মূল পৃষ্ঠা / শিক্ষা / শিকাৰ আনন্দ / অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ ফকৰা-যোজনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ ফকৰা-যোজনা

অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ ফকৰা-যোজনাৰ বিষয়ে লিখা হৈছে ।

 

আৰম্ভণি -

লোক-সমাজৰ অভিজ্ঞতা,জ্ঞানৰ গভীৰতা, তীক্ষ্ণ পৰ্যবেক্ষণ আৰু প্ৰখৰ দূৰদৰ্শিতাক প্ৰতিনিধিত্ব কৰা,গ্ৰাম্য-জীৱনশৈলীৰ বৈচিত্ৰ্য আৰু স্বকীয়তাক সমৃদ্ধ কৰা ফকৰা-যোজনাসমূহ অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ৷ অসমীয়া জাতীয় বৈশিষ্ট্যক এক অনন্য মাত্ৰা প্ৰদান কৰি অহা ফকৰা-যোজনাবোৰক গ্ৰাম্য-সমাজৰ দাপোন বুলি অভিহিত কৰিব পাৰি৷ মোৰ জন্ম গাঁৱত৷ গতিকে সৰুতেই ফকৰা-যোজনাৰ লগত পৰিচয় ঘটিছিল৷ সুন্দৰভাৱে ছন্দবদ্ধ একো একোটা ফকৰাই আমাক আনন্দ আৰু চিন্তাৰ খোৰাক যোগাইছিল৷ আমাৰ আইতাই খঙৰ ভমকত কোৱা এষাৰি ফকৰাৰ সম্পাদিত ৰূপটো আছিল এনেধৰণৰ-

“আগেয়েই আছিলো ডালিমৰ পোহাৰী

সবে বুলিছিল বাই,

ডালিমো মৰি গ’ল, পাতো সৰি গ’ল

এতিয়া ভাল বুলি সুধোতেও নাই৷”

আইতাই কোৱা কিছুমান ফকৰা–যোজনাৰ আঁৰত এটা প্ৰচলিত সাধুকথা আছিল ৷ জোনাক নিশা তৰাভৰা আকাশৰ তলত কঠত বহি আইতাৰ মুখত তেনেবোৰ ৰসাল কাহিনী শুনাৰ আনন্দ আছিল অবিস্মৰণীয়৷ তেনেকুৱা এটা ফকৰা আছিল-“গপত মৰিল গজহস্তী, ফোঁপাই মৰিল গোম, শ খাওঁতে শগুণ মৰিল, আঁজুৰি মৰিল ডোম৷” উক্ত ফকৰাটো ডাঃঅমৰেন্দ্ৰ গগৈৰ ফকৰা-যোজনাৰ সংকলনখনতো সন্নিৱিষ্ট হৈছে৷ ফকৰাটোৰ আঁৰত থকা সাধুকথাটো এনেধৰণৰ-

এবাৰ এটা গোম সাপে হাতী এটাক ভয় দেখুৱাইছিল৷ বিশালকায় হাতী ক্ষোভে-অপমানে জৰ্জৰিত হ’ল৷ খঙে চুলিৰ আগ চুলেগৈ৷ দুয়োৰে মাজত তয়া-ময়া ৰণ আৰম্ভ হ’বলৈ বেছি পৰ নালাগিল৷ যুঁজত হাতীয়ে সাপটোক কেইবাবাৰো গচকিলে৷ সাপটোৱেও পাৰ্যমানে হাতীক খুঁটিলে৷ হাতীৰ গচক খাই সিফালে সাপ লেবেজান হ’ল আৰু আনফালে বিষ-যন্ত্ৰণাত কেঁকাই হাতীটোও আধামৰা হ’ল৷ যন্ত্ৰণা অসহনীয় হৈ উঠাত এসময়ত দুয়োটাৰে মৃত্যু ঘটিল৷ সেই হাতীৰ মঙহ খাবলৈ তেনেতে শগুণ এটাও আহিল৷ পিছে হাতীৰ টান মঙহ হজম কৰিব নোৱাৰি বেচেৰা শগুণৰো প্ৰাণবায়ু উৰিল৷ পৰি থকা হাতীৰ দাঁত দুটা উলিয়াই নিবলৈ তেনেতে আহক এজন ডোম ৷ কিন্তু অতিশয় কষ্টকৰ কামটো তেওঁ সফলতাৰে সম্পন্ন কৰিব নোৱাৰিলে৷ মাত্ৰাধিক শাৰিৰীক শ্ৰমৰ পৰিণতিস্বৰূপে ডোমেও অৱশেষত মৃত্যু সাবটি ল’লে৷ অহংকাৰ আৰু লোভত পৰি কৰা কামৰ কেনে ভয়াৱহ পৰিণাম হ’ব পাৰে,তাকে বুজাবলৈ এই ফকৰাটোৰ সৃষ্টি হৈছে৷

ফকৰা-যোজনা সম্বন্ধে গৱেষক-পণ্ডিতৰ বক্তব্য -

গ্ৰাম্য-সমাজত প্ৰায়ে শ্ৰুতিগোচৰ হোৱা ফকৰাবোৰৰ প্ৰকাশভংগী আছিল অত্যন্ত সৰস আৰু সৰল৷ অৰ্থৰ তাৎপৰ্যও আছিল যথেষ্ট চিন্তা-উদ্ৰেককাৰী৷ ফকৰা-যোজনাত ব্যৱহৃত শব্দাৱলী আছিল অতি শুৱলা আৰু নিভাঁজ ৷ দিনটোৰ বিভিন্ন সময়ত, বিভিন্ন পৰ্বত গাঁৱৰ মানুহৰ মুখত উচ্চাৰিত হোৱা ফকৰা-যোজনাবোৰৰ আঁৰত লুকাই থকা বৌদ্ধিক সংজ্ঞাবোৰ খুঁচৰি চালে ব্যৱহাৰিক দিশটোৰ বিষয়ে উমান পাব পাৰি৷

হাইস্কুলীয়া জীৱনত আমি পঢ়া অসমীয়া ব্যাকৰণখনৰ নাম আছিল ৰচনা বিচিত্ৰা৷ লিখক আছিল ধৰ্ম্মসিংহ ডেকা৷ ফকৰা যোজনা সন্দৰ্ভত তেওঁ পাঠটোৰ আৰম্ভণিতে লিখিছে-

বিহু বিশেষজ্ঞ ডাঃ অমৰেন্দ্ৰ গগৈদেৱৰ ‘অসমীয়া ফকৰা-যোজনা’শীৰ্ষক সংকলনত ফকৰা-যোজনাৰ উৎস সম্বন্ধে লেখকে লিখিছে-

ড. লীলা গগৈয়ে অসমীয়া সাহিত্যৰ ৰূপৰেখাত ফকৰা-যোজনাৰ বিশ্লেষণাত্মক মত পোষণ কৰিছে।

বৈষ্ণৱ কবিসকলৰ প্ৰসংগ টানি আনি শশী শৰ্মাই ফকৰা-যোজনা সম্বন্ধে মতামত দাঙি ধৰিছে এইদৰে-

অসমীয়া ফকৰা-যোজনাৰ আন এগৰাকী সংগ্ৰাহক জীৱন চন্দ্ৰ কোঁচে ফকৰা যোজনাৰ অৰ্থ ব্যাখ্যা কৰিছে এইদৰে

মহাপুৰুষ শংকৰদেৱৰ ৰচনাৱলীত ফকৰা-যোজনা -

“অসমীয়া ভাষাৰ অলঙ্কাৰ ফকৰা-যোজনা” শীৰ্ষক ফকৰা-যোজনাৰ সংকলনখনিত লেখক জীৱন চন্দ্ৰ কোঁচে ফকৰা-যোজনাৰ ইতিহাস খুচৰি গুৰুজনাৰ সৃষ্টিসমূহত আলোকপাত কৰিছে৷ গুৰুজনাৰ কীৰ্তন পুথিত ফকৰা-যোজনাৰ প্ৰয়োগ তেওঁ পৰিষ্কাৰকৈ দেখুৱাইছে-

নাৰদৰ বাণী শিলৰ ৰেখা

বৃহৎনাৰদী বিচাৰি দেখা৷৷

নাৰদে দিলন্ত তিনি কতলা

অক নমানস কোননো লপা৷৷

হৰিচন্দ্ৰ উপাখ্যানতপোৱা যায়-

এৰিও নেৰন্ত যেন কৃপণৰ ধন৷৷

আকাশী স্বৰগ মাথাত পৰিল

মুখত মাত হৰিল

মহাশোক শেল হিয়াত পৰিল

থিয়য়ে যেন মৰিল৷৷

বেজবৰুৱাৰ ৰচনাৱলীত ফকৰা-যোজনাৰ প্ৰয়োগ -

লোক-সমাজৰ জীৱনশৈলী আৰু সৰল দৰ্শনক প্ৰতিনিধিত্ব কৰা ফকৰা-যোজনাৰ ভৰপূৰ প্ৰয়োগ কৰিছিল অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাই৷ বেজবৰুৱাৰ ৰচনাসমূহ অনবদ্য আৰু অবিস্মৰণীয় কৰি তোলাত মুখ্য ভূমিকা লৈছিল জটুৱা-ঠাঁচৰ ভৰপূৰ প্ৰয়োগ আৰু ফকৰা-যোজনাৰ যথোপযুক্ত ব্যৱহাৰে৷ সেয়ে বেজবৰুৱাৰ ৰচনাৱলীয়ে অসমীয়া গ্ৰাম্য-জীৱনক সবলভাৱে উন্মোচিত কৰাত যিমান সফলতা লাভ কৰিছে; পাছলৈ কোনো সাহিত্যিকেই সমতুল্য সাফল্য অৰ্জন কৰিব পৰা নাই৷

হৃদয়ানন্দ গগৈয়ে সম্পাদনা কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প-সমগ্ৰত সন্নিৱিষ্ট বেজবৰুৱাৰ দুটা গল্পৰ শিৰোনামতেই সোমাই আছে দুটা জনপ্ৰিয় ফকৰা-যোজনাৰ৷ “ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ” আৰু “যেন কুকুৰ তেন টাঙোন”৷ অসমীয়া গল্পৰ শিৰোনামত ফকৰা-যোজনাৰ এনে ব্যৱহাৰ প্ৰায় দুষ্পাপ্য বুলিয়েই ক’ব পাৰি ৷

কাহিনীৰ বৰ্ণনা আৰু চৰিত্ৰৰ মুখৰ সংলাপ লিখোঁতেও বেজবৰুৱাই ফকৰা-যোজনাৰ ব্যৱহাৰ কৰিছিল৷ লক্ষ্মীনাথ বেজবৰুৱাৰ “মলক গুইন্ গুইন্” নামৰ বিখ্যাত গল্পটোত ফকৰা-যোজনাৰ প্ৰয়োগ মন কৰিবলগীয়া৷

“খাজাঞ্চীৰ ঘৰত থকা শেহ ডোখৰ কালতে মলখুৰ খোপা ক্ৰমশ টুটি গৈ টিকনিত পৰিছিল, কলিকতা পায়েই সি একেবাৰে অন্তৰ্ধান হ’ল৷ লালুকীৰ নেজ সৰিলে সি ভেকুলী হৈ জপিয়ায়৷ আমাৰ মলখুৰো ওলোটা ফালৰ নেজ অৰ্থাৎ টিকনি সৰি কলিকতা চহৰৰ আলিত তেওঁ জপিয়াই “ক’লৈ যাওঁ গোপাল,কি কৰোঁ কৃপাল” লগালে৷ এফালে টুটিলে আনফালে বাঢ়ে৷”

একেটা গল্পৰে আন দুটামান বাক্যত ফকৰা-যোজনাৰ সুপ্ৰয়োগ মন কৰিবলগীয়া-

“এইবাৰ যদি সি নাহে, তেন্তে মই এতিয়াই মৰিলোঁ বুলি সি এৰিব৷ কিন্তু বামুণেই মৰক বা লগুণেই ছিগক” অৰ্থাৎ মাকেই মৰক বা এই পৃথিৱীয়েই ওলটক, মিষ্টৰ মলক গুইন্ গুইন্ “ন লৰন্তি চৰন্তি৷”

বেজবৰুৱাৰ বহুপঠিত আন এটা গল্প “ললিতী কাকতী”ও অসমীয়া ফকৰা-যোজনাৰ কৌশলী প্ৰয়োগ মন কৰিবলগীয়া৷

গল্পৰ আৰম্ভণিতে কাকতী আৰু কাকতীয়নীৰ মাজৰ কথোপকথনত একাধিক ফকৰাৰ প্ৰয়োগ ঘটিছে৷

কাকতীৰ মন্তব্যৰ সঁহাৰি দিবলগৈ গৈ কাকতীয়নীয়ে কৈছে…………… “আপুনি সদায় চুলি এডালকে চাৰিফালে কৰি চাই ফুৰিহে তেওঁ মস্কিলত পৰে৷….মানুহে কয় বোলে বাছোঁতে বাছোঁতে গেলা বৰালিতহে হাত পৰেগৈ৷” একেটা গল্পতে পাছৰ পৰ্যায়ৰ “জোৰ যাৰ মুলুক তাৰ” শীৰ্ষক ফকৰাৰো প্ৰয়োগ ঘটিছে৷

এইয়া মাত্ৰ দুটা গল্পৰ উদাহৰণহে৷ বেজবৰুৱাৰ প্ৰায়বোৰ গল্পতে ফকৰা-যোজনাৰ উপস্থিতি আছে, যিবোৰে গল্পৰ উপস্থাপন আৰু প্ৰকাশভংগী অতি আকৰ্ষণীয় কৰি তুলিছে৷সমান্তৰালভাৱে বেজবৰুৱাৰ সৃষ্টিৰাজিক কৰি তুলিছে অতুলনীয়,অসামান্য আৰু অদ্বিতীয়৷

ব্যক্তিগত পৰ্য্যবেক্ষণ -

সূক্ষ্মাতিসূক্ষ্ম নহ’লেও দুখনমান পুথিক আধাৰ হিচাপে লৈ অসমীয়া লোক-সাহিত্যৰ অমূল্য উপাদান ফকৰা-যোজনাৰ সম্পৰ্কে কিছু পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ তলত তাৰেই আলোচনা আগবঢ়োৱা হ’ল-

১)প্ৰচলিত বেছিভাগ ফকৰা-যোজনাই প্ৰতীকধৰ্মী৷ সচৰাচৰ প্ৰত্যক্ষ কৰি থকা কিছুমান বস্তুকে প্ৰতীক হিচাপে ব্যৱহাৰ কৰি একো একোটা ফকৰাই লোক-জীৱনৰ দূৰদৰ্শিতা আৰু বাস্তৱবাদিতাৰ পৰিচয় বহন কৰিছে৷ মাছ-কাছ,চৰাই-চিৰিকিতিৰ পৰা আৰম্ভ কৰি অতি ক্ষুদ্ৰতম প্ৰাণী পৰুৱা,মহলৈকে সকলোকে এই ফকৰাসমূহে সাঙুৰিছে৷

“বাঘ চাব নালাগে বিৰালীকে চাবা”,“মূৰত থ’লে ওকণিয়ে খায়,মাটিত থলে পৰুৱাই খায়”, “তোমাৰ মৰমতে মৰোঁ, খলিহা মাছৰ দুপিঠি খাই মাজৰ পিঠিতো এৰোঁ”, “জোকাই থাকিলে ভতুৱা কুকুৰেও একামোৰ মাৰে”, “ম’ৰাক দেখি ঘনচিৰিকাই পেখম ধৰা” আদি মাত্ৰ কেইটামান উদাহৰণহে৷ অসমৰ গ্ৰাম্য-জীৱনৰ চুক-কোণ খুচৰিলে এনেকুৱা অজস্ৰ ফকৰা আৱিষ্কাৰ হ’ব ৷

২)এপদ বস্তুতে নিৰ্ভৰ কৰিও আমাৰ লোক-জীৱনত একাধিক ফকৰাৰ সৃষ্টি হৈছে৷ অথচ প্ৰত্যেকৰে অৰ্থপ্ৰকাশত ভিন্নতা আৰু প্ৰকাশভংগীত তাৰতম্য দুয়োটাই পৰিলক্ষিত হয়৷ উদাহৰণস্বৰূপে অসমীয়া সমাজৰ অন্যতম সম্পদ ঢেঁকীক লৈ সৃষ্টি হোৱা ফকৰা যথাক্ৰমে “ঢেকী স্বৰ্গলৈ গ’লেও ধান বানে” , “ঢেঁকীত মহে খালে, উৰালত ফৰফৰালে, কতৰাই সাত দিনলে জিৰালে” আৰু “ঢেঁকীশাল ফুৰিলে খুদৰ কি আকাল”-তিনিটা ফকৰাৰ কথা উল্লেখ কৰিব পাৰি৷ তিনিওটা ফকৰায়েই ঢেঁকীৰ ওপৰত ভৰি দিয়েই গঢ় লৈ উঠিছে যদিও সিহঁতৰ অন্তৰ্নিহিত ভাৱপ্ৰকাশত ভিন্নতা আছে ৷

৩) মানৱ দেহৰ অংগ-প্ৰত্যংগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ফকৰা-যোজনাৰ সংখ্যাও অসমীয়া লোকসমাজত কম নহয়৷ লোকসমাজৰ চমৎকাৰ পৰ্যবেক্ষণ শক্তিৰ পৰিচয় বহন কৰা এইসমূহ ফকৰাৰ ব্যৱহাৰিক দিশটোক উপেক্ষা কৰিব নোৱাৰি৷

মুখ-“মুখেৰে বোলে খা,অন্তৰে বোলে যা”, “মুখলৈ নাচালোঁ ভৰিলৈ চালোঁ কিনে ফেঁচামুৱালৈ ছোৱালী দিলোঁ”, মুখে লটপট,ভিতৰি কপট৷

চকু-“চকুৰ আঁতৰ হ’লে মনৰো আঁতৰ হয়”, “চকুৰ কুটা দাঁতৰ শাল”৷

কাণ-“কাণ কাটি ভোৰতাল বজোৱা”৷

ভৰি- ভৰি পিছল খালে দুখ পায়, জিভা পিছল খালে গঁতা খায়৷

৪) কোনোবাটো ফকৰাত যদি এটা অংগৰে নাম উচ্চাৰিত হৈছে, কোনোবাটো ফকৰাত আকৌ দুই বা ততোধিক অংগক প্ৰতীকি অৰ্থত ব্যৱহাৰ কৰা হৈছে৷

যেনে- “ভৰি পিছল খালে দুখ পায়, জিভা পিছল খালে গঁতা খায়”৷

“হাতো ডাঙৰ ভৰিও ডাঙৰ,ডাঙৰ মানুহৰ জী

এথোকা তামোলে মুখ নভৰে এখন দি কৰিম কি৷”

৫)চলিত বছৰত ঘৰচীয়া জন্তু গৰুক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হ’লেও অসমীয়া গ্ৰাম্য-সমাজত গৰুক আজিও পৱিত্ৰ জীৱ বুলি গণ্য কৰা হয়৷ গৰুক মাহ-হালধি সানি,নৈ-পুখুৰীত গা ধুৱায়েই আমি অসমীয়া বৰ্ষৰ আৰম্ভণি কৰোঁ৷ অসমীয়া সমাজ-জীৱনত গৰুৰ গুৰুত্ব আৰু মাহাত্ম্যক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ তেনে এটি গুৰুত্বপূৰ্ণ জীৱক লৈও লোক-সমাজত অনেক ফকৰা প্ৰচলিত৷ ফকৰাবোৰৰ গঠনশৈলী অতি মনোমোহা আৰু প্ৰেৰণ কৰা বাৰ্তাবোৰো অতি গভীৰ আৰু অভিজ্ঞতাপুষ্ট৷ তলত তাৰে কেইটামান উদাহৰণ দিয়া হ’ল-

গৰু কিনিবা ৰিংটোৰ,ছোৱালী আনিবা দিনটোৰ৷

গৰু পেলাই গা ধোৱা৷

গৰু মৰে ৰছীত লাগি,মানুহ মৰে কথাত লাগি৷

গৰুও মৰিল পোকো সৰিল৷

গৰুৰ আগত টোকাৰি বায়, শিং জোকাৰি ঘাঁহ খায়৷

কিছুমান ফকৰাই আকৌ আওপকীয়াকৈ অন্য অৰ্থ প্ৰকাশ নকৰি কেনেধৰণৰ গৰু কিনিব লাগে,সেই বিষয়ে উপদেশ দিয়াৰ চলেৰে ফকৰাৰ সৃষ্টি কৰিছে৷

“গৰু কিনিবা উদাঁত,গৰু কিনিবা দুঁদাত”- উদাঁত মানে গৰু-ম’হৰ স্থায়ী দাঁত নগজাৰ সময়ছোৱা৷ দুঁদাত মানে প্ৰথমে গজা দুটা স্থায়ী দাঁত৷ এইয়াই গৰুৰ যৌৱনৰ আৰম্ভণি৷ তেনে কোমল বয়সত গৰু কিনিলে হাল শিকাই-বুজাই ল’বলৈ সহজ৷ গতিকে তেনে বয়সৰ গৰুকে কিনিব লাগে৷

“গৰু কিনিবা দীঘল নেজা,মৈত উঠিলে নহয় কুঁজা৷” হৃষ্ট-পুষ্ট গৰু নেজ সাধাৰণতে দীঘল হয়৷ তেনে গৰুৱে মৈ দিওঁতে মৈত মানুহ উঠিলেও অসুবিধা নাপায়৷ সেয়েহে চাই-চিতি গৰু কিনিব লাগে৷

গৰু আৰু গৰখীয়াক লৈও কেতবোৰ মনোৰম ফকৰা ৰচিত হৈছে৷

“গৰু হ’ল গৰখীয়া, পো হ’ল চোৰ৷

জী হ’ল নটিনী,উপায় হেৰাল মোৰ৷”

“গৰখীয়া হ’লেই গৰু ভাল৷”

“গৰখীয়া নোহোৱা গৰু,ঢাকোন নোহোৱা চৰু৷”

৬) প্ৰকাশভংগীৰ ভিন্নতা থাকিলেও কিছুমান ফকৰাৰ মৰ্মাৰ্থত বিশেষ তফাৎ নাই৷

উদাহৰণস্বৰূপে- বাহিৰে ৰং চং ভিতৰি কোৱাভাতুৰী ; আগফালে বৰচুৰিয়াৰ ফেৰ, পিছফালে ঢকুৱাৰ বেৰ- এই দুয়োটা ফকৰাৰ অৰ্থ একেই৷ অৰ্থাৎ এটা আনটো সমাৰ্থক৷ কিন্তু এটাৰ অত্যধিক প্ৰচলনত আনটোৰ প্ৰয়োগ কালক্ৰমত স্তিমিত হৈ পৰা দেখা যায় ৷

৭) লোক-জীৱনৰ জ্ঞান,গৰিমা আৰু গভীৰ জীৱনবোধৰ চানেকি দাঙি ধৰা বহুতো ফকৰাই মানুহৰ মনত আশাৰ সঞ্চাৰ কৰি এক প্ৰেৰণাৰ সোঁত বোৱাই নিয়ে৷ “ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়”-শীৰ্ষক প্ৰেৰণাদায়ী ফকৰাফাঁকিৰ বহুল ব্যৱহাৰ আধুনিক সমাজতো বিদ্যমান৷ চৰকাৰৰ মুখলৈ বাট নাচাই গঁঞা ৰাইজে নিজাববীয়া উদ্যোগ লৈ বাট-পথ নিৰ্মাণ কৰাৰ উদাহৰণ আজিৰ সমাজত বিচাৰিলে নোলোৱাকৈ নাথাকে৷ হতাশাগ্ৰস্ত ব্যক্তি,বিপদত পৰা ব্যক্তিৰ মনত আশাবাদৰ বীজ ৰোপণ কৰিবলৈ,ল’ৰা-ছোৱালীক পঢ়াশলীয়া জীৱনত উৎসাহ যোগাবলৈ বহুতো ফকৰাৰ প্ৰয়োগ পৰিলক্ষিত হয়- “ঘঁহি থাকিলে শিলো ক্ষয় যায়”, “অভ্যাসৰ নৰ কৰ্ণে পথে কৰে শৰ” আৰু ”বোকাতহে পদুম ফুলে” , “মন কৰিলেই ছন বাকৰি মাটিতে ধন”, “জুই শালত গঢ়িহে কমাৰশালত গঢ়িব পাৰি”আৰু “অভাৱেই আৱিষ্কাৰৰ মূল” তাৰ ভিতৰৰে কেইটামান৷ আমাৰ দেউতাই পঢ়া-শুনা মনপুতি কৰিবলৈ “পঢ়াই পঢ়ে,ৰুৱে পাণ,এই তিনিয়ে নিচিন্তে আন” শীৰ্ষক ফকৰা-যোজনাটি মাতি উপদেশ দিছিল৷

৮) ‘আইৰ সমান হ’ব কোন,নৈৰ সমান ব’ব কোন”-এটা সৰ্বত্ৰে প্ৰচলিত ফকৰা-যোজনা৷ মাতৃ-হৃদয়ৰ অকৃত্ৰিম স্নেহক এই ফকৰাটোৱে যথোচিত স্বীকৃতি দিছে৷ সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ ত্যাগ আৰু পৰিচৰ্যাকো এইফাঁকি ফকৰাৰ জৰিয়তে উপলব্ধি কৰোৱাইছে৷ মাক আৰু জীয়েকৰ মাজৰ সম্পৰ্ক মধুৰ৷ মাকৰ ব্যক্তিত্বৰ লগত জীয়েকৰ ব্যক্তিত্বৰ সাদৃশ্যৰ তুলনামূলক নিৰীক্ষণ কিছুমান ফকৰা-যোজনাৰ অন্যতম বৈশিষ্ট্য৷অৱশ্যেসেইবোৰে স্থান,কাল আৰু পাত্ৰভেদে বিভিন্ন বৈশিষ্ট্য বহন কৰিছে৷ লোক-সমাজৰ এটি গুৰুত্ব চৰিত্ৰ ‘মাতৃ’ক কেন্দ্ৰ কৰি গঢ় লোৱা কেইটামান ফকৰা হ’ল-

মাক চাইহে জীয়েক৷

আই আছে যদি খাই যা, আই নাই যদি চাই যা৷

আই গৈছিল সবাহলৈ, মই গৈছিলোঁ লগত ৷ মাহ-মিঠৈ খাবলৈ পাই ময়ো হ’লোঁ ভকত৷৷

আইৰ ঘৰলৈ যাম দুয়ো হাতে খাম৷ বিধাতাই বোলে ময়ো পিছে পিছে যাম৷৷

আইৰ গাত দায় লাগিল৷ বাপুৰ গাত বাঢ়নী লাগিল৷৷

আইৰো বাৰ্তা গংগাৰো যাত্ৰা৷

মাকে শলাগে জী,বাপেকে শলাগে জী,

ওচৰ-চুবুৰীয়াই যাক শলাগিব সেইহে মাকৰ জী৷

মাকে নাপাহৰে পুত্ৰৰ শোক

সাপে নাপাহৰে কঁকালৰ কোব৷

৯) কিছুমান ফকৰা-যোজনাত ঠাইৰ নামো সোমাই পৰিছে৷ “হয় ৰঙামাটি নহয় গুৱাহাটী” তেনে এটা প্ৰচলিত ফকৰা-যোজনা৷ মাজুলীৰ কমলাবাৰী সত্ৰক আধাৰ হিচাপে লৈ সৃষ্টি হোৱা “আগৰ কমলাবৰীয়াই তিয়াইছিল খৰি,আজিৰ কমলাবৰীয়াই নুধোৱে হাত-ভৰি” এইখিনিতে উল্লেখযোগ্য৷

১০) ৰামায়ণ-মহাভাৰত অথবা আন কোনো পৌৰাণিক আখ্যানক কেন্দ্ৰ কৰিও কিছুমান ফকৰা-যোজনাৰ সৃষ্টি হৈছে৷ পৌৰাণিক কাহিনীৰ আঁৰ লৈ এইসমূহ ফকৰাই আধুনিক পৃথিৱীখনৰ নানান ঘটনাক আঙুলিয়াই দেখুৱায়৷

“অশ্বত্থামা হত,কিন্তু ইতি গজ৷”

“আই সীতা পাতাললৈ যাব,কাক নিব কাক থ’ব৷”

“ইন্দ্ৰৰ ৰাজসভাত ফেঁচাৰ কুৰুলি৷”

“বালীলৈ যিপাট সুগ্ৰীৱলৈও সেইপাট৷”

১১) অসম এখন কৃষিপ্ৰধান ৰাজ্য৷ মূলত খেতি-বাতি কৰিয়েই অসমৰ গ্ৰাম্য-সমাজখনে পেট প্ৰৱৰ্তাইছিল৷ খেতিও কৰিছিল ভিন্ ভিন্ ধানৰ৷ সম্প্ৰতি পথাৰত অসমীয়া খেতিয়কৰ সংখ্যা কম হ’লেও একালত অসমীয়া খেতিয়ক আছিল পাকৈত আৰু নিপুণ ৷ খেতি কৰাৰ প্ৰক্ৰিয়া আৰু বিভিন্ন ধানৰ দোষ-গুণ সম্বন্ধে আমাৰ জ্ঞান আছিল গভীৰ৷ফকৰা-যোজনাবোৰতো আহু,বাও,শালি আদি বিভিন্ন ধানৰ নাম শুনিবলৈ পোৱা যায়৷কিছুমান পোনপটীয়া,উপদেশমূলক ফকৰা সৃষ্টিৰে অভিজ্ঞ লোক-সমাজে খেতিয়কসকললৈ নানান দিহা-পৰামৰ্শ প্ৰেৰণ কৰাৰ লগতে আওপকীয়াকৈ একোটা গভীৰ অৰ্থ প্ৰকাশ কৰিছে৷

“আহু চাবা গধূলি শালি চাবা পুৱা

জাকৈ বাওতে ছোৱালী চাবা কোন কেনেকুৱা৷”

“আহু মৰাৰ ছলেৰে বাও মৰা৷”

“আহুত বাহু,মলখুত শাহু৷”

“আহু খেতিৰ আহুকাল মুগাখেতিৰ কপাল ভাল৷”

১২)গভীৰ বোধৰ পৰিচয় বহন কৰা কিছুমান ফকৰা-যোজনাৰ বৈজ্ঞানিক দৃষ্টিভংগী এক মনোজ্ঞ আলোচনাৰ বিষয়৷

“উত্তৰে খৰ দক্ষিণে লৰ৷” অৰ্থাৎ উত্তৰ ফালে মেঘে গাজিলে বতৰ খৰাং হয় আৰু দক্ষিণ ফালে মেঘে গাজিলে বৰষুণ হয়৷

“উত্তৰে গাজে খৰলৈ,বুঢ়াই বিয়া কৰে পৰলৈ৷”

“উত্তৰে চৰু আৰু দক্ষিণে গৰু৷”

১৩)বহুতো ফকৰাত অসমীয়া মাহৰ নাম সততে উচ্চাৰিত হৈছে৷

“এক শাওণে ধান,তিনি শাওনে পাণ৷”

“চ’তৰ বিহুলৈ ছমাই থাকোতেই হাত মেলি নচা৷”

“জেঠত দৈ,আহাৰত খৈ

শাওণত মৰাপাট খাবা গৈ৷”

১৪) আমাৰ লোক-সমাজত জ্ঞানী মানুহজনক যথেষ্ট সমীহ আৰু সন্মান কৰা হৈছিল৷ নানা বিষয়ত ওজৰ-আপত্তি খন্দাবলৈজ্ঞানী পুৰুষ বা মহিলাগৰাকীৰ কাষ চাপিছিল৷ জ্ঞানীজনৰ প্ৰতি থকা আদৰভাৱ ফকৰা-যোজনাবোৰতো পৰিলক্ষিত হয়৷

“জ্ঞানীক ভাত দিবা তলমূৰকৈ খাব

অজ্ঞানীক ভাত দিবা চালে-বেৰে চাব৷”

“জ্ঞানীৰ কি সৰু বৰ

গুৰুৰ কি ভিন পৰ৷”

“জ্ঞানীয়ে শিকে দেখি

অজ্ঞানীয়ে শিকে ঠেকি৷”

১৫) অসমীয়া মানুহৰ স্বাস্থ্য-সচেতনতাৰ পৰিচয় দিয়া কেতবোৰ ফকৰা-যোজনা মন কৰিবলগীয়া৷

“দেহা থাকিলেহে বেহা৷”-এটা প্ৰায়েই শুনিবলৈ পোৱা এটি ফকৰা৷

তেনেকুৱা আন এটি ফকৰা হ’ল- “মাংস খালে মাংস বাঢ়ে, ঘৃত বাঢ়ে বল; দধি খালে আয়ু বাঢ়ে, শাকত বাঢ়ে মল ৷” অৰ্থাৎ,মাংস খালে মানুহৰ শৰীৰৰ গঠন ভাল হয়, ঘিঁউ খালে শক্তি বৃদ্ধি পায়, নিয়মীয়াকৈ দৈ খোৱা মানুহৰ আয়ুস বৃদ্ধি হয় আৰু শাক বেছিকৈ খালে শৌচ খোলোচা হয় ।

১৬) অসমীয়া সাংস্কৃতিক-বৌদ্ধিক-জাতীয় জীৱনৰ হৃদস্পন্দনস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাহাত্ম্য বখানি আমাৰ সমাজত প্ৰচলিত হোৱা এটা ফকৰা হৈছে “ভুৰুকাত হাতী ভৰোৱা”৷ ফকৰাটিৰ সৃষ্টি-ৰহস্যৰ আঁৰত আছে মহাপুৰুষজনাৰ বিৰল প্ৰতিভাৰ দৃষ্টান্তসূচক কাহিনী সৰ্বজনবিদিত৷ এবাৰ ৰজা নৰানাৰায়ণে পণ্ডিতসকলক চূণ থোৱা মাটিৰ পাত্ৰ ভুৰুকাত হাতী এটা ভৰাই আনিবলৈ কৈছিল৷ অসাধ্য কামটোক সম্পন্ন কৰিবলৈ গৈ গুৰুজনাই ৰাতিটোৰ ভিতৰতে ভাগৱতখনৰ সাৰমৰ্ম লৈ গুণমালা পুথি লিখি উলিয়াই পিছদিনা ৰজাৰ হাতত অৰ্পণ কৰি মহাৰাজৰ প্ৰশংসাৰ পাত্ৰ হ’ল৷

১৭) আহোম ৰাজত্বই অসমৰ বৰ্ণময় ইতিহাসৰ এছোৱা অংশ দখল কৰি আছে৷ বিভিন্ন সময়ত আহোমৰ ৰাজপাটত বহা প্ৰভাৱশালী ৰজাৰ বৈশিষ্ট্য অথবা কোনো এক বিশেষ ঘটনাক কেন্দ্ৰ কৰিও কেতবোৰ ফকৰা-যোজনাৰ সৃষ্টি হৈছে৷ উদাহৰণস্বৰূপে,

“ধোদৰ পি পু সি শো৷” শীৰ্ষক ফকৰাটোৰ আঁৰৰ কাহিনী জনমানসত চৰ্চিত৷ গদাধৰ সিংহই ৰাজ্যত থকা প্ৰকৃত ধোদ চিনাক্ত কৰিবলৈ ধোদ থকা ঘৰত জুই লগাই দিলে৷ নিষ্কৰ্মা ধোদবোৰ জুইৰ পৰা বাচিবলৈ পলাই পত্ৰং দিলে৷ কেৱল বাকী থাকিল দুটাহে ধোদ৷ জুই যেতিয়া গৈ এটা ধোদৰ পিঠি পালেগৈ তেতিয়া সিটো ধোদক ক’লে-“পি পু” অৰ্থাৎ পিঠি পুৰিছে৷ সিটো ধোদে উপায় দিলে-“সি শো”৷ অৰ্থাৎ সিফালে শো৷ ধোদৰ ধোদৰামিৰ সীমা কিমান হ’ব পাৰে তাকে ইয়াত বুজোৱা হৈছে৷

“ৰহাৰ ৰহেদৈ,তিপামৰ ভাদৈ,শলগুৰিৰ আঘোণী বাই

তিনিওৰ ডিঙিত ধৰি তিনিও কান্দিছে সম্বন্ধত একোটি নাই৷”

স্বৰ্গদেউ চুলিক্‌ফাৰ পৰা পলাই ফুৰোঁতে এবাৰ গদাপাণি কোঁৱৰক ৰহাৰ ৰহেদৈ,টিপামৰ ভাদৈ আৰু শলগুৰিৰ আঘোণী নামৰ মহিলাকেইগৰাকীয়ে মৰা মানুহৰ বেশ ধৰি পৰি থাকিবলৈ অনুৰোধ কৰিছিল৷ গদাপাণিয়ে অনুৰোধ ৰক্ষা কৰিলে আৰু মহিলাকেইগৰাকীয়ে তেওঁৰ কাষত ,ইজনীয়ে সিজনীৰ ডিঙিত ধৰি, তেওঁলোকৰ স্বামী মৰিল বুলি কান্দিবলৈ ধৰিলে৷ ৰজাৰ টেকেলা আহি সোধাত তেওঁলোকে স্বামী মৰিল বুলি মিছা মাতিলে আৰু গদাপাণিৰ জীৱন বচালে৷ ৰজাৰ চিপাহীয়ে তেওঁলোকৰ কথাত পতিয়ন গৈ আঁতৰি গ’লগৈ৷ অৰ্থাৎ তেজৰ সম্বন্ধ বা আত্মীয়তা নাথাকিলেও ইজনে সিজনক বিপদত সহায় কৰি আত্মীয়তা গঢ়ি তুলিব পাৰে৷

১৮) মানুহৰ বৈচিত্ৰ্যময় মনটোৰ বৈশিষ্ট্য উন্মোচন কৰিবলৈ বহুত ফকৰা-যোজনা ৰচিত হৈছে ৷ এইবোৰ ফকৰাই মানুহ আৰু মানুহৰ মনটোক চিনিবলৈ শিকাইছে৷ স্থান,কাল আৰু পৰিৱেশভেদে মানুহৰ স্বভাৱ,দৰ্শন আৰু প্ৰকৃতিত দেখা দিয়া পৰিৱৰ্তনৰ প্ৰতি সজাগ হৈ থাকিবলৈ বহুতো ফকৰা-যোজনাই উপদেশবাণী দিছে৷ এচাম মানুহৰ অপৰিষ্কাৰ মনটোক আৱিষ্কাৰ কৰি আন দহজনক সেইসকলৰ পৰা সাৱধানে চলিবলৈ সতৰ্ক-বাণী শুনোৱা একাধিক ফকৰাৰো আমাৰ লোক-সমাজত সংযোজন ঘটিছে৷ তলত তাৰো কেইটামান উদাহৰণ দিয়া হ’ল-

“ক্ষমতাত থৈ মানুহ চিনিবা ৷”

“কুকুৰ বুঢ়া হ’লে ফাপৰে ধৰে, মানুহ বুঢ়া হ’লে পৰকিতি লৰে ৷”

“দূৰৈৰ পৰ্বত ধুনীয়া দেখি৷”

“মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত৷”

“চোৰে নেৰে চোৰ প্ৰকৃতি কুকুৰে নেৰে ছাই

যাৰ যি প্ৰকৃতি মৰিলেও লগত যায়৷”

“চুকত থাকি বুকুত কামোৰা৷”

“চিক্‌চিকীয়া মাত্ৰেই সোণ নহয়৷”

“নাকত লাগিল পাক,

মহাপুৰুষৰ ছিদ্ৰ লাগিল মেধি পাতিম কাক৷”

১৯)কিছুমান ফকৰা-যোজনাই ধনৰ অপব্যয় পৰিহাৰ কৰি ভাবি-চিন্তি, পৰিপক্কতাৰ পৰিচয় দি আৰ্থিক স্বচ্ছলতা বজাই ৰাখিবলৈ সকীয়াই দিছে৷“আঠুৱা চাই ঠেং মেলা” ফকৰাটিয়ে সামৰ্থানুযায়ীহে ধন খৰচ কৰাৰ কথা উনুকিয়াইছে৷ “কিনা হাঁহৰ ঠোঁটলৈকে মঙহ”-শীৰ্ষক ফকৰাটিয়ে কিনি অনা বস্তুক আলৈ-আথানি কৰি অপচয় কৰাটো অসমৰ্থনযোগ্য বুলি কৈছে৷ এইবোৰৰ উপৰি “কেৰেলাতকৈ গুটি দীঘল”, “শাকত নাখায় লোণ,পিটিকাত যায় তিনিগুণ”ৰ দৰে বুদ্ধিদীপ্ত ফকৰা-যোজনাৰ ব্যৱহাৰ আজিৰ সমাজতো লোপ পোৱা নাই৷

এনেধৰণৰ অনেক শ্ৰেণীত বিভক্ত হ’ব পৰা ফকৰা-যোজনা অসমীয়া লোক-সমাজৰ চুকে-কোণে উভৈনদী হৈ আছে৷ কোনোবাটোৰ আলৈ-আথানি হৈ আজি যাওঁ, কালি যাওঁ অৱস্থা৷ এইবোৰৰ উচিত প্ৰতিপালনৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ৷

ভকতীয়া ফকৰা- প্ৰচলন বৰ কম হ’লেও দুই-এটা ভকতীয়া ফকৰাও বিচাৰিলে পোৱা যায় ৷ ভকতীয়া ফকৰা মূলত উপদেশমূলক৷ অমৰেন্দ্ৰ গগৈৰ ফকৰা-যোজনাৰ সংকলখনত পোৱা এটা ভকতীয়া ফকৰা এনেধৰণৰ- “ব্ৰহ্মাক মাৰিবা,বিষ্ণুক মাৰিবা,ৰুদ্ৰক নিদিবা ঠাই, মহা মহা মহন্তক মৰিয়াই মাৰিবা তেহে ভকতিক পায়৷” ভক্তিত সত্ত্ব,ৰজ আৰু তম গুণৰ আৱশ্যক নাই বাবে এইকেইটাক মনত ঠাই নিদিবলৈ কৈছে৷ মহা মহা মহন্ত মানে মানুহৰ ৰিপুসমূহ ;কাম,ক্ৰোধ,লোভ,মোহ,মদ আৰু মাংসক মৰিয়াই মাৰিবলৈ কৈছে৷ তেনে কৰিলেহে হৰিভক্তি আহৰণ কৰিব পাৰি৷

গোৱালপৰীয়া ফকৰা- কিছুমান ফকৰা একোটা বিশেষ অঞ্চলত জন্ম লৈ সেই ঠাইৰ কথিত ভাষাৰ আকাৰেৰ সমৃদ্ধ হৈছে৷ ভাষাগত ভিন্নতা থাকিলেও ব্যৱহাৰিক দিশত ফকৰা-যোজনাবোৰে একে অৰ্থকে প্ৰকাশ কৰে৷ জীৱন চন্দ্ৰ কোঁচ ডাঙৰীয়াৰ “অসমীয়া ফকৰা-যোজনা” শীৰ্ষক অনুপম সংকলনখনত গোৱালপৰীয়া ফকৰা-যোজনাৰ ভাষাগত বৈচিত্ৰ্যৰ বিষয়ে উল্লেখ আছে৷ এইবোৰ ফকৰাত শব্দ প্ৰয়োগত বঙালী আৰু থলুৱা ৰাজবংশী ভাষাৰ সংমিশ্ৰণ ঘটিছে৷ স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ এইবোৰ ফকৰা-যোজনাতো একোটা গভীৰ মৰ্মাৰ্থ লুকাই আছে৷

“আগত হাটা প্ৰসাদ বাটা

নৌকাৰ ধৰে হাইল

তিন শালায় খায় গাইল৷৷” অৰ্থ—নেতা বা আগৰণুৱা হ’লে দহৰ কথা শুনিব লাগে৷

“আগ্য জানি বান্ধে আলি

তায় খাই নানান শালি৷৷” অৰ্থ–আগতীয়াকৈ আলি বান্ধি পানী জমা কৰি ৰাখিলে শালি খেতি নদন-বদন হয়৷

“আগলতীক দেখি পাচলতী হাসে

থাক থাক পাচলতী তোকো লাগি আছে৷৷”–অৰ্থ-আনক নিন্দা কৰিলে নিজেও নিন্দাৰ পাত্ৰ হয়৷

ডাঃ অমৰেন্দ্ৰ গগৈয়ে সংকলনখনিৰ দুৱাৰমুখতে অসমীয়া ফকৰা-যোজনাৰ বিষয়ে গোটাচেৰেক কথা লিখিছে৷ ফকৰা-যোজনাৰ গঠনমূলক দিশটো নিৰীক্ষণ কৰি তেওঁ ফকৰা-যোজনাবোৰৰ অধিকাংশই দুশাৰীত ৰচিত বুলি মন্তব্য কৰিছে৷ ফকৰা-যোজনাৰ আন এজন চৰ্চাকাৰী নাগেশ্বৰ দাসৰ প্ৰসংগ তেওঁ টানি আনিছে৷ নাগেশ্বৰ দাসে ফকৰা-যোজনাক মোটামুটিভাৱে চাৰিটা ভাগত ভাগ কৰিছে-

১) বৰ্হিজগতৰ বস্তুৰ তুলনাত বস্তু হিচাপে লৈ উদ্ভৱ হোৱা৷

২) দাৰ্শনিক ভাৱাপন্ন আৰু ঈশ্বৰ সম্বন্ধীয়

৩) ৰামায়ণ-মহাভাৰতৰ পৰা উদ্ভৱ হোৱা

৪) পুৰণি সাধু বা কাহিনীৰ পৰা উদ্ভৱ হোৱা

নাগেশ্বৰ দাসৰ উপৰিও ড. বিৰিঞ্চি কুমাৰ বৰুৱাই যোজনাসমূহক স্থান,ভূগোল,জাতি,সমাজ,পুৰণি কাহিনী,বুৰঞ্জী,লৌকিক আখ্যান,সাধুকথা, প্ৰকৃতি,ধৰ্ম,আচাৰ-ব্যৱহাৰ-এইধৰণে বিভিন্ন শ্ৰেণীত ভগাইছে৷

আধুনিক সৃষ্টিশীল সমাজত ফকৰা-যোজনাৰ প্ৰয়োগ -

ছবি,ধাৰাবাহিক,নাটক আদিত ফকৰাৰ ব্যৱহাৰঃকেইদিনমানৰ পূৰ্বে মনোৰঞ্জনধৰ্মী চেনেল ‘ৰং’ত সম্প্ৰচাৰিত হোৱা “বৰলা কাই” নামৰ অসমীয়া ধাৰাবাহিকখনত মূল চৰিত্ৰ মিহিৰামৰ মুখত “এডেও দুডেও লোটা নিয়াৰ চেও” শীৰ্ষক ফকৰা-যোজনাটি সঘনে শুনিবলৈ পোৱা গৈছিল৷ এখন জনপ্ৰিয় ধাৰাবাহিকক মাধ্যম হিচাপে লৈ কম-জনপ্ৰিয় এটা ফকৰা-যোজনাক দৰ্শকৰ ওচৰ চপাই নিয়াত ধাৰাবাহিকখনে এক প্ৰশংসনীয় কাম সম্পাদন কৰিলে৷

কমকৈ হ’লেও অসমীয়া চলচ্চিত্ৰত ফকৰা-যোজনাৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়৷ চলচ্চিত্ৰ ইতিহাসৰ বৰ গভীৰতালৈ গমন নকৰি এখন জনপ্ৰিয় ছবি ‘হিয়া দিয়া নিয়া’ৰ কথা উল্লেখ কৰিব খোজোঁ৷ ছবিৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ‘শৰ্মা’ৰ মুখত কেইবাটাও ফকৰা-যোজনা শুনিবলৈ পোৱা গৈছিল৷ “বান্দৰৰ ডিঙিত মুকুতাৰ মালা” , “দৰিদ্ৰ লংকালৈ যায়,সাগৰো শুকায়,মাণিকো লুকায়”ৰ দৰে বহুকেইটা ফকৰা-যোজনা শুনিবলৈ পোৱা যায়৷

ছপা আৰু বৈদ্যুতিন মাধ্যমত বাতৰিৰ প্ৰতিবেদন আৰু উপস্থাপনতো ফকৰাৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়৷ কাৰ্টুনৰ চৰিত্ৰৰ মুখত সংলাপ লিখোঁতে ফকৰাৰ প্ৰয়োগ নোহোৱা নহয়৷ অৱশ্যে প্ৰয়োগ হোৱা সৰহভাগ ফকৰাৰে আঁৰত বিদ্ৰুপাত্মক(Satire) দৃষ্টিভংগী একোটাৰ উপস্থিতি সহজেই অনুমেয়৷

বিলুপ্তিপ্ৰায় ফকৰাৰ সংৰক্ষণ –

ক্ৰমাৎ অন্তৰ্হিত হ’বলৈ ধৰা কিছুমানফকৰা-যোজনাবোৰক জনমানসত জনপ্ৰিয় কৰাৰ মানসেৰে অসমৰ সচেতন মহলে চেষ্টা নকৰা নহয়৷ কিন্তু তেনে বিনম্ৰ প্ৰয়াসত হাত উজান দিয়া মানুহৰ সংখ্যা খুবেই কম৷ দুই-এগৰাকী বিশিষ্ট ব্যক্তিয়ে দীৰ্ঘদিনীয়া পৰিশ্ৰমৰ অন্তত ফকৰা-যোজনাৰ সংকলন প্ৰস্তুত কৰি উলিয়াইছে ৷ ডাঃ অমৰেন্দ্ৰ গগৈৰ অসমীয়া ফকৰা-যোজনা,জীৱন চন্দ্ৰ কোঁচৰ ‘অসমীয়া ভাষাৰ অলঙ্কাৰ ফকৰা-যোজনা’,জয়চন্দ্ৰ চক্ৰৱৰ্তীৰ ফকৰা-যোজনাত অজস্ৰ ফকৰা-যোজনা সন্নিৱিষ্ট হৈ আছে৷ যদিও অনাৱিষ্কৃত ৰূপত লোক-সমাজত এতিয়াও অনেক ফকৰা-যোজনা আছে বুলি তেওঁলোকে ঠাৱৰ কৰিছে৷ ডাঃ অমৰেন্দ্ৰ গগৈৰ সংকলনত মুঠ পোন্ধৰশ ফকৰা-যোজনাৰ সন্নিৱিষ্ট হৈছে৷ আনহাতে জীৱন চন্দ্ৰ কোঁচৰ পুথিখনত ষোল্লশতকৈও অধিক ফকৰা-যোজনাৰ সংযোজিত হৈছে৷ চক্ৰৱৰ্তীৰ পুথিখন আকাৰত সৰু হ’লেও ভালেমান ফকৰা-যোজনাৰ সন্নিৱিষ্ট হৈ আছে৷

ইন্টাৰনেটত ফকৰা-যোজনাৰ সংৰক্ষণ -

কেইগৰাকীমান সচেতন অসমীয়াৰ নিজাববীয়া উদ্যোগত জন্মগ্ৰহণ কৰা শব্দ ডট্ অৰ্গ নামৰ অ’নলাইন অভিধানত ফকৰা-যোজনা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ অসমীয়া আৰু ইংৰাজী-দুয়োটা ভাষাতে এই ফকৰা-যোজনাবোৰৰ চমু ব্যাখ্যা আগবঢ়োৱা হৈছে৷ শব্দ ডট্ অৰ্গত থকা ফকৰা-যোজনাৰ সংখ্যা মুঠেই তাকৰ নহয়৷

সামৰণি -

অসমীয়া সাহিত্যৰ বিস্বস্ত দাপোনৰূপে পৰিচিতি লাভ কৰা মাহেকীয়া আলোচনী গৰীয়সীৰ নৱেম্বৰ সংখ্যাটোত অসমৰ সাহিত্য-জগতৰ প্ৰাতঃস্মৰণীয় পুৰুষ মহিম বৰাদেৱৰ এটি সাক্ষাৎকাৰ প্ৰকাশ পাইছিল৷‘এধানি মাহিৰ হাঁহি’ শীৰ্ষক অনবদ্য গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটাৰে বিভূষিত হোৱা মহিম বৰাদেৱে সাক্ষাৎকাৰত সোধা এটা প্ৰশ্নৰ উত্তৰত সাম্প্ৰতিক সময়ৰ সাহিত্যত অসমীয়া জঁটুৱা-ঠাচবোৰৰ প্ৰয়োগ কমি আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ মোৰ বোধেৰে, জটুৱা-ঠাচবোৰৰ লগতে সাম্প্ৰতিক সাহিত্যত আমাৰ জাতীয়-জীৱন আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰা অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ ফকৰা-যোজনাসমূহৰো ব্যৱহাৰ কমি আহিছে বুলি কোৱাহেঁতেনো বোধহয় বৰাদেৱৰ মন্তব্যক অতিৰঞ্জিত বুলি ক’ব পৰা নগ’লহেতেন ৷ কাজেই ভাষাৰ সৌন্দৰ্য বৰ্ধনত অন্যতম ভূমিকা পালন কৰা এইসমূহ উপাদানৰ আধুনিক সময়ৰ নিশকতীয়া ৰূপটো অনুধাৱন কৰি নবৈ ঊৰ্ধৰ ‘ৰঙা জিঁয়াৰ কবি’গৰাকীৰ অভিযোগমিশ্ৰিত আক্ষেপ আজিৰ তাৰিখত নিতান্তই প্ৰাসংগিক ৷

অসমীয়া মানুহৰ পৰিৱৰ্তিত ৰুচিবোধৰ নেতিবাচক দিশটো উপলব্ধি কৰি ডাঃ হেমন্ত কুমাৰ শৰ্মাই ‘অসমীয়া সাহিত্যত দৃষ্টিপাত’ত লিখিছে-“…আমি শিক্ষা,ভাব আৰু চিন্তাত অসমীয়া হৈয়ো অনা-অসমীয়া হৈছো; পশ্চিমীয়া আদৱ-কায়দা শিকিবলৈ গৈ নিজৰ ঐতিহ্যক একেবাৰে পাহৰি পেলাব খুজিছোঁ; সেই কাৰণে অসমীয়াৰ লগত হাড়ে-হিমজুৱে সম্বন্ধ থকা প্ৰৱাদ-বাক্যক আমি পাহৰিব ধৰিছোঁ৷”

প্ৰৱাদ বাক্যক অৱহেলিত হোৱাৰ কাৰণৰ বিষয়ে লিপিবব্ধ কৰি আগবঢ়োৱা মনস্তাত্ত্বিক বিশ্লেষণ ফকৰা-যোজনাৰ কথাটো খাটে-“…প্ৰৱাদ বাক্যবোৰ যি শক্তিশালী ভাষাত ৰচিত সেই ভাষা আমি পাহৰি গৈছোঁ, সেই ভাষাৰ ৰস আৰু ৰহস্য এতিয়া আৰু তেনেকৈ গ্ৰহণ কৰিব নোৱাৰোঁ৷…..বহুতো শিক্ষিত লোকে প্ৰৱাদ বাক্যত গ্ৰাম্য দোষ থকা বুলি ভা‌ৱধাৰা লৈ ভাবে যে এই ভাষাৰ কোনো আভিজাত্য নাই৷ …”

সমাজৰ এটা চামত উপেক্ষিত আৰু অৱহেলিত হ’লেও অসমীয়া ভাষাটোৰ অনন্য,অনুপম উপাদান জতুৱা-ঠাঁচ,ফকৰা-যোজনা,ডাকৰ বচন,সাঁথৰবোৰে ভাষাটোৰ ভেটি সবল কৰাত মুখ্য পৃষ্ঠপোষকৰ দায়িত্ব পালন কৰিছে ৷ লগতে ভাষাটোৰ নিজস্বতা আৰু মৌলিকত্বৰো সৌষ্ঠৱ বঢ়াইছে৷ কিছুমান ফকৰা-যোজনাত সমাজ-বৰ্জিত শব্দ-বাক্য সংযোজিত হ’লেও সেইবোৰৰ মৌলিক সৌন্দৰ্য নষ্ট নকৰাকৈ প্ৰকৃত ৰূপটোতেই সংৰক্ষিত হোৱা উচিত ৷

ফকৰা-যোজনাৰ সংৰক্ষণ হ’লেই নহ’ব৷ এইবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰো হ’ব লাগিব ৷ “ছ’, ডেন,বাট্ হোৱেন,ডেন” আদি ইংৰাজী শব্দৰ পৰিৱৰ্তে ল’ৰা-ছোৱালীৰ মুখত ফকৰা-যোজনা,ডাকৰ বচন আদিহে আখৈ ফুটাদি ফুটিব লাগিব৷ তেহে জাতিটো জীয়াই থাকিবগৈ৷ অন্যথা ‘আছে গৰু নাবাই হাল,থকাতকৈ নথকাই ভাল’ শীৰ্ষক ফকৰা-যোজনাৰে অসমীয়া জাতিটোক ‘বিভূষিত’ কৰাৰ বাহিৰে অইন একো উপায় আমাৰ হাতত নাথাকিবগৈ৷

লেখক: ঈশান জ্যোতি বৰা

উৎস: সাহিত্য.অৰ্গ

 

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top