মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / স্বনাম ধন্য হেমবৰুৱাৰ “সোঁৱৰনীৰ আলফুলিয়া স্মৃতি”
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বনাম ধন্য হেমবৰুৱাৰ “সোঁৱৰনীৰ আলফুলিয়া স্মৃতি”

স্বনাম ধন্য হেমবৰুৱাৰ “সোঁৱৰনীৰ আলফুলিয়া স্মৃতি”ৰ বিষয়ে লিখা হৈছে

কবি, সাহিত্যিক, ৰাজনীতিবিদ বুলি পৰিচয়ৰে পৰিবেষ্টিত অসমৰ সু সন্তান হেমবৰুৱা ডাঙৰীয়া আমাৰ বাবে পথ পদৰ্শক আৰু তেওঁ চিৰ নমস্য ব্যক্তি। পুৰানত পঢ়িবলৈ পাইছিলো দেৱতা সকলে অমৃত পান কৰি অমৰ হ’বলৈ চেষ্টা কৰিছিল, কিন্তু আজি উপলদ্ধি কৰিছো অমৃত খাই অমৰ হোৱাতকৈ যি ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ পৰিচয়ৰে সমাজত যি অৱদান অসমৰ বাবে, দেশৰ বাবে খ্যাতি ৰাখি থৈ গ’ল তেওঁৰ আদৰ্শক অনুকৰন কৰিবলৈ আমাক যি প্ৰেৰণা যোগাইছে তেনে ব্যক্তিয়ে অমৃত নোখোৱাকৈ তেওঁৰ কৰ্মৰাজিৰ আদৰ্শৰ মহানুভৱতাক আমি আমাৰ অন্তৰত আন্তৰিকতাৰে জীয়াই ৰাখিব পৰাটোতে অমৰ হৈ থকা বুলি ধাৰণা কৰিব পাৰি।

এই গুনী জ্ঞানী ব্যক্তি গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে এনে এজন ব্যক্তিৰ সৰ্বগুণ সম্পন্ন অধিকাৰী হোৱা নতুন পুৰুষ আকৌ জন্ম হঁওক- এইখন অসমীৰ কোলাত হেজাৰ হেজাৰ “হেমবৰুৱা”।

সাধাৰণতে নিৰ্বাচনত জয় লাভ কৰি ৰাইজৰ আৰু দেশৰ স্বাৰ্থৰ হকে কাম কৰাটোহে নেতা সকলৰ উদ্দেশ্য হোৱা উচিত। কাৰণ ‘দেশ’ দলৰ স্বাৰ্থতকৈ বহু ওপৰত।

“হেম চন্দ্ৰ বৰুৱা” বৰ্তমানত হেম বৰুৱা নামেৰে পৰিচিত আছিল। ১৯১৫ চনত তেজপুৰত জন্ম গ্ৰহণ কৰিছিল তেওঁৰ দেউতাকৰ নাম আছিল বিনন্দ চন্দ্ৰ বৰুৱা। হেম বৰুৱাই ১৯৩২ চনত তেজপুৰ চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন্ন হৈ কটন কলেজৰ পৰা ইংৰাজীত অৰ্নাচ সহ বি এ পাচ কৰি, এম এ পঢ়িবলৈ কলিকতা বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয় আৰু ১৯৩৮ চনত ইংৰাজী সাহিত্যত সুখ্যাতিৰে পাছ কৰি যোৰহাটৰ জে বি কলেজত অধ্যাপনা কৰিছিল। পিছলৈ ১৯৪৪ চনত গুৱাহাটীৰ বি বৰুৱা কলেজত অধক্ষ্যপদত অধিস্থিত হৈ কলেজ খনৰ উন্নীতকৰণ কৰে। সু-লেখিকা শ্ৰদ্ধাৰ অনুবাইদেউৰ লগত বিবাহ পাশত আৱদ্ধ হয়, তেওঁৰ এক মাত্ৰ পুত্ৰ বৰ্তমান State Bank of Indiaৰ উচ্চ পদত কাৰ্য্যনিৰ্বাহ কৰি আছে।

আজি ভাৰতবৰ্ষতে হওঁক বা নিজৰ ৰাজ্যতে হওঁক খুওব কম সংখ্যক হেম বৰুৱা দেৱৰ নিচিনা সাংসদে একেলগে সাহিত্য চৰ্চ্চা কৰি আৰু দেশ বিদেশ ঘুৰি অভিজ্ঞতাৰ বৰ্নণা কৰি বহু মূল্যৱান কিতাপ পঢ়ুৱৈ সমাজলৈ উপহাৰ দি থৈ গৈছে। তাৰে ভিতৰত “মেকং নৈ দেখিলো” কিতাপখন লিখিছিল যেতিয়া দক্ষিণ পূৱ এছিয়া ভ্ৰমণ কৰিছিল তাৰ অভিজ্ঞতাৰ বিৱৰণ বিস্তৃত আকাৰত উল্লেখিত আছে।

যিসময়ত সাংসদ হিচাবে হেম বৰুৱা ডাঙৰীয়া কাৰ্য্যকালত আছিল তেওঁ দেশৰ স্বাৰ্থৰ কাৰণে ৰাষ্ট্ৰীয় সমস্যাবোৰক গুৰুত্ব দিছিল তাৰ ভিতৰত তেওঁ ছয়েজখাল লৈ হোৱা ইংৰাজ আৰু ইজিপ্তৰ মাজৰ বিবাদ অথবা ভিয়েটনামৰ ওপৰত চলোৱা মাৰ্কিন আক্ৰমণ ইত্যাদি সমস্যাবোৰত গুৰুত্ব সহকাৰে সমাধানৰ সুত্ৰ উলিয়াই সেই সময়ত কাৰ্য্যনিৰ্বাহ কৰি থকা প্ৰধান মন্ত্ৰী হিচাবে জৱাহাৰলাল নেহেৰুও তেওঁৰ মন্তব্যক যথোচিত সন্মানও গুৰুত্ব দিছিল। নেহেৰুৱে তেওঁক মৰমতে ‘হেম’ বুলি প্ৰায়ে মাতিছিল বুলি তেওঁৰ বিভিন্ন লেখাত প্ৰকাশ পাইছে। বৰুৱা ডাঙৰীয়াই সদায় ক’লা কোট পৰিধান কৰিছিল। এবাৰ চুটি কোট এটা পৰিধান কৰি অহাত নেহেৰুৱে সুধিছিল “হেম” তোমাৰ আজি কোটটো কেনেকৈ চুটি হ’ল। ইয়াতেই বুজা যায় তেওঁ জৱাহাৰলাল নেহেৰুৰ কিমান মৰমৰ আছিল। হেম বৰুৱাই উল্লেখ কৰা সমস্যা বিলাকৰ সমাধানৰ ক্ষেত্ৰত যি বিতৰ্ক প্ৰধানমন্ত্ৰীৰ লগত হোৱাৰ অন্তত তেওঁৰ যুক্তিযুক্ততাত মোহিত হৈ তেওঁক ওচৰলৈ মাতি আনি এনেদৰে অভিব্যক্তি প্ৰকাশ কৰিছিল “হেম, ইউ হেম এম্বাৰেচ মি” সেয়া আছিল দুগৰাকী দক্ষ ৰাজনীতিৰ অভিজ্ঞতা লদ্ধ, বৌদ্ধিক মতা দৰ্শগত বিতৰ্ক। তেওঁ কেৱল ৰাষ্ট্ৰৰ সমস্যাক লৈ চিন্তিত আছিল এনে নহয়, অসমৰ জলন্ত সমস্যাক লৈও তেওঁ প্ৰধানমন্ত্ৰী জৱাহাৰলাল নেহেৰুক সঁকিয়াই দিছিল লগতে চীনে অৰুনাচলত অনুপ্ৰৱেশ কৰি ইয়ে যে অসমৰ অস্তিত্ব বিপন্ন কৰি তুলিব তাকেই দাঙি ধৰিছিল। নেহেৰু ডাঙৰিয়াই প্ৰায় সন্ধিয়া চাহ খাৱলৈ ঘৰলৈ আমাৰ অসমৰ সুসন্তান হেম বৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু চাহ পৰিবেশন কৰিছিল নেহেৰুৰ জীয়ৰী প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে। হেম বৰুৱা এগৰাকী সু বক্তাও আছিল। তেওঁৰ ভাষন শুনিবলৈ শ্ৰুতাসকল অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। তেওঁ কেৱল ইংৰাজীতে সলসলীয়াকৈ মধুৰ ভাষন দিছিল এনে নহয় অসমীয়া ভাষাটো মধুৰ ভাষন দিছিল কিন্তু এটাও ইংৰাজী শব্দও ব্যৱহাৰ নকৰি ৰাইজৰ মন জয় কৰিব পাৰিছিল।

হেম বৰুৱাই বহুতো মূল্যবান পুথি আমাক দি থৈ গৈছে তাৰে ‘ৰেডৰিভাৰ এণ্ড দা ব্লু হিলচ অৱ দা ষ্টেট অৱ আসাম’ বুলি ইংৰাজীত ৰচনা কৰিছিল। ইজৰাইলৰ ভ্ৰমনক লৈ ইজৰাইল, বিশেষকৈ প্ৰাচীন গ্ৰীচৰ অমৰ কাহিনীৰ আধাৰত ৰচিত কিউ পিড আৰু ছাইকী প্ৰকাশ পোৱাৰ লগে লগে পঢ়ুৱৈৰ সমাজত চাঞ্চল্যৰ সৃষ্টি হৈছিল। তেওঁ কেৱল লেখক সুবক্তা আছিল এনে নহয় তেওঁ এজন কবি লগতে সহজতে সকলোকে আকৰ্ষন কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁ খুউব তামোল খাইছিল এটি মুহূত্বও মুখত তামোল নৰখাকৈ থকা নাছিল আৰু তামোল খোৱা স্বভাৱটো ৰাজ্যখনৰ সকলোৱে জ্ঞাত আছিল। তেওঁ বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল আৰু কাৰ্য্যক্ষেত্ৰত সুনাম কঢ়িয়াই আনিছিল। তদুপৰি নিখিল ভাৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থায়ী সভাপতি আছিল আৰু তেওঁৰ নেতৃত্বতে শিক্ষক সকলৰ সজাতী দলে তদান্তিন ৰাষ্ট্ৰপতি ড° সৰ্ব্বপালী ৰাধাকৃষ্ণনৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰি সমস্যা বিলাকৰ সমাধান দিবলৈ বাধ্য হৈছিল।

১৯৫৭ চনৰ পৰা ১৯৭১ চনলৈকে সূদীৰ্ঘ চৌধ্য বছৰ সাংসদীয় ৰাজনীতিত যি আসন লৈ সকলোকে মুহিত কৰিব পাৰিছিল তেনে এজন ব্যক্তিক আমাৰ অসমৰ বাবে অতিকৈ গৌৰৱৰ বিষয়ও গৌৰাম্বান্বিত। প্ৰথম আৰু দ্বিতীয়বাৰ গুৱাহাটী আৰু মঙ্গলদৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয়ী হোৱা হেম বৰুৱাৰ অৱদানৰ বিষয়ে আজিৰ নৱ প্ৰজন্মই কিমান ভালদৰে জানে তাত সন্দেহৰ অৱকাশ আছে। তেওঁৰ ব্যক্তিত্ব আৰু নিজৰ দক্ষতাৰ বলত সাংসদৰ মজিয়াত সমূহ সমস্যাৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছিল আৰু দুবছৰৰ ভিতৰত ষোল্লগৰাকী সাংসদৰ ভিতৰত শ্ৰেষ্ট সাংসদ হিচাবে পৰিগনিত হৈছে। সেই সময়ত দল মত নিৰ্বিশেষে বিখ্যাত সাংবাদিক কে ঈশ্বৰ দত্তই “আৱাৰ ৰিপ্ৰেজন্টেটিভছ ফাংছন ইন দা লোক সভা” নামেৰে এটি প্ৰৱন্ধ লিখিছিল। হেম বৰুৱাই লিখা “মমতাৰ চিঠি” খনিক ভ্ৰাম্যমান নাট্যদলে মঞ্চত সফল নাট ৰূপ দি জনসাধাৰণৰ মাজত বিপুল সহাৰি পাইছিল। আমাৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰীকা দেৱে গীতেৰে ৰাইজক আকৰ্ষন কৰিছিল আৰু হেম বৰুৱাই তেওঁৰ বস্তুনিষ্ঠ বক্তব্যই ৰাইজক আকৰ্ষন কৰিছিল। অসমৰ বিখ্যাত সু লেখিকা গীতিকাৰ নিৰ্মলপ্ৰভা বাইদেউৱে “হেম বৰুৱা”ৰ নামত গ্ৰন্থ এখন উছৰ্গিত কৰি গৈছে আৰু হেম বৰুৱা ডাঙৰীয়াইও নিজৰ ৰচিত পুথিত “নিৰ্মলপ্ৰভা”লৈ উছৰ্গিত কৰি গৈছে।

আজিৰ প্ৰজন্মই হেম বৰুৱাৰ ব্যক্তিত্বৰ বিষয়ে কিমান জানে নাজানে কিন্তু তেওঁৰ আদৰ্শ আজিৰ ৰাজনীতি পথাৰ খনত যি সকল ব্যক্তিয়ে দেশৰ উন্নতি কৰিম বুলি পান লৈছে তেওঁলোকে হেমবৰুৱাৰ বিষয়ে অধ্যয়ন কৰিলে ৰাজনীতি ক্ষেত্ৰখনত উন্নতি কৰিব পাৰিব বুলি আশা কৰিব পাৰি। ৰাজনীতি ক্ষেত্ৰখন উন্নতি হ’লে সমাজখন উন্নতি হ’ব আৰু সমাজখন উন্নতি হ’লে দুখীয়া সকলেও ৰৌ মাছ খাব পাৰিব আৰু দুখীয়া সমাজত ধনী হ’লেও শান্তিত থাকিব নোৱাৰিব।

দৰাচলতে আমি নিজৰ যোগ্য যোগ্যতাৰ অভাৱত হকে বিহকে দিল্লীক দোষাৰোপে অৰ্থাৎ জগৰীয়া কৰি আত্ম প্ৰতাৰিত হৈ আহিছো। গুণী জ্ঞানী যোগ্য ব্যক্তিয়ে স্বীকৃতি নোপোৱা হ’লে জৱাহাৰলাল নেহেৰুৰ পাছতেই ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য ডাঙৰীয়াই সাহিত্য একাডেমীৰ সন্মানীয় অধ্যক্ষৰ আখন খন দখল কৰিব নোৱাৰিলে হেতেন। আমি অধিকাৰ সাব্যস্ত কৰি ল’বলৈ প্ৰস্তুত হ’ব লাগে। এনে সন্ধিক্ষনত আমাৰ সকলোৰে প্ৰয়োজন এক নতুন যুগৰ সূচনা কৰা বিশেষকৈ নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলৰ কৰ্তব্য। দায়িত্ব বিপ্লৱ আদি সংস্কাৰ মুখী জ্ঞানৰ প্ৰয়োজনৰ অপৰিহাৰ্য্য হৈ পৰিছে। কিন্তু আজিৰ প্ৰজন্মই সৎকাম কৰিবলৈ অবাৱত সময় নষ্ট নকৰিবলৈ সমাজখন উন্নতি পথলৈ আগুৱাই নিবলৈ শান্তি সম্প্ৰীতি ধৰি ৰাখিবলৈ হ’লে অগ্ৰজ সকল সৎ ও নিষ্ঠাবান কৰ্মী হ’লেহে আদৰ্শৰ বাট দেখুৱাব পাৰিব। আজিৰ যুৱক-যুৱতী সকল কালিলৈ দেশৰ নাগৰিক। আৰু আদৰ্শবাদী নাগৰিক হ’বলৈ নিজৰ ব্যক্তিগত চৰিত্ৰ, সমাজৰ চৰিত্ৰ, দেশ প্ৰেমৰ মনোভাৱ উন্নতি কৰিব লাগিব। দুৰ্ভাগ্যবশত আজিৰ যুগত জাতীয়তাবাদৰ, জাতীয় বোধৰ অৰ্থটোকে নাজানে। তেওঁলোকৰ দৃষ্টিত “মই মোৰ পৰিয়াল আৰু মোৰ আত্মীয় কুটুম্বতে সীমিত”, “এইখন মোৰ মাতৃভূমি, এইটো মোৰ মাতৃভাষা, আৰু এইটো মোৰ ধৰ্ম বুলি যিজনে পৌৰাম্বিত ও সচেতন নহয় তেতিয়া হ’লে জীয়াই থাকিও এটা মৰাশৰ দৰে। মহাপুৰুষ শঙ্কৰদেৱে জাতি, ধৰ্ম নিৰ্বিশেষে লোক সকলক একত্ৰিত কৰি বিশ্বৰ দৰবাৰলৈ আগবঢ়াই নিয়াত যথেষ্ট অৰিহনা যোগাই আহিছে আৰু আমিও এই অসমৰে সন্তান বুলি গৌৰৱেৰে চিনাকি দিও। আজিৰ এই দূৰ্নীতিময় সমাজত আত্মকেন্দ্ৰিক আত্মগৌৰৱ স্বাৰ্থপৰ লোকৰ অভাৱ নাই। কিন্তু ইয়াৰ পৰিবৰ্ত্তে বহল অন্তৰৰ আদৰ্শবান হিতাকাংক্ষী লোকৰহে অভাৱ। লোভেই পাপ আৰু পাপেই মৃত্যু গতিকে লোভ সামৰি সত্যৰ প্ৰতি মনোভাৱ অটল নহলেও নিজেই আত্মতুষ্টি হ’বলৈ প্ৰেৰণা যোগাই, কিয়নো সত্যই হৈছে প্ৰতিটোৰ মূল ভাৱ “ত্ৰিকাল বদ্যম সত্যম” অৰ্থাৎ সত্য অতীত, বৰ্তমান আৰু ভৱিষ্যত। এই তিনিটাই সময়মতে অপৰিহাৰ্য্য আৰু সততা হৈছে প্ৰকৃত দৈৱিক শক্তি।

লেখিকা: কল্পনা ৰাজকুমাৰ

3.05
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top