অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অধ্যাপনাৰ কেৰিয়াৰ গঢ়িব খুজিলে

আমাৰ ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রীয়ে মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰে কিন্তু ইয়াৰ বাবে কেনেধৰণৰ শিক্ষাগতৰ অহৰ্তা লাগে সেই বিষয়ে বহুতে নাজানে।

সহকাৰী অধ্যাপক পদৰ বাবে নিম্নতম অহৰ্তা সমূহ হ’ল -

১। স্নাতকোত্তৰ পৰীক্ষাত ৫৫% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে । ৫% নম্বৰ অনসূচিত জাতি , জনজাতি আৰু বিশেষ ভাবে সক্ষম প্রাৰ্থীৰ বাবে ৰেহাই থাকে।

২। ইয়াৰ উপৰিও প্রাৰ্থীগৰাকীয়ে নেট(NET=National Eligibility Test)/স্লেট(SLET=State Level Eligibility Test) পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে নেট/স্লেট পৰীক্ষাত উত্তীৰ্ণ হ’ব নালাগে যিবোৰ বিষয়ত নেট/স্লেট পৰীক্ষা অনুষ্ঠিত নহয় ।

৩। যদি ‘বিশ্ববিদ্যালয় অনুদান আয়োগ(www.ugc.ac.in)’ৰ নিয়মাৱলী ’২০০৯ অনুসৰি পি.এইচ.ডি. লাভ কৰিছে তেন্তে প্রাৰ্থীগৰাকীয়ে নেট(NET=National Eligibility Test)/স্লেট(SLET=State Level Eligibility Test) পৰীক্ষাত উত্তীৰ্ণ নহ’লেও হয় । ইয়াৰ উপৰিও মহাবিদ্যালয়/বিশ্ববিদ্যালয় অনুসৰি কিছুমান অহৰ্তা ধৰি দিয়ে ।

এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে - যদি প্রাৰ্থীগৰাকীয়ে লিখা গৱেষণা পত্র/প্রৱন্ধ ISBN/ISSN নম্বৰ থকা জাৰ্ণেলত প্রকাশ হয়, প্রাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ত লিখা কিতাপ ISBN/ISSN নম্বৰ সৈতে ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় প্রকাশক বা কেন্দ্রীয় চৰকাৰ তথা ৰাজ্যিক চৰকাৰে প্রকাশ কৰে , প্রাৰ্থীগৰাকীয়ে ISBN/ISSN নম্বৰ থকা জাৰ্ণেল/কিতাপ সম্পাদনা কৰে, প্রাৰ্থীগৰাকীয়ে ISBN/ISSN নম্বৰ থকা কিতাপত অনুচ্ছেদ লিখে, কিতাপ/প্রৱন্ধ অনুবাদ কৰি ISBN/ISSN নম্বৰ থকা কিতাপ প্রকাশ কৰে । তেন্তে এইবোৰৰ বাবে প্রাৰ্থীগৰাকীয়ে সহকাৰী অধ্যাপক পদৰ বাবে দিয়া সাক্ষাৎকাৰত অতিৰিক্ত নম্বৰ লাভ কৰিব । গতিকে , এইবোৰৰ সংখ্যা যিমানে বেছি হয় সিমানে প্রাৰ্থীগৰাকীৰ কাৰণে ভাল হয় ।

লেখক :- ড° বুলজিৎ বুঢ়াগোহাঁই

উৎস :- অসমীয়াৰ সুখ দুখ

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate