মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / অসমৰ শিক্ষা ব্যৱস্থাত বৃত্তিমুলক শিক্ষা বিষয়ৰ গুৰুত্ব আৰু কিছুমান সম্ভাৱনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ শিক্ষা ব্যৱস্থাত বৃত্তিমুলক শিক্ষা বিষয়ৰ গুৰুত্ব আৰু কিছুমান সম্ভাৱনা

অসমৰ শিক্ষা ব্যৱস্থাত বৃত্তিমুলক শিক্ষা বিষয়ৰ গুৰুত্ব আৰু কিছুমান সম্ভাৱনা

অসমৰ শিক্ষাব্যৱস্থা নিঃসন্দেহে বহু উন্নতমানৰ যদিও বৃত্তিমুখী শিক্ষাৰ অর্ন্তভুক্তি অসমত এতিয়াও সন্তোষজনক বুলি কব নোৱাৰি। বর্তমানৰ কিছুমান শিক্ষানুস্থানে নিজৰ নিজৰ বিষয়পুঞ্জীসমুহত কিছুমান তেনে বিষয়ৰ অর্ন্তভুক্তি কৰিছে যদিও সেইয়াই পয্যাপ্ত নহয় আৰু ব্যৱহাৰিক ক্ষেত্রত ই এতিয়াও তেনেই চালুকীয়া। বৃত্তিমুলক শিক্ষাৰ কথা কৱলৈ গলে পৰিবেষ, পর্য্যটন, বস্ত্র উদ্যোগকে আদি কৰি বহুকথাই সাঙুৰি লব পাৰি কিন্তু এই মঞ্চত আটাইবোৰ বিষয়ক সাঙুৰি লোৱাটো সহজ নহয়। সেয়েহে এই লিখাখিনিত কেৱলমাত্র কৃষিভিত্তিক দিশসমূহৰ ওপৰত হব পৰা কিছুমান নতুন সংযোজন আৰু সম্ভাৱণাৰ বিষয়ে উল্লেখ কৰা হল।

অসমৰ জলবায়ু, অসমৰ প্রচুৰ জৈৱবিচিত্রতা আৰু ইয়াৰ ভৌগোলিক অৱস্থিতি সমগ্র অসমৰ বাবে আশীর্বাদস্বৰূপ হব লাগিছিল কিন্তু বাস্তৱত তেনে হোৱা দেখা নাযায়। অসমবাসীয়ে অসমৰ প্রাকৃতিক সম্পদৰ পূর্ণ ব্যৱহাৰ কৰি ইয়াৰ পৰা সাম্যাভ্য সকলো প্রকাৰৰ লাভ উঠাব পৰা বুলি কব নোৱাৰি। অসমৰ কৃষি উৎপাদন এই দেশৰ চাহিদা পুৰণ কৰাৰ বাবে এতিয়াও পর্য্যাপ্ত নহয়। কৃষিৰ ক্ষেএত অসমৰ স্বাৱলম্বীতা আৰু অসমৰ শিক্ষা ,চাবলৈ গলে দুয়োতা সম্পুর্ণ পৃথক দিশ। কিন্তু মই ভাবো যেতিয়ালৈ এই পৃথক দিশ দুটাক একেলগে সাঙুৰি লৈ কৃষি আৰু শিক্ষা সমান্তৰালভাবে আগবঢ়াই নিয়া নহয় তেতিয়ালৈ অসম উন্নতিৰ দিশত পিছ পৰি থাকিব। এক কথাত কবলৈ গলে অসমৰ শিক্ষা ব্যৱস্থাৰ বাবে ইও এক প্রত্যাহবান বুলিয়েই কব পাৰি। তদুপৰি অসম যিহেতু মুখ্যত কৃষিপ্রধান দেশ আৰু ইয়াৰ জনসাধাৰণৰ ৭০ শতাংশ লোকেই কৃষিভিত্তিক উৎপাদনৰ ওপৰত নিভৃৰশীল, আমি এই দিশটোক সম্পুর্ণ সৱল ৰূপত গঢ়ি লোৱাতো তেনেই আৱশ্যক আৰু ইয়াৰ আৰম্ভণী কৰিব লাগিব তেনেই নিম্নক্ষেত্রৰ পৰা। এই ক্ষেত্রত মোৰ কিছুমান ব্যক্তিগত অনুভৱ তলত উল্লেখ কৰিবলৈ চেষ্টা কৰা হল….

বৃহৎ সংখ্যক কৃষিভিত্তিক প্রতিস্থান গঢ়াৰ প্রয়োজন

 


সমগ্র উত্তৰ পূর্বাঞ্চলৰ ভিতৰত অসমৰ কৃষি বিশ্ববিদ্যালয় খনেই প্রথম এনে অনুস্থান যি সম্পুর্ণৰূপে কৃষিভিত্তিক গৱেষনাৰ লগত জঢ়িত। ১৯১৩ চনত অসমৰ কৰিমগঞ্জত আৰু ১৯২৩ চনত তিতাবৰত গঢ় লে উঠা দুটা গৱেষনা কেন্দ্র,১৯ ৪৮ চনত নগাওত স্থাপিত হোৱা ভেটেনাৰী কলেজ আৰু যোৰহাটত স্থাপিত হোৱা এগ্রিকালচাৰ কলেজক সাঙুৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় গঢ় লৈ উঠে। ইয়াৰ ওপৰিও ৰহাত মৎস মহাবিদ্যালয়, গুৱাহাটীৰ খানাপাৰাত আৰু লখিমপুৰত ভেটেনাৰী মহাবিদ্যালয়, আৰু বিশ্বনাথ চাৰিআলীত এখন কৃষিমহাবিদ্যালয় আছে। কিন্তু অসমৰ বাবে এইয়াই পর্য্যাপ্ত নে। মোৰ অনুভৱ প্রধানতভাৱে কৃষিনি্র্ভৰশীল আৰু সীমাহীন প্রাকৃতিক সম্পদেৰে মেটমৰা অসমত মাত্র ইমান কেইখন কৃষিভিত্তিক অনুস্থান কোনো পধ্যেই পর্যাপ্ত নহয়। গতিকে প্রথমতেই মই অনুভব কৰো অসমৰ বাবে কলেজেই হওক নাইবা গবেষণামুলক অনুস্থানই হওক এনে আৰু কিছুমান কৃষিভিত্তিক প্রতিস্ঠানৰ খুবেই প্রয়োজন যিয়ে বিভিন্ন দিশ বহলভাবে সাঙুৰি লৈ তাক আৰু অধিক উন্নত কৰিবলৈ চেষ্টা কৰিব পাৰে। কেৱল ক’লেজ লেভেলতে নহয় হাইস্কুল লেভেলৰ পৰাই যদি কৃষিভিত্তিক আটাইবোৰ বিষয় সাঙুৰি লব পৰা হয় তেন্তে ছাত্র ছাত্রীসকল সৰুৰে পৰা এই বিষয়ৰসমূহৰ প্রতি আগ্রহশীল হব আৰু তাৰ লগে লগে অসমৰ শিক্ষা ব্যৱস্থা ফলপ্রসু হোৱাৰ লগতে ভৱিষ্যতে উৎপন্ন হোৱা শিক্ষিত নিবনুৱা সমস্যাটো ও বহু পৰিমানে শাম কাটিব পৰা হব। এনেধৰণৰ চেষ্টা কিছুমান কৰিব পৰা হলে হয়তো অসমৰ সমাজ আৰু শিক্ষা ব্যৱস্থা দুয়ো পক্ষই লাভান্বিত হব।

গবেষনাৰ পৰিষৰ আৰু ফলাফল লেবৰটীৰ পৰা বাহিৰলৈ আহি ফিল্ডলৈ বিস্তৃত হোৱা প্রয়োজন

সংশ্লিষ্ট কৃষি মহাবিদ্যালয় ,বিশ্ববিদ্যালয় নাইবা ইয়াৰ ওপৰত থকা নানা ধৰণৰ গবেষণামুলক অনুস্থান প্রতোস্থান সমূহে তেওলোকে অধ্যয়ন কৰি থকা বিষয়সমূ্হ নাইবা গবেষণাৰ ফলাফলসমূহ ফিল্ড লেভেলত প্রয়োগ কৰাতো অতি প্রয়োজন। ফ্লৰিকালচাৰ, হৰটিকালচাৰ, ফীচাৰী, ভেটেনাৰী, আদি সকলো বিভাগেই যদি তেওলোকৰ নিজা নিজা গবেষণাৰ বিষয়সমুহ কেবল লেব’ৰেটৰীৰ মাজতেই আৱদ্ধ নাৰাখি খেতিয়ক সকলৰ লগত আলোচনা কৰি পোনপটীয়াভাবে ফিল্ডত প্রয়োগ কৰাৰ ব্যাৱস্থা কৰে তেন্তে প্রকৃত অর্থত সেই গৱেষণাৰ ফল দেখা পোৱা যাব। এক কথাত কবলৈ গলে পৰীক্ষাসমূ্হ যেতিয়ালৈ লেবৰটীৰ পৰা ফিল্ডলৈ ওলাই নাহে তেতিয়ালৈ সাধাৰণ মানুহ ইয়াৰ পৰা উপকৃত নহয়। এই ক্ষেত্রত সংশ্লিষ্ট বিভাগসমুহ আগবাঢ়ি আহিব লাগিব, খেতিয়কসকলক শিক্ষিত কৰি তুলিব লাগিব যাতে তেওলোকে এই নতুন প্রত্যা্হবানসমূ্ গ্রহন কৰে আৰু মাত্র পৰম্পৰাগত খেতিসমূ্হৰ উপৰিও কিবা এটা নতুন প্রয়োগ কৰিবলৈ সাহস কৰে। অৱশ্যে ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰাও পূর্ণ সহযোগীতাৰ প্রয়োজন হব। জনসাধাৰণৰ মনত এই ধাৰণা গঢ় লৈ উঠিব লাগিব যে কৃষি ব্যৱস্থাটো কেৱল মাত্র চৰকাৰৰ কিছুমান বিভাগৰ মাজতেই আৱদ্ধ নহৈ শিক্ষা ব্যৱস্থাৰো এটা গুৰুত্বপুর্ণ অংগ। এক কথাত কবলৈ গলে শিক্ষাৰ যোগেদি অসমৰ কৃষি উদ্যোগৰ উন্নতি কৰাৰ প্রত্যাহবান অসমৰ ৰাইজে গ্রহন কৰিব পাৰিব লাগিব।

অন্যান্ন উন্নত ৰাজ্যসমূহৰ উদাহৰণ অনুকৰনৰ প্রয়োজন

ভাৰতবর্ষৰ পাঞ্জাৱ, হাৰিয়াণা আদি ৰাজ্যসমুহ কেবল মাত্র কৃষিৰ ওপৰত নির্ভৰশীল হৈয়েই ভালেখিনি উন্নতি কৰা দেখা গৈছে। তাৰ তুলনাত অসমৰ অৱস্থা তেনেই দুখলগা অথচ অসমৰ জলবায়ু আদিকে ধৰি অইন প্রাকৃতিক অনুকুলতাবোৰ অইন ৰাজ্যসমূহতকৈ বহু বেছি। অসমৰ উন্নতিৰ প্রধান হেঙাৰ স্বৰুপে এইখিনিতে আমি সদায় বানপানী নিচিনা প্রাকৃতিক বিপর্য্যয়সমূ্হক মাজলৈ টানি আনো আৰু ইয়াৰ বাবে এইবোৰকে সদায় জগৰীয়া কৰি থাকো। কিন্তু এইটোও আমি উলাই কৰিব নোৱাৰো যে ভাৰতবর্ষৰ প্রায় প্রত্যেকখন ৰাজ্যই বছৰত এবাৰকৈ হলেও কিবা নহয় কিবা প্রাকৃতিক বিপর্য্যয়ৰ সন্মুখীন হয় ,হয়তোবা কেতিয়াবা অসমৰ বানপানীতকৈ ও বেছি ক্ষয় ক্ষতিৰ সন্মূখীন হব লগা হয় ।তথাপি সেই ৰাজ্যসমূ্হত কৃষিবিভাগবোৰে তেওলোকৰ অর্থনীতিত কেনেকৈনো মূখ্য ভুমিকা গ্রহণ কৰে ,কথাতো নিশ্চয় এবাৰ ভাবি চাব লগীয়া। এনেক্ষেত্রত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহে আগভাগ লৈ এনে কিছুমান ব্যৱস্থা গ্রহন কৰা প্রয়োজন য’ত বানপানী ,খৰাং বতৰ আদিৰ নিচিনা প্রাকৃতিক দুর্যোগসমূহে আমাৰ খেতিয়কসকলক তেওলোকৰ উৎপাদনৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এই ক্ষেত্রত চৰকাৰে অসমৰ জলসিঞ্চন বিভাগসমূহ অধিক কার্য্যক্ষম কৰি গঢ়ি তোলাতো নিত্যান্তই আৱশ্যক। তদুপৰি গবেষক, ছাত্র তথা কৃষকসকলে সকলোৱে নিজৰ অসুবিধা,সুবিধা, উপদেশ আদি আলোচনা কৰিবলৈ এখন উমৈহতীয়া মঞ্চৰ সুবিধা হোৱাটোও বহুত প্রয়োজনীয়। তাৰ বাবে সময়ে সময়ে কিছুমান interaction অনুস্ঠানৰ প্রয়োজন য’ত প্রত্যেকখন ৰাজ্যৰ কৃষিবিষয়ক সফল প্রয়োগসমূহ কৃষকসকলে নিজৰ মাজত আলোচনা কৰি তাৰ পৰা প্রত্যেকেই লাভান্বিত হব পাৰে। এই অনুষ্ঠান সমূহত আটাইতকৈ গ্রাউন্ড লেভেলত কামকৰা খেতিয়কসকলক অন্তর্ভুক্ত কৰাটো বিশেষভাবে আৱশ্যকীয়। যেতিয়ালৈ অসমৰ খেতিয়কসকলক আধুনিক সা সুবিধাসমূ্হ যোগান ধৰা নহব নাইবা আধুনিক প্রয়োগসমূ্হৰ বিষয়ে শিক্ষিত কৰি তুলি তেওলোকক সেই সুবিধাসমূ্হ প্রয়োগ কৰাৰ সুবিধা দিয়া নহব তেতিয়ালৈকে অসমৰ অর্থনৈতিক সস্বলতাৰ আশা কৰি লাভ নাই।

অপৰম্পৰাগত উদ্যোগ কিছুমানৰ বিষয়ে সজাগতা

 

ইও অসমৰ শিক্ষাজগতৰ লগত অর্ন্তভুক্ত কৰিব পৰা এটা প্রধান বিষয়। পৰম্পৰাগতভাবে অসমত বহুধৰণৰ ফার্মিঙ পদ্ধতি অৱলম্বন কৰা হয় কিন্তু সেইবোৰৰ উপৰিও এনে কিছুমান দিশ আছে যাৰ ওপৰত অসমৰ জনসাধাৰণৰ দৃস্টিগোচৰ হোৱা যেন নালাগে।তেনে কিছুমান সম্ভাৱণাপুর্ণ উদ্যোগৰ ওপৰত অলপ পোহৰ পেলাবলৈ বিচৰা হল….
১. অসমত মাছৰ চাহিদা ভাৰতবর্ষৰ অইন সকলো ৰাজ্যৰ তুলনাত আটাইতকে বেছি। বর্তমানৰ বজাৰ চাহিদাৰ ওপৰত ভিত্তি কৰি উলিওৱা হিচাপ অনুসুৰি অসমত মাছৰ চাহিদা প্রায় ৩২৫ মিলিয়ন কেজি।মৎস উৎপাদন বিভাগতো বহুপৰিমানত উন্নত যদিও চাহিদাৰ বিপৰীতে ই এতিয়াও পর্য্যপ্ত নহয়। পৰপ্মৰাগত এই দিশসমূহৰ উপৰিও মৎস পালনৰ ওপৰত নির্ভৰ কৰি গঢ় লৈ উঠা আনুসংগিক কিছুমান উদ্যোগ আছে যি অসমত এতিয়াও জনপ্রিয় নহয় অথচ সেইবোৰ জনসাধাৰণৰ মাজত চিনাকী কৰোৱাটো খুবেই প্রয়ুজন। উদাহৰন স্বৰুপে ornamental fish পালন, প্রণ কালচাৰ, oyster কালচাৰ, dry fish processing, মাছৰ খাদ্য তৈয়াৰৰ বাবে হব পৰা উদ্যোগ, নতুবা মাছৰ অইন কিছুমান side product ৰ উৎপাদন আৰু প্রচেচিঙৰ বাবেও বহু উদ্যোগ অসমত গঢ় লে উঠাৰ সম্ভাৱণা আছে। হাইস্কুল নাইবা মহাবিদ্যালয়ৰ আৰম্ভনী শ্রেণীসমূহতে ছাত্র ছাত্রীসকলক এই সকলোবোৰৰ বিষয়ে অবগত কৰি এই বিষয়সমূহৰ বাবে আগ্রহান্বিত কৰি তুলিব পৰা যায়। এই ক্ষেত্রত ৰহাত অৱস্থিত মৎস মহাবিদ্যালয়ে বিশেষ আচনি লোৱাৰ প্রয়োজন। ইয়াৰ যোগেদি অসমৰ প্রাকৃতিক সম্পদসমূহৰ উচিত প্রয়োগ হোৱাৰ লগতে অসমৰ জনসম্পদৰো যথাযথভাবে উন্নতি ঘটিব।

২. ৰেবিট পালন এটা খুব সম্ভাৱণাপূর্ণ উদ্যোগ যাক অসমৰ খেতিয়কসকলৰ মাজত জনপ্রিয় কৰাৰ প্রয়োজন আছে। হিমাচল প্রদেশ,মধ্যপ্রদেশ ,জম্মু-কাশ্মীৰ, ভুপাল আদি ৰাজ্যসমূহত ষাঠিৰ দশকৰ আৰম্ভণীৰ পৰাই ৰেবিট পালন বাণিজ্যিক ৰুপত কৰি অহা হৈছে।

৩. ঠিক তেনেদৰে এমু পালন এটা অতি লাভদায়ক খেতি হিচাপে বিবেচিত হোৱাৰ পূর্ণ সম্ভাৱণা আছে। এমু প্রধানত অষ্ট্রেলিয়াৰ উৎসৰ যদিও বর্তমান ভাৰতবর্ষত ইয়াৰ চাহিদা লাহে লাহে বাঢ়ি অহা দেখা গৈছে। ১৯৯০ চনত ভাৰতবর্ষত এমু কালচাৰ আৰম্ভ হয় আৰু আজি সমগ্র ভাৰতবর্ষত মুঠতে ২,৫০০ খন এমু ফার্ম আছে। মহাৰাষ্ট্র, হাৰিয়ানা,পাঞ্জাৱ,হিমাচল প্রদেশ,অন্ধ্রপ্রদেশ ,কেৰেলা,গু জৰাট আদি ভালেকেইখন ৰাজ্যত এমু ফার্মিঙ বহুলভাবে সম্পুর্ণ বাণিজ্যিক ভিত্তিত কৰা হয়। অসমৰ জলবায়ুতো এই এমুকালচাৰ আৰম্ভ কৰাৰ পূর্ণ থল আছে।

৪. বজাৰত কিছুমান exotic ফলৰ চাহিদা সদায় বেছি। যেনে কিৱি, কোক্কম, কর্দৈ, নুনিগছৰ ফল, আতলচ ইত্যাদি ফলসমুহ অসমৰ বাৰীয়ে ঘৰে কোনো বিশেষ আলপৈচান নধৰাকৈ হোৱা ফল অথচ বাহিৰৰ ৰাজ্যসমূ্ত এই ফলসমূহৰ চাহিদা ইমান বেছি যে এই ফলসমূহৰ ব্যাবসায়িক ভিত্তিত কৰা উৎপাদন যথেষ্ট লাভদায়ক হোৱা থল আছে। তাতোকৈ সন্তোষজনক কথাতো হল এই যে কেবল অসমতে চাইত্রাছ জাতীয় ফলৰ যিমান বিভিন্নতা আছে,পৃথিৱীৰ অইন কোনো থাইতেই সিমান বিভিন্নতা নাযায়। আসমত ১৭ বিধ indigenous citrus জাতীয় ফল থকাৰ লগতে তাৰ ৫৩ টা ভেৰাইটী আৰু তাৰ লগত ৭ বিধ সম্ভাৱণাপূর্ণ হাইব্রিদ ভেৰাইটী আছে। প্রকৃতিয়ে প্রদান কৰা এই সুবিধাখিনি সম্পুর্ণ বিজ্ঞানভিত্তিক ভাবে ব্যৱহাৰ হলে কেৱল এই উদ্যোগটো এক বৃহৎ সম্ভাৱণা হৈ দেখা দিব। তাৰ লগতে বিভিন্ন ঔযধি গছৰ চাহিদাতো আছেই। অসমত উপলব্ধ সকলো প্রকাৰৰ ওষধি গছৰ গবেষনা হোৱাৰ লগতে পৰিকল্পিত উৎপাদনৰ খুবেই প্রয়োজন।

এই সকলো বোৰৰ বাবে চৰকাৰ, জনসাধাৰণ ,লগতে ইয়াৰ লগত জড়িত বিভাগসমূহ গুৰুত্বসহকাৰে কাম কৰাটো অতি দৰকাৰী। আৰু মোৰ বিস্বাস আৰম্ভনীৰ এই বীজটো ও মুলতে কলেজ আৰু হাইস্কুল লেভেলৰ পৰাই হব লাগিব। মুঠতে যিয়েই নহওক আমি যদি আমাৰ শিক্ষাব্যাৱস্থাটো এনেকুৱা ৰুপত গঢ়ি তোলো য’ত আমাৰ ল’ৰাছোৱালীসকলে অতি কম বয়সৰ পৰাই আমাৰ দেশত থকা সকলো সম্ভাৱণাপূর্ণ প্রাকৃতিক সম্পদৰ বিষয়ে অৱগত হয় আৰু তাৰ লগে লগে এই সম্পদসমূ্ৰ উচিত আৰু বিজ্ঞানসন্মত ব্যৱহাৰৰ উপায়ৰ দিশবোৰ চিনি পায় তেন্তে অসমত নিবনুৱা সমস্যাটো তো নোহোৱা হবই তাৰ উপৰিও অর্থনৈতিকভাবে অসম বহুখিনি আগবাঢ়ি যাব। সেয়েহে বর্তমানৰ পৰিস্থিতি সাপেক্ষে অসমৰ শিক্ষানুস্থান সমূহত পৰাম্পৰাগত অইন বিষয়সমূহৰ উপৰিও এনেকুৱা কিছুমান বৃত্তিমুলক বিযয়ৰ অর্ন্তভুক্তিৰ খুবেই প্রয়োজন। অৱশ্যে এইয়া মোৰ সম্পূর্ণ ব্যক্তিগত অনুভৱ।

লিখক: ৰুণ শৰ্মা

2.96078431373
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top