অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰাধীন অবিভক্ত ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি–লক্ষেশ্বৰ বৰুৱা

পৰাধীন অবিভক্ত ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি–লক্ষেশ্বৰ বৰুৱা

গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত এজন অসাধাৰণ ভাৰতীয়৷ স্বাধীনতা আন্দোলনত জড়িত হোৱাৰ অপৰাধত কেইবাবাৰো জেল যাত্ৰা৷ লক্ষেশ্বৰ বৰুৱা৷ জন্ম ১৮৯৪চন, মৃত্যু ৩০ নবেম্বৰ ১৯৯০ চন৷ শিক্ষা: কটন কলেজৰ আধৰুৱা বিজ্ঞান স্নাতক৷ ৯ ছেপ্তেম্বৰ, ১৯৪২ চন ৷ স্থান: যোৰহাট জিলাৰ চাৰিগাওঁ মৌজা৷ গান্ধীজীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰ ঢৌ মাৰ যোৱাই নাই৷ তেনে সন্ধিক্ষণত লক্ষেশ্বৰ বৰুৱা দেৱৰ নেতৃত্বত এখন গণসমাৱেশত স্বাধীন  “চাৰিগাওঁ ৰাষ্ট্ৰ”  ঘোষণা কৰা হয়৷ বৰুৱাদেৱে নিজেই উক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে৷ তেওঁৰ লগতে মন্ত্ৰীপৰিষদৰ সাতজন অন্য সদস্যৰ নাম ঘোষনা কৰে ৷ অৰ্হতা অনুসৰি তেখেতসকলক দপ্তৰ বিতৰণ কৰে লক্ষেশ্বৰ বৰুৱাদেৱে নিজেই৷

তেখেতৰ মন্ত্ৰী সভাৰ সদস্যসকল আছিল:- জগত চন্দ্ৰ শইকীয়া (গৃহ বিভাগ), গোলাপ চন্দ্ৰ দত্ত (শিক্ষা), দেৱী শৰণ বৰবৰা (প্ৰতিৰক্ষা), সোনাৰাম শইকীয়া (জন-কল্যাণ), কৃষ্ণ প্ৰসাদ শইকীয়া (সমবায়) আৰু জে. বৰদলৈ (ৰাজহ)৷ স্বৰ্গীয় লক্ষেশ্বৰ বৰুৱাই হ’ল পৰাধীন অবিভক্ত ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি৷ প্ৰায় ২০ বৰ্গ কি.মি. মাতিকালিৰ “চাৰিগাওঁ ৰাষ্ট্ৰ”৷

স্বাধীনতা সংগ্ৰামৰ এই বিৰল ঘটনাক শাৰদ পাৱাৰদেৱৰ দ্বাৰা লিখিত গ্ৰন্থ “Contemporary Political Leadership” ত সন্নিবিষ্ট আছে৷ আৰু প্ৰফেচৰ অনিল কুমাৰ শৰ্মাই তেখেতেৰ “Quit India Movement” গ্ৰন্থত লক্ষেশ্বৰ বৰুৱাৰ বিষয়ে উল্লেখ কৰিছে৷
এবাৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এখন সভাত মুখ্য অতিথিৰ আসনত আছিল তেতিয়াৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ৷ তেখেতে লক্ষেশ্বৰ বৰুৱাদেৱক সভাস্থলীত দেখি দৰ্শকৰ মাজৰ পৰা উঠাই আনি মঞ্চৰ নিজৰ আসনত বহিবলৈ দি কৈছিল- ” আপুনিহে প্ৰকৃত ৰাষ্ট্ৰপতি” ৷ ১৯৮৮ চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী তেখেতৰ ঘৰত উপস্থিত হৈ স্বস্থ্যৰ বুজ লোৱাৰ উপৰি সম্ভৰ্ধনা জ্ঞাপন কৰে।

বিজিত কুমাৰ দত্ত

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate