মূল পৃষ্ঠা / শিক্ষা / শিকাৰ আনন্দ / আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱস

আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱসৰ বিষয়ে

 

সাধাৰণ অৰ্থত চাবলৈ গ’লে ‘বোকা’এবিধ বিৰক্তিদায়ক দ্ৰব্য।পৰিষ্কাৰ কাপোৰ এসাজ পৰিপাতিকৈ পিন্ধি ক’ৰাবালৈ ওলাই যাওঁতে সামান্য অসাৱধানতাবশত:কাপোৰত বা গাত যদি অকণমান বোকা লাগে ,তেনেহ’লে মনৰ সতেজ ভাৱটো হঠাতে নাইকিয়া হৈ পৰে আৰু সেই আপদীয়া বোকাখিনিলৈ এক অদমনীয় উঠে।বোকানো ক’ত নাথাকে?বৰষুণ এজাক হোৱাৰ লগে লগে চৌদিশ বোকাৰে ভৰি পৰে।ক’ৰবাত হয়তো বোকাৰ গভীৰতা কম,আন ক’ৰবাত আকৌ আঁঠুলৈকে পোত যোৱা গভীৰ বোকা।মুঠতে সকলোতে বোকা থাকিবই।কোনো কোনো ঠাইত বাৰিষা-খৰালি সকলো বতৰতে খোজকাঢ়ি যাব নোৱাৰকৈ লেতেৰা বোকা থাকেই।এনে ধৰণৰ পিচল,আঠালতীয়া ,লেতেৰা বস্তুবিধে মানুহক কোনোধৰণৰ উপকাৰ সাধিব নোৱাৰে বুলিয়ে ভবা যায়।কিন্তু বোকাৰ বিষয়ে থকা আমাৰ এই ধাৰণা ভুল বুলি প্ৰমাণিত হৈছে।বিশেষভাৱে ‘আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱস’ৰ আয়োজকসকলে বোকা যে একেবাৰে অদৰকাৰী দ্ৰব্য,-এই কথা মানি ল’ব নোখোজে।বোকা বোলে বাহিৰৰ জগতখনৰ বাবে অতি আৱশ্যকীয় বস্তু।

মানুহৰ বাবে অতি গুৰুত্বপুৰ্ণ দুটি বিশেষ উপাদান হৈছে সতেজ বায়ু আৰু ব্যায়াম।এই দুয়োটি উপাদানৰ বাবে আমাৰ ঘৰৰ বাহিৰৰ জগতখনত এই বোকাৰ আছে অনস্বীকাৰ্য ভুমিকা।যদি এনে এটি গুৰুত্বপুৰ্ণ দ্ৰব্যৰ সংস্পৰ্শলৈ আহোতে অকণমান লেতেৰা হ’ব লগা হ’লেনো কি ক্ষতি হয়?পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিজ্ঞানীসকলে চলোৱা অসংখ্য অধ্যয়ন আৰু গৱেষণাই প্ৰমাণ কৰিছে যে কিছুসংখ্যক বেক্টেৰিয়াৰ সংস্পৰ্শলৈ অহাটো মানৱ শৰীৰৰ বাবে উপকাৰী।কাৰণ বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহিলে মানৱ শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰিব পাৰে।একেবাৰে বেক্টেৰিয়াবিহীন পৰিৱেশত থাকিলে মানৱ দেহতো ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি নহয় আৰু যিকোনো ৰোগৰ বীজাণুৱে সহজে আক্ৰমণ কৰিব পৰাকৈ শৰীৰটো উন্মুক্ত হৈ পৰে।

বোকাত যে কিমান ধৰণৰ আৰু কিমান পৰিমাণৰ খনিজ দ্ৰব্য থাকে,সেই কথা উল্লেখ নকৰিলেও হ’ব।সেই বাবে ‘স্পা’বিলাকত বোকাৰ প্ৰলেপ আৰু বোকাৰ স্নান গ্ৰহণ কৰিবৰ বাবে মানুহে হেজাৰ হেজাৰ টকা খৰচ কৰে।গতিকে আপুনি আৰু আমি ৰৈ আছো কিয়?আহকচোন আমি মাজে সময়ে গাত বোকা সানি ‘লেতেৰা’হওঁ

আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱসৰ বুৰঞ্জী

 

বিশ্বৰ সকলো শিশুৱে পৰস্পৰে নিকট সংস্পৰ্শত থকাটো অনুভৱ কৰাৰ এক উপায় বিচাৰি আছিল-‘আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱস’ৰ উদ্ভাৱক আৰু উদ্যোক্তাসকলে।বিশ্বব্যাপী থকা ‘মাটি’ৰ বাহিৰে আন কোনো দ্ৰব্যই এই সান্নিধ্যৰ সৃষ্টি কৰিব নোৱাৰে বুলি তেওঁলোকে এদিন উপলব্ধি কৰিলে।একমাত্ৰ ‘মাটি’বা  বোকাই হ’ব পাৰে এনে উষ্ণ সান্নিধ্যৰ এক নিৰাপদ মাধ্যম।

অষ্ট্ৰেলিয়াৰ জিলিয়ান মেকঅ’লিফ আৰু নেপালৰ বিষ্ণু ভট্টই একেলগ হৈ সম্প্ৰদায়ৰ অনুভুতি আৰু আমাৰ চৌপআশৰ ধৰণীখনৰ বাবে প্ৰকৃতিক কৃতজ্ঞতা জনোৱাৰ লগতে সকলোৰে মাজত চৌপাশৰ পৃথিৱীখনৰ প্ৰতি উচ্চ প্ৰস্ংশাৰ অনুভুতি জগাই তোলাৰ উপায় সম্পৰ্কে আলোচনা কৰিলে আৰু ২০০৯ চনত ‘আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱস’বিশ্বজুৰি প্ৰথমবাৰৰ বাবে পালন কৰাৰ সিদ্ধান্ত লোৱা হ’ল

প্ৰতিবছৰে ২৯ জুন তাৰিখৰ দিনটো ‘আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱস’ৰুপে পালন কৰিবলৈ সকলোকে উৎসাহিত কৰিলে।সমগ্ৰ বিশ্বৰ হলেণ্ডৰ পৰা নেপাললৈ,ইউৰোপৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈকে সকলো শিক্ষাবিদ,শিশু আৰু পৰিয়ালৰ সকলো সদ্যসই  এই দিৱস পালন কৰিবলৈ পৃষ্ঠপোষকৰ ভুমিকা গ্ৰহণ কৰিলে।বয়স,বৰ্ণ আৰু ধৰ্ম নিৰ্বিশেষে সকলোৱে সেইদিনা শৰীৰৰ সৰ্বাংগত বোকাৰ লেপ ল’লে- সকলোকে দেখিবলৈ একেই হয়।

এইখিনিতে অসমত হোলী বা ফাকুৱাৰ দ্বিতীয় দিনা অসমৰ বহুতো অঞ্চলত ‘বোকা খেল’ৰ প্ৰসংগটোও উল্লেখ কৰিব পাৰি।সেইদিনা জাতি,ধৰ্ম,বয়স বা লিংগ বিচাৰ নকৰি সকলোৰে গা-মুৰ সম্পুৰ্ণ বোকাৰে লেপি আনন্দ কৰা দেখা যায়।আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱসৰ কাৰ্যসুচীও আমাৰ ইয়াত পৰম্পৰাগতভাৱে চলি থকা বোকা খেলৰ সৈতে একে।বোকাৰ সৈতে সম্পৰ্ক থকা আন কিছুমান ৰাজহুৱা অনুষ্ঠান আৰু উৎসৱ বিভিন্ন অঞ্চলত সময় বিশেষে পালন কৰা হয়।সেইবিলাকৰ ভিতৰত বোকা ভাওনা,বোকা ধেমালি আদিয়ে প্ৰধান।

কেনেকৈ পালন কৰা হয়,এই দিৱস?

 

‘আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱস’বিভিন্ন কাৰ্যসুচীৰে পালন কৰা হয়।কিন্তু সকলো দেশৰে সেই দিনটোৰ কাৰ্যসুচীৰ ভিতৰত এটা কাৰ্যসুচী একেই থাকে।সেইটো হৈছে-সকলো অংশগ্ৰহণকাৰীয়ে’লেতেৰা’হ’বই লাগিব।যদি আপোনাৰ লগত দুটিমান শিশু থাকে,তেনেহ’লে দিনটো বেছ আমদায়ক হ্য।কাৰণ শিশুহঁতৰ দৰে ‘লেতেৰা’হ’বলৈ আন কোনেনো ভাল পায়?এই দিৱসটোত কাৰ্যকৰী হোৱা আটাইতকৈ বেছি আনন্দদায়ক আৰু সৃষ্টিশীল কাৰ্যসুচী হৈছে-বোকা মাটিৰে প্ৰতিমুৰ্তি সজা বা মাটিৰে কেক প্ৰস্তুত কৰা।এই কামবোৰ নিখুঁতভাৱে কৰিবলৈ সাজু কৰি লোৱা বোকা মাটিখিনিত প্ৰয়োজন সাপেক্ষে পানী বা মাটি মিহলাই লোৱাটো এটা অতি সহজ কাম।এই কোমল মাটিখিনিৰে আপোনাৰ পছন্দমতে যিহকে মন যায়,সাজি উলিয়াওক।এই কামবিলাক কৰোতে আপুনি প্ৰাণ খুলি হঁহাৰ সুযোগ পাব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা দিন বৰ সুন্দৰকৈ পাৰ কৰাৰ অৱকাশো পাব।দিনটো আমোদ-প্ৰমোদৰ মাজেদি পাৰ কৰাৰ আন এটা উপায় হৈছে আপুনি নিজে ঘৰৰ চোতালত বোকা তৈয়াৰ কৰাৰ এটা সৰু গাঁত খান্দি লোৱাটো ।এই কামটো তেনেই কম খৰচী আৰু ই এক অতুলনীয় অভিজ্ঞতাৰ উৎস হৈ ৰ’ব।এই গাঁতটো আপুনি সহজে মাটি আৰু পানীৰে ভৰাই যিমান লাগে সিমান বোকা প্ৰস্তুত কৰি ল’ব পাৰে আৰু আপোনাৰ পৰিয়ালৰ শিশুহঁতক এই বোকাৰে এদিন খেলাৰ সুযোগ দি আনন্দ লাভ কৰিবলৈ দিব পাৰে।অৱশ্যে আপুনি এটা কথা নিশ্চিত হৈ ল’ব যে,এই খেলত ভাগ লোৱা শিশুহঁতৰ লগতে আপোনাৰো পিন্ধা কাপোৰযোৰ একেবাৰে পেলাই দিব লাগিব।কাৰণ এই বোকা খেলত ব্যৱহাৰ কৰা কাপোৰ ধুই আপুনি পুৰ্বৰ দৰে পৰিষ্কাৰ কৰি ল’ব নোৱাৰিব।

উৎস:স্বাস্থ্য

 

3.0487804878
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top