অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমি কিয় কথা কওঁ:

আমি কিয় কথা কওঁ লিখা হৈছে

 

মুখৰ ভাষাই আমাক মানুহ কৰিলে নেকি?

 

ভেকুলীয়ে টোৰটোৰায়,চৰায়ে কিচকিচায় আৰু সুললিত গান গায়,বান্দৰে খেকখেকায়।কিন্তু আমি মানুহবোৰে যি উচ্চ আৰু অসীমভাৱে সালসলনি কৰি যাব পৰা ভাষাৰ দক্ষতা আহৰণ কৰিলোঁ,আন কোনো প্ৰজাতিয়ে সেইটো নোৱাৰিলে।ভাষা অবিহনে আমি ব্যৱসায়-বাণিজ্য,জাতি-জনজাতি ,ধৰ্ম-আচাৰ,আৰু ৰাষ্ট্ৰও গঠন কৰিব নোৱাৰিলোঁহেঁতেন-ইণ্টাৰনেট,ম’বাইল ফোনতো বহু দুৰৰে কথা।

আমি যে আমাৰ মনৰ ভাব আনক বুজাব পাৰোঁ আৰু আনৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ,কিহৰ বাবে পাৰোঁ?ই আমাক কেনেদৰে একোটা ৰুপ দিয়ে আৰু ই নিজে কেনেকৈ সলনি হৈ গৈ থাকে?সেই সন্দৰ্ভত নটা বিশেষ প্ৰশ্ন তুলিব পাৰি-

১| কোনে প্ৰথম কথা কৈছিল?

২|আমি ভাষা উদ্ভাৱন কৰিলোঁ কিয়?

৩|প্ৰথম শব্দবোৰ কি আছিল?

৪|ভাষা এটা শিকিলে মস্তিষ্কৰ ভিতৰৰ জালিকা পুনৰগঠিত হয় নেকি?

৫|ভাষাই আমি জগতখন কিভাবে দেখোঁ তাক প্ৰভাৱান্বিত কৰে নেকি?

৬|আমাৰ ভাষাই আমাৰ ব্যক্তিত্ব গঠন কৰে নেকি?

৭|এদিন আমি সকলোৱে বাৰু একেটা ভাষাকে ক’ম নেকি?

৮|প্ৰযুক্তিবিদ্যাই ভাষা কেনেদৰে সলনি কৰি আছে?

৯|এদিন আমি কথা নোকোৱাকৈয়ে সংযোগ স্থাপন কৰিব পাৰিম নেকি (অৰ্থাৎ মনৰ ভাব আনক সম্পুৰ্ণ বুজাব পাৰিম নেকি)?

এইবোৰ প্ৰশ্নৰ সম্ভাব্য উত্তৰ বিচাৰিব পাৰিলেই আমি আমাৰ অতি-বিশিষ্ট দক্ষ ভাষাৰ বিষয়ে আৰু তাৰ ফলত আমাৰ নিজৰ বিষয়েই ভালদৰে জানিব-বুজিব পাৰিম।

ভাষা হ’ল সামাজিক প্ৰযুক্তিবিদ্যাৰ এটা শক্তিশালী হাতিয়াৰ।আমাৰ ভিতৰৰ পৰা বতাহ এৰি দিওঁতে কিছুমান সংকেতৰ (Code)সৃষ্টি কৰি আন কাৰোবাক সেই সংকেতবোৰৰ অৰ্থ বুজিবলৈ দিয়াটোৱেই ভাষা,আৰু তাৰদ্বাৰা আমি আনক (কেতিয়াবা স্বগতোক্তিৰে নিজকো)আমাৰ অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ নানা তথ্য দিওঁ,আমাৰ মনৰ ধাৰণাক ৰুপ দিওঁ,কামৰ আৰম্ভণি কৰোঁ,আনক বাধ্য কৰাওঁ (কিবা এটা কাম কৰিবলৈ,কেতিয়াবা আনকি অনুনয় –আবেগেৰে),প্ৰশংসা কৰোঁ,কৃতজ্ঞতা প্ৰকাশ কৰোঁ,আনকি ঠগোঁও (বেছিভাগ ঠগোঁৱেই)।

এতিয়া পৃথিৱীত ৭১০ টা ভাষা আছে (২০১৬ চনৰ ফেব্ৰুৱাৰি মাহত)।সকলো মানৱ সমাজৰে ভাষা আছে,আৰু কোনো ভাষায়েই আন কোনো ভাষাতকৈ ওপৰৰ নহয়-প্ৰত্যেক ভাষাই মানুহৰ সমস্ত অভিজ্ঞতা আদান-প্ৰদান কৰিব পাৰে।এইবোৰ সাৰ্বজনীনতা বিশ্লেষণ কৰিয়ে ভাষা- বিৱৰ্তনৰ পণ্ডিতসকলে বুজিব পাৰিছে যে আমাৰ প্ৰজাতিটোৱে এতিয়াৰপৰা দুই লাখৰ পৰা এক লাখ ষাঠি হাজাৰ বছৰৰ আগতে আফ্ৰিকাত আমাৰ হ’ম’ ছেপিয়েনছ (Homo sapiens)প্ৰজাতিটোৰ উদ্ভৱৰ সময়ৰপৰাই ভাষাৰ ব্যৱহাৰ আৰম্ভ কৰিছে।বিশেষজ্ঞসকলৰ মতে,সেইটো নহ’লে হ’ম’ ছেপিয়েনছবোৰ ষাঠি হাজাৰ বছৰ আগতে পৃথিৱীৰ অন্য অংশলৈ প্ৰব্ৰজন কৰাৰ পাছত আফ্ৰিকাত ৰৈ যোৱাসকলৰ কোনো ভাষা নাথাকিলহেঁতেন।

আমাৰ জ্ঞাতিভাইৰ ভাষা

 

বৰ্তমান পৃথিৱীত থকা একমাত্ৰ মানৱ প্ৰজাতি হ’ম’ ছেপিয়েনছৰ যদি ভাষা আছে,তেনেহ’লে এতিয়া বিলুপ্ত হৈ পৰা আন কোনো মানৱ প্ৰজাতিৰো বাৰু ভাষা আছিল নেকি?বহুতো পণ্ডিতে বিশ্বাস কৰে যে বিলুপ্ত মানৱ প্ৰজাতি নিয়েনডাৰ্টেলবোৰৰো (Neanderthal)ভাষা আছিল।তেতিয়াহ’লে,এনে হ’বও পাৰে যে এতিয়াৰপৰা পাঁচ লাখ বছৰ বা তাৰো আগতে নিয়েনডাৰ্টেলবোৰ আৰু আমি আধুনিক মানুহবোৰে যি উমৈহতীয়া পুৰ্বপুৰুষৰপৰা দুভাগ হৈছিলোঁ,সেই পুৰ্বপুৰুষৰপৰাই আমি ভাষাও জানি আহিছিলোঁ।কথা ক’বৰ বাবে অত্যাৱশ্যকীয় জিন F0XP2 আৱিষ্কাৰে এই তত্ত্বৰ প্ৰতি সমৰ্থন আগবঢ়ালে।এই জিন নিয়েনডাৰ্টেল আৰু হ’ম’ ছেপিয়েনছৰ দুটা বিশেষ স্থানত পোৱা গ’ল,কিন্তু চিম্পাঞ্জীৰ এই জিন নাই।পিছে এটা একমাত্ৰ জিনে ভাষাৰ জন্মৰ সম্পুৰ্ণ প্ৰমাণ দিব নোৱাৰে।আনকি অলপতে প্ৰমাণ পোৱা গৈছে যে নিয়েনডাৰ্টেলৰ মস্তিষ্কই FOXP2 জিনটো বেলেগ ধৰণেহে চলাইছিল।

ভাষা হ’ল স্বাভাৱিকতেই প্ৰতীকধৰ্মী।ভাষাত মাত বা আৱাজে শব্দ (ব্যাকৰণৰ শব্দ,বাক্যৰ অংশ)বুজায় আৰু সেই শব্দই বস্তু আৰু ক্ৰিয়া বুজায়।নিয়েনডাৰ্টেলবোৰৰ প্ৰতীকধৰ্মী জ্ঞানৰ বিশেষ সাক্ষ্য-প্ৰমাণ পোৱা হোৱা নাই-অ’ত-ত’ত ৰঙৰ টুকুৰা বা আঁক-বাকহে পোৱা গৈছে।একে সময়তে পশ্চিম ইউৰোপত বসবাস কৰি থকা মানুহৰ কিন্তু ধুনীয়া চিত্ৰ (মুৰেল)আৰু সংগীতৰ যন্ত্ৰপাতি পোৱা হৈছে আৰু তেওঁলোকৰ নানা ধৰণৰ হাতিয়াৰ আৰু অস্ত্ৰ-শস্ত্ৰও পোৱা গৈছে।

কিছুমান বিশেষজ্ঞই এই বুলিও ক’ব খোজে যে দুই নিযুত বছৰ আগতে আফ্ৰিকাৰ ছাভান্নাত বসবাস কৰা,থিয় হৈ খোজ কাঢ়িব পৰা মানুহৰ পুৰ্বৰ প্ৰজাতি হ’ম’ ইৰেক্টাছবোৰেই  (Homo erectus)প্ৰথমতে কথা ক’বলৈ আৰম্ভ কৰিলে।কিন্তু এই কথা কোনোৱে প্ৰমাণ কৰিব পৰা নাই।

গতিকে বৰ্তমানৰ সাক্ষ্যৰ ভিত্তিত এই কথাটোকে অধিক সম্ভাৱনাপুৰ্ণ যেন লাগে যে কথা কৈ আনৰ কাণ কলা কৰি দিব পৰা আমাৰ এই দক্ষতা মাত্ৰ আমাৰ প্ৰজাতিটোৱেই আয়ত্ত কৰিছে।

আমাক ভাষা কিয়?

 

আমি এদনেদৰে ভাষা উদ্ভাৱন কৰিলোঁ কিয়?

ভাষা কোৱাৰ দক্ষতা আমি এনেয়ে,বিনাচেষ্টাই পোৱা নাই।মানুহ প্ৰজাতিটোৱে কথা ক’বৰ বাবে মস্তিষ্কত জটিল বৰ্তনী গঢ়ি ল’ব লগীয়া আৰু অতি জটিল যন্ত্ৰপাতি নিৰ্মাণ কৰি ল’ব লগীয়া হৈছে।তদুপৰি তেওঁলোকে তেওঁলোকৰ শিশুসকলক শিকাবৰ বাবে বহুতো মুল্যবান বছৰ খৰচ কৰিবলগীয়া হৈছে।এই কাম তেওঁলোকে কিয় কৰিছে?

বহুতো বিজ্ঞানীয়ে ভাবে যে আমাৰ মস্তিষ্কটো যথেষ্ট ডাঙৰ বাবে,আমি হাতেৰে জটিল অংগী-ভ্ংগী কৰিব পাৰোঁ বাবে,আমাৰ স্বৰনলী বিশেষভাৱে গঠিত বাবে,আৰু আমাৰ শৰীৰত থকা FOXP2 জিনে আমাৰ মুখৰ পেশী ইফাল-সিফাল কৰাৰ বিশেষ দশতা দিয়া বাবে আমি কথা ক’ব পাৰোঁ।আমাৰ মস্তিষ্কতকৈও ডাঙৰ মস্তিষ্কৰ প্ৰাণী আছে,নৰবানৰবোৰে হাতেৰে আমাতকৈও বেছিহে অংগী-ভংগী কৰে,আমাৰ দৰে স্বৰযন্ত্ৰ বিশেষ ধৰনৰ নহ’লেও কিছুমান জন্তুৱে আমাৰ দৰে মাত উলিয়াব পাৰে।সিহঁতৰ FOXP2 জিনো নাই।গতিকে এইবোৰ কথাই মাত উলিওৱা কথাটো সঁচা নহয়।

আমাৰ সামাজিক আচৰণ বিশেষ ধৰণৰ হোৱা বাবে আৰু আমাৰ ইজনৰ মনৰ ভাব সিজনক কোৱা আৰু সেইমতে আচৰণ কৰোৱাৰ তীব্ৰ প্ৰবৃত্তিৰ বাবেহে আমি কথা কোৱাৰ তাড়না অনুভৱ কৰিলোঁ বুলি বহুতো বিজ্ঞানীয়ে ভাবে।মানুহেই হ’ল একমাত্ৰ প্ৰজাতি যি নিজ পৰিয়ালৰ বাহিৰৰ ব্যক্তিলৈও নিজ সমৰ্থন-সমমৰ্মিতা –প্ৰেম-উপহাৰ আৰু বস্তু আৰু সেৱাৰ আদান-প্ৰদান কৰে।আমি শ্ৰমৰ বিভাজনত বৰ গুৰুত্ব দিওঁ আৰু কোনো কোনো কামতহে বিশেষ দক্ষতা আহৰণ কৰোঁ।বহু কামত-যেনে,দেশৰ হৈ যুঁজ দিয়াত,গাঁওখনৰ ৰাস্তাটো বন্ধাত-আমি সমুহীয়াভাৱেও যোগ দিওঁ।

এই সকলো কামতে দৰ-দাম কৰা,আলোচনা-বিলোচনা কৰা,ভাবৰ আদান-প্ৰদান কৰা,নিৰ্দেশ দিয়া আদিৰ বিশেষ প্ৰয়োজন আহি পৰে।ভাষা নহ’লে আমি কেনেকৈ এই কামবোৰ কৰিম?তথ্যৰ আদান-প্ৰদান কৰিবলৈ আমি যেনেকৈ ইউ এছ বি কবলৰ পথটো ব্যৱহাৰ কৰোঁ,তেনেকৈ আমাৰ উদ্দেশ্য,ভাব,নিৰ্দেশ,আবেগ আদি পঠাবলৈ আৰু গ্ৰহণ কৰিবলৈ আমি ভাষা ব্যৱহাৰ কৰোঁ।পৰুৱা আদি কিছুমান প্ৰাণীয়ে  ভাষা নোহোৱাকৈও নানা বাৰ্তা বিনিময় কৰে।কিন্তু সেয়া নিজৰ দলৰ ভিতৰতেহে।কিন্তু মানুহৰ সমাজে বেয়া মানুহক নিয়ন্ত্ৰণ কৰিব লাগিব,ভাল মানুহক প্ৰশংসাও কৰিব লাগিব।ভাষাৰে সেই কাম কৰি আমি বৃহৎ অঞ্চল একোটাতে বা গোটেই দেশখনতে বা পৃথিৱীখনতে সেই কথা শুনা কৰি তুলিব পাৰোঁ।

এনে ধৰণৰ জটিল (উচ্চস্তৰীয়া)সামাজিক সংযোগৰ বাবে আমাক টোৰটোৰণি,খেকখেকনি,কিচকিচনি,হোঁকহোঁকনি,গৰ্জন,ফোঁপনি,গোন্ধ বা ৰঙতকৈ সুদক্ষ এটা বাট লাগে।সেইবাবেই আমাক,একমাত্ৰ আমাক,ভাষা লাগে :আমাক লগা ধৰণৰ সামাজিকতা ভাষা নহ’লে বৰ্তি থাকিব নোৱাৰে।

ভাষাই দিয়া মস্তিষ্কৰ নৱ ৰুপ

মানুহৰ ভাষাৰ বিষয়ে বিশদ অধ্যয়ন চলোৱা বিজ্ঞানীসকলে এতিয়া মানুহৰ মুল মাতৃভাষাৰ,অৰ্থাৎ যি ভাষাৰ পৰা লাহে লাহে আন ভাষাবোৰৰ সৃষ্টি হৈ গৈ আছিল সেই ভাষাৰ সন্ধানতো নামিছে।তেওঁলোকৰ মতে আমাৰ বহুতো ভাষাত যে কিছুমান শব্দ একে বা একেধৰণৰ তাৰ কাৰণ হ’ল সেইবোৰ অতীতৰ কোনো মুল মাতৃভাষাৰপৰা আহিছে।নানা যুক্তিৰে তেওঁলোকে এই মতবাদো দাঙি ধৰিছে যে মানুহে কোৱা প্ৰথম শব্দবোৰ সৰল নাম কিছুমান আছিল।

আমাৰ প্ৰজাতিটোৰ বিৱৰ্তনৰ ফলত উদ্ভৱ হওঁতে হওঁতে আমাৰ মস্তিষ্কটোৰ কিছুমান অংশ প্ৰসাৰিত হৈ সি ভাষাৰ বাবে অধিক ক্ষমতা লাভ কৰিলে।সি আমাক তাৰ জটিল বৰ্তনীৰে বাৰ্তা বিনিময়ত সহায় কৰিলে।কিন্তু আচৰিত কথা হ’ল এয়ে যে ভাষাই গোটেই জীৱন ধৰি আমাৰ মস্তিষ্কটোক ন ন ৰুপ দি থাকে।

এটা মাথোঁ ভাষা কোৱা মানুহৰ তুলনাত দুটা ভাষা কোৱা মানুহে ইটো ভাষাৰপৰা সিটো ভাষালৈ যাওঁতে তেওঁৰ মস্তিষ্কত বেলেগ ক্ৰিয়া চলে।মস্তিষ্কটোৰ একেবাৰে আগফালে থকা প্ৰিফণ্টেল কৰটেক্স (Prefrontal cortex)নামৰ অংশটোত চলা এই বিশেষ সক্ৰিয়তাৰ ফলত মস্তিষ্কটোৰ বগা পদাৰ্থ বাঢ়ি যায়।বগা পদাৰ্থবোৰ স্নায়ু কোষেৰে ভৰা বাবে তেতিয়া মস্তিষ্কটোৰ এটা অংশৰ পৰা আন এটা অংশলৈ তথ্যৰ আদান-প্ৰদান অধিক সুদক্ষ হৈ পৰে।গতিকে ভাষাৰ দক্ষতা বাঢ়িলে মস্তিষ্কৰ সক্ৰিয়তাও বাঢ়ে আৰু তেনে লোকৰ ক্ষেত্ৰত পাহৰণিৰ ৰোগ ডিমেনছিয়াও কমি যায় বুলি এলানি পৰীক্ষাত প্ৰমাণিত হৈছে।ইউ কেৰ এডিনবৰা বিশ্ববিদ্যালয়ৰ টমাছ বেকে (Thomas Bak)এলানি পৰীক্ষাত দেখিছে যে ষ্ট্ৰ’ক হোৱা লোকৰ ক্ষেত্ৰত দ্বিভাষী লোকসকলৰ সম্পুৰ্ণ নিৰাময়ৰ সংখ্যা একভাষী লোকসকলৰ সংখ্যাৰ দুগুণ।বেকে ভাবে যে কেইবাটাও ভাষা কোৱা মানুহৰ যি মানসিক ব্যায়াম হয়,তাৰ ফলত মস্তিষ্কত সংযোগৰ সংখ্যা বৰকৈ বাঢ়ে।ফলত তেনে লোকৰ মস্তিষ্কৰ নষ্ট হোৱা অংশৰ সোনকালে ক্ষতিপুৰণ হয়।

আমাৰ ভাষাত পুংলিংগ,স্ত্ৰীলিংগৰ বাহিৰেও এটা ক্লীৱলিংগ আছে।সি নিৰ্জীৱ বস্তু যেনে-কিতাপ,কলম,জোন,গিলাচ আদি বুজায়।গতিকে আমাৰ ভাষাত আমি শব্দবোৰে তেনেদৰেই (মতা বা মাইকী নহয় বুলি)বুজোঁ।কিন্তু যিবোৰ ভাষাত বস্তুবোৰো পুং বা স্ত্ৰীলিংগ হয়,তাত শিশুবোৰৰ বহু বয়সলৈকে সেইবোৰ মতা  বা মাইকী বুলি ধাৰণা হৈ থাকে।সেই ধাৰণা প্ৰাপ্তবয়ষ্ক অৱস্থালৈকে তেওঁলোকে এৰিব নোৱৰাৰ বহুতো প্ৰমাণ পোৱা গৈছে।

একে একে প্ৰশ্নৰ প্ৰশ্নাৱলী (Questionnaire) বেলেগ বেলেগ ভাষাত ,তেনে দুটা-তিনিটা ভাষা ভালকৈ জনা লোকক পুৰাবলৈ দি দেখা গৈছে যে কোনোবাটো ভাষাত যদি তেওঁক খোলাখুলিকৈ ক’ব খোজা বৰ্হিমুখী মানুহ যেন লগা হৈছে (যেনে-ইংৰাজীত)আন কোনোবাটো ভাষাত (যেনে-স্পেনছিত)তেওঁক খোলাখুলিকৈ কথা কব নোখোজা গম্ভীৰ আৰু অতিবিনয়ী যেন লগা হৈছে।জাপানী ভাষাত সঁহাৰি দিওঁতে একেজন মানুহকে বৰ আবেগপ্ৰৱণ যেন লগা হৈছে।

আৰবী আৰু হিব্ৰু ভাষা জনা মানুহ কিছুমানক আৰব আৰু ইহুদি নাম কিছুমান দি প্ৰতিটো নামকে চাবি টিপি একোটা ইতিবাচক নাইবা একোটা নেতিবাচক শব্দৰ লগত সংযুক্ত কৰিবলৈ দিয়া হ’ল।দেখা গ’ল যে ক’ব নোৱৰাকৈয়ে তেওঁলোকে হিব্ৰুত সঁহাৰি দিওঁতে ইহুদিবিলাকৰ লগত আৰবীত দিয়াতকৈ অধিক ইতিবাচক সঁহাৰি দিছে।এগৰাকী ভাষা বিজ্ঞান বিশেষজ্ঞ আমেৰিকাৰ কানেটিকাট বিশ্ববিদ্যালয়ৰ নাইৰান ৰামিৰেজ-এস্পাৰজাই (Nairan Ramirez Esparza)কৈছে-“ভাষা হ’ল এনে এটা শক্তিশালী হাতিয়াৰ যে ই আমাক নিজকে বেলেগ ধৰণে চাবলৈ শিকায়।এলানি পৰীক্ষাত ওলাই পৰিছে যে দ্বিভাষী শিশুবোৰে অন্য এজন লোকৰ দৃষ্টিকোণৰপৰা পৰিস্থিতি একোটা বুজি পোৱাত অধিক পাৰদৰ্শিতা দেখুৱায়।

এতিয়া এই সাক্ষ্য গোট খাইছে যে আমি কোৱা  আৰু ভবা শব্দবোৰে আমাৰ মস্তিষ্ক,দৃষ্টিকোণ আৰু ব্যক্তিত্বৰ ৰুপ দিয়ে।কোনে জানে,হয়তো আমাৰ চিন্তা আৰু জিভাৰ শব্দবোৰে আমাৰ অভিৰুচি,স্বভাৱ আৰু প্ৰমুল্যৰেই ৰুপ নিৰ্ণয় কৰে।

কোনো ভাষাত কোনো এটা কথা,যেনে-ঠাই এটুকুৰা অৱস্থান বা দিশ বুজোৱা বা ৰং একোটাৰ বিভিন্ন গাঢ়তা বুজোৱা আদি যিমানেই অধিক শব্দ আৰু অধিক প্ৰকাশিকা শক্তিসম্পন্ন শব্দ থাকে,সেই ভাষাৰ ব্যৱহাৰকাৰীয়ে সেই ঠাই বা সেই ৰঙৰ বিষয়ে সিমানেই ভালকৈ বুজে আৰু বুজাব পাৰে।কোনো ভাষাত কোনো ধাৰণাৰ বিষয়ে শব্দ নাথাকিলে,সেই ভাষা ভাষী মানুহে সেই ধাৰণা বুজিবলৈ টান পায়।

ভাষাত প্ৰযুক্তিবিদ্যাৰ ছাপ

প্ৰযুক্তিবিদ্যাই বাৰু ভাষা সলনি কৰি গৈ আছে নেকি?সেই প্ৰশ্নৰ উত্তৰ আমি বেছিভাগেই জানো।আগতে চিঠি-পত্ৰ,টোকা,গল্প-প্ৰবন্ধ,ৰচনা সকলোতে সকলো ভাষাতে আনুষ্ঠানিক,সাধুভাষা লিখা হৈছিল বা কোৱা হৈছিল।এতিয়া ম’বাইল ফোন,ইণ্টাৰনেটত ভাষাই (বিশেষকৈ ইংৰাজী ভাষাই)কেনে লিখিত ৰুপ লৈছে আমি দেখিছোঁৱেই।কথিত ভাষায়ো তেনে,ব্যাকৰণবিহীন ৰুপ ল’বলৈ আৰম্ভ কৰিছে।অক্সফ’ৰ্ড ইংলিছ ডিক্সনেৰিয়ে (OED) ২০১১ চনত lol শব্দটো গ্ৰহণ কৰিছে।এই শব্দটো laugh (ing)out loud বা lots of laughs –অৰপৰা চুটি কৰা।তেনেকৈ এই অভিধানেই (OED)selfie শব্দটো (নিজে লোৱা নিজৰ ফটো-সাধাৰণতে কেমেৰা বা ম’বাইল ফোন আদিৰে লোৱা নিজৰ ফটো)২০১৩ চনত গ্ৰহণ কৰিছে।

ভাষাৰ গতি আৰু দিশৰ বিষয়ে খবৰ ৰখা লোকসকলে ভাবে যে ভৱিষ্যতে ফোন আৰু নেটৰ বাৰ্তাৰ আদান-প্ৰদানত্ ছবি বা চিহ্নবোৰৰ ব্যৱহাৰহে বেছি হ’ব।ইম’টিকন (emoticon)নামৰ এই চিহ্নবোৰে ভাষা লিখি থকাৰ সমস্যা আৰু বাৰ্তা সাজু কৰোঁতে লগা সময়-দুয়োটাকে কমাই পেলাব।ছছিয়েল মিডিয়াবোৰে নতুন নতুন ইম’টিকন যোগ দিয়াত গুৰুত্ব দিছেই।

তোমাৰ গোপন কথা

 

তাৰ পাছত এদিন নোকোৱাকৈয়ে,নিলিখাকৈয়ে বাৰ্তা দিব পাৰিম নেকি?সেই দিশতো বিজ্ঞানীসকলে খোজ দিছে।

দিনটোৰ প্ৰতিটো মুহুৰ্ততে আমাৰ মনলৈ কিছুমান ব্যক্তিগত চিন্তা আহিয়ে থাকে।তাৰে অতি সামান্য সংখ্যকহে আমি পতি-পত্নী,বন্ধু-বান্ধৱী,সন্তান-সহকৰ্মীক কওঁ।বেছিভাগ নকওঁ,বা ক’লে বিপৰ্যয়ো ঘটিব পাৰে।এতিয়া সেইবোৰো বাহিৰৰ পৰা,দুৰৰ পৰাই ‘পঢ়ি’পেলাব পৰা হ’ব।অৱশ্যে তাৰ ভয়তে আমি সকলোৱে টিনৰ পাতল পাটেৰে মুৰ ঢাকি কোনো তৰংগ বাহিৰ ওলাব নোৱৰা কৰাৰ প্ৰয়োজন হোৱা নাই।এই গৱেষণালানিৰ উদ্দেশ্য হৈছে পক্ষাঘাতগ্ৰস্ত হৈ যিসকল ৰোগীয়ে বাৰ্তা-সংযোগ কৰিব নোৱৰা হৈছে তেওঁলোকক সহায় কৰাটোহে।

ইয়াৰে কিছুমান গৱেষণাত ৰোগীৰ মস্তিষ্কত সন্ধানী যতন (implant)বহুৱাই তেওঁ ক’ব খোজা কথাৰ উমান ল’বলৈ যত্ন কৰা হৈছে।ৰোগীজনে কথা এটা ক’ব খুজি মুখৰ পেশী লৰাব খোজে কিন্তু নোৱাৰে।তেতিয়া তেওঁৰ মস্তিষ্কত যি যি অংশ সক্ৰিয় হৈ উঠে তাৰ সন্ধান পোনে পোনে লৈ শব্দটো স্বৰ সংশ্লেষণত (voice synthesizer)ফুটাই তোলা হয়।

আন এলানি গৱেষণাত মস্তিষ্কৰ ভিতৰলৈ সন্ধানী নুসুমুৱাকৈ বাহিৰৰপৰাই মস্তিষ্কৰ সক্ৰিয় হৈ উঠা অঞ্চলৰপৰা শব্দ সংগ্ৰহ কৰা হৈছে।

এই দুয়োলানি গৱেষণায়েই কিছু সফলতাৰ মুখ দেখিছে।আনকি মস্তিষ্কৰপৰা শব্দ সংগ্ৰহ কৰাৰ সলনি ধাৰণা (concept )একোটা ধৰি আনি তাক কেইটামান শব্দ বা সম্পুৰ্ণ বাক্যৰেই ৰুপ দিয়াৰ প্ৰচেষ্টাও চলি আছে।

বাৰ্কলিৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ব্ৰিয়ান পাছলি (Brian Pasley)আৰু তেওঁৰ সহযোগীসকলে দেখিছে যে কিছুমান কম্পনাংক বা ছন্দই মস্তিষ্কৰ শ্ৰৱণ অঞ্চলৰ নিউৰনৰ গোট কিছুমান সক্ৰিয় কৰি তোলে।শব্দটো শুনিলে সেই গোটবোৰ সক্ৰিয় হয়েই,শব্দটো ভাবিলেও হয়।গৱেষক দলটোৱে এতিয়া অধ্যয়ন কৰি আছে-মানুহে কোৱাৰ কথা ভাবিলে কোনবোৰ নিউৰন সক্ৰিয় হয়।সেই তথ্যকে তেওঁলোকে কথালৈ ৰুপান্তৰিত কৰাৰ চেষ্টা চলাইছে।

তাৰ বাবে মস্তিষ্কত সন্ধানী যতন সুমুৱাই দিব লগীয়া হয়,কিন্তু সঁচাকৈয়ে তেনে ৰেকৰ্ডিঙত শব্দ (কথাৰ টুকুৰা)শুনা যায়।

এই প্ৰগতিবোৰলৈ ভালদৰে মন কৰিলে বুজা যায় যে আমি এতিয়া মনেৰে কথা কোৱাৰ,বা আনৰ মনৰ কথা শুনাৰ দিশত আগবাঢ়ি গৈ আছোঁ।হয়তো এনে দিনো আহিব যেতিয়া লেখকে ভাবি গ’লেই পুজা- সংখ্যা আলোচনীৰ সম্পাদকে গল্প –উপন্যাসবোৰে লিখাই ল’ব পাৰিব।

কিন্তু আপুনি মনেৰে ‘তেওঁৰ’লগত কথা পাতোঁতে আপোনাৰ পতিয়ে/পত্নীয়ে যাতে শুনি নাযায়,তাৰ বাবে আপোনাৰ মনটো ‘আনে নুশুনা’ম’ডত ৰখাৰ ব্যৱস্থা এটাও হয়তো বিজ্ঞানীসকলে উলিয়াব লাগিব।

লেখক:ড০ দীনেশ চন্দ্ৰ গোস্বামী (প্ৰান্তিক)

 

 

 

 

2.87878787879
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top