অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মণিৰাম দেৱান

মণিৰাম দেৱান

১৮০৬ চনৰ ২৭ এপ্ৰিলত সোণ-ৰূপৰ চামুচ মুখত লৈ শিৱসাগৰৰ চাৰিঙত জন্ম লাভ কৰিছিল মণিৰাম দেৱানে।পিতৃৰ নাম আছিল ৰাম দত্ত আৰু মাতৃ কৌশল্যা দেৱী।তেখেতৰ প্ৰকৃত নাম আছিল মণিৰাম দত্ত বৰুৱা।তেখেত আছিল অসমৰ প্ৰথমজন চাহ খেতিয়ক।বৃটিছৰ অধিনত বিভিন্ন উচ্চ পদত কাৰ্য নিৰ্বাহ কৰা মণিৰাম দেৱানক ১৮৩৯ চনত নৱগঠিত 'আছাম টি কোম্পানী'ৰ দেৱান পদত অধিস্থিত কৰা হৈছিল। তেতিয়াৰপৰা তেখেত 'মণিৰাম দেৱান' নামেৰে জনাজাত হৈছিল।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তেখেতে অসমত এই বিদ্ৰোহৰ নেতৃত্ব দি কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চেষ্টা কৰিছিল।চিপাহী বিদ্ৰোহৰ সবিশেষ জনাই কলিকতাৰপৰা প্ৰেৰণ কৰা চিঠি ইংৰাজৰ হাতত পৰে।১৮৫৭ চনত কলিকতাত তেখেতক বন্দী কৰি আলিপুৰ জে'লত ৰখা হয় আৰু সেই বছৰৰে শেষৰ ফালে বিচাৰৰ বাবে যোৰহাটলৈ অনা হয়।এক নতুন আইন (Act XIV) ক্ষমতা মতে শিৱসাগৰৰ প্ৰধান সহায়ক (Principal Accistant) চাৰ্লচ হলৰয়দে ১৮৫৮ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে বিদ্ৰোহী সকলৰ বিচাৰ কৰে আৰু মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ৰাজদ্ৰোহৰ অপৰাধত ফাঁচীৰ হুকুম দিয়ে।১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত এই মহান দেশপ্ৰেমিকজনক যোৰহাটত মুকলিকৈ ফাঁচী দিয়া হ'ল।

লেখিকা: নিলাক্ষী মহন্ত

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate