অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আই বি পি এছৰ নিযুক্তি প্ৰক্ৰিয়া

আই বি পি এছৰ নিযুক্তি প্ৰক্ৰিয়া

ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল ছিলেকচনৰ (আই বি পি এছ) ফালৰ পৰা বিভিন্ন বেংকত ক্লাৰিকেল কেডাৰ পোষ্টত নিয়োগ কৰা হ’ব ১৯,২৪৩ গৰাকী প্ৰাৰ্থী| উক্ত প্ৰাৰ্থী নিয়োগ কৰিবলৈ অহা নৱেম্বৰ/ ডিচেম্বৰ ২০১৬ আৰু জানুৱাৰী/ ২০১৭ ত প্ৰাৰ্থী বাছনিৰ বাবে কমন বাছনি প্ৰতিক্ৰিয়া আৰম্ভ হ’ব| মুঠ পদৰ ভিতৰত অসমৰ বাবে থকা পদৰ সংখ্যা হৈছে ৩৮৯, অৰুণাচল প্ৰদেশৰ ১৩, মণিপুৰৰ ২২, মেঘালয়ৰ ২৩, মিজোৰামৰ ১৩, নাগালেণ্ডৰ ১২, ছিকিমৰ ১৫ টা| একেদৰে আন ৰাজ্যসমুহৰ বাবে থকা পদসমুহ এনেধৰণৰ-আন্দামান আৰু নিকোবৰ ২৫, অন্ধ্ৰপ্ৰদেশ ৬৯৯, বিহাৰ ৭৭০, চণ্ডীগড় ৮৮, চত্তিশগড় ৩০২, দাদৰা আৰু নগৰ হাভেলি ০২, দমন আৰু ডিউ ১, গোৱা ৯৬, গুজৰাট ৭৬৯, হাৰিয়ানা ৭৯২, হিমাচল প্ৰদেশ ৩১৪, জম্মু আৰু কাশ্মীৰ ৮৩, ঝাৰখণ্ড ২৭১, কৰ্ণাটক ১৪৬৭, কেৰালা ৮৪২, লক্ষাদ্বীপ ২০, মধ্যপ্ৰদেশ ১০৫৯, মহাৰাষ্ট্ৰ ১৩৪৩, নতুন দিল্লী ৯৮৩, উৰিষ্যা ৫৯১, পডুচেৰী ৯, পঞ্জাৱ ১৩৩৫, ৰাজস্থান ৯৭৫, তামিলনাডু ১০৩২, তেলেংগানা ৫৪৬, ত্ৰিপুৰা ৫০, উত্তৰ প্ৰদেশ ২৬১২, উত্তৰাখণ্ড ৩৩০ আৰু পশ্চিমবংগ ১৩৫০| উক্ত পদসমুহৰ বাবে আবেদন কৰিব খোজা প্ৰাৰ্থীৰ বয়স ১-৮-২০১৬ তাৰিখৰ ভিত্তিত ২০ ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব| অৰ্থাৎ প্ৰাৰ্থীৰ জন্ম ২-৮-১৯৮৮ তাৰিখৰ আগত আৰু ১-৮-১৯৯৬ তাৰিখৰ পাছত হ’ব নালাগিব| অৱশ্যে চৰকাৰী বিধি অনুসৰি এছ চি/ এছ টি ৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫ বছৰ, অ’বিচি ৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৩ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০ বছৰলৈকে বয়স ৰেহাইৰ ব্যৱস্থা আছে| আবেদনকাৰীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা সমপৰ্যায়ৰ কেন্দ্ৰীয় চৰকাৰ-ৰাজ্য চৰকাৰৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব| প্ৰাৰ্থী কম্পিউটাৰৰ আৱশ্যকীয় জ্ঞান থকাটো বাধ্যতামুলক| যিকোনো স্বীকৃত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰত চাৰ্টিফিকেট/ ডিপ্ল’মা/ কম্পিউটাৰ অপাৰেচন ডিগ্ৰী/ লেংগুৱেজৰ চাৰ্টিফিকেট থকা হ’ব লাগিব| হাইস্কুল/ কলেজ/ প্ৰতিষ্ঠানত কম্পিউটাৰ বিষয় পঢ়া হ’ব লাগিব| আবেদনকাৰীৰ মাজৰ পৰা প্ৰাৰ্থী বাছনি কৰা হ’ব অনলাইন পৰীক্ষাৰ মাধ্যমেৰে| পৰীক্ষা প্ৰাৰম্ভিক আৰু মূল এই দুই পৰ্যায়ত হ’ব| প্ৰাৰ্থীয়ে আবেদনৰ লগত অনলাইনযোগে ৬০০ টকা মাচুল জমা দিব লাগিব অহা ১২ ছেপ্তেম্বৰৰ ভিতৰত| এছ চি/ এছ টি/ পি ডব্লিউ ডি/ প্ৰাক্তন সৈনিকৰ ক্ষেত্ৰত কেৱল ১০০ টকা দিলে হ’ব| টকা ডেভিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, আই এম পি এছ, কেচকাৰ্ড, ম’বাইল ৱালেটছ আদিৰ মাধ্যমত দিব লাগিব| ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইনত আবেদন কৰিব লাগিব অহা ১২ ছেপ্তেম্বৰ/২০১৬ ৰ ভিতৰত| অনলাইন আৱেদনৰ ৱেবচাইট হৈছে-www.ibps.in ত ক্লিক কৰি হোম পেজ খুলি CWE Clerks লিংক কৰিব লাগিব| উল্লেখ্য যে অনলাইন আবেদনৰ প্ৰক্ৰিয়া ২২-৮-২০১৬ তাৰিখৰ পৰা আৰম্ভ হৈ ১২-৯-২০১৬ তাৰিখত শেষ হ’ব| প্ৰাৰম্ভিক পৰীক্ষা প্ৰশিক্ষণৰ ফল লেটাৰ ডাউনলোড কৰিব পৰা যাব ২৫-১০-২০১৬ তাৰিখৰ পৰা ৭-১১-২০১৬ তাৰিখলৈ| প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশিক্ষণ ৭-১১-২০১৬ ৰ পৰা ১২-১১-২০১৬ তাৰিখলৈ অনুষ্ঠিত হ’ব| প্ৰাৰম্ভিক পৰীক্ষাৰ কল লেটাৰ ডাউনলোড কৰিব পাৰিব ১৮-১১-২০১৬ তাৰিখৰ পৰা| প্ৰাৰম্ভিক অনলাইন পৰীক্ষাৰ তাৰিখ হৈছে ২৬ আৰু ২৭ নৱেম্বৰ/ ২০১৬ ৰ পৰা প্ৰয়োজন হ’লে ৩ আৰু ৪ ডিচেম্বৰ/ ২০১৬ লৈ| প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব অহা ডিচেম্বৰত| অনলাইন মূল পৰীক্ষা হ’ব ৩১-১২-২০১৬ ৰ পৰা ১-১-২০১৭ তাৰিখলৈ|

উৎস:- নিয়মীয়া বাৰ্তা, নিয়োগ বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate