অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বীৰ লাচিত বৰফুকন

বীৰ লাচিত বৰফুকনৰ কথা লিখা হৈছে

 

সাহস আৰু সংগ্ৰামৰ প্ৰতীক

 

কোনো এখন সমাজলৈ দৃঢ়,নি:স্বাৰ্থ,দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই আনি দিয়ে যুগান্তকাৰী পৰিৱৰ্তন। অসম ইতিহাসৰ ১৬৪৮ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ খ্ৰীষ্টাব্দলৈকে চলি থকা দুৰ্যোগপুৰ্ণ সময়খিনিত এনে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল ক্ষণজন্মা বীৰ লাচিত বৰফুকনে।লাচিত বৰফুকনে অসমীয়া সেনা,অসমীয়া জনগণৰ নেতৃত্ব নোলোৱা হ’লে অসমৰ স্বাধীনতা সুৰ্য কেতিয়াবাই মাৰ গ’লহেঁতেন।সেয়ে লাচিত মানেই আমি বুজিব লাগিব যে তেওঁ আছিল এক অপৰাজেয় ব্যক্তিত্ব,সাহস আৰু সংগ্ৰামৰ প্ৰতীক।

ইতিহাসে সোঁৱৰায় যে ১৯১২ খ্ৰীষ্টাব্দলৈকে অসমৰ ৰাজনৈতিক পৰিস্থিতি অতি সংকটজনক আছিল।১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰ্ংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰিছিল আৰু আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য কৰিছিল কোনো দিনে পৰাধীনতাৰ মুখ নেদেখা স্বাধীনচিতীয়া আহোম ৰাজপৰিয়ালৰ লগতে অসমীয়া জনগণই এই অপমান সমুলি সহ্য কৰিব পৰা নাছিল।স্বৰ্গদেউ জয়ধ্বজ সিংহই অসমৰ স্বাধীনতা ঘুৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সফল পোৱা নাছিল।শত্ৰুক দেশৰ পৰা খেদাই পঠোৱাৰ চিন্তাই তেওঁক খুলি খুলি খাইছিল আৰু এদিন পৰাধীনতাৰ কলংক লৈয়ে তেওঁ মৃত্যুক সাবটি ল’লে।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত আহোম ৰাজ্যৰ ৰজা হয় চক্ৰ্ধ্বজ সিংহ-

 

এইজনা স্বৰ্গদেৱে হেৰুৱা ৰাজ্যখন পুনৰ উদ্ধাৰ কৰি দেশৰ অতীত গৌৰৱ ঘুৰাই অনাৰ বাবে দেহে-কেহে চেষ্টা কৰিছিল।নিজৰ ৰাজ্য শত্ৰুৰ দখলত থকাৰ বাবে অপমান অনুভৱ কৰি অকণো সময় শান্তিৰে কটাব নোৱাৰিছিল।‘বঙাল শত্ৰু ওচৰতে আছে।কেনেকৈ ছৈয়দ ফিৰোজ আৰু চানাক ধৰি পৰা যাব।ইয়াৰ দ্বাৰা ইয়াকে সুচায় যে দেশ ৰক্ষাৰ বাবে যিজনকে নামনি অসমৰ অধিকাৰী (বৰফুকন)পাতিব,তেওঁ হ’ব লাগিব’গাঢ়’অৰ্থাৎ গভীৰ জ্ঞান থকা,সুদক্ষ কুটনীতিবিদ,বুদ্ধিমান,নি:স্বাৰ্থ আৰু বিশ্বাসী ।(ইতিহাসে সোঁৱৰা ছশটা বছৰ-প্ৰয়াত সৰ্বানন্দ ৰাজকুমাৰ)।

এই কথা মনত ৰাখিয়েই স্বৰ্গদেৱে আহোম সেনাবাহিনীক নেতৃত্ব দিবৰ বাবে এজন যোগ্য বৰফুকনক বিচাৰি হায়ৰাণ হৈছিল।পছন্দৰ সেনাপতি চকুত নপৰাত তেওঁ অতি বিমৰ্ষ হৈ পৰিছিল।সেই সময়ত মোমাই তামুলীৰ পুত্ৰ লাচিত কলপুলিৰ দৰে বাঢ়ি আহিছিল।বীৰৰ চৰিত্ৰ সৰুৰে পৰা তেওঁৰ গাত প্ৰকাশ পাইছিল।সময়ৰ গতিত লাচিত ডাঙৰ হৈ বিষয়বাব ল’ব পৰা হ’ল।প্ৰথমতে তেওঁ দোলাকাষৰীয়া বৰুৱাৰ বাব পাইছিল।সকলো কামতে তেওঁ আগৰণুৱা আছিল বাবে দোলাকাষৰীয়া বৰুৱাৰ বাব সুন্দৰভাৱে পালন কৰিছিল।তেওঁ সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব জানিছিল।এদিন স্বৰ্গদেউ চত্ৰধ্বজ সিংহই এজন যোগ্য সেনাপতিৰ সন্ধান উলিয়াব নোৱাৰাৰ কথা দোলাকাষৰীয়া বৰুৱা লাচিতৰ আগত প্ৰকাশ কৰোতে লাচিতে অতি বিনম্ৰভাৱে স্বৰ্গদেউক যি সমিধান দিছিল,তাৰ পৰাই তেওঁৰ আত্মবিশ্বাস ভালদৰে ফুটি উঠে।লাচিতৰ উক্তি আৰু সমিধান এনে আছিল-‘স্বৰ্গদেৱৰ ৰাজ্যতনো মানুহ নাই নেকি?বঙালনো কি,মানুহহে।আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ।স্বৰ্গদেৱে আদেশ দিবহে লাগে।মন কৰি চাওক’।পুনৰ তেওঁ কৈছিল-‘স্বৰ্গদেৱে সুযোগ দিলে উপযোগী সেনাপতি ইয়াতেই নিশ্চয় ওলাব’।

এই উক্তি শুনি স্বৰ্গদেউ অতি আনন্দিত হ’ল আৰু মোগলক ঘটুৱাবলৈ মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ সাহসী লাচিতক আহোম সেনাপতি হিচাপে নিযুক্তি দি ‘বৰফুকন’পাতিলে।লাচিতক এই পদত নিযুক্তি দিয়াৰ বিষয়ে বুৰঞ্জীত এইদৰে পোৱা যায়-‘লাচিতৰ বল-বুদ্ধি ভাল পাই ‘বৰফুকন’পাতিলে স্বৰ্গদেৱে’।

এই কথাই প্ৰমাণ কৰে যে বহু পৰীক্ষা-নিৰীক্ষা কৰিহে লাচিতক বৰফুকন পদত মকৰল কৰিছিল।সেই সময়ৰ যোগ্যসকলতকৈ লাচিতৰ ব্যক্তিত্ব অতি প্ৰখৰ আছিল।তেওঁক কেৱল বৰফুকন পতাই নহয়,’বুঢ়াগোহাঁই,বৰগোহাঁই আদি কৰি সকলো শ্ৰেণীৰ বিষয়াৰ ওপৰত সেনাপতি পাতি যুদ্ধ কৰিবলৈকো আজ্ঞা দি পঠালে বৰফুকনলৈ’(ইতিহাসে সোঁৱৰা ছশটা বছৰ)

১৬৬৫ খ্ৰীষ্টাব্দৰ পৰা ১৬৭১ খ্ৰীষ্টাব্দলৈকে এই ছবছৰৰ কাৰ্যাৱলীয়ে লাচিতৰ ব্যক্তিত্ব আৰু নেতৃত্বৰ প্ৰকৃত ছবিখন প্ৰতিফলিত কৰে।কাৰণ ৰাজপুত ৰামসিংহৰ নিচিনা এজন চতুৰ সেনাপতিয়ে বিপুল সৈন্যবাহিনী লৈ অসম আক্ৰমণ কৰিবলৈ আহিছিল যদিও গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰিলে।যুদ্ধকালীন সময়ত লাচিতে লোৱা তৎপৰতা আৰু ৰণকৌশল অতি সময়োপযোগী আছিল।যুদ্ধৰ আৰম্ভণিতে লাচিতে কৈছিল-‘ৰণত হেলা কৰি বিমুখ হোৱাসকলক তেওঁ কাটিব’।শিৰশ্ছেদ বা তেজক্ষয় হোৱা কোনোধৰণৰ মৃত্যুদণ্ড স্বৰ্গদেৱেহে দিব পাৰিছিল।কিন্তু লাচিতৰ আত্মবিশ্বাস দেখি স্বৰ্গদেৱে লাচিতক সেই অধিকাৰ দিছিল।অপৰাধীক খাবলৈ নিদি শুকুৱাই বা পানীত পেলাই মাৰিবলৈ অধিকাৰ দিছিল দেশখনক পতনৰ পৰা ৰক্ষা কৰিবৰ বাবেহে।দেশ ৰক্ষাৰ বাবে কোনো কামেই কৰিবলৈ লাচিতে কুণ্ঠাবোধ নকৰিছিল।লাচিতে তেওঁৰ সকলো ক্ষমতা দেশৰ হিতৰ বাবেহে প্ৰয়োগ কৰিছিল।‘যেনে-তেনে যুদ্ধত জয়লাভ কৰিব লাগে’।এই উদ্দেশ্য আৰু কাৰ্যপন্থাৰেহে স্বৰ্গদেৱৰ পৰা লাচিতে সমৰ্থন লাভ কৰিব পাৰিছিল।ইয়াৰ দ্বাৰাই লাচিতৰ জ্ঞান,বুদ্ধি আৰু তেওঁৰ দেশপ্ৰেমৰ চিনাকি দিয়ে।প্ৰকৃত যুদ্ধ জয়লাভৰ আগতেই লাচিতে ৰামসিংহৰ লগত মনস্তাত্ত্বিক যুদ্ধত জয়লাভ কৰিছিল।

অসমীয়া সৈন্য যুদ্ধত জিকিবই-এই আশা লাচিতে সৈনিকসকলৰ অন্তৰত আৰম্ভণিৰ পৰাই সুমুৱাই দিছিল।ৰামসিংহৰ অন্তৰতো এনে ধাৰণা সৃষ্টি কৰিছিল যে ‘তেওঁৰ পৰাজয় অনিবাৰ্য’।শত্ৰুৰ অন্তৰত সন্দেহ আৰু আতংক বঢ়াবলৈ বৰফুকনে সেনাপতিসকলক আদেশ দিছিল।এবাৰ মোগল সেনাপতি ৰামসিংহই লাচিত বৰফুকনক ‘এক ঘড়ি লেড়াই’খুজি আমন্ত্ৰণ জনালে।আমন্ত্ৰণৰ প্ৰত্যুত্তৰত লাচিত বৰফুকনৰ উক্তি আছিল বীৰোচিত।তেওঁ কৈছিল-‘একঘড়ী লেড়াই কিয়,প্ৰয়োজন হ’লে বছৰচেৰেক যুঁজিবলৈও তেওঁ সাজু’।

এবাৰ নিজৰ সৈন্যৰ বল বুজাবৰ বাবে ৰামসিংহই লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠালে।ইয়াৰ অৰ্থ আছিল যে ৰামসিংহৰ বহুত সৈন্য আছে,আফুগুটি গণিব পৰা সহজ কথা নহয়।ইয়াৰ উত্তৰত লাচিতে এচুঙা বালি আৰু এখন পটা দি পঠাই দিছিল যে আফুগুটি পটাত পিহাৰ দৰে পিহিব পাৰি,কিন্তু বালি পিহি গুড়ি কৰিব নোৱাৰি।লাচিতৰ উক্তি আছিল এনেধৰণ’-‘আফুগুটি পটাত বটিব ,পানী হ’ব।কিন্তু বালি বটিব নোৱাৰে’।এচুঙা বালি অৰ্থাৎ অসমীয়া সৈন্য ৰামসিংহৰ সৈন্যৰ নিচিনা নহয়,যুদ্ধত নমৰে আৰু ইয়াৰ সংখ্যা গণিব নোৱাৰে।গতিকে অসমীয়া সৈন্য অজৰ-অমৰ’।

আকৌ এবাৰ ৰামসিংহই লাচিতক’বিনা যুদ্ধই এটা সিন্ধান্তলৈ আহিব’ৰ বাবে আমন্ত্ৰণ জনোৱাত লাচিতে উত্তৰ দিলে-‘ৰাম সিংহই যুদ্ধ ক্ষেত্ৰত নিজৰ বুদ্ধি-কৌশল দেখুৱাব লাগিব,নহ’লে তেওঁৰ যুদ্ধৰ যশস্যা কলংকিত হ’ব।এই কথাই ৰামসিংহক হতাশ কৰিলে।তদুপৰি বীৰ লাচিতে অসমৰ দুতসকলৰ দ্বাৰাই প্ৰচাৰ কৰি জনালে যে বৰফুকনৰ লগত অস্ংখ্য ৰজা আহিছে আৰু বৰফুকনৰ সেনাবাহিনীত ৰাক্ষস সৈন্যই অংশগ্ৰহণ কৰিছে’।এনে প্ৰচাৰে ৰামসিংহৰ মনত প্ৰচুৰ ভয় জন্মাইছিল।ৰামসিংহই নিজৰ আগন্তুক বিপৰ্যয়ৰ সম্ভাৱনাৰ কথা গম পাইছিল।তেওঁৰ আৰু সৈন্যসকলৰ বাবে অসম এখন অচিন ঠাই আছিল।সেয়ে সঁচা-মিছা সকলো কথা সহজে বিশ্বাস কৰিছিল।ৰামসিংহৰ লগতে তেওঁৰ সৈন্যবাহিনীয়ে বিশ্বাস কৰিছিল যে অসমত যাদুৰে মানুহক ভেৰা বনাব পাৰে।এই কথা মোগল সৈন্যৰ মাজত প্ৰচাৰ হৈ গৈছিল।সেয়ে যাদুমন্ত্ৰৰ লগত মোগল সৈন্যক পৰাজয় কৰিব পৰা আহোম ৰাজ্যৰ শক্তি আছে বুলি বিশ্বাস কৰিবলৈ বাধ্য হৈছিল।ৰামসিংহই কৈছিল-আহোম সৈন্যসকল কামিলা মানুহ।তেওঁলোকে তন্ত্ৰ-মন্ত্ৰ যাদু সকলোতে পাৰ্গত।

জিকিবৰ বাবে ৰণ কৰিবলৈ হ’লে শত্ৰু পক্ষই নেদেখাকৈ আঁৰত গৈ ৰণ কৰা উচিত।সেয়ে লাচিতে ব্ৰ্হ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে পৰ্বত সংযোগ কৰি গড় নিৰ্মাণ কৰি মোগল সৈন্যলৈ বাট চাইছিল।কথিত আছে যে এট গড় একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াবৰ বাবে লাচিতে মোমায়েকক এই কামৰ ভাৰ দিছিল।কিন্তু শেষ ৰাতিলৈকে গড়মাৰা কাম সম্পুৰ্ণ নোহোৱাৰ বাবে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’বুলি কৈ লাচিতে একেঘাপে মোমায়েকক কাটি দুচেও কৰিলে।লাচিতৰ খ্ং দেখি মানুহবোৰে মৰোঁ-জীউকৈ কাম কৰি ৰাতি নৌপুৱাতেই গড়ৰ বাকী অংশ বান্ধি শেষ কৰিলে।এই গড় ‘মোমাই কটা গড়’নামে বিখ্যাত।আজিও গুৱাহাটীৰ পশ্চিম প্ৰান্তত (কোনো কোনো ইতিহাসবিদৰ মতে গড় চুকত)এই গড় জিলিকি আছে।এই গড়ে লাচিতৰ সৈন্য পৰিচালনাৰ সামৰ্ত,সময় আৰু কৰ্মনিষ্ঠাক সোঁৱৰাই আহিছে।লাচিত বৰফুকনে ১৬৬৭ খ্ৰীৰ পৰা ১৬৭১ খ্ৰীষ্টাব্দৰ ভিতৰত বহুতো গড় বন্ধোৱাই নিজৰ দেশক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলাইছিল।

লাচিত বৰফুকনে শত্ৰুক ভেটিবৰ বাবে বন্ধোৱা গড় দেখি মোগলৰ সেনাপতি ৰামসিংহই অমসীয়া সৈন্যক প্ৰশ্ংসা কৰিছিল।শত্ৰুৰ প্ৰশ্ংসাৰ কথা সকলো অসমীয়া সৈন্যৰ আগতে তেওঁলোকৰ মনৰ দৃঢ়তা বঢ়াবলৈ বীৰ লাচিতে জনাই দিছিল।

প্ৰত্যেকৰে মন নৈতিকভাৰে পৱিত্ৰ নহ’লে মানুহে কোনো ক্ষেত্ৰতে সফল হ’ব নোৱাৰে।সেইবাবে সৰ্বোচ্চ সেনাপতিৰ পৰা সাধাৰণ পৰিয়ালৰ প্ৰতিজন সৈন্য যাতে দুৰ্নীতিৰ পৰা আঁতৰি থাকে,তাৰ প্ৰতি লাচিত বৰফুকনে চকু ৰাখিছিল।যেতিয়া ৰণত হাৰি মোগলৰ সৈন্য ৰঙামাটিলৈ ভটিয়াই গৈছিল,তেতিয়া অসমীয়া সেনাৰ কিছুমানে ভাগি যোৱা আহিলা-পাতি ৰাখিবৰ মন কৰিছিল।তাকে দেখি লাচিতে কৈছিল-‘অনেক দিন যুঁজি বলে নোৱাৰি ৰামসিংহ ভটিয়াই গ’ল।এই যশস্যাই নাটিল,দুখ পোৱা মানুহৰ হাজাৰ চেৰেকে পেলাই থৈ যোৱা খাৰ-বাৰুদ এইবোৰেই মহাৰাজক সুখী কৰিমগৈ’।ইয়াৰ পৰা বু জিব পাৰি,লাচিতে সৈন্যসকলক কেনেদৰে সুনৈতিকতাৰে পৰিচালিত হ’বলৈ উপদেশ দিছিল।বীৰ লাচিতৰ নিকা মনোভাৱ,নিভাজ দেশপ্ৰেম আৰু অনমনীয় মানসিকতাৰ বাবে তেওঁৰ আদেশ অমান্য কৰিবলৈ সকলোৱে ভয় কৰিছিল।লাচিতৰ ব্যক্তিত্বৰ দ্বাৰা সকলোৱে অনুপ্ৰাণিত হৈছিল বাবেই অসমীয়া সেনাই শত্ৰুক ৰুধিবৰ বাবে মাৰ বান্ধি থিয় দিছিল।

শৰাইঘাটৰ যুদ্ধত মোগলক ভেটিবৰ বাবে অসমৰ সকলো জনগোষ্ঠীয় সৈ ন্য আৰু সেনাপতিসকল গোট খাইছিল।বড়ো,তিৱা,মিচিং,কাৰ্বি ,কোচ ,চুতীয়া আদি কোনো জনগোষ্ঠীয়েই পিছপৰি থকা নাছিল।তদুপৰি আহোম ৰাজতন্ত্ৰৰ প্ৰতিজন যোগ্য সেনাপতি,পালি সেনাপতি,কোঁৱৰ তথা বিষয়াৰ ভিন ভিন দায়িত্ব কান্ধপাতি লৈছিল আতন বুঢ়াগোহাঞিয়ে।সময় যোৱাৰ লগে লগে লাচিতৰ অসুখ দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে।

মোগল শত্ৰুৱে বীৰ লাচিতৰ স্বাস্থ্য বেয়া হোৱাৰ সুযোগলৈ বাট চাই আছিল।লাচিত নৰিয়াত পৰাত শত্ৰু সেনাৰ মন উথলি উঠিল।এই সুযোগতে ৰামসিংহই নৌ যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিল।টান নৰিয়াত পৰি থকা অৱস্থাত লাচিতে সৈন্য পৰিচালনা কৰিব নোৱাৰাত অসমীয়া সৈন্যৰ মনত ভয় সোমাবলৈ ধৰিলে।কোনো কোনো সৈন্যই যুদ্ধ এৰি যাবলৈ মন কৰাৰ কথা চোৰাংচোৱাৰ মুখে গম পাই লাচিতে নৰিয়াপাটীৰ পৰাই কৈছিল-‘যি লোক ভাগিব খুজিছে,তাহাঁতক ক’বি যে মই মৰিবৰ নিমিত্তে সাজু হৈ আছো।মোৰ শটো পুতিবলৈ চলা পৰ্বতৰ কাষত মাটি ঠিক কৰি থৈছো।মই এতিয়া নমৰো।ৰাজ্য যদি ভাগে,মই তাহাঁতৰ পাছতহে যাম’।টান নৰিয়া গাৰে লাচিতে শোৱাপাটী এৰি যুদ্ধৰ নেতৃত্ব দিবলৈ ওলাই আহিল।মোগল আহি জুৰিয়া পালেহি।তাকে দেখি বীৰ লাচিতে ক’লে-‘মোক পীৰাৰে বাটঘৰলৈ নে,বঙ্গাল কিমান পালেহি চাওঁ।

লাচিতে তৎক্ষণাত যুদ্ধ নাৱত উঠি ছখন যুঁজৰ নৌকা লগত লৈ টান নৰিয়া গাৰেই সাহসেৰে যুদ্ধ দিবলৈ ওলাই আহিল।আহোম সৈন্যসকল পলোৱা দেখি তেওঁ নাৱৰ পৰাই ক’লে-‘স্বৰ্গদেৱে মোক প্ৰধান সেনাপতি পাতি অসংখ্য আহিলা-পাতি দি ইয়াত মোক শত্ৰুৰ লগত যুঁজ কৰিবলৈহে থৈছে।এতিয়া মই যুদ্ধ এৰি পুত্ৰ-পৰিয়ালৰ আলিঙ্গনৰ কাৰণে উভতি যামনে?নাৱৰীয়াই মোৰ বিনা আদেশত কি সাহে নাও উজাই নিছে’।এই বুলি কৈ তেওঁ চাৰিটা নাৱৰীয়াক গতিয়াই পানীত পেলাই দিয়ে আৰু সৈন্যলৈ চাই ক’লে-‘বঙালে মোক ধৰি নিয়ক আৰু বাকীসকলে ৰাজ্য শত্ৰুৰ হাতত এৰি উভতি যাওক।এনে ধৰণৰ দেশপ্ৰেম পৃথিৱীৰ বুৰঞ্জীত পাবলৈ নাই।অসমীয়া সৈন্যসকলে দুগুণ সাহসেৰে দেশৰ বাবে যুদ্ধ কৰি শত্ৰুৰ নাৱৰ ফালে খেদি গ’ল।শত্ৰুৰ ফালে বৰফুকনৰ নাও আগবাঢ়িলৈ ধৰিলে।‘জয় বীৰ লাচিতৰ জয়’, ‘জয় স্বৰ্গদেৱৰ জয়’বুলি আকাশ-বতাহ কঁপাই সৈন্যসকল আগবাঢ়ি গ’ল।আহোম সৈন্যসকলে ব্ৰ্হ্মপুত্ৰৰ দুয়োপাৰৰ নাৱৰ পৰা হিলৈ আৰু কাঁড় মাৰিবলৈ ধৰিলে।সেই সময়ত গুৱাহাটীত ইটাখুলিয়েই মোগলসকলৰ সবাতোকৈ শক্তিশালী শিবিৰ আছিল।ইয়াতেই তেওঁলোকৰ প্ৰধান সেনাপতিসকল আৰু মীৰজুমলাই লগত লৈ অনা ডাঙৰীয়াসকলৰ পুত্ৰ আৰু কিছুমান মোগলক লগ দিয়া অসমীয়া বিষয়াও আছিল।সুৰক্ষিত এই কোঠাটোৰ চাৰিওকাষে ডাঙৰ ডাঙৰ কামান পুতি ৰখা হৈছিল।যাৰ ফলত লাচিতৰ সৈন্যই ইটাখুলি দখল কৰাটো অতি কঠিন হৈ পৰিছিল।

এনে পৰিস্থিতিত অতি কম সময়ৰ ভিতৰতে ইটাখুলি দখল কৰিব নোৱাৰিলে আৰু ভাটিৰ পৰা সহায়কাৰী মোগল সৈন্য আহি পাবলৈ হ’লে যুদ্ধৰ সকলো পৰিকল্পনা ধুলিস্যাৎ হ’ব।সেয়ে লাচিত বৰফুকনে েৰাতি চোৰাংচোৱাৰ হতুৱাই মাজনিশা মোগল বৰটোপৰ নলত পানী ভৰাই সেইবোৰ অকামিলা কৰি পেলালে আৰু চাৰিওফালৰ পৰা ইটাখুলি কোঠ আক্ৰমণ কৰিলে।অসমীয়াই সৈন্যই জখলা কোঠৰ ভিতৰত সোমাই এফালৰ পৰা মোগল সৈন্যক কচুকটা দিবলৈ ধৰিলে।পুৱতি নিশা সংঘটিত হোৱা এই যুদ্ধ ইমানেই ভয়ংকৰ আছিল যে মোগল সৈন্যৰ মাত্ৰ কেইজনমানহে পলাই সাৰিব পাৰিলে।বহুতো সৈন্য কটা যায় আৰু বহুতো বন্দী হয়।এই ৰণত অনেক ঘোঁৰা,বৰটোপ,অস্ত্ৰ-শস্ত্ৰ আহোমৰ হস্তগত হ’ল।ইটাখুলিৰ পৰা মোগলক খেদি নি মানাহ নৈৰ সিপাৰত থ’লেগৈ।এনেদৰে লাচিত বৰফুকনৰ নেতৃত্বত গুৱাহাটীকে ধৰি নামনি অসম পুনৰ উদ্ধাৰ কৰে আৰু অসম ৰাজ্যই পুনৰ স্বাধীনতা লাভ কৰে।

লাচিত বৰফুকনৰ বীৰত্বৰ সম্পৰ্কত প্ৰতিদ্বন্দ্বী মোগল সেনাপতি ৰামসিংহই প্ৰশংসাৰ সুৰত কৈছিল-‘বৰফুকন এজন ডাঙৰ যোদ্ধা,চক্ৰাকৃতি বেহু আৰু আগবাঢ়ি ধৰিবলৈ ক’তো ছিদ্ৰ নাই’।ৰামসিংহই আহোমৰ ৰজা-প্ৰজাৰ লগতে সেনা বাহিনীকো প্ৰশংসা কৰি কৈছিল-‘ধন্য আহোম ৰজা,ধন্য মন্ত্ৰী,ধন্য সেনাপতি,ধন্য সেনা।এক আদমীয়ে সকলো সেনা চলাইতে পাৰে’।

শত্ৰু পক্ষৰ দ্বাৰাও উচ্চ প্ৰশ্ংসিত হোৱা লাচিত বৰফুকনৰ দৰে এজন স্বাধীনতাকামী মহাবীৰৰ সাহস আৰু কৰ্তব্যনিষ্ঠাক সদায় স্মৰণ কৰি আমি অসমীয়া জাতিৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব।তেতিয়াহে লাচিত বৰফুকনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব আৰু অসমীয়া জাতিৰ অস্তিত্বও ৰক্ষা পৰিব।

লেখিকা:অণিমা গগৈ (ৰাইজৰ বাতৰি )

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top