মূল পৃষ্ঠা / শিক্ষা / শিকাৰ আনন্দ / জানো আহা / স্মৃতি শক্তি বৃদ্ধিৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতি শক্তি বৃদ্ধিৰ উপায়

মানৱ মগজুৱে মনত ৰাখিব পৰা শক্তিয়েই হ’ল স্মৃতি। এতিয়া স্মৃতিশক্তিৰ প্ৰয়োজন কোনেও নুই নকৰে।

চমু বিৱৰণি

মানৱ মগজুৱে মনত ৰাখিব পৰা শক্তিয়েই হ’ল স্মৃতি। এতিয়া স্মৃতিশক্তিৰ প্ৰয়োজন কোনেও নুই নকৰে। স্মৃতি বা স্মৰণশক্তিক ভালদৰে ব্যৱহাৰ কৰিব পাৰিলে ভাল মগজুৰ বা ভাল মুৰৰ মানুহ বুলি চিনাকি দিব পাৰি। স্মৰণশক্তিৰ উপযুক্ত ব্যৱহাৰ নকৰা কাৰণে বা স্মৰণশক্তি ঘুৰি নহাৰ কাৰণে আমি কেতিয়াবা কেতিয়াবা পাহৰণিৰ চক্ৰবেহুত সোমাই পৰো।

বৈজ্ঞানিক পদ্ধতিৰে স্মৰণশক্তিৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি বুলি দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলে কৈ গৈছে। মানৱ মগজুটো হ’ল অনবৰতে কিবা নহয় কিবা এটা চিন্তা কৰি থকা জৈৱিক যন্ত্ৰ। সেই চিন্তা কিমান গভীৰ বা কিমান পৰিসৰৰ ভিতৰত তাক পাহৰণিয়েহে ক’ব পাৰিব।

পাহৰা বা স্মৃতিশক্তি ঘুৰি নহাৰ কেইটামান কাৰণ

পাহৰা বা স্মৃতিশক্তি ঘুৰি নহাৰ কেইটামান কাৰণ হয়তো এনেকুৱা হ’ব পাৰে। যেনে-

১. অনুকুল পৰিৱেশ নোপোৱা।

২. কাম কৰাৰ সময়ৰ লগতে কোনো নিয়ম-নীতিৰ জ্ঞান নথকা।

৩. আত্মবিশ্বাসৰ অভাৱ আৰু

৪. মানসিক অসুস্থতা তথা দুৰ্বল মানসিকতা।

মনোবিজ্ঞানীসকলৰ মতে মানৱ মনৰ মগজু অসীম ক্ষমতাসম্পন্ন। আমাৰ মানৱ মগজুত প্ৰায় এক বিলিয়ন নিউৰন কণা বিশিষ্ট কোষ থাকে। যদি আমি মগজুটোক সৎ কামত ব্যৱহাৰ কৰোঁ, তেনেহ’লে আমি চল্লিছটা পুথিভঁৰালৰ কিতাপৰ খবৰ ধৰি ৰাখিব পাৰোঁ। য’ত প্ৰতিটো পুথিভঁৰালত কিতাপ থাকিব আশী হাজাৰখনৰ ওপৰত। স্মৰণ শক্তিৰ চাবি-কাঠী হ’ল ইন্দ্ৰিয়বোৰ। কোনো ইন্দ্ৰিয়ৰ দ্বাৰা সৃষ্টি হোৱা স্মৰণশক্তিক অন্য ইন্দ্ৰিয়ৰ লগত লগ লগাই আমোদজনক পৰিৱেশৰ সৃষ্টি কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা স্মৃতিশক্তি প্ৰখৰ কৰি তুলিব পাৰি। 

আমাৰ শৰীৰৰ প্ৰধান অংগ হ’ল মগজু। মানৱ মগজু দুই ভাগত বিভক্ত। যেনে- সোঁফাল আৰু বাওঁফাল। বাওঁফালৰ মগজুক কোৱা হয় Logical Part আৰু সোঁফালৰ মগজুক কোৱা হয় Creative Part । বাঁওফালৰ মগজু অংশ যুক্তি, গণনা, বিশ্লেষণ, লিখা-পঢ়া আদি কাৰ্যক্ষত্ৰ সমাধা কৰাত ব্যৱহৃত হয় আৰু সোঁফালৰ মগজু অংশ কল্পনাশক্তি, ৰং কৰা, সৃষ্টিশীলতা, সপোন দেখা আদি কাৰ্যত ব্যৱহৃত হয় বুলি চিকিৎসকসকলে কৈ থাকে। এতিয়া কথা হ’ল- কেনেকৈনো স্মৃতিশক্তি বঢ়াব পাৰি।

বৈজ্ঞানিক পদ্ধতিৰে স্মৰণশক্তি দুইধৰণে বঢ়াব পাৰি

বৈজ্ঞানিক পদ্ধতিৰে স্মৰণশক্তি দুইধৰণে বঢ়াব পাৰি। যেনে- 

১. জোখ পদ্ধতি আৰু 
২. ব্যক্তিগতভাৱে বুজা পদ্ধতি। 

জোখ পদ্ধতিৰে নম্বৰ অনুসৰি যিকোনো খবৰ সহজতেই মনত ৰাখিব পাৰি। যেনে- কেলেণ্ডাৰৰ মনত ৰাখি এজন মানুহৰ জন্ম কিমান তাৰিখত, কি বাৰত হৈছিল মাহটো জানিলেই কৈ দিব পাৰি। য’ত প্ৰতিটো নম্বৰ অনুসৰি আমি ছবিলৈ (ছাৰ্ট) পৰিৱৰ্তন কৰি এটা ৰসাল গল্প প্ৰস্তুত কৰি মনৰ মাজত ভালকৈ সজাই-পৰাই ল’ব পাৰোঁ।বহুতৰ মতে ব্যক্তিগতভাৱে বুজা পদ্ধতিটো হ’ল এয়ে যে, যিবোৰ বস্তু আমি সাধাৰণতে দেখা নেপাওঁ, সেই বস্তুবোৰৰ ছবি কল্পনা কৰি মনত ৰাখিবলৈ চেষ্টা কৰোঁ। এই পদ্ধতিত কিন্তু সদায় চকুৰে নেদেখা বস্তুৰহে ছবি হ’ব লাগে,যাতে স্মৰণ শক্তি ঘুৰি আহে। এই পদ্ধতিত সদায় মনৰ ছবিৰ প্ৰকৃতি, প্ৰকৃত বিষয়-বস্তুৰ উচ্চাৰনৰ লগত মিল থকাটো বাঞ্ছনীয়। 

যোৱা সহস্ৰাব্দৰ বিশ্ব শ্ৰেষ্ঠ বুদ্ধিজীৱী তথা দাৰ্শনিক এলবাৰ্ট আইনষ্টাইনৰ মতে, কল্পনা শক্তি জ্ঞানতকৈও বেছি শক্তিশালী। গতিকে কল্পনা শক্তিক সৎ ব্যৱহাৰ জৰিয়তে প্ৰখৰ দৃশ্যায়নৰ দ্বাৰা এনেকুৱা এটা বিশ্বাস প্ৰণালীৰ সৃষ্টি কৰি স্মৰণ শক্তি বঢ়াই অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি। 

স্মৃতিশক্তি বৃদ্ধি কৰাৰ আন এটা উৎকৃষ্ট উপায় হ’ল ছয়-সাত ঘণ্টাৰ ভাল টোপনি। টোপনিৰ সময়ত মগজুৰ স্নায়ুকোষবোৰত প্ৰ’টিনৰ সৃষ্টি হয় আৰু এই সৃষ্টি হোৱা প্ৰ’টিন স্মৰণকোষ নিউৰন কণা বোৰত বিভিন্ন খবৰ ধৰি ৰখাত সহায়ক হয়। 

শৃংখলাবদ্ধভাৱে কোনো এক নিৰ্দিষ্ট সময়ৰ কাৰণে পঢ়া-শুনা কৰিলেও আমাৰ মনত ৰখাৰ ক্ষমতা বৃদ্ধি পায়, বিষয়-বস্তু অনুসৰিও আমাৰ মগজুৰ বিভিন্ন অংশই বিভিন্ন ধৰণে কাম কৰে। যেনে- অংক কৰোঁতো সদায় মগজুৰ বাঁও অংশই কাম। যদি বহুত সময় ধৰি অংক কৰি থকা যায় তেতিয়াও স্নায়ুবোৰ দুৰ্বল হৈ পৰে আৰু স্মৰণ শক্তি হ্ৰাস পায়। ফলত লাভতকৈ অধিক লোকচানহে হয়। সেইকাৰণে বিভিন্ন দিশত বা বিষয়ত ব্যৱহাৰ হোৱা মগজুৰ স্নায়ুকণাবোৰ সবলকৈ ৰাখিবলৈকে আৰু ৫০ বা ৬০ মিনিট সময়তকৈ অধিক পঢ়িব নালাগে। মাজতে এঘণ্টাৰ মুৰে মুৰে জিৰণি ল’ব লাগে। জিৰণিৰ সময়ত ভাল লগা কাম কৰিব লাগে। যেনে-গান গাব পাৰে, ছবি আঁকিব পাৰে, গান শুনিব পাৰে, টিভি চাব পাৰে বা সাধাৰণ শাৰীৰিক ব্যায়াম, প্ৰাণায়াম, ধ্যান আদি কৰিব পাৰে। এনে কৰিলে মগজুলৈ শীতলতাৰ ভাব নামি আহিব আৰু ব্যৱহৃত স্নায়ুবোৰ লাহে লাহে সবল হৈ উঠিব তথা স্মৰণশক্তি বৃদ্ধি পাব।

লেখক- লৰেণ্টজ পাঠক

উৎস:- জালপঞ্জী আলোচনী খনৰ পৰা সংগৃহীত

3.18421052632
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top