অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অধ্যয়নৰ ভাৰসমতা

অধ্যয়নৰ ভাৰসমতা

প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত সাম্প্ৰতিক পাঠ্যসূচীৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। উদাহৰণস্বৰূপে শিক্ষাৰ্থীসকলে প্ৰৱেশ পৰীক্ষাৰ বাবে একাদশ শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যসূচী সামৰি ল’ব লাগে। বহুতে প্ৰথমে একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম পঢ়াৰ পিচতহে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত মনোনিৱেশ কৰা দেখা যায়। কিন্তু এই অভ্যাস একেবাৰে এৰাই চলাটো বাঞ্ছনীয়।

সাম্প্ৰতিক সময়ত এগৰাকী শিক্ষাৰ্থীৰ বাবে দৈনন্দিন এখন অধ্যয়নৰ সূচী অনুসৰি পঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, যাৰ দ্বাৰা শিক্ষাৰ্থীজনে কেৱল এটা পৰীক্ষাত বহাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও নিজকে সাজু কৰি তুলিব পাৰে। যিসকল শিক্ষাৰ্থীয়ে বৰ্ডৰ পৰীক্ষা নাইবা অন্যান্য প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সেইসকলৰ বাবেও এইবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ। এনেক্ষেত্ৰত সাধাৰণতে দেখা যায় এই পৰীক্ষাসমূহৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব লাগে, সেই সন্দৰ্ভত শিক্ষাৰ্থীসকল বিমোৰত পৰে। বিশেষকৈ কোনটো পৰীক্ষাত প্ৰাধান্য দিয়া উচিত আৰু দুয়োটা পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব লাগে, সেই লৈও শিক্ষাৰ্থীসকল যথেষত বিপাঙত পৰে। এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষাৰ্থীসকলে এটা নিৰ্ধাৰিত সময় দৈনন্দিন অধ্যয়ন কৰিব লাগে আৰু ব’ৰ্ডৰ পৰীক্ষাৰ লগতে প্ৰৱেশ পৰীক্ষাৰ বাবে অধিক সময় ব্যয় কৰিব লাগে।

প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত সাম্প্ৰতিক পাঠ্যসূচীৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। উদাহৰণস্বৰূপে শিক্ষাৰ্থীসকলে প্ৰৱেশ পৰীক্ষাৰ বাবে একাদশ শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যসূচী সামৰি ল’ব লাগে। বহুতে প্ৰথমে একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম পঢ়াৰ পিচতহে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত মনোনিৱেশ কৰা দেখা যায়। কিন্তু এই অভ্যাস একেবাৰে এৰাই চলাটো বাঞ্ছনীয়। ইয়াৰ বিপৰীতে শিক্ষাৰ্থীয়ে প্ৰথমে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ পিচতহে একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম পঢ়া উচিত, কিয়নো এনে কৰিলে পোণপটীয়াকৈ পঢ়াৰ পুনৰাবৃত্তি কৰাত সুবিধা হয়। শিক্ষাৰ্থীসকলে সাধাৰণতে কঠিন বিষয়বস্তু অধ্যয়নৰ সময়ত সমস্যাৰ সন্মুখীন হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে দৈনন্দিন এনে কঠিন বিষয়বস্তু সমাধানৰ অভ্যাস কৰিব লাগে। দৈনিক অন্তত: এটাকৈ এনে সমাধান অভ্যাস কৰিলে এই ক্ষেত্ৰত সুফল পাব পাৰি। সেয়া লাগিলে পদাৰ্থ বিজ্ঞানৰ সমাধানেই হওক নাইবা ৰসায়ন বিজ্ঞানৰ সমাধানেই হওক।

সেইদৰে গণিতৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো দেখা যায় শিক্ষাৰ্থীসকলে অংকসমূহ একাদিক্ৰমে অধ্যায় অনুযায়ী সমাধানৰ চেষ্টা কৰে। এনে কৰিলে বহু সময়ত শিক্ষাৰ্থীয়ে সুচাৰুৰূপে সমস্যা সমাধানত ব্যৰ্থ হোৱা দেখা যায় যদিও মনটো সকলো সমস্যা সমাধানৰ বাবে প্ৰস্তুত থাকে। এইদৰে যদি তুমি একাদিক্ৰমে অভ্যাস কৰা তেন্তে পূৰ্বৰ অংকসমূহ পাহৰি যোৱাৰ সম্ভাৱনা থাকে আৰু বিচাৰ প্ৰক্ৰিয়াৰো বিকাশ সাধন নহয়। সমান্তৰালভাৱে আন এক সমস্যা হৈছে শিক্ষাৰ্থীয়ে যিটো বিষয়ত নিজকে দুৰ্বল বুলি ভাবে, সেই বিষয়টো অধ্যয়ন কৰিবলৈ প্ৰায়ে ভয় কৰে। এইক্ষেত্ৰত মনত ৰাখিবা যিটো বিষয়ত তুমি দুৰ্বল বা বুজাত অসুবিধা হয়, সেই বিষয় যদি তুমি জোৰকৈ পঢ়িব বিচৰা, সেয়া তোমাৰ ভয়ৰ বাবে লাভজনক নহ’ব।

পৰীক্ষাৰ বাবে তুমি কিদৰে সাজু হৈছা। সেই বিষয়ে জনাৰ অন্যতম এটা পথ হৈছে ম’ক টেষ্ট। ব’ৰ্ডৰ পৰীক্ষা আৰু প্ৰৱেশ পৰীক্ষাৰ পূৰ্বে এই ম’ক টেষ্ট যথেষ্ট গুৰুত্বপূৰ্ণ তথা নিতান্তই প্ৰয়োজনীয়। অধ্যয়নৰ সময়ত মনত ৰাখিবা তুমি অধ্যয়ন কৰিছা কেৱল তোমাৰ নিজৰ বাবে, পৰিয়ালৰ বাবে নহয়। এই ভাবধাৰাৰে আগবাঢ়িলে নিশ্চয় জীৱনত সফল হ’ব পাৰিবা।

আনহাতে শিক্ষাৰ্থী জীৱনৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে কেতিয়াও নিজকে আনৰ সৈতে তুলনা নকৰিবা। সিজনৰ তুলনাত তুমি লাগিলে অধিক পাৰদৰ্শী হোৱা নাইবা কম পাৰদৰ্শী হোৱা, তথাপি এই কথা সদায় আওকাণ কৰি চলিবা। কঠোৰ পৰিশ্ৰমেহে তোমাক সফলতাৰ মুখ দেখুৱাব।

লিখক: গৌতম সাহা, সঞ্চালক, কনচেপ্ট এডুকেচন

সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate