মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / জ্যোতিপ্ৰসাদৰ নাটকৰ গীত আৰু কিছু প্ৰাসংগিক চিন্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জ্যোতিপ্ৰসাদৰ নাটকৰ গীত আৰু কিছু প্ৰাসংগিক চিন্তা

জ্যোতিপ্ৰসাদৰ নাটকৰ গীত আৰু কিছু প্ৰাসংগিক চিন্তা

আধুনিক অসমীয়া সংগীতৰ জনক জ্যোতি প্ৰসাদৰ গীতবোৰত পৰিসফুট মাটিৰ সুৰ মাটিৰ কথাই হ’ল জ্যোতিৰ গীতৰ বিশেষত্ব। অসমীয়া সংগীতৰ বেলিকা এটা বিশেষ ধাৰা বহন কৰা সত্ত্বেও ৰবীন্দ্ৰ সংগীত, নজৰুল গীত আদিৰ লেখীয়াকৈ এই ধাৰাক য়োতি সংগীত হিচাপে আনুষ্ঠানিক ভাৱে স্বীকৃতি দিয়া নহ’লেও বৃহত্তৰ অসমীয়া সমাজৰ মাজত এইবোৰ জ্যোতি সংগীত হিচাপেহে জনপ্ৰিয় হৈ আছে। জ্যোতি সংগীত বা জ্যোতি প্ৰসাদৰ গীত যিয়েই নহওক লাগে, ল’ৰা-বুঢ়া, প্ৰতিষ্ঠান সকলোতে কিন্ত কম-বেছি পৰিমাণে এই বোৰৰ চৰ্চা চলি আছে। বীৰেন্দ্ৰ নাথ দত্ত, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা আদি লোকৰ আশাশুধীয়া প্ৰচেষ্টা নতুবা, জ্যোতি ভাৰতী আদিৰ দৰে প্ৰতিষ্ঠানৰ ভূমিকাই এই দিশত নতুন মাত্ৰা প্ৰদান কৰিছে। আজিৰ চামৰ বাবে শুদ্ধ ৰুপত বহু খিনি গীতৰ স্বৰলিপি প্ৰকাশ পোৱাৰ বাবেও যথেষ্ট সুবিধা হৈছে। তৎসত্ত্বেও জ্যোতিপ্ৰসাদৰ গীত এটি পৰিবেশনৰ বেলিকা গীতৰ বক্তব্যৰ লগত একাত্মবোধৰ অভাৱে প্ৰায়েই সুন্দৰ গীত এটি নিষ্প্ৰাণ কৰি তোলাটো পৰিলক্ষিত হয়। ঘাইকৈ, জ্যোতি নাটৰ গীতবোৰৰ পৰিবেশনৰ ক্ষেত্ৰত এই অভাৱ যথেষ্ট অনুভৱ হয়। আমাৰ দৃষ্টিত ইয়াৰ এটা কাৰণ হ’ল- পৰিবেশনকাৰী সকলৰ মাজত জ্যোতি নাটবোৰৰ লগত থাকিব লগীয়া পৰিচিতৰ অভাৱ।

জ্যোতিপ্ৰসাদৰ নাটবোৰৰ ভিতৰত শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰুপালীম নাটকেইখনত সন্নিবিষ্ট গীতৰ সংখ্যা অধিক আৰু প্ৰায়বোৰ গীতেই জনপ্ৰিয়। এই গীতবোৰৰ প্ৰচল, চৰ্চা বা পৰিবেশনো অধিক। জ্যোতিপ্ৰসাদে এই গীতবোৰ সংশ্লিষ্ট নাটবোৰৰ বক্তব্যৰ তাগিদাত সংযোজন কৰিছে। প্ৰতিটো গীতৰ পৰিবেশনৰ বাবে ৰচনা কৰা হৈছে কিছুমান বিশেষ পটভূমি। বিভিন্ন গীতৰ ঠাঁচত আছে ৱিভিন্ন পৰিবেশ। সেয়ে সুন্দৰভাৱে এই গীতবোৰৰ পৰিবেশনৰ ক্ষেত্ৰত নাটকৰ অন্তভূক্ত বিশেষ পৰিবেশটো মনত ভাহি নুঠিলে শুদ্ধ স্বৰত গীত এটি গোৱা হ’লেও ই জীৱন নাপায়। এই দৃষ্টিৰে, স্বৰলিপি সাধনৰ উপৰিও সুন্দৰকৈ গীত পৰিবেশনৰ স্বাৰ্থত এই নাটবোৰৰ বিশেষ পটভূমি বা পৰিবেশৰ সম্যক ধাৰণা এটি থকাটো জৰুৰী বুলি বিবেচনা কৰাৰ নিশ্চয় থল আছে। প্ৰসংক্ৰমে ওপৰত উল্লেখ কৰা নাটবোৰত সন্নিবিষ্ট কেইটা মান বিশেষ গীতৰ পটভূমিৰ কথা উল্লেখ কৰিব খুজছোঁ।

গীত নম্বৰ- এক

গীতৰ কথা :

(কোনে) গছে গছে পাতি দিলে

ফুলেৰে শৰাই…….

নাট : শোণিতকুঁৱৰী/প্ৰথম অংক

পটভূমি : বাণৰ নগৰ। ৰাজকাৰেঙৰ ভিতৰত ফুলনিত উষা সখীয়েক সকলৰ সৈতে ঘূৰি ফুৰিছিল আৰু সখীয়েক সকলে নাচি নাচি গীত গাইছিল। উষাই ফুল ছিঙি ফুৰিছিল আৰু মাজে মাজে এবাৰ-দুবাৰ গীত গাইছিল। লাহে লাহে সন্ধিয়া হৈ আহিছিল। গীত-

(কোনে) গছে গছে পাতি দিলে…..

(বাণ লাহে লাহে সোমাই আহে। গীতৰো অন্ত পৰে।)

গীত নম্বৰ- দুই

গীতৰ কথা : অ’ সখী আহিব প্ৰিয়া……

নাট : শোণিত কুঁৱৰী/তৃতীয় অংক (সপ্তম দৰ্শন)

উষাৰ নগৰ। জোনাক নিশা। এটা মুকলি কোঠাত উষা আকাশৰ ফালে চাই পালেঙত বহি আছিল। জোনৰ পোহৰ আহি গোটেই ঠাইডোখৰ পোহৰাই থৈছিল। উষাৰ সখীয়েকহঁতে বহি উষাৰ মন ভাল লগাবলৈ নাম গাই আছিল। উষাই আন মনেৰে আকাশৰ ফালে উদাস হৈ চাই আছিল। চুলিবোৰ কেঁকোৰা হৈ দুই-এডাল উষাৰ গালত পৰি আছিল।

সখীবোৰে গায়………

অ’ সখী আহিব প্ৰিয়া…………

ৰুপহী জোনেৰে………….

গীত নম্বৰ- তিনি

গীতৰ কথা : যাউতিযুগীয়া……………

নাট : কাৰেঙৰ লিগিৰী/পঞ্চম অংক/প্ৰথম দৰ্শন

(শৰীয়ানগা চাং। ওখ ওখ গছে ঠাইডোখৰ ছাটি থৈছিল।)

বহু দূৰণিৰ নামনিৰ দৃশত দেখা গৈছিল। আকাশত জোনটো ওলাই পোহৰ দি আছিল। ঠাইডোখৰ নিজান নিস্তব্ধ। নগা ছাঙৰ পৰা অলপ ওপৰত নামনিৰ দৃশ্য চাই শেৱালি বহি আছিল। ওচৰত কেউ নাছিল। শেৱালিয়ে নামনিৰ দৃশ্যৰ ফালে আৰু জোনটোৰ পোহৰ চাই হঁহা যেন কৰে আৰু গুণ গুণকৈ গায় ……….

যাউতিযুগীয়া……………..

গীত নম্বৰ – চাৰি

গীতৰ কথা : জয় আলোকময় ………….

নাটক : ৰুপালীম/ষষ্ঠ অংক

(মণিমুগ্ধৰ প্ৰাসাদৰ এটা সুসংগবদ্ধ কোঠা। সময় নিশা।)

মণিমুগ্ধ : ৰুপালীম

ৰুপালীম : (মাতিব নোৱাৰে, ওঁঠটো মাঁথো কঁপে)

মণিমুগ্ধই থৰ লাগি চাই লাহে লাহে উঠি ৰুপালীমৰ ওচৰলৈ যায় ……….. এনেতে হঠাৎ জ্বলি থকা প্ৰদীপটো বতাহৰ ছাটিত নুমাই যায়। … মণিমুগ্ধ স্তব্ধ হৈ বহি থাকে। কিছুপৰৰ পাছত এজনী লিগিৰী আহি থিয় হয়।

মণিমুগ্ধ : ৰাতি কিমান পৰ?

লিগিৰী : শেষ হ’ল- পোহৰ হ’ল।

মণিমুগ্ধ : (গম্ভীৰ হৈ দাৰ্শনিক ভাৱে)

পোহৰ হ’ল- এৰা পোহৰ হ’ল।

কোঠাটোৰ পৰা লাহে লাহে উঠি যায় ……..

কোঠাটোৰ বাহিৰৰ খিৰিকীয়েদি পুৱতিৰ প্ৰথম কিৰণ সোমাই সোমাই আহিছিল। সেই পূব গগনৰ পোহৰৰ ফালে মণিমুগ্ধই ৰ’ লাগি চাই আছিল। এটা বিমল আনন্দ অনুভৱ কৰিবলৈ ধৰে। এনেতে ৰুপালীম থিয় হয়।

মণিমুগ্ধ : ৰুপালীম। ক্ষমা কৰিবা। যোৱা তুমি মুক্ত।

(ৰুপালীম তাৰ পৰা লাহে লাহে এখুপি-দুখুপিকৈ ওলাই যায়। বাহিৰৰ পৰা দূৰণিৰ বৌদ্ধ ভিক্ষুৰ পুৱাৰ বন্দনা গীত শুনা-নিশুনাকৈ উটি আহে। মণিমুগ্ধই গীত শুনি শুনি দুৱাৰেদি তলৰ খটখটিয়েদি নামি গুচি যায়গৈ …….

গীত : জয় আলোকময় …..

ওপৰত উল্লিখিত নাটকীয় পৰিবেশবোৰ কেইটামান উদাহৰণহে মাথোন। এনেদৰে জ্যোতি নাটকত সন্নিবিষ্ট প্ৰায় সকলো জনপ্ৰিয় গীতৰ লগত সাঙোৰ খাই আছে অনেক বিশেষ, বিতোপন পৰিবেশ। এগৰাকী শিল্পীয়ে যদিহে এই গীতবোৰৰ পটভূমিৰ পূৰ্বৰ ধাৰণা এটা লৈ গীত এটা পৰিবেশন কৰে, তেতিয়া হ’লে শ্ৰোতাৰ মনতো ঠিক তেনে এটি ৰেখাপাতেই কৰিব। সকলো মিলি পৰিবেশিত গীত এটি প্ৰাণৱন্ত আৰু সাৰ্থক হৈ পৰিব। (অৱশ্যে শুদ্ধ স্বৰলিপিৰ কথা একান্তই বাঞ্ছনীয়।) সেয়ে আমাৰ ধাৰণা, জ্যোতিপ্ৰসাধৰ গীতৰ চৰ্চাৰ লগত জড়িত সকলোৰে মাজত জ্যোতি নাটকৰ অধ্যয়ন কিম্বা চৰ্চা অপৰিহাৰ্য। তেনে সঁচা অৰ্থত জ্যোতি প্ৰসাদৰ গীত এটি জীৱন্ত ৰুপত অসমীয়া সংস্কৃতিৰ বাহক হিচাপে বৰ্তি থাকিব।

লেখক: অজিত দেৱশৰ্মা, প্ৰান্তিক

2.81818181818
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top