অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জেলী মাছৰ প্ৰ’টিনৰ পৰা লেজাৰ ৰশ্মি

জেলী মাছৰ প্ৰ’টিনৰ পৰা লেজাৰ ৰশ্মি

বেক্টেৰিয়াৰ মাজত পৈণত অৱস্থা লাভ কৰা প্ৰতিদীপ্ত জেলী মাছৰ প্ৰ’টিনৰ পৰা এবিধ নতুন প্ৰকাৰৰ লেজাৰ ৰশ্মি আৱিস্কাৰ কৰিছে বিজ্ঞানীৰ এটা দলে| তাৎপৰ্যপূৰ্ণভাৱে এই লেজাৰ সচৰাচৰ লেজাৰৰ তুলনাত বহু বেছি কাৰ্যদক্ষ আৰু সংহত| কোৱাণ্টাম পদাৰ্থবিজ্ঞান আৰু অপ্টিকেল কম্পিউটিঙৰ গৱেষণাত এই লেজাৰে নতুন দিশ মুকলি কৰিব বুলি বিজ্ঞানী সকলে আশা প্ৰকাশ কৰিছে| এই আৱিস্কাৰে প’লাৰিটন লেজাৰৰ অগ্ৰগতিৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল’ব বুলিও আশা ব্যক্ত কৰিছে| এই প্ৰতিদীপ্ত প্ৰ’টিনে বায়’মেডিকেল ইমেজিঙৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰাৰ লগতে কোষৰ ভিতৰত চলি থকা গতি-বিধি বিজ্ঞানী সকলে নিৰীক্ষণ কৰাটো সম্ভৱ হৈ পৰিব| বিজ্ঞানীৰ দলটোৱে তৈয়াৰ কৰা প’লাৰিটন লেজাৰক কোঠাৰ উষ্ণতাতে পৰিচালনা কৰিব পাৰি| এক ছেকেণ্ডৰ কোটি ভাগৰ এভাগ-নেনে’ছেকেণ্ড পালছ্‌ত ই শক্তিৰ যোগান ধৰে| স্কটলেণ্ডৰ চেইণ্ট এণ্ডুছ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা এই নতুন লেজাৰৰ অন্যতম আৱিস্কাৰক মেল্‌টি গাথেৰৰ মতে, এটা উপযুক্ত শক্তিৰ পিক’ছেকেণ্ড পালছ্‌ক নেন’ছেকেণ্ড পালছ্‌ৰ ৰুপ দিয়াটো হেজাৰ গুণ কঠিন| ইয়ে প’লাৰিটন লেজাৰক তৈয়াৰ কৰাৰ পথ সহজ কৰি তোলে| গাথেৰ আৰু জাৰ্মানীৰ ৱাজবাৰ্গ আৰু ড্ৰিছডেন ইউনিভাৰ্চিটী অব টেকন’লজীৰ সহযোগী সকলে ই-কলাই বেক্টেৰিয়াক জেনেটিকভাৱে বিকাশ ঘটাই এই সেউজ ৰঙৰ প্ৰতিদীপ্ত প্ৰ’টিন তৈয়াৰ কৰি উলিয়ায়| ‘লাইভ ছায়েন্স’ত এই বাতৰি প্ৰকাশ কৰা হৈছে| গৱেষক সকলে অপ্টিকেল পাম্পিং কৰাৰ পূৰ্বে অপ্টিকেল মাইক্ৰ’কেভিটিছক এই প্ৰ’টিনেৰে পৰিপূৰ্ণ কৰি তোলে| লেজাৰ ৰশ্মি সৃষ্টি কৰিবলৈ প্ৰয়োজন হোৱা শক্তি লাভ কৰিবলৈ নেন’ছেকেণ্ড লাইট ফ্লাছ ব্যৱহাৰ কৰা হৈছিল যাতে ব্যৱস্থাটোৱে প্ৰয়োজনীয় শক্তি পাব পাৰে| প’লাৰিটন লেজিঙৰ বাবে প্ৰয়োজনীয় অৱস্থা প্ৰাপ্তি লাভ কৰাৰ পিচত আহিলাটোলৈ অধিক শক্তি পাম্প কৰি পঠিওৱা হয়| সচৰাচৰ লেজিঙৰ ক্ষেত্ৰতো এনে কৰা হয়| ইয়াৰ ফলত এইটো নিশ্চিত কৰাটো সহায়ক হয় যে প্ৰথমটো বিকিৰণ প’লাৰিটন লেজিঙৰ ফলতেই হৈছে| উল্লেখ্য যে জৈৱিক পদাৰ্থৰ ক্ষেত্ৰত এনে কৰাটো ইয়াৰ আগলৈকে সম্ভৱ হোৱা নাছিল| ‘ছায়েন্স এডভান্স’ জাৰ্ণেলত এই গৱেষণাৰ সবিশেষ প্ৰকাশিত হৈছে|

লেখক:- অমৰজ্যোতি ভুঞা

উৎস:-দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate