অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জানিবলগীয়া কথা

বিশ্বৰ সৰ্বাধিক মূল্যৰ কফিবিধ

 

‘থলুৱা কফি’ (Luwak copi) হৈছে বিশ্বৰ ভিতৰতেই সৰ্বাধিক মূল্যৰ কফি। এইবিধ কফি ইণ্ডোনেছিয়াত উৎপন্ন কৰা হয়। এবিধ মেকুৰী জাতীয় প্ৰাণীক (দেখাত প্ৰায় আমাৰ অসমত পোৱা জহামালৰ দৰে) ব্যৱহাৰ কৰি এই কফি তৈয়াৰ কৰা হয় বাবে ইয়াক প্ৰাণী কফি (Animal Coffee) বুলিও কোৱা হয়। ইণ্ডোনেছিয়াৰ ভাষাত এই প্ৰাণীটোক ‘লুৱাক’ বোলা হয়। কফিক তেওঁলোকৰ থলুৱা ভাষাক ‘কপি’ বোলে। এই প্ৰাণী বিধৰ ইংৰাজী নাম ‘ছিভেট কেট’ (Civet cat)। সেই কাৰণে এই বিধ কফি বিশ্বত ‘Civet cat’ কফি নামেৰেও জনাজাত। এনে এবিধ কফিৰ একাপৰ মূল্য বিশ্বৰ বজাৰত ৩৫ – ১০০ ডলাৰৰ ভিতৰত।

ইণ্ডোনেছিয়া দেশখন সৰু – বৰ ৮,৮৪৪ টা দ্বীপেৰে গঠিত এটা দ্বীপপুঞ্জ। ইয়াৰ ভিতৰত ইণ্ডোনেছিয়া চৰকাৰৰ সমীক্ষা অনুসৰি ৯২২ টা দ্বীপ স্থায়ীভাৱে জনবসতি থকা দ্বীপ। এই দ্বীপ বোৰৰ ভিতৰত প্ৰদেশ হিচাপে স্বীকৃতি প্ৰাপ্ত প্ৰধান দ্বীপ হৈছে – সমাত্ৰা, জাভা, বেনটন, বেংকুলু, লাপুং, বালি, মালুকু, পাপুৱা, ছুলেহি (Sulawesi) ইত্যাদি। কফি লুৱাক ইণ্ডোনেছিয়াৰ কেৱল সুমাত্ৰা, জাভা, বালি আৰু ছুলেহি দ্বীপতহে তৈয়াৰ হয়। ইয়াৰ ভিতৰত সুমাত্ৰাত আটাইতকৈ বেছি এই কফিৰ উৎপাদন হয়।

কফি উদ্ভিদ জোপাৰ চমু পৰিচয়

কফি এবিধ বহু বৰ্ষজীৱী কৃষিজাত জোপোহা উদ্ভিদ। এই গছ ৪ ৰ পৰা ৯ মিটাৰলৈকে ওখ হয়। পাতবোৰ ঘন সেউজীয়া বৰণৰ, কাণ্ডত অৱস্থান বিপৰীতমুখী আৰু ফুল বোৰ বগা। ফলবোৰ দেখাত চেৰিৰ (Cherry) দৰে, এটা বীজযুক্ত ড্ৰুপ (Drupe) জাতীয়। কেঁচা অৱস্থাত ফলবোৰৰ ৰং সেউজীয়া। পাছত পূৰঠ হোৱাৰ লগে লগে ক্ৰমে হালধীয়া হৈ শেষত চেৰিৰ দৰে ৰঙা বৰণৰ হয়। পাতল আৱৰণেৰে আবৃত বীজবোৰক তুঁহৰ দৰে এখন অন্তঃত্বকে ঢাকি ৰাখে। শুকান বীজবোৰৰ পৰা এই তুঁহৰ দৰে বেৰখন আৰু পাতল আৱৰণখন গুচাই গুটি বিলাক গুৰি কৰি কফি তৈয়াৰ কৰা হয়। বৰ্তমান কফি এবিধ উত্তম মস্তিষ্ক সক্ৰিয়ক নৰম পানীয় হিচাপে বিশ্ববিখ্যাত।

এজোপা কফি গছত ফল ধৰিবলৈ প্ৰায় তিনি – চাৰি বছৰ সময় লাগে। এবাৰ ফল ধৰাৰ পাছত প্ৰায় ৫০ বছৰ বয়সলৈকে এই প্ৰক্ৰিয়া চলি থাকে। ফলবোৰ পকি ৰঙা হ’বলৈ প্ৰায় সাতৰ পৰা ন মাহ সময় লাগে।

কফিৰ জাতি নাম ‘কফিয়া’ (Genus – Coffea)। এই জাতিৰ ২৫ টা প্ৰজাতি (Species) আছে। ‘ৰুবিয়েছি’ (Rubiaceae) গোত্ৰৰ অন্তৰ্গত এই প্ৰজাতিবোৰৰ ভিতৰত কেৱল C.arabica (Arabian coffee) আৰু C. robusta (Congo coffee) নামৰ এই দুবিধ কফিৰ খেতিহে ইণ্ডোনেছিয়াত বিশেষকৈ কৰা হয়।

লুৱাক কফিৰ ঐতিহাসিক দিশ

পোন প্ৰথমে ১৮ শতিকাৰ আৰম্ভণিতে ওলণ্ডাজ (Dutch) সকলে ইণ্ডোনেছিয়াৰ জাভা আৰু সুমাত্ৰা দ্বীপত কফিৰ খেতি কৰিছিল। তেওঁলোকে (১৮৩০ – ১৯৭০) এই ঠাইবোৰত থলুৱা কৃষক সকলৰ দ্বাৰা খেতি কৰিবলোলি আৰম্ভ কৰিছিল যদিও তেওঁলোকক গছৰ পৰা কফি ফল ছিঙা কাৰ্যত বাধা প্ৰদান কৰিছিল। কিন্ত খেতিয়ক সকলে এটা কথা মন কৰিছিল যে ‘লুৱাক’ প্ৰাণীটোৱে কফিৰ ৰঙা ফলবোৰ খাই বৰ ভাল পায়। তেওঁলোকে এইটোও মন কৰিছিল যে সেই প্ৰাণীটোৱে ফলৰ ৰঙা সাহ খিনি খোৱাৰ পাছত সিহঁতৰ বিষ্ঠাৰ লগত গুটিবোৰ বাহিৰ হৈ আহে। গুটিবোৰ হজম নহয়। কফি খোৱাৰ কৌতুহল ৰক্ষা কৰিব কৰিব নোৱাৰি খেতিয়ক সকলে সেই বিষ্ঠাবোৰ সংগ্ৰহ কৰিবলৈ ল’লে। পাছত সেইবোৰ ভালদৰে পৰিষ্কাৰ কৰি ৰ’দত শুকুৱাই, শুকান বীজবোৰৰ পাতল আৱৰণখন আৰু অন্তঃত্বকখন গুচাই লৈ, গুটিবোৰ গুৰি কৰি কফি তৈয়াৰ কৰিছিল। ‘লুৱাক’ প্ৰাণীটোৰ বিষ্ঠাৰ লগত ওলোৱা বীজৰ পৰা এই কফি তৈয়াৰ কৰা হৈছিল বাবে ইয়াক ‘লুৱাক কপি’ বোলা হয়। থলুৱা লোক সকলে এই কফি পান কৰি বিশেষ তৃপ্তি লাভ কৰিছিল। ওলণ্ডাজ সকলে যেতিয়া এই কথা গম পালে তেতিয়া তেওঁলোকেও ছিভেট কেটৰ বিষ্ঠাৰ লগত ওলোৱা বীজৰ পৰা কফি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিলে। তেনে কফিৰ সোৱাদ তেওঁলোকে সাধাৰণভাৱে তৈয়াৰ কৰা কফিতকৈ অলপ বেলেগ অনুভৱ কৰিলে। পাছত এই কফিৰ পৰীক্ষা – নীৰিক্ষা কৰি উদ্ভিদৰ পৰা পোনে পোনে তৈয়াৰ কৰা কফিতকৈ এই কফিৰ সোৱাদ বেলেগ পালে। তেওঁলোকে জানিব পাৰিলে যে প্ৰাণীটোৱে কফিৰ ফলবোৰ খোৱাৰ পাছত সিহঁতৰ দেহৰ পাচন তন্ত্ৰত (Digestive System) যি পাচন প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াত কফিৰ ফলটোৰ থকা পদাৰ্থবোৰৰ সম্পূৰ্ণ জাৰণ নহয়। কিছু অংশ জাৰণ হৈ বীজটো বিষ্ঠাৰ লগত ওলাই আহে।

কফি ফলত থকা পদাৰ্থবোৰৰ ভিতৰত ৩৪% ভাগ ছেলুল’জ, ক্ল’ৰ’জেনিক এছিড (Chlorogenic acid) ৮%, তৈলজাত পদাৰ্থ ১০-১৩%, শৰ্কৰা ৭%, প্ৰ’টিন ১৪% আৰু পানী ১২% ইত্যাদি প্ৰধান। কফি ফলত এই বিলাকৰ উপৰিও ১-২% কেফেইন (Caffeine) থাকে। এই কেফেইন হৈছে কাৰ্বন, হাইড্ৰ’জেন, অক্সিজেন আৰু নাইট্ৰ’জেনযুক্ত এবিধ ‘এলকেলয়ড’ (Alkaloid) নামৰ জটিল পদাৰ্থ। এই পদাৰ্থৰ ৰাসায়নিক সূত্ৰ হৈছে C8H10N4O2 । এলকেলয়ডবোৰ উদ্ভিদৰ আত্মৰক্ষাৰ কাৰণে তৈয়াৰ হোৱা কিছুমান বৰ্জিত পদাৰ্থ মাথোন। এইবোৰ উদ্ভিদৰ নিজৰ কোনো কামত প্ৰয়োজন নহয়। পদাৰ্থবোৰৰ সোৱাদ তিতা। প্ৰাণীটোৰ দেহত যেতিয়া পাচন ক্ৰিয়া হয় তেতিয়া ফলত থকা (ওপৰত উল্লেখ কৰা) পদাৰ্থবোৰ জাৰণ হয় যদিও বীজত থকা এলকেলয়ডবোৰ সম্পূৰ্ণ জাৰণ নহয়। প্ৰাণীদেহত থকা কিছুমান বিশেষ পাচক ৰসৰ (enzyme) সহায়ত এলকেলয়ডবোৰৰ ‘পেপটাইড বান্ধোন’ৰ (Peptide Linkage) কিছু সাল – সলনি হয়। এই পৰিৱৰ্তনে প্ৰাণীটোৰ দেহৰ পৰা নিৰ্গত হোৱা কফি বীজৰ গোন্ধ আৰু সোৱাদো উদ্ভিদ বীজৰ পৰা পোনে পোনেই তৈয়াৰ কৰা কফিতকৈ অলপ বেলেগ কৰে। বিভিন্ন পৰীক্ষাৰ পাছত জনা গ’ল যে যিহেতু প্ৰত্যেক ‘লুৱাক’ৰ পাচন ক্ৰিয়াৰ ক্ষমতা একে নহয় সেই কাৰণে বিভিন্ন লুৱাকৰ পৰা বিষ্ঠা সংগ্ৰহ কৰি তৈয়াৰ কৰা কফিৰ সোৱাদো বেলেগ বেলেগ হয়। উদ্ভিদৰ পৰা ফল সংগ্ৰহ কৰি তৈয়াৰ কৰা কফিত কেফেইনৰ পৰিমাণ ১-২%, আনহাতে ‘লুৱাক কপি’ত মাত্ৰ ০.৫% পৰিমাণৰহে কেফেইন থাকে। সেই কাৰণে ‘লুৱাক কপি’ সাধাৰণ কফিতকৈ কম তিতা হয়।

ইণ্ডোনেছিয়াৰ জাভা দ্বীপলৈ যাওঁতে এটা ‘লুৱাক কপি’ উদ্যোগলি গৈছিলো। সেই উদ্যোগৰ এটা স্থানত ডাঙৰ পিঞ্জৰা এটাৰ তিনিটা খাপত প্ৰত্যেকতে একোটাকৈ ‘লুৱাক’ প্ৰাণীক বন্ধ কৰি থোৱা হৈছিল। প্ৰতিটো লুৱাকৰ সন্মুখত এখন ডাঙৰ ডলাত পকা ৰঙা চেৰি সদৃশ ফলবোৰ ৰখা হৈছিল। সিঁহতে মন গ’লেই ফলবোৰ খাব পাৰিছিল। উদ্যোগ স্থানৰ এটা চুকত তিনিজনী ‘জাভানিজ’ মহিলাই এটা ডাঙৰ খৰাহীত শুকান বীজবোৰৰ বাহিৰৰ তুঁহৰ দৰে আৱৰণটো গুচাই থকা দেখা পাইছিলো। আন এগৰাকী মহিলাই আমাক গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে সুন্দৰকৈ বুজাই দিছিল।

বৰ্তমান বিশ্বৰ বিভিন্ন ঠাইৰ প্ৰকৃতি প্ৰেমী সকলে এইদৰে লুৱাক কফি তৈয়াৰ কৰা প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰিছে। কাৰণ তেওঁলোকৰ মতে প্ৰাণীটোৱে কফি খেতি কৰা অঞ্চলত মুক্তভাৱে বিচৰণ কৰি গছে গছে ঘূৰি ফুৰি নিজৰ পছন্দ মতে কফি ফলবোৰ খাই যিমান আনন্দত থাকিলে হেতেন পিঞ্জৰাবদ্ধ অৱস্থাত লোকে ছিঙি আনি দিয়া ফল খিনি খায় সেই আনন্দ উপভোগ কৰিব নোৱাৰে। বৰঞ্চ সিহতক পিঞ্জৰাত বন্দী কৰি ৰাখি মানসিক ভাৱে শাস্তি প্ৰদান কৰা হৈছে বুলিহে তেওঁলোকে মন্তব্য কৰে। গতিকে সিহঁতক মুক্তভাৱে বনত বিচৰণ কৰিবলৈহে দিব লাগে। কিন্ত ইণ্ডোনেছিয়াৰ লোক সকলে সেই কথাত কোনো গুৰুত্ব নিদি নিজত ব্যৱসায়ৰ খাতিৰত আজিও লুৱাক কফি তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। কাৰণ কফি খেতি কৰা অঞ্চলৰ (Wild condition) পৰা লুৱাকৰ বিষ্ঠা সংগ্ৰহ কৰি তৈয়াৰ কৰা কফিৰ উৎপাদন যথেষ্ট কম। বছৰি ০.৫ টনহে মাত্ৰ। তদুপৰি মাটিৰ পৰা সংগ্ৰ্হ কৰা হয় কাৰণে সেই বোৰ ভেঁকুৰ আদিৰ দ্বাৰাও আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। আনহাতে পিঞ্জৰাবদ্ধ লুৱাকৰ পৰা বছৰি ৫০ টন কফি তৈয়াৰ কৰিব পাৰি। সেই কাৰণে ইণ্ডোনেছিয়ান সকলে পিঞ্জৰাবদ্ধভাৱে লুৱাক কফি তৈয়াৰ কৰাৰ প্ৰতিয়েই বেছি আগ্ৰহী। অৱশ্যে লুৱাক লফিৰ লগতে উদ্ভিদকফিও তেওঁলোকে উৎপাদন কৰে।

লেখক : ড° অপৰ্ণা বুজৰবৰুৱা।

উৎস : প্ৰান্তিক।

 

চাহ জনগোষ্ঠীৰ সমাজ – সংস্কৃতি আৰু অসমীয়া জনজীৱনলৈ অৱদান : এটি চমু অৱলোকন

 

‘বাৰে ৰহণীয়া অসমীয়া কৃষ্টি

চাহ বাগিচা এক অনুপম সৃষ্টি

সকলো জাতি – উপজাতি মিলি

একতাৰে আগবাঢ়োঁ আমি

ৰাখি অসমৰ গৌৰৱময় সংস্কৃতি’।।

অসম, প্ৰকৃতাৰ্থত এখন অসাধাৰণ, অতুলনীয় ৰাজ্য। প্ৰাকৃতিক সৌন্দৰ্য্য, সম্পদ সকলো দিশৰ পৰাই ঐশ্বৰ্য্যশালী, বচ্চিত্ৰময় অসম ভূমি ৰুপে গুণে সুশোভিত, বিভূষিত।

মাতৃভূমি অসমৰ এক আপুৰুগীয়া সম্পদ হৈছে চাহ-বাগিচাসমূহ। প্ৰচুৰ নৈসৰ্গিক, সেউজীয়া শোভাৰে পৰিপূৰ্ণ চাহ বাগিচাসমূহ অসমৰ এক অবিচ্ছেদ্য অংগস্বৰুপ। অসম মানেই যেন শাৰী শাৰী নয়নাভিৰাম চাহ বাগিচা আৰু চাহ বাগিচাৰেই যেন অন্য এক নাম হল অসম। এই বাগিচা সামূহকে বুকুৰ আপোন বুলি আকোঁৱালি লৈ প্ৰতিক্ষণ কঠোৰ পৰিশ্ৰম কৰিব পৰা অসমী আইৰ সহজ – সৰল সন্তান চাহ জনগোষ্ঠীৰ লোক সকল। তেওঁলোকৰ নিৰলস আদৰ – যত্নত পালিত হয় প্ৰতিজোপা চাহ গছ। প্ৰতিখিলা পাতে যেন চিনি পায় তেওঁলোকৰ তেজ আৰু ঘামৰ মিশ্ৰিত গোন্ধ। পিতৃ – মাতৃ সুলভ স্নেহেৰে ডাঙৰ কৰা চাহ গছবোৰৰ লহপহীয়া দেহাটো দেখিয়েই হয়তো আপুনা – আপুনি ওলাই আহে বাগিচাবাসী জনসাধাৰণৰ মুখৰ পৰা –

‘চাহ বাগিচাতেই আমাৰ জীৱন

সেউজীয়া পাতে ভৰা বন

উলাহতে নাচে দেহা – মন’।।

১৮১৫ চনত ইংৰাজ চৰকাৰে অসমত চাহৰ অৱস্থিতি সম্পৰ্কে অধ্যয়ন কৰি বিভিন্ন জ্ঞান আহৰণ কৰে। ১৮২৩ চনত মেজৰ জনকিন্সৰ ভাতৃ ৰবাৰ্ট ব্ৰুকে প্ৰথমবাৰৰ বাবে অসমত চাহ গছ আৱিষ্কাৰ কৰে। বিভিন্ন পৰীক্ষাৰ দ্বাৰা অসমৰ চাহ গছবোৰৰ সত্যতা সম্বন্ধে নিশ্চিত হয়। ইতিমধ্যে চীন দেশৰ পৰা চাহ গছ আৰু চাহ খেতি কৰা কিছুমান মানুহ লৈ আহে। তেতিয়াৰ পৰা অসমত চাহ খেতিৰ প্ৰচলন আৰম্ভ হয়। ১৮৩৭ চনত চীনা লোকৰ সহায়ত অসমত চাহৰ উৎপাদন আৰম্ভ হয়। ১৮৩৭ চনত চীনা লোকৰ সহায়ত অসমত চাহৰ উৎপাদন আৰম্ভ হয়। ১৮৩৭ চনতে প্ৰথম ইংলেণ্ডলৈ চাহৰ ৰপ্তানি কৰা হৈছিল। অসমত চাহ খেতিৰ প্ৰচলনৰ লগে লগে বিভিন্ন উদ্যোগ সমূহৰ কাৰণে শ্ৰমিকৰ প্ৰয়োজন হৈছিল। অসমৰ চাহ উদ্যোগ সমূহত কাম কৰাৰ কাৰণে ওড়িশা, মাদ্ৰাজ আদি ঠাইৰ পৰা বহুতো শ্ৰমিক অসমলৈ অনা হৈছিল।

ব্ৰিটিচৰ শাসন কালত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অসমৰ বুকুত লালিত – পালিত হৈ অসমকেই মাতৃভূমি বুলি সাবটি লোৱা বিভিন্ন জবগোষ্ঠীৰ সমষ্টিয়েই অসমৰ চাহ মজদূৰ সম্প্ৰদায় বুলি পৰিচিত হৈ পৰিছে। অসমীয়া সমাজত ওচৰা – ওচৰিকৈ থাকি নিতৌ একেলগে বাট বুলি থকা চাহ – মজদুৰ জনগোষ্ঠীৰ সাংস্কৃতিক পৰ্ব কিছুমানৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে পোন প্ৰথমেই আনন্দ – আহ্লাদেৰে পালিত হোৱা ‘কৰম পূজা’ আৰু ‘ঝুমুৰ নৃত্য’ অনুষ্ঠানেই অনন্য ৰুপত মানসপটত ভাহি উঠে। নৃত্য – গীত প্ৰধান কৰম পূজা বছৰটোৰ আঘোণ মাহৰ পূৰ্ণিমা তিথিত চতৰ্দশী ব্ৰত বা ‘ৰাসঝুমুৰ’ হিচাপে, ভাদ মাহত শুক্লা একাদশী ব্ৰত বা জীতিয়া কৰম হিচাপে আৰু আহিনৰ বিজয়া দশমী ব্ৰত বা বুঢ়ী কৰম হিচাপে মুঠ তিনিবাৰ অনুষ্ঠিত হয়। অসমীয়া সংস্কৃতিৰ লগত এই কৰম পূজাৰ সাদৃশ্য আছে। কাতি মাহৰ অমাৱস্যাৰ পিছত তৃতীয়াৰ চন্দ্ৰ দেখাৰ দিনা এওঁলোকৰ মাজত প্ৰচলন হয় গয়ৰা পূজা (সাঁহৰাই)। গৰু – গাই বিলাক যাতে বছৰটোলৈ কোনো বেমাৰ – আজাৰ, বিপদ – বিঘিনি আদিত নপৰে তাৰ বাবে এই পূজা অনুষ্ঠিত কৰা হয়।

চাহ জনজাতি সকলৰ মাজত প্ৰচলিত আন এক উৎসৱ হ’ল টুচু পূজা। পুহ মাহত অনুষ্ঠিত হোৱা বাবে এই উৎসৱক পৌষ পৰব বুলিও কোৱা হয়। মাঘ বিহুৰ সাত দিন বা ন দিন আগেয়ে টুচু পূজাৰ থাপনা পতা হয়। মকৰ সংক্ৰান্তিৰ দিনা হোৱা উৎসৱ বাবে কোনো কোনো অঞ্চলত টুচু পৰবক মকৰ পৰব বুলিও কোৱা হয়। চাহ মজদূৰ জনগোষ্ঠীয়ে মাঘ মাহত আৰম্ভ কৰে কৃষিকৰ্মৰ আখাইন যাত্ৰা (কৃষি কৰ্মৰ আৰম্ভণি)। চাহ মজদূৰ সমাজত প্ৰচলিত থকা গয়ৰা পূজা, কৰম নাচ আৰু আখাইন যাত্ৰা ইকাদিক্ৰমে অনুষ্ঠিত হয় কাতি মাহৰ পৰা মাঘৰ ভিতৰত আৰু অসমীয়া সমাজত একেধৰণে প্ৰচলিত থকা গৰু বিহু, মানুহ বিহু আৰু কৃষি কাৰ্যৰ আৰম্ভণ ঘটে ব’হাগ মাহটোৰ ভিতৰত।

সাংসাৰিক জীৱনৰ এক বৈচিত্ৰপূৰ্ণ অনুষ্ঠান হ’ল বিবাহ অনুষ্ঠান। এই উপলক্ষে ব্যৱহাৰ হোৱা গীত – মাতবোৰৰ উদ্দেশ্য দুই জনগোষ্ঠীৰ মাজত বহু ক্ষেত্ৰত একে পৰ্য্যায়ৰ বুলি ক’ব পাৰি। চাহ মজদুৰ সকলৰ বিবাহৰ জলসহা গীত, বৰ – কন্যাক গা ধুওৱা গীত, জামাই বৰণ গীত, গালি পৰা গীত আদিৰ লগত অসমীয়া সমাজৰ পানীতোলা গীত, দৰা – কইনাক স্নান কৰোৱা গীত, দৰা আদৰা নাম আৰু যোৰানামৰ ভাব – চিন্তা, উদ্দেশ্যত যথেষ্ট সাদৃশ্য আছে বুলি ক’ব পাৰি।

অসমীয়া সংস্কৃতিলৈ চাহ – জনগোষ্ঠীয় সংস্কৃতিৰ অৱদান:

  • অসমৰ সমাজ ব্যৱস্থাত শ্ৰেণীগতভাৱে এটি শ্ৰমিক শ্ৰেণীৰ জন্ম দিয়াৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীয় লোকৰ অৱদান মন কৰিব লগীয়া। উদাহৰণ স্বৰুপে – চাহাব, বাবু, মহৰী, কেৰাণী আদি শ্ৰেণী।
  • অসমৰ পৰম্পৰাগত কৃষি কৰ্মত মহিলা সকলৰ যোগদান থাকিলেও কিন্ত সেই সময়ত মহিলা শ্ৰমিক নাছিল। চাহ বনুৱা সকলে তেওঁলোকৰ লগত মহিলা লৈ অহাৰ ফলস্বৰুপে অসমৰ জাতীয় জীৱনত বৃত্তিধাৰী নাৰী শ্ৰমিকৰ আৱিৰ্ভাৱ ঘটে।
  • অসমীয়া ভাষা আৰু সংস্কৃতিৰ জগত খনত চাহ জনগোষ্ঠীৰ যথেষ্ট সংখ্যক উপাদান সময়ৰ সোঁতত সংমিশ্ৰিত হোৱা পৰিলক্ষিত হয়। অসমীয়া ভাষা – সাহিত্যত চাহ জনগোষ্ঠীয় মূলৰ বহুতো শব্দই অসমীয়া ভাষাক আৰু অধিক উন্নত আৰু চহকী হোৱাত অৰিহণা যোগাইছে। উদাহৰণ স্বৰুপে – মিনি, নানা, চৰ্দাৰ, মজদূৰ, আদল আদি। সেই দৰে চাহ জনগোষ্ঠীৰ গীত – মাত বিশেষকৈ ঝুমুৰ গীত আৰু নৃত্যই অসমৰ সাংস্কৃতিক জগতত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। অসমৰ সংগীত জগতত মাদলৰ ব্যৱহাৰ চাহ জনজাতি লোকসকলৰেই অমূল্য অৱদান। মাদলৰ ছেৱে ডেকা – গাভৰুৱে কৰা নৃত্যৰ ৰঙীন সমাহাৰে তেওঁলোকৰ মন – প্ৰাণৰ এখন নিভাঁজ ছবি ফুটাই তোলে। চাহ জনগোষ্ঠীৰ জন – জীৱনৰ সমলক লৈ লিখা বহুকেইখন উপন্যাস তথা গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে। উদাহৰণ স্বৰুপে – ‘সেউজী পাতৰ কাহিনী’, ‘ডাৱৰ আৰু নাই’ ইত্যাদি।

চাহ জনগোষ্ঠীৰ এনে ধৰণৰ বিভিন্ন অৱদানে বৃহত্তৰ অসমীয়া জাতিৰ ভাষা – সংস্কৃতিৰ জগত খনক অধিক চহকী কৰি তোলাত উল্লেখনীয় অৰিহণা যোগাইছে। অসমৰ হাবি – জংঘলত অৱহেলিত অনাদৃত হৈ পৰি থকা চাহ গছক ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অসমকে মাতৃভূমি হিচাপে গ্ৰহণ কৰা এই চাহ জনজাতিৰ লোক সকলে ইংৰাজ সকলৰ ফুচুলনি আৰু ষড়যন্ত্ৰত পৰি অক্লান্ত পৰিশ্ৰমেৰে শৰীৰৰ ঘাম মাটিত পেলাই নিজ পুত্ৰ – কন্যাৰ দৰে প্ৰতিপালন কৰি শাৰী শাৰী চাহ গছৰে নদন – বদন সেউজী অসম গঢ়ি তুলিলে, যাৰ বাবে বিশ্বত আজি পৰিচিত হৈ ৰ’ল ‘সেউজীয়া সোণৰ দেশ’ হিচাপে।

চাহ জনগোষ্ঠীৰ লোক সকলে তেওঁলোকৰ সমৃদ্ধ সাংস্কৃতিক ভাণ্ডাৰৰ মৌ – ৰসেৰে অসমীয়া কলা – সংস্কৃতি তথা অসমৰ জাতীয় চেতনাক যুগ – যুগলৈ সমৃদ্ধশালী আৰু বিকশিত কৰি তুলিব বুলি ধাৰণা কৰিব পাৰি।

 

লেখক : গৃহলক্ষ্মী শইকীয়া।

উৎস : প্ৰিয় সখী।

 

চন্দ্ৰশেখৰ কাণ্ডু

 

ভোকাতুৰক খাদ্য যোগানৰ আদৰ্শনীয় প্ৰচেষ্টা

‘You waste your life when you waste good food’ – Katherine Anne Porter.

পৃথিৱীত জীৱ কুলৰ সৃষ্টিৰ লগে লগে সৃষ্টি কৰ্তাই ইয়াৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰকৃতিৰো সৃষ্টি কৰিছিল। কিন্ত জীৱশ্ৰেষ্ঠ মানুহে আজি নিজৰ স্বাৰ্থৰ বাবে হকে – বিহকে প্ৰকৃতিৰ বিনষ্ট কৰি আহিছে। ঈশ্বৰে সৃষ্টি কৰা উদ্ভিদ জগত বা প্ৰকৃতিৰ পৰাই জীৱই জীয়াই থাকিবৰ বাবে খাদ্য আহৰণ কৰে। কিন্ত মানৱ জাতিয়ে নিজৰ স্বাৰ্থৰ বাবে প্ৰকৃতিৰ পৰা খাদ্য আহৰণ কৰাৰ উপৰি প্ৰকৃতিৰ অনিষ্ট সাধন কৰি আহিছে। এনে পৰিস্থিতি যদি ভৱিষ্যতেও চলি থাকে, তেন্তে এটা সময়ত কেৱল মানৱ জাতিয়েই নহয়, সমগ্ৰ জীৱকুলেই এক মহাসংকটৰ সন্মুখীন হ’ব লাগিব।

বৰ্তমান সময়ত বিশ্বত যি পৰিমাণে জনসংখ্যাৰ বৃদ্ধি হৈছে, তাৰ তুলনাত কিন্ত খাদ্য শস্যৰ পৰিমাণ বৃদ্ধি পোৱা নাই। অবাধ গতিত জনসংখ্যাৰ বৃদ্ধিৰ ফলত কৃষি ভূমি তথা বনাঞ্চলৰ পৰিমাণ কমি আহিছে। মানুহে নিজৰ পেট পূৰণৰ বাবে দৈনন্দিন বিভিন্ন জীৱক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ লগতে প্ৰকৃতিৰ ভাৰসাম্যও নষ্ট কৰি আহিছে। এনে পৰিস্থিতি চলি থাকিলে এটা সময়ত গোটেই বিশ্বতে তীব্ৰ খাদ্য সংকটে দেখা দিব। তাৰোপৰি বৰ্তমান সময়ত যিদৰে কৃষিভূমি তথা বনাঞ্চল সমূহ ধ্বংস কৰি আহিছে, ভৱিষ্যতেও যদি মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনেদৰে বনাঞ্চল সমূহ ধবংস কৰি থাকে, তেন্তে অনাগত দিনবোৰত ভৱিষ্যৎ প্ৰজন্মই কি খাব, কি নাখাব তাক লৈ এক বৃহৎ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

তাৰোপৰি, আমি দৈনন্দিন জীৱনত দেখিবলৈ পাঁও যে মানুহে নিজৰ থালৰ খাদ্য আধা খাই আধা অপচয় কৰে। বৰ্তমান সময়ত প্ৰকৃতিয়ে মানুহৰ প্ৰয়োজনতকৈ অতিৰিক্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবেই মানৱ জাতিয়ে খাদ্যৰ এনেদৰে অপচয় কৰা বুলি ক’লেও হয়তো ভূল নহ’ব। কিন্ত সমগ্ৰ বিশ্বতে খাদ্য সামগ্ৰীৰ উৎপাদনৰ চাহিদা সমান্তৰাল বুলিও ক’ব নোৱাৰি। বৰ্তমান সময়ত বিশ্বত এনে ছবিৰো সৃষ্টি হৈছে, য’ত কোনোৱে যদি নিজৰ তাড়নাত নলা-নৰ্দমাৰ পৰা খাদ্য ভক্ষণ কৰিছে, আন কোনোৱে আকৌ নিজৰ থালৰ খাদ্য অথলে অপচয় কৰিছে।

বিশ্বৰ কোনো কাৰণত যদি তীব্ৰ হাৰত খাদ্যৰ অপচয় হৈ আছে, কোনোৱে আকৌ এই খাদ্য অপচয় ৰোধৰ বাবে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত পশ্চিমবংগৰ এগৰাকী কম্পিউটাৰ বিজ্ঞান বিষয়ক শিক্ষকৰ কথা উল্লেখ কৰিব লাগিব। শিক্ষকগৰাকী হৈছে চন্দ্ৰশেখৰ কাণ্ডু। শিক্ষক চন্দ্ৰশেখৰে তেওঁৰ কেইগৰাকী মান ছাত্ৰ – ছাত্ৰীৰ সহযোগত Food Education Economic Development (FEED) নামেৰে এটি সংস্থা গঠন কৰে, যাৰ যোগেদি এই সংস্থাই বিগত কেইবছৰমান ধৰি সমাজত দৰিদ্ৰ, ভোকাতুৰ লোক সকলক খাদ্য যোগান ধৰি আহিছে। শিক্ষক চন্দ্ৰশেখৰ আৰু তেওঁৰ সংস্থাই বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট, হোষ্টেল, কেণ্টিন আদিৰ পৰা খাদ্য সংগ্ৰহ কৰে আৰু সপ্তাহত চাৰি দিনলি দৰিদ্ৰ শিশু আৰু বৃদ্ধ লোক সকলৰ মাজত সংগ্ৰহ কৰা খাদ্য বিতৰণ কৰে। শিক্ষক চন্দ্ৰ শেখৰৰ মতে, খাদ্য খোৱাৰ অধিকাৰ সকলোৰে কিন্ত খাদ্য অপচয় কৰাৰ অধিকাৰ কাৰো নাই। শিক্ষক চন্দ্ৰশেখৰৰ এই সংস্থাটোৱে শিশুসকলক খাদ্য যোগান ধৰাৰ উপৰিও শিশুৰ শিক্ষাৰ ওপৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।

শিক্ষক চন্দ্ৰশেখৰ আৰু তেওঁৰ সংস্থাৰ সহযোগী সকলে খাদ্যৰ অপচয় ৰোধ কৰাৰ উদ্দেশ্যে মানৱ সমাজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে তিনিখনকৈ চুটি চিনেমা নিৰ্মাণ কৰি উলিয়াইছিল। যাৰ যোগেদি খাদ্যৰ অপচয় ক্ষেত্ৰত মানুহৰ মানসিকতাৰ কিছু হ’লেও পৰিৱৰ্তন হ’ব বুলি তেওঁ ভাবিছিল। তাৰোপৰি শিক্ষক চন্দ্ৰশেখৰে দেখিছে যে ৰে’ল সেৱাৰ ক্ষেত্ৰত বিতৰণ কৰা বৃহৎ পৰিমাণৰ খাদ্য প্ৰতিদিনে অপচয় হয়। গতিকে, এই অপচয় ৰোধ কৰাৰ বাবে তেওঁ আৰু তেওঁৰ সংস্থাই প্ৰতিদিনে ৰে’ল সেৱাৰ অপচয় হোৱা খাদ্য সংগ্ৰহ কৰিছিল আৰু সেই খাদ্য খিনি ৰে’ল ষ্টেচনৰ ওচৰত বাস কৰা দৰিদ্ৰ পৰিয়াল তথা ভোকাতুৰ লোক সকলৰ মাজত বিতৰণ কৰিছিল।

শিক্ষক চন্দ্ৰশেখৰ আৰু তেওঁৰ সংস্থাই খাদ্যৰ অপচয় ৰোধ কৰাৰ বাবে যি পদক্ষেপ হাতত লৈছে, সেয়া সঁচাকৈয়ে শলাগ ল’বলগীয়া। কিন্ত খাদ্য অপচয় ৰোধৰ বাবে কেৱল এজন মানুহৰ এনে ধৰণৰ প্ৰচেষ্টাই জানো যথেষ্ট বুলি ক’ব পাৰি? খাদ্যৰ অপচয় ৰোধৰ ক্ষেত্ৰত শিক্ষক চন্দ্ৰশেখৰ এটি উদাহৰণহে মাথোন। এই ক্ষেত্ৰত সমগ্ৰ মানৱ জাতিয়েই সচেতন হোৱাৰ প্ৰয়োজন। খাদ্য বিশেষজ্ঞ সকলৰ মতে, বৰ্তমান সময়ত মানুহে যিদৰে খাদ্যৰ অপচয় কৰিছে তাক যদি শীঘ্ৰে ৰোধ কৰা নাযায়, তেন্তে অনাগত বিশ বছৰত মানুহৰ খাদ্যৰ তালিকাত কিহে স্থান পাব তাক লৈ বৰ্তমান সময়ত মানৱ জাতি চিন্তিত হোৱাৰ প্ৰয়োজন। মানুহে নিজৰ তৃপ্তিৰ বাবে প্ৰকৃতিৰ পৰা খাদ্য সামগ্ৰী আহৰণ কৰাৰ উপৰি প্ৰতিদিনে প্ৰচুৰ পৰিমাণে হাঁহ, মুৰ্গী, পাৰ, ছাগলী আদি জীৱবোৰ হত্যা কৰি আহিছে। যিয়ে প্ৰাণীকুল পৰিৱেশত বিস্তৰ ক্ষতি কৰিছে।

বিশ্বত দেখা দিয়া খাদ্য সংকটৰ লগতে বৰ্তমান কিন্ত ভাৰতবৰ্ষতো খাদ্যসংকটৰ তীব্ৰ ভয়াবহতাই দেখা দিয়া বুলি ক’লে ভুল নহ’ব। ভাৰতবৰ্ষত প্ৰতিদিনে যিমান পৰিমাণৰ খাদ্যৰ উৎপাদন হয়, তাৰ পৰিৱৰ্তে প্ৰায় ৪০ শতাংশ খাদ্যই অপচয় হয় বুলি ক’ব পাৰি। যদি নিৰ্দিষ্টকৈ এজন মানুহৰ তুলনাত চোৱা যায় তেন্তে ক’ব পাৰি যে প্ৰতিদিনে এজন মানুহৰ তুলনাত প্ৰায় ৪০০ – ৫০০ কেলৰী খাদ্যৰ অপচয় হয়। গতিকে, খাদ্য সংকট ৰোধ কৰাৰ বাবে বৰ্তমান সময়ত যদি চিন্তা কৰা নাযায়, তেন্তে ভৱিষতে ই এক সমাধানহীন সমস্যাত পৰিণত হ’ব।

মানৱ জাতিয়ে কেৱল নিজৰ তৃপ্তিৰ বাবেই প্ৰকৃতিৰ ভাৰসাম্য তথা প্ৰত্যেক দিনাই নিৰীহ জীৱৰ হত্যা কৰি থাকিলেই নহ’ব। প্ৰকৃতিয়ে যোগান ধৰা খাদ্য সমূহৰ অপচয় নকৰাকৈ তাক প্ৰয়োজন অনুযায়ীহে ব্যৱহাৰ কৰা উচিত। এই ক্ষেত্ৰত প্ৰত্যেক জন মানুহৰে নিজৰ মানসিকতা পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। খাদ্য সংকট ৰোধ কৰাৰ বাবে বনাঞ্চল সমূহৰ ধবংস ৰোধ কৰাটো অতি প্ৰয়োজনীয়। এজন মানুহৰ জীৱন নিৰ্বাহৰ বাবে যিমান পৰিমাণৰ খাদ্য সামগ্ৰীৰ প্ৰয়োজন হয়, প্ৰকৃতিৰ পৰা তেওঁৰ প্ৰয়োজন অনুযায়ীহে খাদ্য সামগ্ৰী আদায় কৰা উচিত। নিজৰ প্ৰয়োজনতকৈ অধিক খাদ্য সামগ্ৰী আহৰণ কৰাটো উচিত নহয়। কিয়নো বৰ্তমান প্ৰজন্মই যদি খাদ্যৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ নকৰে, তেন্তে ভৱিষ্যত প্ৰজন্মৰ বাবে তীব্ৰ খাদ্য সংকটে দেখা দিব পাৰে। গতিকে, খাদ্যৰ অপচয় ৰোধ কৰাৰ বাবে বৰ্তমান সময়ত সমগ্ৰ মানৱ জাতিয়ে সচেতন হোৱাৰ প্ৰয়োজন। ইয়াৰ অন্যথা অনাগত দিনবোৰত ভৱিষ্যৎ প্ৰজন্ম খাদ্য সংকটৰ সন্ম্মুখীন হোৱাটো নিশ্চিত তথা অনাগত দিনবোৰত খহাদ্য সংকট ৰোধ কৰাটো হয়তো অসম্ভৱ হৈ পৰিব।

লেখক : ডিম্পল পাঠক,উৎস : দেওবৰীয়া বাঁহী।

 

 

 

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate