মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সমাজ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সমাজ :

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সমাজৰ বিষয়ে লিখা হৈছে ।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ -

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ সমাজখন সকলো জাতিভেদ প্ৰথা তথা সামাজিক বৈষম্যৰ উৰ্দ্ধত। আবহমান কালৰ পৰা পৃথিৱীৰ দেশে দেশে বিভিন্ন ৰূপত অস্পৃশ্যতা, জাতিভেদ আৰু সামাজিক বৈষম্যমূলক আচৰণ আদি চলি আছে।

অসমৰ সামাজিক জীৱন কিন্তু এইবোৰৰ পৰা বহু পৰিমাণে মুক্ত। ইয়াৰ প্ৰধান কাৰণ হ’ল অসমত মহাপুৰুষ শঙ্কৰদেৱ, মাধৱদেৱৰ প্ৰচাৰিত ভাগৱতী বৈষ্ণৱ ধৰ্ম। মহাপুৰুষ শঙ্কৰদেৱে ভাগৱত পুৰাণৰ পৰা সৎসংগ, গীতাৰ পৰা একশৰণ তত্ব আৰু পদ্মপুৰাণৰ সহস্ৰ নামখণ্ডৰ পৰা নামধৰ্ম লৈ অসম, কামৰূপ আৰু কোচবিহাৰত যি ভক্তি ধৰ্ম তথা একশৰণ তত্ব নামধৰ্ম প্ৰচাৰ কৰিলে তাৰ ফলত নানা ধৰ্ম, আচাৰ-পদ্ধতি, জাতি-উপজাতি, ভাষা আদিৰে বহুধা বিভক্ত হৈ থকা অসমৰ বৃহৎ জনসাধাৰণক এডাল সূতাৰে গঠিত হৈ বৃহৎ অসমীয়া জাতি গঠন হ‘ল।

বৈষ্ণৱ ধৰ্মৰ প্ৰধান লক্ষ্য -

সৰ্বমানৱৰ সৰ্বতোভাৱে কল্যাণ সাধন আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনেই ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰধান লক্ষ্য। জাতি-ধৰ্ম, উচ্চ-নীচ, জনজাতীয়-অজনজাতীয় নিৰ্বিশেষে বিশ্বৰ মানৱকেই সমজ্ঞান আৰু সমমৰ্যাদা দান এই ধৰ্মৰ আদৰ্শৰ অন্য এক উল্লেখযোগ্য দিশ।

মানুহত আত্ম চৈতন্য জগাই তুলি নৈতিক শক্তিৰে মহীয়ান কৰি প্ৰকৃত পথৰ সন্ধান দান কৰা হ‘ল এই ধৰ্মৰ আন এক প্ৰধান উদেশ্য।

গুৰুজনাৰ আধ্যাত্মিক দানৰ প্ৰসংগত ভাষাবিদ ড° বাণীকান্ত কাকতিদেৱে কৈছে—“ বিৰাট পুৰুষৰ আদৰ্শ উদ্ধাৰ কৰি নিষ্কাম ভাৱে তাৰ উপাসনা কৰি কেনেকৈ সকলো কামনাৰ নিবৃত্তি সাধন কৰি মুকুতি পথত আগুৱাব পাৰি তাৰ সন্ধান অসমীয়া সমাজক মহাপুৰুষেই দান কৰে।

“যি কামৰূপ ৰাজ্যত পূজা-পাতাল আৰু বৌদ্ধ তান্ত্ৰিক পদ্ধতিৰ পন্থা বিৰাজমান আছিল সেই দেশৰে ধৰ্ম সংস্কাৰকৰ শিক্ষা পদ্ধতিৰ যোগেদি উপনিষদৰ একেশ্বৰবাদীৰ মত প্ৰতিধ্বনিতহৈ উঠিল।

গুৰুজনাই নামধৰ্মৰ উপদেশসমূহক স্থায়ী ভেটিৰ ওপৰত প্ৰতিস্থিত কৰিবৰ কাৰণে ধৰ্ম সাহিত্যৰ সৃষ্টি কৰিলে। একশৰণ ভাগৱতী ধৰ্মৰ মূল শিক্ষাক গুৰুজনাই তেওঁৰ “ভক্তি প্ৰদীপ” গ্ৰণ্ঠত কৈছে-

“পৰৰ ধৰ্মক নিহিংসিবা কদাচিত।

কৰিবা ভূতক দয়া সকৰুণ চিত।।

হুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল।

এহি ভাগৱত ধৰ্ম জানা মহাবল।।“

এই পদফাঁকিয়েই প্ৰমাণ কৰে যে শঙ্কৰদেৱৰ ধৰ্ম আছিল সাৰ্বজনীন। “এক দেৱ এক সেৱ –এক বিনে নাই কেৱ”- এই মহান বাণীৰে সকলো জীৱকে এডাল জৰীৰে বান্ধি তেওঁ পুনৰ কৈছে-

“কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম।

জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।।“

মহাপুৰুষ দুজনাৰ ঘোষা, বৰগীত অন্যান্য গ্ৰণ্ঠসমূহত এনে অসংখ্য উক্তিয়ে সমাজৰ সৰ্বসাধাৰণ মানুহক দিছিল আশা, অনুপ্ৰেৰণা আৰু নৈতিক সাহস। গুৰুজনাই অকল ধৰ্ম প্ৰচাৰেই নহয়, সমাজ সংগঠন, সাহিত্য, দৰ্শন, কলা, নাট, নৃত্য, গীত, বাদ্য, অভিনয় আদি সকলো উচ্চ মানৱীয় গুণসম্পন্ন সম্পদেৰে পূৰ্বাঞ্চল তথা অসমৰ জাতীয় জীৱন যিদৰে গঢ়ি তুলি সমৃদ্ধ কৰিবলৈ প্ৰয়াস কৰিছিল তাৰ তুলনা ইতিহাসত পাবলৈ নাই। মানসিক বিকাশ আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ দুৱাৰো সেই সময়ৰ পৰাই মুকলি হ‘ল।

যোৱা কিছুবছৰৰ পৰা উত্তৰ পূৰ্বাঞ্চল তথা অসমত এক পৰিকল্পিত ৰাজনৈতিক পৰিৱৰ্তনৰ বিভাজনমুখী মনোভাৱ প্ৰকট হৈছে। যেন পৰিকল্পিতভাৱেই এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীক ৰাজনৈতিক উদেশ্যপ্ৰণোদিতভাৱেই ভাগ ভাগ কৰিবলৈ প্ৰস্তুতি চলিছে। পৰস্পৰে পৰস্পৰক যেন সন্দেহ আৰু অবিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক আৰু সামাজিক জীৱন বিপৰ্য্যস্ত আৰু অস্থিৰ কৰি তোলাৰ এক গভীৰ ষড়যন্ত্ৰ চলিছে। মহাপুৰুষ শঙ্কৰদেৱৰ সময়তো অসমত বিভিন্ন জাতি জনগোষ্ঠীয় লোকে বসবাস কৰিছিল।

বাৰভূঞা, কোচ, কছাৰী, আহোম, গাৰো, খাচী, কাৰ্বি, মিৰি ইত্যাদি আৰু এই সকলৰ মাজতো কেতিয়াবা যুঁজ-বাগৰ হৈছিল। সেই সময়ৰ সমাজৰ নানা কু-সংস্কাৰ, সংকীৰ্ণতা আৰু ৰক্ষণশীলতাৰ বাবে আৰু বিশেষকৈ ৰজাঘৰীয়াৰ প্ৰবল বিৰোধৰ বাবে ধৰ্ম প্ৰচাৰ আৰু সংগঠনৰ ক্ষেত্ৰত মহাপুৰুষজনাই নানা বাধাৰ সন্মুখীন হৈছিল।

তথাপিও সামাজিকভাৱে দুৰ্বল, দলিত আৰু নিঃস্বজনৰ কাষত মহাপুৰুষগৰাকী থিয় হৈছিল আশা আৰু প্ৰেৰণাৰ বাণী লৈ।

“যত জীৱ ত’ত শিৱ” এই মহান মানৱীয় আদৰ্শেৰে সাৱটি লৈছিল জাতি বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ জনসাধাৰণক।

কিৰাট কছাৰী খাচী গাৰো মিৰি

যৱন কংক গোৱাল।

অসম মুলুক ৰজক তুৰুক

কুৱাচ ম্লেচ চণ্ডাল।।

আনো যত নৰ কৃষ্ণ সেৱকৰ

সঙ্গতে পবিত্ৰ হোৱে।

মহাপুৰুষৰ এই উদাৰতাৰ প্ৰতি লক্ষ্য কৰি আৰু তেওঁৰ প্ৰচাৰিত নামধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু-মুছলমান, জনজাতি-অজনজাতি আদি সকলো শ্ৰেণীৰ লোক তেওঁৰ কাষলৈ আহিছিল আৰু শৰণ লৈছিল।

কাৰণ হৰি ভক্তিৰ মহিমাৰে পতিত শূদ্ৰ, অন্ত্যজ আনকি চণ্ডালেও শুদ্ধ বা পবিত্ৰ হ‘ব পাৰে। সেইসকলৰ ভিতৰত গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, ভোটৰ দামোদৰ, কছাৰীৰ ৰমাই, নগাৰ নৰোত্তম, যবনৰ চান্দসাই, জয়হৰি, বনিয়াৰ হৰিদাস, কৈৱৰ্তৰ পূৰ্ণানন্দ আদি উল্লেখযোগ্য।

ই প্ৰমাণ কৰে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে কেনেকৈ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ একেখন ধৰ্মীয় আৰু সাংস্কৃতিক আকাশৰ তলত ঐক্যবদ্ধ হৈ পৰিছিল। আকাশে বতাহে হৰিনামৰ ধ্বনিয়ে মুখৰিত কৰি তুলিছিল।

হেৰম্ব ৰাজ্যৰ কছাৰী ৰজাই শঙ্কৰদেৱৰ মাহাত্ম্যৰ কথা শুনি আকৰ্ষিত হৈছিল আৰু শৰণ ল’বৰ বাবে তেওঁৰ ওচৰলৈ চাৰিজন দূত পঠিয়াইছিল। গুৰুজনে মাধৱদেৱ আৰু ঠাকুৰ আতাক পঠিয়াই কছাৰী ৰজাক শৰণ দিয়াৰ ব্যৱস্থা কৰে।

কোচ ৰাজ্যতো শঙ্কৰদেৱৰ গীত মাতে আৰু জনপ্ৰিয়তা লাভ কৰিছিল। চিলাৰায় দেৱানে ৰামআতাৰ কন্যা ভূৱনেশ্বৰীৰ মুখত বৰগীত শুনি মুগ্ধ হৈ বিয়াৰ প্ৰস্তাৱ আহবঢ়াইছিল। চিলাৰায়ে ভূবনেশ্বৰীৰ পাণি গ্ৰহণ কৰি শঙ্কৰদেৱক কোচৰাজ্যলৈ নিমন্ত্ৰণ জনায়।

এইদৰে কছাৰী ৰাজ্য আৰু কোচ ৰাজ্যত নানা বাধা স্বত্বেও বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ পথ সুগম হয়। মহাপুৰুষজনাই জীৱনৰ অন্তিম কালছোৱা কোচ ৰাজ্যতেই কটায় আৰু জীৱনৰ মূল্যবান শেষ অৱদানখিনিও মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতেই অসমৰ ৰাইজলৈ দান দি থৈ যায়।

আহোম ৰাজ্যতো প্ৰথমাৱস্থাত বৈষ্ণৱ ধৰ্মৰ প্ৰৱেশত বাধাৰ সৃষ্টি হৈছিল। কিন্তু পৰৱৰ্তী কালত অসমৰ চুকে-কোণে প্ৰতি অঞ্চলতে বৈষ্ণৱ ধৰ্মৰ জয়যাত্ৰা অব্যাহতভাৱে আগবাঢ়িল।

বৰ্তমান অসমৰ জনগোষ্ঠীৰ মাজত সংকীৰ্ণ ৰাজনৈতিক পাশা খেলাৰ ফলস্বৰূপে নানা ধৰণৰ বিভাজনৰ সৃষ্টি হৈছে।

জাতীয় ঐক্য আৰু সংহতি গুৰুতৰ ভাৱে ব্যাহত হৈছে। জনগোষ্ঠীসমূহৰ জাতিসত্বাৰ সুৰক্ষাৰ নামতেই এনে বিভাজনৰ সৃষ্টি হৈছে।

আমি পাহৰিব নালাগিব যে মাউখে উজালেহে আমি সকলোৱে বাচিম, নহ’লে অকলে কোনো নিৰাপদ নহয়। ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলতহে জনগোষ্ঠীসমূহৰ উমৈহতীয়া স্বাৰ্থৰক্ষা, নিৰাপত্তা আৰু উন্নয়ন সম্ভৱ হ‘ব।

হিংসা, অন্যায়, দুৰ্নীতি, সামাজিক বৈষম্য আৰু ক্ষমতাৰ উন্মত্ততাই অন্ধ আৰু পঙ্গু কৰা মানৱ সমাজক শঙ্কৰদেৱৰ অহিংস আৰু কল্যাণকামী চিন্তাৰ আদৰ্শহে নিশ্চিতভাৱে শান্তিৰ পথ দেখুৱাব পাৰিব।

লেখক: অঞ্জনা তামুলী

উৎস: সাহিত্য.অৰ্গ

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top