মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্ক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্ক

আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ পাঠ্যক্ৰমৰ বিষয়ে লিখা হৈছে

আমি এই শিতানত ৰাজনীতি বিজ্ঞান, ইতিহাস আদি বিষয় অধ্যয়ন কৰি কেনেধৰণৰ কেৰিয়াৰ গঢ়িব পাৰি, তাৰ বিষয়ে প্রকাশ কৰিছোঁ। আজিৰ শিতানত ৰাজনীতি বিজ্ঞানৰ এক বিশেষ বিষয় "আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক” বিষয়ে প্ৰকাশ কৰিব ওলাইছোঁ।

আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আমি প্রায়বোৰেই জানো। আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ’লে দেখিম যে অসম বা উত্তৰ-পূর্বাঞ্চলৰ বেছিভাগ সীমান্ত অঞ্চল হৈছে আন্তঃৰাষ্ট্ৰীয়। অর্থাৎ আমাৰ লগতে লাগি থকা দেশসমূহ হ’ল ভূটান, বাংলাদেশ, ম্যানমাৰ, চীন ইত্যাদি। বর্তমান ভাৰত চৰকাৰে পূবলৈ চোৱা নীতিৰ কথা কৈ আছে, গতিকে আমি আমাৰ ওচৰীয়া দেশবোৰৰ লগত বিভিন্ন ধৰণৰ সম্বন্ধ গঢ়ি তোলাৰ পৰিকল্পনা কৰিব পাৰোঁ। আন্ত:ৰাষ্ট্ৰীয় সম্বন্ধ বুলি ক’লে আমি বেছিভাগেই ইউৰোপ বা আমেৰিকাৰ কথা ভাবোঁ। আমি অসমত থাকি হয়তো আমেৰিকা বা ইংলেণ্ডৰ কথা বেছি জানো। কিন্তু ভূটান বা ম্যানমাৰৰ কথা তুলনামূলকভাৱে কমকৈ জানো। যিসকল ছাত্র-ছাত্ৰীয়ে আন্তঃৰাষ্ট্রীয় সম্বন্ধ অধ্যয়ন কৰাৰ কথা ভাবিছে, তেওঁলোকে কিছু বেলেগ ধৰণে ভাবি এইক্ষেত্ৰত এক সফল কেৰিয়াৰ গঢ়িব পাৰে।

সাধাৰণতে যিসকলে এই বিষয় অধ্যয়ন কৰে তেওঁলোকে ৰাষ্ট্ৰসংঘৰ নিচিনা বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাত চাকৰি লাভ কৰিব পাৰে। যিবোৰ সংস্থাই বিভিন্ন দেশত কাম কৰে, তেওঁলোকে এই বিষয় স্নাতকোত্তৰ বা পি এইচ ডি আদি কৰা ছাত্র-ছাত্রীক চাকৰিৰ বাবে বেছি প্রাধান্য প্রদান কৰে। স্নাতক সমাপ্ত কৰাৰ পিছত ছাত্র-ছাত্ৰীসকলে এই বিষয় বিশেষভাৱে অধ্যয়ন কৰিব পাৰে। ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ ইন্টাৰনেশ্বনেল ষ্টাডিজ’ অন্যতম। যিকোনো বিষয়ৰ স্নাতকসকলে এই পাঠ্যক্ৰমৰ বাবে আৱেদন কৰিব পাৰে।

আন্ত:ৰাষ্ট্ৰীয় সম্বন্ধ পাঠ্যক্ৰম বিশেষভাৱে শিকোৱা কিছুমান বিষয় বা পাঠ্যক্ৰম হৈছে আমেৰিকান স্টাডিজ, লেটিন আমেৰিকান ষ্টাডিজ, বেষ্ট ইউৰোপিয়ান ষ্টাডিজ, কানাডিয়ান ষ্টাডিজ, ডিপ্ল’মেটিক ষ্টাডিজ, ইন্টাৰনেশ্বনেল লিগেল ষ্টাডিজ, চাইনিজ ষ্টাডিজ, ডিজাৰমেমেন্ট ষ্টাডিজ, ছাউথ এছিয়ান ষ্টাডিজ, ছাব ছাহাৰন ষ্টাডিজ ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকলে এনেধৰণৰ পাঠ্যক্রমবোৰ সমাপ্ত হোৱাৰ পিছত কিছুমানে শিক্ষকতা কৰিব পাৰে, কিছুমানে গৱেষণাৰ লগত জড়িত হ’ব পাৰে, কিছুমানে ভাল সাংবাদিক হ’ব পাৰে তথা Indian Foreign Service ৰ নিচিনা সেৱাৰ বাবে চেষ্টা কৰিব পাৰে। বর্তমান আন্তঃৰাষ্টীয় বেপাৰ-বাণিজ্য যিহেতু বৃদ্ধি পাবলৈ ধৰিছে, এইক্ষেত্ৰত আন্ত:ৰাষ্ট্ৰীয় সম্বন্ধ বিষয়ৰ বিশেষজ্ঞসকলৰ চাহিদা বৃদ্ধি পাব। অসমৰ ছাত্ৰ-ছাত্ৰীসকলে দক্ষিণ এছিয়া বা দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ক্ষেত্ৰত বিশেষজ্ঞ হ'ব পাৰে।

পোনপটীয়াকৈ যদিও এই বিষয়ৰ সুবিধাবোৰ সীমিত যেন লাগে, কিন্তু ছাত্র অৱস্থাৰে পৰা এক সফল কেৰিয়াৰ গঢ়াৰ সম্পূর্ণ সম্ভাৱনা আছে। অধ্যয়ন কৰি থকাৰ পৰাই আমি যথেষ্ট জ্ঞান আহৰণ কৰাৰ চেষ্টা কৰিব লাগে। বিশ্বায়নৰ ফলত যিহেতু প্ৰভাৱ পৰিছে, সেয়েহে আমি ইয়াৰ সুযোগ লৈ কেৰিয়াৰ গঢ়াৰ কথা ভাবিব পাৰো। ছাত্র-ছাত্ৰীসকলে এই বিষয়ে আৰু বেছি তথ্য সংগ্ৰহ কৰা উচিত। এই বিষয় অধ্যয়ন কৰি নিজাববীয়াকৈ গৱেষণা কেন্দ্র বা বেচৰকাৰী সংস্থা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম-কাজ কৰাৰ সুবিধা আমি নিজাকৈ গঢ়িব পাৰোঁ। যিবোৰ দেশ বা প্রান্তৰ বিষয়ে বিশেষজ্ঞ হ'ব বিচাৰোঁ, সেইবোৰ দেশ বা অঞ্চলৰ ভাষা শিকিব পাৰিলে সফল হোৱাৰ সম্ভাৱনা বেছি থাকিব। এই বিষয়লৈ কেৰিয়াৰ গঢ়িব খোজাসকলৰ ধৈর্য থকাৰ প্রয়োজন। আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ বিষয় লৈ অধ্যয়ন কৰি আমি বিশেষভাবে আমাৰ ৰাজ্য তথা চুবুৰীয়া দেশসমূহৰ মাজত এক ভাল সম্বন্ধ গঢ়ি তুলিব পাঁৰো। যাৰ দ্বাৰা ভাৰতৰ লগতে অসমৰো প্রত্যক্ষভাবে বহু লাভ হোৱাৰ সম্ভাৱনা আছে।

জলপানি

এন এইচ এফ ডি চি

শাৰীৰিকভাৱে অক্ষম তথা বিশেষভাৱে সক্ষম ছাত্র-ছাত্ৰীসকলৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ উদ্যোগত National Handicapped Finance and Development Corporation (NHFDC) ৰ যুটীয়া উদ্যোগত ২,৫০০টা জলপানিৰ ব্যৱস্থা কৰা হৈছে। স্নাতক, স্নাতকোত্তৰৰ কাৰিকৰী তথা পেছাদাৰী পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰাৰ বাবে এই জলপানিৰ ব্যৱস্থা কৰা হৈছে। ৩০ শতাংশ জলপানি ছোৱালী বা ছাত্ৰীসকলৰ বাবে সংৰক্ষিত থাকিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই জলপানিৰ বাবে আবেদন কৰিব বিচাৰে, তেওঁলোকৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৩ লাখ টকাতকৈ বেছি হ’ব নোৱাৰিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে উক্ত জলপানিৰ বাবে আবেদন জনাব পাৰে। সবিশেষ জানিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে এন এইচ এফ ডি চি ৰ ৱেবচাইট চাব পাৰে।

পিএম এছ এছ

প্ৰধানমন্ত্ৰীৰ জলপানি আঁচনিৰ বাবে প্ৰাক্তন সৈনিকসকলৰ ল’ৰা-ছোৱালী তথা স্ত্ৰীসকলে আবেদন জনাব পাৰে। যুদ্ধত মৃত্যু হোৱা বা আঘাতপ্ৰাপ্ত প্ৰাক্তন সৈনিকসকলৰ ল’ৰা-ছোৱালী বা স্ত্ৰীৰ বাবে ২০০৬-০৭ চনৰ পৰাই এই জলপানিৰ আৰম্ভ কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্রণালয়ৰ দ্বাৰা কেন্দ্রীয় সৈনিক ব'ৰ্ডে এই জলপানিৰ পৰিচালনা কৰে। আৰু ২০১৬-১৭ বৰ্ষত ৫,৫০০ টা জলপানি প্রদান কৰা হ’ব। ২০১৬ চনত উচ্চতৰ মাধ্যমিকত ৬০ শতাংশতকৈ বেছি নম্বৰ পাই উৰ্ত্তীর্ণ হোৱা তথা বিভিন্ন পাঠ্যক্রম, যেনে— অভিযন্তা, এম বি বি.এছ. বি ডি এছ, বি বি এ, বি চি এ, বি ফার্মাত নামভর্তি কৰোৱা ছাত্র-ছাত্ৰীসকলে এই জলপানিৰ বাবে আৱেদন জনাব পাৰে। ইচ্ছুক ছাত্র-ছাত্ৰীসকলে অনলাইনযোগে আবেদন জনাব পাৰে। আবেদন জনোৱা অন্তিম তাৰিখ হৈছে ১৫ নৱেম্বৰ।

সংখ্যালঘু ছাত্ৰীসকলৰ জলপানি

কেন্দ্রীয় সংখ্যালঘু মন্ত্রণালয়ৰ অধীনত থকা মৌলনা আজাদ এডুকেশ্বন ফাউণ্ডেশ্বনে সংখ্যালঘু সম্প্রদায়ৰ ছাত্ৰীসকলৰ বাবে জলপানি প্রদান কৰিব। উচ্চতৰ মাধ্যমিক প্রথম আৰু দ্বিতীয় বার্যত অধ্যয়ন কৰাৰ বাবে এই জলপানি উপলব্ধ। ভাৰতৰ ৬টা সংখ্যালঘু সম্প্রদায়, যেনে— মুছলমান, শিখ, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মীয়, পাৰ্ছী আৰু জৈন ধৰ্মৰ ছাত্ৰীসকলে এই জলপানিৰ বাবে আৱেদন জনাব পাৰে। যিবোৰ ছাত্রীয়ে ২০১৬ বৰ্ষত ৫৫ শতাংশ বা তাতকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হৈছে, তেওঁলোক এই জলপানিৰ বাবে উপযোগী। আৱেদনকাৰীসকলৰ পৰিয়ালৰ উপাৰ্জন এক লাখ টকাতকৈ কম হ'ব লাগিব। অনলাইনযোগে আৱেদন কৰাৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ আৰু সকলো তথ্য-পাতি ডাকযোগে পঠোৱাৰ অন্তিম তাৰিখ হৈছে ৩০ নবেম্বৰ।

আন্তঃৰাষ্ট্ৰীয় জলপানি

বিশ্বৰ অন্যতম শিক্ষানুষ্ঠান লণ্ডন স্কুল অৱ ইকনমিক্‌ছ এণ্ড পলিটিকেল ছায়েন্স বা চমুকৈ এল এছ ইত আন্তঃৰাষ্ট্রীয় ছাত্র-ছাত্ৰীসকলৰ বাবে Graduate Support Scheme আগবঢ়োৱা হ’ব। ২০১৭-১৮ বৰ্ষৰ এই জলপানিৰ বাবে ছাত্র-ছাত্ৰীসকলে আবেদন জনাব পাৰে। ইচ্ছুক ছাত্র-ছাত্ৰীসকলে অহা বছৰৰ এপ্রিল মাহৰ আগতে ইয়াৰ বাবে আবেদন জনাব পাৰে।

চি ই ই ডি-২০১৭

ডিজাইনিঙৰ লগত জড়িত অন্যতম বাছনি পৰীক্ষা Common Entrance Exam for Design ৰ লগত M. Des আৰু পি এইচ ডিত নামভৰ্তি কৰাৰ কাৰণে ছাত্র-ছাত্ৰীসকলে ১১ নৱেম্বৰৰ আগতে আৱেদন কৰিব পাৰে। ইয়াৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলে IISc বেংগালুৰু, IIT বোম্বে, হায়দৰাবাদ, কানপুৰত পি এইচ ডি আৰু IIT দিল্পী তথা IIT গুৱাহাটী, IIITDM জবলপুৰ আৰু ইউ পি ই এছ ডেৰাডুনত M.Des পাঠ্যক্ৰম কৰিব পাৰিব।

নামভৰ্তি/পৰীক্ষা

এন ই টি

বিশ্ববিদ্যালয় অনুদান আয়োগৰ হৈ কেন্দ্রীয় শিক্ষা ব’ৰ্ডে ২২ জানুৱাৰী তাৰিখে National Eligibility Test  ৰ আয়োজন কৰিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিব বিচাৰে, জুনিয়ৰ ৰিছাৰ্চ ফেল’শ্বিপ পাব বিচাৰে, তেওঁলোকে এন ই টি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ৮৪ টা বিষয়ত প্রায় ৯০ খন চহৰত জানুৱাৰী মাহত এই পৰীক্ষাৰ আয়োজন কৰা হ'ব। অনলাইনযোগে পৰীক্ষাৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ ১৬ নৱেম্বৰ আৰু টকা জমা দিয়াৰ শেষ তাৰিখ ১৭ নৱেম্বৰ। পৰীক্ষাৰ এডমিট কার্ডসমূহ ২১ ডিচেম্বৰৰ পৰা উপলব্ধ হ’ব আৰু জানুৱাৰী মাহৰ ২২ তাৰিখে পৰীক্ষা অনুষ্ঠিত হ’ব।

এম এ টি

ভাৰতবৰ্ষৰ বিভিন্ন বিজনেছ স্কুলসমূহত নামভৰ্তি কৰাৰ বাবে এম এ টি বা মেনেজমেন্ট এপিটিটিউড টেষ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্রয়োজন। ডিচেম্বৰ মাহৰ ১১ আৰু ১৭ তাৰিখে হ’বলগীয়া পৰীক্ষাৰ বাবে অনলাইনযোগে আৱেদন কৰাৰ অন্তিম তাৰিখ ২৬ নৱেম্বৰ।

আই আৰ এম এ

ইনষ্টিটিউট অৱ ৰুৰেল মেনেজমেন্ট আনন্দ চৌহদত নামভৰ্তিৰ কাৰণে ছাত্র-ছাত্ৰীসকলে আবেদন জনাব পাৰে। নামভৰ্তিৰ বাবে চি এ টি/এক্স এ টি নম্বৰ গ্ৰহণ কৰা হৈছে যদিও আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে "Issues of Social Concern' নামৰ টেষ্টত ১২ ফেব্রুৱাৰী তাৰিখে অৱতীর্ণ হ’ব লাগিব। আই আৰ এম এ দুটা পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰোৱা হ’ব আৰু এই দুটা হৈছে প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা ইন ৰুৰেল মেনেজমেণ্ট আৰু ফেল' প্ৰ'গ্ৰেম ইন ৰুৰেল মেনেজমেন্ট।

লিখক: ৰঞ্জন কে বৰুৱা, পূৰ্বাচল।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top