মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / অপৰাধ অনুসন্ধানত ৰসায়ন বিজ্ঞানৰ ভূমিকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অপৰাধ অনুসন্ধানত ৰসায়ন বিজ্ঞানৰ ভূমিকা:

অপৰাধ অনুসন্ধানত ৰসায়ন বিজ্ঞানৰ ভূমিকা লিখা হৈছে

 

‘Crime Never Pays’ অৰ্থাৎ অপৰাধ কেতিয়াও গোপন হৈ নাথাকে-

 

সত্য এদিন নহয় এদিন উদঘাটন হ’বই। অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত আধুনিক বিজ্ঞানৰ প্ৰয়োগে সাফল্যৰ পৰিমাণ বৃদ্ধি কৰিছে। বিশেষকৈ প্ৰকৃত অপৰাধীজনক বিচাৰি উলিয়াবলৈ ৰসায়ন বিজ্ঞানৰ প্ৰয়োগে বিচাৰ ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা কৰিছে। অপৰাধৰ ধৰণ আৰু অপৰাধীক ধৰা পেলোৱাৰ ক্ষেত্ৰত ফৰেণছিক ৰসায়নে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছাৰ আৰ্থাৰ ক’নান ডয়ালৰ ৰহস্য উপন্যাসবিলাকৰ নায়ক ছাৰ্লক হোমছৰ অপৰাধ অনুসন্ধানৰ কৌশলে বৰ্তমানেও বহুসংখ্যক যুৱক-যুৱতীক ফৰেণছিক বিশেষজ্ঞৰ বৃত্তিৰ প্ৰতি আকৰ্ষিত কৰে। বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধত ছাৰ্লক হোমছৰ কৃতিত্বই ফ্ৰান্সৰ ৰসায়ন বিজ্ঞানী ড° এডমণ্ড লোকাৰ্ডক ইমান দকৈ প্ৰভাৱিত কৰিছিল যে তেওঁ ১৯১০ চনত ফ্ৰান্সত পৃথিৱীৰ সৰ্বপ্ৰথম ফৰেণছিক পৰীক্ষাগাৰটো স্থাপন কৰিবলৈ সচেষ্ট হৈছিল। তেওঁ কেৱল এটা মাইক্ৰ’স্ক’প আৰু স্পেক্ট্ৰ’স্ক’প লৈয়ে গৱেষণাগাৰটো আৰম্ভ কৰিছিল। তাৰ পিছৰেপৰা বিগত শতাব্দীত বিশ্লেষণাত্মক ৰসায়ন বিজ্ঞানৰ উন্নততৰ কৌশল তথা উন্নত মানৰ আহিলা-পাতিৰ প্ৰয়োগেৰে ফৰেণছিক ৰসায়নে অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা কৰে।

‘Science deals with the mysteries of matters’- পদাৰ্থৰ অন্তৰ্নিহিত ৰহস্য উদঘাটন কৰাটো বিজ্ঞানৰ উদ্দেশ্য। পদাৰ্থৰ সূক্ষ্মাতিসূক্ষ্ম কণাবোৰৰ বহুতো আচৰণ এতিয়াও ৰহস্যাবৃত হৈ আছে। সেই ৰহস্যবিলাক উন্মোচন কৰাত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বিশ্লেষনাত্মক অধ্যয়ন যথেষ্ট পৰিমাণে সক্ষম। এনে ধৰণৰ বিশ্লেষণাত্মক ৰসায়নে অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।

বিচাৰ প্ৰক্ৰিয়াত এজন অপৰাধীক অভিযুক্ত কৰাৰ ক্ষেত্ৰত ঘটনাস্থলীৰপৰা পোৱা তথ্য নাইবা অপৰাধীৰ চিকাৰ হোৱা ব্যক্তিজনৰ দেহৰপৰা পোৱা তথ্য আদিক যথোপযুক্ত প্ৰমাণ বুলি গণ্য কৰা হয়। ফৰেণছিক ৰসায়নে অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।

বিচাৰ প্ৰক্ৰিয়াত এজন অপৰাধীক অভিযুক্ত কৰাৰ ক্ষেত্ৰত ঘটনাস্থলীৰপৰা পোৱা তথ্য নাইবা অপৰাধীৰ চিকাৰ হোৱা ব্যক্তিজনৰ দেহৰপৰা পোৱা তথ্য আদিক যথোপযুক্ত প্ৰমাণ বুলি গণ্য কৰা হয়। ফৰেণছিক ৰসায়নে একাধিক অপৰাধৰ মাজত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰতো সহায় কৰে। উদাহৰণস্বৰূপে, ডি এন এ পৰীক্ষাৰ জৰিয়তে এজন অপৰাধীৰ দ্বাৰা সংঘটিত একাধিক অপৰাধৰ ক্ষেত্ৰত অপৰাধীজনক চিনাক্ত কৰাত সুবিধা হয়। এনে ধৰনৰ একাধিক ঘটনাৰ মাজত যোগসূত্ৰ স্থাপন কৰিবলৈ সক্ষম হোৱাত আৰশী বিভাগক সন্দেহযুক্ত ব্যক্তিৰ তালিকাখন চুটি কৰাত সহায় কৰে। ফৰেণছিক বিশ্লেষণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ঘটনাস্থলীৰপৰা সংগ্ৰহ কৰা কেইবা মাইক্ৰ’গ্ৰাম পৰিমাণৰ পদাৰ্থ কণাই ফৰেণছিক পৰীক্ষাগাৰটো হৈছে মুম্বাইৰ ছান্টাক্ৰুজত অৱস্থিত ফৰেণছিক গৱেষণাগাৰটো।

বেছিভাগ ফৰেণছিক বিশেষজ্ঞই একোজন ৰসায়নবিদ হোৱাটো বাঞ্ছনীয়। কাৰণ ফৰেণছিক বিশ্লেষণবোৰ, যেনে- গান পাউদাৰ বিশ্লেষণ, চুলি আৰু তেজৰ নমুনাৰ বিশ্লেষণে এগৰাকী সন্দেহভাজন ব্যক্তিৰ অপৰাধৰ সৈতে সম্পৰ্ক নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ৰসায়ন বিজ্ঞানৰ বিভিন্ন কৌশল প্ৰয়োগ কৰা হয়। বৰ্তমান ফৰেণছিক ৰসায়নৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অত্যাধুনিক যন্ত্ৰপাতি আৰু পদ্ধতি প্ৰয়োগ কৰা হয়। প্ৰকৃতপক্ষে আধুনিক অপৰাধ অনুসন্ধান বিজ্ঞান মূলতঃ বিশ্লেষণাত্মক ৰসায়নৰ ওপৰত নিৰ্ভৰশীল। বিশ্লেষণাত্মক ৰসায়নৰ হৈছে ৰসায়ন বিজ্ঞানৰ এনে এটা শাখা, য’ত সংগৃহীত নমুনাত থকা বিভিন্ন পদাৰ্থৰ পৰিমাণ চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে, আমি যদি মিনাৰেল ৱাটাৰৰ বটলৰ গাত থকা লেবেলটো পঢ়ি চাওঁ, তাত কিমান মিলিগ্ৰাম কেলচিয়াম, ছ’ডিয়াম বা পটেছিয়াম আছে, তেনেহ’লে আমি বিশ্লেষণাত্মক ৰসায়নৰ ফলাফল ভালদৰে বুলি পাওঁ।

ফৰেণছিক অনুসন্ধান ভালেকেইটামান বিশ্লেষণাত্মক পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল। যেনে- তেজৰ নমুনা পৰীক্ষা, গান পাউদাৰ বিশ্লেষণ, আঙুলিৰ ছাপৰ পৰীক্ষা, বন্দুকৰ গুলীৰ বেলিষ্টিক পৰীক্ষা, টক্সিক’লজী ডি এন এ পৰীক্ষা, নেক্ৰ’এনালাইছিছ আদি।

ফৰেণছিক পৰীক্ষাৰ পদ্ধতি:

 

পদাৰ্থৰ বিশ্লেষণৰ ক্ষেত্ৰত যিমানেই উন্নততৰ যন্ত্ৰপাতি আৰু আধুনিক কৌশল প্ৰয়োগ কৰা হৈছে, ফৰেণছিক অনুসন্ধানৰ ক্ষেত্ৰত ৰসায়ন বিজ্ঞানৰ গুৰুত্ব সিমানেই বৃদ্ধি পাইছে। ফৰেণছিক পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা তথ্য-পাতিৰ ভিতৰত বিভিন্ন ধৰণৰ উপাদান, যেনে- গান পাউদাৰৰ অৱশেষ, কাঁচৰ সূক্ষ্মাতিসূক্ষ্ম টুকুৰা, মাটিৰ নমুনা, চুলিৰ নমুনা, ৰঙৰ অৱশেষ, মাদক দ্ৰব্যৰ নমুনা, আঙুলিৰ ছাপ, চিয়াঁহীৰ নমুনা, অৰ্দ্ধদগ্ধ কাঠৰ অৱশেষ আদিৰ ৰাসায়নিক বিশ্লেষণে অপৰাধ আৰু অপৰাধীৰ মাজত সম্পৰ্ক স্থাপনত যথেষ্ট সহায় কৰে। ফৰেণছিক পৰীক্ষাগাৰত বিশেষজ্ঞৰ দল এটাই অপৰাধ সংঘটিত হোৱা ঘটনাস্থলীৰপৰা সংগৃহীত তথ্য-পাতিৰ নমুনাৰ বিশ্লেষণ কৰে। চেৰ’লজিষ্টসকলে দেহৰসৰ নমুনাৰ বিশ্লেষন কৰে, পেথ’লজিষ্টৰ দলে প্ৰস্ৰাৱৰ নমুনা বা তেজৰ নমুনা পৰীক্ষা কৰে, আগ্নেয়াস্ত্ৰৰ বিশেষজ্ঞসকলে আগ্নেয়াস্ত্ৰৰ প্ৰকাৰ আৰু গান পাউদাৰ বা অন্যান্য বিসফোৰক সামগ্ৰীৰ নমুনা বিশ্লেষন কৰে আৰু অৱশেষত ফৰেণছিক ৰসায়নবিদৰ দলে সকলো সামগ্ৰীৰ বিশ্লেষণাত্মক অধ্যয়নৰ দ্বাৰা ব্যৱহৃত পদাৰ্থৰ উপাদানবোৰৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰে। ফৰেণছিক ৰসায়নত জৈৱ আৰু অজৈৱ দুয়ো ধৰণৰ বিশ্লেষণ কৰা হয়। টক্সিক’ল’জী, চেৰ’ল’জী আৰু বেলিষ্টিক পৰীক্ষাও ইয়াৰ অন্তৰ্ভুক্ত।

লেখক: দেৱজিত মিত্ৰ(দৈনিক অসম)

2.90476190476
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top