অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইভেন্ট মেনেজমেন্টৰ খুঁটি-নাটি

বর্তমান সময়ত “ইভেণ্ট মেনেজাৰ’ৰ বৃত্তিটো অতি আকর্ষণীয় আৰু লাভজনক বৃত্তি হিচাপে বিবেচিত হৈছে। ইয়াৰ লগে লগে বহুতো যুৱক-যুৱতীয়ে নিজকে এজন সুদক্ষ ইভেণ্ট মেনেজাৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাটোও দেখিবলৈ পোৱা যায়। এজন ইভেণ্ট মেনেজাৰৰ কাম হৈছে পাৰ্টী, অভ্যর্থনা, কৰ্প’ৰেট ইভেন্ট, কোনো সাংস্কৃতিক অনুষ্ঠান, সভা আদিৰ আয়োজনৰ আঁচনি প্ৰস্তুত কৰা আৰু তত্ত্বাৱধান কৰা। এজন ইভেট মেনেজাৰে জানিবলগা বা সচৰাচৰ মন কৰিবলগীয়া পাঁচটা দিশ হ’ল

বিষয়

আয়োজিত অনুষ্ঠান বা ইভেণ্টৰ প্ৰকৃত উদ্দেশ্য অথবা বিষয় সন্দৰ্ভত স্পষ্ট হ'ব লাগে। কৰ্মশালা আদিৰ দৰে অনুষ্ঠানত যোগদান কৰোতাসকল কিবা শিকাৰ উদ্দেশ্যে আহে, গতিকে এনে অৱস্থাত তাত এনে কোনো কাৰ্যসূচী ৰখা অনুচিত যি শিক্ষণত বাধা জন্মাব পাৰে। জন্মদিন আদিৰ দৰে অনুষ্ঠান হ’লে মনোৰঞ্জনমূলক কিছুমান কাৰ্যসূচী ৰাখিব পৰা যায়।

গতিকে ইভেণ্ট মেনেজাৰ এজন কাৰ্যসূচী নির্বাচনৰ ক্ষেত্ৰত অতি সচেতন হ’ব লাগে।

আঁচনি বা পৰিকল্পনা

কেতিয়াবা কোনো এটা ইভেণ্ট বা অনুষ্ঠানৰ আৰম্ভণিৰ মুহুৰ্তলৈ কাৰ্যসূচী বা আঁচনি প্ৰস্তুত কৰিবলৈ থ’ব নালাগে। সুচাৰুৰূপে আঁচনি প্ৰস্তুত কৰিবলৈ থ’ব নালাগে। সুচাৰুৰূপে আঁচনি প্রস্তুত কৰি কাম আগবঢ়াই নিলে কোনো ভুল হোৱাৰ সম্ভাৱনা নাথাকে।

নিৰ্ধাৰিত কাৰ্যসূচীৰ ক্ৰম

নিজকে সম্পূর্ণ সু-সংগঠিত কৰি ৰখাটোও এজন ইভেণ্ট মেনেজাৰৰ আন এটা প্ৰয়োজনীয় গুণ। এজন ইভেণ্ট মেনেজাৰে সেয়েহে নিজৰ হাতত এখন টোকাবহী ৰাখিব লাগে, য’ত তেওঁৰ ইভেণ্ট বা অনুষ্ঠান সম্পৰ্কীয় সকলো তথ্য স্পষ্ট হৈ থাকে।

দলীয় সহযোগিতা

কামত সহায় কৰিবৰ বাবে প্রয়োজন অনুযায়ী সহায়ক-কর্মী নিয়োগ কৰিব লাগে। পৰাপক্ষত নিজৰ চিনাকি আৰু বিশ্বস্ত লোকসকলক, বিশেষকৈ বন্ধু-বান্ধৱ অথবা পৰিয়ালৰ সদস্যক প্রয়োজনীয় আৰু অতি মহত্বপূর্ণ কামৰ দায়ত্ব অর্পণ কৰিব লাগে। এজন ইভেণ্ট মেনেজাৰৰ সফলতা বহু পৰিমাণে তেওঁৰ হৈ কাম কৰা সহায়ক দলৰ ওপৰতো নিৰ্ভৰ কৰে। প্ৰয়োজন সাপেক্ষে বৃহৎ ইভেণ অথবা কাৰ্যসূচীৰ বাবে স্থানীয় লোক অথবা ছাত্ৰ-ছাত্ৰীসকলৰ পৰাও সহায় ল’ব।

উপভোগ কৰাৰ দক্ষতা

এটা অনুষ্ঠান সুচাৰুৰূপে চলাই নিবৰ বাবে এজন ইভেণ্ট মেনেজাৰৰ নিজে কৰা কামসমূহ উপভোগ কৰাৰ দক্ষতা থাকিব লাগিব। নতুন নতুন সামগ্ৰী সম্পর্কে জনাৰ আৰু কোনো এটা অনুষ্ঠানত যোগদান কৰা যোগদানকাৰীসকলৰ সম্পর্কে জনাৰ আগ্ৰহো তেওঁৰ থাকিব লাগিব। অনুষ্ঠানৰ কাম কৰি যোৱাৰ মাজেৰেই 'আনন্দ উপভোগ কৰা আৰু নিজে কৰা ভুলসমুহৰপৰা শিক্ষা লৈ আগলৈ তেনে ভুল নকৰাৰ সিদ্ধান্তৰে আগ বাঢ়ি যোৱাটো এজন সফল ইভেণ্ট মেনেজাৰৰ থাকিবলগা অন্যতম গুণ।

উৎস: জনসাধাৰণ।

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate