অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসাধাৰণ আকৃতি আৰু সৌন্দৰ্যৰ প্ৰতীক অৰ্কিড

অসাধাৰণ আকৃতি আৰু সৌন্দৰ্যৰ প্ৰতীক অৰ্কিড

 

অপৰূপ সৌন্দর্য আৰু ঔষধি গুণেৰে সমৃদ্ধ সর্বজনবিদিত এবিধ সপুষ্পক তৃণজাতীয় উদ্ভিদ হিচাপে অৰ্কিডৰ অর্থনৈতিক মূল্য আন্তর্জাতিক বজাৰত অতি বেছি। সাধাৰণতে অর্কিডবোৰ বিভিন্ন ৰং, আকৃতি আৰু গঠনৰ হোৱা দেখা যায়। আনকি কিছুমান অৰ্কিডৰ ফুল মৌমাখি, পখিলা, হাঁহ, ভেকুলী, জেঠী, মকৰা আকৃতিৰ হয়। দেখিলে আচৰিত লাগে যে কিছুমান অৰ্কিড নৃত্যৰতা মহিলাৰ ৰূপতো পোৱা যায়। কপৌফুল, ভাটৌফুল আদি আমাৰ চিনাকি আৰু বাৰী শুৱনি কৰা অর্কিড।

পৃথিৱীৰ প্রায় সকলো ঠাইতে অৰ্কিড পোৱা যায় যদিও ঘাইকৈ গ্রীষ্মমণ্ডলীয় অঞ্চলত পোৱা অকির্ডৰ সংখ্যাই সৰহ। পৃথিৱীত এতিয়ালৈকে আনুমানিকভাৱে ১৮,০০০ প্রজাতিৰ অৰ্কিডৰ সন্ধান পোৱা গৈছে।

উদ্ভিদ বিজ্ঞানত আটাইবোৰ অৰ্কিডক অৰ্কিডেচি নামৰ গোত্ৰত সন্নিৱিষ্ট কৰা হৈছে। অর্কিডেই সপুষ্পক উদ্ভিদৰ আটাইতকৈ ডাঙৰ গোত্র। সৌভাগ্যপূর্ণভাৱে এইসমূহ উদ্ভিদ (অর্কিড)ৰ প্রায় ১,৪০০টা প্রজাতি ভাৰতত পোৱা যায়। তাতোকৈ ডাঙৰ কথা এয়ে যে তাৰে প্রায় ৮০০ প্রজাতিৰ অৰ্কিড আমাৰ উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ। ইয়াৰ কাৰণ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচুৰ বৃষ্টিপাত। আৰ্দ্ৰতাৰ আধিক্য আৰ, অকির্ডৰ অনুকূল তাপমাত্রা। আমাৰ অসমো অলেখ প্রজাতিৰ অর্কিডৰ মনোৰম আৱাসভূমিত পৰিগণিত হৈছে।

সাধাৰণ প্রকৃতি আৰু আৱাসৰ ওপৰত ভিত্তি কৰি, বহলভাৱে দুভাগত অৰ্কিডবোৰ ভাগ কৰা হয়। সেয়া হৈছে পৰাশ্রয়ী (epithytic) আৰু ধৰাত লীয় বা স্থলজ অৰ্কিড।

পৰাশ্ৰয়ী অর্কিডবোৰে সাধাৰণতে গছৰ ডালত আশ্ৰয় লৈ শিপাৰে সৈতে ডালত খামুচি থাকে।

ধৰাতলীয় বা স্থল অর্কিডবোৰ মাটিত জন্মে। এনে অর্কিডৰ অনেকবোৰৰে কাণ্ড বা গা-গছ থাকে। ইহঁতৰ শিপাত কিছুমান ভেঁকুৰ বাস কৰি অৰ্কিডক জীয়াই থকাত সহায় কৰে।

অৰ্কিডৰ ফুলবিলাকৰ প্রধান বৈশিষ্ট্য হ’ল ই বহুত দিনলৈকে সজীৱ হৈ থাকে। আনকি কিছুমান প্রজাতিৰ অৰ্কিডৰ ফুল দুমাহ পর্যন্ত সজীৱ হৈ থকাৰো উদাহৰণ আছে।

গিনিজ বুক অব্‌ ৰেকৰ্ডছৰ তথ্য অনুসৰি পৃথিৱীৰ আটাইতকৈ ওখ প্রজাতিৰ অৰ্কিডবিধৰ নাম গেলি অ'লা ফোলিয়াটা। অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত পোৱা এইবিধ অৰ্কিড প্রায় ১৫ মিটাৰ ওখ হয়।

অষ্ট্ৰেলিয়াৰ মুংগলিনাপ নামৰ ঠাইত মাটিৰ তলতো গজা এবিধ অৰ্কিডৰ সন্ধান পোৱা গৈছিল।

আইচক্ৰীম, কেক আদিক সুগন্ধিত কৰিবলৈ ব্যৱহাৰ কৰা ভেনিলা নামৰ দ্ৰব্যবিধ অৰ্কিডৰ পৰাই আহৰণ কৰা হয়।

আমাৰ দৈনন্দিন জীৱনত হোৱা কিছুমান অসুখ যেনে— বাতবিষ, পিত্ত, কফ আদিৰ ঔষধ, বিশেষকৈ আয়ুৰ্বেদিক ঔষধ প্রস্তুত কৰা সুগন্ধি তেল আদি প্রস্তুত কৰাত অৰ্কিডৰ বহুল ব্যৱহাৰ হয়।

মুঠতে সৌন্দর্য, গোন্ধ, ৰঙৰ উজ্জ্বলতা, কৌশলজনক প্রকৃতি আদিৰ বাবে সমগ্র পৃথিৱীজুৰি অৰ্কিড সমাদৃত।

অর্কিডৰ সংৰক্ষণ কৰি ইয়াক আমি বিলুপ্তপ্রায় হোৱাত বাধা দিব লাগিব।

লেখিকা: মধুমিতা বৰুৱা শইকীয়া, অসম বাণী।

 

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate