ আসিয়া।/ আসিবাৰ চায়া আসিলেন না/ মনেৰ আগুন মোৰ নিবাইলেন না …( আসিয়া=আহি)

প্ৰতিমা বৰুৱাৰ গীতত আছে সামন্তবাদী সমাজৰ অভাৱগ্ৰস্ত নাৰীৰ দুঃখৰ কথা। বিৰহ আৰু আশাৰ মাজত দোদুল্যমান সেই যন্ত্ৰণাগ্ৰস্ত নাৰীৰ বেদনাৰগীত প্ৰতিমাৰ দৰে কোনোকালে কোনেও ফুটিয়াই তুলিব নোৱাৰিব। ৰাজপৰিয়ালৰ কন্যাহৈ কিষাণীৰ যন্ত্ৰণা বুকুত ধাৰণ কৰি গীত গাইছিলে প্ৰতিমাই। সেই হস্তীৰকন্যাৰ প্ৰতি গোৱালপৰীয়া আৰু ভাওৱাইয়া গীতৰ শ্ৰোতাসকল মুগ্ধহৈ থাকিব যুগেযুগে।

জন্ম আৰু শৈশৱ:
প্ৰখ্যাত হাতি বিশেষজ্ঞ প্ৰকৃতীশ চন্দ্ৰ বৰুৱাৰ কন্যা প্ৰতিমা বৰুৱাৰ জন্ম পশ্চিম অসমৰ ধুবুৰী জিলাৰ গৌৰিপুৰৰ ৰাজ পৰিয়ালত ১৯৩৫ চনৰ ৩ অক্টোবৰ। মাকৰ নাম মালতীবালা বৰুৱা। প্ৰতিমাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে কলিকতাৰ গোখেল মেমোৰিয়াল গাৰ্লস স্কুলত আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰে গৌৰীপুৰ বালিকা বিদ্যালয়ত। ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত উচ্চশিক্ষাৰ বাবে চাউথ ক্যালকাটা গাৰ্লস কলেজত ভৰ্তি হলেও লিখাপঢ়া শেষ নকৰিলে। লোকগীতৰ প্ৰেৰণা পাইছিলে ভৰতবালা ৰায়, শৰতবালা ৰায় আৰু সোনাইবালা ৰায়ৰ পৰা। লোকগীতৰ প্ৰথম শিক্ষক ভবেন ৰায়। চটকাগীতৰ শিক্ষক আছিলে বয়ানউদ্দিন। ছাত্ৰজীৱনত তাৰ গৃহশিক্ষক আছিলে ভুবনচন্দ্ৰ বৰুৱা আৰু নিখিলচন্দ্ৰ ৰায়। প্ৰতিমাই ৰবীন্দ্ৰসংগীত আৰু নজৰুলগীতি শিকিছিলে মনোৰমা বাইদেউৰ ওচৰত।
কৰ্মজীৱন:
প্ৰথম লোকগীত পৰিৱেশন কৰে ১৯৪৯ চনত কলিকতাৰ নিউ এম্পেয়াৰ থিয়েটাৰ হ’লত। ১৯৫৬ চনত ভূপেন হাজৰিকাৰ সংগীতত ‘এৰা বাটৰ সুৰ’ বোলছবি লোকগীত পৰিৱেশন কৰে। ১৯৫৭ চনত ‘মাহুত বন্ধুৰে’ চলচ্চিত্ৰত গীত গাই অসংখ্য মানুহৰ হৃদয় জয় কৰে। ইয়াৰ ওপৰিও বিভিন্ন সময়ত পলাশেৰ ৰং, গজমুক্তা আৰু বগলাৰ বঙ্গদৰ্শন চিনেমাত গীত পৰিৱেশন কৰে। ১৯৬০ চনত আকাশবাণীত অডিশন দি উত্তীৰ্ণ হয়। ১৯৬২ চনত আকাশবাণী গুয়াহাটি কেন্দ্ৰৰ সঞ্চালক পুৰুষোত্তম দাসৰ সহায়তায় ‘একবাৰ হৰি বলো মন ৰসনা’ গীতটি তেখেতৰ প্ৰথম ৰেকৰ্ড হিচাবে প্ৰকাশিত হয়। তেওঁৰ মুঠ ৰেকৰ্ডভুক্ত গীতৰ সংখ্যা ৩২০টা। তেওঁ ১৯৬৯ চনত ১৬ ছেপ্টেম্বৰত গৌৰীপুৰ প্ৰমথেশচন্দ্ৰ বৰুৱা কলেজৰ ইংৰাজী অধ্যাপক গঙ্গাশঙ্কৰ পাণ্ডেৰ লগত বিবাহ পাশাত আবদ্ধ হয়। ১৯৭৫ চনত আকাশবাণী কলিকতা কেন্দ্ৰৰ আমন্ত্ৰণত অনুষ্ঠান কৰে। পৰবৰ্তী সময়ত তেওঁৰ গীত আকাশবাণীৰ দিল্লি, সিমলা, শিলিগুড়ি, তেজপুৰ, শিলচৰ, কাৰ্চিয়াং, গ্যাংটক, ডিব্ৰুগড়, ইম্ফল আৰু আগৰতলা কেন্দ্ৰৰ পৰা নিয়মিত প্ৰচাৰ হৈ থাকে। ১৯৮৭ চনত কমলাৰাণা শৰ্মা প্ৰতিমাৰ সাক্ষাত্কাৰ গ্ৰহণ কৰে যিটো গুৱাহাটী দূৰদৰ্শনত সম্প্ৰচাৰিত হয়। প্ৰতিমাই দূৰদৰ্শনত নিয়মিত গোৱালপৰীয়া গীত পৰিৱেশন কৰিছিলে। ১৯৮৮ চনত ‘ভাৰত সংগীত নাটক একাডেমী’ পুৰস্কাৰ অৰ্জন কৰে। ২০০২ চনৰ ২৭ ডিচেম্বৰ গুৱাহাটীত এই মহান শিল্পীৰ প্ৰয়াণ ঘটে।

পুৰস্কাৰ আৰু সম্মাননা:
১৯৭৭ চনত তেওঁ ‘অসম সাহিত্য সভা’ পৰা ‘অসম শিল্পী’ সম্মান অৰ্জন কৰে।
১৯৮৮ চনত অৰ্জন কৰে ‘ভাৰত সংগীত নাটক একাডেমী’ সম্মান।
১৯৯১ চনত পদ্মশ্ৰী উপাধি।
১৯৯৩ চনত ‘আব্বাচ উদ্দীন স্মৰণ সমিতি’ পৰা বিশেষ সম্বৰ্ধনা।
২০০১ চনত উত্তৰবঙ্গ বিশ্ববিদ্যালয়ে তেওঁক ডি. লিট. উপাধি প্ৰদান কৰে।

* এই লিখাৰ সকলো তথ্য শ্যামল চক্ৰৱৰ্তীৰ বাংলা কিতাব মাহুত বন্ধুৰে: প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন ও গীত (জ্ঞান বিচিত্ৰা প্ৰকাশনী, আগৰতলা) পৰা লোৱা।

জয়দীপ চক্ৰৱৰ্তী

2.91111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top