অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ড. ভূপেন হাজৰীকা, জীৱন পৰিক্ৰমা

ড. ভূপেন হাজৰীকা, জীৱন পৰিক্ৰমা

১৯২৬ চনঃ শদিয়াত জন্ম, ৮ছেপ্তেম্বৰ।

পিতৃঃ নীলকান্ত হাজৰীকা।

মাতৃঃ শান্তিপ্ৰিয়া হাজৰীকা।

১৯৩০ চন

কটন কলেজিয়েট হাইস্কুলত ৰাজহুৱা সভাত গীত পৰিবেশন। লক্ষ্মীনাথ বেজবৰুৱাৰ আশিস আৰু চুমা লাভ।

১৯৩৫ চন

তেজপুৰ হাইস্কুলত নামভর্তি।

১৯৩৬ চন

জ্যোতিপ্ৰসাদ আগৰৱলা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সানিধ্য লাভ। কলিকতাত প্ৰথমবাৰৰ বাবে চেনোলা মিউজিকেল প্ৰডাক্ত কোম্পানীত জয়মতী পালানাটৰ গীত ৰেকডিং। শোণিত কুৱঁৰী নামৰ পালনাটৰ ৰেকডিঙত কণ্ঠদান। বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা ৰচিত কাষতে কলচি লৈ যায় ঐ ৰচকী বাই আৰু উলাহতে নাচি বাগি হলি বিয়াকুল শীর্ষক গীট দুটাত কণ্ঠদান।

১৯৩৭ চন

জীৱনত প্ৰথমবাৰৰ বাবে কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান শীর্ষক গীত ৰচনা।

১৯৩৯ চন

কলিকতাৰ আকাশবাণী কেন্দ্ৰত প্ৰথমবাৰৰ বাবে অসমীয়া গীত পৰিবেশন।

১৯৪০ চন

তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ।

১৯৪১ চন

কটন কলেজত আই এ মহলাত নাম ভর্ত্তি।

১৯৪২ চন

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত স্নাতক মহলাত নাম ভর্ত্তি।

১৯৪৩ চন

সহশিল্পি কুইন হাজৰিকাৰ সৈতে প্ৰথম সুৰাৰোপিত ৰেডিঅ গীতৰ ৰেকডিং।

১৯৪৪ চন

ৰাজনীতি বিজ্ঞানৰ উপৰিও দশর্ন বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰি লাভ। অমৃতবাজাৰ প্ৰত্ৰিকাত এলাহবাদ সংস্কৰণত ছাত্ৰ সমালোচক ৰূপে আত্মপ্ৰকাশ।

১৯৪৬ চন

বাৰানসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ।

১৯৪৮  চন

বিষ্ণুৰাভাৰ পৰিচালিত চিৰাজ কথাছবিত অভিনয় আৰু শিৱপ্ৰসাদ ভট্ৰাচায্যৰ লগত যুটিয়াভাবে সেই ছবিৰ সংগীত পৰিচালনা। আকাশবাণী গুৱাহাটী-শ্বিলং কেন্দ্ৰৰ গুৱাহাটী কেন্দ্ৰত প্ৰগেম এছিচটেণ্টৰূপে যোগদান।

১৯৪৯ চন

ডক্তৰেট ডিগ্ৰীৰ বাবে আমেৰিকালৈ যাত্ৰা।

১৯৫০ চন

প্ৰিয়ম্বদা পেটেলৰ সৈতে নিউয়ক চহৰত বিবাহ সম্পন্ন (১ আগষ্ট) । পল ৰবলছমৰ জেফাৰছনৰ জেফাৰণ স্কুল অৱ ছচিয়েল ছাইণ্স ত যোগদান।

১৯৫২ চন

ডক্টৰেট ডিগ্ৰী লৈ স্বদেশলৈ প্ৰত্যাবর্তন। ভাৰতীয় গণনাট্য আন্দোলনত সক্ৰিয় অংশগ্ৰহন।

১৯৫৩ চন

ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱলাৰ মৃত্যুদিৱস পালন।

১৯৫৪ চন

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিবাগত প্ৰবক্তা ৰূপে যোগদান।

১৯৫৫ চন

দিল্লীত অনুষ্ঠিত আন্ত-বিশ্ববিদ্যালয় যুৱ মহোৎসৱত ড. হাজৰিকাৰ পৰিচালনাত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ট দলৰ সন্মান লাভ কৰে। পিয়লি ফুকন ছবিৰ সংগীত পৰিচালনা।

১৯৫৬ চন

ভৰতীয় সাংস্কৃতিক সংস্থাৰ সদস্য হিচাপে ৰাছিয়াৰ হেলছিংকিত অনুষ্ঠিত বিশ্বশান্তি সন্মিলনত যোগদান। এৰাবাতৰ সুৰ কথাছবিৰ পৰিচালনা, প্ৰযোজনা। বিশ্ববিদ্যালয়ৰ চাকৰি ইস্তাফা।

১৯৫৭ চন

অসমীয়া কথাছবি ধুমুহাৰ সংগীত পৰিচালনা। অসমাপ্ত, কড়ি ও কমল, জীৱন তৃষ্ণা ইত্যাদি বাংলা কথাছবিত সংগীত পৰিচালনা।

১৯৫৮ চন

মাহুত বন্ধুৰে নামৰ কথাছবি নির্মান। জোনাকীৰ আলো নামৰ বাংলা কথাছবিৰ সংগীত পৰিচালনা।

১৯৫৯ চন

ফণি শর্মা পৰিচালিত কেচা সোণ, পুৱতি নিশাৰ সপোনআৰু বাংলা কথাছবি দুই বেচেৰাৰ সংগীত পৰিচালনা।

১৯৬০ চন

অসমত ভাষা আন্দোলনৰ পৰিপেক্ষিতত শান্তি সম্প্ৰিতি প্ৰতিষ্ঠাৰ উদেশ্যে হেমাংগ বিশ্বাসৰ সৈতে অসমৰ সাংস্কৃতি অনুষ্ঠান। হাৰাধন , ৰংমন, মানুহে মানুহৰ বাবে, আদি কালজয়ী গানৰ সৃষ্টি।

১৯৬১ চন

শকুন্তলাৰ পৰিচালনা। কথাছবিখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ।

১৯৬২ চন

চীন ভাৰতৰ যুদ্ধৰ পতভূমিত কত জোৱানৰ মৃত্যু হল, ৰণক্লান্ত নহও, আদি বহুকেইটা জনপ্ৰিয় গীতৰ সৃষ্টি।

১৯৬৩ চন

সবের্শ্বৰ চক্ৰবতী পৰিচালিত মণিৰাম দেৱানৰ সংগীত পৰিচালনা। নাজিৰাত অসম সাহিত্য সভাৰ ৩৩তম অধিবেশনৰ সভাপতি।

১৯৬৪ চন

প্ৰতিধ্বনি নিমার্ন। কথাছবিখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ।

১৯৬৫চন

প্ৰথম অসমীয়া আর্ট জাণের্ল গতিৰ সম্পাদনা। উর্ক্তবষ মেৰ পৰা আমাৰ প্ৰতিনিধি নামৰ আলোচনীখনৰ সম্পাদনা দায়িত্ব গ্ৰহন।

১৯৬৬ চন

লটিঘটি কথাছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ। পিতৃ নীলকান্ত হাজৰিকাৰ দেহাবসান।

১৯৬৭ চন

নাওবৈচাৰ পৰা অসম বিধান সভালৈ নিদর্লীয় প্ৰার্থী হিচাপে নিবাচির্ত। ছোভিয়েট ৰাছিয়া ভ্ৰমন।

১৯৬৮ চন

১৭ জানুৱাৰীত জ্যোতি চিত্ৰবনৰ উদ্বোধনী অনুষ্ঠানত যোগদান। মাচর্ত মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত এক বিশেষ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাৰ দ্বাৰা সুধাকণ্ঠ উপাধি প্ৰদান।

১৯৬৯ চন

চিকমিক বিজুলী কথাছবি নিমার্ণ।

১৯৭০ চন

প্ৰথম অসমীয়া আলোচনী বিন্দুৰ সম্পাদনা।

১৯৭১ চন

মঙলদৈ লোকসভা সমষ্টিত নিবাচর্নী প্ৰাথী হিচাপে যোগদান কৰি পৰাজয় বৰণ। বাংলা কথাছবি এখানে পিঞ্জৰৰ সংগীত পৰিচালনা। মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ দেহাৱসান।

১৯৭২ চন

১৪ ফেব্ৰুৱাৰী বালির্নত অনুষ্ঠিত দ্বিতীয় আন্তজার্তিক সংগীত সন্মিলনত যোগদান। জনপ্ৰিয়তাৰ শীষর্ত আৰোহন কৰাৰ কাৰণে  World Conference of Composerসন্মিলনত ভূপেন হাজৰিকাৰ সম্পর্কে গ্ৰন্থ প্ৰকাশ আৰু চলচিত্ৰ নিমার্ন।

১৯৭৩ চন

আত্মাৰামৰ আৰোপ, নামৰ হিন্দী কথাছবি গীতত প্ৰথমবাৰৰ বাবে সংগীত পৰিচালনা। বালিনর্ত অনুষ্ঠিত আন্তজার্তিক যুৱ মহোৎসৱত বিশেষ আমন্ত্ৰিত অতিথিৰূপে যোগদান। তাত সংগীত পৰিবেশন আৰু শ্বর্ণ পদক লাভ।

১৯৭৪ চন

অৰুণাচল প্ৰদেশৰ পটভূমিত ৰঙীণ চলচিত্ৰ ‘For whom the sun shine” নিমার্ণ।

১৯৭৫ চন

মেৰা ধৰম মেৰী কা কথাছবিৰ সংগীত পৰিচালনা। বাংলা কথাছবি দম্পতি আৰু বাংলাদেশৰ বিখ্যাত চিত্ৰ পৰিচালক আলমগীৰ কবীৰৰ দ্বাৰা পৰিচালিত সীমানা পেৰীয়ে কথাছবিৰ সংগীত পৰিচালনা। চামেলী মেমচাহাব, কাচঁঘৰ আৰু খোজ ছবিৰ সংগীত পৰিচালনা।

১৯৭৬ চন

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী শীষর্ক তথ্যচিত্ৰৰ বাবে চিত্ৰনাট্য ৰছনা, সংগীত পৰিচালনা, আৰু চিত্ৰ পৰিচালনা।

১৯৭৭ চন

২ এপ্ৰিলত পদ্মশ্ৰী সন্মান লাভ। বাংলা কথাছবি দম্পতীৰ সংগীত পৰিচালক ৰূপে বাংলা চলচিত্ৰ সমিতি আৰু Indian Cultural Forum –ৰ পৰা শ্ৰেষ্ট পুৰস্কাৰ লাভ।ভাৰতীয় চলচিত্ৰৰ কেন্দ্ৰীয় ছেম্সৰ বর্ডৰ সদস্য মনোনীত। বনসংস কথাছবিৰ সংগীত পৰিচালনা।

১৯৭৮ চন

আব্দুল মজিদ পৰিচালিত বনজুই আৰু ৰবীন চেতীয়া পৰিচালিত "প্ৰান গংগা"ছবিৰ সংগীত পৰিচালনা। ১০ ছেপ্তেম্বৰত ইংলেণ্ডত বর্ণ বৈষম্য বিৰুদ্ধে সংগীত পৰিবেশন। বাংলা আমি এক যাযবৰ ৰ অভূতপূব সাফল্যৰ বাবে এইচ. এম. ভি. কোম্পানীৰ পৰা গোল্ডেন ডিস্ক লাভ। অল ইণ্ডিয়া ক্ৰিতিক এছচিয়েনৰ পৰা ভাৰতৰ শ্ৰেষ্ট লোকগীত গায়কৰ সন্মান লাভ। ভূপেন মামাৰ অ আ ক খ নামৰ গ্ৰন্থৰ বাবে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ।

১৯৭৯ চন

অসমীয়া কথাছবি মন প্ৰজাপ্ৰতি সংগীত আৰু চিত্ৰ পৰিচালনা। তিনিমাহ ধৰি আমেৰিকাৰ বিভিন্ন অনুষ্ঠানত সংগীত পৰিবেশন, আন্তজার্তিক চক্ৰত ভাষণ, ৰেডিঅ, টিভি অনুষ্ঠানত অংশগ্ৰহন, স্কুল অৱ অনাৰ লাভ। নাগীনি কন্যাৰ কাহিনী আৰু মহুৱা সুন্দৰী নামৰ দুখন মঞ্চ নাটকৰ সংগীত পৰিচালনা কৰি শ্ৰেষ্ট সংগীত পৰিচালক ৰূপে পুৰস্কাৰ আৰু বঠা লাভ।

১৯৮০ চন

গৌৰী বমর্ন পৰিচালিত কথাছবি অকমৰ সংগীত পৰিচালনা। জাপানৰ বুদ্ধিজীৱী, সাংস্কৃতিক সংগঠনৰ দ্বাৰা আমন্ত্ৰিত হৈ জাপান ভ্ৰমন। বিশ্বৰ ১২০ জন সবশ্ৰের্ষ্ট গণশিল্পিৰ সৈতে মুখ্য শিল্পিৰূপে যোগদান। পৃথিৱীৰ লোকসংগীতৰ গৱেষক আৰু শিল্পি আখ্যা লাভ। প্ৰৱন্ধ সংকলন সুন্দৰৰ সৰু বৰ আলিয়েদি গীতৰ সংকলন বহ্নিমান বক্ষ্মপুত্ৰ প্ৰকাশ।

১৯৮১ চন

পুনৰ জাপানলৈ আমন্ত্ৰন RA-ON গোষ্ঠীৰ পৰা বিশ্বৰ অন্যতম সুৰ শিল্পি , কণ্ঠশিল্পি আৰু পৃথিৱীৰ অন্যতম সাংস্কৃতিক ৰাষ্ট্ৰদূত আখ্যা লাভ। তথ্যচিত্ৰ Along the River Brahmputra পৰিচালনা।

১৯৮২ চন

সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ সভাপতি পদৰ দায়িত্ব গ্ৰহন। অপৰূপাৰ বাবে গীত ৰচনা আৰু কণ্ঠদান। পাবর্তী প্ৰসাদ বৰুৱা ৰ গীতৰ লং প্লেয়িং ৰেকডর্ত কণ্ঠদান।

১৯৮৩ চন

অসম আন্দোলন আৰু অবৈধ নিবাচর্নক কেন্দ্ৰ কৰি গহপুৰ, নেলীকে আদি কৰি অসমৰ বিভিন্ন ঠাইত হোৱা সংঘাতৰ অৱসান বিচাৰি ভূপেন হাজৰিকাৰ নেতৃত্বত সমন্বয় সাংস্কৃতিক বাহিনীৰ সূচনা।

১৯৮৪ চন

বঙাইগাৱঁত অনুষ্ঠিত অসম সাহিত্য সভাত সাহিত্যিকসকললৈ উদাত্ত আহ্বান- হে দেৱতা সকল মাটিলৈ নামি আহক।

১৯৮৫ চন

দূৰদশর্নৰ জুৰি বডৰ অধক্ষ ৰূপে দায়িত্ব লাভ। প্ৰবীন বৰাৰ পৰিচালিত অংগীকাৰ কথাছবিৰ সংগীত পৰিচালনা। ভাৰতীয় নেশ্যনেল ফ্লিম ফেষ্টিভেল এৱার্ড, জুৰি বর্ডৰ চেয়াৰমেন হিচাপে মনোনীত।

১৯৮৬ চন

জাতীয় স্তৰত দূৰদশর্নৰ বাবে চলচিত্ৰ কিনা আৰু বাচনী কমিতিৰ সদস্য মনোনীত। অসমীয়া কথাছবি যুগে যুগে সংগ্ৰাম, মা আৰু সংকল্পৰ সংগীত পৰিচালনা। ফ্লিম ডিভিজনৰ বাবে অসমীয়া কাহিনী চিত্ৰনাট্য স্বীকাৰুক্তি নিমার্ন। কল্পনা লাজমীৰ পৰিচালিত এক পল কথাছবিৰ সংগীত পৰিচালনা।

১৯৮৭ চন

কাবি  কথাছবি ৰিং আং তং  আৰু অসমীয়া কথাছবি প্ৰতিশোধ ৰ সংগীত পৰিচালনা। পশ্চিমবংগত চিত্ৰজগত পত্ৰিকাৰ পৰা প্ৰথমেশ বৰুৱা পুৰস্কাৰ লাভ।

১৯৮৮ চন

১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভেংকতৰমনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বটা লাভ। ৬ ফেব্ৰুৱাৰীত কলকতাৰ ৰবীন্দ্ৰ ভৱনত  উক্ত বষৰ সংগীত নাটক একাডেমী পুৰস্কাৰ গ্ৰহন। ২৪ মেত ৰাছিয়াত অনুষ্ঠিত ভাৰত উৎসৱত যোগদান।

১৯৯০ চন

ৰাষ্টীয় চলচিত্ৰ  উন্নয়ন নিগমৰ বর্ড অৱ ডিৰেক্তৰৰ সদস্য মনোনীত।

১৯৯১ চন

কেৰেলাত অনুষ্ঠিত আন্তজাতির্ক শিশু চলচিত্ৰ মহোৎসৱ উপলক্ষে ইণ্ডিয়ান চিলণ্ডেন ফ্লিম চচাইটিৰ দ্বাৰা গঠিত বর্ড অৱ ডাইৰেক্তৰ সদস্য মনোনীত।

১৯৯২ চন

এন এফ ডি চি প্ৰযোজিত আৰু কল্পনা লাজমীৰ পৰিচালিত ৰুদালী কথাছবিৰ সংগীত পৰিচালনা।

১৯৯৩ চন

অসম সাহিত্য সভাৰ ৫৯ সংখ্যক শিৱসাগৰৰ সভাপতি দায়িত্ব গ্ৰহন। ৱাইচকুর্ণি বৰা পৰিচালিত কথাছবি প্ৰিয়জনৰ সংগীত পৰিচালনা। ১৩ এপ্ৰিলত ভাৰত চৰকাৰৰ দ্বাৰা ১৯৯২ চনৰ দাদ চাহেব ফাল্কে বটা ৰূপে নিবাচির্ত।

১৯৯৪ চন

জানুৱাৰী: কলকতাত অনুষ্ঠিত ভৰতীয় আন্তঃৰাষ্টিয় চলচিত্ৰ মহোৎসৱ উপলক্ষে ইণ্ডিয়ান পেনোৰামা শাখাৰ চলচিত্ৰ নিবার্চক মণ্ডলীৰ অধক্ষ নিবার্চিত। অশান্ত প্ৰহৰ কথাছবিৰ সংগীত পৰিচালক।

১৯৯৫ চন

পানী কথাছবি সংগীত পৰিচালনা।

১৯৯৭ চন

কেৰেলাৰ জয়ৰাজ পৰিচালিত মালায়লাম কথাছবি দেশদানৱৰ সংগীত পৰিচালনা। হিন্দী ভাষাৰ সাজ আৰু দৰমীয়া নামৰ কথাছবি দুখনৰ সংগীত পৰিচালনা। ভাৰতৰ স্বাধীনতা ৫০ তম বষর্পুতি উপলক্ষে ভৰত চৰকাৰৰ Golden Citizen India, 1947-97সন্মান।

১৯৯৮ চন

গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰ উদ্বোদ্ধনী সক্ৰিয় অংশগ্ৰহন।সংগীত নাটক একাডেমীৰ দ্বাৰা অধক্ষ ৰূপে ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত।

২০০০ চন

মধ্যপ্ৰদেশ চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় লতা মংগেশকাৰ বটা লাভ। গুৱাহাটী ৰবীন্দ্ৰ ভৱনত সংগীত নাটক একাডেমী সচিব।

২০০১ চন

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱতর্নত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ।

২০০৪ চন

বি. জে. পি দলত যোগদান। দলৰ হৈ লোকসভা নিবার্চনত অংশগ্ৰহন আৰু পৰাজয়। সতী ৰাধিকা কথাছবিত সংগীত পৰিচালনা।

২০০৯ চন

ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে একাডেমীৰ সব্বোর্চ সন্মান একাডেমী ফেলশ্বিপ আৰু সংগীত ৰত্ন সন্মান আগবঢ়ায়। ২৯ জানুৱাৰীত অসম চৰকাৰৰ সব্বোর্চ সন্মান অসম ৰত্ন লাভ। ১৩ ফেব্ৰুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰা প্ৰতিমুর্তি উদ্বোধন।

২০১১ চন

মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটালত ভর্তি কৰোৱা হয়। গান্ধী টু হিটলাৰ শীষর্ক কথাছবিত কণ্ঠদান। ৫ নবেম্বৰ বিয়লি ৪-৩৭ বজাত মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটালত ইহলীলা সম্বৰণ।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate