অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিলমিল জিলমিল তৰাটি

জিলমিল জিলমিল তৰাটি

ৰাতিৰ আকাশৰ তৰাবোৰে ঢিমিক-ঢামাক কৰি থকাটো এটা পৰিচিত দৃশ্য| ‘টুইংকল টুইংকল লিটল্‌ ষ্টাৰ, হাউ আই ৱণ্ডাৰ হোৱাট ইউ আৰ’- এই নিচুকনি গীতটোনো কোনে নাজানে? তৰাবোৰৰ পৰা অতি সামান্য পোহৰ মাথোনামালৈ আহে, আৰু সেই পোহৰকণ আমাৰ পৃথিৱীৰ অস্থিৰ বায়ুমণ্ডলৰ মাজেৰে আঁহোতে ঢিমিক-ঢামাক কৰে| কিন্তু, বৃশ্চিক তাৰকামণ্ডলত পৃথিৱীৰ পৰা ৩৮০ আলোকবৰ্ষ দূৰৈত থকা এটি তৰাৰ ক্ষেত্ৰত কথাটো সুকীয়া- এই তৰাটো ঘড়ীৰ কাঁটা মিলাই প্ৰতি ১.৯৭ মিনিটৰ মূৰে-মূৰে অতিকৈ উজ্জ্বল হয় আৰু তাৰপিছত শেঁতা পৰে| এই ‘ঢিমিক-ঢামাক’ বায়ুমণ্ডলৰ কাৰণে হোৱা ঢিমিক-ঢামাকৰ সৈতে নিমিলে, বা তাৰ সহায়েৰে বাখ্যা কৰিব নোৱাৰি| কিহৰ কাৰণেনো ই এনে ধৰণে আচৰণ কৰে তাৰ উত্তৰ বিচাৰি এদল বিজ্ঞানীয়ে অলপতে উৰহী গছৰ ওৰটো উলিয়াইছেগৈ| ইউৰোপিয়ান স্পেচ অৰ্গেনাইজেচনৰ ভেৰী লাৰ্জ টেলিস্কোপ নামৰ দূৰবীক্ষণ যন্ত্ৰটো আৰু আমেৰিকা যুক্তৰাজ্যৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ মহাকাশত থকা হাবল্‌ স্পেচ টেলিস্কোপ আৰু মহাকাশত আৰু পৃথিৱী-পৃষ্ঠৰ বিভিন্ন ঠাইত থকা আন কেইবাটাও দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰি কৰা অধ্যয়নৰ পৰা এই বিজ্ঞানী সকলে যি প্ৰমাণ পাইছে সেয়া হেনো তেওঁলোকৰ কল্পনাৰো অগোচৰ আছিল|

যোৱা ২৮ জুলাইৰ ‘নেছাৰ’ আলোচনীত এই বিজ্ঞানীসকলৰ গৱেষণা পত্ৰখন প্ৰকাশ পাইছে| বিজ্ঞানী সকলে দেখিছে যে এ আৰ স্ক’ৰ্পি নামৰ এই তৰাটো আচলতে দুটা তৰাৰ সমষ্টি-অৰ্থাৎ ই যুৰীয়া তৰা| ইয়াৰে এটা তৰা লোহিত বামন- ইয়াৰ ভৰ আমাৰ বেলিটোৰ ভৰৰ তিনিভাগৰ এভাগ| আৰু দ্বিতীয় তৰাটো এটা অতি ঘনবিন্যষ্ট আৰু নিজৰ অক্ষত অতি খৰ বেগেৰে আৱৰ্তন কৰি থকা স্বেত বামন –ইয়াৰ ভৰ দুই লাখ খন পৃথিৱীৰ ভৰৰ সমান| ই ইমানেই ঘনবিন্যষ্ট যে এই গোটেই ভৰখিনি পৃথিৱীৰ প্ৰায় সমান আয়তন এটাত ঠাহ খাই আছে| এই তৰা দুটাই এটাই আনটোক প্ৰতি ৩.৬ ঘণ্টাত একোবাৰকৈ প্ৰদক্ষিণ কৰে|

বিজ্ঞানী সকলে ধৰা পেলাইছে যে এই তৰা যুগলৰ পৰা অহা ঢিমিক ঢামাক পোহৰৰ আঁৰত আছে এটা ক্ষিপ্ত প্ৰক্ৰিয়া| উচ্চ ক্ষমতাৰ চুম্বকীয় ক্ষেত্ৰ সম্পন্ন আৰু অতি উচ্চ ঘনত্বৰ শ্বেত বামন তৰাটোৱে তীব্ৰ বেগেৰে কৰি থকা ঘূৰ্ণনৰ ফলস্বৰুপে ইয়াত থকা ইলেক্ট্ৰনবোৰ ত্বৰান্বিত হৈ অতি উচ্চ বেগ লাভ কৰে-এই বেগ পোহৰৰ বেগৰ প্ৰায় ওচৰ চাপেগৈ| আৰু এই অতি উচ্চ বেগসম্পন্ন ইলেকট্ৰনবোৰে সাগৰৰ আলোক-স্তম্ভৰ ৰশ্মিৰ দৰে বিকিৰণ নিৰ্গত কৰি লগৰীয়া বেচেৰা লোহিত বামন তৰাটোক ‘কোবায়’- আৰু তাৰে ফলস্বৰুপে তৰা যুগলৰ পৰা ১.৯৭ মিনিটৰ মুৰে মুৰে বিকিৰণৰ একোটা স্পন্দন আহে| এই বিকিৰণৰ তৰংগ অতি বেঙুনীয়া ৰশ্মিৰ পৰা আৰম্ভ কৰি ৰেডিঅ’ তৰ্ংগলৈকে বিস্তৃত| শ্বেত বামন তৰাৰ পৰা ৰেডিঅ’ তৰংগৰ বিকিৰণ আগতে কাহানিও ধৰা পৰা নাছিল|

এ আৰ স্ক’ৰ্পি নামৰ তৰাটো ১৯৭০ ৰ দশকতে আৱিস্কৃত হৈছিল| তেতিয়া ইয়াক যুগল তৰা বুলি ভৱা হোৱা নাছিল| ২০১৫ চনৰ মে মাহত জাৰ্মানী, বেলজিয়াম আৰু ইংলেণ্ডৰ এদল অপেছাদাৰী জ্যোতিৰ্বিজ্ঞানীয়ে পোন প্ৰথমে এই তৰাটোৰ পৰা অহা পোহৰৰ ব্যতিক্ৰমধৰ্মী আচৰণ ধৰা পেলাইছিল| সেই সময়ৰে পৰা ইংলেণ্ডৰ ৱাৰউইক বিশ্ববিদ্যালয়ৰ নেতৃত্বত ইউৰোপ আৰু আমেৰিকাৰ এদল জ্যোতিৰ্বিজ্ঞানীয়ে এই তৰাৰ ৰহস্য ভেদ কৰিবলৈ চেষ্টা কৰি আছিল|

এতিয়া যুগল তৰা হিচাপে চিনাক্ত হোৱা এ আৰ স্ক’ৰ্পি ৰ আচাৰ-আচৰণ আৰু ধৰ্ম সঁচাকৈয়ে বেলেগ ধৰণৰ, আন তৰাৰ লগত নিমিলে| লগতে, ইহত দুটা অতি ৰহস্যময়ো| বিভিন্ন তৰংগ দৈৰ্ঘ্যৰ বিকিৰণ হোৱা ঘটনাটোৰ পৰা এই কথা ক’ব পাৰি যে এই বিকিৰণ চুম্বকীয় ক্ষেত্ৰত ত্বৰণ লাভ কৰা ইলেক্টনৰ পৰা হৈছে আৰু খৰ বেগেৰে ঘুৰি থকা শ্বেত বামনটোৱে ইলেক্ট্ৰনবোৰক ত্বৰিত কৰিছে| কিন্তু এই ইলেক্ট্ৰন বোৰৰ উৎস সম্পৰ্কে বিজ্ঞানী সকল এতিয়াও নিশ্চিত নহয়-এইবোৰ শ্বেত বামনটোৰ সৈতে জড়িত নে লোহিত বামনটোৰে সৈতে জড়িত সেইটো এতিয়াও সন্দেহাতীতভাৱে ক’ব পৰা হোৱা নাই|

ওপৰত উল্লেখ কৰা হৈছে যে এ আৰ স্ক’ৰ্পি আৱিস্কৃত হৈছিল ১৯৭০ৰ দশকতে| প্ৰতি ৩.৬ ঘণ্টাৰ অন্তৰে অন্তৰে ইয়াৰ দীপ্তিৰ তাৰতম্য ঘটাৰ কথাটো নিৰীক্ষণ কৰি ইয়াক অকলশৰীয়া বিষম তৰা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল| এহাতে অপেছাদাৰী আৰু আনহাতে পেছাদাৰী জ্যোতিৰ্বিজ্ঞানী সকলৰ যুটীয়া প্ৰচেষ্টাত এতিয়া যেনিবা এই তৰাটোৰ প্ৰকৃত পৰিচয় জানিব পৰা গ’ল| তৰাৰ এনে স্পন্দিত আচৰণ নতুন কথা নহয়| আগতেও এনে তৰা ধৰা পেলোৱা হৈছে, কিন্তু সেইবোৰ হ’ল নিউট্ৰন তৰা| নিউট্ৰন তৰা হল অতিকৈ উচ্চ ঘনত্বৰ তৰা-ইহতৰ ঘনত্ব প্ৰতি ঘনমিটাৰত মাত্ৰ ১৪১০ কিলোগ্ৰাম| স্পন্দিত শ্বেত বামনৰ আৱিস্কাৰ একেবাৰে নতুন ঘটনা|

লেখক: বিপুলজ্যোতি শইকীয়া|

উৎস: দৈনিক অসম

 

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate