মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / লোকশিল্পী দ্বিজেন গগৈ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোকশিল্পী দ্বিজেন গগৈ :

লোকশিল্পী দ্বিজেন গগৈৰ বিষয়ে লিখা হৈছে ।

 

বিহু আৰু লোকবাদ্যৰ লগত জড়িত অসমৰ বহুতো লোকৰ মাজত দ্বিজেন গগৈ আৰু “গগৈ বাদ্য ভাণ্ড” এক চিনাকী নাম। শিৱসাগৰ চহৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত লক্ষ্মীনগৰ-নিমাইজান সংযোগী পথৰ দৰিকা বৰপাত্ৰ নগৰস্থিত নিজা বাসগৃহৰ চৌহদতে লোকশিল্পী শ্ৰী দ্বিজেন গগৈৰ নিজাববীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা ‘গগৈ বাদ্য ভাণ্ড’ নামৰ চৰকাৰীভাৱে পঞ্জীকৃত প্ৰতিষ্ঠানটো এতিয়া অসমৰ সকলো জনগোষ্ঠীৰ বহুতো লোকবাদ্যৰ নিৰ্মাণস্থলী আৰু বিক্ৰীকেন্দ্ৰ হিচাপে দেশৰ ভিতৰে-বাহিৰ পৰিচিত।

দেখাত অতি সাধাৰণ যেন লগা এইজনা ব্যক্তিৰ সৃষ্টিশীলতাত প্ৰাণ পাই উঠে মৃত ম’হৰ শিঙ, কাঠৰ কুণ্ডা কিম্বা বিজুলী বাঁহে। থলুৱা লোকবাদ্যসমূহ সংৰক্ষণ আৰু প্ৰচাৰেৰে বিশ্বদৰবাৰত জনপ্ৰিয় কৰি তোলাৰ বাবে আত্মোৎসৰ্গ কৰা এইজন লোকশিল্পীৰ জীৱনজোৰা সাধনাৰ বিষয়ে যিমান কোৱা যায় সিমানেই কথঞ্চিৎ।

প্ৰায় শৈশৱৰে পৰাই ঢোল-পেঁপাৰ লগত পৰিচয় ঘটা শ্ৰী দ্বিজেন গগৈয়ে পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই বাঁহী বজাবলৈ আৰু নিৰ্মাণ কৰিবলৈ শিকে। তেনেদেৰই অতি কম সময়ৰ ভিতৰত বিহুৰ লগত জড়িত প্ৰতিটো বাদ্য ব্যৱহাৰৰ পৰম্পৰাগত জ্ঞানো আহৰণ কৰি পেলায়। ১৯৮৩ চনত কৰ্মসূত্ৰে শিৱসাগৰ চহৰৰ পৰা কিছু আঁতৰৰ চেৰেকাপাৰ অঞ্চলত বসৱাস কৰিবলৈ লৈ তেওঁ কেইবাটাও বিহুদলৰ লগত জড়িত হৈ পৰে আৰু বাঁহীৰ লগতে পৰ্যায়ক্ৰমে অন্যান্য বাদ্যযন্ত্ৰও নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই ঢোল, পেঁপা আদি কেইবিধমান বাদ্যযন্ত্ৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা শ্ৰী গগৈয়ে দেখি দেখি আৰু কেৱল নিজৰ প্ৰচেষ্টাৰে শিকি শিকি এইক্ষেত্ৰত নিজৰ জ্ঞানৰ পৰিসৰ বহলাই নি এই পৰ্যন্ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পঁয়ষষ্ঠিবিধ লোকবাদ্য বাণিজ্যিকভাৱে বিক্ৰী কৰিব পৰাকৈ তৈয়াৰ কৰি উলিয়াইছে।

ইয়াৰে জেংটং, ধোৎটং, বীণ, কৰতাল, ৰামতাল, আনন্দ লহৰী, বাদুলি চুঙা আদি কেইবাবিধো বাদ্যযন্ত্ৰৰ ব্যৱহাৰ একেবাৰে সীমিত অথবা লুপ্তপ্ৰায়; কেৱল সংৰক্ষণৰ বাবেই তেখেতৰ উদ্যোগত সেইবিলাকক নিৰ্মাণ, বিক্ৰী আৰু প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহত তেখেতৰ নিজস্ব সৃষ্টিশীলতা আৰু কল্পনাশক্তি প্ৰয়োগ কৰি মাজে মাজে ন-ৰূপ দি পৰীক্ষা-নিৰীক্ষাও কৰি চায়। তেখেতে উদ্ভাৱন কৰি উলিওৱা পৰম্পৰাগত সুৰ তুলিব পৰা বাঁহৰ সুতুলি আৰু বাঁহৰ পেঁপাই বহুতো লোকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ধ্ৰুপদী স্কেলত তেখেতে তৈয়াৰ কৰা বাঁহীৰ খ্যাতি বহু দূৰণিলৈকে বিস্তৃত।

লোকবাদ্যসমূহৰ জনপ্ৰিয়তা বঢ়াবলৈ, জনমানসত সেইবিলাকৰ প্ৰতি উৎসুকতা জগাই তুলিবলৈ আৰু অসমৰ বিভিন্ন স্থানত সংগীত পৰিৱেশন কৰিবৰ বাবে তেখেতৰ নেতৃত্বত এটি সুৰ-সমলয়ৰ দলো তেখেতে গঢ়ি তুলিছে। কলকতা, নতুন দিল্লী, পঞ্জাব, উৰিষ্যাকে ধৰি অসমৰ বহুতো স্থানত প্ৰভূত জনপ্ৰিয়তা অৰ্জণ কৰিবলৈ সক্ষম হোৱা এই দলটোৰ পৰিবেশনশৈলী অতি মনোমোহা।

বিহুগীত, জ্যোতি সংগীত, ৰাভা সংগীত আদিৰ মাধ্যমেৰে উপস্থাপন কৰা এই সুৰ-সমলয়সমূহ শুনি ভূপেন হাজৰিকাৰ দৰে ব্যক্তিয়ো এই বাদ্যযন্ত্ৰসমূহৰ প্ৰতি সহজে আকৃষ্ট হ’লহেতেন বুলি কেইবাজনো সংগীতজ্ঞই অভিমত ব্যক্ত কৰিছে। শেহতীয়াভাবে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তই সংগ্ৰহ কৰি নিয়া শ্ৰী গগৈৰ দ্বাৰা নিৰ্মিত দোতাৰা নিজৰ গীত পৰিৱেশনৰ বাবে ব্যৱহাৰ কৰি বিশ্ববাসীৰ আগত উজলি উঠিবলৈ সক্ষম হৈছে। পৰবৰ্তী গীতসমূহত তেওঁ শ্ৰীগগৈৰ দ্বাৰা নিৰ্মিত ৰামতাল আৰু কৰতাল ব্যৱহাৰ কৰিব বুলি শ্ৰীগগৈক জনাইছে বুলি তেখেতে আমাক জনাইছে।

এইপৰ্যন্ত কোনোধৰণৰ চৰকাৰী সহায় নোপোৱা শ্ৰী গগৈয়ে নিজাববীয়াকৈয়ে স্থানীয় যুৱক-যুৱতীসকলক এই বাদ্যযন্ত্ৰসমূহ বজাবলৈ বা নিৰ্মাণ কৰিবলৈ শিকোৱাৰ উপৰি বহুদিনৰ পৰা হুচৰি আৰু বিহুনৃত্যৰ প্ৰশিক্ষণো দি আহিছে। নিজৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি তেখেতে অসমৰ বিভিন্ন স্থানত আয়োজন কৰা বিহু বা লোকবাদ্য সম্পৰ্কীয় কৰ্মশালাবিলাকতো সমল ব্যক্তি হিচাবে যোগদান কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এইবিষয়ে জ্ঞান আৰু আগ্ৰহ বঢ়াবলৈ বছেৰেকত দুবাৰকৈ তেখেতক আমন্ত্ৰণ কৰি নিয়ে।

চৰকাৰীভাৱে যথাযোগ্য সঁহাৰি পোৱা হ’লে অসমৰ বহু যুৱক-যুৱতীক তেখেতে এই উপায়েৰে স্বাৱলম্বী হোৱাৰ পথ প্ৰদৰ্শন কৰিব পাৰিলেহেতেন বুলি তেখেতৰ মনৰ আশা ব্যক্ত কৰে। উদ্যোগটোৰ উন্নতিৰ বাবে প্ৰয়োজন হোৱা কিছুমান আধুনিক প্ৰযুক্তি ক্ৰয় কৰিবলৈ ইচ্ছা কৰি তেখেতে চৰকাৰৰ ঘৰত কেইবাবাৰো ঋণ বিচাৰিও বিফল হৈছে। তেখেতে নিজে কাৰ্যৰত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ পৰাও এইক্ষেত্ৰত আনুষ্ঠানিকভাৱে যথাযোগ্য সঁহাৰি লাভ কৰা নাই। কেৱল লোকসংস্কৃতিৰ প্ৰতি আকুণ্ঠ প্ৰেমৰ বাবেই উদ্যোগটো জীয়াই ৰাখিবলৈ তেখেতে প্ৰায়ে গাঁঠিৰ ধনো ভাঙিবলগীয়া হয়।

বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰিবৰ বাবে প্ৰয়োজন হোৱা কেঁচামালৰ বাবে তেখেতে ঘাইকৈ অসম আৰু নগালেণ্ডৰ গাঁওসমূহৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয় যদিও নিৰ্মাণৰ পিছত সেইবিলাক নিবলৈ ভাৰতৰ বাহিৰৰ পৰাও লোক আহে। বৰ্তমান প্ৰজন্মৰ মাজত লোকবাদ্যসমূহৰ প্ৰতি ঘূৰি অহা আগ্ৰহ দেখি তেওঁ যথেষ্ট সুখী। বাদ্যযন্ত্ৰসমূহৰ ক্ৰমবৰ্ধমান চাহিদা পূৰাবলৈ তেখেতৰ দ্বাৰাই প্ৰশিক্ষণপ্ৰাপ্ত আঠজন উদীয়মান যুৱকক বৰ্তমান প্ৰতিষ্ঠানটোত নিয়োগ কৰি ল’বলগীয়া হৈছে। কেৱল অসমৰেই নহয়, থাইলেণ্ড, জাপান, জাৰ্মাণী, ইংলেণ্ড আদিত বসৱাস কৰা প্ৰৱাসী অসমীয়া অথবা বিদেশী গৱেষক আৰু পৰ্যটকেও লোকবাদ্যসমূহ বিচাৰি তেখেতৰ ওচৰলৈ প্ৰায়েই আহে।

উল্লেখযোগ্য যে, ১৯৬৩ চনত শিৱসাগৰ জিলাৰ আমগুৰি হাতীমূৰীয়া গাঁৱত লিকচন মৌজাদাৰৰ বংশত জন্মগ্ৰহণ কৰা শ্ৰী গগৈয়ে ১৯৭৯ চনত স্থানীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈ যোৰহাটৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰে।

১৯৮৩ চনত তেখেতে তেল আৰু প্ৰাকৃতিক গেছ নিগমত আস্থায়ী পদত যোগদান কৰে আৰু পিছলৈ স্থায়ী পদত নিযুক্তি লাভ কৰি বৰ্তমান একেটা প্ৰতিষ্ঠানতে কাৰ্যবাহী অভিযন্তা হিচাপে(খনন বিভাগত কৰ্মৰত। কৰ্মসূত্ৰে শিৱসাগৰত বাস কৰিবলৈ লোৱা শ্ৰীগগৈয়ে শেহতীয়াকৈ দৰিকা বৰপাত্ৰ নগৰত স্থায়ী বাসগৃহ আৰু সমীপতে ‘গগৈ বাদ্য ভাণ্ড’ নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰি লৈছে।

পত্নী আৰু চাৰিগৰাকী কন্যাসন্তানেৰে পৰিপূৰ্ণ সুখী পৰিয়ালটিৰ সকোলোটি সদস্য বৰ্তমান কলা-সংস্কৃতিৰ জগতখনৰ লগত জড়িত। বিহুকে ধৰি অন্যান্য লোকনৃত্য আৰু লোকসংগীতত সৰুৰে পৰা পাৰদৰ্শিতা দেখুওৱা তেখেতৰ চাৰিওগৰাকী কন্যাসন্তানৰ ভিতৰত জ্যেষ্ঠ গৰাকীয়ে সম্প্ৰতি ‘তেজপুৰ বিশ্বিদ্যালয়’ৰ ‘সাংস্কৃতিক অধ্যয়ণ বিভাগ’ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীও আহৰণ কৰিছে।

লোকবাদ্য আৰু লোকসংগীতৰ উপৰি অভিনয়ৰ জগতখনৰ লগতো এইজনা ব্যক্তি কিছু পৰিমাণে জড়িত। ‘জোনবাই’কে  আদি কৰি কেইবাখনো ভি.চি.ডি. কথাছবি আৰু ৰং নামৰ টি.ভি. চেনেলত প্ৰচাৰিত ধাৰাবাহিক এখনতো তেখেতে পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছে। চ’ৰাঘৰত সজাব পৰা বাঁহ বা কাঠেৰে নিৰ্মিত বিভিন্ন শিল্পবস্তু তৈয়াৰ কৰাটোও তেখেতৰ এটা উপৰুৱা চখ। তদুপৰি, সংগীতৰ ক্ষেত্ৰত কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে তেখেত নিজে নিৰ্মাণ কৰা সকলোবোৰ বাদ্যযন্ত্ৰ সুন্দৰকৈ বজোৱাত সিদ্ধহস্ত।

কেৱল প্ৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা (বজাব পৰা) ২৪ ফুট দীঘল “সংযুক্ত বাঁহী-সুতুলি”, ১২ফুট দৈৰ্ঘ্যৰ “বাঁহৰ পেঁপা”, ২৭ফুট দীঘল “সম্প্ৰীতিৰ বৰটকা” আৰু ২৭ ফুট দীঘল “সম্প্ৰীতিৰ জেংটং” আদিও তেওঁৰ উচ্চস্তৰীয় চখ আৰু সৃষ্টিশীলতাৰ অন্যতম উদাহৰণ। বিহুত ব্যৱহাৰ হোৱা ঢোলৰ প্ৰচলিত জাংফাই চেহেৰাৰ সলনি মাদলিৰ চেহেৰা দিও তেওঁ প্ৰদৰ্শন কৰিছে। “নিষ্ঠাৰে কৰ্তব্য কৰিবা, প্ৰচাৰ নিবিচাৰিবা” যীশুখ্ৰীষ্টৰ মহান বাণীৰে অনুপ্ৰাণিত শিল্পীজনে নিজৰ অদমনীয় প্ৰতিভা থকা স্বত্বেও নিজাববীয়াকৈ প্ৰচাৰ মাধ্যমৰ পৃষ্ঠপোষকতাৰ বাবে বা বিশ্ব অভিলেখ স্থাপনৰ বাবে কেতিয়াও চেষ্টা কৰা নাই।

প্ৰতিভাৰ তুলনাত এইগৰাকী শিল্পীৰ বিষয়ে প্ৰচাৰ কম যদিও অসমৰ পৰা প্ৰকাশিত আসাম ট্ৰিবিয়ুন, প্ৰতিদিন আদি কেইবাখনো বাতৰি কাকতত আৰু অসমৰ টি.ভি চেনেল বিলাকত মাজে মাজে তেখেতৰ সৃষ্টিকৰ্মসমূ্হৰ ছবি প্ৰদৰ্শিত হয়।

শেহতীয়াকৈ টেহেলকা নামৰ ৱেবচাইটটোতো এটা প্ৰবন্ধত তেখেতৰ সৃষ্টিকৰ্মৰ বিষয়ে উল্লেখ কৰা হৈছে। শিল্পীগৰাকীক ইতিমধ্যে অসম সাংস্কৃতিক মহাসভাৰ পৰা ‘জীৱনজোৰা সংস্কৃতি সাধনা বঁটা’ প্ৰদান কৰা হৈছে। সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু কেইবাটাও স্থানীয় গোটেও অসমীয়া সংস্কৃতিৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে কেইবাবাৰো সম্বৰ্ধনা জনাইছে।

অসমীয়া সংস্কৃতিৰ সংৰক্ষণৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা শ্ৰী গগৈয়ে ভবিষ্যতে অসমৰ সকলো জনগোষ্ঠীৰ লোকবাদ্যসমূহ থলুৱা আৰু বিদেশী ভ্ৰমণকাৰীসকলৰ দৰ্শনৰ বাবে উপলব্ধ হোৱাকৈ এক আটকধুনীয়া যাদুঘৰ গঢ়ি তোলাৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা আৰম্ভ কৰিছে।

ইয়াৰ উপৰি তেখেতে অসমৰ থলুৱা বাদ্যযন্ত্ৰ, খাদ্যসম্ভাৰ আৰু পৰম্পৰাগত সকলো ৰীতি-নীতি, সাজ-পাৰ আৰু প্ৰথাৰ বিষয়ে সকলোবোৰ তথ্য অন্তৰ্ভুক্ত কৰি এখন পুথি প্ৰকাশ কৰাৰ কামো ইতিমধ্যে হাতত লৈছে।

অসমীয়া কলা-সংস্কৃতিৰ সংৰক্ষণ আৰু উত্তৰণৰ বাবে আজীৱন সাধনা অব্যাহত ৰখা এইজনা মহান শিল্পীৰ উত্তৰোত্তৰ সুন্দৰ ভবিষ্যত আমি কামনা কৰিলোঁ।

লেখক: অচিন্ত্য বৰঠাকুৰ

 

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top