অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱ বিজ্ঞানৰ গুৰুত্ব

জীৱ বিজ্ঞানৰ গুৰুত্ব

বিজ্ঞানৰ আৰম্ভণি গণিতৰে হৈছিল| কিয়নো সভ্যতাৰ পাতনিতে মানুহে গণনা কৰিবলৈ শিকিছিল আৰু লাহে লাহে পৰৱৰ্তী কালতহে জটিল গণনাৰ ফালে আগবাঢ়িছিল| বহু বছৰৰ পিছত গণিতৰ পৰাই পদাৰ্থ বিজ্ঞানৰ উৎপত্তি হৈছিল| আজিৰপৰা প্ৰায় দুহেজাৰ বছৰ আগেয়ে আৰ্কিমিডিছৰ সুত্ৰ ওলায়|- যাৰ জৰিয়তে জুলীয়া পদাৰ্থত বস্তুৰ ওপঙন বাখ্যা কৰিব পাৰি| একেদৰে সৌৰজগত, মহাকৰ্ষণ, পোহৰ, বিদ্যুত আদিৰ বহুতো মান বিশিষ্ট সুত্ৰ খ্ৰীষ্টীয় ১৬-১৭ শতিকাত আৱিস্কাৰ হৈছিল| এই সকলো মৌলিক নীতিৰ আধাৰত সাম্প্ৰতিক কালৰ প্ৰযুক্তি বিদ্যাই গঢ় লৈছে| উদাহৰণ স্বৰুপে আইজাক নিউটনে সোতৰ শতিকাতে উদ্ভাৱন কৰা গতি বিষয়ক সূত্ৰবোৰৰ অবিহনে যান্ত্ৰিক অভিযান্ত্ৰিক বিদ্যাৰ কল্পনা কৰাটোৱে অসম্ভৱ| একেদৰে মহাকৰ্ষণ সূত্ৰ উদ্ভাৱিত নহলে অন্তৰীক্ষ বিজ্ঞানৰ আৰম্ভণি নহলহেতেন| সেইদৰে ১৮২৬ খ্ৰীষ্টাব্দত আৱিস্কৃত ওমৰ সূত্ৰৰ মৌলিক কাৰ্যপ্ৰণালী অবিহনে আমি সততে ব্যৱহাৰ কৰা ইলেক্ট্ৰ’নিক আহিলা, যেনে- টেলিফোন, কম্পিউটাৰ আদি পোৱাটো মুঠেই সম্ভৱ নহ’লহেতেন|

পদাৰ্থ বিজ্ঞানৰ অধ্যয়নৰ লগে লগে আমাৰ চৌদিশৰ ৰসায়নৰ বিষয়ে জানিবলৈ লাহে লাহে উৎসুকতা বাঢ়িল-যাৰ ফলত ৰসায়ন বিজ্ঞানৰ আৱিৰ্ভাৱ ঘটিল| ১৬৬২ খ্ৰীষ্টাব্দত ৰবাৰ্ট বয়েলে গেছীয় পদাৰ্থৰ আচৰণ, বিশেষকৈ ইয়াৰ চাপ তথা আয়তনৰ সম্পৰ্ক বাখ্যা কৰে (যি ধৰ্ম বয়লৰ সুত্ৰ বুলি জনাজাত)| যোচেফ চাৰ্লছ নামৰ বিজ্ঞানীজনে ১৭৮৭ খ্ৰীষ্টাব্দত পদাৰ্থৰ উষ্ণতাৰ লগত আয়তনৰ সম্বন্ধ দাঙি ধৰে, যিটো চাৰ্লছ সুত্ৰ| তাৰ পিছত ডেল্টনৰ সুত্ৰ, এভ’গেদ্ৰৰ সুত্ৰ আদি ওলায়| ৰাসায়নিক কাৰ্য প্ৰণালী অবিহনে বেমাৰ নিৰাময়ৰ বাবে সম্প্ৰতি ব্যৱহৃত দৰৱবোৰ অথবা পৰমাণুৰ গঠন অজানা হৈ থাকিলহেঁতেন| পাৰমাণৱিক শক্তি লাভ কৰাটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন| নিৰ্জীৱ পদাৰ্থৰ ৰাসায়নিক জ্ঞান লাভ কৰাৰ পিছত মানুহে নিজৰ দেহৰ ৰাসায়নিক আধাৰৰ বিষয়ে জানিবলৈ উদ্বাউল হ’ল|

অধিক সংখ্যক বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে অভিযন্তা অথবা চিকিৎসক হ’ব বিচাৰে| অথচ জীৱ বিজ্ঞান অধ্যয়নৰ প্ৰতি অনীহা প্ৰকাশ কৰে| সম্প্ৰতি বিজ্ঞানী সকলে গম পাইছে যে চলিত শতিকাত জীৱ বিজ্ঞানৰ গুৰুত্ব সৰ্বাধিক হ’বগৈ| জীৱন-বিজ্ঞানৰ দুটা মহান যুগান্তকাৰী উদ্ভাৱন, যেনে- চাৰ্লছ ডাৰউইনৰ বিৱৰ্তন তত্ত্ব আৰু জোহান গ্ৰেগৰ মেণ্ডেলৰ বংশগতি তত্ত্ব ঊনবিংশ শতিকাত হৈছিল যদিও বেছিভাগ আৱিস্কাৰ কুৰি শতিকাৰ অৱদান| ইয়াৰে উল্লেখযোগ্য হ’ল- ক্ৰেব্‌ছ চক্ৰ হেনছ ক্ৰেব্‌ছ নামৰ বিজ্ঞানীয়ে শ্বসন ক্ৰিয়াত পাইৰুবিক অম্ল কেনেকৈ জড়িত হৈ কাৰ্বন ডাই অক্সাইড, পানী তথা শক্তি নিৰ্গত হয় তাকে দেখুওৱা বিক্ৰিয়াসমুহ, ৱাটছন আৰু ক্ৰিকৰ ডি এন এ গঠন আৰ্হি নিৰেনবাৰ্গ, ওচোৱা আদিয়ে উদ্ভাৱন কৰা জিনীয় সংকেত, বহুযোগী যৌগৰ শৃংখল বিক্ৰিয়া| বেৰিমুলিছে আৱিস্কাৰ কৰা এই বিক্ৰিয়াৰ জৰিয়তে কোষৰ বাহিৰত ডি এন এৰ অণুকৃত্যায়ন কৰিব পাৰি| সম্প্ৰতি জিন পৰিৱৰ্তন কৰি উন্নত গুণগত মানৰ উদ্ভিদ তথা প্ৰাণী লাভ কৰাটো সম্ভৱ হৈছে| এনে জ্ঞানৰ সহায়ত নতুন নতুন উপকাৰী দৰৱ উদ্ভাৱন কৰা হৈছে| বহুতো কাৰিকৰী তথা বৈদ্যুতিক অভিযন্ত্ৰাই জৈৱ চিকিৎসা প্ৰযুক্তি বিদ্যাত বিশেষ অৰিহণা যোগাইছে|

মানৱ জিন সম্পৰ্কীয় এক আন্ত:ৰাষ্ট্ৰীয় গৱেষণা প্ৰকল্প, যাৰ লক্ষ্য হ’ল মানুহৰ জিনবোৰৰ সম্পুৰ্ণ মানচিত্ৰ অংকন| এই প্ৰকল্পই হিচাপ কৰা অনুসৰি মানুহৰ নিজৰ সংখ্যা প্ৰায় ২০৫০০| এই প্ৰকল্পৰ ২৭ শ কৌটি ডলাৰ| আমেৰিকাৰ ইলুমিনা কোম্পানীয়ে সাজি উলিওৱা যন্ত্ৰই বছৰেকত কুৰি হেজাৰ লোকৰ জিন চিনাক্ত কৰিব পাৰে-য’ত প্ৰতিজনৰ খৰচ ছয় হেজাৰ টকা মাথোন| বেমাৰৰ বেলিকা উপযুক্ত দৰব নিৰ্বাচন কৰে-যিবোৰ পাৰ্শ্বক্ৰিয়াৰহিত| কৰ্কট ৰোগে আক্ৰান্ত কৰিলে আগতীয়া জাননী পোৱা যায় বাবে নিৰাময় সহজসাধ্য হৈ পৰে|

সকলো জীৱৰে আৰম্ভণি এটা কোষ বুলি উদ্ভিদ বিজ্ঞানী এম সেলডেন আৰু প্ৰাণী বিজ্ঞানী থিয়ডৰ স্ব’ৱানে ১৮৩৯ খ্ৰীষ্টাব্দত দাঙি ধৰা কোষ তত্বই প্ৰমাণ কৰে| শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফল যোজন কোষেই জীৱৰ আৰম্ভণি-যিটো বিভাজন, বিভেদন আদি প্ৰক্ৰিয়াৰ জৰিয়তে পুৰ্ণাংগ জীৱ হয়| কোষৰ পুনৰ সংগঠন ক্ষমতা তথা বাবে এটা কোষৰ পৰাই বিভেদন ঘটি ৰক্তকোষ, চকুৰ কোষ, ছালৰ কোষ, স্নায়ু কোষ গঠন কৰে| আধুনিক জীৱ বিজ্ঞানীয়ে এই ক্ষমতাৰ সুপ্ৰয়োগ কৰি পৰীক্ষানলত শিশু জন্ম দিছে-যি পৰিপ্ৰেক্ষিতত বন্ধ্যা দম্পতীয়ে সন্তান পাইছে| ভেড়াৰ ওহাৰৰ কোষৰ পৰা বিজ্ঞানীয়ে ডলী নামৰ পোৱালিৰ জন্ম দিছিল| শৰীৰৰ প্ৰতিটো কোষত জিন সমাৱেশ একে তথাপি বিভিন্ন অংগৰ ক্ৰিয়া ভিন ভিন, যাৰ ৰহস্য উদ্‌-ঘাটনৰ বাবে জীৱবিজ্ঞানৰ অধ্যয়ন অনস্বীকাৰ্য|

জীৱ বিজ্ঞান অধ্যয়নৰ জৰিয়তে সকলো কৌশল আয়ত্ত কৰাটো সম্ভৱপৰ বাবে ইয়াৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে|

লেখক: আনন্দ দেৱ গোস্বামী

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate