মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / শিক্ষাবিদ বাণীকান্ত কাকতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাবিদ বাণীকান্ত কাকতি :

শিক্ষাবিদ বাণীকান্ত কাকতিৰ বিষয়ে লিখা হৈছে ।

 

স্বাধীন ভাৰতৰ আগৰ কথা। তেতিয়াৰ জীৱনধাৰা আজিৰ দিনৰ দৰে সুখ-সুবিধা একেবাৰেই নাছিল। লেখা-পঢ়া কৰাৰো একো বাধ্যবাধকতা নাছিল। অসমত দুই এখনহে পঢ়াশালি আছিল- সেইয়াও প্ৰাইমাৰীহে। কলেজ এখনেই।

গুৱাহাটী কটন কলেজ। শিক্ষা মানুহৰ বাবে কিমান প্ৰয়োজন মানুহৰ অনুভৱো নাছিল। তথাপি তেনেকালতে অসমত কেই গৰাকীমান লোকৰ জন্ম হৈছিল। যি কেইজনাই শিক্ষাৰ প্ৰয়োজন ভালকৈ বুজিছিল। নিজে শিক্ষিত হৈ জাতিটোৰ মঙ্গলৰ কাৰণে উঠি পৰি লাগিছিল।

১৮৯৪ চন। অসমৰ নামনি ভূমি বৰপেটা ঠাইখনিৰ পূৱে ৬ মাইল মান দূৰত এখনি গাঁও। নাম কাতিকুৰহা। তাতে ললিত ৰাম কাকতি আৰু লাহে বালা দেৱীৰ এটি পুত্ৰ জন্ম হয়। পুত্ৰটি তেওঁলোকৰ পাঁছোটি সন্তানৰ শেষ সন্তান। সময়ত এই সন্তানটিয়ে মহা পণ্ডিত শিক্ষাবিদ ড° বাণীকান্ত কাকতি নামেৰে খ্যাতি অৰ্জন কৰে।

বাণীকান্ত কাকতিৰ ঘৰখনৰ অৱস্থা টনকিয়াল নাছিল। পিতৃ তেওঁৰ জন্মৰ কিছুদিনৰ আগতে ঢুকাইছিল। ডাঙৰ ককাইদেউৱেক পৰমানন্দ কাকতি প্ৰাইমাৰী স্কুলৰ শিক্ষক আছিল। সেই আয়ৰ টকাৰে কোনমতেহে পৰিয়ালটি চলিব লগা হৈছিল।

পিছে ঘৰখন বৰ ধৰ্মপৰায়ণ আছিল। নিতৌ গধূলি নামঘৰত ৰাইজৰ সতে নামপ্ৰসঙ্গ, ঘোষা পদেৰে গোসাঁই সেৱা কৰিছিল। এই পদবোৰে শিশু বাণীকান্তক অমায়িক আৰু সৎ স্বভাৱৰ কৰি গঢ়ি তুলিছিল। ইশ্বৰৰ প্ৰতি ভক্তি আনিছিল।

ককাইদেউৱেকে চাকৰি কৰা শিলা প্ৰাইমাৰী স্কুলতে বাণীকান্ত কাকতিয়ে বিদ্যা আৰম্ভ কৰে। প্ৰথমৰ পৰাই তেওঁ পঢ়াত ইমান মনোযোগী হৈ পৰিছিল যে কিতাপৰ বাহিৰে অন্য কথা মনত ঠাই পোৱা নাছিল। কেতিয়াবা কাষত বহা ছাত্ৰজনকো তেওঁ দেখা পোৱা নাছিল। সৰহ নম্বৰ লৈ বৃত্তি লাভ কৰি তেওঁ প্ৰাইমাৰী পাছো কৰিলে। তাৰপিছত হাইস্কুলত নামভৰ্ত্তি কৰিলে।

হাইস্কুলতো বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লৈ তেওঁ প্ৰথম হৈ পাছ কৰি গ’ল। তাৰবাবে তেওঁ চেমুৱেল স্মাইলৰ ৰচিতপুথি ‘চেলফ হেল্প’ আৰু জাৰ্মান পণ্ডিত মেক্সমুলাৰৰ পুথি এখন পুৰস্কাৰ পাইছিল। এই পুথি দুখনে তেওঁক বৰ সহায় কৰিলে। ফল পাবলৈ কষ্ট কৰিব লাগে, ধৈৰ্য্যই সাহসীকতা আনে ইত্যাদি কথাবোৰ তেওঁ তাৰ পৰা শিকিছিল।

১৯১১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষা দি তেওঁ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত প্ৰথম হৈ প্ৰথম বিভাগত পাছ কৰিলে। ইংৰাজী বিষয়ত তেওঁ সৰ্বোচ্চ নম্বৰ পালে। সেই সফলতাৰ বাবে সোণ আৰু ৰূপৰ পদকেৰে পুৰষ্কৃত হ’ল।

সুখ্যাতিৰে প্ৰৱেশিকা পাছ কৰাৰ পিছতো টকাৰ অভাৱত তেওঁ পঢ়া-শুনা কৰাত বাধা আহি পৰিল। তেতিয়া এখনেই কলেজ গুৱাহাটীৰ ‘কটন মহাবিদ্যালয়’।

সেই কলেজত গুৱাহাটীত থাকি পাঢ়িবলৈ তেওঁলোকৰ সামৰ্থ মুঠেই নাছিল। পিছে, বাণীকান্ত কাকতি অলৰ অচৰ- তেওঁ কলেজত পঢ়িবই। নিৰুপায় হৈ মাকে স্বামীৰ বন্ধু জিৎৰাম মহাজনৰ কাষ পালেগৈ।

জিৎৰাম মহাজন এজন দয়ালু সৎ হৃদয়ৰ লোক আছিল। তেওঁ বাণীকান্তক পঢ়াৰ দায়িত্ব ল’বলৈ গা পাতি ল’লে। তেওঁ বাণীকান্ত কাকতিক গুৱাহাটী কটন কলেজত নাম ভৰ্ত্তি কৰাই হোষ্টেলত থকাৰ দিহা দিলে। অৱশ্যে তেওঁৰ মহানুভৱতাৰ কথা বাণীকান্ত কাকতিয়ে শেষ বয়সলৈকে মনত ৰাখিছিল আৰু চাকৰি কালত তেখেতক আপদে বিপদে সহায় কৰিবলৈ নেৰিছিল।

কটন কলেজত ভৰ্ত্তি হৈয়েই বাণীকান্ত কাকতি পি চি ৰয় নামৰ অধ্যাপকজনৰ চকুত পৰে। ‘টিউটোৰিয়েল’ ক্লাচত বাণীকান্তৰ মেধাবী গুণ দেখি ক’ৰপৰা আহিছে- ক’ত ঘৰ সকলো পৰিচয় বিস্ময়েৰে তেওঁ জানিবলৈ বিচাৰে। পিছলৈ এই অধ্যাপক জনাৰ তেওঁ সদা স্নেহাভাজন হৈ ৰয়।

নিজৰ পঢ়াশুনাত বাণীকান্ত কাকতি ব্যস্ত হৈ পৰিল। ১৯১৩ চনৰ কাকতিদেৱে কটন কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ‘ইন্টাৰমেডিয়েট’ কলা পৰীক্ষা দি বিশ্ববিদ্যালয়ত প্ৰথম স্থান পায় আৰু সকলো বিষয়ত ৮০ শতাংশৰ ওপৰ নম্বৰ পায়। কটন কলেজৰ পৰা অঙ্কৰ সৰ্বোচ্চ নম্বৰ পাই ‘বৰাত মেম’ৰিয়েল’ পুৰস্কাৰ পায়।

অসমীয়া ল’ৰা হিচাবে এই সফলতাই চাৰিওফালে আলোড়নৰ সৃষ্টি কৰিছিল।

১৯১৩ চনত ড° কাকতিয়ে কলিকতাৰ প্ৰখ্যাত প্ৰেচীডেন্সী কলেজৰ বি.এ.ত নাম লগায়। ইংৰাজী বিষয়ত তেওঁ অনাৰ্চ লৈছিল।

সেই প্ৰেচীডেন্সী কলেজত প্ৰখ্যাত শিক্ষাবিদ সকলে শিক্ষাদান কৰিছিল। তেনে কলেজত পঢ়িবলৈ পাই ভাগ্যৰ দুৱাৰ মুকলি কৰি তেওঁ নিজকে ধন্য মানিছিল।

১৯১৫ চনত ইংৰাজী অনাৰ্চত ২য় শ্ৰেণীৰ ৪ৰ্থ স্থানলৈ তেওঁ বি.এ. পাছ কৰে। অনাৰ্চত সৰ্বোচ্চ নম্বৰ পোৱা বাবে ‘টৱনী মেমোৰিয়েল মেডেলেৰে’ সন্মানিত হয়। এই কলেজতে কৃষ্ণকান্ত সন্দিকৈ যিজন অসমৰ এজন শিক্ষাবিদ তেৱো পঢ়িবলৈ আৰু বাণীকান্ত কাকতিৰ লগত বন্ধুত আছিল।

কলেজৰ ভাইচ চেঞ্চলাৰ চাৰ আশুতোষ মুৰ্খাজিয়ে ড° কাকতিক বৰ স্নেহ কৰিছিল আৰু পঢ়া-শুনাত উৎসাহ দিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ লগতো এসময়ত তেওঁৰ চিনাকি হয়।

তদুপৰি কলিকতাত থকা অম্বিকা নাথ, জ্ঞান নাথ, যতীন্দ্ৰ নাথ দুৱৰা, হেৰম্ব প্ৰসাদ বৰুৱাও আছিল তেওঁৰ ঘনিষ্ট বন্ধু। এখেত সকলো পিছত বিশিষ্ট সাহিত্যিক, চিন্তাবিদ আৰু অসম সাহিত্যৰ সভাপতি আদি হৈছিলগৈ।

এম.এ. পঢ়িবলৈ লোৱাত বাণীকান্ত কাকতিৰ আৰ্থিক সমস্যা আহি পৰিছিল। পিছে তেতিয়াৰ অসম চৰকাৰৰ শিক্ষাধিকাৰ(D.P.I.)  জে আৰ কাহিংহাম চাহাবে ড° কাকতিক ব্যক্তিগত ভাৱে শিক্ষা খৰচ আগবঢ়ায় বৰ উপকাৰ কৰে।

কাকতিয়ে তেওঁৰ পৰা পিতৃস্নেহ পায় বুলি প্ৰায়ে প্ৰকাশ কৰিছিল। অকল তেওঁক পঢ়া খৰচেই নহয় তেওঁৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈ ঘৰুৱা সমস্যাত আগভাগ লোৱা আৰু বিপদত সহায় কৰিবলৈ সাজু আছিল, নানা দিহা পৰামৰ্শৰে সদায় বাণীকান্ত কাকতিক আবৰি সামৰি ৰাখিছিল।

এম.এ. পাছ কৰাৰ পিছত বাণীকান্ত কাকতিয়ে ১৯১৮ চনৰ ১৬ নৱেম্বৰত কটন কলেজত ইংৰাজী অধ্যাপক হিচাবে যোগদান কৰেহি।

পঢ়ি থকা কালতে বাণীকান্ত কাকতিক মাতৃ দেৱীয়ে ককায়েক পৰমানন্দ কাকতিৰ লগত আলোচনা কৰি বিবাহ কৰায় দিয়ে। কন্যা আছিল বৰপেটাৰ চিৰস্তদাৰৰ পুত্ৰী কনকলতা আইদেউ।

তেওঁৰ বয়স আছিল ষোল্ল বছৰ। শিক্ষা আছিল কেৱল প্ৰাইমাৰী পাছ। কিন্তু অমায়িক নম্ৰ চৰিত্ৰৰ পত্নী গৰাকীয়ে বাণীকান্ত কাকতিৰ সমস্ত পৰিয়ালক নিষ্ঠাৰে সেৱা আগবঢ়ায়। তেওঁ আছিল দূৰদৰ্শী, ধৈৰ্য্যশীলা আৰু দায়িত্বশীলা। কোনো কথাৰে আপত্তি নাছিল।

বৰঞ্চ বাণীকান্ত কাকতিৰ পঢ়া-শুনা, সাহিত্য চৰ্চ্চাত যাতে কোনো প্ৰকাৰে বাধা হ’ব নোৱাৰে তাৰ প্ৰতি সদায় সতৰ্ক হৈ আছিল।

কটন কলেজৰ চাকৰিত যোগদান কৰাৰ পিছত তেওঁ সপৰিয়ালে কলেজৰ ওচৰৰ ভাড়া ঘৰ এটিলৈ আহে। বাণীকান্তৰ জন্ম ঠাই কাটিকুৰহাৰ পৰা গুৱাহাটী অথবা বৰপেটা আদিলৈ অহা-যোৱা কৰাটো বৰ কঠিন আছিল।

প্ৰাইমাৰী পাছ কৰাৰ পিছতো তেওঁ উচ্চ ইংৰাজী স্কুলত পঢ়িবলৈ বৰপেটা মহকুমাৰ ভিতৰত থকা একমাত্ৰ স্কুলখনৰ বাবে স্কুলৰ সমীপৰ মনোহৰি দাস নামৰ লোকজনৰ মাটিত সৰু জুপুৰি এটি সাজি লৈছিল। সেইসময়ত আন ছাত্ৰসকলো তেনেদৰে সুবিধা কৰি পঢ়িব লগা হৈছিল।

বাণীকান্ত কাকতিয়ে পৰিয়ালৰ লগতে দুজন ভতিজাক খুলশালীয়েক দুৰসম্পৰ্কীয় ভায়েক এজন আৰু জিৎৰাম মহাজনৰ ডাঙৰ পুতেককো আনি পঢ়াশুনাৰ ব্যৱস্থা কৰি দিছিলহি। সেই সময়ৰ মানুহবোৰৰ মনবোৰ বৰ উদাৰ স্বভাৱৰ আছিল। সকলোকে আপোনা বুলি লৈ ইজনে সিজনৰ সুখ দুখৰ ভাগী হ’ব পাৰিছিল।

সেয়ে বিনা দ্বিধাৰে পঢ়া-শুনা ক্ষেত্ৰতো অসামৰ্থজনক সামৰ্থ থকাজনে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। এসময়ত বাণীকান্ত কাকতিক পঢ়ুৱা জিৎৰাম মহাজনৰ অৱস্থা তিনিবাৰকৈ ঘৰ পুৰি ব্যৱসায় ক্ষতি হৈ বৰ অসহায় হৈ পৰিছিল।

বাণীকান্ত কাকতিয়ে তেওঁৰ পুতেকক পঢ়ুৱাৰ দায়িত্ব নিজ মূৰ পাতি লয়। ড° বাণীকান্ত কাকতিৰ প্ৰাণত জাতিপ্ৰেমৰ এজোপা বৰগছে জাতিষ্কাৰ হৈ ঠন ধৰি উঠিছিল।

নিজৰ ভাষাটোৰ, নিজৰ জাতিটোৰ, নিজৰ সংস্কৃতিৰ, নিজৰ আচাৰ নীতিৰ প্ৰতি তেওঁ সদায় সজাগ আছিল, আৰু তাৰ উন্নতিৰ বাবে সদায় মন দিছিল। প্ৰাণভৰি ভাল পোৱা অসমীয়া জাতিটোৰ উৎপত্তিৰ কথা, জাতিটোৰ ভাষাৰ কথা তন্ন তন্নকৈ জানিবলৈ প্ৰয়াস কৰিছিল।

নিজৰ অসমীয়া ভাষাটোৰ আঁতিগুৰি জনা আৰু অসমীয়া ভাষাৰ মূল্যবান ৰচনাসমূহ আঁতিগুৰি মাৰি অধ্যয়ন কৰা তেওঁৰ জীৱনৰ কৰ্মৰাজিৰ এটি তাৎপৰ্য্যময় অংশ কৰি লৈছিল।

এই ভাষাটো কেনেকৈ উৎপত্তি হ’ল, কেনেকৈ বিকাশ হৈ আহি সম্পূৰ্ণ ৰূপ ল’লে তাক জানিবলৈ তাৰ বাবে নিজকে আত্মনিয়োগ কৰিছিল। অসমীয়া সাহিত্য বিশেষকৈ অসমীয়া পুৰণি সাহিত্যৰ বিষয়ে তেওঁ গৱেষণা কৰি সেইয়া পাঠক সমাজৰ হাতত তুলি দি জ্ঞান বিলাবলৈ অহৰহ তেওঁ কষ্ট কৰিছিল। তেওঁৰ জীৱনৰ ই আছিল এক মহৎ উদ্দেশ্য।

এই উদ্দেশ্যই তেওঁক এজন মহান আদৰ্শবান, মহাপণ্ডিত আৰু কষ্ট সহিষ্ণু লোক হিচাবে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁক সকলোৰে নমস্য কৰি তুলিছিল। অসমৰ বাবে এজন আপুৰুগীয়া লোক কৰি গঢ়ি তুলিছিল।

তেওঁৰ বাবে জীৱনৰ ভোগবিলাস, আনন্দ উপভোগ, অবাবত সময় কটোৱা আদি আছিল নগন্য কথা। এনে দিশৰ প্ৰতি তেওঁ সদায় পিঠি দিছিল।

কলেজত শিক্ষকতাৰ কৰাৰ লগে লগে বাণীকান্ত কাকতিয়ে নিজৰ জাতিটোৰ ভাষা জ্ঞানত মনপুতি লাগিবলৈ ধৰে। নিজৰ অসমীয়া ভাষাটোত উৎপত্তি, বিস্তাৰ, শুদ্ধ উচ্চাৰণকে ধৰি বৰ্ণ শুদ্ধিৰ বাবে গভীৰ অধ্যায়নত মগ্ন হৈ পৰে।

তেওঁৰ জীৱনটোৱে যেন আছিল কেৱল অধ্যয়ন আৰু জ্ঞান আহৰণ কৰা। ফুৰা-চুকা, মেল-মিটিং এনেয়ে কথা কোৱাত মচগুল- এইবোৰ তেওঁ ভাল নেপাইছিল।

তেওঁ অসমৰ বৈষ্ণৱ সাহিত্য বিশেষকৈ মহাপুৰুষ শংকৰদেৱ ৰচিত পুথিসমূহ গভীৰভাৱে অধ্যায়ন কৰিছিল।

১৯২০ চনৰ পৰা ১৯২১ চনৰ ভিতৰত তেওঁ মহাপুৰুষীয়া এক শৰণ ধৰ্মৰ বিষয়ে ভবানন্দ পাঠক ছদ্মনামেৰে লিখা বহু প্ৰৱন্ধ বিভিন্ন কাকতত প্ৰকাশ পাইছিল।

ইংৰাজী অনাৰ্চত প্ৰথম স্থান ল’ব নোৱাৰি ড° কাকতিয়ে ১৯২৩ চনত দৃঢ় মনোযোগেৰে পঢ়া-শুনাত লাগি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাইভেটকৈ ভাষা বিভাগৰ ইংৰাজীৰ এম. এ. পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উৰ্ত্তীণ হয়। এয়া আছিল তেওঁৰ দৃঢ় সংকল্পৰ ফল।

বাণীকান্ত কাকতিৰ জ্ঞান, অসমীয়া ভাষা কৃষ্টিৰ প্ৰতি কৰা কৰ্ম, সামাজিক অধ্যয়ন আদি পৰ্য্যবেক্ষণ কৰি প্ৰখ্যাত ৰাজনীতিবিদ- তৰুণাৰাম ফুকন, নবীনচন্দ্ৰ বৰদলৈ, মঃ তৈয়বুল্ল আদি নেতাসকলে ৰাজনীতিলৈ আনিবলৈ চেষ্টা কৰিছিল।

তেওঁলোকে ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ অধিবেশনত উপস্থিত থকা মহাত্মা গান্ধীক অসমৰ বিষয়ে অৱগত কৰিবলৈ বাণীকান্ত কাকতিক পঠিয়ায়। বাণীকান্ত কাকতিৰ পৰা অসমৰ বিষয়ে সবিশেষ জানি মহাত্মা গান্ধী অভিভূত হয়।

আহমদাবাদলৈ উভতি গৈয়ে গান্ধিজীয়ে ‘হিন্দ স্বৰাজত’ অসম আৰু অসমীয়াৰ বিশেষত্বৰ প্ৰৱন্ধ লিখি প্ৰকাশ কৰে। এই প্ৰৱন্ধতে অসমীয়া শিপিনীসকলৰ আৰু তাঁতশালৰ পাৰ্গতালিৰ কথা প্ৰশংসা কৰে।

সাধাৰণ ভাৱে জীৱন কটোৱা, কেৱল সৎ কৰ্ম সৎ ধাৰণাতে থকা বাণীকান্ত কাকতিয়ে জীৱনত বহু কষ্ট কৰিবলগীয়া হৈছিল।

সৰহকৈ টকা দিব নোৱাৰাৰ বাবে উন্নত ধৰণৰ ভাড়া ঘৰত থাকিব নোৱাৰিছিল। নিজৰ ল’ৰা-ছোৱালী, পৰিবাৰ, ঘৰ-সংসাৰৰ কথা ভবাৰ উপৰিও তেওঁ পৰিয়ালৰ বহু কেইজন লোকৰ কথাও ভাবিবলগীয়া হৈছিল। তদুপৰি ঘৰুৱা অৱস্থাত দীন হীন জনৰ কথাও তেওঁ নভবাকৈ থকা নাছিল।

তেওঁলোকৰ অভাৱ অভিযোগবোৰ দূৰ কৰিবলৈ সদায় চেষ্টা কৰিছিল। নিজে অতি দুখীয়া অৱস্থাৰ পৰা ডাঙৰ হোৱাৰ বাবে তেওঁ-দুখীয়া জনৰ মনৰ আশা, বেদনা আৰু ইচ্ছাৰ কথা ভালকৈ বুজিব পাৰিছিল।

চাকৰি কৰি টনকিয়াল হোৱাৰ পিছতো সেয়েহে কেৱল নিজৰ বাবেই ব্যস্ত থকা নাছিল। যিজন পঢ়াশুনাত ৰাপ থকা বা ভাল কামৰ বাবে উপযুক্ত তেওঁক সদায় সহায় কৰিছিল। তাৰবাবে নিজেই কেতিয়াবা কেতিয়াবা কষ্টতো পৰিব লগা হৈছিল।

এইবোৰ কাৰণতে তেওঁক সকলোৱে বৰ ভাল পাইছিল আৰু সমীহ কৰিছিল। মনৰ কথাবোৰ তেওঁৰ ওচৰত খুলি কবলৈ সংকোচ নকৰিছিল।

কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁক বৰ ভাল পাইছিল। তেওঁৰ অগাধ পণ্ডিত্যৰ পৰিচয় পায় তবধ মানিছিল। তেওঁ পঢ়ুৱা শ্ৰেণীত ছাত্ৰসকল ভৰ্তি হ’বলৈ উঠি পৰি লাগিছিল।

অসুবিধাৰ সন্মুখীন হৈ বাৰে বাৰে ভাড়াঘৰ বদলি কৰি অৱশেষত ১৯২৭ চনত গুৱাহাটীৰ দক্ষিণ দিশত থকা ৰিহাবাৰীত মাটি এটুকুৰা কিনি ড° কাকতিয়ে ঘৰ এটি সাজি নিগাজীকৈ থাকিবলৈ লয়। ভাড়াঘৰত থকা কালত তেওঁৰ সান্নিধ্যৰ বাবে বাটকুৰি বাই হ’লেও অনেক ছাত্ৰ-ছাত্ৰী, বহু জ্ঞানী বিজ্ঞসকল, সহকৰ্মীসকলৰ অহা যোৱা হৈছিল।

তেওঁৰ লগত ৰসাল কথোপকথনৰ উপৰিও শিক্ষা বিষয়ৰ পৰা ৰাজনীতি, সমাজনীতি, সময়ৰ সাপেক্ষে অনেক আলোচনা বিলোচনা হৈছিল। বাণীকান্ত কাকতি যেনে মানুহপ্ৰিয় পত্নীও তেনে আলহীপ্ৰিয় স্বভাৱৰ আছিল। খুৱাই বুৱাই তেওঁ বৰ শান্তি পাইছিল।

এই লোক সকলৰ ভিতৰত-

*বিশিষ্ট কবি কমলাকান্ত ভট্টাচাৰ্য্য,

*অম্বিকাগিৰি ৰায় চৌধাৰী,

*প্ৰিন্সিপাল জে. বৰুৱা,

*ডাঃ ভূৱনেশ্বৰ বৰুৱা,

*লক্ষীধৰ শৰ্মা,

*লক্ষী দাস,

*ৰঘুনাথ চৌধুৰী,

*ধৰ্মেশ্বৰী দেৱী বৰুৱানী,

*ভৱেশ চন্দ্ৰ বৰুৱা,

*প্ৰফুল্ল চন্দ্ৰ বৰুৱা আদি সকলো আছিল।

নগাঁৱৰ পৰা গৈ কবি ৰত্নাকৰ বৰকাকতিও প্ৰায়ে আলহী হৈ তেওঁৰ সান্নিধ্যত আছিলগৈ।

ৰিহাবাৰীৰ নিজা বাসভৱনটিলৈ অহাৰ বাট বৰ আহুকলীয়া আছিল। তথাপি আলহীৰ ক্ষতি হোৱা নাছিল। প্ৰতি দেওবাৰে আলহীৰ উখল-মাখল লাগিছিল।

ঘোৰা বাগিত প্ৰতি দেওবাৰে কমলাকান্ত ভট্টাচাৰ্য্য আহিবলৈ নেপাহৰিছিল। গোটেই দিনটোৱে বাণীকান্ত কাকতিৰ লগত কটাই গধূলিহে উভতিছিল।

ৰিহাবাৰীত তেওঁৰ নতুন সঙ্গী হৈ পৰিছিল বিহাৰৰ পৰা অহা বিহাৰী আৰু বড়ো কছাৰী লোক কিছুমান। তেওঁলোকৰ লগত সুখ দুখৰ কথা পাতিছিল।

হোমিও চিকিৎসাৰে সহায়ো কৰিছিল। ঘৰৰ মালীজন আছিল তেওঁৰ প্ৰিয় সহচৰ। সকলোৱে পৰম শ্ৰদ্ধাৰে বাণীকান্ত কাকতিক বৰবাবু বুলি মাতিছিল।

নতুন সঙ্গী হৈ ড° মথুৰা নাথ গোস্বামী, গগনচন্দ্ৰ পাটোৱাৰী, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, কানুৰাম চৌধুৰী, ঘনেশ্বৰ দাস, নাওৰাম কাকতি আদি সাহিত্যসেৱীলোক সকলেও লগ লৈছিলহি। এইদৰে গুণী জ্ঞানী সকলৰ পৰা সাধাৰণ লোকসকলৰ সংগৰে জীৱনৰ কিছু সময়বোৰ কটাইছিল।

ৰিহাবাৰীৰ শান্ত নিৰ্জন পৰিৱেশে, আপোন ঘৰৰ শান্তি আৰু জনবহুলৰ পৰা নিলগ পৰিৱেশ বাণীকান্ত কাকতিক লেখা-পঢ়া, গৱেষণা আদি কামত মগ্ন হোৱাত সহায় কৰিছিল। পঢ়া-শুনাত ইমানেই ব্যস্ত হৈ পৰে যে কেতিয়াবা কেতিয়াবা দিন গৈ নিশা হ’লেও তালৈ ভ্ৰূক্ষেপ নেথাকে।

পত্নীয়ে উদ্বিগ্ন হৈ কেৱল খোৱা লোৱাৰ কথা সঁকিয়াব লগা হয়। তেওঁৰ অধ্যয়ন কোঠালীলৈ পত্নীৰ বাহিৰে কোনো নগৈছিল। অমায়িক সৎ চৰিত্ৰ গৰাকীয়ে তেওঁক সকলো কামতে সহায় আগবঢ়াইছিল। সন্তান সকলক তেওঁ সু শিক্ষা দিছিল।

‘ভাষা বিজ্ঞান গৱেষণাত’ আত্ম নিয়োগ কৰি তেওঁ ‘আচামিজ ইটছ ফৰমেশ্যন এণ্ড ডেভেলপমেন্ট(Assamese Its Farmation & Development)’ গৱেষণা থেচিচখন ১৯২৭ চনৰ পৰা ১৯৩৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰি উলিয়ায়। এই কাম জয়ী থেচিচখন লৈয়ে তেওঁ ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্ট’ৰেট(P.H.D) ডিগ্ৰী লাভ কৰে।

উল্লেখনীয় কথা যে ১৯৩৫ চনৰ ৫ আগষ্টৰ দিনা কলিকতা বিশ্ববিদ্যালয়ৰ উপচাৰ্য্যই পঠোৱা ডিগ্ৰীৰ টেলিগ্ৰাফ খনি কটন কলেজ পায়হি। অধ্যক্ষ, অধ্যাপক, ছাত্ৰ-ছাত্ৰীসকল উল্লাসিত হৈ পৰে।

কিন্তু এই সকলো আনন্দৰপৰা ড° কাকতি অকলে ক’ৰবাত বহি আছিলগৈ। সেইসময়ত ডক্টৰেট আছিল আঙুলিমূৰত লিখিব পৰা। এই খবৰে তেওঁক বৰ সন্তোষ দিলেও গৰ্ব ভাব হ’লে মনলৈ অহা নাছিল।

১৯৪২ চনত তেওঁ কটন কলেজত জ্যেষ্ঠ অধ্যাপক পদত নিযুক্তি পায়। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময় আছিল। ১৯৩৯ চনত বিশ্বযুদ্ধ আৰম্ভ হয়। ১৯৪৬ চনত জাপানৰ সৈন্য মণিপুৰ আৰু অসমত সোমায়হি। অফিচাৰ আৰু সৈন্যক থাকিবলৈ দিয়াৰ বাবে কটন কলেজত হোষ্টেল আৰু অধ্যক্ষৰ আবাসগৃহ এৰি দিব লগা লহয়। ইফালে ১৯৪২ চনত ‘ভাৰত ত্যাগ’ স্বাধীনতা আন্দোলনে উঠি পৰি লাগিছিল।

১৯৪৭ চনত ড° কাকতি কটন কলেজৰ অধ্যক্ষ হয়। বৰ কষ্টৰে তেওঁ বেমেজালি বাতাবৰণবোৰ চম্ভালিব লগা হয়। তেওঁ বেছি দিন সেই পদত নেথাকিল। ১৯৪৮ চনৰ ৩ জানুৱাৰী তাৰিখে স্বইচ্ছাৰে আগতীয়াকৈ অৱসৰ লয়। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত মুৰব্বী হিচাবে দায়িত্ব লয়।

কটল কলেজত তেওঁ ৩০ বছৰ কাল চাকৰিত কটায়। এই সময়খিনিত ছাত্ৰ সমাজৰ দৃঢ়তা আৰু সাহসী মনোবল প্ৰদান কৰি শুদ্ধ পথলৈ অহাৰ প্ৰেৰণা দিছিল। শৈক্ষিক পৰিৱেশৰ উন্নতি কৰিছিল। নিজে আদৰ্শবান হৈ আদৰ্শৰে কলেজখন আগবঢ়াই নি তেওঁৰ সৎনাম স্বাক্ষৰিত কৰিছিল।

১৯৪৪ চনত অসম চৰকাৰৰ প্ৰতিনিধি হিচাবে তেওঁ ‘ইণ্ডিয়ান হিষ্টোৰিকেল ৰেকৰ্ড কমিচন’ৰ পেশোৱাত বহা অধিবেশনলৈ যায়। তাতে তেওঁ মহাপণ্ডিত, বুৰঞ্জীবিদ সকলক লগ পাইছিল। তাৰ অন্যতম আছিল ড° পানিকাৰ। ড° পানিকাৰ ১৯৫৫ চনত যেতিয়া ‘ষ্টেট ৰি- অৰগিনিজেচন কমিচন(State organization commission)ৰ সদস্য হিচাবে আহে ড° বাণীকান্ত কাকতিৰ থেচিচখনৰ কথা গম পায়। তেনে মূল্যৱান এখন পুথি বিশ্বৰ বাবে অপৰিহাৰ্য্য অথচ ভাৰতবৰ্ষতে প্ৰচাৰ নোহোৱাত আচৰিত হয়।

ড° কাকতিৰ এই পুথিখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁ বুজি পায় অসমীয়া এক স্বতন্ত্ৰ ভাষা। এই ভাষাৰ বাবেই তেওঁ তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাখন অসমৰ সীমা নিৰ্দ্ধাৰণৰ সময়ত অসমৰ লগত থকাৰ বাবে ভাবিবলৈ দাবী জনায়। কমিচনাৰেও মানিবলৈ বাধ্য হয়।

ড° কাকতিক অসম চৰকাৰে শিক্ষাধিকাৰ(D.P.I.)ৰ পদটি যাচিছিল কিন্তু তেওঁ গ্ৰহণ নকৰিলে। সেইসময়ত অধিষ্ঠিত ৰাজনৈতিক দলেও তেওঁক গুৱাহাটীৰ বিধান সভাত সমষ্ঠিৰ পৰা ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰাৰ্থী হিচাবে বিচাৰিছিল। তেওঁ সেইয়াও নাকচ কৰে। কাৰণ অধ্যয়ন আৰু অধ্যাপনাই তেওঁৰ জীৱনৰ পণ আছিল।

১৯৪৯ চনত ড° কাকতিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা-বিভাগৰ কলাগুৰু হিচাবে নিয়োজিত কৰে। ‘কলাগুৰু’ পদ শুৱনী কৰি তেওঁৰ ব্যক্তিত্ব আৰু জ্ঞানৰ সন্মান উজ্জ্বলহৈ ৰয়।

বিশ্ববিদ্যালয়ত থকা কালত অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত নিষ্ঠাৰে গৱেষণা কৰাত আত্ম নিয়োগ কৰে, ড° মহেশ্বৰ নেওঁগ, ড° সত্যেন্দ্ৰ নাথ শৰ্মা, ড° প্ৰফুল্ল দত্ত গোস্বামী আদি কীৰ্তিবান ছাত্ৰক লৈ তেওঁ এই মহৎ কামত আগবাঢ়ে। অসমীয়া ভাষাৰ অনুসন্ধানমূলক কামবোৰত ড° কাকতিক শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ বৰুৱাই বৰ সহায় কৰিছিল।

আনহাতে ড° কাকতিয়ে ভাইচঘ চেঞ্চেলৰ ড° কৃষ্ণকান্ত সন্দিকৈ, মুখ্য-ন্যায়ধীশ এছ. কে দত্তকে ধৰি মুখ্য ব্যক্তিসকলৰ লগলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নতি, বিস্তাৰ আৰু শৃংখলবদ্ধতাৰ বাবে অহৰহ চেষ্টা কৰিছিল, যাতে অসমৰ সন্তান সকলে এই বিশ্ববিদ্যালয় সুশিক্ষা গ্ৰহণত একো অসুবিধা নেপায়। জাতিৰ উন্নতিৰ বাবে, দেশৰ উন্নতিৰ বাবে শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ বুলি তেওঁ বাৰুকৈয়ে হৃদয়ঙ্গম কৰে।

এইজনা মহাপুৰুষে অসমীয়া জাতিটোৰ সৰ্ব্বাঙ্গ উন্নতিৰ বাবে গোটেই জীৱনটো সাধনাই কৰিলে। তেওঁ অসংখ্য গ্ৰন্থ ৰচনা কৰা নাছিল।

সাহিত্যৰ এটা দিশহে তেওঁ বাচি লৈছিল- সেইয়া আছিল অসমীয়া ভাষাত সত্যতা আৰু মূল বিচাৰ। আৰু সেই বিষয়ে পিছৰ কালত, অসমীয়া ভাষাক এক নিৰ্দিষ্ট সত্যৰূপত প্ৰতিষ্ঠিত কৰিলে।

তেওঁ ইংৰাজী ভাষাত, অসমীয়া ভাষাত গ্ৰন্থ প্ৰণয়ন কৰি গৈছে। আনহাতে তেওঁ সংস্কৃত, পালি, ইংৰাজী, গ্ৰীক, লেটিন, হিন্দী, অসমীয়া ভাষা অতি মনোযোগেৰে নিশাৰ পিছত নিশা অধ্যয়ন কৰিছিল।

‘এচামিজ-ইটছ ফৰমেশ্যন এণ্ড ডেভেলপমেন্ট(Assamese Its Formation & Development) তেওঁৰ গৱেষণা পুথিখন ১৯৪১ চনত প্ৰকাশ হয়। এইখনে প্ৰাচ্য পাশ্চতাৰ ভাষাবিদসকলৰ পৰা বহু সমাদৰ পায়। অসমীয়া ভাষাক বৈজ্ঞানিক প্ৰতিষ্ঠা এইখন উৎকৃষ্ট পুথি।

দি মাডাৰ গডেচ কামাখ্যা(The Mother Goddess Kamakhya) ১৯৪৮ চনত প্ৰকাশ হয়।

পুৰণি পষেকীয়া আলোচনী ‘জয়ন্তী’ত ড° কাকতিৰ পুৰণি অসমৰ আৰ্য্য-অনাৰ্য্য, শিৱ-শাক্ত, বৈষ্ণৱ আদি ধৰ্মৰ বহুতো প্ৰৱন্ধ প্ৰকাশ হৈছিল। এই প্ৰৱন্ধবোৰ সামৰি উক্ত পুথিখন ইংৰাজীত লিখি প্ৰকাশ কৰা হয় পুথি আকাৰে।

সেইদৰে লোক কথা অধ্যয়নেৰে ‘বিষ্ণু ইট’ মাইথ এণ্ড লিজেণ্ড’(The life and teaching of Sankardev) এখন শংকৰদেৱৰ ধৰ্মপ্ৰচাৰ, মূলনীতি, ভক্তিধৰ্ম লৈ লিখা অমূল্য গ্ৰন্থ।

‘কলিতা জাতিৰ ‘ইতিবৃত্ত’ তেওঁ আন এখন পুথি। ১৯৪৩ চনত পুথিখন প্ৰকাশ হয়।

‘পুৰণি কামৰূপ ধৰ্মৰ ধাৰা’- এখন বৰ জানিবলগীয়া কথাৰে পূৰ্ণ পুথি। ১৯৫৫ চনত এইখন প্ৰকাশ হয়।

‘পুৰণি অসমীয়া সাহিত্য’ ‘সাহিত্য আৰু প্ৰেম’ নতুন অসমীয়া সাহিত্য’ আনকেইখনি তেখেতৰ অমূল্য গ্ৰন্থ। তেওঁ শিশুৰ মানসিকতাৰ ওপৰত লিখা একমাত্ৰ শিশু পুথিখনি হ’ল ‘পখিলা’।

তদুপৰি তেওঁ অন্য বহু তত্বমূলক প্ৰৱন্ধ লিখি গৈছে। সেইবোৰ পুৰণি আলোচনী ‘বাঁহী’ অসম ‘প্ৰদীপিকা’ত প্ৰকাশ হৈছিল। প্ৰৱন্ধবোৰ ভাষা সাহিত্যৰ লগতে ‘বেদ উপনিষদ’ৰ পৰা দক্ষিণাত্যৰ বৈষ্ণৱ আৰু বৈদান্তিক সম্প্ৰদায় আৰু ব্ৰহ্মদেশৰ ৰাধা সাহিত্যলৈকে সামৰা।

অম্বিকাগিৰি ৰায় চৌধুৰীৰ বহু কবিতা তেওঁ ইংৰাজীলৈ অনুবাদ কৰে। কবিতাবোৰ কাৰাগাৰত লেখা বাবে Songs of the cell নাম দিয়ে। ১৯৪৬ চনত ড° কাকতিৰ জীৱনী ‘বাইয়োগ্ৰাফিকেল এণ্ড চাইক্লোপেডিয়া অফ ডি ওৱলড’ত বিশ্বৰ বিখ্যাত শিক্ষাবিদসকলৰ অধ্যায়ত প্ৰকাশ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনে।

বিশ্বৰ বুকুত উজলি উঠা এই আদৰ্শবান লোকজন কণকণ শিশুহঁতৰ বাবে আদৰ্শস্বৰূপ। মহাজ্ঞানী শিক্ষাবিদ এইজনাৰ জীৱন আছিল নিকা আৰু তেনেই সাধাৰণ। তেওঁ আছিল এজন কৃষি প্ৰিয় লোক। ধান খেতিৰ পৰা ফলমূললৈকে খেতি কৰিছিল।

খেতিৰ বাবে তেওঁ বহু মাটি কিনি লৈছিল। ডাঙৰ পুখুৰী খান্দি তাত মাছো পুহিছিল। এই কামবোৰৰ সহচৰ আছিল ৰিহাবাৰীৰ এজন লোক। খেতিপথাৰ চাবলৈ গৈ ড° কাকতিয়ে বৰ সন্তোষ পাইছিল।

তেখেতৰ আন এটি গুণ আছিল- মানুহজন বৰ ৰসিক। সৰু সৰু কথাবোৰ কৌতুক কৰি কৈ সকলোকে বৰকৈ হহুৱাইছিল যদিও তেওঁ সৰুতে পিতৃহাৰা হৈছিল, বহু অভাৱ অনাটন পাবলগীয়া হৈছিল, মাজে মাজে ৰোগে দুৰ্বল কৰিছিল, তথাপি হাঁহি হাঁহি জীৱনটো জয় কৰিছিল।

তিনিটি পুত্ৰ তিনিগৰাকী জীৱৰী সকলোকে আদৰ্শবান, শিক্ষিত কৰি গঢ়ি তুলিছিল। মৰম স্নেহেৰে তেওঁ পৰিয়ালটো এক কৰি থৈছিল।

ভগৱানৰ প্ৰতি তেওঁৰ গভীৰ বিশ্বাস আছিল। তেওঁ জ্যোতিষ শাস্ত্ৰজ্ঞান আছিল আৰু জ্যোতিষ শাস্ত্ৰৰ ওপৰত আস্থা আছিল। তেওঁ এনে এজন পুৰুষ আছিল- ছাত্ৰ-ছাত্ৰীসকলে ‘জীৱনৰ লক্ষ্য’ ৰচনাখন ‘বাণীকান্ত কাকতিৰ দৰে হম’ বুলি পৰীক্ষাগৃহত লিখিছিল।

ড° কাকতিদেৱে অসমীয়া ভাষাতো ভুলকৈ লিখিলে বৰ বেয়া পাইছিল। দেশবিভাজনৰ সময়ত অসমত ভগনীয়া আহি সোমোৱা দেখি, সেই ভগনীয়াক থলুৱাতকৈ চৰকাৰে বেচি সা-সুবিধা প্ৰদান কৰাত দুখত ভাগি পৰি ভাবিছিল ‘অসমীয়া জাতিতো হয়তো এটা শ্ৰেণীতহে ৰবগৈ’। সেয়ে উঠি অহা ল’ৰা-ছোৱালীসকলৰ ওপৰত বৰ ভৰষা কৰিছিল যাতে অসমীয়া জাতিক সদায় সৱল জাতি কৰি যাবলৈ চেষ্টা কৰি থাকে।

ড° বাণীকান্ত কাকতিদেৱৰ এটা অভ্যাস আছিল- গুৰ গুৰি খোৱা। চিলিমত হোঁপা দি তেওঁ ভাৱৰ সাগৰত যেন ডুব যাবলৈ ভাল পাইছিল। তামোল খোৱাটোও আছিল দৈনন্দিন অভ্যাস। সেয়ে তেওঁৰ চকীৰ কাষত তামোল-পাণৰ বটাটি সজাই থোৱা থাকেই।

তেওঁ আছিল শান্তিপ্ৰিয়। নিৰ্জনতা বৰ ভাল পাইছিল। সেইবাবে গধুলি গধুলি অকলশৰে তেওঁ নিৰ্জন ঠাইত আপোন মনে ঘূৰি ফুৰি মনলৈ শান্তি ভাৱ আনিছিল।

তেওঁৰ পত্নীও আছিল বৰ সাত্বিক। ১৯৫২ চনৰ ছেপ্তেম্বৰ মাহত এইগৰাকীৰ মৃত্যুৰ পিছত ড° কাকতিদেৱ শোকত ভাগি পৰে। পত্নীবিয়োগৰ পিছৰ পৰাই তেওঁ আত্মাবিষয়ৰ জ্ঞানৰ প্ৰতি ধাউতি বেছি হয়। তেওঁ নানা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ লয়।

পত্নীৰ মৃত্যুৰ পিছত তেওঁ আৰু সৰহ দিন জীয়াই নেথাকিল। তেওঁ শেষ সময়ত এক ঐশ্বৰিক শক্তি পৃথিৱীত থকা বুলি উমান পাইছিল। সেইয়া ডায়েৰীত লিখিও থৈছিল। কিছুদিনৰ আগতে তেওঁৰ ঘৰত মালী কাম কৰা বিহাৰীজনৰ পত্নীও বিয়োগ হৈছিল। কাকতি দেৱে মালীজনৰ লগত জীৱন মৃত্যুৰ ৰহস্যৰ কথা পাতি বৰ শান্তি পাইছিল।

ড° বাণীকান্ত কাকতিৰ জীৱনধাৰা উঠি অহা কণ কণ ল’ৰা-ছোৱালীহঁতৰ বাবে এক পথ প্ৰদৰ্শক। তেওঁ যে কেৱল পণ্ডিত শিক্ষাবিদ আছিল তেনে নহয়। আনহাতে তেওঁ এজন জাতিৰ হিতৈষীও আছিল। তেওঁৰ দৃষ্টি অসমীয়া জাতি ভাষাটোৰ উন্নতিতে আৱদ্ধ নেথাকি তেওঁ অসমৰ মহান পুৰুষসকলৰ ৰচনাবোৰ, শাস্ত্ৰবোৰ হেৰাই যাব নোৱাৰে তাৰ বাবেও সতৰ্ক আছিল।

মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ ৰচনাৰাজিৰ বিশেষত্বই তেওঁক মোহিত কৰিছিল। এনেহেন তত্বস্বৰূপ পুথিসমূহ ভাল ব্যাখ্যা হোৱাটো তেওঁ বিচাৰিছিল। তেওঁ বহু পুৰণি পুথি সংগ্ৰহো কৰিছিল। তেনে এখন অমূল্য গ্ৰন্থ ‘কথাগুৰু চৰিত’। এই গ্ৰন্থ তেওঁ তেতিয়াৰ বৰপেটা সত্ৰৰ বুঢ়াভকত চতুঁৰ্ভূজ মিশ্ৰ দেৱৰ পৰা পাইছিল। আন এখনি ভট্টদেৱৰ প্ৰকাশিত সংস্কৃত গ্ৰন্থ ‘শ্ৰীমদ্ভক্তি বিবেক’। এই সকলোবোৰ বিজ্ঞানসন্মত আলোকপাতৰ বাবে তেওঁ চেষ্টা কৰিছিল।

ড° বাণীকান্তদেৱ আছিল জীৱনক জয় কৰিব পৰা মানুহ। সৰুৰে পৰা তেওঁৰ শৰীৰ আছিল দুৰ্বল। ৰুগীয়া। অভাৱ অনাতনত ডাঙৰ হোৱা। পঢ়া-শুনাৰ বেলিকা পদে পদে সমস্যাত পৰিব লগা হোৱা। তথাপি- এইজনা লোকে জীৱনৰ আৰম্ভণিৰ পৰা কতো থমকি ৰোৱা নাছিল।

হতাশে তেওঁক নিৰাশ কৰিব পৰা নাছিল। প্ৰাইমেৰী বিদ্যালয় পাছ কৰি অশেষ কষ্ট কৰি একমাত্ৰ স্কুল বৰপেটা উচ্চ ইংৰাজী স্কুলত পঢ়া দিনবোৰ আছিল ভয়ঙ্কৰ আৰু কষ্টকৰ।

তেতিয়া বৰপেটালৈ অহা পঢ়া বাটপথ আছিল মানুহ নথকা তৰাগছেৰে পূৰ্ণ। বাটত বাঘ, বনৰীয়া ম’হৰ, বনৰীয়া গাহৰিৰ সন্মুখীন হোৱাৰ ভয় আছিল।

ন-খন্দা নৈ এখন পাৰ হ’ব লাগিছিল সাতুঁৰি- কিয়নো তাত দলং নাছিল। তথাপি তেওঁ পঢ়া-শুনাত আছিল নিৰৱ সাধক। আৰু তাৰ ফল লাভ কৰিহে এৰিছিল। জীৱনক জয় কৰা এই মানুহজন এসময়ত ৰসিক মানুহ বুলি পৰিচিত হৈ পৰিছিল।

সৰু সৰু কথাৰে সকলোকে আমোদ দিব পাৰিছিল এই বিদগ্ধ পণ্ডিতজনে। সেইবাবে তেওঁৰ বন্ধু-বান্ধৱ তেওঁৰ ভক্ত তেওঁৰ সেৱকৰ সংখ্যাও আছিল বহুত। এই সকলোবোৰে তেওঁক যেন এজন ব্যক্তিক্ৰমী পুৰুষ কৰি তুলিছিল।

জীৱনৰ শেষছোৱাত তেওঁ ভগৱৎ জ্ঞান আৰু আত্মাৰ জ্ঞানৰ প্ৰতি ধাউতি আৰু অধিক হৈছিল। তেওঁ দৰ্শন শাস্ত্ৰ আদি অধ্যয়ন কৰিবলৈ লয়। এসময়ত ক্ৰমে তেওঁ ভগৱৎ প্ৰেমত বিলীনহৈ পৰে।

ভগৱানৰ অস্তিত্ব তেওঁ অনুভৱ কৰি ভগৱানৰ বিনা যে জীৱৰ অস্তিত্ব নাই তাক বৰ ভালকৈ বুজি উঠে বুলি উল্লেখ কৰা হৈছে।

সৎ জ্ঞানৰ প্ৰতি প্ৰৱল ইচ্ছা, অসহায় জনৰ প্ৰতি সহানুভূতি, ঈশ্বৰৰ প্ৰতি বিশ্বাস- এইয়াই আছিল ড° বাণীকান্ত কাকতি দেৱৰ জীৱনৰ ব্ৰত। আৰু এইয়াই তেওঁক এজন মনিষী কৰি পৃথিৱীত জীয়াই ৰাখিলে, যি জীৱনে আন লোকসকলৰ বাবে পোহৰৰ বাট দেখুৱাব পাৰে তেওঁ পৃথিৱীত অম্লান জ্যোতি হৈ চিৰকাল উজ্বলি থাকে।

সেয়েহে আমি তেওঁৰ কৰ্মৰাজিক আমাৰ জীৱনৰো লক্ষ্য কৰি লোৱা উচিত।

১৯৫২ চনৰ নৱেম্বৰ মাহৰ ১৫ তাৰিখে এই নমস্য ব্যক্তি, অসমীয়া হিত সাধক ড° বাণীকান্ত কাকতিদেৱ পৃথিৱীৰ পৰা চিৰ বিদায়লৈ গুচি যায়। কিন্তু তেওঁৰ কীৰ্তি অমৰ হৈ ৰৈ যায়।

লেখিকা: নীলিমা বৰা

 

 

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top