নি:কিন, অসহায়, দুখীয়া আৰ্তজনক সহায়ৰ বাবে যেন তেওঁৰ জন্ম হৈছিল| পৃথিৱীৰ য’লৈকে গৈছিল তেওঁ এটা বাৰ্তাই দিছিল যে প্ৰেম-ভালপোৱাৰে ওপচাই আনৰ যত্ন লোৱা| তেওঁ কণ কণ শিশুসকলক বহুত মৰম আদৰ কৰিছিল| বিশেষকৈ পদপথত পৰি থকা দুখীয়া-অসহায় শিশুসকলক তুলি আনি আশ্ৰয় প্ৰদান কৰিছিল| এই গৰাকী মমতাময়ী মাতৃ হ’ল- মাদাৰ টেৰেছা| মাদাৰ টেৰেছাৰ আচল নাম আছিল-“এগনিছ গনেক্সা বজাখিউ”| ১৯১০ চনৰ ২৬ আগষ্টত মেছোডেনিয়াৰ স্ক’পজি নামেৰে ঠাইত তেওঁৰ জন্ম হৈছিল|জন্মসুত্ৰে তেওঁ এগৰাকী আলবেনিয়ন যদিও পিচলৈ তেওঁ ভাৰতীয় নাগৰিকত্বৰ স্বীকৃতি লাভ কৰে| মানৱ কল্যাণাৰ্থে কাম কৰি অহা এইগৰাকী মমতাময়ী কেথলিক ধৰ্মাৱলম্বী সন্ন্যাসিনীয়ে ১৯৫০ চনত মিছনেৰিজ অব্ চেৰিটি প্ৰতিষ্ঠা কৰে, য’ত এই চেৰিটিৰ যোগেদিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত মানৱ কল্যাণ মুলক কাম কৰি অহা হৈছে| সমাজৰ লগতে মানৱ কল্যাণাৰ্থে কাম কৰি অহাৰ বাবে ১৯৭৯ চনত ‘মাদাৰ টেৰেছা’ক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল| ১৯৯৭ চনৰ ৫ ছেপ্তেম্বৰত এই গৰাকী মহান মমতাময়ী মাতৃৰ মৃত্যু হয়|
উৎস:- অসমীয়া প্ৰতিদিন, সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 3/10/2020