মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / হেমচন্দ্ৰ গোস্বামীৰ বাল্যকাল:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হেমচন্দ্ৰ গোস্বামীৰ বাল্যকাল:

ভাষাৰ ওজা পৰমাচাৰ্য পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাম নিশ্চয় অকণিহঁতে শুনিছে।যিকেইজন প্ৰাত:স্মৰণীয় ব্যক্তিয়ে অসমীয়া ভাষাটো শুদ্ধ ৰূপত ক’বলৈ আৰু সেইসকলৰ ভিতৰত হেমচন্দ্ৰ গোস্বামী আছিল জাকত জিলিকা।তেওঁ বহুত কষ্ট মূৰ পাতি লৈ অসমীয়া ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল

ভাষাৰ ওজা পৰমাচাৰ্য পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাম নিশ্চয় অকণিহঁতে শুনিছে।যিকেইজন প্ৰাত:স্মৰণীয় ব্যক্তিয়ে অসমীয়া ভাষাটো শুদ্ধ ৰূপত ক’বলৈ আৰু সেইসকলৰ ভিতৰত হেমচন্দ্ৰ গোস্বামী আছিল জাকত জিলিকা।তেওঁ বহুত কষ্ট মূৰ পাতি লৈ অসমীয়া ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল।

জন্ম-

 

হেমচন্দ্ৰ গোস্বামীৰ পিতৃ আছিল দক্ষিণহেঙ্গেৰা মৌজাৰ মৌজাদাৰ ডম্বৰুধৰ গোস্বামী আৰু মাতৃৰ নাম আছিল ঘনকান্তি দেৱী।বৰ্তমানৰ গোলাঘাট জিলাৰ ঢেকিয়ালত আছিল তেওঁলোকৰ ঘৰ।হেমচন্দ্ৰ গোদ্বামীৰ জন্ম হৈছিল 1793 শকৰ 29 পুহ,সোমবাৰ।কৃষ্ণা ত্ৰয়োদশী তিথিত।আনহাতে 1804 শকৰ 25 ফাগুন,শিৱ চতুৰ্দশী তিথিত সুদূৰ কাশীধামত শিৱ পূজা কৰি থাকোতেই অতি দুৰ্ভাগ্যজনকভাৱে তেওঁৰ পিতৃ ডম্বৰুধৰ গোস্বামী স্বৰ্গগামী হয়।

শিক্ষা আৰু বাল্যকাল-

 

হেমচন্দ্ৰ গোস্বামী সৰু হৈ থাকোতে ঢেকিয়ালত কোনো পঢ়াশালি নাছিল।মানুহৰ ধাউতিও নাছিল পঢ়া-শুনাৰ প্ৰতি।গতিকে তেওঁৰ পিতৃয়ে দেৰগাঁৱৰপৰা থানুৰাম শৰ্মা নামৰ লোক এজন আনি ঘৰতে পঢ়া-শুনা আৰম্ভ কৰাইছিল।হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম পঢ়িবলৈ পোৱা পাঠ্যপুথিখনিৰ নাম আছিল ‘শিশুবোধ’।লেখক আছিল দীনবন্ধু তৰ্কালঙ্কাৰ।সেই পুথিখনত থকা দুটা শাৰী শিশু হেমচন্দ্ৰই জিভাৰ আগতে মুখস্থ ৰাখিছিল।শাৰী দুটা এনেকুৱা-‘পাখিসৱ,কৰে ৰাৱ,ৰাতি পুহাইল/কাননে কুসুম কলি সকলি ফুটিল’।কিছুদিনৰ পিছত পিতৃ দেৱতাই আলিমূৰতে এখন পাঠশালা পাতি দিছিল।তাতে থানুৰাম শৰ্মাৰ শিক্ষকতাত হেমচন্দ্ৰই আনুস্থানিক প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।সেই সময়ত থানুৰাম শৰ্মাই শিক্ষাকতা ত্যাগ কৰি গুচি গ’ল।তেওঁৰ ঠাইত নতুনকৈ কৰ্মত যোগদান কৰিছিল ঘনশ্যাম শৰ্মা নামৰ এজন শিক্ষকে।নতুন শিক্ষকগৰাকীয়ে হেমচন্দ্ৰক ‘ৰত্নমালা’ ব্যাকৰণ মুখস্থ কৰোৱাৰ লগতে ‘অমৰ কোষ’খনো মুখস্থ কৰাইছিল।হেমচন্দ্ৰই বৰ অসুবিধাৰ মাজত পঢ়া-শুনা কৰিবলগা হৈছিল।তেতিয়াৰ দিনত কাগজ নাছিল।তুলা ধুনি বে’লৰ আঠা সানি চেপেটা কৰি শুকুৱাই তাতে বাঁহৰ কলমেৰে লিখিছিল,ফাউন্টেইন পেন নাছিল।তেওঁ ব্যৱহাৰ কৰিছিল চিয়াঁহীৰ দোৱাত।এনেকৈ কষ্ট কৰি পঢ়িও তেওঁ মাহে তিনি টকা বৃত্তি লৈ নিম্ন প্ৰাইমাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল।অকণিহঁত,তোমালোকে প্ৰাত:স্মৰণীয়,গুৰি বঠা ধৰা,মূৰ পাতি লোৱা,ধাউতি-এই শব্দ আৰু খণ্ড বাক্যবিলাকৰ অৰ্থ শিকি সেইবিলাকেৰে একোটা বাক্য ৰচনা কৰিবা।জানি থ’বা যে এই হেমচন্দ্ৰ গোস্বামীয়েই পিছৰ জীৱনত ‘হেমকোষ’ অভিধান ৰচনা কৰিছিল।

উৎস: দৈনিক অসম

2.90322580645
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top