মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / কলা, বিজ্ঞান, বাণিজ্য সকলোৰে বাবে আছে অলেখ সুযোগ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলা, বিজ্ঞান, বাণিজ্য সকলোৰে বাবে আছে অলেখ সুযোগ:

কলা, বিজ্ঞান, বাণিজ্য সকলোৰে বাবে আছে অলেখ সুযোগ

 

ইতিমধ্যে সকলোৱে পৰীক্ষাৰ ফলাফলৰ পাছত নাম লগাব লগা পাঠ্যক্ৰমৰ বিচাৰ-খোচাৰ কৰিছে অথবা প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আন কিছুমানে আকৌ কোন কলেজত কি কি বিষয় আছে, কি বিষয়ত মেজৰ ল’ব পৰা যাব, মেজৰ নোলোৱাকে পঢ়ি আন কি কৰিব পাৰি ইত্যাদি কথাবোৰ চিন্তা কৰাৰ লগতে বৃত্তিমূলক পাঠ্যক্ৰম কিবা পঢ়িব পৰা যাব নেকি তাকো চিন্তা কৰি আছে। এইখিনিতে মন কৰিবা দশম শ্ৰেণীত উত্তীৰ্ণহোৱাসকলে কলা, বিজ্ঞান, বাণিজ্য শাখা বাছি ল’ব লগা হয়। এই শাখা বাছি লওঁতে বৰ মন দি কথাবোৰ চিন্তা কৰিবা। কিয় কলা বিভাগ বাছি লৈছা বা কিয় বিজ্ঞান বিভাগ বা বাণিজ্য শাখা বাছি লৈছে? বাণিজ্য বিভাগত পঢ়াৰ পাছত কি কৰিবা, কলা শাখাত পঢ়াৰ পাছত কি কৰিবা অথবা বিজ্ঞান শাখাত পঢ়াৰ পাছত কি কৰিবা আগতীয়াকৈ চিন্তা কৰা বৰ জৰুৰী।

তুমি যি শাখাতেই অধ্যয়ন নকৰা কিয় তোমাৰ বাবে অলেখ সুযোগ আছে। প্ৰতিটো শাখাতেই কম-বেছি পৰিমাণে তুমি তোমাৰ কেৰিয়াৰ গঢ়াৰ সুবিধা পাবাই। বহুতে কলা শাখাত পঢ়াৰ বাবে পাছলৈ হীনমন্যতাত ভোগে। ভাবে কলা শাখাত কেৰিয়াৰ গঢ়াৰ সুবিধাই নাই। ঘৰত অথবা ওচৰ-চুবুৰীয়ায়ো তেনেদৰে বিভিন্ন মন্তব্য আগবঢ়ায়। ‘কিয় বিজ্ঞান শাখাত নপঢ়িলা অন্তত: প্ৰাইভেটকৈ হ’লেও ইঞ্জিনিয়াৰিং পঢ়িব পাৰিলাহেতেন। কলা শাখাত পঢ়িনো কি কৰিবা মাষ্টৰ হোৱাৰ বাহিৰে উপায় নাই’।

আচলতে কিন্তু সেয়া নহয়। আমাৰ এই আলোচনীতো আমি তেনে কথাবোৰেই আলোচনা কৰি আহিছো। কলা, বিজ্ঞান, বাণিজ্য সকলোতে আছে অলেখ সুযোগ। মাত্ৰ তুমি বিচাৰি চোৱা। তোমাৰ বাবে তেনে কেইটিমান কেৰিয়াৰৰ বিষয়ে আগবঢ়ালো।

তুমি যদিহে কলা শাখাত অধ্যয়ন কৰা উচ্চতৰ মাধ্যমিকৰ পাছত কি কি বৃত্তিমূলক পাঠ্যক্ৰম কৰিব পাৰা চোৱা অৱশ্যে ইয়াৰ বাবে লাগিব তোমাৰ আগ্ৰহ আৰু সেই নিৰ্দিষ্ট পাঠ্যক্ৰমৰ বাবে থাকিব লগা গুণ অথবা অৰ্হতা।

বেচেলৰ অব হস্পিটেলিটি এণ্ড হোটেল মেনেজমেন্ট:

 

এই পাঠ্যক্ৰমৰ বাবে আমাৰ অসমত চৰকাৰী-বেচৰকাৰী দুয়ো ক্ষেত্ৰতে অধ্যয়নৰ সুবিধা আছে। চৰকাৰী ক্ষেত্ৰত গুৱাহাটীৰ বৰবাৰী হেঙেৰাবাৰীত ‘ইনষ্টিটিউট অব হোটেল মেনেজমেন্ট’ আছে। এই শিক্ষায়তন নামভৰ্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত জইন্ট এনট্ৰেন্স পতা হয়। ইয়াৰ বাবে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বিজ্ঞাপন দিয়ে। আকৌ অসম পৰ্যটন বিভাগৰ পৰাও আসন পূৰ কৰা হয়। তুমি যদি সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাই তেনেহ’লে পৰ্যটন বিভাগৰ আসনকেইখনৰ বাবে আবেদন কৰিব পাৰিবা। জুন মাহত ইয়াৰ বিজ্ঞাপন দিয়ে। তেনেদৰে নগাঁৱৰ চামুগুৰিত আছে অসম চৰকাৰৰ অধীনৰ ফুডক্ৰাফট ইনষ্টিটিউট। ইয়াতো তুমি হস্পিটেলিটি মেনেজমেন্টৰ বিভিন্ন পাঠ্যক্ৰম যেনে ফুড এণ্ড বেভাৰেজ আদি পঢ়িব পাৰা।

একেদৰে বেচৰকাৰী ক্ষেত্ৰত যোৰহাটৰ পুলিবৰৰ ওচৰত আছে নৰ্থ ইষ্ট ইনষ্টিটিউট অব হোটেল মেনেজমেন্ট। ইয়াতো হোটেল এণ্ড হস্পিটেলিটি মেনেজমেন্টৰ বিভিন্ন পাঠ্যক্ৰম পঢ়াৰ সুবিধা পাবা। ইয়াত নামভৰ্তিৰ বাবে বিভিন্ন বাতৰিকাকত আলোচনীত বিজ্ঞাপন প্ৰকাশিত হয়।

তেনেদৰে গুৱাহাটীতো কেইবাখনো ব্যক্তিগত শিক্ষাপ্ৰতিষ্ঠান আছে। তুমি তোমাৰ সুবিধামতে যিকোনো এখনত এই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰা। এই শিক্ষাপ্ৰতিষ্ঠানসমূহে বিভিন্ন বাতৰিকাকত আলোচনীত বিজ্ঞাপন দিয়েই থাকে। মন কৰিবলগা কথা যে এই পাঠ্যক্ৰম কৰিবৰ বাবে যিকোনো শাখাৰ পৰা অহা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে। অৰ্থাৎ কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাৰ শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰে।

ছোচিয়েল ৱৰ্ক:

 

সমাজ বিজ্ঞানৰ এই বিষয়টোৰ প্ৰতি সকলোৰে আগ্ৰম পৰিলক্ষিত হয়। বৰ্তমান এই বিষয়টোৰ লগত অজস্ৰ লোক জড়িত হৈ পুৰিছে আৰু আমাৰ সমাজখনক আগুৱাই নিয়াত সমায়ক হৈছে। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় যিদুখনে এই বিষয় প্ৰথমবাৰৰ বাবে পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিছিল এই দুখনৰ উপৰি এতিয়া টাটা ইনষ্টিটিউট অব ছোচিয়েল ছায়েন্স, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আদিতো পঢ়িব পাৰি। উচ্চতৰ মাধ্যমিকৰ পাছতেই পঢ়িব পৰা এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰকাশ পৰীক্ষা অনুষ্ঠিত হয়। বিশেষকৈ ইংৰাজী ভাষাত কিছুপৰিমাণে হ’লেও পাৰদৰ্শী হোৱা বাঞ্ছনীয়।

পাঠ্যক্ৰমৰ সময় সীমা তিনি বছৰৰ পৰা পাঁচ বছৰ।

এই পাঠ্যক্ৰমৰ পাছত নিযুক্তিৰ সম্ভাৱনা অলেখ। চৰকাৰী-বেচৰকাৰী বিভিন্ন বিভাগ, শিক্ষায়তন, হাস্পতাল আদি সকলোতে কাম কৰাৰ অলেখ সুযোগ আছে এই ক্ষেত্ৰখনত।

জুৱেলাৰী ডিজাইন:

 

ভাৰতীয় জুৱেলাৰী অথবা আ-অলংকাৰৰ প্ৰতি সমগ্ৰ পৃথিৱী আকৰ্ষিত হয়। সেয়েহে ভাৰতীয় আ-অলংকাৰ সমগ্ৰ পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি হয়। বৰ্তমান সময়ত সেয়েহে জুৱেলাৰী ডিজাইন এক অতিকে আকৰ্ষণীয় পাঠ্যক্ৰম। তোমাৰো যদিহে সৃজনীশীল প্ৰতিভা আছে, ন ন ধৰণৰ মণিক ব্যৱহাৰ কৰি ধুনীয়া ধুনীয়া ডিজাইন গঢ়াৰ মন আছে তেনেহ’লে এই পাঠ্যক্ৰমে তোমাক নিশ্চয়কৈ সহায় কৰিব।

ডিপ্ল’মা ইন টুল এণ্ড ডাই মেকিং:

 

আমাৰ অসমীয়া শিক্ষাৰ্থীয়ে খুব কমকৈ জনা এই বিষয়টো হ’ল সকলো উৎপাদন উদ্যোগৰে মূল তথা প্লাষ্টিক মোলড এণ্ড ডাই মেকিং, কাষ্টিং আদি বিষয় ইয়াত শিকোৱা হয় খৰচি মাৰি সাধাৰণতে তিনিবছৰীয়া এই ডিপ্ল’মা পাঠ্যক্ৰমৰ এবছৰ উদ্যোগত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই পাঠ্যক্ৰমৰ অন্তত সহজে যিকোনো উদ্যোগত টেকনিচিয়ান হিচাপে কাম কৰিব পাৰি। খুব কমসংখ্যক টুল এণ্ড ডাই মেকাৰেহে টুল ডিজাইনাৰ হিচাপে কাম কৰি আছে। কিছুসংখ্যকে তেওঁলোকৰ নিজা টুল এণ্ড ডাইৰ দোকান খুলিছে।

প্ৰশিক্ষণ পাঠ্যক্ৰম”

 

সাধাৰণতে টুল এণ্ড ডাইমেকিং পাঠগ্ৰহণৰ সুবিধা থকা শিক্ষায়তনসমূহ চৰকাৰী। অৱশ্যে বেচৰকাৰী শিক্ষায়তনো গঢ়ি উঠিছে। সাধাৰণতে এই ক্ষেত্ৰখনত প্ৰশিক্ষণৰ বাবে মাইক্ৰো আৰু স্খলস্কেন ইণ্ডাষ্ট্ৰিৰ বিশেষভাৱে প্ৰয়োজন। এই ক্ষেত্ৰখনত নিয়োজনৰ সুবিধা অধিক। কিন্তু এতিয়াও গুণসম্পন্ন টেকনিচিয়ানৰ যথেষ্ট অভাৱ। টুল এণ্ড ডাই মেকিঙৰ কেইখনমান উল্লেখযোগ্য শিক্ষায়তন হ’ল-

  • MSME- ToolRoom Training Centre, Amingaon, Guwahati.
  • MSME- ToolRoom(Indogaman ToolRoom), Ahmedabad, Aurangabad, Indore

Website: www.indore.com

www.igtr-avr.org

www.igtr-indore.com

  • MSME- ToolRoom Central ToolRoom Ludhiana

www.ctrludhinana.com, Kolkata,

www.msmetroomkolkata.com আদি।

দা-দৰমহা:

ভালদৰে প্ৰশিক্ষণ লাভ কৰা টুল ৰুম এণ্ড ডাইমেকিং টেকনিচিয়ানৰ চাহিদা প্ৰচুৰ। বিদেশতো বিশেষকৈ মধ্য প্ৰাচ্যৰ চাহিদা অধিক। সেয়েহে এনে টেকনিচিয়ানৰ ভাৰতত প্ৰথম অৱস্থাত দৰমহা হ’ব পাৰে ন্যূনতম ৬০০০ টকাৰ পৰা ২৫,০০০ টকা প্ৰতি মাহে। প্ৰমোচনৰ সুবিধা অজস্ৰ হোৱা বাবেই খুব কম সময়ৰ ভিতৰতে ডিজাইন ইঞ্জিনিয়াৰ হিচাপে কাম কৰিব পাৰি। এই পাঠ্যক্ৰম কৰা শিক্ষাৰ্থীক এনেদৰে প্ৰশিক্ষণ দিয়া হয় ভৱিষ্যতে এওঁলোক কৰ্ম বিমুখ  হ’ব নালাগে।

এনিমেচন:

 

একৈশ শতিকাত এটি উল্লেখযোগ্য ক্ষেত্ৰ হ’ল এনিমেচন। ইনফৰমেচন টেকনোলজিৰ পাছতেই আমাৰ দেশত সৰ্বাধিক চাহিদা থকা বৃহৎ উদ্যোগ হ’ল এনিমেচন। এনিমেচনত ডিজাইন কৰা হয়, ছবি অঁকা হয় নে আউট কৰা হয় আৰু মাল্টিমেডিয়াৰ বিভিন্ন টেকনিক খটুৱাই দেখিবলৈ আকৰ্ষণীয় কৰি তোলা হয়।

উচ্চতৰ মাধ্যমিকৰ পাছতেই এনিমেচনৰ ডিপ্ল’মা পাঠ্যক্ৰম কৰিব পাৰি। এৰেনা মাল্টি মেডিয়াই সমগ্ৰ ভাৰততে থকা ৮০টা কেন্দ্ৰত দুবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম প্ৰদান কৰে। মায়া একাডেমী, মুম্বাই টুনজ একাডেমী আদিত এনিমেচনৰ বিভিন্ন পাঠ্যক্ৰম যেনে- ৩০ এনিমেচন, ডিপ্ল’মা ইন ডিজিটেল আৰ্ট এণ্ড এনিমেচন আদিৰ পাঠদান কৰা হয়। অসমতো ইমেজ এনিমেচনে এই ক্ষেত্ৰখনৰ কেবাটাও ডিপ্ল’মা-ডিগ্ৰী পাঠ্যক্ৰম প্ৰদান কৰি আহিছে। ইতিমধ্যে এই শিক্ষায়তনে এনিমেচনৰ বি এছ চি পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে।

অৰ্হতা:

এই পাঠ্যক্ৰমসমূহৰ বাবে ন্যূনতম অৰ্হতা উচ্চতৰ মাধ্যমিক আৰু লগতে এই ক্ষেত্ৰত প্ৰতি আগ্ৰহ থাকিব লাগিব আৰু কিছু পৰিমাণে ছবি সম্পৰ্কীয় জ্ঞান থাকিব লাগে।

দা-দৰমহা:

একোজন জুনিয়ৰ এনিমেটৰৰ অথবা ট্ৰেইনি এনিমেটৰৰ প্ৰথম অৱস্থাত দৰমহা হ’ব পাৰে ৮০০০-১৫০০০ টকা। তিনি চাৰি বছৰ অভিজ্ঞতা থকাসকলৰ দৰমহা হ’ব পাৰে ২৫০০০ পৰা ৪০,০০০ টকা। একোজন ভাল এনিমেটৰে সহজেই মাহে ৫০,০০০-৭০,০০০ টকা প্ৰতিমাহে উপাৰ্জন কৰিব পাৰে। সেয়েহে এই ক্ষেত্ৰখনক বৰ্তমান বুমিং ক্ষেত্ৰ বুলি কোৱা হয়।

মেডিকেল লেবৰেটৰী টেকনোলজি:

 

ৰোগৰ চিনাক্তকৰণ সম্ভৱ হ’লেহে তাৰ চিকিৎসা আগবঢ়াব পাৰি। বৰ্তমান সময়ত শুদ্ধৰূপত ৰোগৰ চিনাক্ত কৰণ তথা ৰোগৰ ব্যাপকতা আদিৰ তথ্য জানিবলৈ হ’লে লেবৰেটৰী টেকনিচিয়ানৰ চাহিদা বাঢ়িছে।

দা-দৰমহা:

এইক্ষেত্ৰখন দা-দৰমহা সংস্থা তথা লেব বা হাস্পতাল বিশেষে বেলেগ বেলেগ হয়। তদুপৰি যিমানেই অভিজ্ঞতা বাঢ়িব সিমানেই দৰমহা বাঢ়ি গৈ থাকে। তদুপৰি অভাৰ টাইম পোৱা যায়। প্ৰশিক্ষণ চলি থকাৰ সময়ৰ পৰাই ষ্টাইপেণ্ড পাব পাৰি। গতিকে ভাল শিক্ষায়তন বা হাস্পতালত শিকিব পাৰিলে খুবেই ভাল। প্ৰশিক্ষণ লৈ থকা অৱস্থাতে চাৰি-পাঁচ হাজাৰ ষ্টাইপেণ্ড পোৱা যায়। উত্তীৰ্ণ হৈ কামত যোগ দিয়াৰ লগে লগে ১২-১৮ হাজাৰ দৰমহা হ’ব পাৰে বেচৰকাৰী চৰকাৰী সকলোতে। তদুপৰি কামৰ অভাৱ নাই। কেৱল থাকিব লাগে মানুহক সহায় কৰাৰ মানসিকতা আৰু কামটোৰ প্ৰতি আগ্ৰহ। মেডিকেল লেবৰেটৰী টেকনিচিয়ানে প্ৰথমে চেম্পল কালেক্ট কৰিব লাগে তাৰ পাছত ইয়াক টেষ্টৰ বাবে লেবৰেটৰীলৈ নি টেষ্ট কৰিব লাগে, গতিকে যথেষ্ট দায়িত্বপূৰ্ণ কাম। কাৰণ তেওঁলোকৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিতে ৰোগ নিৰ্ণয় কৰিব পাৰি আৰু ৰোগৰ মাত্ৰা গম পোৱা যায়। সেয়েহে চাহিদাও বেছি। সেই বাবেই আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষায়তনেও টেকনোলজিৰ ডিপ্ল’মা ডিগ্ৰী, স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা দেখা যায়।

মেডিকেল লেবৰেটৰী টেকনোলজিৰ ডিপ্ল’মা পাঠ্যক্ৰম ডেৰ বছৰৰ পৰা দুবছৰ। অৱশ্যে উচ্চ শিক্ষাৰো সুবিধা আছে।

বিভিন্ন শিক্ষায়তন:

Guwahati Medical College, Guwahati সাধাৰণতে মেৰিট বেচিছতে নামভৰ্তি হয়। উচ্চতৰ মাধ্যমিকত ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান থাকিব লাগিব।

  • Downtown College of Paramedical Dispur, G.S Road.
  • Regional Medical College of Manipur, Imphal.
  • North Eastern Indira Gandhi Regional Institute of Health & Medical Sciences Mawdianging, Shillong 793018.
  • Assam Medical College, Silchar Medical College.
  • GNRC Hospital.

গহপুৰৰ ছয়দুৱাৰ কলেজতো বি ভক ইন লেবৰেটৰী টেকনোলজি পঢ়িব পাৰি। মন কৰিবলগীয়া যে চিকিৎসা বিজ্ঞানৰ লগত জড়িত সকলো ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সাধাৰণতে প্ৰাৰ্থীৰ মেৰিটৰ ওপৰতে নিৰ্ভৰ কৰা হয় যদিও প্ৰাৰ্থীৰ সংখ্যা অত্যাধিক হ’লে লিখিত পৰীক্ষা পতা হয়। এনে এক ডিপ্ল’মা তথা হ্ৰস্বম্যাদী বৃত্তিমুখী পাঠ্যক্ৰম হ’ল-

ডিপ্ল’মা ইন ফিজিঅ’থেৰাপী:

 

বৰ্তমান প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো ৰোগ বা অপাৰেচনৰ পাছতে ফিজিঅ’থেৰাপীৰ পৰামৰ্শ লোৱা হয়। সেয়েহে গুৰুত্ব বাঢ়িছে ফিজিঅ’থেৰাপীষ্টৰ। ৰোগীৰ উপৰি ৰোগ নোহোৱা সকলেও নিজকে সুস্থভাৱে জীয়াই ৰাখিবৰ বাবে নিতৌ ফিজিঅ’থেৰাপীষ্টৰ পৰামৰ্শ ল’ব লগা হৈছে। তদুপৰি বয়স বঢ়াৰ লগে লগে বা মেড বহুলতাৰ বাবেই হওক মানুহৰ বিশ্ব বা অন্যান্য ৰোগ বাঢ়িছে। এই বৰ্ধিত ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ উপায় হৈছে ফিজিঅ’থেৰাপীষ্টৰ পৰামৰ্শ আৰু সেই অনুসৰি কৰা অনুশীলন। প্ৰতিখন হাস্পতাল, ক্লিনিক, ক্ৰীড়া সঞ্চালকালয় বিভাগ আদিত ফিজিঅ’থেৰাপীষ্টৰ প্ৰয়োজন।

দা-দৰমহা:

ফিজিঅ’থেৰাপিষ্টৰ দা-দৰমহা আৰম্ভণিতে হ’ব পাৰে ১৫-৩০ হাজাৰ টকাৰ ভিতৰত। অৱশ্যে বহুসময়ত তেওঁলোকে নিজকে ৰোগী চোৱা আৰু পৰামৰ্শদানো কৰে। তেনে অৱস্থাত উপাৰ্জন লেখ-জোখ নাই। মুঠতে চাহিদা অধিক আৰু উপাৰ্জন তথা সন্মানো অধিক।

শিক্ষাগত অৰ্হতা:

উচ্চতৰ মাধ্যমিক পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানসহ উত্তীৰ্ণ। অসমৰ চিকিৎসা মহাবিদ্যালয়কেইখনৰ লগতে ডাউন টাউন কলেজ অব পেৰামেডিকেলতো পঢ়িব পাৰি। এনে ধৰণৰ আন আন ডিপ্ল’মা হ’ল ই চি জি টেকনিচিয়ান, আই চি ইউ টেকনিচিয়ান অপথালমিক এচিষ্টেন্ট, অ’টি টেকনিচিয়ান আদি। এই সকলো টেকনিচিয়ানৰ চাহিদা দিনক দিনে বাঢ়িছে। যিমানে অভিজ্ঞতা বাঢ়িব সিমানে দা-দৰমহা তথা অন্যান্য সা-সুবিধা বাঢ়িব। বৰ্তমান যুগটোৱেই হ’ল টেকনিচিয়ানৰ যুগ। গতিকে এই হ্ৰস্বম্যাদী টেকনিচিয়াৰ পাঠ্যক্ৰম কৰা আৰু বৃত্তি গ্ৰহণ কৰি আনন্দমনেৰে সকলোলৈ সেৱা আগবঢ়োৱা।

অফিচ মেনেজমেন্ট এণ্ড ছেক্ৰেটেৰিয়েল প্ৰেকটিছ:

 

অফিচ মেনেজমেন্ট এণ্ড ছেক্ৰেটেৰিয়েল প্ৰেকটিছৰ ডিপ্ল’মা পাঠ্যক্ৰম কৰিয়েই নিযুক্তি অলেখ সুযোগ পোৱা যায়। বাতৰি কাকতৰ অফিচ মেনেজমেন্ট এণ্ড ছেক্ৰেটেৰিয়েল প্ৰেকটিছৰ ডিপ্ল’মাধাৰী ব্যক্তি বিচাৰি বিজ্ঞাপন প্ৰকাশিত হৈয়ে থাকে। প্ৰমোচনৰ সুবিধা থকা এই পাঠ্যক্ৰম আমাৰ অসমত কেৱল গাৰ্লছ পলিটেকনিকতহে পঢ়াৰ সুবিধা আছে। কিন্তু দিল্লী, কলকাতা আদি ঠাইত কলেজীয়া শিক্ষাৰ লগতে ভকেচনেল পাঠ্যক্ৰম হিচাপে পঢ়াৰ সুবিধা আছে। বৰ্তমান অসমৰো বিভিন্ন শিক্ষায়তনত অফিচ মেনেজমেন্ট এণ্ড ছেক্ৰেটেৰিয়েল প্ৰেকটিছ পাঠ্যক্ৰম ল’বলৈ আমাৰ শিক্ষাৰ্থী আগবাঢ়ি আহিলে অতি সহজে নিযুক্তিৰ সুবিধা পাব পাৰি।

কেনেধৰণৰ চাকৰি পাব পাৰি:

এই পাঠ্যক্ৰমৰ অন্তত বিভিন্ন দপ্তৰ তথা বিভাগৰ একজিকিউটিভ এছিষ্টেন্ট, পাৰচনেল ছেক্ৰেটাৰী, এডমিনিষ্ট্ৰোটিভ অফিচাৰ, এডমিনিষ্ট্ৰোটিভ এছিটেন্ট আদি। প্ৰতিষ্ঠান বিশেষে নিয়োগৰ ক্ষেত্ৰ ভিন ভিন হ’ব পাৰে। চৰকাৰী বিভিন্ন বিভাগৰ উপৰি ৰাজহুৱা প্ৰতিষ্ঠান, হোটেল, কোম্পানী, কৰ্পাৰেচন, বেংক, ফিনান্সিয়েল ইনষ্টিটিউটচন, লজিষ্টিক ইউনিট, ফাৰ্ম, ট্ৰেভেল এজেন্সি আদি।

দৰমহা আদি:

নিযুক্তিৰ প্ৰথম অৱস্থাত দৰমহা হ’ব পাৰে ১০ৰ পৰা ১০-১৫ হাজাৰ টকা। অৱশ্যে অভিজ্ঞতা যিমানে বাঢ়ে দৰমহা তথা অন্যান্য সুবিধাও বাঢ়ি গৈ থাকে।

বিভিন্ন শিক্ষায়তন:

  • Girls Poly Technic Bamuani Maidam Guwahati ইয়াত নামভৰ্তিৰ বাবে PAT পলিটেকনিক এডমিচন টেষ্ট দিব লাগে।
  • College og Vocational Training Guwahati Club, Guwahati.
  • National Vocational Training Institute for woman(NVTI), Tura Meghalaya,

Website: http://dget.nic.in/nvti.

এই শিক্ষায়তন আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ মাচুল নিচেই নগণ্য।

NVTৰ শিক্ষায়তন থকা দেশৰ অন্যান্য ঠাইকেইখন মান হ’ল Mumbai, Noida(Delhi), Trivandram, Panjpat, Kolkata, Indore, Vadodora, Jaipur, Allahabad আদি।

নাৰ্চিং:

 

একোখন হাস্পতাল চলাবলৈ যিদৰে ডাক্টৰ লেবৰেটৰী টেকনিচিয়ান, ৰেডিঅ’গ্ৰাফাৰ, ফিজিঅ’থেৰাপিষ্ট আদিৰ প্ৰয়োজন হয়, একেদৰে প্ৰয়োজন হয় এক বৃহৎসংখ্যক নাৰ্চৰ। নাৰ্চ অবিহনে এখন হাস্পতাল এক মুহূৰ্তও থাকিব নোৱাৰে। ৰোগীক সেৱা চোৱাচিতা কৰা, চিকিৎসকক সহায় কৰা প্ৰতিটো ক্ষেত্ৰতে নাৰ্চৰ প্ৰয়োজন। একোখন হাস্পতালত অক্সিনেৰী নাৰ্চ, জেনেৰেল নাৰ্চ এণ্ড মিডৱাইক্সি, বি এছ চি নাৰ্চ বা স্পেচিয়েল প্ৰশিক্ষণেৰে প্ৰশিক্ষিত নাৰ্চ আদি বিবিধ ধৰণৰ নাৰ্চ থাকে। এ এন এম নাৰ্চৰ বাবে কেৱল দশম শ্ৰেণীত উত্তীৰ্ণ হ’লেই হ’ল। জি এন এমৰ বাবে বৰ্তমান বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰ্যন্ত পঢ়া হ’ব লাগে। এটি সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হয়।

আগন্তুক বৰ্ষত আমাৰ দেশত প্ৰায় পাঁচ লাখ নাৰ্চ প্ৰয়োজন হ’ব। এই বৃহৎ চাহিদা পুৰাবৰ বাবে আমাক অজস্ৰ নাৰ্চিঙৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত ব্যক্তিৰ আৱশ্যক।

দা-দৰমহা:

নাৰ্চৰ দা-দৰমহা প্ৰতিষ্ঠান অনুসৰি বেলেগ বেলেগ। চৰকাৰী বেচৰকাৰী সকলো ক্ষেত্ৰতে নিয়োগৰ সুবিধা অজস্ৰ। তথাপি আঠ হাজাৰ টকাৰ পৰা ১২,০০০ টকা। বিদেশতো নাৰ্চৰ প্ৰয়োজনীয়তা অসীম।

ক’ত পঢ়িবা:

অসমৰ চাৰিওখন মেডিকেল কলেজত নাৰ্চিং পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা আছে। লগতে প্ৰতিখন চিভিল হাস্পতালতে এ এন এমৰ প্ৰশিক্ষণ দিয়া হয়। সম্প্ৰতি ডাউন টাউন হাস্পতাল, জি এন আৰ চি, আৰ্য হাস্পতাল, আৰ্মি হাস্পতাল আদিয়েও জি এন এম আৰু এ এন এমৰ প্ৰশিক্ষণ দিয়াৰ লগতে নিযুক্তিৰ সুবিধাও আগবঢ়াই আহিছে।

অনুবাদ প্ৰশিক্ষণ:

জানানে অনুবাদ বা ট্ৰেন্সলেচনৰ এটি ডিপ্ল’মা কৰাৰ পাছতেই তোমাৰ বাবে অনুবাদৰ বিশাল ক্ষেত্ৰখনত অলেখ, সুযোগ মুকলি হ’ব পাৰে। ৰেডিঅ’, টি ভি, বাতৰি কাকত, নিউজ চেনেল, ব্যৱসায়িক প্ৰতিষ্ঠান, পাব্লিকেছন বিভাগ, চৰকাৰী বিভাগ আদি সকলোতে অনুবাদকৰ অতিকে প্ৰয়োজন। ভাল অনুবাদকৰ বাবে আমাৰ দেশৰ চৰকাৰে পুৰস্কাৰো ঘোষণা কৰে। মুঠতে সকলোতে অনুবাদ অতি আৱশ্যকীয়। অনুবাদৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ বাবে আগতে অসমৰ বাহিৰলৈ যাব লগা হৈছিল। কিন্তু সম্পতি গুৱাহাটীতে অনুবাদৰ প্ৰশিক্ষণ ল’ব পৰা হৈছে।

হিন্দী সংসাধন কেন্দ্ৰ ‘শব্দ ভাৰতী’য়ে অনুবাদৰ এবছৰীয়া স্নাতকোত্তৰ(ইংৰাজী-হিন্দী) ডিপ্ল’মা পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰে। ভাৰত চৰকাৰৰ অনুমোদিত আৰু প্ৰমাণিত এই পাঠ্যক্ৰমৰ প্ৰশিক্ষণ ভাৰতীয় অনুবাদ পৰিষদ, নতুন দিল্লীৰ সহযোগিতাত কেৰালা আৰু দিল্লীৰ উপৰি গুৱাহাটীতো আৰম্ভ হৈছে। ৪০ খন আসনযুক্ত এই পাঠ্যক্ৰম বিশেষকৈ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়-তৃতীয় শ্ৰেণীৰ খালী হৈ থকা পদত নিয়োগৰ বাবে আয়োজন কৰা হৈছে। চাকৰি অভিমুখী এই পাঠ্যক্ৰমৰ অধীনত ৫খনকৈ লিখিত বিষয়ৰ পৰীক্ষা, এটা প্ৰজেক্ট কাৰ্যৰ উপৰি কম্পিউটাৰৰ অনুবাদ, সৃষ্টিধৰ্মী লেখাৰ অভ্যাস, কেন্দ্ৰীয়হ চৰকাৰৰ কাৰ্যালয়, বেংকসমূহত ব্যৱহাৰিক প্ৰশিক্ষণ আদিৰো অতিৰিক্ত ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। এই প্ৰশিক্ষণৰ জৰিয়তে স্নাতক ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ অধীনত অনুবাদক, ভাষা বিষয়া, অনুবাদ বিষয়া, ইন্টাৰপ্ৰেটৰ আৰু তথ্য আৰু জনসংযোগৰ চাকৰিৰ বাবে উপযুক্ত দক্ষতা আহৰণ কৰিব। এই বিষয়ত সবিশেষ তথ্যৰ বাবে আগ্ৰহীসকলে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে- ‘শব্দ ভাৰতী’(হিন্দী সংসাধন কেন্দ্ৰ), কনক ভৱন, হাউছফেডৰ সন্মুখত, লাষ্টগেট, বশিষ্ট ৰোড, দিছপুৰ, গুৱাহাটী ৭৮১০০৬।

ফুটৱেৰ ডিজাইনিং এণ্ড লেডাৰ টেকনোলজি:

 

সম্প্ৰতি ফুটৱেৰ ডিজাইনিং বা লেডাৰ টেকনোলজিলিষ্টৰ চাহিদা সৰ্বত্ৰ বৃদ্ধি পাইছে। কেৱল চৰ্ম বা লেডাৰৰ পৰাই অন্যান্য সা-সামগ্ৰীৰ পৰাও এতিয়া ফুটৱেৰ বা আন আন সা-সামগ্ৰী তৈয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। আমাৰ দেশত ফুটৱেৰ ডিজাইনিঙত উন্নত মানৰ প্ৰশিক্ষণ প্ৰদান কৰা শিক্ষায়তন গঢ়ি উঠিছে। এই শিক্ষায়তনৰ পৰা শিক্ষা লাভ কৰি সহজে বিভিন্ন কোম্পানী যেনে বাটা, এডিডাচ, গুড আৰ্থ, হিৰো হোণ্ডা, ৰেমণ্ড আদি কোম্পানীতো নিযুক্তিৰ সুবিধা পোৱা যায়। নিযুক্তিৰ প্ৰথম অৱস্থাত দা-দৰমহা হ’ব পাৰে আঠৰ পৰা দহ হাজাৰ টকা।

অৰ্হতা:

বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক অথবা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মা। বেছি ভাগ শিক্ষায়তনতে সৰ্বভাৰতীয় ভিত্তিত অনুষ্ঠিত হোৱা লিখিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নাম ভৰ্তিৰ সুবিধা আগবঢ়োৱা হয়। ইয়াৰ বাবে ভাৰতৰ প্ৰায়বোৰ মূল বাতৰি কাকত আৰু স্থানীয় কাকত বিজ্ঞাপন প্ৰকাশিত হয়। ফুটৱেৰ ডিজাইনিঙৰ পাঠ্যক্ৰমৰ বাবে শিক্ষায়তন ভেদে খৰছৰ মাত্ৰ বেলেগ বেলেগ। তিনিবছৰীয়া ফটো ডিজাইনিঙৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ বাবে ফুটৱেৰ ডিজাইনিং ইনষ্টিটিউটত প্ৰায় ৩.৫০ লাখ টকা খৰছ পৰে। আনহাতে ৰাফেল মেলিনিয়াম ইনষ্টিটিউটৰ খৰচ পৰে প্ৰায় ১২ লাখ টকা। নেচনেল ইনষ্টিটিউট অব ফেশ্বন টেকনোলজিত থকা লেডাৰ এছেছৰিছৰ পাঠ্যক্ৰমৰ সময়সীমা এবছৰ। খৰচ পৰে প্ৰায় ৭০ৰ পৰা ৯০ হাজাৰ টকা। পাৰ্ল একাডেমীৰ এবছৰীয়া পাঠ্যক্ৰমত খৰচ পৰে প্ৰায় ৮৫ হাজাৰ টকা।

  • Footwear Design and Development Institute-FDDI

www.fddinidia.com.

  • Footwear Design and Development Institute-FDDI

www.raffles-millennium-international.com.

www.iamindia.in

www.pearlacademy.com.

 

উৎস:কেৰিয়াৰ গাইড

 

3.03448275862
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top