মূল পৃষ্ঠা / শিক্ষা / শিকাৰ আনন্দ / অণুৰ আকাৰৰ যন্ত্ৰলৈ ৰসায়নবিজ্ঞানৰ ন’বেল বটা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অণুৰ আকাৰৰ যন্ত্ৰলৈ ৰসায়নবিজ্ঞানৰ ন’বেল বটা

অতীতত ভাৰতীয় দাৰ্শনিক কণাদ আৰু গ্ৰীক দাৰ্শনিক ডেম’ক্ৰিটাছে প্ৰথমবাৰৰ বাবে পদাৰ্থৰ ক্ষুদ্ৰতম কণা পৰমাণুৰ ধাৰণা কৰিছিল

 

 

অতীতত ভাৰতীয় দাৰ্শনিক কণাদ আৰু গ্ৰীক দাৰ্শনিক ডেম’ক্ৰিটাছে প্ৰথমবাৰৰ বাবে পদাৰ্থৰ ক্ষুদ্ৰতম কণা পৰমাণুৰ ধাৰণা কৰিছিল।তাৰ পাছৰ যুগত জন ডেল্টন,এভ’গেড্ৰ’ প্ৰমুখ্যে ইউৰোপীয় ৰসায়নবিজ্ঞানীসকলে অণু-পৰমাণুৰ আধুনিক ধাৰণাৰ জন্ম দিছিল।বৰ্তমান সময়ত বিজ্ঞানীসকলে পদাৰ্থৰ  গঠন-ৰহস্য ভেদ কৰাৰ উপৰিও নতুন নতুন পদাৰ্থৰ সৃষ্টি কৰি সেইবোৰ প্ৰয়োগৰ জৰিয়তে মানৱ জাতিৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধনত তেওঁলোক ব্ৰতী হৈ আছে।কিন্তু তেওঁলোক তাতেই ক্ষান্ত নাথাকি পদাৰ্থৰ অণুৰ স্তৰৰ সুক্ষ্ম জগতখনৰ ভিতৰলৈও প্ৰৱেশ কৰিছে।তেওঁলোকে অত্যাধুনিক অণুবীক্ষণ আৰু অন্যান্য যন্ত্ৰপাতিৰ সহায়ত গাইগুটীয়া অণুবোৰ ইফাল-সিফাল কৰি কিছুমান নিৰ্দিষ্ট আকৃতিত গঢ় দিবলৈ প্ৰয়াস কৰিছে।সেই বিশেষ আকৃতিৰ গঠন বা যন্ত্ৰবোৰ যাতে মানৱ জাতিৰ কামত আহে,তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে।ধৰক,অণুৰ আকাৰৰ এটা যন্ত্ৰই আপোনাৰ দেহৰ ধমনীৰ মাজেদি সোমাই গৈ শৰীৰৰ যি অংশ প্ৰকৃততে ৰোগাক্ৰান্ত হৈছে,তাত ঔষধটো প্ৰয়োগ কৰিব পাৰিব।তেনেদৰেই অণুস্তৰীয় আকাৰৰ ছেন্সৰ,কম্পিউটাৰ চিপ আদিয়েও আমাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পাৰিব।কেইদশকমানৰ আগলৈকে এনেবোৰ যন্ত্ৰ কল্পবিজ্ঞান কাহিনীৰ বিষয়বস্তু আছিল,কিন্তু সেইবোৰ আজি  বাস্তৱত পৰিণত হৈছে।উল্লেখযোগ্য যে প্ৰকৃতিত বেক্টেৰিয়া প্ৰমুখ্যে কিছুমান ক্ষুদ্ৰ জীৱই আণৱিক যতন ব্যৱহাৰ কৰে,আণৱিক যন্ত্ৰসদৃশ ব্যৱস্থাৰেই কোষৰ চৌপাশে পদাৰ্থৰ পৰিবহন ঘটে,প্ৰ’টিন গঠিত হয়,আৰু কোষৰ বিভাজন ঘটে।

অণুৰ স্তৰৰ আকাৰবিশিষ্ট যন্ত্ৰ নিৰ্মাণলৈ সৰ্বোত্তম অৱদান আগ বঢ়োৱাৰ বাবে এইবাৰৰ তিনিজন বিজ্ঞানীলৈ ৰসায়নবিজ্ঞানৰ ন’বেল বঁটা আগ বঢ়োৱা হৈছে।তেওঁলোক হ’ল:জাঁ-পিয়েৰ ছ’ভেজ (Jean-Pierre Sauvage),ফ্ৰান্সৰ ষ্ট্ৰাছব’ৰ্গ বিশ্ববিদ্যালয় ,(বয়স ৭১ বছৰ);ছাৰ ফ্ৰেজাৰ ষ্ট’ডাৰ্ট (Sir J.Fraser Stoddart),আমেৰিকাৰ ইভানষ্ট’নৰ নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয় ,(বয়স ৭৪ বছৰ);বেৰনাৰ্ড ফেৰিংগা (Bernard L. Feringa),নেদাৰলেণ্ডৰ গ্ৰনিংগেন বিশ্ববিদ্যালয় ,(বয়স ৬৪ বছৰ )।তেওঁলোকলৈ ‘আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতি আৰু নিৰ্মাণৰ (for the design and synthesis of molecular machines)বাবে ন’বেল বঁটা আগ বঢ়োৱা হৈছে।তেওঁলোকে বিশ্বৰ ক্ষুদ্ৰতম যন্ত্ৰ নিৰ্মাণ কৰাত সাফল্য লাভ কৰিলে।সেই যন্ত্ৰত শক্তিৰ যোগান ধৰিলে নিয়ন্ত্ৰিতভাৱে কাম কৰিব পাৰিব।এই যন্ত্ৰবোৰ চুলি এডালৰ ১০০০ ভাগৰ এভাগতকৈও সৰু।তেওঁলোকে অতিক্ষুদ্ৰ অৱয়ৱৰ যন্ত্ৰৰ মাধ্যমেৰে ৰসায়নবিজ্ঞানক এটা অভিনৱ মাত্ৰা প্ৰদান কৰিলে।

ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটাৰ প্ৰাপক বিজ্ঞানী তিনিজনৰ প্ৰত্যেকেই নিজাববীয়াকৈ সহযোগী গৱেষকসকলৰ সৈতে আণৱিক যন্ত্ৰৰ নিৰ্মাণ প্ৰক্ৰিয়াত অগ্ৰসৰ হৈছিল।তিনিওজনৰ কামৰ সাফল্য পৰস্পৰ পৰিপুৰক আছিল।আণৱিক যন্ত্ৰ নিৰ্মাণৰ প্ৰথমটো পদক্ষেপ পেলাইছিল জাঁ-পিয়েৰ ছ’ভেজে ১৯৮৩ চনত।তেওঁ দুটা আঙঠিৰ আকৃতিৰ জৈৱ অণু লগ লগাই এডাল শৃংখল বা শিকলি তৈয়াৰ কৰাত সাফল্য হৈছিল।ইয়াক ‘কেটিনেন’(catenane)বোলা হয়।সচৰাচৰ,জৈৱ অণুবোৰত পৰমাণুবোৰ একোডাল শক্তিশালী সহযোজী বান্ধনিৰদ্বাৰা বান্ধ খাই থাকে।এনে বান্ধনিবোৰৰ গঠনত লিপ্ত হোৱা পৰমাণু দুটাৰ ইলেকট্ৰনৰ বিনিময় ঘটি বান্ধনিডাল।সৃষ্টি হয়।কিন্তু ,অণুৰ সংযোজন ঘটি গঠন হোৱা শৃংখলবোৰত অধিক মুক্ত যান্ত্ৰিক বান্ধনিৰ সৃষ্টি হয়।যন্ত্ৰ এটাই কাম কৰিবৰ বাবে ইয়াৰ অংশবোৰে মুক্তভাৱে ইফাল-সিফাল কৰিব পৰা হ’ব লাগে।এই ক্ষেত্ৰতো শৃংখল গঠন  কৰা অণুবোৰৰ মাজৰ বান্ধনিবোৰ শিথিল হোৱাৰ বাবে যন্ত্ৰাংশৰুপে ব্যৱহাৰ কৰাৰ উপযোগী হয়।

১৯৫০ চনৰ ১৯৬০ চনৰ দশকতেই বিভিন্ন গৱেষণাগাৰত বিজ্ঞানীসকলে জৈৱ অণুৰ আঙঠি সংযুক্ত কৰাৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল।কিন্তু এই ক্ষেত্ৰত ১৯৮০ চনৰ দশকৰ আৰম্ভণিতে ছ’ভেজৰ নেতৃত্বত ফৰাছী ৰসায়নবিজ্ঞানীসকলে সফলতা লাভ কৰিলে।ছ’ভেজে তেওঁৰ পৰীক্ষাটোত প্ৰথমে এটা জৈৱ অণুৰ আঙঠিৰ ভিতৰত এটা কপাৰ আয়ন প্ৰৱিষ্ট কৰাইছিল।দ্বিতীয়তে,কপাৰ আয়নটোৱে আন এটা জৈৱ অণু আৰ্কষণ কৰি লৈছিল।তৃতীয় পৰ্যায়ত জৈৱ অণু দুটাৰ আঙঠি দুটা পৰস্পৰ সংযুক্ত হৈ পৰিছিল আৰু কপাৰ আয়নটো মুক্ত হৈ আন জৈৱ অণুৰ আঙঠি সংযুক্ত কৰিবলৈ সাজু হৈছিল।

১৯৯১ চনত ছাৰ ফ্ৰেজাৰ ষ্ট’ডাৰ্টে আণৱিক যন্ত্ৰৰ দ্বিতীয় পৰ্যায়ৰ কামটো সংযোগ কৰিলে।তেওঁ ‘ৰ’টাক্সেন’(rotaxane)নামৰ ঘুৰ্ণায়মান অণু-শৃংখল অংশৰ সৃষ্টি কৰিলে।তেওঁ এটা অণুৰ এডাল পাতল ধুৰাৰ (molecular axel)দৰে অংশ সংযোগ কৰিলে।তেওঁ দেখুৱালে যে আঙঠিটোৱে ধুৰাডালৰ চৌপাশে এটা চকাৰ দৰে ঘুৰিব পাৰে।তেওঁ ৰ’টাক্সেনৰ ওপৰত ভিত্তি কৰি তিনিটা আণৱিক আকাৰৰ যতন নিৰ্মাণ কৰিলে:এটা আণৱিক লিফট (mo-lecular lift),এটা আণৱিক পেশী(mo-lecular muscle)আৰু এটা অণুভিত্তিক কম্পিউটাৰ চিপ (molecule-based computer chip)।

বেৰনাৰ্ড ফেৰিংগা আছিল আণৱিক মটৰ নিৰ্মাণ কৰা প্ৰথম বিজ্ঞানী।তেওঁ ১৯৯৯ চনত এটা আণৱিক ৰ’টৰ ব্লে’ড বা পাত (rotor blade)বা ঘুৰ্ণায়মান অংশ নিৰ্মাণ কৰাত সফল হৈছিল।এই ব্লে’ডখনে নিৰ্দিষ্ট দিশত অবিৰাম গতিত ঘুৰিব পাৰে।তেওঁ আণৱিক মটৰৰ সহায়ত মটৰটোতকৈ প্ৰায় ১০০০ গুণ বেছি ডাঙৰ কাচৰ চুঙা এটা ঘুৰাবলৈ সমৰ্থ হৈছিল ।তাৰ পাছতে ২০১১ চনত তেওঁ আণৱিক প্ৰযুক্তি প্ৰয়োগ কৰি এখন  নেন’গাড়ী (nanocar)তৈয়াৰ কৰিছিল।

সুক্ষ্মাকৃতিৰ বা আণৱিক আকাৰৰ বস্তু নিৰ্মাণৰ সম্ভাৱনা সম্পৰ্কে প্ৰথম ধাৰণা আগবঢ়াইছিল ন’বেল বঁটাৰ প্ৰাপক অন্যতম বিশিষ্ট পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফিলিপ ফাইনমেনে (Richard P.Feynman,১৯১৮-১৯৮৮)।তেওঁ ১৯৫৯ চনত ‘আমেৰিকান ফিজিকেল ছ’ছাইটি’ৰ এখন সভাত ‘কোৱাণ্টাম প্ৰভাৱ’প্ৰয়োগ কৰি ক্ষুদ্ৰ আকাৰৰ বস্তু গঢ়াৰ এটা নতুন প্ৰযুক্তিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছিল।তেওঁৰ ধাৰণাৰ ভিত্তিতেই সম্প্ৰতি নেন’প্ৰযুক্তিয়ে বিকাশ লাভ কৰিছে।ফাইনমেনে জীৱনৰ শেহৰফালে ১৯৮৪ চনত আন এটা গুৰুত্বপুৰ্ণ বক্তৃতা দিওঁতে আণৱিক স্তৰৰ যন্ত্ৰ নিৰ্মাণৰ সম্ভাৱনা সম্পৰ্কে কৈছিল,আৰু অহা ২৫-৩০ বছৰৰ ভিতৰতে তেনে যন্ত্ৰৰ নিৰ্মাণ সম্ভৱ হৈ উঠিব বুলি ভৱিষ্যৎবাণী কৰিছিল।সম্প্ৰতি ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী বিজ্ঞানী তিনিজনে ফাইনমেনৰ সপোন বাস্তৱত পৰিণত কৰিলে।কিন্তু এই প্ৰযুক্তি এতিয়া নিচেই চালুকীয়া অৱস্থাতে আছে।ছুইডেনৰ ৰয়েল একাডেমি অৱ ছায়েন্সেছে ক’বৰ দৰে ,বিকাশৰ ক্ষেত্ৰত ১৮৩০ চনৰ দশকত বৈদ্যুতিক মটৰ যেনে চালুকীয়া ৰুপত আছিল,আৰু মানুহে তেতিয়া কল্পনাই কৰিব পৰা নাছিল যে এসময়ত ইয়াৰ সহায়ত বৈদ্যুতিক ৰেল’গাড়ী ,ফেন,ৱাশ্বিং মেছিন আদি চলাব পৰা যাব,এতিয়াও আণৱিক যন্ত্ৰবোৰ তেনে অৱস্থাতে আছে।অধ্যাপক বেৰনাৰ্ড ফেৰিংগাই আণৱিক মটৰৰ প্ৰস্ংগত এইবুলি মন্তব্য কৰিছে –‘মই ১০০ বছৰৰ আগতে প্ৰথমবাৰৰ বাবে আকাশীযানেৰে উৰা মৰা ৰাইট ভ্ৰাতৃদ্বয়ৰ দৰে অনুভৱ কৰিছোঁ;তেতিয়া মানুহে কৈছিল,আমাকনো উৰণ-যন্ত্ৰ এটা কিয় লাগে,আৰু এতিয়া আমি ব’য়িং ৭৪৭ আৰু এয়াৰ বাছত উঠি ফুৰিছোঁ।

বিজ্ঞান-প্ৰযুক্তিৰ নতুন খবৰ

 

শিশুৱে মাকৰপৰা বুদ্ধিমত্তা লাভ কৰে

শিশুৱে মাকৰপৰাই বুদ্ধিমত্তা বা মেধা লাভ কৰে।এটা নতুন অধ্যয়নৰপৰা এই কথা জানিব পৰা গৈছে যে শিশু এটা কিমান বুদ্ধিমান হ’ব সেয়া মাতৃৰ জিনেহে নিৰ্ধাৰণ কৰে,পিতৃৰ জিনৰ ওপৰত ই নিৰ্ভৰ নকৰে।বুদ্ধিমত্তাৰ জিন x ক্ৰ’ম’ছ’মত থাকে আৰু স্ত্ৰীৰ দেহত দুটা xক্ৰ’ম’ছ’মত থাকে (পুৰুষৰ দেহত এটা x ক্ৰ’ম’ছ’ম থাকে),সেয়ে মাকৰ পৰা বুদ্ধিমত্তাৰ জিন শিশুলৈ যোৱাৰ সম্ভাৱনা অধিক বুলি আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।‘অনুকুলিত জিন’(“conditioned genes”) বোলা এক প্ৰকাৰৰ জিন আছে।এই জিন কিছুমান ক্ষেত্ৰত মাকৰপৰা শিশুলৈ আহিলে কৰ্মক্ষম হয়,আনহাতে কোনো কোনো ক্ষেত্ৰত বাপেকৰ পৰা আহিলে সক্ৰিয় হয়।গৱেষকসকলৰ মতে,মাতৃৰ পৰা অহা অনুকুলিত জিনবোৰেহে শিশুক বুদ্ধিমান কৰি তোলে।গৱেষণাগাৰত জিন-ৰুপান্ৰিত (ge-netically modified)এন্দুৰৰ ওপৰত অধ্যয়ন চলাই জনা গৈছে যে অতিমাত্ৰা মাতৃ জিন প্ৰয়োগ কৰা এন্দুৰবোৰৰ মুৰ আৰু মগজু ডাঙৰ হয় আৰু গাবোৰ সৰু হয়।অন্যহাতে পিতৃ জিন প্ৰয়োগ কৰা এন্দুৰবোৰৰ মুৰ আৰু মগজু সৰু হয় আৰু গাবোৰ ডাঙৰ হয়।

বয়োবৃদ্ধি লেহেমীয়া কৰা যৌগ আৱিষ্কাৰ

মানুহে যুগ যুগ ধৰি বয়োবৃদ্ধি লেহেমীয়া কৰি বেছি জীয়াই থাকিবলৈ প্ৰচেষ্টা চলাই আহিছে।আজিৰ বিজ্ঞানীসকলৰ সেই প্ৰচেষ্টাৰ ফল স্বৰুপেই অলপতে বুঢ়া হোৱা প্ৰক্ৰিয়াটো মন্থৰ কৰা আৰু লগতে আলঝেইমাৰ আৰু পাৰ্কিনছন ৰোগক বাধা দিয়াৰ লগত জড়িত এবিধ যৌগ চিনাক্ত কৰিবলৈ সমৰ্থ হৈছে।আগতে কৰা গৱেষণাৰদ্বাৰা দেখা গৈছে যে বয়োবৃদ্ধিত বাধা দিবলৈ হ’লে জীৱৰ জিন আৰু ডিএনএ কম-বেছি পৰিমাণে সঠিক অৱস্থাত থাকিব লাগিব,আৰু কোষৰ মাইট’কণ্ড্ৰিয়া (mito-chondria)সক্ৰিয় হৈ থাকিব লাগিব।ক’পেনহেগেন বিশ্ববিদ্যালয় আৰু আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অৱ হেলথৰ গৱেষকসকলে দেখুৱাই যে NAD+ নামৰ সহ-এনজাইমবিধে বয়োবৃদ্ধিৰ ঘাই প্ৰক্ৰিয়া দুটাৰ মাজত সেতুবন্ধনৰ কাম কৰে।সেই প্ৰক্ৰিয়া দুটা হ’ল:ডিএনএৰ মেৰামতি আৰু মাইট’কণ্ড্ৰিয়াৰ কাম কাজ হ্ৰাস হোৱা।মাইট’কণ্ড্ৰিয়াক আমাৰ কোষবোৰৰ ‘শক্তি কেন্দ্ৰ ‘বোলা হয়।এই নতুন অধ্যয়নৰ পৰা দেখা গৈছে যে বয়স বঢ়াৰ লগে লগে NAD+ৰ মাত্ৰা কমি যায়,আৰু এই হ্ৰাসৰ পৰিমাণ আগতীয়াকৈ বয়োবৃদ্ধি হোৱা আৰু ডিএনএৰ মেৰামতিৰ অভাৱগ্ৰস্ত প্ৰাণীৰ ক্ষেত্ৰত বেছি হয়।গৱেষকসকলে পৰীক্ষাত ব্যৱহাৰ কৰা এবিধ গোলকৃমি (ৰাউণ্ডৱৰ্ম)আৰু এন্দুৰৰ দেহত NAD+প্ৰয়োগ কৰি উভয়ৰ ক্ষেত্ৰতে কোষবোৰৰ বয়োবৃদ্ধি কমা আৰু জীৱনকাল বৃদ্ধি হোৱা লক্ষ্য কৰিছে।তেওঁলোকে ব্যৱহাৰ কৰা এন্দুৰ আৰু গোলকৃমিবোৰ এটেক্সিয়া টেলাংজিয়েক্টেছিয়া (Ataxia telangiectasia ;A-T)ৰোগত ভুগি আছিল।এই ৰোগত প্ৰাণীৰ মগজুত থকা সুসমন্বয় স্থাপন কৰা অংশৰ সক্ৰিয়তা কমি যায়,আৰু ডিএনএৰ মেৰামতিও নঘটা হয়,আৰু প্ৰাণীটোৰ দেহত আগতীয়া বয়োবৃদ্ধিৰ লক্ষণে দেখা দিয়ে।বিজ্ঞানীসকলৰ এই গৱেষণাৰ প্ৰতিবেদন ‘ছেল মেটাব’লিজম’ আলোচনীত প্ৰকাশ পাইছে।

বায়ু প্ৰদুষণ ডায়েবেটিছ ৰোগৰ কাৰণ হ’ব পাৰে

 

বৰ্তমান বায়ু প্ৰদুষণ এটা সৰ্বব্যাপ্ত পাৰিৱেশিক সমস্যা।বিষাক্ত বায়ুৱে যে আমাৰ শ্বাসতন্ত্ৰ আৰু হৃদযন্ত্ৰৰ ক্ষতি সাধন কৰিব পাৰে,সেই বিষয়েও চিকিৎসাবিজ্ঞানীসকল সম্প্ৰতি নিশ্চিত হৈছে।বৰ্তমান এটা নতুন অধ্যয়নৰপৰা জানিব পৰা গৈছে যে বায়ু প্ৰদুষণে মানুহৰ বহুমুত্ৰ বা ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰিব পাৰে।জনবসতিপুৰ্ণ অঞ্চলৰ বায়ু প্ৰদুষিত হ’লে তাৰ বাসিন্দাসকলৰ ইনছুলিন –প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয়।ই হ’ল টাইপ ২ ডায়েবেটিছৰ প্ৰাথমিক লক্ষণ।অলপতে,’জাৰ্মান ছেণ্টাৰ ফৰ ডায়েবেটিছ ৰিছাৰ্চ’ৰ গৱেষকসকলৰ সহযোগত ‘হেল্মহল্টজ জেণ্ট্ৰাম মানকেন’ৰ বিজ্ঞানীসকলে এই সম্পৰ্কে কৰা অধ্যয়নৰ এখন প্ৰতিবেদন ‘ডায়েবেটিছ’(৮ আগষ্ট ,২০১৬)নামৰ আলোচনীত প্ৰকাশ পাইছে।গৱেষকসকলে জাৰ্মেনিৰ আগছবাৰ্গ চহৰ আৰু ইয়াৰ কাষৰীয়া দুটা গ্ৰাম্য অঞ্চলৰ ৩০০০ বাসিন্দাৰ ওপৰত প্ৰদুষিত বায়ুৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰি তেওঁলোকৰ ইনছুলিন-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ তথ্য সংগ্ৰহ কৰিছে।এই অধ্যয়নত মানুহৰ তেজৰ নমুনা বিশেষভাৱে বিশ্লেষণ কৰা হৈছে।সেইকাৰণে তেওঁলোকে জাৰ্মেনিত বায়ু প্ৰদুষণৰ গ্ৰহণযোগ্য মাত্ৰা হ্ৰাস কৰাৰ বাবে পৰামৰ্শ দিছে।বৰ্তমানৰ বায়ু প্ৰদুষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰস্তাৱিত মাত্ৰাতকৈ অধিক হৈ আছে।

বিশ্বব্ৰহ্মাণ্ডত আগতে ভবাতকৈ ২০ গুণ বেছি তাৰকাৰাজ্য আছে

 

বিজ্ঞানীসকলে শেহতীয়া অধ্যয়নৰপৰা জানিব পাৰিছে যে বিশ্বব্ৰহ্মাণ্ডত দুই ট্ৰিলিয়ন তাৰকাৰাজ্য আছে (এক ট্ৰিলিয়ন =১০ ১৮)।অৰ্থাৎ তেওঁলোকে আগতে ভবাতকৈও প্ৰায় ২০ গুণ অধিক তাৰকাৰাজ্য আছে।বিগত কুৰি বছৰ ধৰি গভীৰ হাবল মহাকাশ দুৰবীনৰ সহায়ত বহু হাজাৰ অস্পষ্ট তাৰকাৰাজ্যৰ ছবি গ্ৰহণ কৰা হৈছে।সেইবোৰৰপৰা ‘নিৰীক্ষণযোগ্য বিশ্বব্ৰহ্মাণ্ড’ত (observable universe’)মুঠতে প্ৰায় ১০০ বিলিয়ন তাৰকাৰাজ্য আছে বুলি সিদ্ধান্ত কৰা হৈছিল।বৰ্তমান ইউকেৰ নটিংহাম বিশ্ববিদ্যালয়ৰ অধ্যাপক খ্ৰিষ্ট’ফাৰ কনছেলিছৰ (Christopher Conselice)নেতৃত্বত এটা আন্তৰ্জাতিক গৱেষকৰ দলে অধ্যয়ন কৰি সিদ্ধান্ত কৰিছে যে বিশ্বব্ৰহ্মাণ্ডত তাৰকাৰাজ্যৰ সংখ্যা প্ৰকৃততে দুই ট্ৰিলিয়ন হ’ব।

বৰ্তমানৰ জ্যোতিবৈজ্ঞানিক প্ৰযুক্তিৰ সহায়ত আমি এই তাৰকাৰাজ্যবোৰৰ মাত্ৰ এটা সৰু অংশহে (মাথোন ১০ শতাংশ)অধ্যয়ন কৰিব পাৰোঁ।তাৰ মানে,বিশ্বব্ৰ্হ্মাণ্ডৰ ৯০ শতাংশৰো অধিকাংশ এতিয়াও আৱিষ্কাৰ কৰিবলৈ বাকী আছে,আৰু সেয়া অধিক শক্তিশালী উন্নত আৰু শক্তিশালী দুৰবীন ওলালেহে সম্ভৱ হৈ উঠিব।কাৰণ সেই তাৰকাৰাজ্যবোৰ অধিক দুৰৈত থকাৰ বাবে বেছি অস্পষ্ট।বৰ্তমান বিজ্ঞানীসকলে পৃথিৱীৰ সমস্ত দুৰবীনৰ (বিশেষকৈ ,হাবল মহাকাশ দুৰবীনৰ)পেনছিল সদৃশ কিৰণৰ প্ৰতিবিম্ববোৰ ত্ৰিবিমীয় মেপলৈ (3 D maps)ৰুপান্তৰিত কৰিছে।তাৰ সহায়ত তাৰকাৰাজ্যবোৰৰ আয়তন আৰু ঘনত্ব গণনা কৰিছে।এনেবোৰ তথ্যই তাৰকাৰাজ্যৰ সংখ্যা গণনা কৰাত সহায় কৰিছে।

বিখ্যাত বিজ্ঞানী,বিচিত্ৰ কাহিনী

 

ন’বেল বঁটাৰ সোণৰ মেডেল আৰু চাৰিজন বিজ্ঞানী

১৯৪০ চনৰ কথা।নাৎজিসকলে ডেনমাৰ্কৰ ক’পেনহেগেন অধিকাৰ কৰি চহৰৰ ৰাস্তাইদি মাৰ্চ কৰি গৈছিল।তেওঁলোকে ঘোষণা কৰিছিল যে কোনোবাই জাৰ্মেনি এৰি গ’লেও যাতে লগত এচিকটা সোণো লৈ নাযায়।বিখ্যাত পদাৰ্থবিজ্ঞানী নিলছ হ’ব (Niels Bohr,১৮৮৫-১৯৬২)।তেওঁৰ গৱেষণাগাৰত গভীৰ উৎকণ্ঠাৰে চিন্তামগ্ন হৈ আছে।কাৰণ তেওঁৰ হাতত মাত্ৰ কেইমিনিটমান সময়হে আছে-নাৎজি আহি তেওঁৰ গৱেষণাগাৰত সোমাই খানতালাচী কৰিব।কিন্তু তেওঁৰ হাতত থকা সোণৰ মেডেল দুটা ক’ত লুকুৱাই থ’ব?সেই দুটা আছিল দুজন বিজ্ঞানীয়ে পোৱা ন’বেল বঁটাৰ মেডেল।২৩ কেৰেট সোণেৰে তৈয়াৰী যথেষ্ট গধুৰ মেডেল।এটা ১৯১৪ চনত মেক্স  ফন লই (Max von Laue)পোৱা পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটাৰ মেডেল।আনটো আন এজন পদাৰ্থবিজ্ঞানী জেমছ ফ্ৰেংকে (James Franck )১৯২৫ চনত পোৱা পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটাৰ মেডেল।দুয়োজনকে নাৎজিসকলে নিৰ্দিষ্ট কাৰণত শত্ৰু বুলি গণ্য কৰি মৃত্যুদণ্ড ঘোষণা কৰাৰ বাবে তেওঁলোকে মেডেল দুটা বচাবলৈ ব’ৰৰ কাষলৈ প্ৰেৰণ কৰিছিল।

শেষ মুহুৰ্তত ব’ৰৰ গৱেষণাগাৰৰ জৰ্জ দ্য হেভেছি (George de Hevesy)নামৰ এজন গৱেষক ছাত্ৰই এটা ৰাসায়নিক কৌশল উলিয়ালে।সোণৰ মেডেল দুটা এছিডত দ্ৰৱীভুত কৰি থ’ব লাগিব।বুদ্ধি অনুসৰি কাম।সোণ কেৱল অম্লৰাজ বা একুৱা ৰেজিয়াতহে (এভাগ আয়তনৰ গাঢ় নাইট্ৰিক এছিড আৰু তিনিভাগ আয়তনৰ হাইড্ৰ’ক্ল’ৰিক এছিডৰ মিশ্ৰ)দ্ৰৱীভুত হয়।গতিকে মেডেল দুটা অম্লৰাজত গলাই দ্ৰৱ তৈয়াৰ কৰি এটা বিকাৰত ভৰাই থোৱা হ’ল।নাৎজিৰ সৈন্যই লেব’ৰেটৰিত সোমাই বিকাৰৰ দ্ৰৱটোলৈ চকুৱেই দিয়া নাছিল।পাছত হেভেছিয়ে ব’ৰৰ গৱেষণাগাৰলৈ আহি সেই দ্ৰৱটোৰপৰা আন এটা ৰাসায়নিক পদ্ধতিৰ সহায়ত সোণখিনি উদ্ধাৰ কৰিছিল,আৰু ১৯৫০ চনত ছুইডেনৰ ন’বেল ফাউণ্ডেশ্যনলৈ সেই সোণখিনি পঠিয়াই পুনৰ মডেল দুটা তৈয়াৰ কৰাৰ ব্যৱস্থা কৰিছিল।ফাউণ্ডেশ্যনে ১৯৫২ চনত বিজ্ঞানী দুজনক মেডেল দুটা পুনৰ প্ৰদান কৰিছিল।

নিলছ ব’ৰে ১৯২২ চনত পদাৰ্থবিজ্ঞানত আৰু হেভেছিয়ে ১৯৪৩ চনত ৰসায়নবিজ্ঞানৰ ন’বেল বঁটা পাইছিল।ব’ৰে ১৯৪০ চনত তেওঁৰ বঁটাটো নিলামত বেছি পোৱা ধনখিনি ফিনলেণ্ডৰ আৰ্তসেৱাৰ উদ্দেশ্য দান কৰিছিল।

লেখক:ক্ষীৰধৰ বৰুৱা (প্ৰান্তিক)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

2.87878787879
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top