মূল পৃষ্ঠা / শিক্ষা / বিশিষ্ট ব্যক্তিসকল / ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, ৰমন প্ৰক্ৰিয়া আৰু চি ভি ৰমন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, ৰমন প্ৰক্ৰিয়া আৰু চি ভি ৰমন :

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, ৰমন প্ৰক্ৰিয়া আৰু চি ভি ৰমন ৰ বিষয়ে লিখা হৈছে ।

 

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস -

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সাধাৰণ লোকৰ মাজতজনপ্ৰিয় কৰাৰ উদ্দেশ্যে ভাৰত গৌৰৱ, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ সৃষ্টিৰ প্ৰতি সন্মান জনাই ১৯৮৭ চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৰমনৰ জন্ম শতবাৰ্ষিকীৰ প্ৰাকমুহূৰ্তত, ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত নিশ্চিত হোৱা ‘ৰমন প্ৰক্ৰিয়া’ৰ উদ্ভাৱনৰ দিনটো ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ হিচাপে ঘোষণা কৰে। সেয়েহে আজিও ১৯৮৭ চনৰ পৰা প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি অহা হৈছে।

ৰমন প্ৰক্ৰিয়া -

ব্ৰিটিছ সাম্ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ অধিৱেশনত যোগদান কৰিবৰ বাবে ১৯২১ চনত উৰাজাহাজেৰে বিলাতলৈ যাওঁতে ভূমধ্য সাগৰৰ পানী আকাশৰ পৰা নীলা দেখি বিজ্ঞানী ৰমন অতি মুগ্ধ হৈ পৰে আৰু বিলাত ভ্ৰমণ কৰি গৱেষণা আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে আৱিষ্কৃত হ’ল ‘ৰমন প্ৰক্ৰিয়া’।

১৯২২ চনৰ পৰাই তেওঁ আৰু তেওঁৰ সহযোগী ছাত্ৰ-গৱেষক দলটোৱে নিৰৱচ্ছিন্নভাৱে গৱেষণা কৰি নিশ্চিত হৈছিল যে কিছুমান স্বচ্ছ জুলীয়া বা তৰল পদাৰ্থৰ মাজেদি দৃশ্যপোহৰ বা ফ’টন কণা অগ্ৰসৰ হ’লে তৰল মাধ্যমৰ অণুবিলাকৰ সৈতে সংঘাত হয়। আনহাতে, তৰল পদাৰ্থ মাধ্যমৰ অণুবিলাক সকলো অৱস্থাতে নানা ধৰণে ক’পি থাকে। এই মাধ্যমৰ অণুবোৰ ভিন ভিন শক্তিস্তৰত থাকে বাবে বিজ্ঞানী ৰামনে ধাৰণা কৰে যে অণুবোৰৰ শক্তি অৱস্থাভেদে সংঘাত হোৱা বিচ্ছুৰিত পোহৰ ৰশ্মিৰ কম্পনাংক সামান্য পৰিমাণে বাঢ়ে বা কমে। ইয়াৰ ফলতেই মূলতঃ পোহৰৰ বিকিৰণ ঘটে। আচলতে তৰল পদাৰ্থৰ অণুবিলাকৰ কম্পন আৰু ঘূৰ্ণন শক্তিয়ে কৰা আন্তঃক্ৰিয়াত ফ’টনবোৰৰ শক্তি সামান্য সাল-সলনি হয় বাবে বিচ্ছুৰণ হয়।

মে’প্লাংকুৰ কোৱাণ্টাম তত্ত্ব অনুসৰি ফ’টনৰ শক্তি সলনি হ’লে পোহৰৰ বৰণো সলনি হয়। উদাহৰণস্বৰূপে, হালধীয়া পোহৰত থকা ফ’টন কণিকাতকৈ সেউজীয়া পোহৰত থকা ফ’টন কণিকাৰ শক্তি বেছি। মূলতঃ আপতিত ৰশ্মিৰ ৰং আৰু বিচ্ছুৰিত ৰশ্মিৰ ৰং একে নহয়। বিজ্ঞানী ৰমন আৰু তেওঁৰ গৱেষক দলটোৱে দেখা পাইছিল যে আপতিত ৰশ্মি সেউজীয়া ৰঙৰ বিপৰীতে বিচ্ছুৰিত ৰশ্মি ৰঙা বা নীলা হয়। এনে দ্বিমুখী পৰিঘটনাই হ’ল ‘ৰমন প্ৰক্ৰিয়া’।

বিংশ শতিকাৰ শ্ৰেষ্ঠতম বিজ্ঞানী তথা যোৱা সহস্ৰাব্দৰ শ্ৰেষ্ঠ বুদ্ধিজীৱী এলবাৰ্ট আইনষ্টাইনে ৰমনৰ আৱিষ্কাৰক বিখ্যাত আৱিষ্কাৰ বুলি অভিহিত কৰি কৈছিল: ‘চন্দ্ৰশেখৰ ভেংকট ৰমনে পোন প্ৰথমবাৰৰ বাবে দেখুৱালে যে পদাৰ্থৰ ভিতৰত পোহৰকণা ফ’টন আংশিকভাৱে ৰূপান্তৰিত হ’ব পাৰে। জাৰ্মানীৰ পৰা পদাৰ্থবিজ্ঞানী পিংচেইমে ৰমনৰ এই আৱিষ্কাৰক পোন প্ৰথমে ‘ৰমন প্ৰক্ৰিয়া’ বুলি আখ্যা দিছিল।

চি ডি ৰমন -

ঊনৈশশ শতিকাৰ শেষভাগত অৰ্থাৎ খ্ৰীঃ ১৮৮৮ চনৰ ৭ নৱেম্বৰত মাদ্ৰাজৰ ত্ৰিচিনপল্লী চহৰৰ বাসিন্দা, স্কুলৰ শিক্ষক ৰামনাথ চন্দ্ৰশেখৰৰ ঔৰসত ভেংকট ৰমনৰ জন্ম হয়। স্কুলীয়া অৱস্থাৰ পৰাই ভেংকট ৰামনে গণিত আৰু বিজ্ঞান বিষয়ত বিৰল প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। মাত্ৰ ১৪ বছৰ বয়সতে স্নাতক মহলা পোৱা ৰামনে মাদ্ৰাজৰ বিখ্যাত প্ৰেছিডেন্সী কলেজৰ পৰা ১৯০৪ চনত প্ৰথম শ্ৰেণীৰ স্নাতক উপাধি লৈ পাৰদৰ্শিতা দেখুওৱা বিষয় পদাৰ্থ বিজ্ঞানত এম এ পঢ়িবলৈ লয়। এম এ পঢ়ি থকা অৱস্থাতে পোহৰ বিজ্ঞান সম্পৰ্কে এটা নিবন্ধ লিখি ইংলেণ্ডৰ প্ৰসিদ্ধ বিজ্ঞান আলোচলী ‘ফিলছ’ফিকেল মেগাজিনলৈ পঠিয়াই দিয়ে আৰু ১৯০৬ চনত এই নিবন্ধটো আলোচনীখনত প্ৰকাশ পায়। ১৮ বছৰীয়া ভেংকট ৰমনৰ এয়া প্ৰথম পদক্ষেপ য’ত তেওঁৰ বৈজ্ঞানিক জীৱনৰ দুবাৰ মুকলি হয়। লেখা আৰু পঢ়া দুয়োটা কৰ্ম বুকুত সাবটি ১৯০৭ চনত তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ বাবে তেওঁ সোণৰ পদক লাভ কৰে।

ইয়াৰ পাছত গৱেষণাৰ বাবে তেওঁ বিলাতকৈ যোৱাৰ সিদ্ধান্ত ল’লে যদিও তেওঁৰ কুমলীয়া স্বাস্থ্যই হেঙাৰ হ’ল। সেয়েহে তেওঁ নিৰুপায়ত পৰি ইণ্ডিয়ান ফাইনেন্স ডিপাৰ্টমেন্টৰ এটা সৰ্বভাৰতীয় পৰীক্ষা দি ১৯০৭ চনৰ জুন মাহত ডেপুটী একাউন্টেণ্ট জেলেৰেল হিচাপে কলিকতাত চাকৰি জীৱনৰ পাতনি মেলে। চৰকাৰী চাকৰি কৰি থাকিও কলিকতাৰ ‘দ্য ইণ্ডিয়ান এছোচিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অৱ ছায়েন্স’ৰ পৰীক্ষাগাৰত তেওঁ কেইবাটাও নতুন তথা আৱিষ্কাৰ কৰিছিল। ১৯১৭ চনত আশুতোষ মুখাৰ্জীয়ে প্ৰতিষ্ঠা কৰা ‘ইউনিভাৰ্ছিটী কলেজ অৱ ছায়েন্স’ নামৰ উচ্চ শিক্ষানুষ্ঠানটোত ‘পালিত প্ৰফেছৰ’ পদত অধিষ্ঠিত হ’ল ভেংকট ৰমন। এইবাৰ অধ্যাপনা আৰু গৱেষণা দুয়োটা ধাৰাতে একাণপতীয়াকৈ লাগি ইণ্ডিয়ান এছোচিয়েশ্যন পৰীক্ষাগাৰত পোহৰ আৰু শব্দধ্বনিৰ বিষয়ে গৱেষণা চলাই গ’ল। এছোচিয়েশ্যনৰ পৰিচালকমণ্ডলীয়ে ১৯১৯ চনত ৰমনক অনুষ্ঠানটিৰ সম্পাদন হিচাপে দায়িত্ব অৰ্পণ কৰে। ১৪ বছৰ কাল তেওঁ কলিকতাত থকা অৱস্থাত এছোচিয়েশ্যনৰ অবৈতনিক সম্পাদক আছিল।

১৯২১ চনত লণ্ডনত ব্ৰিটিছ সাম্ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ এখন অধিৱেশন অনুষ্ঠিত হয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰূপে পালিত প্ৰফেছৰ ৰমন প্ৰমথবাৰৰ বাবে ইউৰোপলৈ উৰা মাৰে ইংলেণ্ড প্ৰ্তিতযশা বিজ্ঞানী জে জে থমছন, লৰ্ড ৰাদাৰফৰ্ড, ব্লেগ আদিৰ সান্নিধ্য পাবলৈ। অধিৱেশনত সেইসকল বিজ্ঞানীৰ সান্নিধ্যলৈ আহি তেওঁ যে এক নতুন প্ৰেৰণা পালে, তাৰ প্ৰমাণ তেওঁৰ অতি সূক্ষ্ম দৃষ্টিভংগী।

ইউৰোপ ভ্ৰমনত তেওঁৰ গৱেষক জীৱনৰ দুটা অতি গুৰুত্বপূৰ্ণ ঘটনা ঘটে। প্ৰথমটো, ছেইন্টপল কেথাড্ৰেলৰ গেলেৰীত সৃষ্টি হোৱা শাব্দিক তৰংগ শুনি, আৰু দ্বিতীয়টো উৰাজাহাজেৰে উভতি আহোতে ভূমধ্য সাগৰৰ পানী নীলা দেখি। তেওঁৰ মনত ভূধ্য সাগৰৰ নীলাত ৰঙে এক কৌতুহলৰ সৃষ্টি কৰিলে। আহিয়েই ‘ইণ্ডিয়ান এছোচিয়েশ্যন’ৰ পৰীক্ষাগাৰত আৰম্ভ কৰিলে জুলীয়া পদাৰ্থৰ দ্বাৰা পোহৰৰ বিচ্ছুৰণ সম্পৰ্কীয় গৱেষণা। মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতেই তেওঁ পানীৰ পৰা হোৱা পোহৰৰ আণৱিক বিচ্ছুৰণৰ তীব্ৰতা জুখি উলিয়াবলৈ সক্ষম হৈছিল। ইয়াৰ লগে লগে তেওঁৰ বহুতো ছাত্ৰই জুলীয়া আৰু বাষ্পীয় অৱস্থাত সংঘটিত আণৱিক বিচ্ছুৰণৰ ওপৰত অবিৰত গৱেষণা আৰম্ভ কৰিলে। ১৯২২ চনত ৰামনে পোহৰৰ আণৱিক অপৰৱৰ্তন সম্বন্ধীয় ধাৰণা ব্যক্ত কৰে। ইয়াতেই তেওঁক তেওঁৰ গৱেষক ছাত্ৰ কেইজনমানে কেইবাটাও মৌলিক প্ৰশ্নৰ আৱতাৰণা কৰে, যিয়ে পোহৰৰ বিচ্ছুৰণৰ বিষয়ে কৰা গৱেষণাৰ নতুন দিগন্ত মুকলি কৰিলে।

সুদীৰ্ঘ গৱেষণাৰ ছয় বছৰ পাছত অৰ্থাৎ ১৯২৭ চনত ৰামনে পৰীক্ষণীয়ভাৱে যুক্তি আগ বঢ়ালে যে ‘দৃশ্যমান পোহৰৰকণা ফ’টন পদাৰ্থ মাধ্যমৰ মাজেদি গ’লে মাধ্যমৰ অণুবোৰৰ সৈতে সেই কণাবোৰৰ সংঘাত হয়। আনহাতে পদাৰ্থ মাধ্যমৰ অণুবোৰ সকলো অৱস্থাতে নানান ধৰণে কঁপি থাকে। ইপিনে পদাৰ্থ মাধ্যমাৰ অণুবোৰ ভিন ভিন শক্তিৰ স্তৰত থাকে আৰু অণুবোৰৰ শক্তি অৱস্থাভেদে বিচ্ছুৰিত ৰশ্মিৰ কম্পনাংক বাঢ়ে বা কম’। এয়া এক দ্বিমুখী পৰিঘটনা আৰু এনে দ্বিমুখী পৰিৱৰ্তনেই হ’ল ৰমনে আৱিষ্কাৰ কৰা নতুন পৰিঘটনা।

১৯২৮ চনত লণ্ডনৰ পৰা প্ৰকাশ হোৱা আন্তজাৰ্তিক বিজ্ঞান আলোচনী ‘নেচাৰ’ত ৰমনৰ এই আৱিষ্কাৰৰ কথা নিবন্ধ আকাৰে প্ৰকাশ পায়। লগে লগে বিজ্ঞানজগতত এক অভূতপূৰ্ব আলোড়নাৰ সৃষ্টি হয়। ইউৰোপ আৰু আমেৰিকাৰ তদানীন্তন পদাৰ্থবিদসকলে ৰমনৰ এই নতুন আৱিষ্কাৰৰ গুৰুত্ব ততালিকে উপলব্ধি কৰিলে। তেওঁলোকেই ৰমনৰ আৱিষ্কাৰক ‘ৰমন প্ৰভাৱ’ বুলি স্বীকৃতি দিলে। এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত তেওঁ ছুইছ একাডেমীৰ পৰা ন’বেল বঁটা লাভ কৰিছিল। একে বৰ্ষতে লণ্ডনৰ ৰয়েল ছ’চাইটীয়ে ৰমনক বিখ্যাত ‘হিউজেছ মেডেল’ প্ৰদান কৰে।

এদল ভাৰতীয় বিজ্ঞানীৰ জন্মদাতা চন্দ্ৰশেখৰ ভেংকট ৰমনে ১৯৩৩ চনলৈকে মাত্ৰ ১৬টা বছৰতে তেওঁৰ সহযোগী গৱেষক ছাত্ৰসকলৰ লগত মুঠতে ১২৪ খন মৌলিক গৱেষণা পত্ৰ প্ৰকাশ কৰে। ১৯৩০ চনত তেতিয়াৰ বাংগালোৰত বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ উচ্চমানবিশিষ্ট অনুষ্ঠান ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স’ স্থাপন হোৱাত তাৰ সঞ্চালক আৰু পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপকৰূপে যোগদান তথা অনুষ্ঠানটিৰ নেতৃত্ব বহন কৰে আৰু ১৯৩৩ চনৰ পৰা ১৯৪৮ চনলৈকে ১৫ বছৰ তেওঁক লগতে তেওঁৰ সহযোগী আৰু গৱেষক ছাত্ৰসকলৰ লগত মুঠতে ৪৯১ খন গৱেষণাপত্ৰ ‘ইণ্ডিয়ান জাৰ্নাল অৱ ফিজী’ত প্ৰকাশ কৰে।

১৯৪৮ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা অৱসৰ লৈ নিজাববীয়াকৈ গাঠিৰ ধন ভাঙি বাংগালোৰতে প্ৰতিষ্ঠা কৰিলে ‘ৰমেন ৰিচাৰ্ছ ইনষ্টিটিউট’। মৌলিক গৱেষণা চলাই যাব পৰাকৈ তেওঁ অনুষ্ঠানটি প্ৰয়োজনীয় যন্ত্ৰ-পাতিৰে সুসজ্জিত কৰি ১৯৪৯ চনৰ পৰা জীৱনৰ শেষ দিনলৈকে অৰ্থাৎ ১৯৭০ চনলৈকে নিজৰ ইচ্ছানুসৰি স্বাধীনভাৱে গৱেষণা চলাই গ’ল। ১৯৫৯ চনত তেওঁৰ ‘দৃষ্টিৰ শৰীৰ বিজ্ঞান’ নামৰ শাখাত গৱেষনাৰ নতুন ধাৰা এটা আৰম্ভ কৰি জীৱনৰ বিয়লি পৰত ১৯৭০ চনলৈকে মুঠ ১১ বছৰৰ ভিতৰত ৮৫ খন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰিছিল। তদুপৰি ‘পোহৰ আৰু শব্দ বিজ্ঞান’ৰ বিষয়ে ছাৰ চি ভি ৰমনৰ কেইবাখনো পুথি প্ৰকাশিত হৈছিল। তাৰ ভিতৰত ‘পোহৰৰ আণৱিক অপৱৰ্তন’ নামৰ কিতাপখন বিশ্ববিখ্যাত।

‘ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ’ৰ আজীৱন সদস্য, নিজেই এক অনুষ্ঠানসদৃশ ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমন ১৯৭০ চনৰ পৰা ২০ নৱেম্বৰৰ দিনাখন চিৰদিনৰ বাবে শুই পৰিল নিজে সজা গৱেষণাগাৰ ৰমন ৰিছাৰ্চ ইনষ্টিটিউটত।

লেখক: ডঃ মহানন্দ পাঠক(অসম বাণী)

 

2.92
বাবুল দাস Aug 02, 2018 01:22 PM

চি ডি ৰমন --নহয়,চি ভি ৰমন হৱ ।।সুন্দৰ ধন্যবাদ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top