মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / জ্যোতিপ্রসাদ আৰু প্রাসংগিক চিন্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জ্যোতিপ্রসাদ আৰু প্রাসংগিক চিন্তা

জ্যোতিপ্রসাদ আৰু প্রাসংগিক চিন্তা

‘শিল্পী দি‌ৱস’ পাৰ হৈ গ’ল ।‘জ্যোতিপ্ৰসাদ আগৰ‌ৱালা’ নামৰ ব্যক্তিজনক কিমানজনে গভীৰভা‌ৱে শ্ৰদ্ধান্জলী যাঁচি স্মৃতিচাৰণ কৰিলে সেয়া হয়তো এটা সন্দেহজনক বিষয়, কিন্তু বহুতেই তেখেতৰ নামত যে এটা দিনৰ বন্ধ উপভোগ কৰি মানসিক শান্তিত কটালে সেয়া নিশ্চিত সত্য ।ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰে উদযাপিত শিল্পী দি‌ৱসত সৰ্বসাধাৰণ আৰু প্ৰতিযোগীৰ সেৰেঙা উপস্হিতিয়ে সচেতন নাগৰিকক উদ্বিগ্ন কৰা দেখা গ’ল ।চৰকাৰে শিল্পী দি‌ৱস বৰ্জ্জনো কৰিব নো‌ৱাৰে, আৰু ঠিক উদযাপনো কৰিব নো‌ৱাৰে । এই ভেঁকোভাওঁনা অনাগত বছৰজুৰি একেই ৰূপত বাহাল থাকিব বুলি আমি সন্দেহ প্ৰকাশ কৰোঁ ।

প্ৰকৃততে,আজিৰ তাৰিখত এজন অসমীয়া ডেকা হিচাপে আমি যে জ্যোতিপ্রসাদৰ নামত কিবা এটা চিন্তা কৰিছো অথবা কিবা এষাৰ লিখিছোঁ, সেইটোৱেই এটা ‘আপুৰুগীয়া’ কথা হৈ পৰিছে ; কাৰণ,এই সময়ত আমাৰ বয়সৰ হাজাৰজন অসমীয়া ডেকা-ডেকেৰীয়ে নিজৰ বিবেক-মগজুক আন কোনো বহুজাতিক প্রতিষ্ঠানৰ নামত বন্ধকত থৈ সস্তীয়া পার্থিৱ আমোদ-প্রমোদেৰে সুখ-স্বাচ্ছন্দৰ জীৱন অতিৱাহিত কৰিবলৈ সাজু হৈছে অথবা মাটি-ভেঁটি বেচি কোনজন দালালৰ হাতেৰে চৰকাৰী চাকৰী এটা হস্তগত কৰি ঘৰ-সংসাৰ তৰিব পাৰি তাৰ ভাৱনাত বিভোৰ হৈছে নতুবা দেশৰ বা-বাতৰি পাগুলী চাৰিআলিৰ চুকত কেৰমগুটি খেলি থাকোতে কোনটো ৰাজনৈতিক দলৰ হৈ সহায়তা কৰিলে ঠিকা-ঠুকলিৰ বাট মুকলি হ’ব তাৰে ভাগ্য গণনা কৰিছে |

হয়, আজি জ্যোতিপ্ৰসাদো নাই আৰু তেওঁৰ সময়ৰ অসমীয়া সমাজো এতিয়া নাই | মানুহ,প্রযুক্তি,সমাজ-ব্যৱস্থা,চিন্তা-চর্চা আৰু সময়-এই সকলো সলনি হৈছে | কিন্তু এনে ৰূপান্তৰ আগন্তুক কৌটি কৌটি বছৰলৈ চলি থাকিলেও জ্যোতিপ্রসাদৰ প্রাসংগিকতা অসমীয়া সমাজৰ বিৱর্তনৰ সোঁতত কেতিয়াও হেৰাই নাযায়,বা যাব নোৱাৰেও |কাৰণ সেই সময়ৰ অসমীয়া সমাজৰ প্রতিটো অপৈণত ক্ষেত্রকে জ্যোতিপ্রসাদে নিজৰ প্রতিভাৰে সাঁচত গঢ়ি যিদৰে এক অনন্য স্বকীয় নৱৰূপ প্রদান কৰিলে আৰু যাৰ বলত আজি অসমীয়া জাতিয়ে ভাৰতৰ অন্য সংস্কৃতিবান জাতিসমূহৰ মাজৰে এটা হৈ মূৰ তুলি থাকিবলৈ সামর্থবান হৈছে ;সেই বিৰল ত্যাগ,দেশপ্রেম,জাতীয়তাবোধ আৰু সমাজ-সংস্কৃতিৰ মজিয়ালৈ আগবঢ়াই যোৱা অৱদান অসম-মাতৃয়ে দ্বিতীয় এজন পুত্ৰৰ পৰা যে আদায় কৰিব পাৰিব,তাত আমি সন্দেহ প্রকাশ কৰোঁ |

আজিৰ ৰাভা-গাৰো-মিচিং-বড়ো-কছাৰীৰ এনে খো‌ৱা-কামোৰাৰ দিনত আপুনি দেখা পাইছে নে জ্যোতিপ্রসাদে বান্ধি থৈ যোৱা সমন্বয়ৰ এনাজৰীডাল? নাট-গীতৰ ইমান সুদৃঢ় ভেঁটি স্থাপন কৰি যোৱাৰ পাছতো দেখোন অসমত এটাও অপেছাদাৰী নাট্যগোষ্ঠী জনপ্রিয় হ’ব পৰা নাই | ভ্রাম্যমানৰ মঞ্চত আপুনি একেখিনি নাচ-গান/কাৰিকৰী কৌশলৰ সমাহাৰ আৰু তাৰকাক লৈ টনাটনি দেখিয়েই আছে !(ভবেন্দ্র নাথ শইকীয়া/মহেন্দ্র বৰঠাকুৰৰ এখন দুখন চিন্তা-উদ্বেগকাৰী,কলাসুলভ মানদণ্ডবিশিষ্ট নাটক আগতে যি বা প্রদর্শিত হৈছিল,মুনাফাৰ লোভত প্রযোজকে আজিকালি সেয়াও নিশ্চিহ্ন কৰি পেলাইছে)

আপুনি অনুভৱ নকৰেনে যে লাহে লাহে আজিৰ নতুন গায়ক-গায়িকা(তথাকথিত ‘শিল্পী’!)য়ে অসমীয়া থলুৱা সুৰৰ নাম-চিহ্ন নোহোৱা কৰি সম্পুর্ণ পশ্চিমীয়া শৈলীৰে গীত গাবলৈ আৰম্ভ কৰিছে বুলি ?জ্যোতি-বিষ্ণু-পার্বতীৰ গীত শুনি যি মানসিক প্রশান্তি আপুনি লাভ কৰে, একেই সুখানুভুতি আপোনাক দিব পাৰেনে আজিৰ জুবিন-মানস-সীমান্ত-দীক্ষুহঁতৰ গানে?আমি অনুভৱ কৰো,জ্যোতিপ্রসাদ আৰু এজন জন্ম হওক | কিন্তু সেয়া নহয়-সকলো‌ৱে জানো | ‘আজিৰ প্রতিজনেই জ্যোতিপ্রসাদ হ’বও নোৱাৰে’!

‘জ্যোতিপ্ৰসাদে কিন্তু জাতিৰ বাবে ভোক, পিয়াহ, ঘৰ-সম্পত্তি আদি সকলো পাহৰি গৈছিল | যক্ষ্মাই কুটি কুটি খাইছিল তেওঁৰ দেহ, তিলতিলকৈ মৰিছিল |’ সঁচা | কিন্তু আজিৰ যুগত আপুনি একে অর্থত,একে মাপেৰে একে সেৱা যদি জাতিৰ বাবে আগবঢ়াবলৈ যায়, আপুনি প্রথম দিনাই বিফল মনোৰথে উভতি আহিব লাগিব | ৰাষ্টাৰে গৈ থাকোতে অপৰিকল্পিতভাৱে লগ পোৱা যিকোনো এজন অসমীয়া ছাত্র-ছাত্রী বা সেৱাৰত বিষয়া বা মন্ত্রী-বিধায়ক বা গৃহিনী বা দোকানী-কৃষক বা শিক্ষিত যুৱক-যুৱতীকে যদি এনেধৰণে সোধে যে ‘অসম-সংগীত কোনে ৰচনা কৰা?’ অথবা ‘জ্যোতিসংগীত শুনিছেনে?’ অথবা ‘আহোমৰ প্রথম ৰজা কোন আছিল?’ অথবা ‘ইয়ান্ডাবু-চুক্তি কেতিয়া হৈছিল?’ অথবা ‘খেঁৰসুতী কোন হয়?’ বা ‘ৰূপালীম-লভিতা কিহৰ নাম(খায়নে পিন্ধে!)?’ তেওঁলোকৰ উত্তৰে নিশ্চয় আপোনাক তিলতিলকৈ হতাশগ্রস্ততাত ভোগাব ! এয়াই আমাৰ অসম দেশ!

প্রকৃততে অসমীয়া সমাজ বর্তমান বিচ্ছুৰিত হৈ ছিন্ন-ভিন্ন হৈ পৰিছে –যি নিজৰ অস্তিত্ব আৰু ভেঁটিটোকেই চিনি নাপায় |ইয়াৰ কাৰক হিছাপে গোলকীকৰণ আৰু পশ্চিমীয়া সংস্কৃতিৰ প্রভাৱতকৈ আমাৰ অসমীয়া মানুহখিনিৰ গাফিলতি তথা অকর্মণ্যতাক আমি বেছি দোষাৰোপ কৰো |

এনে প্রেক্ষাপটত জাতিৰ পুণৰোদ্ধাৰ অভিযানত সকলো অসমীয়াই অগ্রণী ভুমিকা পালন কৰি নিজৰ নিজৰ সাধ্য আৰু বল অনুসাৰে নিজৰ নিজৰ এলেকাত মই ভাৱো অলপ হ’লেও নৱ-জাগৰণৰ সৃষ্টি কৰিব লাগে |

ক)জাতীয়তাবাদ উদ্বেগকাৰী লিখা-মেলা/সভা-সমিতি/আলোচনা সঘনাই পাতি ভিন্ন ভাষা-গোষ্ঠী জাতি-বর্ণ নির্বিশেষে একতা আৰু সমন্বয়ৰ জৰীডালক গাঢ় কৰি তুলিব লাগে |
খ) কলা-সংস্কৃতি উজ্জীৱিকৰণ আঁচনি যুগুত কৰি ন-প্রজন্মক অসমীয়া কলা-সংস্কৃতিৰ পাঠ আগবঢ়োৱা হওঁক, ন ন অনুশীলন-কেন্দ্র স্থায়ীভাৱে গঢ়ি তোলা হওঁক-য’ত উৎকৃষ্ট শিল্পীৱে পাঠদান কৰিব |বিষয় যেনে –জোতিসংগীত/লোকগীত/বৰগীত/সত্রীয়া নৃ্ত্য-গীত/মুখা শিল্প/বিহু গীত-নৃ্ত্য/ঢোল-খোল-পেঁপা-তাল বাদন আদি |
গ) দেওবাৰ,গৰমবন্ধ এইবোৰত অংশগ্রহণ কৰিব পৰাকৈ কিছুমান আংশিক সময়ৰ পাঠদান বিদ্যালয়তে আৰম্ভ কৰিব পাৰি |বিষয় যেনে-মুকাভিনয়/স্থাপত্যবিদ্যা/চিত্রাঙ্কন/ভাওঁনা/অভিনয় আদি |
ঘ) অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা মইনা-মেল/মইনা-চৰা/শিশু-বিকাশ কেন্দ্রবোৰ পুনর্জাগ্রত কৰি তেঁওলোকৰ কার্য-কলাপ নির্ধাৰণ কৰা আৰু উচিত পর্যবেক্ষণ কৰা |
ঙ) অসমৰ কোনো এঠাইত অন্তঃত বছৰি এবাৰকৈ পষেকীয়া কার্যসূচীৰে সদৌ অসমৰ ন-প্রজন্মৰ বাবে সমূহীয়া কর্মশালা/প্রশিক্ষনৰ ব্যৱস্থা কৰা হওক,য’ত মেধাসম্পন্ন প্রশিক্ষার্থীলৈ জলপানী আগবঢ়োৱা যাওঁক |
চ) প্রতি অঞ্চলৰ পৰা স্বেচ্চাসেৱক বাচি উলিয়াই তেওঁলোকক দ্বায়িত্ব অর্পণ কৰা হওক |
আমি ভাৱো, ন-ৰূপত এখন ন-সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে আৰু আমাৰ কলা-সংস্কৃতিৰে জগত জিনিবলৈ হ’লে আমি ঠিক এনেধৰণেই আগবাঢ়ি যাব লাগিব-য’ত কেৱল এজন অসমীয়াই নহয়,প্রতিজন উন্নতিকামী অসমীয়াৰ সদিচ্ছা আৰু অৰিহণা(অকল আর্থিক নহয়!) সোমাই থাকিব ।

অৰুণজ্যোতি দাস

3.24444444444
পুলক বৰু‌ৱা Aug 07, 2018 02:05 PM

চিন্তাখিনি ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top