অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

সাহিত্যৰথী-মিছনেৰীসকলে সাত সাগৰৰ সিপাৰৰপৰা সুদুৰ অসমলৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ আহি অসমীয়া ভাষা সাহিত্যৰ শ্ৰাদ্ধ পতাৰ সময়তেই ‘জোনাকী’ কাকতৰ জড়িয়তে অসমলৈ নৱন্যাসৰ ঢল বোৱাই অনা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অন্যতম৷ বহুমূখী সাহিত্য প্ৰতিভাৰ আকৰ বেজবৰুৱাকঅসমৰ “অসমৰ মুকুট বিহীন সম্ৰাট”, “ৰসৰাজ” বুলিও জনা যায়৷ অসমৰ প্ৰথম সোণালী যুগৰ প্ৰৱৰ্তক শ্ৰীমন্ত শঙ্কৰদেৱৰ পাচতে বেজবৰুৱাদেৱৰ সাহিত্য সম্পদে অসমীয়া ভাষা সাহিত্য- সংস্কৃতিত যি অপূৰ্ব অৱদান আগবঢ়ালে, কুৰি শতিকাৰ আগছোৱাক ‘লক্ষ্মীনাথ বেজবৰুৱাৰ যুগ’ বুলি অভিহিত কৰা হয়৷তেখেতৰ ‘বেজবৰুৱা উপাধিটো ৰজাঘৰীয়া প্ৰদত্ত যাৰ অৰ্থ ৰাজবৈদ্য৷ ৰসৰাজৰ পিতৃ দীননাথ বেজবৰুৱাক আহোম ৰজা পুৰন্দৰ সিংহই এই উপাধি প্ৰদান কৰিছিল৷ তদুপৰি তেখেতৰ মাতৃ অসমৰ বিখ্যাত বৈষ্ণৱ কবি অনন্ত কন্দলিৰ ঘৰৰ আছিল৷ চৰকাৰী কামত পিতাকে সপৰিয়ালে ব্ৰহ্মপুত্ৰইদি নাৱেঁৰে গৈ থকাৰ সময়তে এবাৰ আঁহতগুৰি নামৰ ঠাইত নাও বান্ধিব লগীয়া হৈছিল আৰু তাতেই ১৮৬৮ চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা তেওলোকৰ পঞ্চম পুত্ৰ সাহিত্যৰথীয়ে জন্মলাভ কৰিছিল৷ সেয়ে তেখেতৰ জীৱন সোঁৱৰণত “ভূমিস্থ নহৈ নৌকাস্থ হোৱা” বুলিহে ওল্লেখ কৰিছে৷ পেচাত কাঠ ব্যৱসায়ী লক্ষ্মীনাথৰ মাজত নিহিত থকা বিৰল সাহিত্য প্ৰতিভাৰ প্ৰকাশ ঘটিছে তেওঁৰ বিচিত্ৰ সাহিত্য কৰ্মত৷ কবিতা, নাটক, উপন্যাস, চুটি গল্প, জীৱনীমূলক সাহিত্য, ধৰ্মমূলক গ্ৰন্থ, হাস্যৰসৰ ৰচনা, গহীন দাৰ্শনিক প্ৰবন্ধ- বিভিন্ন ৰসৰ লেখাৰ সমাহাৰে তেওঁ অসমীয়া সাহিত্যত যি বৈচিত্ৰৰ পোহাৰ মেলিছিল , অতিকে বিস্ময়কৰ৷ তেখেতৰ ৰচনাৰ কলা- কৌশল, নিভাঁজ ভাষা, বিষয়বস্তুৰ উপস্থাপন, কাহিনীৰ নিৰ্বাচন- সকলোতে তেওঁৰ নিজস্ব এটা বৈশিষ্ট্য, নিজস্ব এটা ৰীতি প্ৰতিফলিত হৈছে৷ লক্ষ্মীনাথ বেজবৰুৱাৰ বিপুল জনপ্ৰিয়তাৰ এটা উল্লেখযোগ্য কাৰণ তেওঁ সাহিত্যত ৰস সৃষ্টি কৰাৰ লগতে অসমীয়া সমাজখনৰ সংস্কাৰ সাধনত ব্ৰতী হৈছিল৷ মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ আদি দুৰ্যোগৰ সময়তে অসমীয়া মানুহক হাঁহিবলৈ পাহৰাই পেলাইছিল৷ কিন্তু বেজবৰুৱাদেৱৰ ৰসিকতাই অসমীয়াক পুনৰ হাঁহিবলৈ শিকাইছিল৷ বোধহয় সাহিত্যক বেজবৰুৱাই বাণী প্ৰচাৰৰ মঞ্চ হিচাপে গ্ৰহণ কৰি সকলো বেদনা যাতনাকে নিজে মুৰ পাতি লৈও তেওঁ হাঁহিছিল, হাঁহিব শিকাইছিল৷ কলেজত পঢ়ি থকা কালতে চন্দ্ৰকুমাৰ আগৰৱালাৰ স’তে লক্ষ্মীনাথৰ অবিস্মৰণীয় বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে৷ ফলশ্ৰুতিত ১৮৮৯ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনা, পৰিচালনা আৰু মালিকানাত অসমৰ উচ্চ প্ৰশংসিত মাহেকীয়া আলোচনী ‘জোনাকী’ৰ জন্ম হয়৷ ‘জোনাকী’ৰ প্ৰথম সংখ্যাতেই লক্ষ্মীনাথৰ সাহিত্যক জীৱনৰ বীজ অঙ্কুৰিত হয় আৰু তেখেতৰ প্ৰখ্যাত প্ৰহসন ‘লিতিকাই’তে সেই অঙ্কুৰে ৰূপ লৈ উঠে৷ ‘লিতিকাই’ বেজবৰুৱাৰ এটা গৌৰৱপূৰ্ণ সাফল্যৰ চানেকি৷ ১৮৯০ চনত লিতিকাই কিতাপ আকাৰত পুনৰ মুদ্ৰিত হয়৷ ইয়াৰ পাচতে বুৰঞ্জীমূলক ঘটনা দন্দুৱাদ্ৰোহ কামৰূপৰ হৰদত্তৰ পটভূমিত ৰচিত উপন্যাস “পদুম কুঁৱৰী” পোনতে তেওঁ নিজে সম্পাদনা কৰা ‘জোনাকী’ৰ তৃতীয় সংখ্যাত প্ৰকাশিত হয়, পুনৰ ১৯৫০ চনত গ্ৰন্থৰূপে প্ৰকাশ পায়৷ অন্যহাতে “কামত কৃতকাৰ্য্যতা লাভ কৰা উপায় “, ” কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা”, “দীননাথ বেজবৰুৱাৰ জীৱনী” আৰু “বাখৰ”- চাৰিখন গ্ৰন্থ ক্ৰমান্বয়ে ১৯০৩, ১৯০৪, ১৯০৯ আৰু ১৯১৪ চনত প্ৰকাশ পায়৷ পুনৰ মাৰ্ছডেন আৰু ক্ষিতীন্দ্ৰনাথ ঠাকুৰৰ অনুকৰণত শিশুসকলৰ বাবে লিখা বেজবৰুৱাৰ “ভাৰতবৰ্ষৰ বুৰঞ্জী” আৰু “ভগৱৎ কথা” নামৰ পুথি দুখন ১৯১০ আৰু ১৯১৫ চনত প্ৰকাশ পায়৷ সেইদৰে অসমীয়া সাধুকথাৰ বিষয়ে ৰসাল আৰু মনোগ্ৰাহীৰচনা- ৰীতিত গদ্য পদ্যৰ সংমিশ্ৰণেৰে শিশু সাহিত্য হিচাপে লিখা “জুনুকা”, “বুঢ়ী আইৰ সাধু” আৰু “ককাদেউতা- নাতি ল’ৰা” কিতাপকেইখন যথাক্ৰমে ১৯১০, ১৯১১ আৰু ১৯১২ চনত প্ৰকাশ হয়৷ তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনী আৰু ৰচনাৱলীৰ চমু আভাষ দি ১৯১১ চনত ‘শঙ্কৰদেৱ’ আৰু মাধৱদেৱৰ জীৱনী তথা দুয়োজনা মহাপুৰুষৰ গ্ৰন্থাৱলীৰ পূৰ্ণ আলোচনা কৰি ১৯১৪ চনত “মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ” নামৰ অমূল্য গ্ৰন্থখন ৰচনা কৰে৷ এইখন গ্ৰন্থ অসমৰ বৈষ্ণৱ সাহিত্যলৈ এক আপুৰুগীয়া অৱদান৷

১৯০৯ চনত ‘কৃপাবৰ বৰুৱাৰ ওভটনি’ প্ৰকাশৰ পাচতেই লোকসমাজত প্ৰচলিত কিংবদন্তী আৰু সাধুকথাৰ ওপৰত ভিত্তি কৰি ৰচিত তিনিখন ধেমেলীয়া নাট- ‘নোমল’, ‘পাঁচনি’ আৰু ‘চিকাৰপতি আৰু নিকৰপতি’ প্ৰকাশ হয়৷ একেদৰে ১৯০৯, ১৯১২ আৰু ১৯১৩ চনত যথাক্ৰমে ‘সুৰভি’, ‘সাধুকথাৰ কুকি’, আৰু ‘জোনবিৰি’ – এইকেইখন গল্পৰ কিতাপ প্ৰকাশ পায়৷ তদুপৰি তেওঁৰ দ্বাৰা ৰচিত তিনিখন বুৰঞ্জীমূলক নাট “চক্ৰধ্বজ সিংহ”, “জয়মতী কুঁৱৰী”, “বেলিমাৰ” এ অসমীয়া নাট্যসাহিত্যলৈ মহৎ অৱদান আগবঢ়ায়৷ এইখিনিতে উল্লেখযোগ্য যে বেজবৰুৱাদেৱৰ সম্পাদনাত ‘জোনাকী’ক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তাৰ অনুৰূপ সাজতে গঢ় লৈ ওলোৱা ‘বাঁহী’য়ে প্ৰভূত কৃতকাৰ্যতা লাভ কৰিছিল আৰু অসমীয়া সাহিত্যৰ প্ৰগতিত যথেষ্ঠ অৰিহণা যোগাইছিল৷ যদিও বেজবৰুৱাদেৱে কবিতা সৃষ্টিত বিশেষ মনোযোগ দিয়া নাছিল, তেওঁক এজন প্ৰকৃত কবি বুলিয়ে অভিহিত কৰিব পাৰি৷ তেওঁৰ কবি প্ৰতিভাই বহুতো মনোমোহা কবিতা আৰু উচ্চ পৰ্যায়ৰ অনেক গীতৰ মাজেদি মূৰ্ত হৈ উঠিছিল৷ হয়তো মাথোন আত্মবিনোদনৰ বাবেহে যেন তেওঁ কবিতা সৃষ্টিত হাত দিছিল৷ তেওঁৰ এখন জনপ্ৰিয় কবিতা পুথি ‘কদম কলি’ ১৯১৩ চনত প্ৰকাশ পায়৷ তথাপিও তেওঁৰ ‘বৰাগী’, বীণ বৰাগী, প্ৰিয়তমাৰ সৌন্দৰ্য, ভ্ৰম আদি প্ৰায় দহ- বাৰটি কবিতা অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ কবিতাৰ ভিতৰত অন্যতম৷ লক্ষ্মীনাথ বেজবৰুৱাৰ বিপুল জনপ্ৰিয়তাৰ এটা উল্লেখযোগ্য কাৰণ তেওঁ সাহিত্যত ৰস সৃষ্টি কৰাৰ লগতে অসমীয়া সমাজখনৰ সংস্কাৰ সাধনত ব্ৰতী হৈছিল৷ মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ আদি দুৰ্যোগৰ সময়তে অসমীয়া মানুহক হাঁহিবলৈ পাহৰাই পেলাইছিল৷ কিন্তু বেজবৰুৱাদেৱৰ ৰসিকতাই অসমীয়াক পুনৰ হাঁহিবলৈ শিকাইছিল৷ বোধহয় সাহিত্যক বেজবৰুৱাই বাণী প্ৰচাৰৰ মঞ্চ হিচাপে গ্ৰহণ কৰি সকলো বেদনা যাতনাকে নিজে মুৰ পাতি লৈও তেওঁ হাঁহিছিল, হাঁহিব শিকাইছিল৷

বেজবৰুৱাদেৱক অসমীয়া চুটী গল্পৰ জনক বুলি অভিহিত কৰা হয়৷ স্ব- ৰচিত ‘সাধুকথাৰ কুকি’, ‘সুৰভি’ আদিৰ গল্পবোৰৰ বাহিৰেও তেখেতে অন্যান্য বহুতো গল্প লিখি বাঁহী আৰু আন স্থানীয় কাকতত প্ৰকাশ কৰিছিল৷ তেওঁৰ গল্পসমূহ অসমীয়া সমাজৰ, বিভিন্ন স্তৰৰ, প্ৰধানকৈ গ্ৰাম্য জীৱনৰ বাৰ্তাবাহক বুলিব পাৰি৷ এটা সুক্ষ্ম আৰু সতৰ্কতাপূৰ্ণ পৰ্যবেক্ষণ, জীৱনক প্ৰকৃতভাৱে প্ৰতিনিধিত্ব কৰিব পৰা চৰিত্ৰৰ অঙ্কণ, মনোবৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আৰু পৰিবেশ তথা চৰিত্ৰসমূহৰ অধ্যয়ন আৰু সৰ্বোপৰি এটা প্ৰশস্ত মানৱীয় সংবেদনশীলতা আদিবোৰেই বেজবৰুৱাৰ গল্পৰ বৈশিষ্ট্য৷

প্ৰায় ওৰে জীৱন অসমৰ বাহিৰত কটোৱা লক্ষ্মীনাথৰ অসম প্ৰীতি আছিল অতি গভীৰ৷ বেজবৰুৱাৰ অসম প্ৰীতিৰ চৰম নিদৰ্শন তেখেতৰ অমৰ গীতি তথা অসমৰ জাতীয় সঙ্গীত “অ’ মোৰ আপোনাৰ দেশ…”৷ এইজনা মহান অসমীয়াই প্ৰবাসত থাকিও অহৰহ অসমৰ ভালৰ নিমিত্তেই চিন্তা আৰু কাম কৰি আছিল৷ অসমীয়া ভাষাৰ প্ৰাচীনতা আৰু ঐতিহ্য সম্পৰ্কে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত তেওঁ তৰ্ক- যুদ্ধত নামিছিল৷ সুন্দৰ যুক্তি আৰু পণ্ডিতসূলভ ব্যাখাৰে তেওঁ অসমীয়া ভাষা বঙলা ভাষাৰ অপভ্ৰংশ বুলি ৰবীন্দ্ৰনাথৰ মনত থকা সন্দেহ আতৰ কৰিছিল৷ তদুপৰি ১৯০৯ চনত গৌৰীপুৰত বহা বঙ্গীয় সাহিত্য সভায়ো অসমীয়া ভাষা সম্পৰ্কে ভুল ধাৰণা কিছুমান মানুহৰ মনত সুমুৱাব খুজিছিল৷ এই ধাৰণাবোৰক প্ৰত্যাহ্বান জনাই বেজবৰুৱাই এলানি তথ্যভিত্তিক যুক্তিসিদ্ধ প্ৰবন্ধ লিখিছিল৷ ইয়াৰোপৰি ১৯২৪ চনৰ অসম সাহিত্য সভাৰ সভাপতি আসন শুৱনি কৰি বেজবৰুৱাদেৱে নিজৰ সাহিত্য প্ৰতিভা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল৷

মুঠতে প্ৰাচীন সাহিত্য তথা আধুনিক সাহিত্যৰ সকলো দিশতে নিজৰ মেধা আৰু দক্ষতাৰে পাৰদৰ্শিতা অৰ্জন কৰা সু- উচ্চ ব্যক্তিত্বসম্পন্ন এইজনা অসমীয়া সাহিত্যৰ অধিনায়কে অৱশেষত ১৯৩৮ চনৰ ২৬ মাৰ্চত ইহলীলা সম্বৰণ কৰে৷ বেজবৰুৱাদেৱৰ মৃত্যুৰ পাচতো তেওঁ আজি অমৰ৷ তেওঁৰ প্ৰতিটো অৱদান, সৃষ্টিৰাজি অতুলনীয়, অনন্য।

প্ৰাচুৰ্য্য প্ৰীতম শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate